–ৰুবী বৰা
২০১৯ ৰ জানুৱাৰীৰ শেষৰ ফালে আৱেদন কৰিছিলোঁ হিমালয়া মাউণ্টেনিয়াৰিং ইনষ্টিটিউট ,দাৰ্জিলিঙৰ অধীনত বেচিক মাউণ্টেনিয়াৰিং ক’ৰ্চৰ ২০২০ ৰ এপ্ৰিলৰ বেটছৰ বাবে, কাৰণ তাৰ আগত কোনো বেটছ খালী নাছিল। আনহাতে ”হিমালয়” শব্দটোৰ লগত মোৰ ইমানেই আৱেগ জড়িত হৈ আছে যে বাকী প্ৰতিষ্ঠানত আসন খালী থাকিলে মই ইয়াৰপৰাই প্ৰশিক্ষন ল’ম বুলি প্ৰতিজ্ঞা কৰি লৈছিলো মনতে। সৌভাগ্যক্ৰমে ২০১৯ ৰ নৱেম্বৰ- ডিচেম্বৰ বেটছত কোনোবা এজনে আৱেদন পত্ৰ উঠাই লোৱা বাবে সেই ঠাইত মোক সুমৱাই দিছিল। কনফাৰমেচন মেইলটো ফেৱ্ৰুৱাৰীৰ প্ৰথম সপ্তাহত পোৱাৰ পৰাই মোৰ গাত তত নাছিল। বহুদিনীয়া হেপাহ এটা, কিন্তু বিভিন্ন অসুবিধাৰ বাবে মই ইয়াক পূৰ কৰিব পৰা নাছিলোঁ। ফেব্ৰুৱাৰীৰ পৰা এটাই চিন্তা মোৰ কোনো ধৰণৰ বাধা যাতে নাহে। চাওঁতে চাওঁতে সেই সময় আহি পালেহি। অপেক্ষাৰ অন্ত পৰিল। তাৰ বাবে নিজক শাৰীৰিক মানসিক সকলো ফালৰ পৰা সাজু কৰি তুলিছিলোঁ। কাৰণ পৰ্বতাৰোহন কোনো ধেমালীতে কৰা খেল নহয়। ই দুঃসাহসিক ক্ৰিয়া। ইয়াৰ কাৰণে প্ৰয়োজন অসীম মানসিক শক্তি, পৰ্যাপ্ত পৰিমানৰ শাৰীৰিক শক্তি, সাহস আৰু প্ৰৱল ইচ্ছাশক্তিৰ।
চেষ্টা কৰিছিলোঁ নিজক সকলোপ্ৰকাৰে সাজু কৰিবলৈ।
হিমালয়া মাউণ্টেনিয়াৰিং ইনষ্টিটিউট ,দাৰ্জিলিং আৰু পদ্মজা নাইডু জুলজিকেল পাৰ্কৰ যুটিয়া গেটখনেদি সোমাই গৈছিলো ।
গুৱাহাটীত আই এচ বি টি ত গধুলী ৭:৩০ ত বাছত উঠিছিলোঁ চিলিগুৰিলৈ বুলি। চিলিগুৰি পালোঁ পিছদিনা পুৱা ৭:৪৫ ত। চিলিগুৰিৰ পৰা মনোমোহা পথেৰে ফুল আৰু পাহাৰৰ কাষে কাষে গৈ দাৰ্জিলিং পায়েই ৰুতি এখন খাই ইনষ্টিটিউট পালোহি ১১ টাত।
অৱশেষত মই ইয়াত পালোহি । কিমান দিনৰ সপোন, জল্পনা কল্পনা মোৰ বেচিক মাউণ্টেনিয়াৰিং ক’চ ৰ বাবে। সোমাই অহা ক’লা টাইলচৰ গেটখন কতদিন যে সপোনত দেখিছো য’ত লিখা আছে ‘HIMALAYAN MOUNTAINEERING INSTITUTE DARJEELING’ । এজন পৰ্যটকক অনুৰোধ কৰি তাৰ তলতে উঠিছিলোঁ মোৰ সপোনৰ ফটোখন।
