• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, June 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

খিলঞ্জীয়াৰ অস্তিত্ব আৰু শংকা

-দিলীপ পাটগিৰী

by Anjan Sarma
June 24, 2021
in Special Report
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-দিলীপ পাটগিৰী |

খিলঞ্জীয়াৰ সূত্ৰ সংজ্ঞায়িত কৰাৰ প্ৰচেষ্টা আন্তৰ্জাতিক মঞ্চত ভিন্ন সময়ত চলি আছে। তৎসত্ত্বেও ইয়াৰ সৰ্বজনগ্ৰাহ্য আনুষ্ঠানিক সংজ্ঞা, ৰাষ্ট্ৰসংঘৰ দৰে আন্তৰ্জাতিক মঞ্চই এতিয়ালৈকে দাঙি ধৰা নাই। তথাপি ৰাষ্ট্ৰসংঘৰ ‘সংখ্যালঘু বৈষম্য প্ৰতিৰোধ আৰু সুৰক্ষা সম্পৰ্কীয় উপ-আয়োজন’ৰ (Sub-Commission of Presentation of Discrimination and Protection of Minorities) স্পেচিয়েল ৰেপোৰ্টয়ৰ যোছে আৰ. মাৰ্টিনেজ কোবে খিলঞ্জীয়াৰ সন্দৰ্ভত এক বিস্তৃত ব্যাখ্যা ৰাখিছিল। তেওঁৰ ‘Study on the Problem of Discrimination Against Indigenous population’ শীৰ্ষক গৱেষণা-পত্ৰত উল্লেখ কৰা সংজ্ঞা হ’ল— “খিলঞ্জীয়া সম্প্ৰদায়, জনগণ বা জাতিবোৰ হৈছে সেইসকল লোক, যিসকলে বৰ্হিঃ আক্ৰমণৰপৰা পূৰ্বৰ বা পূৰ্ব ঔপনিৱেশিকতাৰ (pre-colony) ৰ সময়ছোৱাত তেওঁলোকৰ এলেকাসমূহত বিকশিত হোৱা সমাজবোৰৰ সৈতে এক ধাৰাৱাহিকতাৰ সম্পৰ্ক ছেদ নোহোৱাকৈ ৰক্ষা কৰি আহিছে। এই লোকসকলে তেওঁলোকৰ অঞ্চলবোৰত বা তাৰ অংশবোৰত বসবাস কৰি থকা আন সমাজবোৰতকৈ নিজকে পৃথক বুলি বিবেচনা কৰে। বৰ্তমান খিলঞ্জীয়াসকল হৈছে এক আধিপত্যহীন শ্ৰেণী আৰু তেওঁলোকে ধাৰাৱাহিক অস্তিত্বৰ এক আধাৰ হিচাপে তেওঁলোকৰ পূৰ্বপুৰুষৰ ভূমি আৰু নৃগোষ্ঠীয় সত্তাৰ সংৰক্ষণ তথা বিকাশ ভৱিষ্যৎ প্ৰজন্মলৈ হস্তান্তৰ কৰিব বিচাৰে। তেওঁলোকে এই কাম নিজস্ব সাংস্কৃতিক আৰ্হি, সামাজিক সংগঠন আৰু বিধিগত প্ৰণালী অনুসৰি কৰিব।”

বিশ্ব শ্ৰমিক সংস্থা (International Labour Organisation)-ই ‘খিলঞ্জীয়া’ৰ ধাৰণা দিছে এইদৰে— স্বাধীন দেশৰ জনসাধাৰণ যিসকলে এখন দেশ বা সেই দেশৰ এটা নিৰ্দিষ্ট অঞ্চলত পুৰুষানুক্ৰমে বাস কৰি আহিছে, উপনিৱেশ স্থাপনৰ সময়ত বা বৰ্তমানৰ ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ পিছতো আইনগত মৰ্যাদা নিৰ্বিশেষে, যিসকলে নিজৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক অনুষ্ঠানসমূহৰ কিছুমান অথবা সকলো বাৰ্তাই ৰাখিছে, সেইসকলেই খিলঞ্জীয়া লোক। ১৯৯১ চনত বিশ্ব বেংকেও (World Bank) ৰাষ্ট্ৰসংঘৰ ব্যাখ্যাসদৃশ খিলঞ্জীয়াৰ এক ব্যাখ্যা আগবঢ়াই এটা মাথোঁ পৃথক বৈশিষ্ট্য সংযোগ কৰিছিল, সেয়া হ’ল —প্ৰাথমিক জীৱিকা নিৰ্বাহৰ পদ্ধতিৰে উৎপাদন (Primary subsistence oriented production)।

