• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

খেল মহাৰণ-২.০ : ক্ৰীড়া আন্দোলনৰে সমাজ পৰিবৰ্তনৰ নতুন যাত্ৰা

খেল মহাৰণ-২.০

by KAULPRADIP BHAGABATI
October 17, 2024
in News, Sports
Reading Time: 3 mins read
0
খেল মহাৰণ-২.০ : ক্ৰীড়া আন্দোলনৰে সমাজ পৰিবৰ্তনৰ নতুন যাত্ৰা
Share on FacebookShare on TwitterShare on LinkedIn

খেল মহাৰণ-২.০ : ক্ৰীড়া আন্দোলনৰে সমাজ পৰিবৰ্তনৰ নতুন যাত্ৰা

কুল প্ৰদীপ ভাগৱতী

Kulapradip Bhagawati
কুল প্ৰদীপ ভাগৱতী

ভাৰতৰত্ন সন্মানৰে বিভূষিত তথা দাদা চাহেব ফালকে বঁটা লাভ কৰা আন্তৰ্জাতিক শিল্পী ড॰ ভূপেন হাজৰিকাই কৈছিল ‘এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়াই শান্তিৰ প্ৰাংগন৷’

কৃষ্ণাংগ জাতীয়তাবাদী মহান নেতা তথা দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাই কৈছিল, ‘বিশ্বক সলনি কৰাৰ শক্তি আছে ক্ৰীড়াৰ৷ ক্ৰীড়াৰ অনুপ্ৰাণিত কৰাৰ শক্তিও আছে৷ ক্ৰীড়াৰ মানৱ সমাজক এনেদৰে একত্ৰিত কৰাৰ ক্ষমতা আছে যিটো আন মাধ্যমে ঢুকি নাপায়৷ বৰ্ণগত বাধা ভাঙি পেলোৱাত ক্ৰীড়া অধিক শক্তিশালী৷’

খেল মহাৰণ-২.০

‘যৌৱন, আমি সংগী, আমি বন্ধু, আমি ভাই৷ জাতীত আমি মানুহ বিশাল বিশ্ব আমাৰ আই৷’ সাহিত্য অকাডেমী বঁটা বিজয়ী কেশৱ মহন্তয়ো খেলক লৈ এই অনন্য গীত ৰছনা কৰিছিল যি গণশিল্পী খগেন মহন্তই কণ্ঠদান কৰিছিল৷

এখন প্ৰগতিশীল আৰু বিকশিত দেশ নিৰ্মাণৰ বাবে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ ৰাষ্ট্ৰ নীতি তথা শাসকৰ ৰাজ ধৰ্ম হ’ল সুস্থ-সবল নাগৰিকৰে সমাজ গঢ় দিয়া তথা চৰকাৰৰ সুদৃষ্টি অন্তিম শাৰীত থিয় হৈ থকা প্ৰতিগৰাকী ব্যক্তিৰ ওপৰতো সমানেই নিবদ্ধ হৈ থকা৷ ভাৰতবৰ্ষ এই ৰাষ্ট্ৰ নীতিৰে পৰিচালিত এখন বিকশিত প্ৰগতিশীল দেশ৷

ইয়াৰ ফলশ্ৰুতিতে যি দৰিদ্ৰতাৰ সামাজিক পৰিৱেশত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈছিল সেয়া আজি উত্তৰণৰ পথৰে আগুৱাই গৈ স্বাধীনতাৰ ৭৫ বছৰ পাছত বিশ্বগুৰু হোৱাৰ পথত আগবাঢ়িছে৷ অমৃত কালৰ এই পবিত্ৰ সন্ধিক্ষণতে ভাৰত আৰ্থিক প্ৰগতি, সামৰিক শক্তি, কৰ্মোদ্যম, জ্ঞান-বিজ্ঞান-অনুসন্ধান তথা শৃংখল সমাজ ব্যৱস্থাৰে বিশ্বত নতুন পৰিচয় লাভ কৰিছে৷ তদুপৰি অস্থিৰ তথা বহু দিশতে বিভক্ত বিশ্বই ভাৰতকে আশা আৰু সুযোগৰ নতুন আদৰ্শ স্থান হিচাপেও ধৰি লৈছে৷

