• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, February 4, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

খাদ্যৰ বিষয়ে কথা-বতৰা

-ডা° সুকৃতি চৌধুৰী

by Admin
June 21, 2021
in food, Special Report
Reading Time: 3 mins read
0
person eating breakfast

Photo by MART PRODUCTION on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-ডা° সুকৃতি চৌধুৰী |

সুস্বাস্থ্যৰ সৈতে খাদ্যৰ এৰাব নোৱাৰা সম্পৰ্ক ৷ আমি কি খাম আৰু কেনেকৈ খাম, আহকচোন আজি এই বিষয়ে অলপ কথা পাতো :-

RelatedPosts

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

February 4, 2023
হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

February 4, 2023
VKIC Sanmaan 2023 awarded

VKIC Sanmaan 2023 awarded

February 3, 2023

(ক) সদায়েই ঘৰত ৰন্ধা খাদ্য খোৱাত গুৰুত্ব দিয়কঃ

(১) ঘৰত ৰান্ধি খোৱা খাদ্য বাহিৰৰ খাদ্য (যেনে–ৰেষ্টুৰেন্ট, ডাব্বাৱালা, অনলাইন খাদ্য যোগান দিয়া কোম্পানী আদি )তকৈ সকলো দিশেৰে গুণকাৰী ৷ আপোনাৰ ঘৰৰ খাদ্যত অনাৱশ্যক কেলৰি আৰু সেইসমূহ ক্ষতিকাৰক উপাদান নেথাকে, যিবোৰ বাহিৰৰ খাদ্যত মিলাই দিয়ে ৷ জিভাৰ সোৱাদ পাব পাৰে, কিন্ত ই আপোনাৰ শৰীৰৰ অভাৱনীয় ক্ষতি কৰে ৷ এই কথা সচাঁ আপুনি অস্বীকাৰ কৰিব নোৱাৰে যে আপুনি যি খাদ্য ঘৰত বনাই খাব তাত কেতিয়াও ক্ষতিকাৰক বস্তু মিহলি নকৰে আৰু সঠিক পৰিমাণৰ পোষকদ্ৰব্য থাকিব, যিটো আপুনি বাহিৰৰ খাদ্যত আশা কৰিব নোৱাৰে ৷

(২) খৰচৰ দিশৰ পৰাও ঘৰৰ খাদ্য আপোনাৰ ‘pocket friendly’ ; মানে আপুনি একে খাদ্য ঘৰত বনাই বহুত কম খৰচত খাব পাৰিব যাৰ মূল্য বাহিৰৰ পৰা মগাই খালে কমপক্ষেও ৫-৬ গুণ বেছি ৷ আপুনি যি খাদ্য ঘৰত বনাই খাওতে ১০০ ৰ পৰা ১৫০ টকামান পৰে, সেই খাদ্য বাহিৰৰ পৰা অনাই খালে কমপক্ষেও ৬০০ ৰ পৰা ৭০০  টকা পৰিব ৷

(৩) ঘৰত বনাই খালে খাদ্যৰ উপাদান সমূহৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ থাকে ৷ মানে কি কি খাদ্য পদাৰ্থৰে আপোনাৰ আহাৰ তৈয়াৰ কৰা হৈছে সেয়া আপোনাৰ নিয়ন্ত্ৰণত থাকে ৷ কিন্ত বাহিৰৰ খাদ্যত আহাৰৰ লগত কি কি খাদ্যপদাৰ্থ মিহলোৱা হৈছে  তাৰ ওপৰত আপোনাৰ কোনো নিয়ন্ত্ৰণ নেথাকে ৷ বাহিৰৰ খাদ্যত বিভিন্ন ধৰনৰ সোৱাদ থাকে, কিন্ত শৰীৰৰ বাবে ক্ষতিকাৰক পদাৰ্থ আপোনাৰ খাদ্যৰ লগত মিহলোৱা থাকে , যাৰ ওপৰত নিয়ন্ত্ৰণ কেৱল ৰেষ্টুৰেণ্ট বা খাদ্য যোগনীয়াৰ কোম্পানীৰ হে থাকে ৷ গাঠিৰ ধন ভাঙি উচ্চ হাৰত দাম ভৰি অইনক আপোনাৰ শৰীৰত ক্ষতিকাৰক খাদ্য-পদাৰ্থ   বিয়পাই দিবলৈ দিব জানো ?

(খ) পাচলিৰ বজাৰৰ পৰা কি কি আনিব ?

