• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

খোৱাঙৰ ‘হাতী-ড্ৰেগন’, গ্ৰীছৰ ‘কাইমেৰা’ আৰু ব্ৰহ্মদেশৰ ‘নৱাৰূপা’

History

by Editor
December 1, 2024
in Special Report, History, Literature
Reading Time: 5 mins read
0
খোৱাঙৰ ‘হাতী-ড্ৰেগন’, গ্ৰীছৰ ‘কাইমেৰা’ আৰু ব্ৰহ্মদেশৰ ‘নৱাৰূপা’
Share on FacebookShare on TwitterShare on LinkedIn

খোৱাঙৰ হাতী-ড্ৰেগন, গ্ৰীছৰ কাইমেৰা আৰু ব্ৰহ্মদেশৰ নৱাৰূপা

নবীন বুঢ়াগোহাঁই

WhatsApp Image 2024 08 03 at 9.46.39 PM
নবীন বুঢ়াগোহাঁই

ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলৰ হালধিবাৰী নগৰ থানত প্ৰাক্‌-আহোম যুগৰ এটা শিলত কটা বিশেষ ভাস্কৰ্য দেখিবলৈ পোৱা যায়৷

থানখনৰ ভিতৰত থকা এই ভাস্কৰ্যটো ১ ফুট উচ্চতাৰ আৰু ১ ফুট ১ ইঞ্চি প্ৰস্থৰ৷ শিলৰ ফলক যেন লগা পৃষ্ঠৰ ওপৰত কটা এই ভাস্কৰ্যটোক থানখনৰ থাপনাত ৰাখি মানুহে দীৰ্ঘদিনৰ পৰা পূজা-পাতল কৰি আহিছে৷ স্থানীয় লোকে ভাস্কৰ্যটোক ‘হাতী-ড্ৰেগন’ নাম দি লৈছে৷

খোৱাঙৰ ‘হাতী-ড্ৰেগন’, গ্ৰীছৰ ‘কাইমেৰা’ আৰু ব্ৰহ্মদেশৰ ‘নৱাৰূপা’
হালধিবাৰী নগৰ থানত থকা ‘হাতী-ড্ৰেগন’ৰ ভাস্কৰ্য; আলোকচিত্ৰঃ সীমান্ত গগৈ

এই হাতী-ড্ৰেগনৰ ভাস্কৰ্যটো স্থানীয় নগৰ হাইস্কুলৰ পিছফালে মাটি খান্দোতে পোৱাৰ কথা আমাৰ অধ্যয়নকালত শিক্ষক হেৰম্ব কুমাৰ গগৈ আৰু স্থানীয় যুৱক সীমান্ত গগৈয়ে আমাক জানিবলৈ দিয়ে৷ এই ‘হাতী-ড্ৰেগন’ নামৰ ভাস্কৰ্যটোৰ আগফালটো হাতীৰ শুঁৰৰ দৰে আৰু ইয়াৰ গলধনৰ পৰা বাকী অংশ সিংহ [ড্ৰেগন] ৰ নিচিনা৷ হাতীৰ শুঁৰডালৰ আগত এটা জন্তুৰ সৰু শিং আছে৷

ভাস্কৰ্যটোৰ চকুটো হৰিণাৰ আৰু ই চাৰিটা ঠেঙৰ ওপৰত চলমান ভংগীমাত আছে৷ ঠেংকেইখন কোনো জন্তুৰ যদিও ঘোঁৰা, ছাগলী, গৰু বা ম’হ জাতীয় খুৰা থকা প্ৰাণীৰ নহয়৷ ইয়াৰ নেগুৰডালৰ মূৰটোৱে সৰ্পৰ ৰূপ লৈছে৷ সৰ্পৰ মূৰটোত দুটা চকু আৰু জান-নিজানকৈ জিভাৰ অংশও দেখিবলৈ পোৱা যায়৷ খোৱাঙৰ এই ভাস্কৰ্যটো গৰু বা ম’হ, হাতী, সিংহ [ড্ৰেগন], হৰিণা, সৰ্প আৰু কোনো এক বা একাধিক জন্তুৰ সংমিশ্ৰিত বা সংকৰ ৰূপ৷

