• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

খিলঞ্জীয়া লোকৰ ঐক্য আৰু অস্তিত্ব সুৰক্ষাৰ উপায়

-মৃণাল হাজৰিকা

by Anjan Sarma
June 24, 2021
in Special Report
Reading Time: 3 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-মৃণাল হাজৰিকা |

ব্ৰিটিছৰ গোলামি শিক্ষা আৰু অপ-সংস্কৃতিৰদ্বাৰা গঢ় লোৱা অসমীয়াভাষিক মধ্যবিত্ত শ্ৰেণীৰ বৈষম্য, অন্যায়, বঞ্চনাৰ বাবেই অসমৰ জনগোষ্ঠীয় সমাজৰ অসমীয়া বিৰোধী খং, ক্ষোভৰ প্ৰতিফলন। সেয়েহে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰপৰা বিচ্ছিন্ন হোৱাৰ প্ৰৱণতা বৃদ্ধি পাই আহিছে। জনগোষ্ঠীয় সমাজত নতুনকৈ গঢ় লোৱা মধ্যবিত্ত শ্ৰেণীয়ে এই বিচ্ছিন্নতাৰ দাবীক নেতৃত্ব দিবলৈ লৈছে। সেইদৰে ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থা আৰু ইয়াৰ সংবিধানৰ অতিকেন্দ্ৰিক শাসন ব্যৱস্থায়ো জনগোষ্ঠীয় সমাজৰ বঞ্চনা আৰু বৈষম্যক অধিক তৰান্বিত কৰি ৰাখিছে। এই বাস্তৱ সত্যৰ ভিত্তিত সঠিক নীতি আৰু কৰ্মপন্থা গ্ৰহণৰ ক্ষেত্ৰত একমত নহ’লে খিলঞ্জীয়াৰ ঐক্য যিদৰে সম্ভৱ নহয়, সেইদৰে বিচ্ছিন্ন বা একক প্ৰচেষ্টাৰেও কোনো খিলঞ্জীয়া গোষ্ঠীয়ে নিজ প্ৰাপ্য আদায় কৰাটোও আজিৰ তাৰিখত সম্ভৱ হৈ থকা নাই। বিগত সময়ত অসম ভূখণ্ডত খিলঞ্জীয়া লোকৰ অস্তিত্বৰ সুৰক্ষাৰ ক্ষেত্ৰত সশস্ত্ৰ আৰু নিৰস্ত্ৰভাৱে যিমানবোৰ সংগ্ৰাম হৈছে সেই সকলোৰে পৰিণতি চূড়ান্ত সফলতাৰপৰা বহু দূৰৈত স্তব্ধ হ’বলৈ বাধ্য হৈ আহিছে। ঐক্যবদ্ধ প্ৰতিৰোধ সংগ্ৰাম অবিহনে ই কেতিয়াও সফল হ’ব নোৱাৰে বুলি ইতিমধ্যেই প্ৰমাণ হৈ গৈছে। ইমানৰ পিছতো যিসকল নেতা বা সংগঠনে এই বাস্তৱ সত্যক উপলব্ধি কৰি ঐক্যবদ্ধ হ’বলৈ চেষ্টা নকৰে, সেইসকলে অপ্ৰিয় হ’লেও সত্য— “হয় তেওঁলোকে ব্যক্তিগত স্বাৰ্থত উট চৰাইৰ ভূমিকা লৈছে, নহয় ৰাষ্ট্ৰৰ পক্ষত থাকি পৰোক্ষ সহযোগ কৰি আছে।”

নিৰ্দিষ্ট লক্ষ্যপ্ৰাপ্তিৰ বাবে চলাই যোৱা দীৰ্ঘম্যাদী সংগ্ৰামৰ পিছত শেষ সময়লৈকে সহযোগ কৰিবলৈ এক অৰ্থনৈতিক শক্তি অপৰিহাৰ্য। আৰ্থিক সহযোগ কৰা শক্তি অবিহনে বহিৰাগত ব্যৱসায়ীৰ দান-বৰঙণিৰে দীৰ্ঘম্যাদী সংগ্ৰাম সফল কেতিয়াও হ’ব নোৱাৰে। এই নিৰ্দিষ্ট কাৰণৰ বাবেই সময়ত এনে সংগ্ৰামে আপোচ কৰিবলৈ বাধ্য হয়। ব্ৰিটিছ বিৰোধী ভাৰতীয় স্বাধীনতা আন্দোলনকে ধৰি বিশ্বৰ বুকুত গঢ় লোৱা প্ৰায়বোৰ সংগ্ৰামী ইতিহাসত ইয়াৰ প্ৰমাণ বিদ্যমান হৈ আছে। জাতীয় মুক্তি সংগ্ৰামসমূহত জাতীয় পুঁজিপতি শ্ৰেণীৰ সহযোগ যিদৰে বিদ্যমান সেইদৰে সমাজবাদ প্ৰতিষ্ঠাৰ সংগ্ৰামতো বহিঃশক্তিৰ সহযোগ বিদ্যমান। কিন্তু ইয়াৰ বিপৰীতে অসমত গঢ় লোৱা সংগ্ৰামসমূহত কেৱল বহিৰাগত ব্যৱসায়ীৰ দান-বৰঙণিৰ ওপৰত নিৰ্ভৰ কৰি থকাৰ বাবে প্ৰতিটো সংগ্ৰামেই আপোচেৰে পৰিসমাপ্তি ঘটা দেখা যায়।

অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্বৰ সংকটৰ কাৰণসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে— ১) ভাৰত ৰাষ্ট্ৰৰ বৈষম্যমূলক আচৰণ, ২) অবাধ বিদেশী আৰু ভাৰতীয় লোকৰ প্ৰব্ৰজন, ৩) অসমৰ অৰ্থনীতি আৰু বজাৰ ব্যৱস্থা বিদেশী আৰু বহিৰাগত লোকৰ নিয়ন্ত্ৰণত থকা, ৪) খিলঞ্জীয়া জাতি, জনগোষ্ঠীৰ মাজৰ অনৈক্য। ইয়াৰ ফলশ্ৰুতিত সকলো দল, সংগঠন আৰু জনগোষ্ঠীসমূহৰ লক্ষ্য, উদ্দেশ্য আৰু আশা-আকাংক্ষা সুকীয়া সুকীয়া হ’বলৈ বাধ্য। কিন্তু ইমানৰ পিছতো নিৰ্দিষ্ট কিছু বিষয়ত সকলো জনগোষ্ঠীৰ আশা-আকাংক্ষা আৰু দৃষ্টিভংগী একেই হোৱা দেখা যায়।

১) নিজ জনগোষ্ঠীৰ অস্তিত্ব, পৰিচয় বৰ্তাই ৰাখি সকলোৰে লগত সমানে আগবাঢ়ি যোৱাৰ আকাংক্ষা, ২) সৰু-বৰ সকলো জনগোষ্ঠীয়ে সমান মৰ্যাদা, সমান অধিকাৰ আৰু সমান বিকাশৰ আকাংক্ষা, ৩) অসমৰ শাসন ব্যৱস্থা আৰু অৰ্থনৈতিক ব্যৱস্থাত সমান অধিকাৰৰ আকাংক্ষা। আধুনিক সমাজ ব্যৱস্থাত পিছপৰি থকা আৰু জনসংখ্যাগতভাৱে সৰু জনগোষ্ঠীসমূহৰ এই আকাংক্ষাক সকলো জাতি-জনগোষ্ঠীয়ে সহমৰ্মিতাসহ ঐক্যমত পোষণ কৰাৰ ওপৰতহে ‘খিলঞ্জীয়াৰ ঐক্য’ নিৰ্ভৰশীল। ব্ৰিটিছ আগমনৰ পিছত গঢ় লোৱা অসমীয়াভাষিক মধ্যবিত্ত শ্ৰেণীয়ে অসমৰ শাসন ব্যৱস্থা, শিক্ষা-দীক্ষা, চাকৰি, আন্তঃগাঁথনিগত উন্নয়নৰ সকলো ক্ষমতা, অধিকাৰ আৰু সুবিধা হস্তগত কৰাৰ সুবিধা পোৱাৰ বিপৰীতে পিছপৰি ৰোৱা জনগোষ্ঠীসমূহ বঞ্চিত হৈ ৰ’বলৈ বাধ্য হৈ পৰিল। ফলত জাতি গঠন প্ৰক্ৰিয়াত ভাঙোন অহাৰ লগতে অসমীয়াভাষিক লোকৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ হ’বলৈ ল’লে।

ক) উচ্চ সদনঃ

গঠনঃ (১) অসমৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহ (খিলঞ্জীয়া মঞ্চ, অসমে ঘোষণা কৰা খিলঞ্জীয়া লোকসকলৰ প্ৰতিটো গোষ্ঠীৰ প্ৰতিনিধি), ভাৰতীয় মূলৰ লোক আৰু বিদেশী ৰাষ্ট্ৰৰপৰা আহি অসমীয়া হৈ পৰা লোকৰ প্ৰতিনিধিক লৈ সকলোৰে সমান প্ৰতিনিধিযুক্ত এখন ‘উচ্চ সদন’ গঠনৰ প্ৰস্তাৱ।

(২) প্ৰতিটো জনগোষ্ঠীয়ে দুজনকৈ নিজ প্ৰতিনিধি উচ্চ সদনলৈ পঠাব।

(৩) ক্ষুদ্ৰ (জনসংখ্যাগতভাৱে কম) জনগোষ্ঠীসমূহে নিজ প্ৰতিনিধিক মনোনীত কৰিব পাৰিব আৰু বৃহৎ জনসংখ্যাৰ জনগোষ্ঠীসমূহে নিজ গোষ্ঠীৰ ‘গণ ভোট’ৰ জৰিয়তে প্ৰতিনিধি নিৰ্বাচন কৰি প্ৰেৰণ কৰিব পাৰিব।

৪) ‘উচ্চ সদন’ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে গঠন হ’ব।

(৫) দেশৰ উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত উচ্চ সদনৰ নিৰ্বাচন আৰু শপত গ্ৰহণ হ’ব।

(৬) প্ৰয়োজনত নিজ জনগোষ্ঠীয়ে নিজ প্ৰতিনিধিক ঘূৰাই আনিব আৰু সলনি কৰিব পাৰিব। নিজ প্ৰতিনিধি সলনি কৰিব বিচাৰিলে উচ্চ সদনৰ অধ্যক্ষক বিধিগতভাৱে অৱগত কৰিব লাগিব আৰু অধ্যক্ষই সদনৰ আলোচনা মৰ্মে ইয়াৰ সিদ্ধান্ত আৰু ব্যৱস্থা ল’ব পাৰিব।

(৭) উচ্চ সদনৰ সদস্যসকলে প্ৰতি দুবছৰৰ বাবে এজন অধ্যক্ষ, এজন উপাধ্যক্ষ আৰু এজন সদস্য সচিব নিৰ্বাচন কৰি ল’ব পাৰিব।

ক্ষমতাঃ

(১) উচ্চ সদন সম্পূৰ্ণ স্বতন্ত্ৰ হ’ব। কোনো চৰকাৰে (কেন্দ্ৰীয় আৰু ৰাজ্য) নিজ ইচ্ছামতে ইয়াক ভংগ বা গঠন কৰিব নোৱাৰিব। উচ্চ সদন কেৱল প্ৰতিনিধি প্ৰেৰণ কৰা গোষ্ঠীসমূহৰ ওচৰতহে দায়বদ্ধ থাকিব।

(২) কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰয়োগ কৰিব বিচৰা সকলো আইন আৰু আঁচনি উচ্চ সদনলৈ প্ৰেৰণ কৰিব লাগিব আৰু উক্ত আইন বা আঁচনি অসমৰ জনগণৰ স্বাৰ্থত হয় নে নহয় তাৰ বিবেচনা কৰি প্ৰয়োগৰ অনুমতি দিলেহে সংশ্লিষ্ট চৰকাৰে তাক প্ৰয়োগ কৰিব পাৰিব। আইন বা আঁচনি যদি সংশোধনৰ বাবে উচ্চ সদনে ঘূৰাই পঠায়, তেন্তে তেনে সংশোধন কৰিবলৈ সংশ্লিষ্ট চৰকাৰ বাধ্য থাকিব।

(৩) পূৰ্বৰ দৰে কাৰ্যপালিকাৰ ক্ষমতা ৰাজ্য চৰকাৰৰেই থাকিব যদিও উচ্চ সদনৰ আগতীয়া অনুমোদন আৰু প্ৰয়োজনত দিহা-পৰামৰ্শ আৰু সহযোগ ৰাজ্য চৰকাৰে উচ্চ সদনৰপৰা বিচাৰিব পাৰিব।

(৪) উচ্চ সদনৰ কাৰ্যপালিকাৰ ব্যৱস্থা নাথাকিলেও ৰাজ্যত কোনো জটিল বিষয়ত দ্বন্দ্ব, সংঘাত হ’লে বা আন ৰাজ্যৰ লগত কিবা সমস্যাৰ সৃষ্টি হ’লে উচ্চ সদনে ৰাজ্য চৰকাৰক সমাধানত সহযোগ কৰিব আৰু প্ৰয়োজনত জনমত গঠনত সহযোগ কৰিব।

(৫) পৰিস্থিতি সাপেক্ষে প্ৰয়োজনত উচ্চ সদনে বিশেষজ্ঞ ব্যক্তিক উচ্চ সদনত সাময়িকভাৱে নিয়োগ কৰি দিহা-পৰামৰ্শ ল’ব পাৰিব।

