-মিহিৰ চেতিয়া |
সাম্প্ৰতিক অসমৰ পৰিস্থিতি অত্যন্ত স্পৰ্শকাতৰ। খিলঞ্জীয়া জাতি- জনগোষ্ঠীসমূহৰ অস্তিত্ব বিপদাপন্ন। এনে প্ৰেক্ষাপটত খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ অধিকাৰ আৰু ভৱিষ্যৎ এক ডাঙৰ প্ৰশ্ন হৈ দেখা দিছে। বৰ্তমান সময়ত খিলঞ্জীয়াসকল কোন? ইয়াৰ এক সৰ্বসন্মত সংজ্ঞা নিৰূপণ কৰাটোও এক জটিল প্ৰক্ৰিয়া।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰা ষ্টিভন হেগনৰ সূত্ৰ অনুসৰি কোনো নিৰ্দিষ্ট ভূ-খণ্ডত সেইসকলেই খিলঞ্জীয়া, যিসকল অধিৱাসীয়ে সেই ভূ-খণ্ডটো কোনো ঔপনিৱেশিক ৰাষ্ট্ৰৰ দখললৈ যোৱাৰ পূৰ্বে স্বতন্ত্ৰতা বজাই ৰাখি বসবাস কৰি আহিছে। এই সূত্ৰ অনুসৰি অসমৰ প্ৰেক্ষাপটত খিলঞ্জীয়াৰ সীমাৰেখা স্পষ্ট হৈ আছে। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিৰ ইয়াণ্ডাবু সন্ধিৰ পূৰ্বে অসমত বাস কৰি থকাসকলেই হৈছে— অসমৰ খিলঞ্জীয়া।
ষ্টিভন হেগনৰ সূত্ৰ মানি ল’লে অসুবিধা নথকা নহয়। ইতিমধ্যেই অসমীয়া সমাজ জীৱনৰ লগত একীভূত হৈ পৰা ৬০ লাখ চাহ জনগোষ্ঠী কিন্তু খিলঞ্জীয়াৰ আওতাৰ বাহিৰত ৰৈ যাব। একেদৰেই সমসাময়িকভাৱে ইংৰাজৰ লগত আমোলা হিচাপে অহা বাঙালীসকলো বাদ পৰি ৰয়। সেই হেতুকেই থলুৱা আৰু বিদেশীৰ সন্দৰ্ভতো স্পষ্ট হৈ লোৱাটো ভাল হ’ব।
অসমৰ প্ৰেক্ষাপটত ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছ শাসন আৰম্ভ হোৱাৰেপৰা ১৯৭১ চনলৈকে ভাৰতৰ বিভিন্ন ঠাইৰপৰা ভিন ভিন কাৰণত, অসমলৈ প্ৰব্ৰজিত হৈ যিসকলে স্থায়ীভাৱে বসবাস কৰি আহিছে আৰু পূৰ্বৰ জনগোষ্ঠীসমূহৰ লগত একাত্মতা গঢ়ি তুলিছে তেওঁলোকেই থলুৱা। আনহাতে অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত বহিঃদেশৰপৰা প্ৰব্ৰজিতসকল বিদেশী হিচাপে পৰিগণিত হৈছে। এই প্ৰব্ৰজিত বিদেশীসকল বাংলাদেশৰপৰা অহা বাংলাদেশী, নেপালৰপৰা অহা নেপালী।
এতিয়া কথা হ’ল, অসমৰ বৃহৎ জাতীয় অনুষ্ঠান ‘অসম সাহিত্য সভা’ই হওক কিম্বা চৰকাৰেই হওক খিলঞ্জীয়াৰ সৰ্বসন্মত সংজ্ঞা নিৰূপণ কৰাত ব্যৰ্থ হ’ল। এতিয়া কেৱল শেষ ভৰসা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC)ৰ সঠিক আৰু শুদ্ধ ৰূপত উন্নীতকৰণ। ৮৫৫ জন অসমীয়াৰ চূড়ান্ত ত্যাগ, হাজাৰোধিক অসমীয়াই ভোগ কৰা নিৰ্যাতন আৰু ৩৮ বছৰীয়া অস্তিত্ব ৰক্ষাৰ যুঁজৰ বিনিময়ত দীঘলীয়া এক পৰিক্ৰমাৰ অন্তত যোৱা ৩১ ডিচেম্বৰ ’১৭ তাৰিখৰ মাজনিশা প্ৰকাশ কৰা (NRC)ৰ আংশিক খচৰাই আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ প্ৰস্তুত হৈ থকা NRC সঠিক আৰু শুদ্ধ ৰূপত প্ৰকাশ হ’লে হয়তো (NRC)ত লিপিবদ্ধ থকা সকলোৱেই হৈ পৰিব খিলঞ্জীয়া।
