কৰ’না
• নেকিব আলি শইকীয়া
২০২০ চনৰ ১২ মে’ তাৰিখৰ পিছত যোৱাকালি বৃহস্পতিবাৰে (১০-০৩-২০২২) অসমত পোন প্ৰথমবাৰৰ বাবে দৈনিক কৰ’না আক্ৰান্তৰ সংখ্যা ‘শূণ্য‘ হৈছে। ই এক আশাৰ বাৰ্তা কঢ়িয়াই আনিছে।
২০২১ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা কৰ’নাৰ দ্বিতীয়টো মাৰাত্মক ঢৌ আৰু ২০২১ চনৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা কৰ’নাৰ তৃতীয় ঢৌৰ সময়খিনিৰ পটভূমিত যোৱাকালি এজনো কৰ’নাক্ৰান্ত নোহোৱা দিনটো এক সকাহৰ দিন হিচাপে পৰিগণিত হৈছে।
অসমৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এটা কৰ’নামুক্ত দিন অসমে অতিক্ৰম কৰিবলৈ সক্ষম হোৱা বাবে সমগ্ৰ অসমবাসীৰ সৈতে সমূহ চিকিৎসক, স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাদী কৰ্মী-সহায়িকা আদিকে ধৰি কৰ’নাৰ বিৰুদ্ধে হোৱা প্ৰতিৰোধী যুঁজখনত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছ। বৃহস্পতিবাৰে কৰ’না আক্ৰান্তৰ সংখ্যা শূণ্য হোৱা ঘটনাটো কৰ’নাবিৰোধী যুঁজখনৰ এইসকল সন্মুখৰ সৈন্যৰ যোৱা দুবছৰৰ ঐকান্তিক প্ৰচেষ্টাৰ সুফল বুলি উল্লেখ কৰে।
২০২০ চনৰ অসমখনত মাৰ্চ মাহৰ ৩১ তাৰিখৰ পৰা কৰ’নাৰ পৰীক্ষা আৰম্ভ কৰা হৈছিল আৰু সেই প্ৰথমটো ঢৌৰ আৰম্ভ হোৱাৰ পিছত ২০২০ চনৰ ১২ মে’ তাৰিখেও অসমত দৈনিক কৰ’না আক্ৰান্তৰ সংখ্যা শূণ্য হৈছিল। যোৱাকালি, দ্বিতীয় আৰু তৃতীয় ঢৌৰ পিছত কৰ’না আক্ৰান্তৰ সংখ্যা ‘শূণ্য’ হয়। যোৱাকালি এই তথ্য লাভ কৰাৰ পূৰ্বে পাৰ হোৱা ২৪ ঘন্টাত অসমৰ স্বাস্থ্য বিভাগে মুঠ ১৭১৩ জন ব্যক্তিৰ কৰ’না পৰীক্ষা কৰে যদিও কোনো এজনৰো শৰীৰত কৰ’নাৰ উপস্থিতি ধৰা নপৰিল।