পিছদিনা সকলোবোৰ আহি পাইছিল। ভিন ভিন ৰাজ্যৰ ভিন ভিন মানুহ। বিদেশৰ তিনিজনকে ধৰি মুঠ ৭৯ জন। ছোৱালী ১৫ জনী । গুৱাহাটীৰ বিশ্বজিত, বঙাইগাঁৱৰ চুইট আৰু মই মিলি আমি অসমৰ তিনিজন। বেছিভাগেই আছিল আৰ্মী, বায়ুসেনা, নৌসেনাৰ পৰা অহা। কিছুমান ছাত্ৰ ছাত্ৰী আহিছে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কুটাত, কিছুমান আহিছে এন.এছ.এছ. ৰ পৰা আৰু কিছুমান আহিছে যুৱ ক্ৰিয়া সঞ্চালকালয়ৰ ফালৰ পৰা। বাকী আমিবোৰ হ’লোঁ ব্যক্তিগত কুটাৰ। ভিন ভিন পেচাৰ ভিন ভিন মনৰ মানুহবোৰ আহি এইদৰে একগোট হোৱাৰ কাৰণ এটাই পাহাৰ। প্ৰথমদিনা গধুলি ৫ টাত প্ৰথমটো ‘Fall In’ ত সকলো লগ হ’লোঁ। পিছদিনাৰ কাৰ্য্যসূচী আৰু তাৰ অনুশাসনৰ বিষয়ে চমু আভাষ এটা দিয়াৰ পিছত হোষ্টেলৰ কোঠাত আমাৰ পৰস্পৰৰ চিনাকী পৰ্ব আৰম্ভ হ’ল। আমাৰ কোঠাটোত পাঁচজনী। মই, মুম্বাইৰ তুলশী, ডেৰাডুনৰ পূৰ্বা, হাৰিয়ানাৰ শোভ্ৰা আৰু পুনেৰ ইঞ্জিনিয়াৰিংৰ ছাত্ৰী চাৰা।
পিছদিনাৰ পুৱাৰ পৰা আৰম্ভ হৈছিল আমাৰ ‘বেচিক মাউণ্টেনিয়াৰিং ক’ৰ্চ’ ৰ কাৰ্য্যসূচী। পুৱা৫ টাত বেদ টি। ৫:৫০ ত ‘fall in’। অলপ শাৰীৰিক অনুশীলনৰ পিছত দৌৰিলোঁ প্ৰায় ৫ কি.মি.। আহি পুনৰ শাৰীৰিক ব্যায়াম। ৮ টাত পুৱাৰ আহাৰ। প্ৰথম দিনা পুৱাৰ আহাৰ খোৱাৰ পিছতে আমাক সকলোকে ১০ টা ৰ’পত ভাগ কৰা হ’ল। গোটবোৰক ৰ’প(Rope) বুলি কোৱা হয় ক্লাইম্বিংৰ কাৰনে ব্যৱহাৰ হোৱা ৰ’পক পৰ্বতাৰোহীৰ আয়ুস ৰেখা( Lifeline of a Mountaineer) বুলি কোৱা হয়। প্ৰতিটো ৰ’পত একোজনকৈ প্ৰশিক্ষক।৮ নম্বৰ ৰ’পত আলস্কাৰ জেদিন,জয়পুৰৰ আৰ্মীৰ কেপ্তেইন জয়ব্ৰত,মধ্যপ্ৰদেশৰ বায়ুসেনাৰ আমন, কলকাতাৰ দিপক,কেৰেলাৰ ৰিনচদ, হাৰিয়ানাৰ আশীষ, গুৱাহাটীৰ বিশ্বজিত আৰু মই মিলি ৮ জন।আমাৰ প্ৰশিক্ষক লেখৰাজ চেত্ৰী ছাৰ।প্ৰশিক্ষক সকলৰ চিনাকীপৰ্বও লগতে হৈছিল। শুনিছিলোঁ নামৰ পিছত সংলগ্ন হোৱা তেখেতসকলৰ পৰ্বতাৰোহনৰ ক্ষেত্ৰখনত অৰ্জন কৰা সফলতাবোৰ ।এভাৰেষ্ট, মাকালো, চেভেন চামিতৰ দৰে অভিযানত উৰুৱাই অহা বিজয় ধ্বজাবোৰৰ কথা শুনিছিলোঁ তেওঁলোকৰ নামৰ পিছত আৰু নিজকে কোনোবা কল্পনাৰ জগতত থকাৰ দৰে লাগিছিল।
