(গল্প)
-পল্লৱী কৌশিক শৰ্মা |
“মা, ইমান লেতেৰাকে ৰাখা নে কিটছেনটো .. ধেই,তুমি বৰ লেতেৰা দেই । “
চিমনিটোৰ ওপৰতে মকৰাই বান্ধিব লোৱা জাল খন চাই নিকীয়ে ঘৰ মুচি থকা মাকক চিঞৰি উঠিল । আজি তাই চিকেন বনাব । নিজেই বজাৰ কৰিও অনিছেগৈ সেইমতে । দেউতাক অফিচৰ কামত গুৱাহাটী গৈছে । ঘৰত মাক আৰু তাই …।সেইবাবে পাকঘৰত সোমাইছে নিকী ।
“কি লেতেৰা দেখিছা চাফা কৰি লোৱা…চিঞৰি বাখৰি নাথাকিবা ।”
মাকৰ খঙটোৱে টিঙিচকৈ মাৰিলে । ঘৰ খনত কি হৈ আছে খবৰ নৰখা, মাকে গা বেয়া হ’লেও চুচৰি বাগৰি ,সিহঁতৰ আল ধৰি মৰিলেও কি নো হৈছে গমকে নোপোৱা , অনবৰতে মোবাইলটো লৈ ব্যস্ত থকা.. নিকিৰ কথা কেইটাত সঁচাই মুৰটো গৰম হৈ গ’ল মাকৰ। হ’লেই আৰু এতিয়া… । ক’ৰ’নাই মাকৰ শান্তি যে নোহোৱা কৰিব চিঅ’ৰ । অহা পোন্ধৰ/বিশ দিনলৈ নিকীৰ লগত খকা-খুন্দা লাগোতেই যাব আৰু …!! ভাল কলেজ খন বন্ধ হ’ল…. !
ঘৰ মুচি হোৱাত পাকঘৰত গৈ মাক আচৰিতেই হ’ল ।হোৱাৰ কথাও । মাকক অৰ্ডাৰ দি খোৱা জীয়েকৰ বিৰাট আয়োজন আজি । পিয়াজ, নহৰু,আলুৰ বাকলিৰে ডাইনিং টেবুলৰ গতি নাইকিয়া কৰি থৈছে । মাকে যি কৰে কৰক বুলি নেদেখাৰ ভাও জুৰি ওলাই যাব ধৰোঁতেই নিকীয়ে মাত লগালে ..
“মা , আহা না । অলপ হেল্প কৰি দিয়া। আজি তোমাক স্পেচিয়াল চিকেন বনাই খোৱাম.. জীয়েৰীৰ কুকিং স্কিল চাবা আজি । আঙুলি চেলেকি থাকিবা । “
” হয় নে ….। হওক তেওঁ.. আজি মানে এইখন মোৰ চোতাল, কপাল নহয় । পিছে পাকঘৰত যেতিয়া মই কাম কৰোঁ তোমাক ইটো কৰ সিটো কৰ কওঁ নে ? নিজেই তো কৰোঁ চব । আজি তুমি বনোৱা মই মাত্ৰ খাবলৈ আহিম । টিল দেন ,বাই চুইট হার্ট ।লাগা দেই, মই আধা পঢ়া নভেল খনকে শেষ কৰোগৈ ।”
“মা….. প্লিজ । তোমাৰ হেবিট হয় । মইতো আজিহে আহিছো না । “
“সেইবাবে ওস্তাদি মাৰি কথাও ক’ব নালাগে । কেতিয়াবা ঘৰ খন ঝাড়ু দি বা মকৰা জাল এখন ভাঙি পাইছা নে । আজি যে অকণমান চকুত পৰোঁতেই মাক লেতেৰা বুলিয়েই কৈ দিলা ।”
বুজিলে নিকীয়ে । মাদাৰ ইণ্ডিয়াৰ টেম্পাৰ হাই হৈ আছে । চুপ থকাই ভাল ।
মাক ওলাই যোৱাৰ পিছত টেবুল খন চিজিল কৰি মংসখিনি মচলা দি সানি কেৰাহীটো গেছৰ ওপৰত পাতি ল’লে তাই । গৰম তেলত পিয়াজ নহৰু ভাজি মাংসখিনি ঢালি দিওঁতে সুন্দৰ গোন্ধ এটা নাকত লাগি মনটো ভাল লাগি গ’ল নিকীৰ । আজি কিচছু ধুনীয়া বনাব মানে তাই… । নাকেৰে গোন্ধটো উজাই টানি ,কিবা এটা ভাবি গেছটো কমাই , কেৰাহীটোত ঢাকোন খন লগাই ৰুমলৈ গ’ল নিকী আৰু পাতল লিপষ্টিক অকনেৰে ওঁঠ জুৰি সজাই , ষ্টেইট কৰি ৰখা চুলি কেইডাল ফণীয়াই আহিল । পাকঘৰত আহি কেৰাহীৰ ঢাকোন গুচাই মোবাইলটো উলিয়াই এনগোল মিলাই কেৰাহী খনৰ সৈতে চেল্ফি এখন উঠিলে আৰু…
“মি …এট কীটছেন টুডে, কুকিং চিকেন .. ️” …. কেপচন দি , ফটোখন হোৱাটচ এপত ষ্টেটাছ দিলে ।
বেডৰুমত অনলাইন থাকি ফেচবুক গ্ৰুপত গল্প পঢ়ি থকা মাকৰ নিকীৰ ষ্টেটাছ দেখি বিৰাট হাঁহি উঠিল । নকৰিব ল’গা কিবা এটা কৰিছে অ’ এইজনীয়ে আজি । গোটেই পৃথিৱীকে জনাব দেখোন এতিয়া …. । তথাপিও ভাল ও লাগিল তেওঁৰ । জীয়েকে যে আগ্ৰহেৰে বনাব সোমাইছে পাকঘৰত । সেয়াই বহুত ।
দহ মিনিট মানৰ পিছত পুনৰ ষ্টেটাছত নিকীয়ে বনোৱা মাংসৰ ফটো । এইবাৰ কেপচন—
” ৰেডি তু ইট । ইটচ ৰিয়াল্লি য়ামমি ..!! “
মাকে গম পালে জীয়েকৰ মাংস বনোৱা প্ৰক্ৰিয়াৰ ইতিমধ্যে যৱণিকা পৰিছে । ফোনটো থৈ পাকঘৰলৈ উঠি গ’ল তেওঁ ।
” কিমান বাকী চেফ নিকী শৰ্মা ? হৈছে গৈ নে ? “
নজনাৰ দৰে সুধিলে তেখেতে ।
” ইয়েছ মম , ইটচ অল ডান । তুমি জাষ্ট ভাতটো উঠাই দিয়া । “
” ভাত বঢ়োৱাই নাই । ইটো স্তভত দেখোন চাউল কেইটা উঠাই থব পাৰিলা হয় । “
” মনলৈ নাহিলেই । হ’ব দিয়া তুমিয়েই উঠাই দিয়া । মোৰ ভাগৰ লাগি গৈছে একদম । “
হাঁহিটো ওলাব নোৱাৰাকৈ টিপি ধৰি মাকে চাউল কেইটা ধুই বঢ়াই দিলে । আৰু মাংস বনোৱাৰ নামত নিকীয়ে লেতেৰা কৰা বাচনবোৰ বেচিনটোলৈ নি ধুব ধৰিলে ।
নিকী ঘপহকৈ স্কুটি খন লৈ ওলাই যাব ধৰোঁতে খিৰিকী দি দেখি মাকে মাত লগালে ,
” ভাত খাবৰ হ’ল , ক’ত ওলাই যোৱা এতিয়া । “
” আহি আছো মা , তুমি ভাত ৰেডি কৰা মানে আহি যাম । আইস ক্ৰীম লৈ আহো ।”
” বেমাৰ হৈ মৰিবি ৰ’হ । ঠাণ্ডা যোৱাই নাই তাইৰ আইস ক্ৰীম খাবৰ হ’ল ।”
মাকে খং কৰি আহিল । সিফালে নিকী গৈ গেটৰ বাহিৰত ।
যথাসময়ত মাক জীয়েক দুয়ো খাবলৈ বহিল । নিকীয়ে আইনা বাতি দুটাত ধুনীয়াকৈ আইস ক্ৰীম দুবাতি উলিয়াই ল’লে । ফটো এখন উঠালে আৰু শেষ বাৰৰ বাবে আকৌ এবাৰ ষ্টেটাছ আপলোড কৰিলে ।
” কেনেকুৱা হৈছে কোৱা মা, মজা বনাইছোঁ নে নাই ? “
মাকে মুখত লৈ ক’লে যে ভালেই হৈছে ।
নিকীয়ে চেলেকি চাই পাম্প যোৱা বেলুনটোৰ দৰে শেঁতা হাঁহি এটি মাৰিলে । নহ’ল দেখোন তাই ভবাৰ দৰে ইমান খাচ । মাকে জানো কেনেকৈ বনাই… ! ইমান টেষ্টি হয় । তথাপিও মাকৰ ওচৰত লাজ পোৱাৰ ভয়ত তাই মনৰ কথাখিনি মনতে ৰাখিলে। মাকে কিন্তু শলাগি খালে জীয়েকৰ উৎসাহক প্ৰেৰণা যোগাই ।
খাই থাকোতেই নিকীৰ মোবাইলত মেছেজ ট’ন বাজি উঠিল ।খুলি চাই দেখে , ষ্টেটাছ দেখি তাইৰ ক্লাছমেট কিশোৰে পঠোৱা মেছেজ ।
” ঐ খুব চিকেন মাৰিছ’ । চাবি আক’ ক’ৰ’নাই পাব । “
“কোনে ক’লে অ’ চিকেন খালে ক’ৰ’নাই পাব । তই খোৱা নাই যে লোভতে মৰিছ’ ন’ ??”
” লুভীয়া তই হে.. । স্কুল ,কলেজ বন্ধ দিছে । মানুহে মাছ মাংস কণী বাদ দি বইল খাইছে.. কিয় অ’? তই মাংস কিনা বেপাৰিটোৰ যদি ভাইৰাছ আছিল, নাইবা মাংসখিনি য’ত আছিল , তাতে যদি ক’ৰ’নাই নাচ মাৰি আছিল… । মই ভাল দেখা নাই কিন্তু দেই তোৰ মতি-গতি । ইফালে আইস ক্ৰীম ও মৰিছ’ । গৰম পানী খাব এডভাইছ দিছে, ক’ল্ড ড্ৰিংকছ খোৱাৰ মানা কৰিছে … নাজানো আৰু…। ভগৱানে ভালে ৰাখক তোক ।”
” ঐ কিশোৰ, ফালটুৱামী নকৰিবি দেই । এনেই ভয় নোখোৱাবি । তোকেই ক’ৰ’নাই খাব যা … “
ফোনটো থৈ চিন্তা লাগিল তাইৰ । ৰাহুয়েই পালে নেকি আজি তাইক ঠিক নাই… । ইমান মাংস খাব মন গ’ল । এতিয়া যদি সঁচাই কিশোৰে কোৱাৰ দৰে ক’ৰ’নাৰ আক্ৰমণত মৰি থাকে ,,কি হ’ব ..!!! মাকক কামুৰি মুৰটো খাব ধৰিলে । ভয় সোমাল মনত । হে প্ৰভু, হে কৰুনাময়… কৃপা কৰা এইবাৰলৈ…. । আৰু ক’ৰ’না শেষ নোহোৱালৈকে মাংস মুখত নিদিওঁ । মনে মনে নেদেখাজনকে সোঁৱৰিলে তাই ।
দিনটো পাৰ কৰিলে নিকীয়ে অজান শংকা এটা মনত লৈ । ৰাতিলৈ এইবাৰ লঘোণ দিয়াৰ পৰিকল্পনা.. । যিহেতু দিনত মাংস ভাত দগৰি মাৰি লৈছে। কৰিনাৰ দৰে জিৰ’ ফিগাৰ বনাবলৈ হ’লে চেক্ৰিফাইচ কৰিব লাগিব মুখৰ লোভ , জিভাৰ সোৱাদ । তথাপিও মাকৰ গালি শুনি নামটো কৰি দুগৰহা ভাত খাই তাই বিচনাত উঠিল ।
