• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

খিলঞ্জীয়াৰ অস্তিত্ব

-অনুপ চেতিয়া

by Anjan Sarma
June 24, 2021
in Special Report
Reading Time: 1 min read
0
খিলঞ্জীয়াৰ অস্তিত্ব
Share on FacebookShare on TwitterShare on LinkedIn

-অনুপ চেতিয়া |

বিশ্বত সিঁচৰতি হৈ থকা খিলঞ্জীয়া জনগণৰ অস্তিত্ব ক্ৰমান্বয়ে বিলীনতাৰ দিশত গতি কৰাটো খিলঞ্জীয়াবাসীৰ কাৰণে চিন্তনীয় বিষয় হৈ পৰিছে। খিলঞ্জীয়াৰ অস্তিত্ব, সংস্কৃতি, ভাষা, ঐতিহ্য অনুপ্ৰৱেশকাৰীসকলৰ লগতে আধুনিকতাৰ হেঁচাত পৰি ক্ৰমান্বয়ে নিশ্চিহ্নতাৰ গৰাহলৈ ঢাপলি মেলিছে। সময়ৰ গতিধাৰাত পৰি অৰ্থনৈতিক উন্নয়নৰ নামত খিলঞ্জীয়াসকলে তেওঁলোকৰ ভেটি-মাটিও ত্যাগ কৰিবলগীয়া হৈছে। বিশ্বত খিলঞ্জীয়াৰ অস্তিত্ব, ঐতিহ্য লৈ তেওঁলোকৰ সচেতনমহল আজি চিন্তিত। অৰ্থনৈতিকভাৱে অতি শক্তিশালী হৈ বিশ্বত দপদপাই থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ খিলঞ্জীয়া জনগোষ্ঠী ৰেড ইণ্ডিয়ানসকল আজি যাদুঘৰত স্থান পোৱাৰ উপক্ৰম হৈছে। হাৱাই দ্বীপপুঞ্জৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অৱস্থাও তথৈৱচ। কুৰি বছৰমানৰ পূৰ্বে হাৱাই দ্বীপপুঞ্জৰ এহাল খিলঞ্জীয়া যুৱক-যুৱতীক ছুইজাৰলেণ্ডৰ জেনেভাস্থিত জাতিসংঘত অনুষ্ঠিত খিলঞ্জীয়াৰ অধিৱেশনত লগ পাইছিলো। তেওঁলোকে তাত উদযাপন কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই অৰ্থনৈতিক উন্নতিৰ বাবে পদক্ষেপ আমেৰিকাৰ স্বাৰ্থতে কৰিছে যদিও হাৱাইৰ খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্ব, সংস্কৃতি, ঐতিহ্য ক্ৰমান্বয়ে নিঃশেষ হোৱাৰ দিশত ধাৱিত হৈছে। আমাক এনে অৰ্থনৈতিক উন্নতি নালাগে, যাৰ ফলত আমাৰ সংস্কৃতি, ঐতিহ্য, অস্তিত্ব ধ্বংস হয়। তেওঁলোকে খিলঞ্জীয়াৰ মনৰ বেদনাখিনি জাতিসংঘৰ মজিয়াত দাঙি ধৰিছিল। কিন্তু তেওঁলোকৰ কথানো কোনে আমেৰিকাৰ বিৰুদ্ধে গৈ কাৰ্যকৰী কৰিবলৈ যাব?

