• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, January 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Indigenous Peoples

খিলঞ্জীয়াৰ নাগৰিকপঞ্জী !

ASSAMESE SECTION / Indigenous Peoples / Assam

by Anjan Sarma
September 5, 2025
in Indigenous Peoples, ASSAMESE SECTION, Justice, Opinion, Politics
Reading Time: 6 mins read
0
খিলঞ্জীয়াৰ নাগৰিকপঞ্জী !
Share on FacebookShare on TwitterShare on LinkedIn

খিলঞ্জীয়াৰ নাগৰিকপঞ্জী !

  অঞ্জন শৰ্মা

Anjan Sarma
  অঞ্জন শৰ্মা
[এই লেখাটো ৭ বছৰ আগৰ, অৰ্থাৎ ২০১৮ চনৰ ২০ আগষ্ট তাৰিখৰ। লেখাটো সেইসময়ত অসমীয়া দৈনিক বাতৰি কাকততো প্ৰকাশ হৈছিল। এগৰাকী বন্ধুৰ অনুৰোধ মৰ্মে মহাবাহুত প্ৰকাশ কৰা হ’ল। পাঠকসকলে যেন ২০১৮ চনলৈ উভতি গৈ এই লেখাটো পাঠ কৰে – তাৰবাবে অনুৰোধ জনালোঁ ]

প্ৰাচীন কামৰূপৰ ৰজা নৰকাসুৰ/ভগদত্তৰ দেশখনৰ সীমা বৰ্তমানৰ উত্তৰ-বংগৰ পৰা বৰ্তমানৰ বাংলাদেশ-পশ্চিমবঙ্গ পৰ্যন্ত বিস্তৃত হৈ থকাৰ সময়তে, আৰু পিছলৈও, ভাস্কৰবৰ্মাৰ কালছোৱাৰ আগে-পিছেও উত্তৰ-ভাৰতৰ পৰা কিছুসংখ্যক আৰ্যৰ প্ৰব্ৰজন প্ৰাচীন কামৰূপলৈ হৈছিল বুলি পুথি-পাঁজিত পোৱা যায়।

খিলঞ্জীয়াৰ নাগৰিকপঞ্জী !
প্ৰাচীন কামৰূপৰেই এসময়ৰ এক অংশ সৌমাৰ( ‘টাইজাতীয় আহোমৰ ৰাজত্বৰ পূৰ্বে এই খন্ড বৰাহী, মটক আৰু মৰাণ জাতিৰ তলত আছিল’)লৈ উল্লেখযোগ্য প্ৰব্ৰজন হৈছিল ৰজা নৰকাসুৰ-ভগদত্ত-ভাস্কৰবৰ্মাৰ সময়ক্ৰমৰ বহু বছৰৰ পিছত ১২২৮ চনত – যেতিয়া আহোমসকলৰ প্ৰব্ৰজন হৈছিল।

পিছলৈ আহোমে ব্ৰহ্মপুত্ৰ উপত্যকাত ৬০০ বছৰ ৰাজত্ব কৰা সময়ত ‘ভাৰত’ বা ‘তামাম হিন্দুস্থান’ৰ শ্বাহেনশ্বাহৰ সৈন‍্যবাহিনীৰ সৈতে, আৰু বঙ্গৰ শাসকৰ সৈন‍্যবাহিনীৰ সৈতে সংঘটিত হোৱা যুদ্ধ-বিগ্ৰহৰ সময়ত বন্দী হোৱা কিছুসংখ্যক মুছলমান সৈন‍্যইও পিছলৈ অসমতেই থাকি অসমৰেই নিগাজী বাসিন্দা হৈ পৰিছিল আৰু অসমৰ খিলঞ্জীয়া সকলৰ সৈতে একেদৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অংশ হৈ পৰিছিল।

পৌৰাণিক কালৰ পৰা হোৱা তেনে প্ৰব্ৰজনৰ বিশেষ প্ৰাৱল‍্য নাছিল আৰু সেই প্ৰব্ৰজনকাৰীসকলে প্ৰাচীন কামৰূপৰ জনগাথনিত প্ৰভাৱ পেলোৱাৰ সলনি ব্ৰহ্মপুত্ৰৰ পানী-কামৰূপৰ মাটি-প্ৰাগজ্যোতিষপুৰৰ বতাহৰ সৈতে একাত্ম হৈ পৰিছিল। এক বিশেষ প্ৰকাৰৰ গভীৰ প্ৰভাৱ বিস্তাৰ কৰা প্ৰব্ৰজন আৰম্ভ হৈছিল ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখৰ পিছৰ পৰা, অৰ্থাৎ ইয়ান্ডাবু সন্ধি স্বাক্ষৰিত হোৱাৰ পিছৰ পৰা।