        পাচলিৰ বজাৰলৈ ওলাইছে নে কি ? প্ৰথমেই লগত উপযুক্ত মোনা লওঁক ৷ বাদ দিয়কচোন প্লাষ্টিকৰ ঠোঙাৰ ব্যৱহাৰ ৷ প্লাষ্টিকৰ ঠোঙাৰ ব্যৱহাৰ আমাৰ সকলোৰে বাবেই বৰ ক্ষতিকাৰক ৷ এতিয়া কোনবোৰ বস্তু আপোনাৰ বজাৰৰ পৰা আপোনাৰ দ্বাৰা ক্ৰয় হৈ মোনাত সোমাই আপোনাৰ ঘৰ পালে উপকাৰত আহে তাৰ বিষয়ে কথা পাতিম —

(১) বিলাহী

—————–

     আপুনি জানেনে এটা সৰু বিলাহীয়েও আপোনাৰ কলেষ্টৰেল (Cholesterol) কমোৱাত যাদুৰ দৰে কাম কৰে ? বিশেষকৈ যদি সৰু সৰু বিলাহীবিধ পায় তেনে হ’লে কথাই নাই ৷ কণ বিলাহী বুলিও যে কয়, সৰু সৰু আকাৰৰ বিলাহীবোৰে ডাঙৰ আকাৰৰ বিলাহীতকৈ ১০ গুণ অধিক কলেষ্টৰেল (Cholesterol) নিয়ন্ত্ৰণত ৰাখে ৷ বিলাহীত থকা ‘Lycopene’  বোলা হাইড’কাৰ্বন বিধে ক্ষতিকাৰক কলেষ্টৰেল কম কৰি ৰখাত সহায় কৰে ৷

(২) পাচলিৰ সমানেই কিনক ফল

———

       পাচলিৰ বজাৰলৈ আহিছে যেতিয়া ফলমূলৰ দোকান কেইখন দেখিও নেদেখাৰ ভাওঁ জুৰি আগবাঢ়ি নেযাবচোন ৷ ‘USDA’  ৰ সমীক্ষাত এই কথা প্ৰমাণ হৈছে যে পাচলিতকৈও ফলমূলতহে আপোনাৰ বাবে প্ৰয়োজনীয় ‘anti-oxidant’ সৰ্বাধিক পৰিমাণে থাকে ৷ পকা কলৰ দৰে দুই এবিধ ফলে তেজ শৰ্কৰাৰ পৰিমাণ বঢ়োৱাৰ বাদে আনবোৰ ফলমূল ‘low or moderately glycaemic’ বুলি প্ৰমাণিত ৷ ফলমূল আপোনাৰ বাবে বহুত উপকাৰী ৷ সেয়ে যিমান পৰিমাণ পাচলি ল’ব সম পৰিমাণৰ ফলমূলো বজাৰৰ পৰা কিনিব বুলি ভাবি যাওঁক ৷

(৩) গাজৰ : পেকেট নহয় কিনক বাকলিৰ সৈতে

———-

       আজিকালি ‘মল'(Mall) আদিত গাজৰৰ দৰে কেতবোৰ পাচলি পেকেটত পায় ৷ কিন্ত বাকলি গুচাই সৰু সৰু টুকুৰা কৰি কাটি পেকেটত বিক্ৰী কৰা পাচলিৰ পোষক দ্ৰব্য নষ্ট হৈ যায় ৷ পেকেটত পোৱা পাচলিত সোণকালে বেয়া নোহোৱা ৰাসায়নিক দ্ৰব্যও ব্যৱহাৰ কৰাৰ পুৰ্ণ সম্ভাৱনা থাকে ৷ গাজৰৰ বাকলিত যথেষ্ট পোষক দ্ৰব্য থাকে ৷ সেয়ে ইয়াৰ বাকলি গুচাই খোৱাৰ চিধা অৰ্থ হ’ল আপুনি অনাহকতে পোষকদ্ৰব্য খিনি নেখাই পেলাই দিলে ৷ গাজৰ কিনিবলৈ যাওঁতে সদায় গাঢ় ৰঙৰ কিনক ৷ ইয়াত ‘phytochemicals’ বেছি থাকে ৷

(৪) পিয়াজ কোনবোৰ ভাল?

————-

    চকুত বৰকৈ ধৰা, নাক জমজমাই যোৱা পিয়াজ বোৰেই স্বাস্থ্যৰ পক্ষে উপকাৰী ৷ কেৱল সিদ্ধ কৰি দিয়াৰ বাদে সকলো ধৰণৰ ৰন্ধন পদ্ধতিতেই এনে পিয়াজৰ গুণাগুণ একেই থাকে ৷ অলপ বগা ধৰণৰ ডাঙৰ চাইজৰ চকুত কমকৈ ধৰা পিয়াজ যে গোল গোল কৈ কাটি ৰেষ্টুৰেণ্টত চালাদৰ লগত দিয়ে, এইবিলাক আপোনাৰ পেটলৈ পঠোৱাতকৈ  ডাষ্টবিনতে পেলাই দিয়ক ৷ চকু পোৰণি উঠা নাক জমজমাই যোৱা ৰঙচুৱা উগ্ৰ গোন্ধৰ পিয়াজৰ গুণাগুণ ডাঙৰ চাইজৰ বগা চানেকীয়া  চকুত কমকৈ ধৰা পিয়াজতকৈ আঠ গুণ বেছি ৷

(৫) সেউজীয়া পালেং আৰু লেটুচ (Lettuce)

————-

    সেই যে ‘মহাবাহু’ত মোৰ আত্মজীৱনীমূলক টোকাত লিখিছিলো – মই মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত গোটেই কেইটা বিষয়তে লেটাৰ পাইছিলো যদিও অসমীয়া বিষয়ত এবাৰ দুই নম্বৰ আৰু এবাৰ তিনি নম্বৰ কম হোৱাৰ বাবেই লেটাৰ পোৱা নাছিলো ৷ বৰ আচৰিত কথাটো হ’ল যে ‘ষ্টেণ্ড’ কৰা শেষজন কীৰ্তিমান ছাত্ৰ/ছাত্ৰীতকৈ মোৰ এবাৰ দুই আৰু এবাৰ তিনি নম্বৰ কম হৈছিল ৷ মানে আৰু দুই / তিনি নম্বৰ পালেই মইয়ো স্থান প্ৰাপ্তৰ তালিকাত সোমালো হয় ৷ সেই পাৰ কৰি অহা সময়ত মোৰ অপৰিপক্ব মগজুৰে মই যিয়েই নেভাবো কিয় বা যাকেই দোষ নিদিও কিয়, আজি অনুভৱ কৰিছো, মই আচলতে সচাঁকৈয়ে অসমীয়া বিষয়টোত দুৰ্বল আছিলো ৷ নহ’লেনো ‘Lettuce’ ৰ অসমীয়া কি নাজানো নে ? বা আন কেতবোৰ কথা অসমীয়াত প্ৰকাশ কৰিব নোৱাৰি চিধাই ইংৰাজীত লিখিব লগাত পৰো নে ? বানানৰতো কথাই নকওঁ  ৷ যি কি নহওঁক, পালেং আৰু লেটুচ শাক ননাকৈ নেথাকিব ৷ দোকানীয়ে ছিঙি বিক্ৰী কৰা এইবোৰৰ পাত নানিব ৷ গোটেই মুঠিটোয়েই কিনক ৷ পিছে ৰন্ধাৰ আগতে ভালদৰে ধুবলৈ নেপাহৰিব ৷

(৬) ৰঙালাও

————

           ৰঙালাওক সাধাৰণ পাচলি বুলি অৱহেলা নকৰিব ৷ ৰঙালাওত উচ্চ পৰিমাণে পোষক দ্ৰব্য, যেনে –অসংপৃক্ত চৰ্বি, ‘anti-oxidant’ আৰু ফাইবাৰ থাকে ৷ ইয়াৰ বাদেও ইয়াত beta-carotene আৰু ভিটামিন থাকে ৷ এই পৌষ্টিক দ্ৰব্য সমূহ আপোনাৰ বাবে কিমান উপকাৰী হ’ব পাৰে ব্যাখ্যা নিস্প্ৰয়োজন ৷

(৭) সৰিয়হ জাতীয় উদ্ভিদ (Brassica family) ৰ মাজৰ পৰা কোনো এবিধ  নিশ্চয় কিনক ৷ যেনে –বন্ধাকবি / ফুলকবি /চালগোম আদি ৷

(৮) টেঙা খায় নে ? নেমু, কমলা, ৰবাব টেঙা, জৰা টেঙা ….সলাই সলাই বেলেগ বেলেগ টেঙা আনি থাকিব খাবলৈ ৷

      ইয়াৰ বাদে সকলো ধৰনৰ সেউজীয়া শাক-পাচলিয়েই খাব যিবোৰ আপোনাৰ থকা ঠাইত পোৱা যায় ৷ কিন্ত পাচলিৰ সমানেই বিভিন্ন ধৰনৰ ফলমূল খাবলৈ নেৰিব ৷

     সদায় সতেজ পাচলিহে আনিব ৷ লাগে দুপইচা বেছি লওঁক ৷

         মলমলীয়া গোন্ধ ভাহি অহা মচলাৰ দোকান কেইখনৰ ফালে কিয় চাই আছে ? অকনমাণ কিনক বাৰু ৷ কিন্ত একদমেই অকণমান ৷ ইয়াক শীতল আৰু অন্ধকাৰ ঠাইত (cool and dark place) ৰাখিলে গুণাগুণ বৰ্তি থাকে ৷

(গ) খাদ্য আৰু বেক্টেৰিয়া

========

       কেৱল মাইক্ৰ’স্কোপতহে ধৰা পৰা অণুজীৱ কেতবোৰো আপোনাৰ খাদ্যৰ উপাদান হ’ব পাৰে ৷ ‘Fermented’ খাদ্যত যথেষ্ট পৰিমাণৰ ভিটামিন ‘B complex’ পোৱা যায় যি আপোনাৰ বাবে উপকাৰী ৷ দক্ষিণ ভাৰতীয় খাদ্য – ইদলী, দোচা, দৈৰ ঘোল আদিৰ লগতে খাদ্য হিচাপে ব্যৱহৃত টফু , ‘soya dishes’ আদিও এই ক্ষেত্ৰত উপযুক্ত ৷ অসমীয়া খাদ্য কি কি ‘fermented food’ ৰ তালিকাত সোমাব সেয়া আপুনিয়েই কওকচোন ৷

(ঘ) মাংস নে মাছ ?

======

            আজিকালি ব্ৰইলাৰ মুৰ্গীৰ  মঙহ বাঢ়িবলৈ আৰু সোণকালে ডাঙৰ হ’বলৈ বিভিন্ন প্ৰকাৰৰ ঔষধ প্ৰয়োগ কৰে ৷ বিশেষকৈ মুৰ্গীৰ ওপৰত ‘tetracyclines’, ‘fluoroquinones’ আৰু ‘neomycin’ আদি ‘antibiotics’ ৰ বহুল পৰিমাণে ব্যৱহাৰ কৰা দেখা যায় ৷ এইবিলাক ব্ৰয়লাৰ /মুৰ্গীৰ মাংস খোৱাৰ অৰ্থ হ’ল আপুনি ‘antibiotics’ ঔষধবোৰো খাই আছে ৷ ই এটা সময়ত আপোনাৰ মাৰাত্মক ক্ষতি কৰিব ৷ সেয়ে ঘৰত সাধাৰণভাৱে পালিত মুৰ্গী হে খাব ৷ বজাৰত বিক্ৰী কৰা ব্ৰইলাৰ/ মুৰ্গীৰ সৰহভাগেই ঔষধযুক্ত ৷

আনহাতে ছাগলীৰ মাংস অনেক কাৰণতেই স্বাস্থ্যৰ পক্ষে ভাল নহয় বুলি আপুনি জানেই নিশ্চয় ৷ বিশেষকৈ ‘red meat’ ৰ ভিতৰত পৰা সকলো মাংসই পৰাপক্ষত বৰ্জনীয় ৷

সেয়ে মঙহৰ সলনি মাছ খাবলৈ লওকচোন। অসমীয়া মানুহৰ  সৰু সৰু থলুৱা মাছৰ টেঙা তৰকাৰী খনৰ দৰে সোৱাদযুক্ত আৰু গুণসম্পন্ন মাছৰ ‘dish’ চাগৈ এই পৃথিৱীত আন নাই ৷ আপোনাৰ যিমানেই লোভ নেলাগক কিয়, মাছৰ বেপাৰীয়ে যিমানেই দাম কমাই নেবেচক কিয়, “চালানী মাছ ” নেখাব ৷ চালানী মাছ গেলি নেযাবলৈ এনে মাৰাত্মক ঔষধৰ ইনজেকচন দিয়ে যে ই আপোনাৰ কিডনি বিকল কৰিব পাৰে, কেন্সাৰ হ’ব পাৰে বা আন বহুতো ৰোগ হ’ব পাৰে ৷ লাগে নিৰামিষ খাব,  কিন্ত চালানী মাছ নেখাব ৷

