• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, November 28, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

কৰ’না মহামাৰীৰ সময়ত শৰীৰৰ ইমিউনিটি কেনেকৈ বঢ়াব ?

-ডা: ভূপেন শইকীয়া

by Admin
June 4, 2020
in Health, Special Report
Reading Time: 3 mins read
0
man in yellow protective suit

Photo by cottonbro on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-ডা: ভূপেন শইকীয়া |

ইমিউনিটিৰ মানেনো কি?

RelatedPosts

কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস

কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস

November 28, 2023
Growing Old : Seniority and Serendipity

Growing Old : Seniority and Serendipity

November 28, 2023
snow covered mountains during daytime

Third Pole Warming- Humanity’s Himalayan Challenge

November 27, 2023

আমাৰ শৰীৰ প্ৰতি মুহূৰ্ততে আমাৰ চৌপাষৰ নানান কাৰকৰ পৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনাৰ সন্মুখীন হৈ থাকে৷ সেই কাৰক সমূহৰ উদাহৰণ হ’ল- ভাইৰাছ, বেক্টেৰিয়া,ফাংগাছ, প্ৰট’যোৱা,ৰাসায়নিক পদাৰ্থ,ঔষধ,শৰীৰত প্ৰবেশ কৰা ধাতুৰ টুকুৰা (Splinter), খাদ্য বিশেষ, সাঁপ বা আন কীট-পতংগই দিয়া বিষাক্ত দ্ৰব্য, ৰক্ত গ্ৰহন কৰোতে পোৱা ৰক্ত কণিকা বা চেৰাম আৰু অজস্ৰ হ’ব পাৰে৷ চিকিৎসা বিজ্ঞানৰ ভাষাত এইবিলাকক এন্টিজেন (Antigen) বুলে৷ আকৌ যেহেতু উল্লেখিত কাৰক সমূহ শৰীৰৰ বাহিৰৰ পৰা অহা সেয়ে এনে এন্টিজেনক বাহ্যিক এন্টিজেন (Exogenous antigen) বুলে৷ কেতিয়াবা নিজৰ দেহৰ ভিতৰৰ কোনো অংশ বিশেষে এন্টিজেনৰ দৰে ক্ৰিয়া কৰিব পাৰে – তেনে সংঘটনাক অন্তৰ্নিহিত এন্টিজেন (Endogenous antigen) বুলে৷ যি কোনো এন্টিজেনে আমাৰ শৰীৰক আক্ৰমন কৰাৰ লগে লগে আমাৰ দেহৰ ভিতৰৰ প্ৰতিৰক্ষা প্ৰণালী সষ্টম হৈ উঠে; যাৰ ফলস্বৰূপে এটা সময়ত আমাক সুৰক্ষা প্ৰদান কৰা এন্টিবডি (Antibody) আৰু ইন্টাৰফেৰন (Interferon) শৰীৰৰ ভিতৰত নিৰ্মিত হৈ উঠে৷ এন্টিবডি আৰু ইন্টাৰফেৰন হ’ল আমাক সুৰক্ষা প্ৰদান কৰা প্ৰটিন বিশেষ৷ আমাৰ দেহক বিভিন্ন এন্টিজনৰ পৰা এনেদৰে সুৰক্ষা প্ৰদান কৰা কাৰ্যক ইমিউনিটি (Immunity) বুলে৷

ইমিউনিটিৰ অংশসমূহ কি কি ?

