-অঞ্জন শৰ্মা |
” There are decades where nothing happens; and there are weeks where decades happen.”
– Vladimir Lenin
ইটালীৰ ল’ম্বাৰ্ডি(Lombardy)ৰ বাৰগাম’ নগৰৰ পৰা প্ৰকাশিত L ‘ Eco di Bergamo নামৰ বাতৰিকাকতখনত যোৱা ৯ ফেব্ৰুৱাৰী, ২০২০ পৰ্যন্ত শোকবাৰ্তা (obituaries) প্ৰকাশ হৈছিল ১.৫ পৃষ্ঠা; কিন্তু বিগত ১৩ মাৰ্চৰ পৰা শোকবাৰ্তা প্ৰকাশ হবলৈ ধৰিলে ১০ পৃষ্ঠাকৈ! ইটালীৰ বাৰগাম’ কৰ’নাৰ মূল কেন্দ্ৰৰ দৰেই হৈ পৰিছে আৰু ইটালীত কৰ’নাই তান্ডৱ আৰম্ভ কৰিছে।
শেহতীয়াকৈ পোৱা বাতৰি অনুসৰি সমগ্ৰ বিশ্বৰ কৰ’নাক্ৰান্তৰ সংখ্যা হৈ পৰিছে ৩০৭০৩৭ জন, মৃত্যুৰ সংখ্যা ১৩০৩৪ জন। ভাৰত উপমহাদেশত কৰ’নাক্ৰান্তৰ সংখ্যা ৩৩২ জন, আৰু মৃত্যুৰ সংখ্যা ৬ জন। সৌভাগ্যৰ কথা যে অসমৰ যিগৰাকী শিশুক কৰ’নাক্ৰান্ত বুলি সন্দেহ কৰা হৈছিল, তেওঁ কৰ’নাক্ৰান্ত নহয় বুলি পৰীক্ষাৰ ফলাফলে প্ৰমাণ কৰিছে।
কিছুমানে ক’ব বিচাৰে যে গোলকীকৰণেই কৰ’না বিশ্বৰ দেশে দেশে সম্প্ৰসাৰণ হোৱাৰ মূল কাৰণ! কিন্তু ইতিহাসে কয় যে গোলকীকৰণৰ পূৰ্বেও এনে সৰ্বগ্ৰাসী মহামাৰীয়ে বিশ্ব জোকাৰি পেলাইছিল। ১৪ শতিকাত বিমান নাছিল, বিলাসী জাহাজ নাছিল, ৰেলগাড়ী নাছিল, মটৰগাড়ী নাছিল। ১৮০৪ চনত পৰীক্ষামূলক ৰেল-ইঞ্জিনৰ চলাচল হৈছিল, ১৮৮৬ চনত মটৰগাড়ী পথত নামিছিল, ১৯০০ চনত বিলাসী জাহাজ সাগৰত নামিছিল, আৰু ১৯০৩ চনত আকাশত ৰাইট ভাতৃদ্বয়ে উৰাজাহাজ উৰুৱাইছিল। কিন্তু ১৪ শতিকাত পূব এছিয়াৰ পৰা পশ্চিম ইউৰোপলৈ ‘ব্লেক ডেথ'(Black Death)ৰ জয়যাত্ৰা আৰম্ভ হৈ ১০০ নিযুতৰ পৰা ২০০ নিযুত মানুহক সংহাৰ কৰিছিল। ইউৰো-এছিয়াৰ এক-চতুৰ্থাংশ জনসংখ্যাৰ মৃত্যু হৈছিল। ইংলেণ্ডৰ প্ৰতি ২০ জন মানুহৰ ভিতৰৰ ৪ জনৰ মৃত্যু হৈছিল। ফ্ল’ৰেন্স চহৰৰ ১০০০০০ জনসংখ্যাৰ ৫০০০০ জনৰেই মৃত্যু হৈছিল।
১৫২০ চনৰ মাৰ্চ মাহত সৰুবসন্ত (small pox) আক্ৰান্ত মানুহ কঢ়িওৱা ‘Francisco de Eguin’-খনে মেক্সিকোত অৱতৰণ কৰিছিল আৰু সেইসময়ত মধ্য আমেৰিকাত ৰেলগাড়ী-মটৰগাড়ী- আনকি গাধৰ দ্বাৰাও পৰিবহন ব্যৱস্থা নাছিল, কিন্তু ১৫২০ চনৰ ডিচেম্বৰ মাহৰ ভিতৰতে সৰু-বসন্তৰ মহামাৰীয়ে মধ্য আমেৰিকাৰ এক-তৃতীয়াংশ মানুহৰ প্ৰাণহৰণ কৰিছিল!