ঠিক তেনেদৰে বিশ্বৰ আন এক উন্নত দেশ অষ্ট্ৰেলিয়াৰ Ab-Original খিলঞ্জীয়া জনগোষ্ঠীয়ে অষ্ট্ৰেলিয়াৰ অৰ্থনৈতিক অগ্ৰগতিৰ সৈতে তাল মিলাই চলিব নোৱৰাৰ ফলতে প্ৰায়সকলেই নিজৰ ভেটি-মাটি হেৰুৱাই ৰাজপথত আহি পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। নিউজিলেণ্ডৰ মৌৰী খিলঞ্জীয়া জনগোষ্ঠীৰ অৱস্থাও নিজৰ ভূমিতে অৰ্থনৈতিক আগ্ৰাসনৰ বলি হ’বলগীয়া হৈছে। স্পেইনৰ কাটালমীয়া খিলঞ্জীয়া জনগোষ্ঠীয়ে অৰ্থনৈতিক আগ্ৰাসনৰদ্বাৰা ধ্বংসৰ গৰাহলৈ গতি কৰা নিজৰ ঐতিহ্য-সংস্কৃতি ৰক্ষাৰ বাবে হাতত অস্ত্ৰ তুলি ল’বলগীয়া হৈছে। শেহতীয়াকৈ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে তেওঁলোকে গণভোট আয়োজন কৰি সুকীয়া ৰাষ্ট্ৰ গঠনৰ প্ৰয়াস চলাইছে। ঠিক তেনেদৰে বেলজিয়ামৰ ফ্লেমিছসকলেও নিজ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ বাবে চেষ্টা চলাই আহিছে। আমাৰ কাষৰে ত্ৰিপুৰাসকলে এসময়ত বলিষ্ঠতাৰে নিজ সাম্ৰাজ্য ত্ৰিপুৰাত দপদপাই থকা স্থানত অনুপ্ৰৱেশকাৰীসকলৰ সংখ্যাগৰিষ্ঠতাৰ ফলত নিজ অস্তিত্ব বিপন্ন। ত্ৰিপুৰাৰ সমতলখণ্ডত ইতিমধ্যে তেওঁলোকৰ অস্তিত্ব শেষ হৈছে। জনজাতি বেষ্টনীৰ ভূমি সংৰক্ষণৰ ৬ষ্ঠ অনুসূচী অনুযায়ী ব্যৱস্থা থকাত পাহাৰীয়া জিলাকেইখনত নিজৰ অস্তিত্ব কিছু পৰিমাণে বৰ্তি আছে যদিও সেইকণো হুমকিৰ মুখত। পূৰ্বতে নিজ ৰাজতন্ত্ৰৰ সময়ত য’ত এশ শতাংশই ত্ৰিপুৰা জনবসতি আছিল— ক্ৰমান্বয়ে অনুপ্ৰৱেশকাৰীসকলৰ ফলত ১৯ শতাংশলৈ অধঃনমিত হৈছে। আজি ত্ৰিপুৰাৰ ৰাজনীতি, অৰ্থনীতি, সংস্কৃতি, সামাজিক ব্যৱস্থা আদি সকলো অনুপ্ৰৱেশকাৰীসকলৰদ্বাৰা নিয়ন্ত্ৰিত। আগৰতলা চহৰৰ য’ত ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী আছিল, তাত ৰাজমহলটি ইতিহাসৰ সাক্ষী হৈ আছে যদিও ৰাজধানীৰ ঐতিহ্য, ইতিহাস মচি অনুপ্ৰৱেশকাৰীসকলৰ ঐতিহ্য, ইতিহাসৰ আগ্ৰাসনে সকলো গ্ৰাস কৰি পেলাইছে। আগৰতলা চহৰখনেই ত্ৰিপুৰা জাতিৰ বৰ্তমানৰ কৰুণ পৰিণতিৰ ছবিখন স্পষ্টকৈ প্ৰমাণিত কৰি ৰাখিছে। ত্ৰিপুৰাবাসী ৰাইজৰ ভাষা, সংস্কৃতি নিঃশেষ হৈছে আগ্ৰাসনৰ ফলতেই। নিজ জন্মভূমিতে অস্তিত্ব হেৰুৱাই আজি ত্ৰিপুৰাসকল ভগনীয়াত পৰিণত হৈছে।

