খটিয়া পহুটো আৰু আমি
মানস প্ৰতিম দত্ত
হৰিণ, পহু বা হৰিণা বুলিলেই প্রথমে মনলৈ আহে ছাত্রাৱস্থাত ভাৱ বহলাই লিখিবলৈ দিয়া এটি বাক্যলৈ । সেই বাক্যটো হ’ল – হৰিণাৰ মাংসই বৈৰী।
তেতিয়া এটা কথাই জানিছিলোঁ আৰু বুজিছিলো হৰিণা দেখাত খুবেই ধুনীয়া আৰু ইয়াৰ সৌন্দর্যই মাংসভোজী জীৱক মোহিত কৰে। ফলত হৰিণাই প্রাণ হেৰুৱাবলগীয়া হয়।
অর্থাৎ ধুনীয়া হোৱাটোৱেই ই ধ্বংস হোৱাৰো কাৰণ। বাৰু সেয়া যি কি নহওঁক, আজিকালি বাতৰি কাকত মেলিলেই হৰিণাৰ চোৰাং চিকাৰ, হৰিণাৰ মাংস বিক্রী, হৰিণা হত্যা আদিৰ বাতৰি দেখিবলৈ পাওঁ।
১৭ মাৰ্চ, ২০২৩ তাৰিখ শুক্ৰবাৰে দিনৰ প্ৰায় ১.৩০ বজাত ঢকুৱাখনাৰ পৰা পৰিৱেশকর্মী তথা পৰিৱেশ সুৰক্ষাৰ কাম-কাজৰ ক্ষেত্রত আমাৰ সতীর্থ ধ্ৰুৱজ্যোতি চেতিয়াৰ পৰা ফোন আহিল। ঢকুৱাখনাৰ ভৰতচুকত এটা হৰিণ স্থানীয় লোকে ধৰি থৈছে। উদ্ধাৰৰ বাবে আমি ঠাইডোখৰলৈ যাব লাগে। লগে লগে মই গা-পা ধুই ঘৰৰ পৰা ৰাওনা হ’লোঁ।
ধ্ৰুৱজ্যোতি চেতিয়া আৰু ঢকুৱাখনাৰে আন এজন সতীর্থ বিমান সন্দিকৈ দাদাই ইতিমধ্যে বন বিভাগক খবৰ দিলে। মই যিমান পাৰো খৰধৰকৈ যাবলৈ চেষ্টা কৰিলোঁ। গৈ ভৰতচুক পালোগৈ।
গ’ম পালোঁ পহুটো পুৱাৰে পৰা বান্ধি থোৱা আছে। কথাটো শুনি মনে মনে ভয় খালোঁ। কাৰণ, পহু কেনেবাকৈ ধৰিলে লগে লগে চকু বান্ধি দিব লাগে। অন্যথা ই বহুত ভয় খায়। ফলত মৃত্যু মুখত পৰিব পাৰে। আৰু যিঠাইৰ পৰা ধৰা হয় তাতে পৰাপক্ষত এৰি দিব লাগে।
চকু বান্ধি নিদিলে ই মানুহৰ মাজত থাকোতে সুস্থ অৱস্থাতে থকা যেন লাগে যদিও ইয়াক মুকলি কৰি দিলে ইয়াৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাৰ সম্ভাৱনা থাকে। বাৰু যি কি নহওক, গৈ পায়েই ধ্ৰুৱ আৰু বিমান সন্দিকৈ দাদাই চকুত কাপোৰ বান্ধি দিলে। ত্ৰিনয়ন দলে নেতৃত্বাধীন আৰক্ষীৰ দল এটাও তাত উপস্থিত আছিল।
পহুটো চাই খটিয়া পহু বুলি চিনাক্ত কৰা হ’ল। সাধাৰণতে ভাৰতবর্ষৰ ভিতৰত আমাৰ ৰাজ্যখনত এইবিধ পহু সর্বাধিক পোৱা যায়। ইয়াৰ ইংৰাজী নাম ইণ্ডিয়ান হগ ডিয়েৰ। ই আই ইউ চি এনৰ বিলুপ্তপ্রায় প্রজাতিত অন্তর্ভুক্ত। প্রায় ১০-২০ বছৰ জীৱনকালৰ এই পহুবিধৰ ওজন প্রায় ৩০-৫০ কি:গ্রা: হোৱাৰ বিপৰীতে উচ্চতা ৬০-৭০ চে.মি. হয়। ইয়াৰ বৈজ্ঞানিক নাম Axis porcinus (এক্সিচ পর্ণিকাচ) ।
খটিয়া পহুৰ ইংৰাজী নামকৰণটো খুবেই আমোদজনক ধৰণৰ। সাধাৰণতে ‘হগ’ মানে পহু নহয়। কলিনচ্ ডিক্সনাৰীৰ মতে- A hog is a Pig ( হগ হৈছে গাহৰি) ।তেন্তে ই দেখাত গাহৰিৰ দৰে পহু নেকি । আচলতে কথাটো এনে নহয় । আমি সকলোৱে জানো যে, পহুৱে সাধাৰণতে জপিয়াই বা দৌৰি ইফালৰ পৰা সিফাললৈ চলাচল কৰে।
পিছে খটিয়া পহুৱে গাহৰিৰ দৰে মূৰটো তললৈ কৰি খোজ কাঢ়ি সন্মুখত থকা বাধা অতিক্ৰম কৰিবলৈ চেষ্টা কৰে বাবে ইয়াক হগ ডিয়েৰ বুলি কোৱা হয়। সাধাৰণতে অসমৰ জাৰণিবোৰত ইহতে বাস কৰে আৰু খাদ্যৰ সন্ধানত মুকলি পথাৰলৈয়ো ওলায় আহে। খটীয়া পহু সাধণতে অকলে থাকে।