প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা ২০২১ বৰ্ষৰ টেনজিং নৰ্গে সন্মানেৰে সন্মানিত কেপ্তেইন জয় কিচানে সামৰিক পোচাকেৰে সজ্জিত হৈ আদৰনী ভাষনত যিখিনি কথা গ’লে গোটেই জীৱনজুৰি কৰ্ণ কুহৰত প্ৰতিধ্বনি হৈ থাকিব। ইনষ্টিটিউটৰ চাৰিসীমাৰ ভিতৰত ক’ত কি আছে সকলোবোৰ দেখুওৱাব লৈ গৈছিল আমাক। পিছবেলা তিনিটা ক্লাছেৰে প্ৰথম দিনটো সামৰনি পৰিল। বহুবছৰৰ মুৰত এনেকে অনুশাষনৰ মাজত শ্ৰেনীকোঠাত বহীত লিখি খুৱ ভাল লাগিল। শ্ৰেণীকোঠাত ছাত্ৰৰ সংখ্যা যিমান চকী সিমান। কোনোবাই বাং মাৰিম ভাৱিলেও কোনো কাৰনতে সাৰি যাব নোৱাৰে। শ্ৰেনীকোঠাটো খুৱ ধুনীয়া। প্ৰজেক্টৰৰ সৈতে এখন ডাঙৰ পৰ্দা। পদিয়ামত সংলগ্ন কম্পিউটাৰত ছাৰ সকলে টোকাবোৰ দেখুৱাই লাউডস্পিকাৰৰ সহায়ত বুজায় যায়। তেওঁলোকৰ বুজোৱাৰ কৌশলবোৰ আকৰ্ষণীয়।
ইয়াত থকা কেইদিনৰ ভিতৰত পাঁচদিন ৰক ক্লাইম্বিং, দুদিন ট্ৰেকিং আছিল। ৰক ক্লাইম্বিংৰ বাবে ইনষ্টিটিতৰ পিছ গেটেদি প্ৰায় এক কি. মি. ট্ৰেকিং কৰি যাব লাগে। প্ৰথম দিনাই আমাক গাইপতি ৰোকচেক(পিঠিত লোৱা ৭০ লিটাৰৰ বেগ), হাৰনেচ( ক্লাইম্বিংৰ সময়ত ককালত পিন্ধি লোৱা সজুলি), হেলমেট, জুমাৰ, মিটনকে ধৰি ক্লাইম্বিংৰ সজুলিবোৰ প্ৰতি ৰ’পত বিতৰন কৰি দিয়া হৈছিল।সকলোবোৰ লৈ আমি শাৰীপাতি গৈ উপস্থিত হওঁগে টেনজিং নৰগে’ ৰক ফিল্ডত। তালৈ যোৱাৰ আগত মই সেই ঠাইৰ ফটোবোৰ ইন্টাৰনেটৰ পৰা ডাউনলোড কৰি খুৱ চাই থাকোঁ।
সোশৰীৰে তাত গৈ ক্লাইম্বিং কৰি বিৰাত ভাল লাগিছিল। বতৰ ফৰকাল থাকিলে তাৰ পৰা কাঞ্চনজংঘাৰ নান্দনিক দৃশ্য দেখা পায়। ঠাইখন পৰ্যটকেৰে ভৰি থাকে। প্ৰতি খোজতে ছাৰহঁতৰ পৰা পোৱা শিক্ষা ,মৰম, অনুশাসন , সময়ে সময়ে কৰা ধেমালীবোৰে প্ৰশিক্ষন আৰু বেছি মনোৰম কৰি তুলিছিল। লগৰবোৰৰ লগত হোৱা কথা বতৰা, হাঁহি ধেমালীবোৰতো লাগিয়েই থাকে। বিভিন্নধৰণৰ নট (knot), কইলিং (coiling)ৰ লগতে ৰক ক্লাইম্বিংৰ প্ৰায় ১২ টামান কৌশল আমি শিকিলোঁ। কৰি থকাৰ মাজতে চাহ বিস্কুত দিয়ে। কোনে কাৰ গিলাছত, কিমানজনে একেটা গিলাছতে খাঁও হিচাপ নাই। মুঠতে খাব পালেই হ’ল। তাৰ পৰা ঘুৰি আহি দুপৰিয়াৰ ভাত খাই আকৌ ক্লাছ থাকে। এটা কৰি উঠি পৰ্বতাৰোহনৰ চলচিত্ৰ দৰ্শনী হয় তাৰ পিছত আকৌ ক্লাছ। কিবাকে ৭ টাত শেষ কৰি ৰাতিৰ আহাৰ। তাৰ পিছতে আৰম্ভ হয় ‘ আমাৰ সময়’ । ৰসাল আড্ডা, অন্তাক্ষৰী, দম চৰাজ, আৰু নৃত্যানুষ্ঠান ‘আমাৰ সময়’ৰ অন্তৰ্গত।