          ঘাইকৈ কিছুমান কোষিকাৰ (Cell) যোগেদি শৰীৰৰ ইমিউন প্ৰণালী গঠিত হৈছে৷ সেইবিলাক হ’ল – নেচাৰেল কিলাৰ (NK) চেল,মেক্ৰফেজ (Macrophage), ডেনড্ৰাইটিক (Dandritic) চেল, শ্বেত ৰক্ত কণিকা (যেনে নিউট্ৰফিল,ইয়োচিনফিল, বেচফিল, লিম্ফচাইট) আৰু টি-চেল,বি-চেল৷ ডেনড্ৰাইটিক চেল আৰু মেক্ৰফেজে টি-চেললৈ এই এন্টিজেনৰ আক্ৰমনৰ বাৰ্তা পঠায়৷ টি-চেলে ততালিকে জনায় বি-চেলক৷ বি-চেলে প্লাজমা চেল নিৰ্মাণ কৰে- য’ত এন্টিবডি সুমাই থাকে৷ ইয়াৰ ওপৰি বি-চেলে এই পৰিঘটনাৰ স্মৃতি ৰাখি থয় মেমৰি চেলত৷ আনহাতে নানাবিধ ৰাসায়নিক তত্ব জড়িতহৈ মেক্ৰফেজলৈ সংবাদ যায় এন্টিবডি সৃষ্টি হোৱাৰ৷ মেক্ৰফেজে তেতিয়া উৎপন্ন কৰে আন এবিধ সৈন্য বাহিনী যাৰ নাম হ’ল ইন্টাৰফেৰন৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত কিছু সময়ৰ প্ৰয়োজন হয়৷ আনহাতে আমাৰ শৰীৰত প্ৰবেশ কৰা যি কোনোএন্টিজেনৰ বিৰুদ্ধে যুঁজ কৰা প্ৰথম শাৰীৰ সেনা বাহিনী হ’ল শ্বেত ৰক্ত কণিকা৷ তেজৰ ১ শতাংশ স্থান দখল কৰি থকা শ্বেত ৰক্ত কণিকাৰ নিৰ্মাণ অহৰ্নিশ চলি থাকে হাড়ৰ মজ্জা (Bone marrow)ত ৷ একোটা শ্বেত ৰক্ত কণিকাৰ আয়ুস মাত্ৰ কেইদিনমানহে৷ তেজত বৰ্ধিত শ্বেত ৰক্ত কণিকাৰ উপস্থিতিয়ে শৰীৰত সংক্ৰমণ (Infection) চলি থকা বুজায়৷

          ইয়াৰ ওপৰি আমাৰ দেহৰ ছালখনে, চেলাইভা,ঘাম আৰু চকুৰ পানীত থকা লাইচ’জাইম (Lysozyne)নামৰ ৰাসায়নিক দ্ৰব্যই অনেক জীৱাণুক বিনষ্ট কৰি আমাক ব্যাহিকভাৱে সুৰক্ষা প্ৰদান কৰে৷ একেদৰে নাকৰ ভিতৰত থকা নোম কেইডালেও দেহত এন্টিজেনৰ প্ৰৱেশত বাধা দি আমাক উপকৃত কৰে৷ আমাৰ ছালত থকা ডেনড্ৰাইটিক চেলে দেহৰ ইমিউনিটি ৰক্ষাত আগবঢ়োৱা অতি মহত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আগলৈ আলোচনা কৰিম৷

ইমিউনিটিৰ প্ৰকাৰ কি কি?

           ১-তাৎক্ষণিক, শৰীৰত আগৰ পৰা থকা (Innate/ Inborn) ইমিউনিটি – আমাৰ তেজত থকা শ্বেত ৰক্ত কণিকা,মেক্ৰফেজ,ডেনড্ৰাইটিক চেল, নেচাৰেল কিলাৰ চেল আদিয়ে যি কোনো এন্টিজেনৰ বিৰুদ্ধে ততালিকে যুঁজ আৰম্ভ কৰে (আৰু এন্টিবডি নিৰ্মাণৰ বাবে জৰুৰী বাৰ্তা পঠায়)৷ এনে ইমিউনিটি দীৰ্ঘকালীন নহয় আৰু কোনো নিৰ্দিষ্ট জীৱাণুৰ বিৰুদ্ধে নহয় অৰ্থাৎ non-specific ৷

          ২- আয়ত্ত কৰা (Acquired/ Adaptive)- ইতিমধ্যে কোৱা হৈছে যে শৰীৰত এন্টিজেনৰ প্ৰৱেশৰ বাৰ্তা ইমিউন প্ৰণালীয়ে অৱগত হোৱাৰ পিছত ই এন্টিবডি নিৰ্মাণৰ কামত মগ্ন হৈ পৰে৷ টি-চেল বা টি-লিম্ফচাইট আৰু বি-চেল বা বি-লিম্ফচাইট হ’ল আয়ত্ত কৰা ইমিউনিটিৰ অপৰিহাৰ্য অংশ৷ ইন্টাৰল্যুকিন নামৰ বাৰ্তবাহক ৰাসায়নিকে এই কাৰ্যত প্ৰভূত অৰিহনা যোগায়৷ উৎপন্ন হ’বলৈ সময় ল’লেও এনে ইমিউনিটি দীৰ্ঘস্থায়ী আৰু নিৰ্দিষ্ট জীৱাণুৰ বিৰুদ্ধে কাৰ্যক্ষম৷

