• দিলীপ দৈমাৰী
ত্ৰিপুৰাৰ ৰাজনৈতিক অশান্তি গৈ গৈ উচ্চতম ন্যায়ালয়ৰ মজিয়া পালেগৈ। তৃণমূলে উচ্চতম ন্যায়ালয়ত তৰা গোচৰটো সোমবাৰে গৃহীত হ’ল আৰু মঙলবাৰে শুনানী হ’ব। তৃণমূল(TMC)ৰ অভিষেক বন্দ্যোপাধ্যায়ৰ মিচিলক অনুমতি নিদিয়া, তৃণমূলক বাধা দিয়া ইত্যাদি বিষয়ক লৈ তৰা গোচৰ সোমবাৰে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰাৰ বিষয়টো গুৰুত্বপূৰ্ণ হৈ পৰিছে এইবাবেই যে ইতিপূৰ্বেও তৃণমূলে তৰা অইন এক গোচৰৰ পটভূমিত উচ্চতম ন্যায়ালয়ে কৈছিল যে পৌৰসভাৰ ভোট অবাধ আৰু সুস্থভাৱে সম্পন্ন কৰিব লাগিব তথা প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীক যথাযথ নিৰাপত্তা দিব লাগিব। কিন্তু কাৰ্যক্ষেত্ৰত ত্ৰিপুৰাৰ বিজেপি চৰকাৰে সেই নিৰ্দেশ পালন নকৰিলে বাবেই পুনৰ এই গোচৰ! কাৰণ বাৰম্বাৰ আগৰতলাত পৌৰসভাৰ নিৰ্বাচনৰ প্ৰচাৰকাৰ্যত তৃণমূল কংগ্ৰেছে প্ৰচন্ড বাধাৰ সন্মুখীন হৈছে, তৃণমূলৰ নেতৃত্বৰ কথা বাদেই – স্থানীয় তৃণমূলৰ প্ৰাৰ্থী, আনকি মহিলাৰ ওপৰতো আক্ৰমণ কৰা হৈছে। পুলিচ থানালৈ অভিযোগ দিবলৈ যোৱা মহিলাক ডাংকোলাকৈ আনি থানাৰ বাহিৰ কৰি দিয়া দৃশ্য ভিডিঅ’ৰ দ্বাৰা প্ৰচাৰিত হৈছে।
এনে এক সময়তে আকৌ দেওবাৰে, ২১-১১-২১ তাৰিখে তৃণমূলৰ যুৱ সভানেত্ৰী সায়নী ঘোষক বিভিন্ন মনেসজা ঘটনাৰে অভিযুক্ত কৰি আগৰতলাত গ্ৰেপ্তাৰ কৰাৰ পিছত আগৰতলাত উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হৈছে তথা সমগ্ৰ ত্ৰিপুৰাত এক অনাহুত আশংকাময় পৰিৱেশ বিৰাজ কৰিছে। ত্ৰিপুৰাৰ এনে অনাহুত পৰিস্থিতিক লৈ তৃণমূলৰ সাংসদ সকলে গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎ বিচাৰিছিল যদিও সাক্ষাৎ নোপোৱা হেতুকে মোডী চৰকাৰৰ শাসনকালত এক নজীৰবিহীন ঘটনা সংঘটিত হৈছে নতুন দিল্লীত – কোনোদিনে নোহোৱা এক দৃশ্য দেখা গৈছে নতুন দিল্লীত! সোমবাৰে, ২২-১১-২১ তাৰিখে ভাৰতৰ গৃহ-মন্ত্ৰালয়ৰ সন্মুখত পথ অৱৰোধ কৰি ধৰ্ণা দিবলৈ আৰম্ভ কৰিছে তৃণমূল কংগ্ৰেছ দলৰ সাংসদ সুখেন্দুশেখৰ ৰায়, সৌগত ৰায়, কল্যাণ বন্দ্যোপাধ্যায়, মালা সাহা, ডেৰেক ও ব্ৰায়েন, দোলা সেন সহকাৰে ১৬ জন সাংসদ। তেওঁলোকৰ দাবী, গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎ নোপোৱা পৰ্যন্ত ধৰ্ণা প্ৰত্যাহাৰ নহ’ব। নৰ্থ ব্লক( North Block)ৰ, অৰ্থাৎ গৃহ মন্ত্ৰালয়ৰ সন্মুখত বহি তৃণমূলৰ সাংসদসকলে বিজেপি বিৰোধী ধ্বনি দি থকাৰ লগতে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰা, অইন কৰ্মসূচীও হাতত লৈছে তৃণমূল কংগ্ৰেছ দলে; অৰ্থাৎ ত্ৰিপুৰাক কেন্দ্ৰ কৰি ৰাজনৈতিক উত্তাপ বৃদ্ধি হৈ আছে এই লেখাৰ সময়লৈ। উচ্চাৰিত হৈছে -“খেলা হবে”!! উল্লেখযোগ্য যে এই বিক্ষোভকাৰী সাংসদ সকলৰ সৈতে বৰ্ধমানৰ পৰা বিজেপিৰ টিকত লৈ জয়ী হোৱা সাংসদ সুনীল মন্ডলকো দেখা গৈছে আৰু অনুমান কৰা হৈছে যে তেখেতেও মমতা বেনাৰ্জীৰেই বিশ্বস্ত সৈনিক হোৱাৰ পথত! ইতিমধ্যে নতুন দিল্লীত উপস্থিত হোৱা মমতা বন্দ্যোপাধ্যায়ক অহা বুধবাৰে ( ২৪ নৱেম্বৰ) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ-অৰ বাবে সময় দিয়া ঘটনাইও ৰাজনৈতিক পৰিস্থিতি চমকপ্ৰদ কৰি তুলিছে।