ভাৰতৰ এই দৃঢ় পিৰামিড স্থিতিৰ বিশ্বকৰ্মা দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ যোৱা দহ বছৰত ভাৰতীয় দৰ্শন আৰু সভ্যতাক নৱ প্ৰতিষ্ঠাৰে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্তোদয় নীতিক শাসন ব্যৱস্থাত ৰূপায়ন কৰি মোদীয়ে সমাজ উত্তৰণৰ ৰাজ ধৰ্ম পালন কৰাৰ ফলশ্ৰুতিতে ভাৰতক বিশ্ব গুৰু হিচাপে এখন প্ৰগতিশীল আৰু বিকশিত দেশ হিচাপে গঢ়িব পাৰিছে৷

এখন দেশৰ সামগ্ৰিক প্ৰগতিত ক্ৰীড়াৰ উত্তৰণো গভীৰভাবে সন্নিবিষ্ট হৈ থাকে৷ সেয়ে অন্ন, বস্ত্ৰ, বাসস্থান, শিক্ষা, চিকিৎসা আদিৰ লগতে সামাজিক ভাৰসাম্যৰ বাবে ক্ৰীড়াৰ অন্তোদয় নীতিও গুৰুত্বপূৰ্ণ বিষয়৷ প্ৰতিভা থকাৰ পাছতো ভাৰতৰ ক্ৰীড়া সাফল্য বিশ্বৰ মানচিত্ৰত গৌৰৱৰ নহয়৷ অৱশ্যে বৰ্তমানৰ চৰকাৰৰ সুদৃষ্টি, গুৰুত্ব আৰু সাহায্যৰ বাবেই যোৱা তিনিখন অলিম্পিক, পেৰালিম্পিক, কমনৱেলথ-এছিয়ান গেমছ তথা পেৰা কমনৱেলথ-এছিয়ান গেমছত ভাৰতৰ প্ৰদৰ্শন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ৷

২০১৪ চনত কেন্দ্ৰত এন ডি এ চৰকাৰ অহাৰ পাছৰে পৰাই ভাৰতীয় ক্ৰীড়া আৰু ক্ৰীড়াবিদৰ ভাগ্য উদয় হৈছে৷ পৰিসংখ্যাই এই কথা প্ৰতিফলনো কৰে৷ দেশ স্বাধীন হোৱাৰ পাছত হকীক বাদ দি ভাৰতে ২০১৪ চনলৈ ব্যক্তিগত ১৩ টা অলিিম্পিক পদক লাভ কৰিছিল৷ কিন্তু ২০১৪ চনৰ পাছত যোৱা দহ বছৰত হোৱা তিনিখন অলিম্পিকতে ভাৰতে ১৫ টা পদক লাভ কৰিছে৷

এই সাফল্যৰ মুল কাৰণ হ’ল ২০১৪ চনত সেইসময়ৰ কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰম্ভ কৰা ‘টপ’ [টাৰ্গেট অলিম্পিক পডিয়াম] আঁচনি লগতে কেন্দ্ৰৰ ‘খেলো ইণ্ডিয়া’ ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিভা বিকাশ ক্ৰীড়া প্ৰতিযোগিতা৷ টকিঅ’ আৰু পেৰিছ অলিম্পিকত ভাৰতে ১৩ টা পদক লাভ কৰা তথা প্ৰায় ১৫-২০ জন খেলুৱৈ অনন্য প্ৰদৰ্শন কৰি চতুৰ্থ-পঞ্চম স্থানত থাকি অলপৰ বাবে পদক বঞ্চিত হোৱা সফলতাই বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ ‘টপ’ আৰু ‘খেলো ইণ্ডিয়া’ আঁচনিৰ বাস্তৱিক ফলদায়ক ঘটনাটোকে প্ৰতিফলিত কৰে৷