এই ভাস্কৰ্যটোৰ লগত প্ৰাক্‌-আহোম যুগৰ কোনো পুৰাকথা বা মিথ জড়িত হৈ থকাটো নিশ্চিত৷ অতি দুৰ্লভ আৰু দুষ্প্ৰাপ্য শিলা-ভাস্কৰ্যটো থানখনত পূজিত হৈ সংৰক্ষিত অৱস্থাত আছে৷ ভাস্কৰ্যটোক খোৱাঙৰ মানুহে ‘হাতী-ড্ৰেগন’ বুলি কোৱাৰ কাৰণটো হৈছে দক্ষিণ-পূব এচিয়াৰ সকলোবোৰ ৰাষ্ট্ৰৰ লোকসকলে মান্যতা দি অহা ড্ৰেগন বা উৰণীয়া সিংহৰ লগত ইয়াৰ প্ৰাথমিক সাদৃশ্য বিদ্যমান৷

একেদৰে উজনি অসমত আহোমসকলৰ মাজত প্ৰচলিত থকা ঙি-ঙাও-খাম বা ঙাও-চেং-বং-ফ্ৰা অৰ্থাৎ পাখিলগা সিংহৰ প্ৰেৰণা এই ভাস্কৰ্যটোত মানুহে বিচাৰি পাইছে৷ হাতী-ড্ৰেগনৰ ভাস্কৰ্যটোৰ পৰা বুজিব পৰা কথাটো হ’ল যে প্ৰাক্‌-আহোম যুগৰ বিলুপ্ত হৈ যোৱা স্থানীয় সমাজখনত ভিন্ন চিন্তা আৰু সংস্কৃতিৰ সংমিশ্ৰণ ঘটাই ইয়াক এক টোটেমৰ বা পুৰাকথাৰ প্ৰাণীৰ ৰূপ দি দেৱত্ব আৰোপ কৰা হৈছিল৷

উল্লেখযোগ্য যে হালধিবাৰীৰ হাতী-ড্ৰেগনৰ নিচিনা আন এটা ভাস্কৰ্য কপিলী উপত্যকাৰ ডবকাতো খনন কাৰ্যত ওলাইছিল বুলি ভূ-তাত্ত্বিক ড॰ ৰক্তিম ৰঞ্জন শইকীয়াই আমাক তথ্য সংগ্ৰহ কৰি জানিবলৈ দিছে৷ ডবকাত প্ৰাপ্ত ভাস্কৰ্যটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাধ্যাপিকা ড॰ পাৰমিতা দাসে চিনাক্তকৰণ কৰি নামটো ‘কাইমেৰা’ [Chimera] বুলি কৈছে৷ ‘কাইমেৰা’ এটা গ্ৰীক শব্দ৷ ইয়াক ‘চিমেৰা’ বুলিও কোৱা হয়৷

গ্ৰীছৰ পৌৰাণিক কাহিনীত সিংহৰ মূৰ, ছাগলীৰ শৰীৰ আৰু অজগৰৰ নেজ [মূৰ] থকা তথা জুইৰ উশাহ লোৱা এক স্ত্ৰী-দানৱক কাইমেৰা বা চিমেৰা বোলে৷ চিমেৰাক সাধাৰণতে সিংহ হিচাপে চিত্ৰিত কৰা হয়৷ তাইৰ পিঠিৰ পৰা ছাগলীৰ মূৰ ওলাই থাকে আৰু নেজডাল সাপৰ মূৰেৰে শেষ হয়৷

খোৱাঙৰ ‘হাতী-ড্ৰেগন’, গ্ৰীছৰ ‘কাইমেৰা’ আৰু ব্ৰহ্মদেশৰ ‘নৱাৰূপা’
চিমেৰা

গ্ৰীক মহাকাব্যৰ মতে, চিমেৰা টাইফন [Typhon] আৰু ইচিডনা [Echidna] ৰ সন্তান৷ তাই মহাকাব্যৰ দুই দানৱ ভাই-ভনী চাৰ্বেৰাছ [Cerberus] আৰু লেৰ্নেয়ান হাইড্ৰা [Lernaean Hydra] ৰ দৰে এক ভয়ানক দানৱী৷