RelatedPosts

selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026
“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

January 17, 2026

সেই বিশেষ-ব‍্যাপক প্ৰব্ৰজনে আমাৰ এই মুলুকত ভয়ংকৰ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছিল।

আমি তেনে প্ৰব্ৰজনক ৫ ভাগত ভগাব পাৰো, যেনে–(১) ইংৰাজে অসমত স্থাপন কৰা চাহবাগিচাসমূহত কাম কৰিবলৈ অনা ‘কুলি’ৰ প্ৰব্ৰজন, (২) পূব-বঙ্গৰ পৰা অনা আৰু অনিমন্ত্ৰিতভাৱে অহা মুছলমান প্ৰব্ৰজনকাৰী (মূলতঃ খেতিৰ সৈতে জড়িত), (৩) বঙ্গৰ পৰা অহা বঙালী হিন্দু প্ৰব্ৰজনকাৰী (মূলতঃ কেৰাণী, মহৰী, ইত্যাদি), (৪) নেপালী প্ৰব্ৰজনকাৰী, (৫) ‘হিন্দুস্থানী’ বা ‘ভাৰতীয়’ বা ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা অসমলৈ অহা প্ৰব্ৰজনকাৰী।

ইয়াৰ বিপৰীতে, অসমৰ পৰা পূব-বঙ্গ বা বঙ্গ বা ভাৰতবৰ্ষলৈ হোৱা প্ৰব্ৰজন আছিল এপাচি শাকত এটা মাথো জালুকৰ দৰেই। ১৯৫১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি ১৯৩১ চনত অসমৰ পৰা ৭৩২২৩ জন লোকে ভাৰতলৈ প্ৰব্ৰজন কৰিছিল আৰু তাৰে বুজন পৰিমাণৰ প্ৰব্ৰজনকাৰী আছিল চাহ-শ্ৰমিক তথা তেওলোকৰেই সতি-সন্তান; অৰ্থাৎ, এইসকল প্ৰাচীন কামৰূপ-কমতা বা অসমৰ খিলঞ্জীয়া নাছিল।

১৯৫১ চনত অসমৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰা লোকৰ সংখ্যা আছিল ৪৫৯৮৬ জন, আৰু এওঁলোকৰ ৭২% লোকে থিতাপি লৈছিল কাষৰীয়া মণিপুৰ, ত্ৰিপুৰা, পশ্চিমবঙ্গত (১৯৫১ চনৰ লোকপিয়ল দ্ৰষ্টব‍্য)। এওঁলোকৰ মাজতো অসমীয়া খিলঞ্জীয়া নাছিল বুলিব পাৰি।

১৯৫১ চনত অসমৰ পৰা পশ্চিমবঙ্গলৈ প্ৰব্ৰজিত হৈছিল ১৮৫৭০ জন। ১৯৭১ চনৰ লোকপিয়লৰ মতে মাত্ৰ ৫৪০১৪ জন অসমীয়াই অসমৰ বাহিৰত বসবাস কৰিছিল আৰু এই সংখ্যা আছিল সমগ্ৰ অসমীয়াভাষীৰ মাত্ৰ ০.৬% !!

খিলঞ্জীয়াৰ নাগৰিকপঞ্জী !

ইংৰাজে অসমত চাহবাগিচা পাতি ইংলেণ্ডক নদন-বদন কৰিবলৈ অসমৰ বাহিৰৰ বিহাৰ, ছোটনাগপুৰ, মধ‍্যপ্ৰদেশ, উৰিষ্যা আদিৰ পৰা অনা ‘কুলি’ বা ‘চাহ শ্ৰমিক’ৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ ১৯৬১ চনৰ লোকপিয়ল অনুসৰি ১০ লক্ষৰো বেছি হৈ পৰিছিল আৰু বৰ্তমানে এই সংখ্যা ৫০ লাখৰো অধিক।