তথাপি গৌৰৱ কৰিবলৈ বা ক্ৰীড়াৰ বিশ্ব গুৰু হ’বলৈ ভাৰতে বৃহৎ সাফল্য অৰ্জনৰ বাবে বহুখিনি কৰিবলৈ বাকী আছে৷ অলিম্পিকৰ পদক তালিকাৰ শীৰ্ষ দহত থকাৰ লগতে দেশত অলিম্পিক গেমছ আয়োজন তথা ভাৰতীয় ফুটবল দলে ফিফা বিশ্বকাপত খেলাৰ তিনিটা বৃহৎ সফলতা এতিয়াও আমাৰ বাবে অপূৰ্ণ সপোন৷ বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া নীতিয়ে দেশৰ স্বাধীনতাৰ শতবৰ্ষৰ পূৰ্বেই এয়াও সফল কৰিব বুলি দৃঢ়তাৰে কব পাৰি৷ ইতিমধ্যে ভাৰতে ২০৩০ ত যুৱ অলিম্পিক আৰু ২০৩৬ ত অলিম্পিক গেমছ আয়োজনৰ দিশে আগবাঢ়িছে৷

খেল মহাৰণ-২.০

সামাজিক বৈশিষ্টৰে অসম স্বৰূপাৰ্থত এখন মিনি ভাৰতবৰ্ষ৷ সেয়ে প্ৰায়বোৰ দিশতে ভাৰতৰ উত্তৰণৰ কাহিনীটো অসমতো ৰূপকথাৰ দৰে মিলি যায়৷ দেশৰ দৰেই অসমতো বিকাশ আৰু প্ৰগতিৰ ছবিখন অন্তোদয় নীতিৰে শাসন ব্যৱস্থা আৰম্ভ হোৱাৰ পাছতহে বাস্তৱত প্ৰতিফলিত হৈছে৷ সম্প্ৰতি অসমত চৰকাৰৰ সামাজিক আঁচনিয়ে অন্তিম শাৰীত থকা নাগৰিকৰ অন্ন, বস্ত্ৰ, বাসস্থান, শিক্ষা, চিকিৎসাৰ সমস্যাসমুহ সমাধান কৰি নাগৰিকৰ কৰ্মজীৱন সুচল কৰাত সহায় কৰিছে৷

অসমৰ দ্ৰুত আৰ্থিক প্ৰগতিৰ কাৰণ এইটোৱে৷ কিন্তু দেশৰ দৰে অসমতো ক্ৰীড়াৰ অন্তোদয় নীতি স্বাধীনতাৰ ৭৫ বছৰ পাছতো নাছিল৷ উত্তৰ-পূৱৰ প্ৰথম অজুৰ্ন বঁটাৰ সন্মান লাভ কৰা ক্ৰীড়াবিদজন অসমীয়া হোৱাৰ লগতে ভাৰতীয় ফুটবল দলে এবাৰেই অলিম্পিক খেলা দলটোৰো অধিনায়কজন অবিভক্ত অসমৰে সন্তান আছিল৷ ভোগেশ্বৰ বৰুৱা আৰু ডাঃ টি আওৰ সাফল্যৰ ঘটনা দুটাই অসমৰ ক্ৰীড়া প্ৰতিভাৰ সোণালী ইতিহাসক প্ৰতিফলিত কৰে৷

কিন্তু চৰকাৰৰ অবহেলা তথা উগ্ৰ জাতীয়তাবাদৰ আন্দোলন আৰু অবাস্তৱ স্বাধীন অসমৰ সপোন দেখি কৰা সন্ত্ৰাসবাদে পাঁচটা দহক ধৰি অসমৰ যুৱ প্ৰজন্মক ক্ৰীড়া সপোন দেখাৰ পৰা আঁতৰাই ৰাখিলে৷ আমাৰ প্ৰতিভা আৰু দক্ষতা ৰাজপথত আন্দোলন আৰু অৰন্যত বন্দুক লৈ থাকোতেই গেলি-পচি গ’ল৷

অৱশ্যে প্ৰতিকুল পৰিস্থিতিৰ মাজতো শ্বাটলাৰ দ্বিপংকৰ ভট্টাচাৰ্য, আৰ্চাৰ জয়ন্ত তালুকদাৰ আৰু বক্সাৰ শিৱ থাপাই নিজৰ চেষ্টাৰে অলিম্পিকৰ মঞ্চত অসমীয়াৰূপে থিয় হ’বলৈ সক্ষম হৈছে৷