প্ৰণিধানযোগ্য যে ‘কাইমেৰা’ শব্দটোৰ দ্বাৰা বিভিন্ন প্ৰাণীৰ পৰা লোৱা অংশ থকা যিকোনো পৌৰাণিক বা কাল্পনিক জীৱক বৰ্ণনা কৰা হয়৷ এনে জীৱক পৃথক অংশৰে গঠিত, বন্যভাৱে কল্পনাপ্ৰসূত, অবিশ্বাস্য বা চকু কপালত তুলিব পৰা বিধৰ বুলি ধৰা হয়৷

মহাকবি হোমাৰে মহাকাব্য ‘ইলিয়াড’ত চিমেৰাৰ বৰ্ণনা কৰি কৈছে যে– “তাই মানুহৰ নহয়, ঐশ্বৰিকভাৱেই আছিল৷ তাইৰ আগফালৰ অংশ সিংহ, পিছফালে সাপ আৰু মাজত ছাগলী৷ তাই ভয়ংকৰভাৱে জ্বলন্ত শক্তিক উশাহ লৈছিল৷” [১]

হোমাৰৰ মহাকাব্যৰ কাহিনীত আৰাইছ’ডাৰছে [Araisodarus] ডাঙৰ-দীঘল কৰা চিমেৰা বহুতৰ বাবে ক্ষতিকাৰক আছিল৷ ‘ইলিয়াড’ৰ এটা চৰিত্ৰ বেলেৰফোনক [Bellerophon] লাইচিয়াৰ ৰজাই চিমেৰাক হত্যা কৰিবলৈ নিৰ্দেশ দিছিল৷ তেওঁ ভাবিছিল যে দানৱীয়ে আচলতে বেলেৰফোনক হত্যা কৰিব৷ কিন্তু বেলেৰফোনে চিমেৰাক হত্যা কৰাত সফল হৈছিল৷

খোৱাঙৰ ‘হাতী-ড্ৰেগন’, গ্ৰীছৰ ‘কাইমেৰা’ আৰু ব্ৰহ্মদেশৰ ‘নৱাৰূপা’
মহাকবি হোমাৰ

গ্ৰীক মহাকাব্যৰ কাহিনীত থকা চিমেৰাৰ দৰে পুৰাকথাৰ চৰিত্ৰ অসমৰ কাষৰীয়া ব্ৰহ্মদেশতো পোৱা যায়৷ বিভিন্ন জন্তুৰ অংগৰে গঠিত এনে এটা প্ৰতীক ব্ৰহ্মদেশৰ কনবাং [Konbaung] ৰাজবংশ [২] ই ব্যৱহাৰ কৰিছিল৷ সেই প্ৰতীকক ‘ব্যালা’ [Bya La] বা ‘নৱাৰূপা’ [Nawarupa] বুলি কোৱা হৈছিল৷ এনে এটা ব্যালাৰ মূৰ্তি বৰ্তমান সময়ত ম্যানমাৰৰ ছিট্টৱে ভিউপইণ্ট পাৰ্ক [Sittwe Viewpoint Park] ত দেখিবলৈ পোৱা যায়৷ অৱশ্যে এই মূৰ্তিটো এটা ৰাখিন [৩] অৰ্থাৎ আৰাকান সংস্কৰণহে৷

খোৱাঙৰ ‘হাতী-ড্ৰেগন’, গ্ৰীছৰ ‘কাইমেৰা’ আৰু ব্ৰহ্মদেশৰ ‘নৱাৰূপা’
নৱাৰূপা

‘নৱাৰূপা’ শব্দটো বাৰ্মিজ ভাষাত ‘নৱা ৰূপা’ [Nawa rupa] আৰু পালি ভাষাত ‘নৱৰূপা’ [navarupa] ৰূপত পোৱা যায়৷ ‘নৱাৰূপা’ হৈছে ব্ৰহ্মদেশৰ সংস্কৃতিত পোৱা এটা কাইমেৰিক জীৱ [chimeric creature]৷ নৱৰূপা বা নৱাৰূপা ৯টা প্ৰাণীৰ অংগৰে গঠিত৷ সেই প্ৰাণীকেইটাৰ অংগবোৰ হৈছে– হাতীৰ শুঁৰ, হৰিণাৰ চকু, গঁড়ৰ খড়গ, ভাটৌৰ জিভা বা ডেউকা, সিংহ বা নয়া [naya] ৰ শৰীৰ, ময়ুৰ বা য়াকৰ ফিচা বা নেগুৰ, হাতী বা ঘোঁৰাৰ কাণ আৰু চিন্থে [chinthe] [৪] বা কাৰাৱেইক [karaweik] [৫] ৰ ঠেং৷

উল্লেখযোগ্য যে নৱাৰূপাৰ উপৰি বাৰ্মিজৰ পৌৰাণিক কাহিনীত আন বহুতো পৌৰাণিক জীৱ পোৱা যায়৷ বহুতো বাৰ্মিজ জীৱ আংশিকভাৱে মানুহ বা মানুহৰ ৰূপ ল’ব পৰা জীৱ৷ বেছিভাগ পৌৰাণিক জীৱই মানৱতাবাদী মানসিকতাৰ, মানুহৰ সৈতে কথা পতাৰ ক্ষমতা থকাৰ লগতে অলৌকিক শক্তিৰে সমৃদ্ধ৷

সি যি নহওক, প্ৰাচীন কালত বাৰ্মিজ ৰজাসকলে ইৰাৱতী নদীত নিজৰ সোণোৱালী বাৰ্জ বা নাওমূহৰ দ্বাৰা ভ্ৰমণ কৰিছিল৷ বিশেষকৈ আনুষ্ঠানিক শোভাযাত্ৰা আৰু থিংয়ান জল উৎসৱ [Thingyan water festival] ত ৰাজ্যিক বাৰ্জসমূহ ব্যৱহৃত হৈছিল৷ ৰাজ্যিক বাৰ্জসমূহ সোণোৱালী ৰঙৰ আৰু ইবোৰ ৰজা, দৰবাৰী আৰু উচ্চ বিষয়াসকলৰ ব্যৱহাৰৰ সামগ্ৰী আছিল৷ বাৰ্মিজ নৱবৰ্ষত অনুষ্ঠিত হোৱা ‘সদিচ্ছাৰ বাবে পানী নিক্ষেপ কৰা’ থিংয়ান জল উৎসৱ চাৰিদিনীয়াকৈ পতা হৈছিল৷

Mandalaya

এই উৎসৱত দীঘলীয়া নাও এখনৰ পৰা পানী উলিয়াই ৰেভেলাৰ [revellers] [৬] সকলৰ ওপৰত পেলাব লাগিছিল৷ এই জল উৎসৱৰ এটা মনোৰম বৰ্ণনা V. C. Scott O’Connor -ৰে ‘Mandalay and other cities of the past in Burma’ [pp.130-131] নামৰ গ্ৰন্থত এনেদৰে দিছে– “বছৰৰ পৰিৱৰ্তনৰ ফলত নদীত যেতিয়া পানী কমিবলৈ ধৰে তেতিয়া আভাৰ জল উৎসৱ এটা বৰ ডাঙৰ দৃশ্য আছিল৷ এটা শিখৰযুক্ত, ত্ৰিশ ফুট ওখ আৰু সোণেৰে আবৃত ৰজাৰ ভয়ংকৰ বাৰ্জখনত ৰজা-ৰাণী দুয়ো আহে৷ ৰাজকুমাৰ আৰু দৰবাৰীসকলো একেদৰেই সোণৰ নাৱত উঠি আহে৷ তিনি দিন নদীৰ ওপৰত যুদ্ধৰ নাও চলে৷ ৰজা তথা সম্ভ্ৰান্ত লোক আৰু দৰবাৰীসকলৰ নাওবোৰে ইজনে সিজনক খেদে৷ নাৱৰীয়াসকলে ৰজালৈ উদ্দেশ্যি মন-প্ৰাণ সতেজ কৰা গীত জুৰে৷ নাওবোৰ ঘূৰি ফুৰাৰ লগে লগে তেওঁলোকৰ মহিমাৰ ওপৰত ৰ’দে জলমলায়৷ তৃতীয় দিনৰ সন্ধিয়া কামানৰ শব্দত উৎসৱৰ অন্ত পৰে আৰু ৰজাৰ বাৰ্জখনে বহু নাৱৰ স’তে শোভাযাত্ৰা কৰি গৈ থাকে৷” [৭]

