-অমল গোস্বামী |
খিলঞ্জীয়াক উদ্ধাৰ কৰিব কোনে ?
প্ৰথমতে ৰাজনৈতিক অধিকাৰ তাৰ পাছত হেৰাব ভাষা…
এক ভয়াৱহ বিপদ সমাগত৷ অসমৰ খিলঞ্জীয়া লোকসকল অচিৰেই সংখ্যালঘুত পৰিণত হ’ব৷ ত্রিপুৰাৰ দৰেই পৰিস্থিতি হ’ব অসমত৷ অসমৰ অসমীয়া অসমতে ভগনীয়া হ’ব৷ খিলঞ্জীয়াৰ হাতৰ পৰা এদিন গুচি যাব ৰাজনৈতিক অধিকাৰ৷ ইয়াৰ পাছত এদিন হেৰাই যাব ৰাজ্যভাষাও৷ অসমীয়া খিলঞ্জীয়া লোকসকলে নিজৰ স্বার্থ পূৰণৰ বাবে নিজৰ মাজত খিয়লা-খিয়লি কৰি থকাৰ সময়তে পদূলি মুখত আহি উপস্থিত হৈছেহি এই মহাসংকট৷ অৱশ্যে, এই সংকটৰ আৰম্ভণি আজি হোৱা নাই৷ দীর্ঘ দিনৰ পূর্বেই আমাৰ নিজৰ নেতাসকলৰ মূর্খামীৰ বাবেই এদিন এই সংকটৰ আৰম্ভণি হৈছিল৷ খিলঞ্জীয়া লোকসকলৰ অদূৰদর্শিতাৰ বাবে এদিন গোজেই গঁজালি মেলিলে৷ যাৰ বাবে এতিয়া অসমত খিলঞ্জীয়া সংখ্যালঘু হোৱাৰ দিশে গতি কৰিছে৷ আৰু বৰ বেছিদিনৰ প্রয়োজন নহ’ব৷ খুব বেছি আৰু ত্রিশ বছৰ৷ সম্ভৱতঃ ২০৫০ চনত অসমত খিলঞ্জীয়া সংখ্যালঘুত পৰিণত হ’ব৷ যিসকল লোকে এদিন আন দেশৰ পৰা অসমলৈ পলাই আহিছিল সেইসকল লোকেই অসমৰ হর্-কর্ হ’ব৷ এসময়ৰ পাকিস্তান আৰু এতিয়াৰ বাংলাদেশৰ পৰা অহা লোকসকলৰ হাতলৈ গুচি যাব আমাৰ ৰাজনৈতিক অধিকাৰ৷ যি হাৰত অসমত জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে তাৰ পৰাই এই কথা স্পষ্ট হৈ পৰিছে৷ লোকপিয়লৰ তথ্যসমূহ পৰীক্ষা কৰিলেই এই কথা ফটফটীয়া হৈ পৰে৷ এটা কথা সত্য যে চুবুৰীয়া ৰাষ্ট্রৰ পৰা আহি অসমত খিতাপি লোৱা লোকসকলৰ ৮০ শতাংশই হৈছে মুছলমান ধর্মৰ লোক৷ কিন্তু অসমলৈ অহা লোকসকলৰ এশ শতাংশই হৈছে বাংলা ভাষী লোক৷ ধর্ম সুকীয়া হ’লেও তেওঁলোকৰ ভাষা কিন্তু এটাই৷ আজিৰ তাৰিখত অসমত ধর্ম ধর্মকৈ চিঞৰি থকা আমাৰ নেতাসকলে কিন্তু ভাষাৰ কথাটোত একেবাৰেই গুৰুত্ব দিয়া নাই৷ কিন্তু এটা দিন আহিব অসমত পুনৰ ভাষাক লৈ আন্দোলন আৰম্ভ হ’ব৷ খিলঞ্জীয়াই পুনৰ নিজৰ ভাষাটো ৰক্ষা কৰাৰ বাবে যঁুজ দিব লাগিব৷ অৱশ্যে ভাষাৰ পূর্বেই আহিব ৰাজনৈতিক সংকট৷ পৰিস্থিতি যিদিশে গতি কৰিছে তাৰ পৰা অনুমান কৰিব পাৰি যে এই সংকটৰ পৰা খিলঞ্জীয়াই পৰিত্রান পোৱাটো জটিল৷ খিলঞ্জীয়াৰ বাবে একমাত্র সমষ্টি সংৰক্ষণৰ যোগেদিহে এই সমস্যা সামধান কৰিব পৰা