ভাৰত চৰকাৰৰ ক্ৰীড়া অন্তোদয় নীতিৰ ফলশ্ৰুতিতে মহিলা বক্সাৰ লাভলীনা বৰগোঁহায়ে অসমীয়াৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিশ্ব সাফল্য অলিম্পিক পদক লাভ কৰিবলৈ সক্ষম হ’ল৷ লাভলীনাই প্ৰথমবাৰৰ বাবে অসমলৈ খেলৰত্ন সন্মান অনাৰ বিপৰীতে নয়নমণি শইকীয়া আৰু হিমা দাসে কমনৱেলথ আৰু এছিয়ান গেমছৰ স্বৰ্ণ জয় কৰিছে৷ ইফালে, ৰিয়ান পৰাগ-উমা চেত্ৰীৰ ৰূপত ভাৰতীয় ক্ৰিকেট দলত অসমীয়াৰ প্ৰথম প্ৰৱেশ হৈছে৷

যোৱা দহ বছৰত প্ৰতিবিধ খেলতে অসমৰ সন্তানে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা তথা দেশৰ হৈ পদক জয় কৰাৰ ধাৰাবাহিকতা জাতীটোৰ বাবে অনন্য গৌৰৱ৷ এইসময়ত ক্ৰীড়া একমাত্ৰ মাধ্যম যত অসম সন্তানে প্ৰতিটো দিনতে ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ ক্ৰীড়াৰ এই অনিৰুদ্ধ যাত্ৰা আগুৱাই নিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৱা বছৰৰ পৰা অসমত ‘খেল মহাৰণ’ আৰম্ভ কৰিছে৷

এয়া অসমৰ ক্ৰীড়াৰ অন্তোদয় যাত্ৰা লগতে এক জাগ্ৰত ক্ৰীড়া আন্দোলন৷ কিন্তু প্ৰথম বছৰ সফল ‘খেল মহাৰণ’ৰ সমাপনৰ পাছত দেখা গ’ল ইয়াৰ ইতিবাচক প্ৰভাৱ কেবল ক্ৰীড়াৰ মাজতে আবদ্ধ হৈ থকা নাই৷ বিপৰীতে, সমাজ পৰিবৰ্তন তথা যুৱ উদ্দিপনা আৰু ৰাজ্যৰ সামগ্ৰিক বিকাশৰ বাবে নতুন চিন্তাৰ এখন মঞ্চ এই প্ৰতিযোগিতাই প্ৰদান কৰিছে৷

যুৱ অংশগ্ৰহণকাৰীসকলৰ শাৰীৰিক, মানসিক বিকাশ আৰু সামাজিক দায়বদ্ধতা বৃদ্ধিত ‘খেল মহাৰণে’ অতুলনীয় অৰিহণা যোগাইছে৷ ৰাজ্য চৰকাৰৰ এই পদক্ষেপে অসমৰ যুৱক-যুৱতীসকলৰ মাজত আত্মবিশ্বাস, অনুশাসন তথা নতুন চিন্তাৰে আগবাঢ়ি যোৱাত এক প্ৰেৰণাদায়ক পৰিৱেশ গঢ়ি তুলিছে৷

খেল মহাৰণ-২.০

অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা খেল মহাৰণ সমাজৰ অন্তিম শাৰীত থকা নাগৰিকৰ মাজৰ পৰাই আৰম্ভনি হৈছে ৷ এটা ব্লকৰ অধীনত থকা প্ৰতিখন পঞ্চায়তৰ অন্তৰ্গত গাঁও সমুহৰ মাজত খেল মহাৰণৰ পাৰম্ভিক প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ গাঁৱত অংশ লোৱা খেলুৱৈৰ মাজৰ পৰাই দল গঠন কৰি প্ৰতিটো পঞ্চায়তে দ্বিতীয় পৰ্যায়ৰ সমষ্টি কেন্দ্ৰীক প্ৰতিযোগিতা হয়৷