(ঙ) খাদ্য আৰু ডায়েটিংঃ

=======

       আপুনি যদি উচিত খাদ্য সঠিক নিয়মে খায় তেনেহ’লে বেলেগে ডায়েটিং কৰাৰ দৰকাৰেই নপৰে ৷ কম কম কৈ (small meals) খাব, লাগে কেইবাবাৰো খাব ৷ যিবোৰ খাদ্য আপুনি ভালদৰে হজম কৰিব পাৰে সেয়াই আপোনাৰ বাবে উপযুক্ত খাদ্য।নিশা আঠ বজাৰ আগতেই ৰাতিৰ আহাৰ খাব লাগে ৷ আহাৰ লাহে লাহে চোবাই খোৱা,  আহাৰ খাই উঠি ব্যায়াম নকৰা -কিন্ত পাৰিলে লাহে লাহে ১২০ বাৰমান  খোজ কাঢ়া/বজ্ৰাসন কৰি বহা আদি পুৰণি উপদেশবোৰৰ যুক্তিযুক্ততা আছে ৷ ‘ইউটিউব’ত খুচৰি অভিনেতা অক্ষয় কুমাৰ বা যোগগুৰু ৰামদেৱৰ এই সম্পৰ্কীয় কথাবোৰ শুনিব পাৰে ৷

তেল-মচলাৰ আধিক্য আৰু ভজা-পোৰা কিমান পাৰে কমাই খাব ৷

(চ) সতেজ আহাৰ খাওঁকঃ

=======

     অকনমাণ কষ্ট হ’ব আপোনাৰ ৷ তথাপিও প্ৰত্যেকবাৰ খাওঁতে নতুনকৈ বনাইহে খাব ৷ ফ্ৰীজত থৈ পিছত গৰম কৰি খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক ৷ নিজৰ বাবে এইকণ কষ্ট নকৰিব নে ?

উপসংহাৰঃ

====

    মই জীৱনৰ এটা বৰ দীঘলীয়া সময়জুৰি কেৱল হোষ্টেলৰ ৰান্ধনীয়ে বনোৱা গুণাগুণ শূন্য বিস্বাদ খাদ্যকেই খাই আহিছিলো ৷ আনকি পৰীক্ষাৰ পিছৰ ব্ৰেক বোৰতেই হওঁক বা বিহু-পুজাৰ বন্ধতেই হওঁক ৷ বিহু-পুজা আদিত হোষ্টেলৰ মেচ বন্ধ হৈ গ’লে আন ক’ৰবাৰ পৰা টকাৰ বিনিময়ত খাদ্যৰ যোগান ল’ব লগাত পৰিছিলো ৷ মোৰ আন একো উপায় নাছিল ৷ এনেদৰে খাই মোৰ কি ক্ষতি হ’ল সেয়া আজি বৰ্ণনা কৰিব নোখোজো ৷ চাকৰিত সোমোৱাৰ পিছত এগৰাকী ৰান্ধনীয়ে ভাত বনাইছিল যদিও ‘লক-ডাউন’ৰ বাবে তেওঁৰ অহা বন্ধ হ’ল আৰু নিজেই বনাই খাবলৈ আৰম্ভ কৰিলো ৷ যি দেখিছো হাজাৰ ব্যস্ততাৰ মাজতো নিজেই বনাই খোৱাৰ যি সোৱাদ আৰু উপকাৰীতা সেয়া আন ক’তো নাই ৷৷

          মই বহুত ক’লো ৷ এইবাৰ আপোনাৰ পাল ৷ কওকচোন —–

(ক) আপোনাৰ প্ৰিয় খাদ্য কি ?

(খ) স্বাস্থ্যৰ বাবে উপকাৰী খাদ্য মানে আপুনি কি ভাবে ??

আপোনাৰ উত্তৰলৈ বাট চাই থাকি এতিয়া একাপ কফি খাওঁ দেই ৷ ধন্যবাদ

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: খাদ্য
Admin

Admin

Related Posts

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   
Economy

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

by Admin
February 4, 2023
0

Hindenburg Research report on Adani KAKALI DAS Adani Have you ever played Jenga? If yes, then you must know how...

Read more
হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

February 4, 2023
VKIC Sanmaan 2023 awarded

VKIC Sanmaan 2023 awarded

February 3, 2023
Hate Speech: Turning the tide

Hate Speech: Turning the tide

February 1, 2023
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
Indian Spirituality: Why is the West fond of it?

Indian Spirituality: Why is the West fond of it?

January 30, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 4, 2023
Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

February 4, 2023
হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

February 4, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

February 4, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    449 shares
    Share 180 Tweet 112
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    236 shares
    Share 94 Tweet 59
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    83 shares
    Share 33 Tweet 21
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    68 shares
    Share 27 Tweet 17
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    59 shares
    Share 24 Tweet 15
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    89 shares
    Share 36 Tweet 22
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • কমতাপুৰ ধ্বংস কাব্য

    75 shares
    Share 30 Tweet 19
  • “মে ডাম মে ফী “– এটি দৃষ্টি …

    51 shares
    Share 20 Tweet 13
  • সাম্প্ৰতিক অসমীয়া সংবাদ মাধ্যম

    48 shares
    Share 19 Tweet 12
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: