• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, January 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Adventure

হিমালয়া মাউণ্টেনিয়াৰিং ইনষ্টিটিউটলৈ মোৰ যাত্ৰাঃ (খন্ড -তিনি)

ৰুবী বৰা

by Anjan Sarma
December 21, 2021
in Adventure, Travel, Uncategorized
Reading Time: 2 mins read
0
হিমালয়া মাউণ্টেনিয়াৰিং ইনষ্টিটিউটলৈ মোৰ যাত্ৰাঃ  (খন্ড -তিনি)
Share on FacebookShare on TwitterShare on LinkedIn

–ৰুবী বৰা

RelatedPosts

তিৰুআন্নামলই ডায়েৰী

তিৰুআন্নামলই ডায়েৰী

January 6, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

December 11, 2025
Hornbill Festival OF NAGALAND

Hornbill Festival OF NAGALAND

December 3, 2025

২০১৯ ৰ জানুৱাৰীৰ শেষৰ ফালে আৱেদন কৰিছিলোঁ হিমালয়া মাউণ্টেনিয়াৰিং ইনষ্টিটিউট ,দাৰ্জিলিঙৰ অধীনত বেচিক মাউণ্টেনিয়াৰিং ক’ৰ্চৰ ২০২০ ৰ এপ্ৰিলৰ বেটছৰ বাবে, কাৰণ তাৰ আগত কোনো বেটছ খালী নাছিল। আনহাতে ”হিমালয়” শব্দটোৰ লগত মোৰ ইমানেই আৱেগ জড়িত হৈ আছে যে বাকী প্ৰতিষ্ঠানত আসন খালী থাকিলে মই ইয়াৰপৰাই প্ৰশিক্ষন ল’ম বুলি প্ৰতিজ্ঞা কৰি লৈছিলো মনতে। সৌভাগ্যক্ৰমে ২০১৯ ৰ নৱেম্বৰ- ডিচেম্বৰ বেটছত কোনোবা এজনে আৱেদন পত্ৰ উঠাই লোৱা বাবে সেই ঠাইত মোক সুমৱাই দিছিল। কনফাৰমেচন মেইলটো ফেৱ্ৰুৱাৰীৰ প্ৰথম সপ্তাহত পোৱাৰ পৰাই মোৰ গাত তত নাছিল। বহুদিনীয়া হেপাহ এটা, কিন্তু বিভিন্ন অসুবিধাৰ বাবে মই ইয়াক পূৰ কৰিব পৰা নাছিলোঁ। ফেব্ৰুৱাৰীৰ পৰা এটাই চিন্তা মোৰ কোনো ধৰণৰ বাধা যাতে নাহে। চাওঁতে চাওঁতে সেই সময় আহি পালেহি। অপেক্ষাৰ অন্ত পৰিল। তাৰ বাবে নিজক শাৰীৰিক মানসিক সকলো ফালৰ পৰা সাজু কৰি তুলিছিলোঁ। কাৰণ পৰ্বতাৰোহন কোনো ধেমালীতে কৰা খেল নহয়। ই দুঃসাহসিক ক্ৰিয়া। ইয়াৰ কাৰণে প্ৰয়োজন অসীম মানসিক শক্তি, পৰ্যাপ্ত পৰিমানৰ শাৰীৰিক শক্তি, সাহস আৰু প্ৰৱল ইচ্ছাশক্তিৰ। 

চেষ্টা কৰিছিলোঁ নিজক সকলোপ্ৰকাৰে সাজু কৰিবলৈ। 

হিমালয়া মাউণ্টেনিয়াৰিং ইনষ্টিটিউট ,দাৰ্জিলিং আৰু পদ্মজা নাইডু জুলজিকেল পাৰ্কৰ যুটিয়া গেটখনেদি সোমাই গৈছিলো । 

গুৱাহাটীত আই এচ বি টি ত গধুলী ৭:৩০ ত বাছত উঠিছিলোঁ চিলিগুৰিলৈ বুলি। চিলিগুৰি পালোঁ পিছদিনা পুৱা ৭:৪৫ ত। চিলিগুৰিৰ পৰা মনোমোহা পথেৰে ফুল আৰু পাহাৰৰ কাষে কাষে গৈ দাৰ্জিলিং পায়েই ৰুতি এখন খাই ইনষ্টিটিউট পালোহি ১১ টাত। 