উল্লেখযোগ্য যে কনবাং বংশত নৱাৰূপাই ৰেগাটা উৎসৱ [The Regatta Festival বা Ye kin taw] ত আনুষ্ঠানিক ৰাজকীয় বাৰ্জসমূহৰ এখন সজাইছিল; অৰ্থাৎ নৱাৰূপাৰ আকৃতিত এখন বাৰ্জ নিৰ্মাণ কৰা হৈছিল আৰু সেইখনে জল উৎসৱৰ শোভাযাত্ৰাত অংশ লৈছিল৷ প্ৰণিধানযোগ্য যে এই উৎসৱত অংশ লোৱা সকলোবোৰ বাৰ্জ বিভিন্ন আকাৰ-প্ৰকাৰৰ আছিল৷

WhatsApp Image 2024 08 03 at 9.44.44 PM
ম্যানমাৰৰ এখন ৰাজকীয় বাৰ্জ; ৰেখাংকনঃ হানিদ ৰঞ্জন ভূঞা

সেইবোৰৰ উদ্দেশ্যও ভিন্ন ভিন্ন৷ তদুপৰি প্ৰতিটো নাও শৈলীৰ এটা নাম আছিল৷ সেই নামটো বাৰ্জ অনুসৰি এটা প্ৰতীকী প্ৰতিচ্ছবিৰে ইংগিতময় ৰূপত উপস্থাপন কৰা হৈছিল৷ সেইবোৰৰ ভিতৰত গৰুড়ৰ দৰে পৌৰাণিক জীৱৰ আকৃতিৰে খোদিত আৰু বিশৃংখলভাৱে সজাই তোলা বাৰ্জ, নাগা অৰ্থাৎ পৌৰাণিক সৰ্পাকৃতিৰ বাৰ্জ, দুটা সিংহৰ শৰীৰ আৰু মানুহৰ মুখ থকা বাৰ্জ আদিয়েই প্ৰধান৷ তাৰ মাজত নৱাৰূপাৰ আকৃতিৰে সজোৱা এখন বাৰ্জো আছিল৷ এই বাৰ্জসমূহৰ কিছুমানৰ ওপৰত ৰাজপ্ৰাসাদ বা মণ্ডপৰ গঠন আছিল আৰু ৰাজকীয় বাৰ্জবোৰত সোণোৱালী ৰং কৰা হৈছিল৷

অসমৰ খোৱাঙত প্ৰাপ্ত হাতী-ড্ৰেগনটোও গ্ৰীছ অথবা ব্ৰহ্মদেশৰ পুৰাকথাত থকাৰ দৰে এটা কাইমেৰিক প্ৰাণী বুলি বুজিব পৰা যায়৷ প্ৰাক্‌-আহোম যুগৰ এখন সমাজত এই কাইমেৰিক প্ৰাণীটোৰ নাম কি আছিল আৰু ইয়াৰ দ্বাৰা কি কৰা হৈছিল সেই সম্পৰ্কত বৰ্তমানলৈকে সকলো কথা অজ্ঞাত হৈ আছে৷ ক’বলৈ গ’লে এই শৈল-ভাস্কৰ্যটোৰ সন্দৰ্ভত কোনোধৰণৰ গৱেষণা হোৱা নাই৷