উল্লিখিত ধাৰণা বা কিছুদূৰ সংজ্ঞাসমূহ সাধাৰণীকৰণ কৰি খিলঞ্জীয়াৰ এক ধাৰণা গ্ৰহণ কৰিব পাৰি। খিলঞ্জীয়া হিচাপে স্বীকৃত হ’ব সেইসকল সাংস্কৃতিক গোট, যিসকলে অবিচ্ছিন্নভাৱে এক ভূমিখণ্ডত বাস কৰিছে, নিজৰ ভাষিক, সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ কিছু অংশ হ’লেও বৰ্তাই ৰাখিছে। ঔপনিৱেশিক শক্তি বা স্বাধীন জাতিৰাষ্ট্ৰৰ অৱদমনৰো সময়তো যিসকলে নিজক খিলঞ্জীয়া হিচাপে পৰিচয় অটুট ৰাখিবলৈ কিছু পৰিমাণে হ’লেও সমৰ্থ হৈছে, সেইসকলেই খিলঞ্জীয়া। অৱশ্যে ‘খিলঞ্জীয়া’ হিচাপে স্বীকৃত হ’বলৈ যে উল্লিখিত ‘ধাৰণা’সমূহে উল্লেখ কৰা সকলো বৈশিষ্ট্যৰে অধিকাৰী হ’ব লাগিব তেনে নহয়। কিন্তু অধিকসংখ্যক বৈশিষ্ট্যৰ অধিকাৰী হ’ব লাগিব।

উপৰিউক্ত বৈশিষ্ট্যসমূহৰ আধাৰত অসমৰ প্ৰাচীন জাতি, জনগোষ্ঠী সকলোবোৰেই খিলঞ্জীয়া লোক। ব্ৰিটিছে ১৮২৬ চনত তেতিয়াৰ অসম অধিকাৰৰ সময়ত বাস কৰা প্ৰধানকৈ তিব্বতবৰ্মী ফৈদৰ কছাৰী, কোচ, ৰাভা, মেচ, মিকিৰ (কাৰ্বি), লালুং (তিৱা), ডিমাচা, গাৰো, চুটিয়া, মৰাণ, মটক, কোচ, ডিমাচা, আহোম আদি সকলো লোকসকলক খিলঞ্জীয়াৰ আন্তৰ্জাতিক সূত্ৰই সামৰি লয়। তদুপৰি ১২০৬ খ্ৰীষ্টাব্দৰ বখতিয়াৰ খিলজীৰ আক্ৰমণকে আৰম্ভ কৰি মোগল আক্ৰমণৰ সময়লৈকে যিসকল ইছলামধৰ্মী লোক অসমত ৰৈ গৈ অসমৰ ছোৱালীৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰি বৃহৎ অসমীয়া সমাজৰ লগত মিলি গ’ল (গৰীয়া, মৰিয়া, দেশী আদি) সেইসকলো খিলঞ্জীয়াৰূপে পৰিচিত হ’ল। ব্ৰিটিছে চাহ গছ আৱিষ্কাৰ কৰে ১৮২৩ চনত। ৰবাৰ্ট ব্ৰুছ আছিল চাহ গছৰ আৱিষ্কাৰক। পিছলৈ স্থাপন কৰা চাহ বাগিচাসমূহত কাম কৰিবলৈ বহুসংখ্যক শ্ৰমিক আমদানি কৰে বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আদিৰপৰা। এই সকলো লোক মিলি চাহ জনগোষ্ঠীৰূপে পৰিগণিত হয়। বৰ্তমান অসমত চাহ আৰু প্ৰাক্তন চাহ শ্ৰমিকৰ সম্প্ৰদায় ৯০ টা বুলি অসম চৰকাৰে TAD/BC/268/75/37 dt 27th Nov. 75 বিজ্ঞপ্তিযোগে চিনাক্ত কৰিছে। কিন্তু বেচৰকাৰী হিচাপ মতে ১১৬ টা সম্প্ৰদায় বুলি কোৱা হয়। এই সকলো পূৰ্বৰ জন্মস্থান, ভাষা, সংস্কৃতিৰ লগত সম্পৰ্কৰহিত লোক। এইসকল লোকো আজি অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য জনগোষ্ঠী, যিয়ে অসমৰ বহুবৰণীয়া কৃষ্টি, সংস্কৃতিক সমৃদ্ধ কৰিছে। সেয়েহে এই সকলো খিলঞ্জীয়াৰূপে পৰিগণিত হোৱাৰ থল আছে।