অৱশেষত মই ইয়াত পালোহি । কিমান দিনৰ সপোন, জল্পনা কল্পনা মোৰ বেচিক মাউণ্টেনিয়াৰিং ক’চ ৰ বাবে। সোমাই অহা ক’লা টাইলচৰ গেটখন কতদিন যে সপোনত দেখিছো য’ত লিখা আছে ‘HIMALAYAN MOUNTAINEERING INSTITUTE DARJEELING’ । এজন পৰ্যটকক অনুৰোধ কৰি তাৰ তলতে উঠিছিলোঁ মোৰ সপোনৰ ফটোখন।

   পিছদিনা সকলোবোৰ আহি পাইছিল। ভিন ভিন ৰাজ্যৰ ভিন ভিন মানুহ। বিদেশৰ তিনিজনকে ধৰি মুঠ ৭৯ জন। ছোৱালী ১৫ জনী । গুৱাহাটীৰ বিশ্বজিত, বঙাইগাঁৱৰ চুইট আৰু মই মিলি আমি অসমৰ তিনিজন। বেছিভাগেই আছিল আৰ্মী, বায়ুসেনা, নৌসেনাৰ পৰা অহা। কিছুমান ছাত্ৰ ছাত্ৰী আহিছে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কুটাত, কিছুমান আহিছে এন.এছ.এছ. ৰ পৰা আৰু কিছুমান আহিছে যুৱ ক্ৰিয়া সঞ্চালকালয়ৰ ফালৰ পৰা। বাকী আমিবোৰ হ’লোঁ ব্যক্তিগত কুটাৰ। ভিন ভিন পেচাৰ ভিন ভিন মনৰ মানুহবোৰ আহি এইদৰে একগোট হোৱাৰ  কাৰণ এটাই পাহাৰ। প্ৰথমদিনা গধুলি ৫ টাত প্ৰথমটো ‘Fall In’ ত সকলো লগ হ’লোঁ। পিছদিনাৰ কাৰ্য্যসূচী আৰু তাৰ অনুশাসনৰ বিষয়ে চমু আভাষ এটা দিয়াৰ পিছত হোষ্টেলৰ কোঠাত আমাৰ পৰস্পৰৰ চিনাকী পৰ্ব আৰম্ভ হ’ল। আমাৰ কোঠাটোত পাঁচজনী। মই, মুম্বাইৰ তুলশী, ডেৰাডুনৰ পূৰ্বা, হাৰিয়ানাৰ শোভ্ৰা আৰু পুনেৰ  ইঞ্জিনিয়াৰিংৰ ছাত্ৰী চাৰা।