যাব৷ ইয়াৰ বাহিৰে আৰু আন কোনো উপায় নাই৷ কিন্তু সমষ্টি সংৰক্ষণো বৰ সহজ কথা নহয়৷ তথ্যলৈ যদি চোৱা যায় তেনেহ’লে দেখা পোৱা যায় যে ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমত ছখন মুছলমান সংখ্যা গৰিষ্ঠ জিলা আছিল৷ কিন্তু ২০১১ চনত এই সংখ্যা বৃদ্ধি পালে ন-খনলৈ৷ যি হাৰত মুছলমান লোকৰ সংখ্যা বৃদ্ধি পাইছে তালৈ চাই ২০২১ চনৰ লোকপিয়লত এই সংখ্যা ১২লৈ বৃদ্ধি পোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ ২০০১ চনত অসমত মুছলমানৰ জনসংখ্যা আছিল ৩০.৯ শতাংশ৷ আনহাতে ২০১১ চনত এই জনসংখ্যা বৃদ্ধি পাই হ’লগৈ ৩৪.২২ শতাংশ৷ আনহাতে, ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত আজিৰ তাৰিখত ৩৪টা সমষ্টিয়েই হৈছে মুছলমান সংখ্যা গৰিষ্ঠ সমষ্টি৷ আনহাতে, উক্ত ৩৪টা সমষ্টিকে ধৰি ৰাজ্যৰ প্রায় ৫০টাৰো অধিক সমষ্টিত মুছলামান ভোটাৰসকলে নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে৷ মুছলমান লোকসকলৰ বাবে এই ক্ষেত্রত আৰু অধিক সুবিধা আহি পৰিব ২০২৪ চনত৷ কিয়নো ২০২৪ চনত অসমত বিধানসভা আৰু লোক সভা সমষ্টিসমূহ পুনৰ গঠন কৰা হ’ব৷ যিহেতু সমষ্টি পুনৰ গঠন সদায়ে জনসংখ্যাৰ ভিত্তিত কৰা হয়, সেয়েহে সমষ্টি পুনৰ গঠন কৰাৰ লগে লগে মধ্য আৰু নামনি অসমত বিধানসভা আৰু লোক সভা সমষ্টিৰসংখ্যা বৃদ্ধি পাব৷ কিয়নো খিলঞ্জীয়া লোকৰ অধিক বসতিপ্রধান অঞ্চল উজনি অসমৰ বিপৰীতে পূর্ব বংগীয় লোকৰ বসতিপ্রধান অঞ্চল হিচাপে পৰিচিত নামনি অসমৰ বহুকেইখন জিলাত বিগত সময়ত অভাৱনীয় হাৰত জনসংখ্যা বৃদ্ধি পাইছে৷ জনসংখ্যা বৃদ্ধিৰ বাবেই বহুকেইখন জিলাত খিলঞ্জীয়া সংখ্যালঘুত পৰিণত হৈছে৷ এনে পৰিস্থিতিত আজিৰ পৰা যদি ত্রিশ বছৰৰ পাছৰ অসমখনৰ কথা কল্পনা কৰা হয়় তেনেহ’লে দেখা পোৱা যাব যে ২০৫০ চনত অসমৰ বিধানসভাত মুছলমানসকল হ’ব সংখ্যাগৰিষ্ঠ৷ এই ক্ষেত্রত মুছলমানসকলৰ জনসংখ্যা বৃদ্ধিয়ে তেওঁলোকৰ নেতাসকলক অভাৱনীয়ভাৱে সহায় কৰিব৷ হয়তো সেই বাবেই অসম চৰকাৰে জনসংখ্যা নীতি প্রৱর্তন কৰি দুটা সন্তানতকৈ অধিক সন্তান হোৱা পিতৃ-মাতৃয়ে চৰকাৰী চাকৰি লাভ নকৰিব বুলি ঘোষণা কৰাৰ পাছতেই জকজকাই উঠিছে এ আই ইউ ডি এফৰ মুৰববী বদৰুদ্দিন আজমল৷ কিয়নো যিমানে মুছলমান লোকৰ সংখ্যা বৃদ্ধি হ’ব সিমানে আজমলৰ দৰে নেতাসকলৰ ভোটাৰ বৃদ্ধি পাব৷ ভৱিষ্যতৰ মুছলমান সংখ্যা গৰিষ্ঠ অসমৰ ৰাজনৈতিক ছবিখনৰ কথা মনলৈ আনিয়েই আজমলে ধর্মৰ নাম লৈ চৰকাৰৰ জনসংখ্যা নীতিৰ বিৰোধিতা কৰিছে৷ সঁচাকৈয়ে এটা দিন আহিব যিদিনা অসম বিধানসভাত খিলঞ্জীয়াৰ পৰিৱর্তে প্রব্রজনকাৰীৰ সতি-সন্তান সংখ্যাগৰিষ্ঠ হৈ পৰিব আৰু সেই দিনাই খিলঞ্জীয়াৰ বেলি চিৰদিনৰ বাবে মাৰ যাব৷ বংগমূলীয় প্রব্রজনকাৰীসকল বিধানসভাত সংখ্যা গৰিষ্ঠ হোৱাৰ পাছতেই তেওঁলোকৰ শক্তি বৃদ্ধি পাব৷ লগে লগে উত্থাপন হ’ব অসমৰ ৰাজ্যভাষা সলনিৰ দাবী৷ অসমীয়াৰ পৰিৱর্তে বাংলা ৰাজ্যভাষা কৰাৰ বাবে জোৰদাৰ চেষ্টা চলাব এইসকল লোকে৷ কিয়নো পূর্ব বংগৰ পৰা অহা হিন্দু-মুছলমান সকলো লোকৰে ভাষা এটাই ৷ গতিকে এই ক্ষেত্রত সকলো এক হৈ পৰিব৷ যিহেতু ভাষা হৈছে আইৰ সমান৷ গতিকে নিজৰ মাতৃ ভাষা ৰাজ্যভাষাৰ মর্যাদা প্রদানৰ বাবে সকলোৱে একত্রিতভাৱে দিব লগীয়া এই যুঁজত অসমীয়া হৈ পৰিব সংখ্যালঘু৷ আজিও অসমৰ বৰাক উপত্যকাত বাংলা ভাষা ৰাজ্যভাষা হিচাপে চলি আছে৷ যদিহে সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত নামনি অসমৰ লোকসকলেও বৰাকৰ দৰেই নামনিতো ৰাজ্যভাষা বাংলা হ’ব লাগে বুলি দাবী উত্থাপন কৰে তেনেহ’লে কি পৰিস্থিতিৰ উদ্ভৱ হ’ব সেয়া সহজে অনুমেয়৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত এনে এক উকমুকনি আৰম্ভ হৈছেই৷ এই ক্ষেত্রত অসমৰ খিলঞ্জীয়া লোকসকলৰ যি বহুধা বিভক্ত চিন্তাধাৰা, সেই চিন্তাধাৰাই বাংলাক ৰাজ্যভাষা কৰিব খোজা লোকসকলক অধিক সহায় কৰিব৷ এটা কথা চিৰন্তন সত্য যে গণতন্ত্রত যাৰ ফালে ভোট বেছি যায় সেইজনেই জয়ী হয়৷ যদিহে অসমৰ অধিকাংশ লোকেই বাংলাক ৰাজ্যভাষা কৰাৰ বাবে দাবী উত্থাপন কৰে তেনেহ’লে উজনিৰ কেইজনমান অসমীয়াই টেঁটুফালি চিঞৰি থাকিলেও একো কামত নাহিব৷ এনে পৰিস্থিতিত অনাগত সময়ত অসমৰ খিলঞ্জীয়াৰ বাবে আহিব লগীয়া এই দুটা সমস্যা কিদৰে সমাধান কৰিব পৰা যাব সেয়া এতিয়াই চিন্তা কৰাৰ সময়৷ অন্যথা পদূলি মুখত আহি উপস্থিত হোৱা এই মহাসংকট এদিন বৰ ঘৰ আহি সোমাবহি আৰু সেইদিনাই খিলঞ্জীয়া অসমীয়াৰ বেলি মাৰ যাব৷ সেয়া অৱধাৰিত৷