(৬) উচ্চ সদনৰ যাৱতীয় খৰচ নিৰ্দিষ্ট বাজেট অনুসৰি ৰাজ্য চৰকাৰে প্ৰতি বছৰে বহন কৰিবলৈ বাধ্য থাকিব আৰু প্ৰতি বছৰৰ খৰচৰ হিচাপ সেইদৰে ৰাজ্য চৰকাৰক উচ্চ সদনে জমা দিব।

(৭) অসমৰ সকলো প্ৰাকৃতিক সম্পদ, মাটি, পানীৰ ওপৰত সম্পূৰ্ণ কৰ্তৃত্ব উচ্চ সদনৰ থাকিব। অসমৰ ভূমি, প্ৰাকৃতিক সম্পদ, পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নিৰ্দিষ্ট আঁচনিৰ ভিত্তিত উচ্চ সদনৰপৰা অনুমতি ল’ব লাগিব।

খ) জনগোষ্ঠীয় আঞ্চলিক স্বায়ত্ত শাসন (পৰিষদ)ঃ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে নিজেই নিজক শাসন কৰা আৰু বিকাশ ঘটোৱাৰ অধিকাৰ আছে। ২০০৬ চনৰ ২৯ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ ৬১ সংখ্যক সাধাৰণ অধিৱেশনত গ্ৰহণ কৰা প্ৰস্তাৱ un-drip (united Nations declaration on the rights of indigenous proples) ২০০৭ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে ভাৰত চৰকাৰেও সন্মতি জনাই স্বাক্ষৰ প্ৰদান কৰিছিল। উক্ত un-dripৰ ৩ আৰু ৪ নং দফাত সন্নিৱিষ্ট (3. Indigenous peoples have the right to self determination. By virtue of the right they freely determine their political status and freely pursue their economic, social and cultural development. 4. Indigenous peoples, in exercising their right to self determination, have the right to autonomy or self government in matters relating to their internal and local affairs, as well as ways and means for financing their autonomous functions.) অধিকাৰ অনুসৰি ‘জনগোষ্ঠীয় আঞ্চলিক স্বায়ত্ত শাসন’ ব্যৱস্থা প্ৰতিষ্ঠাৰ জৰিয়তে নিজেই নিজক শাসন আৰু বিকাশ ঘটোৱাৰ সুবিধা প্ৰদান কৰা হ’ব। আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰী কৰাৰ ক্ষমতা যিহেতু জনগোষ্ঠীয় আঞ্চলিক স্বায়ত্ত শাসন ব্যৱস্থাৰ অন্তৰ্গত হ’ব, গতিকে আনৰ অন্যায়, বঞ্চনাৰ সন্মুখীন হোৱা অভিযোগৰপৰা বঞ্চিত হ’বলৈ বাধ্য হ’ব।

গঠনঃ (১) যি অঞ্চলত নিৰ্দিষ্ট জনগোষ্ঠীৰ সৰ্ববৃহৎ জনসংখ্যাৰ অৱস্থান আছে সেই অঞ্চলক সাঙুৰি সেই জনগোষ্ঠীৰ আঞ্চলিক স্বায়ত্ত শাসন ব্যৱস্থা গঢ় দিয়া হ’ব। আৰু সেই জনগোষ্ঠীৰ সিঁচৰতি হৈ থকা জনসমষ্টিক উপগ্ৰহীয় স্বায়ত্ত শাসন ব্যৱস্থাৰে সাঙুৰি ল’ব।

(২) জনগোষ্ঠীয় আঞ্চলিক স্বায়ত্ত শাসন ব্যৱস্থাই নিজ জনগোষ্ঠীৰ উন্নয়নৰ বাবে নিজেই আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰী কৰিব আৰু ৰাজ্য চৰকাৰে ধন মোকোলাই দিব।

(৩) প্ৰতিখন জনগোষ্ঠীয় আঞ্চলিক স্বায়ত্ত শাসন ব্যৱস্থাৰ কাম-কাজ তদাৰক কৰাৰ বাবে ৰাজ্য চৰকাৰে একোজন উচ্চ পৰ্যায়ৰ বিষয়া নিয়োগ কৰিব।

(৪) প্ৰতিটো জনগোষ্ঠীয়ে প্ৰতি চাৰি বছৰৰ বাবে গণভোটৰ জৰিয়তে উচ্চ সদনৰ প্ৰতিনিধি নিৰ্বাচনৰ লগতে জনগোষ্ঠীয় আঞ্চলিক স্বায়ত্ত শাসনৰ বাবে দহজন প্ৰতিনিধি নিৰ্বাচন কৰিব।