IMG 20191125 WA0021

   পিছদিনাৰ পুৱাৰ পৰা আৰম্ভ হৈছিল আমাৰ ‘বেচিক মাউণ্টেনিয়াৰিং ক’ৰ্চ’ ৰ কাৰ্য্যসূচী। পুৱা৫ টাত বেদ টি। ৫:৫০ ত ‘fall in’। অলপ শাৰীৰিক অনুশীলনৰ পিছত দৌৰিলোঁ প্ৰায় ৫ কি.মি.। আহি পুনৰ শাৰীৰিক ব্যায়াম। ৮ টাত পুৱাৰ আহাৰ। প্ৰথম দিনা পুৱাৰ আহাৰ খোৱাৰ পিছতে আমাক সকলোকে ১০ টা ৰ’পত ভাগ কৰা হ’ল। গোটবোৰক ৰ’প(Rope) বুলি কোৱা হয় ক্লাইম্বিংৰ কাৰনে ব্যৱহাৰ হোৱা ৰ’পক পৰ্বতাৰোহীৰ আয়ুস ৰেখা( Lifeline of a Mountaineer) বুলি কোৱা হয়। প্ৰতিটো ৰ’পত একোজনকৈ প্ৰশিক্ষক।৮ নম্বৰ ৰ’পত আলস্কাৰ জেদিন,জয়পুৰৰ আৰ্মীৰ কেপ্তেইন জয়ব্ৰত,মধ্যপ্ৰদেশৰ বায়ুসেনাৰ  আমন, কলকাতাৰ দিপক,কেৰেলাৰ ৰিনচদ, হাৰিয়ানাৰ আশীষ, গুৱাহাটীৰ বিশ্বজিত আৰু মই মিলি ৮ জন।আমাৰ প্ৰশিক্ষক লেখৰাজ চেত্ৰী ছাৰ।প্ৰশিক্ষক সকলৰ চিনাকীপৰ্বও লগতে হৈছিল। শুনিছিলোঁ নামৰ পিছত সংলগ্ন হোৱা তেখেতসকলৰ পৰ্বতাৰোহনৰ ক্ষেত্ৰখনত অৰ্জন কৰা সফলতাবোৰ ।এভাৰেষ্ট, মাকালো, চেভেন চামিতৰ দৰে অভিযানত উৰুৱাই অহা বিজয় ধ্বজাবোৰৰ কথা শুনিছিলোঁ তেওঁলোকৰ নামৰ পিছত আৰু নিজকে কোনোবা কল্পনাৰ জগতত থকাৰ দৰে লাগিছিল।

   প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা ২০২১ বৰ্ষৰ টেনজিং নৰ্গে সন্মানেৰে সন্মানিত কেপ্তেইন জয় কিচানে সামৰিক পোচাকেৰে সজ্জিত হৈ আদৰনী ভাষনত যিখিনি কথা গ’লে গোটেই জীৱনজুৰি কৰ্ণ কুহৰত প্ৰতিধ্বনি হৈ থাকিব। ইনষ্টিটিউটৰ চাৰিসীমাৰ ভিতৰত ক’ত কি আছে সকলোবোৰ দেখুওৱাব লৈ গৈছিল আমাক। পিছবেলা তিনিটা ক্লাছেৰে প্ৰথম দিনটো সামৰনি পৰিল। বহুবছৰৰ মুৰত এনেকে অনুশাষনৰ মাজত শ্ৰেনীকোঠাত বহীত লিখি খুৱ ভাল লাগিল। শ্ৰেণীকোঠাত ছাত্ৰৰ সংখ্যা যিমান চকী সিমান। কোনোবাই বাং মাৰিম ভাৱিলেও কোনো কাৰনতে সাৰি যাব নোৱাৰে। শ্ৰেনীকোঠাটো খুৱ ধুনীয়া। প্ৰজেক্টৰৰ সৈতে এখন ডাঙৰ পৰ্দা। পদিয়ামত সংলগ্ন কম্পিউটাৰত ছাৰ সকলে টোকাবোৰ দেখুৱাই লাউডস্পিকাৰৰ সহায়ত বুজায় যায়। তেওঁলোকৰ বুজোৱাৰ কৌশলবোৰ আকৰ্ষণীয়। 

 ইয়াত থকা কেইদিনৰ ভিতৰত পাঁচদিন ৰক ক্লাইম্বিং, দুদিন ট্ৰেকিং আছিল। ৰক ক্লাইম্বিংৰ বাবে ইনষ্টিটিতৰ পিছ গেটেদি প্ৰায় এক কি. মি. ট্ৰেকিং কৰি যাব লাগে। প্ৰথম দিনাই আমাক গাইপতি ৰোকচেক(পিঠিত লোৱা ৭০ লিটাৰৰ বেগ), হাৰনেচ( ক্লাইম্বিংৰ সময়ত ককালত পিন্ধি লোৱা সজুলি), হেলমেট, জুমাৰ, মিটনকে ধৰি ক্লাইম্বিংৰ সজুলিবোৰ  প্ৰতি ৰ’পত বিতৰন কৰি দিয়া হৈছিল।সকলোবোৰ লৈ আমি শাৰীপাতি গৈ উপস্থিত হওঁগে টেনজিং নৰগে’ ৰক ফিল্ডত। তালৈ যোৱাৰ আগত মই সেই ঠাইৰ ফটোবোৰ ইন্টাৰনেটৰ পৰা ডাউনলোড কৰি খুৱ চাই থাকোঁ।

