-তনয় চক্ৰৱৰ্তী |
ভাৰতত কৰ’নাৰ দ্বিতীয় তৰঙ্গত আক্ৰান্তৰ সংখ্যা ইমান বৃদ্ধি পাইছে কিয়? ইয়াৰ অন্তৰালত কিই আছে? এনেবোৰ প্ৰশ্নৰ উত্তৰ দিলে বিশ্ব স্বাস্থ্য সংস্থাৰ (হু) প্ৰধান বিজ্ঞানী সৌম্যা স্বামীনাথনে। সংবাদ সংস্থা এ.এফ.পি.কদিয়া এক সাক্ষাৎকাৰত সৌম্যাই কয় যে “ভাৰতত সক্ৰিয় হৈ থকা কৰ’নাৰ প্ৰজাতি হ’ল বি.১.৬১৭ । এই প্ৰজাতিক এতিয়াও ‘হু’-এ ‘উদ্বেগজনক প্ৰজাতি’ বুলি অভিহিত কৰা নাই যদিও আমেৰিকা, বৃটেইন আদি দেশে সেই আখ্যা দিছে। গতিকে মই ভাৱো যে বিশ্ব স্বাস্থ্য সংস্থাইও ‘উদ্বেগজনক প্ৰজাতি’ বুলি ঘোষণা কৰিব লাগে।”
সৌম্যা স্বামীনাথনে পুনৰ কয় যে কেৱল ভাইৰাছৰ ক্ষমতাৰ বাবে নহয়, মানুহৰ সচেতনতাৰ অভাৱৰ বাবেও ভাৰতত ব্যাপক হাৰত সংক্ৰমণ হৈছে। তেওঁ কয় যে ভাৰতত সমাৱেশ, ভীৰ বাঢ়ি গৈছিল। মানুহৰ ক্ষেত্ৰত মাস্ক পিন্ধা তথা অন্যান্য কোভিড বিধি মানি নচলাৰ প্ৰৱণতা বাঢ়ি গৈছিল। তাৰ ফলত তলে তলে সংক্ৰমণ বহুদিনৰে পৰাই প্ৰসাৰিত হৈছিল আৰু লাহে লাহে সেই সংক্ৰমণ উলম্বভাৱে বাঢ়িবলৈ আৰম্ভ কৰে। এনেদৰেই বাঢ়ি থাকিলে ই হাতৰ বাহিৰলৈ গুচি যাব বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰিছে।
ইয়াৰোপৰি টীকাকৰণৰ মন্হৰতম গতিকো তেওঁ দায়ী কৰিছে। তেওঁৰ মতে, “ভাৰতত এই পৰ্যন্ত মাত্ৰ মুঠ জনসংখ্যাৰ ২ শতাংশ মানুহক টীকা দিয়া সম্ভৱ হৈছে। এনেদৰেই আগবাঢ়িলে সমগ্ৰ বছৰটো টীকাকৰণতেই পাৰ হৈ যাব। তেতিয়ালৈ ভাইৰাছে নিজৰ চৰিত্ৰ হয়তো সলনি কৰি পেলাব আৰু টীকাৰ কাৰ্যকাৰিতা নাথাকিব।”
ভাইৰাছ যিমানে প্ৰসাৰিত হ’ব, সিমানেই তাৰ চৰিত্ৰ সলনি হোৱাৰ আশংকা বৃদ্ধি পাব পাৰে বুলি সতৰ্ক কৰি দিছে সৌম্যা স্বামীনাথনে। তেওঁ কৈছে,” ভাইৰাছৰ সংক্ৰমণ যিমানেই বাঢ়ি যাব, সিমানেই তাৰ পৰিৱৰ্তন হ’ব আৰু চৰিত্ৰ সলনি হৈ নতুন নতুন প্ৰজাতিৰ উদ্ভৱ হ’ব। হয়তো তেতিয়া বৰ্তমানে ব্যৱহাৰ কৰা টীকাৰ কোনো কাৰ্যকাৰিতা নাথাকিব। এয়াই আগন্তুক দিনবোৰত ভাৰত তথা সমগ্ৰ বিশ্বতে এক ভয়ংকৰ সমস্যা হবলৈ গৈ আছে। গতিকে সতৰ্ক হৈ আগতেই কাৰ্যব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন।”