অতীজৰেপৰাই বিশ্বৰ বিভিন্ন প্ৰান্তত য’ত উৰ্বৰাভূমি পৰ্যাপ্ত অব্যৱহৃত হৈ আছিল, য’ত অৰ্থনীতি শক্তিশালী অৱস্থাত থকাত জীৱন ধাৰণৰ মান উন্নত আৰু সহজ আছিল তেনে স্থানলৈ জীৱন আৰু জীৱিকাৰ তাড়নাত বিভিন্ন স্থানৰপৰা অনুপ্ৰৱেশ ঘটিছে বা ঘটিছিল সি বাস্তৱ সত্য। অতীতত আমাৰ অসম ভূখণ্ডলৈও উদ্ভাৱন বা নতুন এখন ৰাজ্য প্ৰতিষ্ঠা বা উৰ্বৰা ভূখণ্ডত সহজ বসবাসৰ বাবে বিভিন্ন সময়ত পূব, পশ্চিম বা উত্তৰ দিশৰপৰা বিভিন্ন জনগোষ্ঠীৰ আগমন ঘটিছিল। এনে আগমন বা অনুপ্ৰৱেশক কোনো অৱস্থাতেই সকলো সময়তে আদৰণি জনোৱা নাযায়। অসমলৈ পূৰ্ববংগ, পূৰ্বপাকিস্তান বা বৰ্তমানৰ বংগদেশৰপৰা বিভিন্ন সময়ত বৃহৎসংখ্যক জনগণৰ অনুপ্ৰৱেশ ঘটিছে সি বাস্তৱ সত্য। বাংলাদেশত জনসংখ্যা বৃদ্ধিৰ ফলত, এই ক্ষুদ্ৰ দেশত সীমিত ভূমিত জনবিস্ফোৰণ ঘটাত ৰাইজে বসবাসৰ বাবে তীব্ৰ সংগ্ৰাম কৰিবলগীয়া হৈছে। ক্ৰমান্বয়ে বসবাসৰ তীব্ৰ কঠিনতাৰ ফলত বাংলাদেশৰ মানুহ জীৱন আৰু জীৱিকাৰ তাড়নাত যিফালেই সুৰুঙা পাইছে বসবাসৰ বাবে ওলাই গৈছে। অসমৰ উৰ্বৰা ভূখণ্ডত তেওঁলোকৰ অনুপ্ৰৱেশৰ কাষতে থকাৰ ফলত অসমত জনগাঁথনিত হুমকিৰূপে পৰিৱৰ্তন ঘটিছে। আজি শেহতীয়াকৈ অনুপ্ৰৱেশকাৰীসকলৰ জনসংখ্যাই সংখ্যাগৰিষ্ঠতাত পৰিণত হোৱাৰ দিশত ধাৱিত হৈছে। এনে পৰিস্থিতিৰ বাবে অতীতৰেপৰা বসবাস কৰি অহা ভূমিপুত্ৰসকল শংকিত— নিজ জন্মভূমিত তেওঁলোকৰ অস্তিত্ব ত্ৰিপুৰা জনগণৰ দৰেই হ’ব নেকি? অসমত অবৈধ বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত ১৯৭৯ চনত যি আন্দোলন সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত চলিছিল, তাত দল-মত নিৰ্বিশেষে খিলঞ্জীয়া জনগণে সমৰ্থন জনাই অংশগ্ৰহণ কৰিছিল। আন্দোলনকাৰীৰ দাবী আছিল ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ সেই চনৰ পৰৱৰ্তীত অসমলৈ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি বহিষ্কাৰ কৰিব লাগিব। প্ৰকৃততে অবৈধ বিদেশী নাগৰিক বহিষ্কাৰৰ ভিত্তিবছৰ ১৯৫১ চন হোৱা হ’লে প্ৰায় চল্লিছ লাখৰো অধিক লোক চিনাক্তকৰণ হ’লহেঁতেন। সেইসকলক বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’লহেঁতেন সি সত্য। কিন্তু সেই চিনাক্তকৃতসকলক ভোটৰ অধিকাৰ খৰ্ব কৰি, ৰাষ্ট্ৰীয় সুযোগ-সুবিধা প্ৰাপ্তিৰপৰা বঞ্চিত আৰু সাংবিধানিক, ৰাজনৈতিক অধিকাৰৰপৰা বঞ্চিত কৰা হ’লে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভৱিষ্যৎ অস্তিত্বলৈ আমি হাহাকাৰ কৰিবলগীয়া নহ’লহেঁতেন।