১৯১৮ চনত এক বিশেষ ধৰণৰ ‘ফ্লু’-ৱে কেইমাহমানৰ ভিতৰতে সমগ্ৰ বিশ্বত বিয়পি পৰিছিল আৰু ৫০ কোটি মানুহক আক্ৰমণ কৰিবলৈ সক্ষম হৈছিল। অৰ্থাৎ সমগ্ৰ বিশ্বৰ জনসংখ্যাৰ এক-তৃতীয়াংশতকৈও অধিক জনসংখ্যা ‘ফ্লু’ৰ দ্বাৰা আক্ৰান্ত হৈছিল। ‘ফ্লু’ৱে ভাৰত উপমহাদেশৰ জনসংখ্যাৰ ৫% জনসংখ্যা হ্ৰাস কৰিছিল, টাহিটি দ্বীপৰ ১৪% জনসংখ্যাৰ বিনাশ হৈছিল, ছাম’ৱাৰ ২০% জনসংখ্যাৰ প্ৰাণ কাঢ়িছিল। কোটি কোটি মানুহ মৃত্যুমুখত পৰিছিল আৰু এই সংখ্যা আছিল দ্বিতীয় বিশ্বযুদ্ধৰ ৪ বছৰৰ তয়াময়া ৰণৰ সময়ছোৱাত মৃত্যুবৰণ কৰাতকৈও অধিক! ১৯১৮ চনৰ স্পেনিচ ফ্লু আছিল H1N1 ভাইৰাছ আৰু ই ইউৰোপৰ বক্ষত উৎপন্ন হৈ সমগ্ৰ বিশ্বৰ এক-তৃতীয়াংশ মানুহক আক্ৰান্ত কৰিছিল, অৰ্থাৎ ৫০০ নিযুত মানুহক আক্ৰমণ কৰি ৫ কোটি মানুহক মৃত্যুমুখত পেলাইছিল! পিছলৈ ‘ভেকচিন’ আৱিষ্কাৰ হোৱাত বিশ্ববাসীয়ে সকাহ পাইছিল।
২০০২-২০০৪ চনৰ সময়ছোৱাত আৱিৰ্ভূত হৈছিল ‘চাৰ্ছ'(SARS – ‘Severe Acute Respiratory Syndrome’); ইয়াৰ অভিকেন্দ্ৰ আছিল চীনৰ গুৱাংডং, আৰু ই ২৬ খন দেশত আক্ৰমণ কৰি ৮০৯৮ জন মানুহক আলিংগন কৰিছিল তথা ৭৭৪ জনৰ প্ৰাণহৰণ কৰিছিল। ‘চাৰ্ছ’ৰ ভেকচিন এতিয়াও গৱেষণাগাৰত!
২০০৯ চনত দক্ষিণ-পূৱ এছিয়াৰ বক্ষত জন্ম লাভ কৰা H1N1 অথবা ‘ছোৱাইন ফ্লু'(Swine Flu)ৱে ২১৪ খন দেশত নিজৰ জয়ধ্বজা উৰুৱাইছিল আৰু ১৫১৭০০ – ৫৭৫৪০০ জন* ব্যক্তিক মৃত্যুমুখত পেলাইছিল (*According to a global study by Lancet, which has included respiratory and cardiovascular deaths associated with H1N1; WHO)। ইয়াৰ অৱশ্যে ভেকচিন আৱিষ্কাৰ হৈছে।
২০১২ চনত ছৌদি-আৰৱত উৎপত্তি হোৱা ‘মাৰ্ছ'(MERS – ‘Middle East Respiratory Syndrome’)-এ ২৭ খন দেশত আক্ৰমণ কৰিবলৈ সক্ষম হৈছিল আৰু ২৪৯৪ জন মানুহৰ দেহত প্ৰৱেশ কৰি ৮৫৮ জনৰ প্ৰাণ কাঢ়িছিল। ইয়াৰো ভেকচিন এতিয়াও গৱেষণাগাৰত!
