–দিলীপ দৈমাৰী
১ জানুৱাৰী, ২০২২ঃ কৰ’নাৰ দৈনিক সংক্ৰমণ বৃদ্ধিৰ ঘটনাৰ ক্ষেত্ৰত নতুন ৰেকৰ্ড স্থাপন হৈছে ভাৰতত। বিগত ২৪ ঘন্টাত ২২৭৭৫ জন কৰ’না ৰোগী চিনাক্তকৰণ হৈছে। ৬ অক্টোবৰ,২০২১ তাৰিখৰ পিছত এই সংখ্যা সৰ্বাধিক। একে সময়তে সক্ৰিয় ৰোগীৰ সংখ্যাই ১ লাখৰ সীমা অতিক্ৰম কৰিছে। সকলোতকৈ ডাঙৰ চিন্তা হৈছে ওমিক্ৰণ আক্ৰান্তৰ সংখ্যা তীব্ৰতৰ হৈছে। ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এইপৰ্যন্ত ১৪৩১ জন ওমিক্ৰণৰ ধৰণৰ দ্বাৰা আক্ৰান্ত হৈছে। বিগত ২৪ ঘন্টাত নতুনকৈ ১৬১ জন কৰ’নাৰ নতুন ৰূপৰ দ্বাৰা আক্ৰান্ত হৈছে। বিগত ২৪ ঘন্টাত নতুনকৈ ২২৭৭৫ জন আক্ৰান্ত হৈছে আৰু একে সময়তে ৪০৬ জনৰ মৃত্যু হৈছে। ওমিক্ৰণৰ দ্বাৰা আক্ৰান্ত হোৱাসকলৰ অধিকাংশ হ’ল মহাৰাষ্ট্ৰৰ। মহাৰাষ্ট্ৰত ওমিক্ৰণৰ দ্বাৰা আক্ৰান্ত হৈছে ৪৫৪ জন। ইয়াৰ পিছতেই দিল্লীত ৩৫১ জন, কেৰালাত ১১৮ জন আৰু গুজৰাটত ১১৫ জন। নতুনকৈ ২২৭৭৫ জন আক্ৰান্ত হোৱাৰ পিছত ভাৰতত কোভিড ৰোগীৰ সংখ্যা হৈ পৰিছে ৩৪৮৬১৫৭৯ জন। সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১০৪৭৮১ জন। নতুনকৈ মৃত্যু হোৱা ৪০৬ জনক হিচাবত ধৰিলে কৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যু হোৱা সৰ্বমুঠ সংখ্যা হ’ল ৪৮১০৮০ জন। তৃতীয়টো ঢৌৰ দ্বাৰা মিজোৰামৰ ২৬৫ জন আক্ৰান্ত হৈছে। ৰাজস্থানত নতুনকৈ ওমিক্ৰণৰ দ্বাৰা আক্ৰান্ত হৈছে ৫২ জন।
কৰ’নাৰ ডেল্টা ভেৰাইটিৰ হাতত ধৰি আৰম্ভ হোৱা ওমিক্ৰণৰ তান্ডৱ আৰম্ভ হোৱাৰ সময়তে পুনৰ আৱিৰ্ভাৱ হৈছে এক নতুন ভেৰাইটিৰ আৰু সেয়া হ’ল ‘ফ্লোৰোনা’! ইন্ফ্লুৱেঞ্জা আৰু কৰ’নাৰ সংমিশ্ৰণ ঘটি এই ফ্লোৰোনাৰ উদ্ভৱ হৈছে। ই ধৰা পৰিছে ইজৰাইলত। এই নতুন ৰোগক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ইতিমধ্যে গৱেষণা কৰি গম পোৱা গৈছে যে ভয়ংকৰ ভেৰিয়েন্ট ডেল্টাতকৈও ওমিক্ৰণ তিনিগুণ বেছি সংক্ৰমক। কিন্তু অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চাইন্সৰ ডা° ৰণদ্বীপ গুলেৰিয়াই কৈছে যে ওমিক্ৰণক লৈ অযথা আতংকিত হোৱাৰ প্ৰয়োজন নাই। কোভিড বিধি মানি সচেতন হৈ থাকিলেই হ’ল।