তাৰপাছত সমষ্টিৰ দল গঠন হৈ জিলাৰ অন্তৰ্গত প্ৰতিটো বিধান সভাৰ সমষ্টিৰ মাজত জিলাত অনুষ্ঠিত হয় তৃতীয় পৰ্যায়ৰ খেল৷ এই প্ৰতিযোগিতাৰ অন্তত গঠন হয় জিলাৰ দল৷ প্ৰতিখন জিলাই ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লয়৷ অৰ্থাৎ বৃত্তৰ কেন্দ্ৰ বিন্দুৰ পৰা প্ৰতিটো অন্তিম বিন্দুলৈ ক্ৰীড়াৰ এক সমন্বয় সেতু৷ অসমৰ চাৰিসীমাৰ নাগৰিকক প্ৰত্যক্ষভাবে স্পৰ্শ কৰা এয়াই হ’ল প্ৰথমখন ক্ৰীড়া প্ৰতিযোগিতা৷ প্ৰথমবৰ্ষৰ সফলতাৰ পাছত পুনৰ আৰম্ভ হৈছে ‘খেল মহাৰণ-২.০’ নতুন যাত্ৰা৷

প্ৰথমবছৰ খেল মহাৰণত অন্তভুক্ত কৰা হৈছিল পাঁচবিধ খেল৷ ফুটবল, ভলীবল, এথলেটিকছ, কাবাদী আৰু খো-খো৷ এইবাৰ খো-খো নাই বিপৰীতে নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে সাঁতোৰ, দবা আৰু চাইক্লিং৷ ইতিমধ্যে খেলুৱৈৰ পঞ্জিয়ন পক্ৰিয়াও আৰম্ভ হৈছে৷ খেল মহাৰণৰ শাখা চাৰিটা৷

১৯ অনূধ্বৰ্ ল’ৰা-ছোৱালী আৰু ১৯ বছৰ উধ্বৰ্ৰ পুৰুষ-মহিলা৷ যোৱা বছৰ হৈ যোৱা খেল মহাৰণৰ প্ৰতিবিধ খেলতে ৰাজ্যৰ প্ৰতিখন গাঁৱৰে ১০ ৰ পৰা ৮০ বছৰ বয়সলৈ নাগৰিকে উৎসাহ-আনন্দৰে নিজক জড়িত কৰিছিল৷ অসমৰ প্ৰতিখন ঘৰতে খেলৰ চৰ্চা হৈছে খেলৰ৷ সভা, থিয়েটাৰ, মিনা বজাৰ চলি থকা খেলপথাৰে নতুনকৈ প্ৰান পাই উঠিছে৷ মোবাইল ফোনত ব্যস্ত থকা ল’ৰা-ছোৱালীয়ে খেলত অংশ লৈ অমিত প্ৰেৰণা লাভ কৰিছে৷

গাঁৱৰ মাজত ক্ৰীড়া সমন্বয় নতুনকৈ গঢ় লৈ উঠিছে৷ স্বাভাৱিকতে খেলে মহাৰণে অসমত ক্ৰীড়া মহোৎসৱৰ সুচনা কৰিছে৷ ইয়াৰ জড়িয়তে নতুন প্ৰতিভাৰ সমাহাৰ হোৱাৰ লগতে ইতিবাচক প্ৰভাৱ পৰিছে সুস্থ সমাজ গঠনত৷ কাৰণ ড্ৰাগছৰ ৰঘুমালাই অসমৰ গাঁও-নগৰ-চহৰ সকলোতে গ্ৰাস কৰাৰ এক ভয়াবহ ছবি প্ৰকট হৈছে৷ ইয়াক বাধা দিয়াৰ একমাত্ৰ ব্ৰহ্মাস্ত্ৰ হ’ল খেল৷ লাহে লাহে অসমৰ যুৱসমাজ এই ব্যাধিৰ পৰাও ওলাই আহিছে৷

WhatsApp Image 2023 12 30 at 10.42.44 AM 1

‘খেল মহাৰণ-২.০’ এক নতুন যাত্ৰা৷ ক্ৰীড়াৰ জড়িয়তে আত্মনিৰ্ভৰ হোৱা, ক্ৰীড়া দক্ষতাক পেছা হিচাপে লোৱা বিষয়বোৰো অসমৰ নতুন প্ৰজন্মক অবগত কৰাৰ এখন মঞ্চ হ’ব পাৰে ‘খেল মহাৰণ-২.০’৷ পেৰিছত এখন অলিম্পিকতে দুটাকৈ পদক জয় কৰি ইতিহাস গঢ়া ভাৰতীয় শ্বুটাৰ মনু ভাকেৰে কৈছিল যে যুৱক-যুৱতীসকলে কেবল চিকিৎসা বিজ্ঞান বা অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰি গতানুগতিক কেৰিয়াৰ গঢ়িব নালাগে৷