বৰ্তমান আক্ৰমণ চলি আছে কৰ’না ভাইৰাছৰ বা কোভিড -১৯ ভাইৰাছৰ। এই ভাইৰাছ এতিয়া সমগ্ৰ বিশ্বৰ বাবেই হৈ পৰিছে মহা-আতংকৰ কাৰণ। ১৯১৮ চনৰ পিছত এটা শতিকা পাৰ হ’ল আৰু বিশ্বৰ মানুহে একাদিক্ৰমে একাধিক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। মধ্যযুগতেই যদি ভাইৰাছে এখনৰ পিছত অইন এখন দেশলৈ গতি কৰি কোটি কোটি মানুহক তান্ডৱনৃত্য দেখুৱাবলৈ সক্ষম হৈছিল, এতিয়া সেই ইতি অত্যাধিক সুচল হৈ পৰিছে। এতিয়া এটা ভাইৰাছে পেৰিছৰ পৰা টোকিঅ’ আৰু টোকিঅ’ৰ পৰা মেক্সিকোলৈ যাবলৈ ২৪ ঘন্টাও নালাগে। গতিকে আমি এতিয়া এখন সংক্ৰমণৰ নৰকৰো বাসিন্দা হৈ পৰিছো, আৰু এই নৰকত প্লেগতকৈও ভয়ংকৰ ৰোগে আমাৰ শৰীৰত প্ৰৱেশ কৰিবলৈ অপেক্ষাৰত! যি কি নহওক, মানুহেও চেষ্টা এৰি দিয়া নাই বাবেই বিশ্বৰ গৱেষণাগাৰৰ অক্ষয় বন্তি আজিও উজলি আছে, আৰু সেইবাবেই এইডচ্ তথা ইব’লাৰ অনিৰুদ্ধ গতিক বহু পৰিমাণে ৰোধ কৰিবলৈ বিশ্বৰ বিজ্ঞানীমহল সমৰ্থ হৈছে। ইয়াৰ সৈতে মণিকাঞ্চন সংযোগ হৈছে তথ্যৰ আদান- প্ৰদান। আজি কৰ’নাৰ বিষয়ে প্ৰায় একেসময়তে সমগ্ৰ মানৱসমাজ জ্ঞাত হবলৈ সক্ষম হৈছে একমাত্ৰ তথ্যৰ আদান প্ৰদানৰ বাবেই। অৰ্থাৎ উত্তৰ কোৰিয়াৰ দৰে নিসংগ হৈ থাকিলেই বা প্ৰাচীৰ নিৰ্মাণ কৰিলেই সমস্যা সমাধান নহয়, সহযোগিতাৰ দ্বাৰাহে মানুহে এনে অদৃশ্য ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত জয়ী হ’ব পাৰিব। গোলকীকৰণৰ বহু বছৰ আগতে মধ্যযুগত মহামাৰী বিয়পি পৰাৰ সময়ত মানুহৰ বেক্টেৰিয়া আৰু ভাইৰাছ সম্পৰ্কীয় জ্ঞান নাছিল, সেইসময়ৰ মানুহে ভাবিছিল যে ভগৱান ক্ৰুদ্ধ হৈ পৰিছে বাবেই এনেদৰে মৃত্যুয়ে সকলোকে সংহাৰ কৰিছে। দেৱতা-দানৱ-পৰী আদিক উদ্দেশ্যি সেইসময়ৰ মানুহে প্ৰাৰ্থনা-পূজা কৰিছিল। এটোপাল পানীতো যে ভাইৰাছৰ বিশাল সৈন্যবাহিনী থাকিব পাৰে- ধাৰণা নাছিল। এনে মনোভাৱ আধুনিক কাললৈ বৰ্তি আছিল।
বিগত শতিকাটোত বিশ্বৰ চিকিৎসক, নাৰ্ছ, চিকিৎসা-কৰ্মী- চিকিৎসালয় আদিৰ মাজত এক ‘নেটৱৰ্ক’ সৃষ্টি হৈছিল আৰু জ্ঞানৰ তথা প্ৰযুক্তিৰ আদান-প্ৰদান হৈছিল। ইয়াৰ ফলত বিভিন্ন ৰোগক প্ৰতিৰোধ কৰা সম্ভৱ হৈছিল। মধ্যযুগৰ মানুহে ‘Black Death’ৰ কাৰণ বুজা নাছিল, কিন্তু আজি মাত্ৰ দুটা সপ্তাহৰ ভিতৰতেই বিজ্ঞানীয়ে ‘ন’ভেল কৰ’না ভাইৰাছ’ক চিনাক্ত কৰিবলৈ সক্ষম হৈছে, ইয়াৰ জেন’মৰ ‘চিকুৱেন্স’ আৱিষ্কাৰ তথা আক্ৰান্ত সকলক চিনাক্ত কৰিব পৰা পদ্ধতি বাহিৰ কৰিবলৈ সক্ষম হৈছে।