সোশৰীৰে তাত গৈ ক্লাইম্বিং কৰি বিৰাত ভাল লাগিছিল। বতৰ ফৰকাল থাকিলে তাৰ পৰা কাঞ্চনজংঘাৰ নান্দনিক দৃশ্য দেখা পায়। ঠাইখন পৰ্যটকেৰে ভৰি থাকে। প্ৰতি  খোজতে ছাৰহঁতৰ পৰা  পোৱা শিক্ষা ,মৰম, অনুশাসন , সময়ে সময়ে কৰা ধেমালীবোৰে প্ৰশিক্ষন আৰু বেছি মনোৰম কৰি তুলিছিল। লগৰবোৰৰ লগত হোৱা কথা বতৰা, হাঁহি ধেমালীবোৰতো লাগিয়েই থাকে। বিভিন্নধৰণৰ নট (knot), কইলিং (coiling)ৰ লগতে ৰক ক্লাইম্বিংৰ প্ৰায় ১২ টামান কৌশল আমি শিকিলোঁ। কৰি থকাৰ মাজতে চাহ বিস্কুত দিয়ে। কোনে কাৰ গিলাছত, কিমানজনে একেটা গিলাছতে খাঁও হিচাপ নাই। মুঠতে খাব পালেই হ’ল। তাৰ পৰা ঘুৰি আহি দুপৰিয়াৰ ভাত খাই আকৌ ক্লাছ থাকে। এটা কৰি উঠি পৰ্বতাৰোহনৰ চলচিত্ৰ দৰ্শনী হয় তাৰ পিছত আকৌ ক্লাছ। কিবাকে ৭ টাত শেষ কৰি ৰাতিৰ আহাৰ। তাৰ পিছতে আৰম্ভ হয় ‘ আমাৰ সময়’ । ৰসাল আড্ডা, অন্তাক্ষৰী, দম চৰাজ, আৰু নৃত্যানুষ্ঠান ‘আমাৰ সময়’ৰ অন্তৰ্গত।

পুৱা শাৰীৰিক অনুশীলনৰ লগতে যোগ ব্যায়ামো অন্তৰ্ভুক্ত আছিল। যোগাসন থকাৰ দিনা কম দৌৰিব লাগে সেয়ে খুৱ ভাল পাইছিলোঁ যোগ থকাৰ দিনা।  দুদিন ৰক ক্লাইম্বিং কৰাৰ পিছত তৃতীয়দিনা আমি গৈছিলোঁ টাইগাৰ হিল ট্ৰেকিং। অহাযোৱা ১৬ কি.মি.। দাৰ্জিলিংত য’ৰ পৰা দাৰ্জিলিংৰ  প্ৰথম সুৰ্যোদয়ৰ মনোমোহা  দশ্য চাবলৈ বুলি সকলোৱে ঢাপলি মেলে আমাক সেইখিনি ঠাইলৈকে নিয়া হৈছিল।

তাৰ দুদিন পিছত আছিল আমাৰ শাৰিৰীক সক্ষমতাৰ পৰীক্ষা পেনদাম টি ট্ৰেক। পৰীক্ষাৰ নিয়ম আছিল পিঠৰ বেগৰ ওজন ১২ কে.জি.ৰ ওপৰত হ’ব লাগিব, অহা যোৱা ১৪ কি.মি. ৩ঘন্টা ৩০ মিনিটত সম্পূৰ্ণ হ’ব লাগিব।