১৯৮৫ চনৰ ১৫ আগষ্টৰ ঐতিহাসিক অসম চুক্তিৰ জৰিয়তে অসমে ইতিমধ্যে সত্তৰ লাখ অবৈধ অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰি আদৰি লৈ অসমৰ জনগাঁথনিক আমূল পৰিৱৰ্তন অনাত বাধ্য কৰিছে। আমি আজিও অনুভৱ কৰো অসম আন্দোলনৰ সময়ত অসমৰ সমূহ খিলঞ্জীয়া জাতি-জনগোষ্ঠী দল-মত, নীতি-আদৰ্শ নিৰ্বিশেষে ঐক্যবদ্ধ হৈ আন্দোলনৰ পক্ষত থিয় হোৱা হ’লে, ১৯৮৩ চনৰ বহুচৰ্চিত আৰু কলংকিত অসম বিধান সভাৰ নিৰ্বাচনত কিছু সুবিধাবাদী ৰাজনৈতিক দলে অংশগ্ৰহণ নকৰি জাতীয় বৃহত্তৰ স্বাৰ্থৰ পক্ষত বলিষ্ঠভাৱে থিয় হোৱা আজি অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক পৰিস্থিতিৰ পৰিৱৰ্তন হ’লহেঁতেন। অসমে পুনৰ নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ বাবেও হাবাথুৰি খাবলগীয়া নহ’লহেঁতেন। ১৯৫১ চন ভিত্তিবছৰ হোৱা হ’লে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে অস্তিত্বৰ সংকটৰ বাবে বিশেষ চিন্তিত হোৱাৰপৰা অন্ততঃ কিছুদিনলৈ ৰক্ষা পৰিলহেঁতেন। কিন্তু আমাৰে দুৰ্ভাগ্য অসমীয়া জাতিৰ জাতীয় সংকট কালত আমি ঐক্যবদ্ধ হ’ব নোৱাৰো।