(৫) দহজনীয়া প্ৰতিনিধিযুক্ত সদনত সদস্যসকলে এজন মুখ্য কাৰ্যবাহী বিষয়া, এজন উপকাৰ্যবাহী বিষয়া আৰু এজন সদস্য সচিব নিৰ্বাচন কৰি ল’ব পাৰিব।

ক্ষমতাঃ (১) জনগোষ্ঠীয় আঞ্চলিক স্বায়ত্ত শাসন (পৰিষদ) সেই জনগোষ্ঠীৰ গণভোটৰদ্বাৰাহে গঠন হ’ব। ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে নিজ ইচ্ছামতে ইয়াক ভংগ বা গঠন কৰিব নোৱাৰিব।

(২) উচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত গণভোট অনুষ্ঠিত হ’ব আৰু উচ্চ সদনৰ নিৰ্বাচিত প্ৰতিনিধিয়ে শপত গ্ৰহণ কৰোৱাব।

(৩) জনগোষ্ঠীয় আঞ্চলিক স্বায়ত্ত পৰিষদে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে উচ্চ সদনৰ প্ৰতিনিধিৰ জৰিয়তে উচ্চ সদনক অৱগত কৰিব আৰু প্ৰয়োজনত সমস্যা মীমাংসাৰ বাবে উচ্চ সদনে ৰাজ্য চৰকাৰৰ জৰিয়তে মীমাংসাৰ ব্যৱস্থা কৰিব।

(৪) কোনো জনগোষ্ঠীয় পৰিষদৰ কাম-কাজ সন্তোষজনক নহ’লে ৰাজ্য চৰকাৰে উচ্চ সদনক অভিযোগ দাখিল কৰিব আৰু উচ্চ সদনে প্ৰয়োজন হ’লে তেনে পৰিষদ ভংগ কৰি পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাব পাৰিব।

(৫) আঁচনি অনুসৰি ৰাজ্য চৰকাৰে মোকোলাই দিয়া ধনৰ সম্পূৰ্ণ হিচাপ ৰাজ্য চৰকাৰক দাখিল কৰিব লাগিব।

(৬) জনগোষ্ঠীয় আঞ্চলিক স্বায়ত্ত পৰিষদৰ অন্তৰ্গত এলেকাৰ বিভিন্ন উৎসৰপৰা ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰপৰা এটা অংশ পোৱাৰ সুবিধা থাকিব। এই ক্ষেত্ৰত উচ্চ সদনে ৰাজ্য চৰকাৰৰ লগত আলোচনা মৰ্মে শতাংশ নিৰ্ধাৰণ কৰি দিব।

(৭) প্ৰতিখন জনগোষ্ঠীয় স্বায়ত্ত পৰিষদৰ দহজন কাৰ্যবাহী সদস্যৰ দৰমহা আৰু কাৰ্যালয় খৰচৰ বাবে স্থানীয় ৰাজহৰপৰা ব্যয় কৰাৰ বাবে উচ্চ সদন আৰু ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিব লাগিব।

(গ) সুকীয়া ৰাজ্যৰ দাবীঃ অসমৰ ভৌগোলিক ক্ষেত্ৰৰপৰা বিচ্ছিন্ন হৈ সুকীয়া ৰাজ্যৰ দাবী কৰি থকা জনগোষ্ঠীৰ ক্ষেত্ৰত অসমৰ ভিতৰতে নিৰ্দিষ্ট চৰ্ত সাপেক্ষে সুকীয়া ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিব পৰা যায়। State within State এই আৰ্হিত অসমৰ ভিতৰতেই সুকীয়া ৰাজ্যৰ স্বীকৃতি প্ৰদান কৰিব পাৰি। ৰাজ্যৰ গৃহ বিভাগ আৰু প্ৰাকৃতিক সম্পদৰ অধিকাৰ বাদ দি সকলো ক্ষমতা দাবী কৰা ৰাজ্যক দিব পৰা যায়। অসমৰ ভিতৰতে সুকীয়া ৰাজ্য প্ৰদান কৰাৰ ক্ষেত্ৰত নিৰ্দিষ্ট চৰ্ত পূৰণ বাধ্যতামূলক হ’ব। নিম্নোক্ত চৰ্তসমূহ সাংবিধানিক বৈধতাৰে পূৰণ হোৱাটো বাধ্যতামূলক হ’ব।

(১) প্ৰস্তাৱিত অসমৰ উচ্চ সদনত সুকীয়া ৰাজ্য দাবী কৰা জনগোষ্ঠীসমূহৰ সমান প্ৰতিনিধি থাকিব।