          এই আয়ত্ত কৰা ইমিউনিটি জীৱাণুৱে ৰোগাক্ৰান্ত কৰাৰ ফলত হ’ব পাৰে নতুবা সেই নিৰ্দিষ্ট ৰোগৰ ভেকচিন লোৱাৰ দ্বাৰাও হ’ব পাৰে৷ পৰিতাপৰ কথা কৰ’না ভাইৰাছে সৃষ্টি কৰা কভিড১৯ ৰোগৰ কোনো ভেকচিন এতিয়ালৈ আবিস্কৃত হোৱা নাই৷ আনহাতে ৰোগাক্ৰান্ত হোৱা লোকৰ শৰীৰত উৎপন্ন হোৱা এন্টিবডিৰ পৰিমাণ আৰু তাৰ স্থিৰতা সম্বন্ধে বিজ্ঞানীসকলে নিৰ্ভৰযোগ্য তথ্য আহৰণ কৰিব পৰা নাই৷

          এক্টিভ ইমিউনিটি বনাম পেছিভ ইমিউনিটি:

যদি কোনো জীৱাণুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত নাইবা ভেকচিন লোৱাৰ ফলত সেই ৰোগৰ বিপৰীতে এন্টিবডি বিকশিত হয়-সেয়া হ’ল এক্টিভ ইমিউনিটি৷ ইয়াৰ  বিপৰীতে শৰীৰক যদি বাহিৰৰ পৰা এন্টিবডি যোগান ধৰা হয়- তেনে ইমিউনিটিক কোৱা হয় পেছিভ  ইমিউনিটি৷ উদাহৰণ শিশুৱে প্লেচেন্টা বা মাতৃদুগ্ধৰ মাধ্যমেৰে পোৱা এন্টিবডি৷ আন এটা উদাহৰণ কোনো ৰোগৰ বিপৰীতে (যেনে টিটেনাচ,গেছ গেংগ্ৰিন) বেজীৰ মাধ্যমেৰে যোগান ধৰা ইমিউনোগ্লবুলিন৷

এক্টিভ ইমিউনটি দীৰ্ঘম্যাদী কিন্তু পেছিভ ইমিউনিটি ক্ষন্তেকীয়া৷

সামূহিক ইমিউনিটি (Herd / mass immunity) – কোনো এটা অঞ্চল বা দেশে তেতিয়াহে আয়ত্ত কৰিব পাৰিব যেতিয়া সেই অঞ্চলৰ বা দেশৰ কমেও ৭০শতাংশ লোকৰ শৰীৰত কোনো এটা (উদাহৰণ কোভিড১৯) মহামাৰীৰ বিৰুদ্ধে এন্টিবডি গঢ়ি উঠিব৷ সেই এন্টিবডি শৰীৰত উৎপন্ন হ’ব ভেকচিনৰ দ্বাৰা নতুবা সংক্ৰমণৰ দ্বাৰা৷ এতিয়া যেহেতু কৰ’না ভাইৰাছৰ বিৰুদ্ধে কোনো ভেকচিন উপলব্ধ নহয়, ভাইৰাছৰ সংক্ৰমণ হ’লেহে মানৱ দেহত তাৰ বিৰুদ্ধে নিৰ্দিষ্ট এন্টিবডি গঢ়লৈ উঠিব৷ সদ্যহতে স্বিডেন দেশে কোনো লকডাউন দিয়া নাই আৰু নিজৰ দেশৰ নাগৰিকক সামূহিক ইমিউনিটি গঢ়ি তুলিবলৈ বুলি এৰি দিছে৷ এইটোএটা বিবাদাস্পদ বিষয় আৰু বিপদজনক পন্থা৷ ব্ৰিটেইন আৰু আন দুই এখন দেশে সামূহিক ইমিউনিটিৰ কথা চিন্তা কৰিছিল যদিও এই মহামাৰীত মৃত্যুৰ সংখ্যা আৰু ক্ষিপ্ৰতাৰে বিয়পাৰ আশংকা দেখি পিছ হুহুকি আহে৷ শেহতীয়া সমীক্ষামতে এতিয়ালৈ এক কোটি নাগৰিকৰ দেশ স্বিডেনত কভিড১৯ত আক্ৰান্তৰ সংখ্যাই ৪৫হেজাৰ অতিক্ৰম কৰিছে আৰু তাৰে ৪হেজাৰে মৃত্যুবৰণ কৰিছে৷ এতিয়ালৈ ইমিউনিটি গঢ়লৈ উঠা নাগৰিকৰ সংখ্যা ১০শতাংশৰো কম৷ এনে অৱস্থাত আমাৰ দেশে সামুহিক ইমিউনিটিৰ প্ৰয়োগৰ কথা ভবাটো সমীচিন হ’বনে?