চাহবাগিচাসমূহৰ বাবে অনা ‘কুলি’ৰ লগে লগে অসমলৈ মৈমনসিং পাবনা, বৰ্গা, ৰংপুৰ আদিৰ পৰা প্ৰথমতে গোৱালপাৰাত খুটি পুতি বহা বঙালী মুছলমান প্ৰব্ৰজনকাৰীৰ বাবেই ১৯০১ চনৰ গোৱালপাৰাৰ পিয়ল কৰা জনসংখ্যা ৪৯১০০০ ৰ পৰা ১৯১১ চনত ১১,৮২,০০০ লৈ বৃদ্ধি হৈছিল, অৰ্থাৎ ২৪০% বৃদ্ধি হৈছিল (১৯৬১ চনৰ লোকপিয়ল)।

এই বঙালী মুছলমান প্ৰব্ৰজনকাৰীসকলে লাহে লাহে গোৱালপাৰা অতিক্ৰম কৰি অসমৰ বিভিন্ন স্থানলৈ গতি কৰিছিল, আৰু তাৰে ফলাফল আমি কৈশোৰকালৰ পৰাই দেখি আছো।

১৯২১ চনৰ ভাৰতৰ লোকপিয়লৰ ৩৯-৪০, ৬৮ পৃষ্ঠাত এনেদৰে লিখা আছে-“The Census Commissioners of 1891 and 1901 categorically stated that the people from overcrowded East-Bengal districts could not come to occupy wastelands in Assam as there was no inducement and recruitment avenues like those existing for the tea gardens.”

খিলঞ্জীয়াৰ নাগৰিকপঞ্জী !

ইংৰাজে অসমত স্থাপন কৰা কল-কাখানা, ৰেলবিভাগ, তৈল-প্ৰতিস্থান আদিৰ কাৰ্যালয়ত নিয়োগ কযিবলৈ বঙালী হিন্দুৰ প্ৰব্ৰজন ঘটাইছিল। য’তেই ৰেলষ্টেচন, ৰেলৰ কাৰ্যালয়- ত’তেই আজিও দেখা যায় বঙালী হিন্দু প্ৰব্ৰজনকাৰী। এই বঙালী হিন্দুসকল ৰেলবিভাগৰ লগতে ডাকবিভাগ, টেলিগ্ৰাফ, জল পৰিবহন, ইত্যাদি সকলো বিভাগত পইতাচোৰাৰ দৰে বিয়পি পৰিছিল। বঙ্গ বিভাজন/ভাৰত বিভাজনৰ সময়ত এওঁলোকৰ প্ৰব্ৰজন ব‍্যাপক হৈ পৰিছিল।

১৯৫১ চনৰ লোকপিয়ল অনুসৰি ২৭৪৪৫৫ জন বঙালী হিন্দু শৰনাৰ্থী অসমত প্ৰৱেশ কৰিছিল। অসমক ধ্বংস কৰিবলৈ সংকল্পবদ্ধ অসম/ভাৰত চৰকাৰৰ প্ৰশ্ৰয় পাই ১৯৫৮ চনত এওঁলোকৰ সংখ্যা ৪৪৭০০০ জন হৈ পৰিছিল আৰু ১৯৬১ চনত ৬২৮০০০ জন হৈ পৰিছিল। বাংলাদেশ সৃষ্টিৰ সময়ত ইন্দিৰাই অসমত লক্ষ লক্ষ বাংলাদেশী জাপি দিছিল।

১৯৭১ চনত অসমত হিন্দু বঙালীৰ সংখ্যা হৈ পৰিছিল ২৩,৩০,০০০ ৰৰো অধিক, অৰ্থাৎ অসমৰ সৰ্বমুঠ জনসংখ্যাৰ ১৯.৭১% !! ১৯৯১ চনৰ লোকপিয়লমতে অসমত বঙালীভাষীৰ সংখ্যা ৪৩,৫০,০০০ জন আৰু ই অসমৰ সৰ্বমুঠ জনসংখ্যাৰ ২১.৬৭% ! ২০১১ চনৰ লোকপিয়লৰ মতে অসমত বঙালীভাষীৰ সংখ্যা হৈ পৰিছিল ৯০২৪৩২৪ জন, অৰ্থাৎ ২০০১ চনৰ ২৭.৫৪% ৰ পৰা ২০১১ চনত ২৮.৯১% লৈ বৃদ্ধি পালে বঙালীভাষীৰ সংখ্যা!

খিলঞ্জীয়াৰ নাগৰিকপঞ্জী !

চাহশ্ৰমিক, বঙালী মুছলমান, বঙালী হিন্দুৰ লগে লগে অসমলৈ চকুত পৰাকৈ নেপালীৰো প্ৰব্ৰজন হ’বলৈ ধৰে। ১৯৩১ চনৰ লোকপিয়লৰ মতে অসমলৈ অহা নেপালী লোকৰ সংখ্যা হ’ল ৩০,০০,০০০ ৰৰো অধিক। ইয়াৰোপৰি ভূতৰ ওপৰত দানহ পৰাদি মাৰোৱাৰী, বিহাৰী, ইত‍্যাদিৰ কথা বাদেই দিলো !

অতি সংক্ষেপে ডাঙি ধৰা ওপৰৰ কথাখিনি( বিভিন্নজনৰ লেখনিত আৰু লোকপিয়লৰ পৃষ্ঠাত বিশদভাৱে পোৱা যাব। আমিও সহায় লৈছো সেইবোৰৰে)ৰ পটভূমিত নিৰ্মোহভাৱে পৰ্যবেক্ষণ কৰিলে ই একেবাৰে সুষ্পষ্ট যে অসমৰ আজিৰ এই অৱস্থাৰ বাবে ইংৰাজৰ লগতে কংগ্ৰেছ সমানে দায়ী, আৰু বৰ্তমানৰ ক্ৰিয়া-কৰ্মৰে বিজেপিও দায়ী।

খিলঞ্জীয়াৰ নাগৰিকপঞ্জী !
নেহৰু-লিয়াকৎ চুক্তি

নেহৰু-লিয়াকৎ চুক্তি, ইন্দিৰা-মুজিব চুক্তি, আই-এম-ডি-টি, ভূমি হস্তান্তৰকৰণ চুক্তি, ১৯৭১ চনলৈ অসমত বাংলাদেশীক বৰপীৰা পাৰি দিয়া অসম চুক্তি, শেহতীয়াকৈ জাপি দিয়া তথা সংসদত গ্ৰহণ কৰি হিন্দু বঙালীক ম‍্যাদী পট্টা দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬, অসমৰ পৰা এজনো বিদেশীক স্থানান্তৰিত কৰা নহয় বুলি মোডী-শ্বাহৰ উদাত্ত কন্ঠেৰে কৰা ঘোষণা, সংসদত ৰিজিজুৰ ঘোষণা – এইবোৰৰ পটভূমিত অসম আন্দোলন হৈ পৰিল ‘গালো বালো খোলাকুটিৰ তাল’!

খিলঞ্জীয়াৰ নাগৰিকপঞ্জী !
ইন্দিৰা-মুজিব চুক্তি

অসমৰ পৰা এজনো ‘অবৈধ প্ৰব্ৰজনকাৰী’ নাযায়, ‘বৈধ’ৰ কথা বাদেই!!

অৰ্থাৎ, কৈশোৰ- যৌৱনকালৰ পৰা আমি অংশগ্ৰহণ কৰা সেই বিৰাট বিশাল ব‍্যাপক ঐতিহাসিক অসম আন্দোলন প্ৰকৃতাৰ্থত ব‍্যৰ্থ হৈ পৰিল (অগপ দল, অগপ চৰকাৰ, এখন আই-আই-টি, এটা শোধনাগাৰ, এটা কাগজ কল, ..আৰু কেইজনমান আন্দোলনকাৰী মন্ত্ৰী-বিধায়ক-সাংসদ-নিগমৰ অধ‍্যক্ষ হওক বুলি অসম আন্দোলনৰ আৰম্ভণি হোৱা নাছিল, আৰু ১৯৭১ চনলৈ বাংলাদেশীক বৰপীৰা পাৰি দিবলৈও ৮৫৫ জন শ্বহীদ হোৱা নাছিল)! 

ইয়াৰ ভিত্তিত অৰ্থহীন হৈ পৰিল  তথাকথিত ‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী’, শ্বহীদ বেদী, আমাৰ সেই ছয়টাকৈ বছৰ। আমি ভাৰত ৰাষ্ট্ৰযন্ত্ৰৰ সৈতে ‘ইনিংছ ডিফিট’ৰ দৰে পৰাজয়বৰণ কৰাৰ দৰেই এক লজ্জাজনক পৰিস্হিতিৰ মুখামুখি হৈছো।

খিলঞ্জীয়াৰ নাগৰিকপঞ্জী !
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী!!

মোগলৰ সৈতে কচিকচি যুদ্ধ কৰা অসমে মানৰ হাতত নিৰ্লজ্জভাৱে পৰাজয়বৰণ কৰিছিলো, ইংৰাজক অসমে তোষামোদ কৰি আদৰিছিলো-অৰ্থাৎ পুনৰ পৰাজয়বৰণ, ইংৰাজ যোৱাৰ পিছতো কিদৰে আৰু কিয় আৰু কি চুক্তিৰ দ্বাৰা অসমৰ ভাৰতৰ সৈতে সহবাস আৰম্ভ হ’ল-অৰ্থাৎ ব্ৰহ্মদেশৰ দৰে সুকীয়া দেশ এখন নহৈ কিদৰে ভাৰতৰ অঙ্গ হৈ পৰিল (কোচবিহাৰৰ ৰজাই কোচবিহাৰক চুক্তি এখনেৰে ভাৰতৰ হাতত তুলি দিছিল, কিন্তু অসমৰ ক্ষেত্ৰত তেনে কোনো চুক্তি নাছিল)- অৰ্থাৎ ‘অবৈধ সহবাস’, কামোন্মত্ত ভাৰতৰ দ্বাৰা ধৰ্ষিতা অসম, পুনৰ পৰাজয়; আৰু এইবোৰ ঢাকি ৰাখিবলৈ যোৱা সাতোটা দশকে কিমান যে প্ৰচেষ্টা কৰিলো।

খিলঞ্জীয়াৰ নাগৰিকপঞ্জী !

অসম বাৰম্বাৰ হিড়িম্বাৰ দেশ হৈ থাকিল, ইতিহাসৰ কথা ক’লেই ঘটোৎকচ ‘দেশদ্ৰোহী’!! দেশ ক’ত, ক’ত সেইখন দেশ? সমগ্ৰ ভাৰতত বিদেশী নাগৰিকৰ বাবে আইনখন বেলেগ, অসমত বেলেগ। অসম ইংৰাজৰ উপনিৱেশ আছিল, এতিয়াও ভাৰতৰ উপনিৱেশ; মোডীয়ে গলত গামোচা ল’লেই অসমৰ অৱস্হাৰ পৰিৱৰ্তন নঘটে।

আজিৰ এই পৰিস্থিতিত অগপ দলে বিজেপিৰ সৈতে মিত্ৰতা কৰি থকাৰ কিবা যুক্তি আছেনে (২/৩ জন মন্ত্ৰী আৰু দুজনমান নিগমৰ অধ‍্যক্ষ হোৱাৰ বাদে)? অগপ দল যিসময়ত গঠন হৈছিল, সেইসময়ত দলটোৰ নেতাসকলৰ গড়ে যিমান বয়স আছিল-তেনে বয়সৰ তথা অসমক ভাল পোৱা যুৱক আজি অসমত নাই নেকি? ৰণনীতি কি অগপৰ ?

যিসকল নেতা শাৰীৰিক-মানসিকভাৱে অৱসৰ লোৱাৰ যোগ‍্য তথা নতুন প্ৰজন্মৰ বাবেও গ্ৰহণযোগ্য নহয়, অসমৰ স্বাৰ্থত তেওঁলোকৰ বিদায়সভাৰ আয়োজন কৰা হোৱা নাই কিয়? অসমৰ ইতিহাসৰ পৃষ্ঠাত যদি এক নিৰ্লজ্জ অধ‍্যায় হিচাপে দলটোৰ কাৰ্য-কলাপ লিপিৱদ্ধ কৰাবলৈ ইচ্ছা নাই, অগপৰ আমূল তথা মৌলিক পৰিৱৰ্তনৰ বাবে অগপৰ নেতৃবৃন্দ সাজু হোৱাৰ এয়াই সন্ধিক্ষণ।

খিলঞ্জীয়াৰ নাগৰিকপঞ্জী !
Guwahati: Asom Gana Parishad (AGP) President Atul Bora accompanied by party leader Keshab Mahanta and BJP leader ranjeet Daas, H B Sarma, addresses at AGP-BJP joint press conference in Guwahati, on March 15, 2019. (Photo: IANS)

অগপৰ কথা সম্প্ৰতি বাদ দিলো। এয়াও সময়ৰ দাবী যে অসমৰ ছাত্ৰসমাজে সময়ে সময়ে, আৰু ১৯৭৯ চনতো যিদৰে অসমৰ সমস্যাৰ গুৰি-বঠা ধৰিছিল, পুনৰ গুৰি-বঠা ধৰিবলৈ সাজু হ’ব লাগিব- তেওঁলোকৰ নিজস্ব চিন্তা-চৰ্চাৰে; নতুন শোণিত প্ৰৱাহিত হ’ব লাগিব ছাত্ৰসমাজৰ শিৰাই শিৰাই। অসমত যদি অগপৰ স্হিতি এনেধৰণৰেই হৈ থাকে, এক নতুন শক্তি আৱিৰ্ভূত হোৱাটো নিশ্চিত; যিহেতু সকলো ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে।

অসমৰ খিলঞ্জীয়া মানুহে (‘খিলঞ্জীয়া’ৰ সংজ্ঞা ইতিমধ্যে ‘খিলঞ্জীয়া মঞ্চ, অসম’-ৰ অধিৱেশনত গ্ৰহণ কৰি খিলঞ্জীয়াৰ সমস্যাৰ বিষয়ে বিভিন্নজনে বহলভাৱে আলোকপাত কৰিছে আৰু সেইসম্পৰ্কে স্মৰণিকাগ্ৰন্হও প্ৰকাশ কৰি উলিয়াইছে) তাৰেই অপেক্ষাত সম্ভৱতঃ ৰৈ আছে।

কিন্তু তাৰে আগতে, অসম সাহিত্য সভা, খিলঞ্জীয়া মঞ্চ-অসম, খিলঞ্জীয়া ছাত্ৰ সংগঠনসমূহ, আঞ্চলিক দল, ইত্যাদি সকলোৱে ঐক্যবদ্ধ হৈ অসমৰ ‘খিলঞ্জীয়াৰ নাগৰিকপঞ্জী’ এখন অবিলম্বে প্ৰস্তুত কৰিবলৈ অগ্ৰসৰ হ’ব লাগে- আমাৰ নিজৰ ‘গন্তি’ কৰিবলৈ, যিখনত নাথাকিব অসমলৈ ইংৰাজৰ সময়ৰে পৰা অহা প্ৰব্ৰজনকাৰীৰ নাম, অৰ্থাৎ ‘ৰেড্ ইন্দিয়ান’ৰ দৰে ‘অসমৰ ৰেড্ খিলঞ্জীয়া’ৰ নামবোৰহে সেই তালিকাত অন্তৰ্ভুক্ত হ’ব।

খিলঞ্জীয়াৰ নাগৰিকপঞ্জী !

এই খিলঞ্জীয়াইহে নতুনকৈ সংগ্ৰাম আৰম্ভ কৰিব লাগিব, যিহেতু নতুন দিল্লীৰ শকুনিমাৰ্কা পাশাখেলত আমি পৰাজিত হ’লো আৰু ৰজস্বলা দ্ৰৌপদীক কৰা লাঞ্চনাৰ দৰে অসমমাতৃক ৰাজহুৱাকৈ অপমানিত হবলৈ দিলো।

পুনৰ এটা বিষয় ডাঙি ধৰিব বিচাৰিছো। বাংলাদেশক বাদ দি ভাৰতত বঙালীভাষীৰ সংখ্যা হ’ল ৯৭২৩৭৬৬৯ জন, অৰ্থাৎ দ্বিতীয় সংখ‍্যাগৰিষ্ঠ (২০১১ চনৰ লোকপিয়ল)। এওঁলোক অসমত কিদৰে ‘ভাষিক সংখ‍্যালঘু’ হব পাৰে? তাৰোপৰি, সমগ্ৰ ভাৰত(বাংলাদেশ, পাকিস্তান, ইৰাণ, ইৰাক, ছিৰিয়া, লিবিয়া, আফগানিস্তান, ইত্যাদি বাদেই দিলো)ত ১৭,২০,০০,০০০ জন মুছলমান বসবাস কৰাৰ পটভূমিত অসমত তেওঁলোক ‘ধৰ্মীয় সংখ‍্যালঘু’ হয় কিদৰে?

মুখত ভাৰতভিত্তিক কথা, ‘ভাৰতীয় একজাতি‘ৰ কথা, কিন্তু হিচাব অসমভিত্তিক কৰি ‘ভাষিক সংখ‍্যালঘু’/ ‘ধৰ্মীয় সংখ‍্যালঘু’!!

খিলঞ্জীয়াৰ নাগৰিকপঞ্জী !