আমি ইতিমধ্যে উল্লেখ কৰিছো যে ‘খিলঞ্জীয়াৰ’ সৰ্বজনগ্ৰাহ্য ৰাষ্ট্ৰসংঘয়ো এতিয়ালৈকে দিব পৰা নাই। সেয়েহে এই সন্দৰ্ভত মতদ্বৈধতা আছে। কিন্তু যিসকল থলুৱা, খিলঞ্জীয়া আদিৰ আওতালৈ আহে, অৰ্থাৎ এখন প্ৰাচীন ৰাজ্য বা অঞ্চলত কেইবা পুৰুষো থকা লোক, সেইসকলৰ মাজত এই চেতনাবোধ কিয় প্ৰবল হৈ আহিছে তাক বিশ্লেষণ কৰিলেই সেই কথা স্পষ্ট হৈ পৰে। সেয়া হ’ল নিজৰ ঠাইতে সংখ্যালঘু হৈ পৰাৰ শংকা, যিটো অমূলক নহয়। অসমৰ জনসাধাৰণৰ সন্মুখতেই থকা উদাহৰণ হ’ল ত্ৰিপুৰা ৰাজ্য। ১৯৫১ চনত ত্ৰিপুৰাৰ জনসংখ্যা আছিল ৬,৪৫,৭০৭ জন। ইয়াৰ বিপৰীতে ১৯৪৭ চনৰপৰা ১৯৭১ চনৰ ভিতৰত ত্ৰিপুৰাত পঞ্জীয়নভুক্ত হোৱা বঙালী লোকৰ সংখ্যা আছিল ৬,০৯,৯৯৮ জন। সমগ্ৰ দেশৰ ১৯৬১-১৯৭১ত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ যেতিয়া ২১.৬০ শতাংশ, ত্ৰিপুৰাত তেতিয়া ৭৮.৭১ শতাংশ। এটা জাতি বা জনগোষ্ঠী, বহিঃপ্ৰব্ৰজনৰ ফলত নিজ ৰাজ্যতে সংখ্যালঘু হৈ পৰাৰ ই এক কৰুণতম ছবি। অসমৰ প্ৰাচীন, খিলঞ্জীয়া লোক সমন্বিতে স্থানীয় জাতি জনগোষ্ঠীও আজি উদ্বিগ্ন আৰু শংকিত। দেশ বিভাজনৰ অভিশাপে যেনেদৰে ত্ৰিপুৰীসকলক নিজ ৰাজ্যতে সংখ্যালঘু কৰি পেলালে, তদ্ৰূপ অৱস্থাও যে অসমৰ নহ’ব তাৰ কোনো গেৰাণ্টি নাই। ধৰ্ম, ভাষা, জাতি, বৰ্ণৰ উৰ্ধ্বলৈ অসমৰ সকলো প্ৰকৃত অধিবাসী একমুঠ হ’ব লাগিব অন্যথা অসম পৰিৱৰ্তিত হ’ব অন্য এখন ত্ৰিপুৰালৈ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: খিলঞ্জীয়া
Anjan Sarma

Anjan Sarma

Related Posts

Indigenous people and their web of apathies
Special Report

Indigenous people and their web of apathies

by Monikankan Barooah
June 16, 2026
0

Indigenous people Monikangkan Barooah The century old struggle that culminated the habitat rights of Baiga tribes of Madhya Pradesh and...

Read moreDetails
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

June 11, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 9, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

June 9, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

June 17, 2026
Childhood under Siege

Childhood under Siege

June 16, 2026
Indigenous Agrobiodiversity: A Climate Survival Opinion

Indigenous Agrobiodiversity: A Climate Survival Opinion

June 16, 2026
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    35069 shares
    Share 14027 Tweet 8767
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15657 shares
    Share 6263 Tweet 3914
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    969 shares
    Share 388 Tweet 242
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    669 shares
    Share 268 Tweet 167
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    322 shares
    Share 129 Tweet 81
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3523 shares
    Share 1409 Tweet 881
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1065 shares
    Share 426 Tweet 266
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3847 shares
    Share 1539 Tweet 962
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6652 shares
    Share 2661 Tweet 1663
  • মাধৱদেৱৰ সাহিত্যকৃতি

    712 shares
    Share 285 Tweet 178
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d