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বৰ্তমান সময়ৰ দৰে বেয়া সময় কেতিয়াও প্ৰত্যক্ষ হোৱা নাই বুলি বিশ্বৰ সকলো দেশেই মানি লবলৈ বাধ্য হৈছে। আমাৰ নিজৰ বিষয়েই যদি চিন্তা কৰো, আমি মানি লবলৈ বাধ্য যে এক ভয়ংকৰ সময়ত আজি আমি উপনীত হৈছো। আমি অসমত ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ অংশীদাৰ আছিলো। আমি ১৯৭১ চনত বাংলাদেশৰ জন্মৰ সাক্ষী আছিলো, অৰ্থাৎ ভাৰত-পাকিস্থান যুদ্ধৰ সাক্ষী আছিলো। আমাৰ বক্ষৰেই পাৰ হৈ গৈছিল অসম আন্দোলনৰ ৰক্তক্ষয়ী ছয়টা বছৰ। তাৰপিছতো বহুত ভয়ংকৰ দিন দেখিলো, ভয়ংকৰ ঘটনাৰ বিষয়ে শুনিলো। আমি প্ৰথম, দ্বিতীয় মহাসমৰৰ বিষয়েও শুনিছিলো, পঢ়িছিলো, চিনেমাত দেখিছিলো। কিন্তু মহাসমৰৰ সময়ত, ভাৰত-পাকিস্থান যুদ্ধৰ সময়ত, অসম আন্দোলনৰ সময়ত আজিৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হয়তো হোৱা নাছিল। অসমৰ মা-কামাখ্যা মন্দিৰৰ দুৱাৰ অম্বুবাচীৰ সময়ছোৱাৰ বাহিৰে অইন সময়ত এনেদৰে বন্ধ হোৱা এক নোহোৱা-নোপজা কথা, পুৰীৰ জগন্নাথ মন্দিৰ বন্ধ হোৱাটোও একেধৰণৰ কথা,..তাজমহল বন্ধ, ৰেলগাড়ীৰ চলাচল বন্ধ, বিমানৰ চলাচল বন্ধ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, উদ্যোগ প্ৰতিস্থান বন্ধ, শ্বেয়াৰ বজাৰত খহনীয়া-বানপানী, অৰ্থনৈতিক ক্ষেত্ৰত অকল্পনীয় অৱস্থা, এক ভয়ংকৰ পৰিৱেশ আজিৰ ভাৰত উপমহাদেশত; তাতে কৰ’নাৰ সমগ্ৰ বিশ্ব কম্পিত কৰা চুনামীৰ কালান্তক ঢৌ প্ৰৱেশ কৰিছে ভাৰত উপমহাদেশত… কৰিবলৈ একো নাই বাবে স্বয়ং প্ৰধানমন্ত্ৰীয়ে ‘জনতা কাৰ্ফিউ’ ঘোষণা কৰিবলগীয়া হৈছে।
কৰ’নাৰ ভেকচিন নাই, চিকিৎসাৰ উপায় নাই, চিকিৎসালয়ত বিছনা নাই, আমেৰিকাৰ দৰে দেশত ১০০০০০ মানুহৰ বিপৰীতে ‘ক্ৰিটিকেল কেয়াৰ’ৰ ব্যৱস্থা থকা বিছনাৰ সংখ্যা ৩৭.৫ খন, আৰু ভাৰতত ২.৩ খন! আমেৰিকাৰ দৰে দেশে কৰ’নাৰ প্ৰতাপত ত্ৰাহি মধূসুদন দেখিছে, জনসংখ্যাৰ ফালেৰেও ভাৰততকৈ বহুত কম! আজি কেলিফ’ৰ্ণিয়াৰ স্থায়ী বাসিন্দা ভাতৃসম বন্ধু (অসমীয়া) এজনৰ লগত ফোনত কথা হওতে তেওঁ ক’লে যে কেৱল ঔষধ আৰু খাদ্যৰ বাবেহে ঘৰৰ বাহিৰ হ’ব পাৰিছো, আমি বৰ্তমান গৃহবন্দী, আমেৰিকাত এতিয়া জৰুৰীকালীন অৱস্থা! কিমান দিন এনেদৰে থাকিব লাগে একো ঠিক নাই। ইটালীৰ পৰা অহা চিঠি পঢ়ি চকু সেমেকি উঠিছে। জাৰ্মানীত কৰ্মৰত অসমীয়া ছোৱালীৰ পিতৃৰ মুখেৰে পৰহি শুনিবলৈ পালো জাৰ্মানীত কেনে পৰিস্থিতিৰ উদ্ভৱ হৈছে! সমগ্ৰ বিশ্বতে আজি যি পৰিস্থিতিৰ উদ্ভৱ হৈছে, আমি সকলোৱে গম পাই আছো। এক অকল্পনীয় বিভীষিকা। এক অনাহুত তৃতীয় মহাসমৰ – ভাইৰাছ বনাম মানুহৰ! দেশে দেশে অৰ্থনীতি ভাঙি পৰিছে, ৰাজনৈতিক পৰিস্থিতি থৰক বৰক হৈ পৰিছে, মানৱ সভ্যতাৰ মেৰুদন্ড দুৰ্বল হৈ পৰিছে। এক ভয়ংকৰ ভাইৰাছে সমগ্ৰ মানৱ সভ্যতাক বুঢ়া আঙুলি দেখুৱাই বিজয় নিচান বিশ্বজুৰি উৰুৱাবলৈ ধৰিছে। আমি এক ভয়ংকৰ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছো। ইতিমধ্যে চিংগাপুৰ, দক্ষিণ কোৰিয়াৰ চৰকাৰ আৰু জনসাধাৰণে অতি সচেতন হোৱা হেতুকে আৰু চীনে একনায়কত্ববাদী ব্যৱস্থা লোৱা হেতুকে ভাইৰাছৰ গতি সেই দেশবোৰত যথেষ্ট স্থিমিত হৈ পৰিল।
ইয়াৰ মাজেৰেই আশাৰ বতৰাও কঢ়িয়াই আনিছে বিশ্বৰ বিজ্ঞানীসমাজে। কৃত্ৰিম মেধা প্ৰযুক্তিসম্পন্ন বিশ্বৰ সবাত’কৈ দ্ৰুততম চুপাৰ কম্পিউটাৰৰ সহায়ত বিজ্ঞানীয়ে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পৰা ৰাসায়নিকৰ সন্ধান দিবলৈ প্ৰায় সক্ষম হৈছে। ‘Summit’ (ছামিট) নামৰ এই চুপাৰ কম্পিউটাৰৰ নিৰ্মাতা হ’ল বিখ্যাত আই-বি-এম কোম্পানী। হাজাৰ হাজাৰ ‘চিমুলেশ্যন'(অনুকৰণ/নকল)ৰ মাধ্যমেৰে বিভিন্ন ভাইৰাছৰ প্ৰতিষেধকৰ ৰাসায়নিক প্ৰতিষেধকৰ সন্ধান কৰাই এই চুপাৰ কম্পিউটাৰটোৰ মূল কৰ্ম। কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পৰাকৈ ৭৭বিধ ৰাসায়নিকৰ সন্ধান বাহিৰ কৰিছে এই চুপাৰ কম্পিউটাৰটোৱে। তথ্যভিজ্ঞ মহলৰ মতে এই ঘটনাটো হ’ল ভেকচিন আৱিষ্কাৰ হোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ – বা অতি সম্ভাৱনা কঢ়িওৱা বতৰা। ‘চেম-আৰ-এক্স-ফোৰ’ (ChemRxiv) নামৰ এখন বিজ্ঞান বিষয়ক পত্ৰিকাত এই সম্পৰ্কে সদ্য-প্ৰকাশিত হৈছে এক সুদীৰ্ঘ গৱেষণা-পত্ৰ [কোনোবাই বিশদভাৱে জানিব বিচাৰিলে এই লিংকত চাব পাৰে: https://futurism.com/fastest-supercomputer-finds-potential-covid-treatments]।