বঙালী হিন্দু বা বঙালী মুছলমান  অসমত কোনোপধ্যেই সংখ‍্যালঘু হব নোৱাৰে। অসমখন ইংৰাজ যোৱাৰ পিছত যদি ব্ৰহ্মদেশৰ দৰে সুকীয়া দেশ হৈ থাকিলহেতেন, তেতিয়া হয়তো ‘সংখ‍্যালঘু’ শব্দটোক লৈ অসম সাহিত্য সভাৰ বা তেনে কোনো সন্হা বা দলৰ মজিয়াত আলোচনাৰ বিষয় হ’লহেতেন।

অসমত আজি অসমৰ খিলঞ্জীয়াসকল (খিলঞ্জীয়া মঞ্চ, অসম-এ ‘খিলঞ্জীয়া’সকলৰ কথা ইতিমধ্যে বহলকৈ বুজাই দিছে) সংখ‍্যালঘু হৈ পৰিছে, মুক্তভাৱে কবলৈ অকণো দ্বিধা নাই- অসমত হিন্দু বঙালী বা মুছলমান বঙালী ‘সংখ‍্যালঘু’ নহয়।

ওপৰৰ সকলোখিনি বিষয় প্ৰব্ৰজনভিত্তিক, অইন বিষয়সমূহ ষ্পৰ্শ নকৰিলো‌। গুৱাহাটীৰ আমবাৰীৰ গজেন্দ্ৰই বিজেপি বৃক্ষৰ ছাঁৰ সুখনিদ্ৰা ভংগ কৰে নে নকৰে- সেয়া সকলোৱে লক্ষ‍্য ৰাখিব।

খিলঞ্জীয়াৰ নাগৰিকপঞ্জী !
সামৰণি মাৰিব বিচাৰিছো নিবাৰণ বৰাৰ বাক‍্যৰে –“সংবিধানখন ৪৪ বাৰ সংশোধন কৰা হ’ল, আমাক সহায় কৰিবৰ বাবে নহয়,পাৰিলে আমাক বিপৰ্যস্ত কৰিবৰ বাবে।কিন্ত আমি যদি সংবিধানখনৰ সালসলনি দাবী কৰো আমি অসমীয়া হৈ পৰো বিছিন্নতাবাদী।সেই খন সংবিধান, যিখন সংবিধান ইংৰাজৰ হুকুমমতে লিখা। চুৱেজ খাল সম্বন্ধে থকা চুক্তি যদি চিপাহীৰ পৰা ৰজা হোৱা মিছৰৰ নেতা গামেল আবল নাছেৰে মোহাৰি পেলাব পাৰিছিল আমি ইংৰাজে জাপি দিয়া চৰ্তবোৰ মোহাৰি পেলাব নোৱাৰো কিয়?”
খিলঞ্জীয়াৰ নাগৰিকপঞ্জী !

20-08-2018

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

selective focus photography of magazines
Special Report

Ignorance is the real drug!

by Chinmoyee Deka
January 18, 2026
0

Ignorance is the real drug Chinmoyee Deka Journalism and Mass Media is considered as the fourth pillar of democracy, which...

Read moreDetails
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026
“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

January 17, 2026
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

January 17, 2026
Is Biochar the Black Gold That Can Restore Soil Health and Fight Climate Change?

Is Biochar the Black Gold That Can Restore Soil Health and Fight Climate Change?

January 15, 2026
Beware of a unipolar world

Beware of a unipolar world

January 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
person holding vinyl record

Music: Not Just An Art Form But A Therapy For Life

January 18, 2026
selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026
person holding clear plastic bottle

Media and its influence on issues related to climate change

January 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    20525 shares
    Share 8210 Tweet 5131
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    9734 shares
    Share 3894 Tweet 2434
  • Latest COVID data confirm infections have risen globally

    1760 shares
    Share 704 Tweet 440
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3045 shares
    Share 1218 Tweet 761
  • কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

    224 shares
    Share 90 Tweet 56
  • Jesus Christ: Looking through the Lens of History

    102 shares
    Share 41 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3369 shares
    Share 1348 Tweet 842
  • Dr Purnima Devi Barman Among Mad Over Marketing’s Most Impactful Women of 2025

    90 shares
    Share 36 Tweet 23
  • Deliceto: a village as a living being

    84 shares
    Share 34 Tweet 21
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3462 shares
    Share 1385 Tweet 866
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d