শৈল-ভাস্কৰ্যটো পোৱা ঠাইখণ্ডত প্ৰাপ্ত আন কেতবোৰ প্ৰত্নতাত্ত্বিক সাক্ষ্যৰ পৰা এই ধাৰণা কৰিব পৰা যায় যে ইয়াৰ লগত বৌদ্ধ-সংস্কৃতিৰ কিবা প্ৰকাৰৰ সংযোগ আছিল৷ তদুপৰি ভাস্কৰ্যটোৰ লগত ব্ৰহ্মদেশৰ নৱাৰূপাৰো কোনো প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ থকাৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি৷

আনহাতে, হাতী-ড্ৰেগনৰ নিচিনা একেই এটা কাইমেৰিক ভাস্কৰ্য কপিলী উপত্যকাৰ ডবকাত উদ্ধাৰ হোৱালৈ চাই বুজিব পাৰি যে কপিলী উপত্যকাৰ পৰা দিহিং উপত্যকালৈকে বা ততোধিক শদিয়া আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈকে একেধৰণৰ এখন সমাজ অষ্টম-নৱম শতিকাত বৰ্তি আছিল৷ সেই সমাজ বা ৰাজ্যখন এতিয়াও অসমৰ ইতিহাসৰ পৰা লুপ্ত হৈ আছে৷

Kamrup
Early History of Kamrupa

উল্লেখযোগ্য যে প্ৰত্নতাত্ত্বিক কনকলাল বৰুৱাই তেনে এখন সমাজ বা ৰাজ্য বিলুপ্ত হৈ থকাৰ এটা ধাৰণা ১৯৩৩ খ্ৰিষ্টাব্দতেই তেখেতৰ Early History of Kamrupa গ্ৰন্থখনৰ ২৭১ পৃষ্ঠাত দিছিল৷ সেই ৰাজ্যখনৰ বিষয়ে ইতিহাসবিদসকলে চৰ্চা কৰাৰ এটা সুৱৰ্ণ সুযোগ খোৱাং আৰু ডবকাৰ হাতী-ড্ৰেগন বা কাইমেৰিক ভাস্কৰ্য দুটাই প্ৰদান কৰিছে৷

উল্লেখযোগ্য যে আহোমসকলে মান্যতা দি অহা ঙি-ঙাও-খাম বা পাখিলগা সিংহকো এটা কাইমেৰিক প্ৰাণীৰ শাৰীত ধৰিব পৰা যায়৷ পাখিলগা সিংহৰ জিভাখন সৰ্পৰ, দেহটো ড্ৰেগন অৰ্থাৎ সিংহৰ, দেহত ডেউকা বিদ্যমান, চাৰিখন ভৰিৰ এখন চৰাইৰ, এখন ঘোঁৰাৰ, এখন কাছৰ আৰু আনখন সিংহৰ৷ এই প্ৰতীকত এডাল নেগুৰ ওপৰমূৰীয়াকৈ থাকে৷ যৌনাংগ নাথাকে৷ তদুপৰি প্ৰতিটো অংগ বা অংশৰে সুকীয়া অৰ্থ আৰু তাৎপৰ্য আছে৷

ই আহোম ৰজাসকলৰ ৰাজ-প্ৰতীক আছিল আৰু বৰ্তমান সময়তো ইয়াক আহোমসকলে ধৰ্মীয় উৎসৱৰ খ্ৰিংফা বা পতাকাত, কাপোৰত, বিভিন্ন চিত্ৰ আৰু মটিফত ব্যৱহাৰ কৰে৷ গ্ৰীছত ব্যৱহৃত কাইমেৰাৰ দৰে বিভিন্ন প্ৰাণীৰ একো একোটা অংশ লোৱা অনেক কল্পিত জীৱ [প্ৰাণী] পৃথিৱীৰ প্ৰায়বোৰ সভ্যতাতে ব্যৱহৃত হৈ আহিছে৷ গ্ৰীক পুৰাকথাৰ আন এটা কাইমেৰিক প্ৰাণী গ্ৰীফিন [griffin] ৰ শৰীৰটো সিংহৰ, মূৰ ঈগলৰ, গাত ডেউকা আৰু নেগুৰ থাকে৷