মাজৰাতি হঠাৎ তাইৰ ডিঙিটো কোনোবাই চেপি ধৰাৰ দৰে অনুভৱ কৰিলে । হেঁচা মাৰি ধৰি আছে যেন কিহবাই । প্ৰচণ্ড বিষত চিঞঁৰিব যত্ন কৰিও নোৱাৰিলে তাই । চকু কেইটা জোৰ কৈ মেলি দি যিটো দৃশ্য দেখিলে ভয়তে নিকীৰ মূৰটো ঘূৰাব ধৰিলে । ক’ৰ’না ভাইৰাছ বোৰ তাইৰ মুখৰ পৰা ওলাই যেনি-তেনি দাঁত মুখ নিকটাই বিকট হাঁহি মাৰি ঘূৰি ফুৰিব ধৰিছে । বিচনা, টেবুল, খিৰিকীৰ পৰ্দা, মজিয়া …. সকলো সিহঁতৰ দখলত । মবাইলটো লৈ মাকক ফোন কৰি জনাওঁ বুলি দেখে সেইটোত ও ক’ৰ’নাই তাণ্ডৱ নৃত্য দি আছে । একে ঠেকেচাই ফোনটো দলিয়াই তাই বিচনাৰ পৰা নামি মাকৰ ৰুমলৈ যাব বিচাৰোঁতেই অচেতন হৈ পৰি গ’ল ।
যেতিয়া চেতনা আহিল , নিকী তাইৰ নিজৰ বিচনাত । হাতত এটা চেলাইন লগাই থোৱা আছে । মাক ওচৰতে চকী এখনত বহি তাইকে চাই আছে । বিচনাখনৰ ভৰি শিতানত ঠিয় হৈ মবাইল টিপি ব্যস্ত, কিশোৰ ।
জীয়েকে চকু মেলাত মাকৰ মনতো ভাল লাগিল । মূৰত হাত ফুৰাই ভাল পাইছে নে অলপ সুধিলে ।
” কি হৈছে মোৰ মা । ক’ৰ’না ভাইৰাছ বোৰ ক’ত গ’ল ? সেইগালে মোক মাৰি পেলাব এতিয়া । ডিঙিটো এতিয়াও ইমান চেৰচেৰাই আছে নহয় .. কালি এই গোটেই ৰূমটোতে ঘূৰি ফুৰিছিল সেইবোৰ । মই সঁচাই মৰি থাকিম নেকি মা ? “
…..কান্দিব ধৰিলে নিকীয়ে ।
” ঐ পাগলী , ক’ৰ’নাই নাপালেও কৰিনা হোৱাৰ সপোনে হে মাৰিব এতিয়া তোক বুজিছ’ । আৰু ডায়েটিং কৰ … ।তই মুৰ ঘূৰাই নপৰিবি নে ? ডিঙি ডাল যে হেঁচা মাৰি ধৰি আছে ,সেইয়া তই খোৱা আইস ক্ৰীমৰ কৃপা । একো ডাল হোৱা নাই তোৰ । মিছাই খুৰীৰ মূৰত চিন্তা এগাল দিলি । ডাক্তৰে চাই গৈছে । ল’ প্ৰেছাৰ আৰু চৰ্দি লগাৰ ফলত হে বেমাৰত পৰিছ’ বুজিছ’ ।”
কিশোৰে জোকাব ধৰিলে তাইক ।
” খুৰী, আপোনাৰ ছোৱালীক ক’ৰ’না ভাইৰাছে এটেক দি মৰাৰ আগতেই ক’ৰ’নাৰ ভয়ে হে খুলি খুলি খাই মাৰিব যেন পাইছো । সপোনত ও ক’ৰ’না হে দেখে … ।”
মাকে হাঁহিব ধৰিলে আৰু নিকীয়ে কিশোৰক মৰিবলৈ চেলাইন লোৱা হাতখনকে পাহৰি ডাঙি দিলে । বেজীৰ খোচত হাতখন বিষাই গ’ল যদিও মনটো ভাল লাগিল তাইৰ । এইবাৰলৈ বাচিল মানে তাই.. । তাইৰ দেহত ক’ৰ’না ভাইৰাছ সোমোৱা নাই । যোৱা ৰাতি সপোনত হে এই দশা হ’ল তাইৰ ।
“প্ৰভু বচালা ….. । ক’ৰ’নাক সপোনত ও নেদেখুৱাবা কেতিয়াও । কাবৌ কৰিছো প্ৰভু । শতকোটি প্ৰণাম তোমাক ।”
দিল গাৰ্ডেন ,গাৰ্ডেন হৈ গ’ল নিকীৰ । মিছন মাংস ভোজন এইবাৰলৈ চাকছেছ মানে …. ।
( সমাপ্ত)