চুপাৰ কম্পিউটাৰৰ এনে কৰ্ম সম্পন্ন কৰিছে আমেৰিকাৰ টেনেচিৰ ওক-ৰিজ্জৰ নেশ্যনেল লেব’ৰেটৰীৰ বিজ্ঞানীসকলে।
২০১৪ চনত আমেৰিকাৰ শক্তি বিভাগৰ দপ্তৰত প্ৰথমবাৰৰ বাবে যাত্ৰা আৰম্ভ কৰা Summit নামৰ এই চুপাৰ কম্পিউটাৰটো ২০০ ‘পেটাফ্লপ’ ক্ষমতাসম্পন্ন আৰু ইয়াক বিশ্বৰ ভিতৰতে দ্ৰুততম বুলি কোৱা হয়। এই কম্পিউটাৰটোক ‘সৰ্বৰোগহৰণকাৰী’ কম্পিউটাৰ বুলিও অভিহিত কৰা হৈছিল। বিজ্ঞানীসকলৰ মতে ভাইৰাছৰ সংক্ৰমণ হয় ‘স্পাইক’ৰ মাধ্যমেৰে আৰু ‘হোষ্ট’ৰ কোষত সংক্ৰমণ বিয়পে। চুপাৰ কম্পিউটাৰটোৱে এনে স্পাইকবোৰক অৱশ কৰিব পৰা ৰাসায়নিকৰ সন্ধান উলিয়াইছে। বিজ্ঞানীসকলে প্ৰথমে কৰ’না ভাইৰাছৰ স্পাইক সদৃশ ‘মডেল’ বা আৰ্হি প্ৰস্তুত কৰি নানা ‘চিমুলেশ্যন’ চলায় চুপাৰ কম্পিউটাৰৰ সহায়ত আৰু প্ৰায় ৮০০০ ৰাসায়নিখৰ মাজৰ পৰা ৭৭ বিধ চিনাক্ত কৰে – যিবোৰে কৰ’নাৰ স্পাইক নষ্ট কৰিব পাৰিব। এয়া কৰ’নাৰ ভেকচিন আৱিষ্কাৰ কৰাৰ পথছোৱাৰ এক সোণোৱালী ৰেখা বুলি বিজ্ঞানীসকলে অনুমান কৰিছে।
যি কি নহওক, আমি সম্প্ৰতি অসমৰেই বাসিন্দা হৈ থকা নাই, আমি এতিয়া সচাকৈয়ে হৈ পৰিছো ‘বিশ্ব- নাগৰিক @ কৰ’না’! কোভিড -১৯ বা কৰ’নাই মানৱসৃষ্ট মানচিত্ৰ চিনি নাপায়, শ্বেতাঙ্গ-কৃষ্ণাঙ্গ-তামবৰণীয়া চিনি নাপায়, বেলেগ বেলেগ ভাষা নাজানে, হিন্দু-মুছলমান-বৌদ্ধ-খ্ৰীষ্টান-শিখ-পাৰ্ছী -জৈন চিনি নাপায়, কোটিপতি- মধ্যবিত্ত বা ছালচিগা ভিকহু চিনি নাপায়, বুদ্ধিজীৱি- নিৰক্ষৰ চিনি নাপায়, বিজেপি-কংগ্ৰেছ- কমিউনিষ্টৰ পাৰ্থক্য বুজি নাপায়, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বা ৰাজ্যসভাৰ সাংসদ চিনি নাপায়, ভজন-কীৰ্তন-নামঘৰ-মছজিদ-মন্দিৰ-গীৰ্জা বুজি নাপায় ; কৰ’নাৰ প্ৰতাপ তথা আতংকই আমাৰ জীৱনকালত এই পোনপ্ৰথমবাৰৰ বাবে আমাক নিজকে বিশ্বৰ সকলো ‘মানুহ’ একেই বুলি বুজাবলৈ চেষ্টা কৰিছে! কৰ’নাৰ প্ৰকোপৰ পৰা ৰক্ষা পৰিবলৈ দেশে দেশে উপমহাদেশে মহাদেশে মানুহে সঙ্গৰোধ(Quarantine)ৰ দৰে ব্যৱস্থা স্ব-ইচ্ছাই গ্ৰহণ কৰিবলগীয়া হৈছে আৰু তেনে অৱস্থাত লাখ লাখ মানুহে নিজৰ ‘আত্মানুসন্ধান’ প্ৰথমবাৰৰ বাবে কৰিবলৈ সক্ষম হৈ জীৱনৰ অৰ্থ বুজিবলৈ প্ৰয়াস কৰিছে। সঙ্গৰোধ আৰু তলাবন্ধ – দুয়োটাই উন্নত দেশ, উন্নয়নশীল দেশ, দুখীয়া দেশ, কমিউনিষ্ট পাৰ্টিৰ দেশ – সকলোতে প্ৰযোজ্য হৈছে ভয়ংকৰ মৃত্যুৰ পৰা ৰক্ষা পৰিবলৈ, আৰু মানুহে বুজিবলৈ সক্ষম হৈছে যে এই বিশ্ব কেৱল মানুহৰেই নহয়! মা- দূৰ্গাৰ পৰা মা-কালীৰ ভয়ংকৰ ৰূপ আৱিৰ্ভাৱ হোৱাৰ দৰে কোনোবা অসহায় বাদুলিৰ পৰা আৱিৰ্ভাৱ হোৱা ভয়ংকৰ কৰ’নাৰূপী দৈত্যই সমগ্ৰ অসহায় মানৱজাতিক সকিয়াই দিছে – তোমালোকে ‘সৰ্বশ্ৰেষ্ঠ’ বুলি অহংকাৰ কৰি নাথাকিবা। মঙল গ্ৰহলৈ যাত্ৰা কৰা তোমালোকে আজি ‘নেপকিন পেপাৰ’ৰ বাবে, ‘চেনিটাইজাৰ’ৰ বাবে বজাৰত কাজিয়াত লিপ্ত হৈছা! নিজৰ ‘সৰ্বশ্ৰেষ্ঠ মগজু’ ‘ক্লাউড’ত জমা থৈ এমাহ সময় গৃহবন্দী হৈ থাকোতে কি কি খাদ্য-সামগ্ৰী গৃহত সঞ্চয় কৰি থবা – তাকে লৈ অংক কৰি আছা! তোমালোকৰ বিমানবন্দৰ বন্ধ, উদ্যোগ- কাৰ্যালয়- শিক্ষানুষ্ঠান- ৰেল-জাহাজ- মটৰগাড়ী সকলো বন্ধ, তোমালোকৰ…..!!
প্লেগ বা বসন্ত যিদৰে অন্তিম ভাইৰাছ নাছিল, ইব’লা যিদৰে অন্তিম ভাইৰাছ নাছিল, একেদৰে কৰ’নাও অন্তিমটো ভাইৰাছ নহয়!! পশ্চিম আফ্ৰিকাৰ মাক’না অঞ্চলত মাত্ৰ এজন মানুহৰ শৰীৰত প্ৰৱেশ কৰি ইব’লাই ‘মিউটেশ্যন’ ( পূৰ্বৰ অৱস্থাৰ পৰা ভিন্নাৱস্থালৈ পৰিৱৰ্তিত)ৰ দ্বাৰা চাৰিগুণতকৈও অধিক শক্তিশালী হৈ যিদৰে সন্ত্ৰস্ত কৰিছিল, কৰ’নাইও একেধৰণে ব্যপ্ত হৈ পৰিছে অধিক শক্তিশালী হৈ (Mutant) আৰু ৰক্তবীজৰ দৰে ত্ৰিলিয়ন ত্ৰিলিয়ন ভাইৰাছৰ সৈন্যবাহিনীৰ দ্বাৰা আক্ৰমণ চলাই সকলোকে কম্পমান কৰি তুলিছে। এই কথা জ্ঞাত হৈ থাকিলে মঙ্গল যে কৰ’নাৰ ইনিংছটো শেষ হ’লে আমাজন বা কাজিৰঙাৰ কোনো প্ৰাণীৰ শৰীৰত শুই থকা কোনো নতুন ভাইৰাছ পুনৰ যথাযথ সময়ত আৱিৰ্ভাৱ হ’ব । সেইবোৰ যিয়েই নহওক কৰ’নাৰ এই ইনিংছটোৰ পিছত আমি ইমানদিনে প্ৰত্যক্ষ কৰি থকা পৃথিৱীখন তথা মানৱৰ জীৱনযাত্ৰা আগৰদৰে একে হৈ নাথাকিব; বহুত পৰিৱৰ্তন হ’ব! সেইবোৰ পিছত কেতিয়াবা…!
এতিয়া নিজৰ অক্ষমতাক স্বীকাৰ কৰি ভাইৰাছৰ ক্ৰোধাগ্নিৰ পৰা ৰক্ষা পাবলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি আগন্তুক দিনবোৰ অতিবাহিত কৰাই শ্ৰেয়।•• [ ভালেমান পুথি-পাজিৰ সহায় লোৱা হৈছে]