আগদিনা ৰাতিয়ে ওজন কৰি থোৱা ৰুকচেকবোৰ পিঠিত লৈ ৰাতিপুৱা কাটা ৭ টাত আৰম্ভ হল আমাৰ যাত্ৰা।প্ৰথম এঘন্টাৰ পথচোৱা আছিল প্ৰায় সমান আৰু পেন্দাম চাহ বাগিছাৰ মাজেদি তললৈ নামি যোৱা।কিন্তু তাৰ পিছৰ পৰাই আৰম্ভ হৈছিল কঠিন যাত্ৰা ,ক্ৰমান্নয়ে ওপৰলৈ। ইফালে সময় তেনেই সীমিত বিৰতি লোৱাৰ কোনো পশ্নই নাই। ঠায়ে ঠায়ে আমাৰ প্ৰশিক্ষক সকল ৰৈ আছিল আমাক  উৎসাহ দিবলৈ । পানীকন খাবলৈ ৰোৱাৰ বাদে ৰবলৈ অবকাশে নাছিল। পেন্দাম চাহ বাগিছা পাৰ হৈ টাইগাৰ হিল যোৱা পথেৰে ওলাই দাৰ্জীলিংৰ মূল পথ  চ’ৰাস্তা যেতিয়া পালো বুজি  উঠিছিলো মানে মই বেচ কেম্প যাবপৰাকে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হলো। মনৰ ফুৰ্তিতে বাকিকন কেনেকে গলো নিজেই গম নাপালো। গৈ কেম্পাচত  সোমাই দেখিলো ইতিমধ্যে আহি পোৱা সকলোৰে ৰুকচেকৰ ওজন কৰি আছে ছাৰ সকলে।নিৰধাৰিত সময়ত্কে আধা ঘন্টা আগতে গৈ পালো। হোস্টেলৰ কোঠাৰ আটাইকেইজনি যেতিয়া আহি লগ পালো আনন্দত চিঞৰি দিছিলো

‘হামনে কৰ লিয়া’। বিৰাত ভাল লাগিছিল সচাই সেইদিনা।দুজন সম্পুৰ্ন কৰিব পৰা নাছিল আমাৰ মাজৰে।বাকী সকলোৱে বেচ কেম্প তথা গ্লেচিয়াৰ ট্ৰেইনিংৰ বাবে নিজকে প্ৰস্তুত কৰি তোলাত ব্যস্ত হৈ পৰিলো। ( আগলৈ…..)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

তিৰুআন্নামলই ডায়েৰী
Travel

তিৰুআন্নামলই ডায়েৰী

by Editor
January 6, 2026
0

তিৰুআন্নামলই ডায়েৰী অনিতা নাথ তিৰুআন্নামলই... তামিল নাডুৰ এখন চহৰ তিৰুআন্নামলই। বিশেষভাৱে প্ৰসিদ্ধ তাত থকা অতি পবিত্ৰ পাহাৰ "অৰুণাচলা", "অৰুণাচলেশ্বৰ মন্দিৰ"...

Read moreDetails
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

December 11, 2025
Hornbill Festival OF NAGALAND

Hornbill Festival OF NAGALAND

December 3, 2025
blue and white abstract painting

মন্ডাৰমণিৰ জোৱাৰ-ভাটা

October 6, 2025
WHEN AFRICA TURNS WHITE: Lesotho’s Winter Wonderland in the Heart of Africa

WHEN AFRICA TURNS WHITE: Lesotho’s Winter Wonderland in the Heart of Africa

August 13, 2025
woman in black bikini walking on beach

Goa in the Monsoon

July 27, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

Iran Protests: Why has fear finally failed in Iran’s 2026 Nationwide Protests?

January 19, 2026
Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

January 19, 2026
It’s Time the World Walked Together for Survival

It’s Time the World Walked Together for Survival

January 19, 2026
অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

January 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    20525 shares
    Share 8210 Tweet 5131
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    9734 shares
    Share 3894 Tweet 2434
  • Latest COVID data confirm infections have risen globally

    1760 shares
    Share 704 Tweet 440
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3045 shares
    Share 1218 Tweet 761
  • কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

    224 shares
    Share 90 Tweet 56
  • Jesus Christ: Looking through the Lens of History

    102 shares
    Share 41 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3369 shares
    Share 1348 Tweet 842
  • Dr Purnima Devi Barman Among Mad Over Marketing’s Most Impactful Women of 2025

    90 shares
    Share 36 Tweet 23
  • Deliceto: a village as a living being

    84 shares
    Share 34 Tweet 21
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3462 shares
    Share 1385 Tweet 866
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d