(২) সুকীয়া ৰাজ্যৰ দাবী কৰা এলেকাত থকা প্ৰাকৃতিক সম্পদ, বায়ু, পানীৰ ওপৰত কৰ্তৃত্ব উচ্চ সদনৰহে থাকিব।

(৩) সুকীয়া ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ পূৰ্বে ইয়াৰ চাৰিসীমা সৰ্বসন্মতভাৱে সিদ্ধান্ত হ’ব লাগিব।

(৪) ৰাজ্যৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে অসম চৰকাৰৰ হাততেই ন্যস্ত থাকিব। ভূমিকে আদি কৰি বাকী সকলো ক্ষমতা সুকীয়া ৰাজ্য দাবী কৰা জনগোষ্ঠীৰ হাতত ন্যস্ত হ’ব। কিন্তু গৃহ বিভাগৰ যাৱতীয় খৰচ তেওঁলোকে নিজ বাজেটৰপৰা ৰাজ্য চৰকাৰক প্ৰদান কৰিব লাগিব।

(৫) প্ৰস্তাৱিত সুকীয়া ৰাজ্যই প্ৰত্যক্ষভাৱে কেন্দ্ৰীয় চৰকাৰক বাজেট দাখিল কৰিব।

(৬) প্ৰস্তাৱিত সুকীয়া ৰাজ্যত বসবাস কৰা অন্যান্য খিলঞ্জীয়া লোকসকলৰ বাবে শাসন ব্যৱস্থা, চাকৰি, শিক্ষা আদি সকলো দিশতে ৩০ শতাংশ আসন সংৰক্ষণ থকাৰ লগতে অন্যান্য গোষ্ঠী আৰু ভাৰতীয় মূলৰ লোকৰ বাবেও ১০ শতাংশ আসন সংৰক্ষণ হ’ব লাগিব।

(৭) প্ৰস্তাৱিত সুকীয়া ৰাজ্যৰ ভিতৰত বসবাস কৰা অন্যান্য খিলঞ্জীয়া গোষ্ঠীসমূহক সেই জনগোষ্ঠীসমূহৰ আঞ্চলিক স্বায়ত্ত শাসন ব্যৱস্থায়ো সাঙুৰি ল’ব।

(৮) প্ৰস্তাৱিত সুকীয়া ৰাজ্যত সেই জনগোষ্ঠীৰ ভাষা প্ৰধান ভাষা হ’ব আৰু অসমীয়া আৰু ইংৰাজী দ্বিতীয় প্ৰধান ভাষা হিচাপে মান্যতা থাকিব। সেইদৰে শিক্ষাৰ মাধ্যম, বিদ্যালয় আৰু চৰকাৰী কাৰ্যালয় এই নীতিৰ আধাৰত পৰিচালিত হ’ব।

(৯) প্ৰস্তাৱিত সুকীয়া ৰাজ্যৰ ৰাজধানীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ একোটা শাখা থাকিব আৰু সেই শাখাৰ অধীনত জিলা সদৰবিলাকত নিম্ন আদালত স্থাপন হ’ব।