কেতিয়াবা ঈগলৰ ঠেংবোৰ আগৰ ভৰি হিচাপে ব্যৱহাৰ হয়৷ ইয়াৰ পিছৰফালে সিংহৰ ভৰি থাকে৷ পৰম্পৰাগতভাৱে সিংহক জন্তুৰ ৰজা আৰু ঈগলক চৰাইৰ ৰজা বুলি গণ্য কৰাৰ বাবে মধ্যযুগলৈকে গ্ৰীফিনক বিশেষভাৱে শক্তিশালী আৰু মহিমামণ্ডিত জীৱ বুলি ভবা হৈছিল৷ প্ৰাচীন কালৰ পৰাই গ্ৰীফিনবোৰ ধন আৰু অমূল্য সম্পত্তিৰ পহৰাদাৰ হিচাপে জনাজাত আছিল৷

Shirdal
শ্বিৰ্ডাল

একেদৰে খ্ৰীষ্টপূৰ্ব ৩০০০ চনৰ আগৰ প্ৰাচীন মিচৰৰ শিল্পত চাৰিটা ভৰি আৰু ঠোঁটযুক্ত মূৰ থকা গ্ৰীফিনৰ দৰে সংকৰ প্ৰাণী শ্বিৰ্ডাল [Shirdal] ক স্থান দিয়া হৈছিল৷ এই শ্বিৰ্ডাল হৈছে সিংহ-ঈগল [Lion-Eagle]৷ খ্ৰীষ্টপূৰ্ব ২য় সহস্ৰাব্দৰ শেষৰ ফালৰ পৰাই ইৰাণৰ প্ৰাচীন শিল্পত শ্বিৰ্ডালৰ আৱিৰ্ভাৱ ঘটিছিল৷ খ্ৰীষ্টপূৰ্ব ৩০০০ চনতে চুছা [Susa] ৰ পৰা চিলিণ্ডাৰ চীল [cylinder seal] অৰ্থাৎ এবিধ বিশেষ সামগ্ৰীত শ্বিৰ্ডাল দেখা গৈছিল৷

ইৰাণৰ লৌহ যুগৰ উত্তৰ আৰু উত্তৰ-পশ্চিম অঞ্চল লুৰিষ্টান [Luristan] আৰু আচেমেনিয়ান শিল্প [Achaemenian art] ৰ শিল্পত শ্বিৰ্ডাল সাধাৰণ মটিফ হিচাপে ব্যৱহৃত হৈছিল৷ আনহাতে, ইউৰোপৰ সাহিত্য আৰু সিন্ধু উপত্যকাৰ ব্ৰঞ্জ যুগীয় সভ্যতাত মূৰত এটা পোন শিং থকা ঘোঁৰা অৰ্থাৎ ইউনিকৰ্ণ [Unicorn] বিশেষভাৱে জনপ্ৰিয় আছিল৷ হৰপ্পা সভ্যতাত অনেক ইউনিকৰ্ণৰ চীল পোৱা গৈছে৷

এই সকলোবোৰেই বিভিন্ন সভ্যতাত সাংস্কৃতিগতভাৱে থকা কাইমেৰিক শ্ৰেণীৰ প্ৰাণী৷ অসমত প্ৰাপ্ত খোৱাঙৰ হাতী-ড্ৰেগনটো তাৰ শেহতীয়া উদাহৰণ৷ খোৱাঙৰ এই হাতী-ড্ৰেগনটোৱে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতাক বিশ্ব ঐতিহ্যৰ লগত সম্পৰ্ক স্থাপন কৰি দিয়াৰ লগতে¸ বিশ্ববীক্ষাৰ স’তেও জড়িত কৰি পেলাইছে৷ এই বিষয়ে অধিক গৱেষণা হোৱাৰ প্ৰয়োজন৷

প্ৰসংগ-টীকাঃ

১. “She was of divine stock, not of men, in the fore part a lion, in the hinder a serpent, and in the midst a goat, breathing forth in terrible wise the might of blazing fire.” –Hom. Il. 6.১৬৫ [Online version at the Perseus Digital Library]

