-অৰবিন্দ ৰাভা |
কৰ’নাৰ সৰ্বব্যাপী প্ৰভাৱে সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক ভেটি সোলোক ধোলোক কৰি পেলাইছে। অধিকাংশ দেশৰ জিডিপি ঋণাত্মক হৈছে বা সঙ্কুচিত হৈছে। কিন্তু ইয়াৰে মাজতে কৰ’নাৰ সঙ্কট অতিক্ৰম কৰি বিশ্ব অৰ্থনীতিত চীনৰ প্ৰভাৱ অধিক বৃদ্ধি হ’ব বুলি এক আভাস ডাঙি ধৰিছে আন্তৰ্জাতিক মুদ্ৰা ভান্ডাৰে (IMF) ! ২০২১ চনত বিশ্ব অৰ্থনীতিত যি আৰ্থিক বৃদ্ধি হ’ব, তাৰে ২৬.৮% চীনৰ পৰাই আহিব পাৰে। ২০২৫ চনত সেয়া বৃদ্ধি হৈ ২৭.৭% হৈ পৰিব পাৰে। এনেদৰেই বিশ্ব অৰ্থনীতিত অৱদানৰ নিৰিখেৰে আমেৰিকাকো অতিক্ৰম কৰি বহু ওপৰলৈ চীনে আৰোহণ কৰিব পাৰে। চীনৰ লগতে বিশ্ব অৰ্থনীতিত উল্লেখযোগ্য প্ৰভাৱ পেলাব জাৰ্মানী, ইন্দোনেছিয়া আদিয়েও।
কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত সমগ্ৰ বিশ্বতে অৰ্থনৈতিক সঙ্কটে দেখা দিলেও কাৰ্যতঃ তেনে সঙ্কটৰ পৰা একেবাৰেই মুক্ত হৈ আছে চীন। সংক্ৰমণ কেৱল উহান চহৰৰ মাজতে সীমাবদ্ধ কৰি ৰখাৰ ক্ষেত্ৰত সফল হৈছে চীনৰ প্ৰশাসন বা শ্বি চিনফিং-অৰ প্ৰশাসন। কেইমাহমানৰ আগতে চীন কৰ’নামুক্ত বুলি ঘোষণা কৰা হৈছে। কিন্তু প্ৰায় সমগ্ৰ বিশ্বই এতিয়াও এই অতিমাৰীৰ বিৰুদ্ধে যুঁজ দি আছে। এই পাৰ্থক্যই চীনক আৰ্থিক ক্ষেত্ৰত বহু ওপৰলৈ লৈ যাভ বুলি অৰ্থনীতিবিদসকলে ধাৰণা কৰিছে।
এনে পৰিস্থিতিত বিশ্ব অৰ্থনীতিৰ ভৱিষ্যতৰ ৰূপৰেখা কেনে হ’ব পাৰে, তাৰেই এক আগতীয়া ছৱি ডাঙি ধৰিছে ‘আই-এম-এফ’-এ। বৰ্তমানৰ ক্ৰয়ক্ষমতাৰ নিৰিখেৰে বিশ্ব অৰ্থনীতিত আমেৰিকাৰ অৱদান সকলোতকৈ বেছি, প্ৰায় ২৩% ৰো অধিক। বৰ্তমান চীনৰ অৱদান ১৫.৫% ৰ আশে পাশে। ২০২৫ চনৰ বাবে যি অৰ্থনৈতিক চিত্ৰ আই-এম-এফ’-এ অঙ্কণ কৰিছে,সেই তথ্য হাতত লৈ আমেৰিকাৰ সংস্থা ব্লুমবাৰ্গে দাবী কৰিছে যে ২০২৫ চনত চীনৰ অৱদান বৃদ্ধি পাই ২৭.৭% হৈ পৰিব পাৰে। আমেৰিকাৰ অৱদান নামি যাব পাৰে ১০.৪% পৰ্যন্ত!