ক্ৰীড়া জীৱনো এটা সুন্দৰ জীৱন৷ ক্ৰীড়াও জীৱন গঢ়াৰ এক পূৰ্ণতাপূৰ্ণ আৰু শক্তিশালী পথ হ’ব পাৰে৷ ‘খেল মহাৰণ-২.০’ ৰ সফল আয়োজনে অসমত নতুন সম্ভাৱনাৰ বাট মুকলি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব৷ বিশ্বৰ ক্ৰীড়া উদ্যোগত খেলুৱৈৰ সংখ্যা ১০ শতাংশ৷ কিন্তু পেছাদাৰী খেলুৱৈ নহ’লেও ক্ৰীড়াৰ জড়িয়তে ৯০ শতাংশ লোকে আত্মনিৰ্ভৰ হৈ জীৱন গঢ় দিছে৷ ক্ৰীড়া এটা বৃহৎ সম্ভাৱনা থকা উদ্যোগ৷ ‘খেল মহাৰণ-২.০’ ৰ যোগেদি এই বাৰ্তা অসমৰ গাঁও-চহৰত চৰ্চা হ’লে দক্ষ যুৱ শক্তিয়ে নতুন পথৰ সন্ধান পাব৷

অভাৱগ্ৰস্ত অঞ্চলত সম্প্ৰদায়ৰ উন্নয়নত ক্ৰীড়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ যুৱ ক্ৰীড়া কাৰ্যসূচীয়ে শাৰীৰিক স্বাস্থ্যৰ উন্নতি, সামাজিক দক্ষতা বৃদ্ধি, আৰু শৈক্ষিক কৃতিত্বকে ধৰি বহুতো সুবিধা প্ৰদান কৰে৷ বহুতৰে বাবে এই কাৰ্যসূচীসমূহে নিৰাপদ আশ্ৰয়স্থল হিচাপে কাম কৰে৷ সম্প্ৰদায় পৰ্যায়ত ক্ৰীড়াই মানুহক উমৈহতীয়া লক্ষ্যৰ আশে-পাশে একত্ৰিত কৰে৷

এই ঐক্যবোধে কেৱল সামাজিক বন্ধন শক্তিশালী কৰাই নহয় অপৰাধৰ হাৰ হ্ৰাস কৰাত আৰু সম্প্ৰদায়ৰ সংহতি বৃদ্ধিতো সহায় কৰে৷ ভাৰতত ক্ৰীড়াৰ সমাজবিজ্ঞান আৰু নৃতত্ত্বৰ প্ৰভাৱ অনস্বীকাৰ্য৷ ক্ৰীড়া অনুষ্ঠান আৰু স্থানীয় পৰম্পৰাই সামাজিক পৰিৱৰ্তন, সম্প্ৰদায়ক ৰূপান্তৰিত কৰা আৰু অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰাৰ বাবে শক্তিশালী আহিলা হিচাপে কাম কৰি আহিছে৷

এইটো স্পষ্ট যে ক্ৰীড়া ভবিষ্যতেও সমাজৰ ভালৰ বাবে এক শক্তিশালী শক্তি হৈয়ে থাকিব৷ মানৱ সমাজক একত্ৰিত কৰিব, পৰিৱৰ্তনক প্ৰেৰণা দিব আৰু এখন উন্নত পৃথিৱী গঢ় দিয়াত অৰিহণা যোগাব৷

WhatsApp Image 2023 12 30 at 10.42.48 AM 1

লেখকৰ ফোন : ৯৩৬৫৫৪৪২৮৬

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
KAULPRADIP BHAGABATI

KAULPRADIP BHAGABATI

Related Posts

Zubeen1
News

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

by Divyanshu Bora
September 16, 2026
0

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি দিব্যাংশু বৰা স্মৃতি নামৰ বস্তুটো বৰ অদ্ভুত। ইয়াৰ অবিহনে মানুহৰ যেন একো অস্তিত্বয়েই...

Read moreDetails
Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?

September 16, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

September 15, 2026
The Debt Machine: How Your Future Became the World’s Most Profitable Product

The Debt Machine: How Your Future Became the World’s Most Profitable Product

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

September 13, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d