২. কনবাং ৰাজবংশ [Konbaung dynasty] ঃ কনবাং বাৰ্মা বা আভা বা ম্যানমাৰত শাসন কৰা শেষৰটো ৰাজবংশ৷ ১৭৫২ খ্ৰিষ্টাব্দৰ পৰা ১৮৮৫ খ্ৰিষ্টাব্দলৈকে এই ৰাজবংশই বাৰ্মিজ ইতিহাসৰ দ্বিতীয় বৃহত্তম সাম্ৰাজ্যৰ সৃষ্টি কৰিছিল৷ কনবাং ৰজাই মণিপুৰ, আৰাকান, অসম, পেগুৰ মন ৰাজ্য, আয়ুথায়া চিয়াম ৰাজ্য আৰু চীনৰ কিং ৰাজবংশৰ বিৰুদ্ধে অভিযান চলাইছিল৷ উল্লেখযোগ্য যে কনবাং ৰাজবংশই কৰা অসম আক্ৰমণৰ ঘটনাক অসম বুৰঞ্জীত ‘মানৰ আক্ৰমণ’ বুলি অভিহিত কৰা হৈছে৷

৩. ৰাখিনঃ ৰাখিনসকল ব্ৰহ্মদেশ বা ম্যানমাৰৰ এটা জনগোষ্ঠী বা সম্প্ৰদায়৷ এওঁলোকক পূৰ্বতে আনুষ্ঠানিকভাৱে ‘আৰাকান’ বুলি কোৱা হৈছিল৷ সমগ্ৰ ম্যানমাৰ, বাংলাদেশৰ দক্ষিণ-পূব অংশৰ চট্টগ্ৰাম সংমণ্ডল আৰু বৰিশাল সংমণ্ডলৰ লগতে ভাৰততো সৰু সৰু গোটত ৰাখাইন সম্প্ৰদায়ৰ লোকে বাস কৰে৷

৪. ‘চিন্থে’ বাৰ্মিজ ভাষাৰ ‘সিংহ’ বুজোৱা শব্দ৷ সাধাৰণতে বাৰ্মিজ আইকন’গ্ৰাফী আৰু স্থাপত্যত চিন্থেৰ লিঅ’গ্ৰাফ [leograph] বা শৈলীকৃত সিংহৰ মটিফ অতি সুন্দৰ ৰূপত চিত্ৰিত কৰা হয়৷ ই বিশেষকৈ বৌদ্ধ পেগোডা আৰু কিয়াঙ [kyaung] অৰ্থাৎ বৌদ্ধ কৰ্মস্থলীৰে গঠিত মঠৰ প্ৰৱেশ-দ্বাৰৰ কাষে কাষে যুৰীয়াকৈ অভিভাৱক হিচাপে থাকে৷

৫. কাৰাৱেইকঃ কাৰাৱেইক শব্দটো পালি ভাষাৰ ‘কাৰাভিকা’ [karavika] ৰ পৰা আহিছে৷ এই ‘কাৰাভিকা’ মানে হৈছে ‘এটা সুৰীয়া চিঞৰ থকা পৌৰাণিক চৰাই’৷

৬. ৰেভেলাৰঃ ম্যানমাৰৰ থিংয়ান জল উৎসৱত আনন্দত মচগুল হৈ চিঞৰ-বাখৰ কৰি থকা ব্যক্তিসকল৷

৭. মূল তথ্যসূত্ৰঃ Burmese royal barges and boats, San San May, Curator for Burmese, British Library, London, Southeast Asia Library Group Newsletter, No. 46, December 2014, ISSN 0308-4035 (print) / ISSN 2055-317X (online), pp. 24-25

[বিশেষ কৃতজ্ঞতাঃ ড॰ ৰক্তিম ৰঞ্জন শইকীয়া]

ফোনঃ ৮০১১৬-১২৫৩৫

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

Supreme Court Stands Firm Against Wealthy Silencing Media!
Special Report

India’s Judicial Transparency In the path of Transition

by Pradakshina Sarmah
August 15, 2026
0

India’s Judicial Transparency In the path of Transition PRADAKSHINA SARMAH Judicial Transparency refers to the openness, accessibility, and accountability of...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

August 14, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026
AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

August 17, 2026
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d