বৰ্তমানৰ সময়ত অসমত খিলঞ্জীয়াৰ অস্তিত্ব লৈ চিন্তিত হোৱাৰ সময় হৈছে। অনুযায়ী ১৯৭১ চনৰ ২৪ মাৰ্চ ভিত্তি বছৰ গ্ৰহণ কৰা হয়। কিন্তু পৰিতাপৰ বিষয় ১৯৭১ চনৰ পৰৱৰ্তীত অসমলৈ প্ৰব্ৰজিত হোৱা লোকেও নিজকে অসমৰ খিলঞ্জীয়া লোক হিচাপে দাবী কৰিছে। আনহাতে অতদিনে অসমত অসমীয়া কোন? ইয়াৰ কোনো গ্ৰহণযোগ্য সংজ্ঞা নিৰ্ধাৰণ কৰিব নোৱৰাকৈ আমাৰ জাতীয় সংগঠনবিলাকৰ দুৰ্বলতাই প্ৰকাশিত হৈছে। খিলঞ্জীয়া কোন তাৰ গ্ৰহণযোগ্য এক সংজ্ঞা নথকাৰ ফলত অসমৰ খিলঞ্জীয়া জনগণে বাৰে বাৰে উজুটি খাবলগীয়া হৈছে। খিলঞ্জীয়া জনগণৰ মাজত ঐক্যবদ্ধতা নথকাৰ ফলত অসম বিৰোধী প্ৰতিক্ৰিয়াশীল চক্ৰই খিলঞ্জীয়াসকলৰ আত্মসন্মানত আঘাত হানি তেওঁলোকক নিঃশেষ কৰাৰ চক্ৰান্তত ব্যস্ত হৈ পৰিছে। এই চক্ৰই খিলঞ্জীয়াৰ জাতীয় সত্তা, ঐতিহ্য, ভাষা-সংস্কৃতিক উচ্ছেদত লাগি আছে। আক্ৰমণ কৰিছে বিজনী, চিলাপথাৰ আৰু নগাঁৱত, অসমৰ জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাক আঘাত হনাৰ লক্ষ্য কৰি গৌৰীপুৰত তেওঁলোকৰ কাৰ্যালয় ১ ফেব্ৰুৱাৰি, ১৮ তাৰিখে নিশাৰ অন্ধকাৰত জ্বলাই দিছে। অসমত অনুপ্ৰৱেশকাৰীসকলৰ প্ৰতিপত্তি বঢ়োৱাৰ বাবে নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব বিচাৰিছে। ভয়-ভীতি দেখুৱাই খিলঞ্জীয়া জনগোষ্ঠীক দমন কৰি ৰাখিব বিচাৰিছে। ইয়াক কেতিয়াও হ’বলৈ দিব নোৱাৰি। আমাৰ শৰীৰত এটোপাল তেজ থকালৈকে এই আগ্ৰাসনৰ বিৰুদ্ধে যুঁজ দি যাবলৈ মানসিকভাৱে প্ৰস্তুত। খিলঞ্জীয়াৰ প্ৰতি সন্মান, মৰ্যাদা প্ৰদৰ্শন কৰাৰ প্ৰয়োজনবোধ নকৰা হৈছে। এনে পৰিস্থিতিৰ তাগিদাতে খিলঞ্জীয়াৰ ঐক্যবদ্ধতাৰ অতীৱ প্ৰয়োজনীয়তা বাস্তৱত অনুধাৱন কৰিয়েই ২০১৭ চনৰ ২৮ আগষ্টত গুৱাহাটীস্থিত অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত জন্ম হয় ‘খিলঞ্জীয়া মঞ্চ, অসম’ৰ। খিলঞ্জীয়া মঞ্চ, অসমে সমূহ জাতীয় স্বাৰ্থতে খিলঞ্জীয়া জনগোষ্ঠীক ঐক্যবদ্ধ কৰি মাত মাতি যাব। খিলঞ্জীয়াৰ অস্তিত্ব ধ্বংসৰ বাবে প্ৰতিক্ৰিয়াশীল চক্ৰই চলোৱা প্ৰচেষ্টাক যিকোনো বিনিময়ত প্ৰতিৰোধ কৰিবলৈ চেষ্টা চলাই যোৱাৰ বাবেও অংগীকাৰবদ্ধ হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: খিলঞ্জীয়া
Anjan Sarma

Anjan Sarma

Related Posts

Who Really Controls the World? Legacy Wealth vs. Big Tech
World

Who Really Controls the World? Legacy Wealth vs. Big Tech

by PAHARI BARUAH
June 12, 2026
0

Who Really Controls the World? Legacy Wealth vs. Big Tech From the shadowy banking dynasties of the 1800s to today’s...

Read moreDetails
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

June 11, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 9, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

June 9, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

June 12, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
Could Earth Turn into Venus If CO2 Keeps Rising?

Could Earth Turn into Venus If CO2 Keeps Rising?

June 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34367 shares
    Share 13746 Tweet 8592
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15402 shares
    Share 6161 Tweet 3851
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    736 shares
    Share 294 Tweet 184
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    661 shares
    Share 264 Tweet 165
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3519 shares
    Share 1408 Tweet 880
  • মাধৱদেৱৰ সাহিত্যকৃতি

    705 shares
    Share 282 Tweet 176
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1040 shares
    Share 416 Tweet 260
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3822 shares
    Share 1529 Tweet 956
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6615 shares
    Share 2646 Tweet 1654
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4391 shares
    Share 1756 Tweet 1098
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d