খিলঞ্জীয়াৰ অধিকাৰ সন্দৰ্ভত আলোচনা নকৰিলে বিষয়টো আধৰুৱা হৈ ৰ’ব। ভূমি আৰু সম্পদৰ অধিকাৰেই হৈছে মূল অধিকাৰ। ভূমি আৰু সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত নোহোৱালৈকে খিলঞ্জীয়াৰ অস্তিত্ব কেতিয়াও সুৰক্ষিত নহয়। ভূমিৰ ওপৰত অধিকাৰ নথকা বাবেই অসমৰ সৰ্বত্ৰ আজি বিদেশীয়ে ভৰি পৰিছে। খিলঞ্জীয়াসকল বহুধা বিভক্ত হৈ পৰিছে। খিলঞ্জীয়া জনগোষ্ঠীৰ উন্নয়ন দূৰৰ কথা সমন্বয়ৰ অভাৱত সুৰক্ষাও অনিশ্চিত হৈ পৰিছে। সম্পদৰ ক্ষেত্ৰতো একে। সম্পদৰ ওপৰত অধিকাৰ থকা হ’লে জাতীয় স্বাৰ্থক একাষৰীয়া কৰি ৰাজহুৱা পুঁজি ব্যয়েৰে আৱিষ্কাৰ কৰা তৈলক্ষেত্ৰসমূহ বহুজাতিক নিগমৰ হাতত তুলি দিয়াৰ ব্যৱস্থা নকৰিলেহেঁতেন। প্ৰায় ৬ হাজাৰ বিঘা মাটি পতঞ্জলি উদ্যোগৰ বাবেই নিদিলেহেঁতেন। মানুহ আৰু জৈৱ বৈচিত্ৰ্য বিলুপ্ত হৈ পৰাকৈ ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ হ’লহেঁতেন।
খিলঞ্জীয়াৰ ভৱিষ্যৎ পোহৰ নে অন্ধকাৰ সেয়াও সময়েহে ক’ব। অবাধ হাৰত ঘটি থকা প্ৰব্ৰজনৰ ফলত নামনি অসমত খিলঞ্জীয়া জনগোষ্ঠীসকল সংখ্যালঘুত পৰিণত হোৱাৰ পিছত ক্ৰমান্বয়ে উজনি অসমতো একে সংকটে দেখা দিছে। গাঁৱে-চহৰে বাংলাদেশী প্ৰব্ৰজিতসকল ঠাহ খাই পৰিছে। অসমবাসীয়ে যে পুনৰ এক নতুন অস্তিত্বৰ সংকটৰ সন্মুখীন হ’ব ধৰিছে, সেই কথা হৃদয়ংগমেৰে ইয়াৰ আশু সমাধানৰ ব্যৱস্থা অচিৰেই কৰিবৰ হ’ল। নতুবা ত্ৰিপুৰাৰ দৰে একে অৱস্থা হ’ব। অবৈধ অনুপ্ৰৱেশৰ ফলত ত্ৰিপুৰাৰ ভূমিপুত্ৰসকল সম্প্ৰতি ২২ শতাংশলৈ অৱনমিত হৈ সংখ্যালঘুত পৰিণত হ’ল। অসমতো সেই দিন আহি আছে। বিগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিদেশী বিতাড়নৰ বাবে ১৬ মাৰ্চ, ২০১৪ ক শেষ সীমা বান্ধি দিয়া বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ চৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে লোৱা সিদ্ধান্তই অসমৰ খিলঞ্জীয়াক বৃদ্ধাংগুষ্ঠ দেখুৱাইছে। ধৰ্মক লৈ বিদেশী বিভাজনৰ ৰাজনীতি কৰা চৰকাৰে ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬’ৰ জৰিয়তে হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰি (NRC)ত নাম লিপিবদ্ধ কৰাৰ পিছত অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব কিবা থাকিবগৈনে?
এয়াই হৈছে খিলঞ্জীয়াৰ ভৱিষ্যৎ। উল্লেখ্য যে ৰাজনৈতিক স্বাৰ্থত হাথিয়াৰ হিচাপে বছৰ বছৰ ধৰি ব্যৱহাৰ হৈ অহা শ্ৰমজীৱী খাটি খোৱা জনসাধাৰণ বিশেষকৈ মুছলিমসকল (খিলঞ্জীয়াও য’ত সাঙুৰ খাই পৰিছিল)ৰ জীৱন-জীৱিকাৰ নিশ্চিতি নোহোৱা হৈছিল। কাৰণ বাংলাদেশৰপৰা প্ৰব্ৰজিতসকলৰ এচাম যে হিন্দু এই কথা পাহৰি আছিল গাদী দখলৰ ৰাজনীতি কৰা ৰাজনৈতিক দলবোৰে। ১৯৯২-৯৩ চনত ভুটানৰপৰা বিতাড়িত হৈ অসমত প্ৰৱেশ কৰা নেপালীসকলৰ কথাও কিন্তু কোনেও কোৱা নাছিল।
আৰু এতিয়া— এয়াই হৈছে খিলঞ্জীয়াৰ ভৱিষ্যৎ? !