(ঘ) অসমৰ অৰ্থনীতি আৰু অৰ্থনৈতিক লেন-দেনঃ এটা জাতিৰ শক্তি, ইয়াৰ অস্তিত্ব, স্বকীয়তা আৰু সমন্বয় সেই জাতিৰ অৰ্থনৈতিক ভেটি কিমান শক্তিশালী তাৰ ওপৰতহে নিৰ্ভৰ কৰে। যি জাতিৰ অৰ্থনৈতিক ভেটি সবল, যি জাতিয়ে সেই ভূখণ্ডৰ বজাৰ ব্যৱস্থা নিয়ন্ত্ৰণ কৰে, সেই জাতিয়ে তাৰ স্বকীয়তা হেৰুওৱাৰ আশংকাত বা অস্তিত্ব হেৰুওৱাৰ আশংকাত ভুগিব লগা নহয়। যি জাতিয়ে নিজৰ বজাৰ ব্যৱস্থা নিয়ন্ত্ৰণ কৰে আৰু নিজ উৎপাদিত সামগ্ৰীৰে আন জনগোষ্ঠীৰ লগত লেন-দেন কৰে, সেইসকলৰ মাজৰ ঐক্য আৰু সমন্বয় কেতিয়াও বিঘ্নিত হোৱাৰ সম্ভাৱনা নাথাকে। পূৰ্বৰ সামন্ত যুগত আৰু আহোম প্ৰশাসনৰ সময়ত এই ভূখণ্ডৰ বিভিন্ন জনগোষ্ঠীৰ মাজত থকা অৰ্থনৈতিক লেন-দেনৰ বাবে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া, অসমীয়া ভাষা, কলা-কৃষ্টিৰ সম্প্ৰসাৰণ হৈছিল। এনে লেন-দেনৰ ফলতেই অসমীয়া ভাষা পাহাৰ অঞ্চললৈ সম্প্ৰসাৰণ হৈছিল। কিন্তু ব্ৰিটিছ আগমনৰ পৰৱৰ্তী পৰ্যায়ত এই বজাৰ ব্যৱস্থা আৰু অৰ্থনৈতিক ব্যৱস্থা হিন্দীভাষিক ব্যৱসায়িক গোষ্ঠীৰ নিয়ন্ত্ৰণলৈ যোৱাৰ লগে লগে খিলঞ্জীয়া জাতি, জনগোষ্ঠীৰ মাজত থকা সম্পৰ্ক বিচ্ছিন্ন হৈ পৰিল। ফলশ্ৰুতিত হিন্দী ভাষা, কলা-কৃষ্টিৰ আগ্ৰাসনৰ লগতে খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মাজৰ ঐক্য, সম্প্ৰীতি বিনষ্ট হ’বলৈ ল’লে। বৰ্তমানৰ অৱস্থা এনে পৰ্যায়লৈ গতি কৰিলে যে— বহু সময়ত নিজ তেজ-মঙহৰ সম্পৰ্ক থকা জনগোষ্ঠীসমূহতকৈ প্ৰব্ৰজিত ব্যৱসায়িক গোষ্ঠীৰ প্ৰতিহে বেছি ওচৰ সম্পৰ্ক বিচাৰি পোৱা দেখা যায়। অসমৰ অৰ্থনীতি হিন্দী বলয়ৰ নিয়ন্ত্ৰণলৈ গুচি যোৱাৰ লগে লগে হিন্দী ভাষা, ধৰ্ম, কলা-কৃষ্টি আনকি অসমৰ ৰাজনীতিও তেওঁলোকৰ নিয়ন্ত্ৰণলৈ যাবলৈ বাধ্য হ’ল। গতিকে এই আগ্ৰাসনৰপৰা পৰিত্ৰাণ পাবলৈ হ’লে আৰু খিলঞ্জীয়া সকলো জাতি- জনগোষ্ঠীৰ অস্তিত্ব পুনৰুদ্ধাৰ কৰিবলৈ হ’লে—

(১) অসমৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে নিজ উৎপাদিত সামগ্ৰীসমূহ নিজৰ মাজত প্ৰত্যক্ষভাৱে কিনা-বেচা কৰিব পৰাকৈ সজাগতা সৃষ্টি কৰাৰ লগতে, বজাৰ ব্যৱস্থা গঢ় দিয়াৰ ব্যৱস্থা কৰা। এনে ব্যৱস্থাত বিদেশী আৰু বহিৰাগত ব্যৱসায়ীৰ লেন-দেন কৰাত নিষিদ্ধ কৰা।

(২) গ্ৰামাঞ্চলত অসমৰ কৃষকে উৎপাদন কৰা সামগ্ৰী কম দামত ক্ৰয়-বিক্ৰয় কৰিবলৈ প্ৰৱেশ কৰা মধ্যভোগী বহিৰাগত ব্যৱসায়ীৰ প্ৰৱেশ নিষিদ্ধ কৰা আৰু এনে মধ্যভোগী ব্যৱসায় খিলঞ্জীয়া লোকক কৰিবলৈ উৎসাহিত কৰা।

(৩) খিলঞ্জীয়া লোকৰ অধ্যুষিত এলেকাত খিলঞ্জীয়া কৃষকে উৎপাদন কৰা সামগ্ৰী শীতল ভঁৰালত সংৰক্ষণ কৰিব পৰাকৈ শীতল ভঁৰাল নিৰ্মাণত গুৰুত্ব প্ৰদান কৰা।

(৪) অসমৰ বজাৰ ব্যৱস্থা খিলঞ্জীয়াৰ নিয়ন্ত্ৰণলৈ আনিব পৰাকৈ ৰাজ্য চৰকাৰক আঁচনি গ্ৰহণ কৰিবলৈ বাধ্য কৰা।

(৫) খিলঞ্জীয়া ব্যৱসায়িক পুঁজিপতি পৰ্যায়লৈ উত্তৰণ ঘটোৱাৰ বাবে উৎসাহিত কৰা আৰু সহযোগ কৰা।