ইমিউনিটি বৰ্ধিত কৰাৰ উপায়

  • বৰ্তমান সময়ত কভিড১৯ৰ বিৰুদ্ধে যুঁজিবলৈ যেহেতু এতিয়ালৈ কোনো ভেকচিনৰ উদ্ভাৱন হোৱা নাই, সেয়ে আমি প্ৰত্যেকেই নিজৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিকাশৰ ওপৰত গুৰুত্ব দিব লাগিব৷ প্ৰবচন আছে ‘হ’লা গছত সকলোৱে বাগী কুঠাৰ মাৰে’৷ দুৰ্বল আৰু কম ইমিউনিটি থকা লোকৰ কভিড১৯ত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক৷ আকৌ এটা কথা পৃথিবীত এনে কোনো দৰব আবিস্কৃত হোৱা নাই যি দিনচেৰেকৰ ভিতৰতে সেৱন কৰাজনৰ ইমিউন প্ৰণালীক শক্তিৱন্ত কৰি তুলিব পাৰিব৷

ইমিউনিটিৰ ক্ষতিসাধন নহ’বলৈ নকৰিবলগীয়া আৰু জীৱনশৈলীত সংশোধন:

          নিদ্ৰা:-নিয়মিত উচিত সময়ত ৭৷৮ঘন্টা টোপনিৰ দেহক একান্ত প্ৰয়োজন৷ ইয়াৰ ব্যতিক্ৰমে শৰীৰৰ ইমিউনিটি হ্ৰাস পায়৷

ধূম্ৰপান :- ধপাতত থকা নিকোটিন,এমোনিয়া,আৰ্চেনিক,টলিউন ইত্যাদিকে ধৰি আঢ়ৈশ বিধ বিষাক্ত পদাৰ্থই জীৱনৰ আয়ুসৰেখাক চুটি কৰে৷

অতিমাত্ৰা মদ্যপান:- মদ্যপানে আভোক কৰে৷ শ্বেত ৰক্ত কণিকাৰ উৎপাদন হ্ৰাস কৰে৷

চেনি বেচিকৈ খোৱা:- শৰীৰৰ ইমিউনিটিৰ বাবে অপকাৰী৷ শ্বেত ৰক্ত কণিকাৰ সক্ৰিয়তা হ্ৰাস পায়৷ মিঠাৰ প্ৰতি আসক্তি থাকিলে নিৰাপদ বিকল্প হ’ল মধুতুলসী (ষ্টেভিয়া)৷নাইবা বতৰৰ ফল খালে মিঠাৰ সৈতে ভিটামিন-চি আৰু অন্যান্য লাগতিয়াল তত্বও পাব৷

জাংক ফুড:- মেদবহুলতা,দেহৰ চৰ্বি বৃদ্ধিকাৰক৷ অটোইমিউন ৰোগক মাতিব পাৰে৷

শৰীৰৰ নিস্ক্ৰিয়তা:- এলেহুৱা জীৱনশৈলী বিপদজনক৷

অত্যধিক শ্ৰম:-নিতৌ নিয়মীয়া ৩০মিনিটৰ ব্যায়াম শৰীৰৰ বাবে প্ৰয়োজনীয় হোৱাৰ বিপৰীতে দেখা যায় ৯০মিনিটৰ অধিক সময়ৰ কঠোৰ শাৰীৰিক অনুশীলন দেহৰ বাবে ক্ষতিকাৰক৷

       উচিতখাদ্য

          দেহৰ ইমিউনিটি বঢ়াবলৈ প্ৰাধান্য দিয়ক সেউজীয়া শাকপাচলি আৰু সতেজ বতৰৰ ফলমূল খোৱাত৷  কেইটিমান সহজলব্ধ খাদ্য বিষয়ে ইয়াত উল্লেখ কৰিম৷

মেথি -খনিজ,ভিটামিন,এন্টিঅক্সিডেন্ট যি ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়ে৷

হালধি –  কুৰকুমিন নামৰ শক্তিশালী এন্টিঅক্সিডেন্ট থকা পাচলি৷

(নিতৌ আধা চামুচ ভিজোৱা মেথি হালধি গুড়িৰ পানীৰ সৈতে সেৱন কৰক৷)

আদা- এন্টিঅক্সিডেন্ট জিনজিৰেল আৰু প্ৰচুৰ ভিটামিনযুক্ত পাচলি৷

নহৰু –  -ইয়াত থকা এন্টিঅক্সিডেন্ট এলিচিন হ’ল পৰম উপকাৰী তত্ব৷

পালেং – -খনিজআৰু ভিটামিনযুক্ত যি ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়ে৷

লং – ইমিউনিটি বঢ়োৱা ইউজিনেল আৰু চুগাৰ হ্ৰাস কৰা নাইজেৰিচিনযুক্ত৷

 নেমু আৰু মৌজোল – ভিটামিন-চি,খনিজ আৰুএন্টিঅক্সিডেন্ট হ’ল উপকাৰী তত্ব৷

গ্ৰীণ-টি – কেটেচিন নামৰ পলিফিনলএন্টিঅক্সিডেন্টৰ বাবে এন্টিভাইৰেল গুণযুক্ত৷

বীট,গাজৰ – হ’ল অতি উপকাৰী ইমউনিটি বঢ়োৱা পাচলি৷

আদা,তুলসী আৰু জালুকৰ গুড়িৰ মিশ্ৰণ সেৱন কৰিলে শৰীৰৰ ইমিউনিটি বাঢ়ে বুলি জালুকবাৰীস্থিত অসমৰ চৰকাৰী আয়ুৰ্বেদিক কলেজৰ ভেষজ বিভাগে ব্যক্ত কৰিছে৷

আকৌ গুৰুজনাই নামঘৰত প্ৰচলন আৰম্ভ কৰি থৈ যোৱা  বুট-মগু-আদা-নাৰিকলৰ মাহপ্ৰসাদেও ইমিউনিটি বঢ়ায় বুলি বিজ্ঞানে কয়৷

মোখনিত কবলগীয়া

          কেনেকৈ জানিব ইমিউনিটিৰ উন্নতি হৈছে বুলি ?

ইমিউনিটিৰ উন্নতি হ’বলৈ যথেষ্ট সময়ৰ (কেইবামাহো বা কেইবাবছৰো) লাগিব পাৰে৷ আপোনাৰ আগতে যদি আগতে সঘনাই চৰ্দি,এলাৰ্জি আদি হৈছিল আৰু এতিয়া কম পৰিমাণেহে হয়-তাৰ অৰ্থ আপোনাৰ ইমিউনিটি বঢ়িছে৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: ইমিউনিটি
Admin

Admin

Related Posts

কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস
Special Report

কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস

by Admin
November 28, 2023
0

শংকৰদেৱৰ বাণীৰে কোচ বিহাৰত ৰাস উদযাপন যুগান্ত বায়ন যুগান্ত বায়ন কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস ১৯২৮ চনৰ পৰা আৰম্ভ হোৱা...

Read more
Growing Old : Seniority and Serendipity

Growing Old : Seniority and Serendipity

November 28, 2023
snow covered mountains during daytime

Third Pole Warming- Humanity’s Himalayan Challenge

November 27, 2023
NGOs and the Law of Detrimental Effects

NGOs and the Law of Detrimental Effects

November 27, 2023
A Shade of Grey…

A Shade of Grey…

November 27, 2023
ধর্মীয় বিভেদতাৰ বহু দুৰৈত অৱস্থান কৰা নামনি অসমৰ লোক উৎসৱ ‘মহো-হো’

ধর্মীয় বিভেদতাৰ বহু দুৰৈত অৱস্থান কৰা নামনি অসমৰ লোক উৎসৱ ‘মহো-হো’

November 26, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

October 2, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
COP 28 : Hopes for a sustainable planet must not ‘melt away’

COP 28 : Hopes for a sustainable planet must not ‘melt away’

November 28, 2023
কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস

কৃষ্ণ বন্দনাৰে মুখৰিত হাউলীৰ ৰাস

November 28, 2023
Climate Change: Individual Action Versus Collective Action

Climate Change: Individual Action Versus Collective Action

November 28, 2023
Growing Old : Seniority and Serendipity

Growing Old : Seniority and Serendipity

November 28, 2023

Popular Stories

  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    1703 shares
    Share 681 Tweet 426
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    2077 shares
    Share 831 Tweet 519
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    908 shares
    Share 363 Tweet 227
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    1498 shares
    Share 599 Tweet 375
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    2425 shares
    Share 970 Tweet 606
  • FREEDOM FIGHTERS OF ASSAM

    2997 shares
    Share 1199 Tweet 749
  • অসমৰ লোকসংস্কৃতি

    1246 shares
    Share 498 Tweet 312
  • ইতিহাসৰ জলঙাইদি হাজো

    1041 shares
    Share 416 Tweet 260
  • মাজুলী আৰু ৰাস

    387 shares
    Share 155 Tweet 97
  • মিচিং সমাজ আৰু সংস্কৃতি

    1077 shares
    Share 431 Tweet 269
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • November 2023 – Vol-II
    • November 2023 – Vol-I
    • October 2023
    • September 2023
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: