• দিলীপ দৈমাৰী
‘কা’ ( CAA), অৰ্থাৎ সংশোধিত নাগৰিকত্ব আইন ৰূপায়ণৰ পৰা ভাৰত চৰকাৰ পিছুৱাই অহাৰ প্ৰশ্নই নাই, যোৱা সোমবাৰে, ২১ ফেব্ৰুৱাৰী তাৰিখে, এই কথা স্পষ্টকৈ জনাই দিলে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ-এ। ‘নেটৱৰ্ক এইট্টিন গ্ৰুপ এডিটৰ-ইন-চিফ’ ৰাহুল যোশীক দিয়া এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ কৈছে, ‘কা-ৰ পৰা পিছুৱাই অহাৰ কোনো সম্ভাৱনা নাই। কৰ’নাৰ পৰা মুক্তি লাভ কৰাৰ পিছত ‘কা’ বলৱৎ কৰিবলৈ সকলো প্ৰচেষ্টা কেন্দ্ৰীয় চৰকাৰে হাতত ল’ব [ https://www.news18.com/news/politics/caa-implementation-linked-to-covid-situation-no-question-of-going-back-amit-shah-in-exclusive-interview-to-news18-4794629.html ]!’
উল্লেখযোগ্য যে ‘কা’ সম্পৰ্কে বিতৰ্কৰ শেষ নাই। আৰম্ভণিৰে পৰাই ‘কা’ বিৰোধিতা কৰি আহিছে বিৰোধী ৰাজনৈতিক দলসমূহে। অসমৰ পৰিস্থিতি সমগ্ৰ ভাৰততকৈ সুকীয়া। ছয় বছৰীয়া অসম আন্দোলনৰ পটভূমিত, অসম চুক্তিৰ পটভূমিত, অসমৰ ক্ষেত্ৰত ‘কা’ কোনোমতে বলৱৎ কৰিবলৈ দিয়া নহ’ব বুলি সমগ্ৰ অসম উত্তাল হৈছিল, গুলীৱিদ্ধ হৈ কেইবাজনো ঢলি পৰিছিল, আৰু তেনে উত্তপ্ত পৰিস্থিতি চেঁচা হৈছিল কৰ’নাৰ পটভূমিত। সমগ্ৰ ভাৰততো চেঁচা হৈছিল কৰ’নাৰ পটভূমিতেই।

ভাৰত চৰকাৰে জানে যে পুনৰ ‘কা’ বলৱৎ কৰিবলৈ আগবাঢ়িলে সমগ্ৰ ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুনৰ জন-জাগৰণ হ’ব, অসমতো হ’ব। তদ্সত্ত্বেও অমিত শ্বাহে ঘোষণা কৰিছে, কা বলৱৎ হ’বই। অৱশ্যে আগতেও তেওঁ এনেদৰে কৈ জ্বলা জুইত ঘিঁ ঢালিছিল।
কৰ’না পৰিস্থিতিৰ বাবে ‘কা’ সম্পৰ্কীয় সক্ৰিয়তা, চৰকাৰ আৰু বিৰোধিতা কৰা সকলোৰে ক্ষেত্ৰত ভাটা পৰিছে। কিন্তু এতিয়া প্ৰমাণ হ’ল, মোডী চৰকাৰে এইক্ষেত্ৰত অদমনীয় স্থিতিৰ পৰা পিছুৱাই অহা নাই। এই পটভূমিত সকলোৰে স্থিতি লক্ষণীয় হ’ব।