(৬) উত্তৰ-পূৰ্বাঞ্চলৰ চুবুৰীয়া ৰাজ্যকেইখনৰ মাজত আমদানি-ৰপ্তানিৰ প্ৰত্যক্ষ ব্যৱস্থা গঢ় দিবলৈ বাণিজ্যিক চুক্তি আৰু নিৰ্দিষ্ট আঁচনি গ্ৰহণ কৰোৱাৰ ব্যৱস্থা কৰা।

(৭) উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশৰ বাবে টমু-ম’ৰে আৰু লিডু-পাঞ্চু পথ (Steel-well) গধুৰ যান-বাহনৰ বাবে উপযোগী হোৱাকৈ নিৰ্মাণ কৰি বাণিজ্যিক দুৱাৰ খোলাৰ ব্যৱস্থা কৰা।

(ঙ) অসম বিধান সভা আৰু লোকসভাৰ ৮০ শতাংশ আসন খিলঞ্জীয়া লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা।

(চ) অসমক জনজাতীয় ৰাজ্যৰ স্বীকৃতি প্ৰদান কৰি ইয়াৰ ভূমি, পানী আৰু প্ৰাকৃতিক সম্পদৰ কৰ্তৃত্ব অসমক প্ৰদান কৰা।

(ছ) অসমৰ সকলো চৰকাৰী, বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ চাকৰি ৯০ শতাংশ খিলঞ্জীয়া লোকৰ বাবে সংৰক্ষণ বাধ্যতামূলক কৰি আইন প্ৰস্তুত কৰা।

(জ) অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত প্ৰয়োগ হোৱা সকলো ক’লা আইন বাতিলৰ ব্যৱস্থা কৰা।

(ঝ) অসমৰ সীমান্তৱৰ্তী ৰাজ্যৰ লগত থকা সকলো সীমা বিবাদ নিষ্পত্তি কৰি স্থায়ী সমাধানৰ ব্যৱস্থা কৰা।

(ঞ) ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱা সকলো অবৈধ নাগৰিকক গ্ৰেপ্তাৰ কৰি Detention Camp-ত ৰখাৰ ব্যৱস্থা কৰি সেইসকলক পৰ্যায়ক্ৰমে নিজ দেশলৈ বিতাড়নৰ ব্যৱস্থা কৰা।

(ট) অসম-বাংলাদেশ আৰু ভাৰত-বাংলাদেশ সীমান্ত সম্পূৰ্ণ বন্ধ কৰি সীমান্তৰ নিৰাপত্তাৰ দায়িত্ব উত্তৰ-পূৰ্বাঞ্চলৰ যুৱকৰদ্বাৰা গঠিত নিৰাপত্তা বাহিনীক দায়িত্ব অৰ্পণ কৰা।

(ঠ) সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মাজত চলি থকা অন্ধবিশ্বাস, কু-সংস্কাৰ ক্ৰমান্বয়ে নাইকিয়া কৰি বিজ্ঞানসন্মত সমাজ ব্যৱস্থা গঢ় দিয়া।

(ড) ১৮৮৬ চনৰ ‘অসম ভূমি আৰু ৰাজহ আইন’ৰ সম্পূৰ্ণ সংশোধন ঘটাই অসমৰ খিলঞ্জীয়া লোকৰ বাদে আন লোকে অসমৰ ভূমিৰ ক্ৰয়-বিক্ৰয় সম্পূৰ্ণ নিষিদ্ধ কৰা। বৰ্তমানে যিসমূহ ভূমি আন মানুহৰ নামত আছে, সেইসকলে খিলঞ্জীয়া লোকৰ বাহিৰে আন লোকক ভূমি বিক্ৰী কৰা নিষিদ্ধ কৰা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: খিলঞ্জীয়া
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 31, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 31, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

May 28, 2026
Making Mindfulness a Part of the Contemporary Age

Making Mindfulness a Part of the Contemporary Age

May 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

June 7, 2026
From universities to influence networks: Russia’s long-term strategy for India

From universities to influence networks: Russia’s long-term strategy for India

June 7, 2026
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34013 shares
    Share 13605 Tweet 8503
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15189 shares
    Share 6076 Tweet 3797
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    644 shares
    Share 258 Tweet 161
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    552 shares
    Share 221 Tweet 138
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3508 shares
    Share 1403 Tweet 877
  • মাধৱদেৱৰ সাহিত্যকৃতি

    694 shares
    Share 278 Tweet 174
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1012 shares
    Share 405 Tweet 253
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3802 shares
    Share 1521 Tweet 951
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6594 shares
    Share 2638 Tweet 1649
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d