পুৱা শাৰীৰিক অনুশীলনৰ লগতে যোগ ব্যায়ামো অন্তৰ্ভুক্ত আছিল। যোগাসন থকাৰ দিনা কম দৌৰিব লাগে সেয়ে খুৱ ভাল পাইছিলোঁ যোগ থকাৰ দিনা। দুদিন ৰক ক্লাইম্বিং কৰাৰ পিছত তৃতীয়দিনা আমি গৈছিলোঁ টাইগাৰ হিল ট্ৰেকিং। অহাযোৱা ১৬ কি.মি.। দাৰ্জিলিংত য’ৰ পৰা দাৰ্জিলিংৰ প্ৰথম সুৰ্যোদয়ৰ মনোমোহা দশ্য চাবলৈ বুলি সকলোৱে ঢাপলি মেলে আমাক সেইখিনি ঠাইলৈকে নিয়া হৈছিল।
তাৰ দুদিন পিছত আছিল আমাৰ শাৰিৰীক সক্ষমতাৰ পৰীক্ষা পেনদাম টি ট্ৰেক। পৰীক্ষাৰ নিয়ম আছিল পিঠৰ বেগৰ ওজন ১২ কে.জি.ৰ ওপৰত হ’ব লাগিব, অহা যোৱা ১৪ কি.মি. ৩ঘন্টা ৩০ মিনিটত সম্পূৰ্ণ হ’ব লাগিব।
আগদিনা ৰাতিয়ে ওজন কৰি থোৱা ৰুকচেকবোৰ পিঠিত লৈ ৰাতিপুৱা কাটা ৭ টাত আৰম্ভ হল আমাৰ যাত্ৰা।প্ৰথম এঘন্টাৰ পথচোৱা আছিল প্ৰায় সমান আৰু পেন্দাম চাহ বাগিছাৰ মাজেদি তললৈ নামি যোৱা।কিন্তু তাৰ পিছৰ পৰাই আৰম্ভ হৈছিল কঠিন যাত্ৰা ,ক্ৰমান্নয়ে ওপৰলৈ। ইফালে সময় তেনেই সীমিত বিৰতি লোৱাৰ কোনো পশ্নই নাই। ঠায়ে ঠায়ে আমাৰ প্ৰশিক্ষক সকল ৰৈ আছিল আমাক উৎসাহ দিবলৈ । পানীকন খাবলৈ ৰোৱাৰ বাদে ৰবলৈ অবকাশে নাছিল। পেন্দাম চাহ বাগিছা পাৰ হৈ টাইগাৰ হিল যোৱা পথেৰে ওলাই দাৰ্জীলিংৰ মূল পথ চ’ৰাস্তা যেতিয়া পালো বুজি উঠিছিলো মানে মই বেচ কেম্প যাবপৰাকে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হলো। মনৰ ফুৰ্তিতে বাকিকন কেনেকে গলো নিজেই গম নাপালো। গৈ কেম্পাচত সোমাই দেখিলো ইতিমধ্যে আহি পোৱা সকলোৰে ৰুকচেকৰ ওজন কৰি আছে ছাৰ সকলে।নিৰধাৰিত সময়ত্কে আধা ঘন্টা আগতে গৈ পালো। হোস্টেলৰ কোঠাৰ আটাইকেইজনি যেতিয়া আহি লগ পালো আনন্দত চিঞৰি দিছিলো
‘হামনে কৰ লিয়া’। বিৰাত ভাল লাগিছিল সচাই সেইদিনা।দুজন সম্পুৰ্ন কৰিব পৰা নাছিল আমাৰ মাজৰে।বাকী সকলোৱে বেচ কেম্প তথা গ্লেচিয়াৰ ট্ৰেইনিংৰ বাবে নিজকে প্ৰস্তুত কৰি তোলাত ব্যস্ত হৈ পৰিলো। ( আগলৈ…..)