ঘাঁহ থকা সুৰক্য়েষিত ঠাইত অৱশ্যে ইয়াক জাক পাতি চৰা দেখা যায়। বিপদৰ আগজাননী পালে বা বিপদৰ পৰা বাচিবলৈ সিহঁতে ভুকাৰ দৰে সুহুৰি সদৃশ শব্দ কৰে। ৮-১০ মাহ বয়সত ইহঁত প্রজননক্ষম হয়। প্ৰজননৰ সময়ত মতা খটিয়া পহু অত্যন্ত আক্ৰমণাত্মক হয় আৰু সঘনাই আন পহুক প্ৰত্যাহ্বান জনায়। অৱশ্যে শাৰীৰিক ক্ষতি হ’ব পৰা প্রত্যাহ্বান নজনায় ।
প্রাকৃতিকভাৱে ইহঁতে সাধাৰণতে আগষ্ট-অক্টোবৰ মাহত গর্ভধাৰণ কৰে আৰু ৮ মাহৰ পাছত মে-জুলাই মাহত পোৱালি জন্ম দিয়ে। পোৱালিবোৰক সাধাৰণতে নিৰ্জন ঠাইত, ঘন ঘাঁহ বা নলৰ বিচনাৰ সুৰক্ষিত ঠাইত জন্ম দিয়ে। জীৱনৰ প্ৰথম কেইবাদিনো পোৱালিটোৱে অকলে থাকে আৰু মাকে খাদ্য খুৱাই থাকে। মাকে মাজে মাজে পোৱালিটোৰ ওচৰলৈ গৈ স্তনপান কৰায়। পোৱালিটোৱে ৬ মাহ বয়সত গাখীৰ খাবলৈ এৰে।
আই ইউ চি এনৰ তথ্যমতে, অসমৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত ১০,০০০ টা, মানস ৰাষ্ট্রীয় উদ্যানত ১,৫০০ টা, ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্রীয় উদ্যানত ৫০০ টা, মণিপুৰৰ জলডাপাৰাত ২৫০ টা আৰু কেইবুল লামজাও ১০০টা খটীয়া পহু আছে।
ইতিমধ্যে বনবিভাগৰ বিষয়াও আমাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হ’ল আমি তাৎক্ষণিকভাৱে ঢকুৱাখনাৰ বনবিভাগৰ কার্যালয়লৈ পহুটো লৈ আহিলোঁ। পশু চিকিৎসক হিৰণ্য চুতীয়া আৰু ৰূপম গগৈয়ে আহি চিকিৎসা আৰম্ভ কৰিলে। পহুটো প্ৰায় সুস্থ যেন দেখি আমি ডাক্তৰ পৰামৰ্শমতে বনকৰ্মী বৃক্ষভ দাস আৰু সাংবাদিক প্ৰতাপ দত্তৰ সৈতে খঙীয়া চাপৰিলৈ ৰাওনা হ’লোঁ।
এই কথা আমি পাহৰি যোৱা অনুচিত যে, বনবিভাগৰ বিনা অনুমতি আৰু উপস্থিতি অবিহনে বন্যজীৱ উদ্ধাৰ কৰাটো আইনমতে অপৰাধ । কিবা কাৰণত যদিহে বন্যজীৱ উদ্ধাৰ কৰিবলগীয়া হয় তেন্তে চকু দুটা ঢাক খোৱাকৈ কাপোৰেৰে বান্ধি ৰাখিব লাগে আৰু ভৰি বান্ধি অন্ধকাৰ কোঠাত মানুহৰ সমাগমৰ পৰা আঁতৰাই ৰাখিব লাগে।
হঠাৎ গাঁৱৰ ভিতৰলৈ হৰিণ বা অন্য বনৰীয়া জীৱ যদিহে সোমাই আহে তেতিয়া আমি সুৰক্ষিত দূৰত্বত থাকি জন্তুটোক যাতে কোনেও খেদি আমনি নকৰে সেই ক্ষেত্ৰত সতৰ্ক হোৱা উচিত। লগতে ঘৰচীয়া কুকুৰেও যাতে কোনো অনিষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি সজাগ হোৱা অতি দৰকাৰী।
এনেদৰে বন্য জীৱ ধৰিলে কেপচাৰ মায়’পেথিয়ে দেখা দিয়ে। কেপচাৰ মায়’পেথি হৈছে এনে এক স্থিতি য’ত গুৰুতৰ ৰুগ্নতা আৰু মৃত্যুভয় সৃষ্টি হয়। এনে স্থিতি বন্যজীৱৰ ক্ষেত্ৰত খুউব দেখা যায়।
সাধাৰণতে বন্যজীৱক দীৰ্ঘ বা কম সময়ৰ বাবে তীব্ৰ খেদা, ধৰা, সংযম বা পৰিবহণৰ লগত জড়িত প্ৰয়োগ কৰা চাপ আৰু শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰা ইয়াৰ সূচনা হয়।
মানস প্ৰতিম দত্ত /ফোনঃ ৮৮১২০৯৭৭১৬
Images from the writer and different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)