• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

গগৈ সেনাপতি

ASSAMESE SECTION / History / Yandabo Treaty

by Diganta Kumar Gogoi
September 11, 2025
in ASSAMESE SECTION, History
Reading Time: 5 mins read
0
কলিয়াবৰৰ সলাল গোহাঁই
Share on FacebookShare on TwitterShare on LinkedIn

গগৈ সেনাপতি

ঐতিহাসিক ইয়াণ্ডাবু সন্ধিৰ দ্বি-শতাব্দীৰ প্ৰাক্ ক্ষণ উপলক্ষ্যে 

গগৈ সেনাপতি
চিত্ৰ ১ মান অসমীয়া যুদ্ধৰ ৰেখা

দিগন্ত কুমাৰ গগৈ 

Diganta Gogoi
দিগন্ত কুমাৰ গগৈ 

২৪ ফেব্ৰুৱাৰী, ১৮২৬ চন,অসমৰ বাবে এক যুগান্তকাৰী ক্ষণ আছিল। সেই দিনা, বৃটিছ সাম্ৰাজ্য আৰু ব্ৰহ্ম দেশৰ( বৰ্তমান কালৰ ম্যানমাৰ), মাজত স্থাপন হোৱা ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে অসমত আহোম ৰাজবংশৰ শাসন আৰু স্বাধীন ৰাজ্য ৰূপে অসমৰ অস্তিত্ব সমাপ্ত হৈছিল।

আহিবলগীয়া কেইটামান দিনৰ পিছতে, ঐতিহাসিক ইয়াণ্ডাবু সন্ধিৰ দুশ বছৰ সম্পূৰ্ণ হ’ব। ইয়াণ্ডাবু সন্ধিৰ আগতে, আগ্ৰাসী মানৰ আক্ৰমণৰ কালচোৱাত ( ১৮১৭- ১৮২৬ চনলৈ) স্বাধীন অসমৰ অস্তিত্ব ৰক্ষাৰ অৰ্থে যিসকল লোকে সংগ্ৰাম কৰিছিল তেওঁলোকৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে অসমৰ সৰ্বসাধাৰণ লোক বেছি জ্ঞাত নহয় আৰু ক্ৰমান্নয়ে তেওঁলোকৰ নাম আৰু কাৰ্য্যাৱলী ইতিহাসৰ পৃষ্ঠাৰ মাজত হেৰাই গ’ল।তাৰে এগৰাকী ঐতিহাসিক চৰিত্ৰ আৰু তেওঁৰ কাৰ্যাৱলী আমি এই প্ৰৱন্ধটোত আগবঢ়ালোঁ।
গগৈ সেনাপতি
চিত্ৰ ২

বুৰঞ্জীৰ সূত্ৰৰ পম খেদি, আমি জ্ঞাত হৈছোঁ যে ১৮১৭ চনত আৰু ১৮১৯ চনত সংঘটিত মানৰ প্ৰথম আৰু দ্বিতীয় আক্ৰমণৰ কালচোৱাত, আগ্ৰাসী মানৰ বিৰুদ্ধে অসমীয়া সেনাৰ নেতৃত্বত থকা এগৰাকী সেনাপতিৰ কথা কেইবাবাৰো উল্লেখ হৈছে। সেই গৰাকী হ’ল পাতৰ ফৈদৰ সৰু অভয়পুৰীয়া গগৈ ৰাজখোৱা। পৰৱৰ্তী কালত তেওঁ গগৈ সেনাপতি বুলি অধিক জনাজাত হৈছিল।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আহোম ৰাজশাসনৰ দিনত উজনি অসমত অৱস্থিত অভয়পুৰ অঞ্চলত তিনিখন খাত আছিল। সেই খাতকেইখন চলোৱাৰ দায়িত্ব তিনিজন ৰাজখোৱাই পালন কৰিছিল। সেই কেইজনক বৰ অভয়পুৰীয়া ৰাজখোৱা, মাজু অভয়পুৰীয়া ৰাজখোৱা আৰু সৰু অভয়পুৰীয়া ৰাজখোৱা বুলিছিল।

খাত-পাম বোৰ চলাবৰ বাবে প্ৰত্যেক গৰাকী ৰাজখোৱাই ৩০০০ পাইক, আৰু নিজৰ ব্যক্তিগত ব্যৱহাৰ বাবে ১০ জন পাইক আৰু ৫০০ পুৰা ভূমি লাভ কৰিছিল। আহোম শাসন ব্যৱস্থাত, ১৫ বছৰ পৰা ৫০ বছৰ বয়সলৈকে প্ৰায় সকলো প্ৰজাই, বাধ্যতামূলক ভাৱে ৰাজকাৰ্য্যত বছৰেকত তিনি পৰা চাৰি মাহলৈ পাল পাতি সেৱা আগবঢ়াব লগা হৈছিল। এই প্ৰজাসকলক পাইক বুলি কোৱা হৈছিল। পাইকসকল প্ৰায় সকলো কামতে পাৰ্গত আছিল। কৃষি, নিৰ্মাণ কাৰ্য্যাদিৰ, উপৰিও তেওঁলোক ৰাজ্যৰ বাবে যুদ্ধ বিগ্ৰহ আদিতো নিজৰ সেৱা আগবঢ়াব লগা হৈছিল।

সৰু অভয়াপুৰীয়া পাতৰ গগৈ ৰাজখোৱাৰ উল্লেখ আমি সাতসৰী অসম বুৰঞ্জীত আৰু গোলাপ বৰুৱা দ্বাৰা অনুবাদিত আহোম বুৰঞ্জীত বিচাৰি পাইছোঁ। বুৰঞ্জীত উপলব্ধ তথ্য মতে সৰু অভয়াপুৰীয়া গগৈ ৰাজখোৱাৰ প্ৰথমবাৰৰ বাবে বিশেষ উল্লেখ ১৮০৯ চনত নগাৰ বিৰুদ্ধে হোৱা সামৰিক অভিযানত হৈছিল।

১৮০৯ চনত তিৰুৱলীয়া নগাই অসমৰ সীমান্তত অৱস্থিত গাঁওবোৰত আক্ৰমণ কৰি ধন জনৰ ক্ষতি কৰিছিল। ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে সৰু অভয়াপুৰীয়া পাতৰ গগৈ ৰাজখোৱাক ৰাজকীয় সেনাবাহিনীৰ সেনাপতি পাতি তিৰুৱাল নগাৰ বিৰুদ্ধে প্ৰেৰণ কৰিছিল। গগৈ সেনাপতিৰ নেতৃত্বত ৰাজকীয় সেনাবাহিনীয়ে তিৰুৱাল নগাক পৰাস্ত কৰিলে।

তিৰুৱাল নগাই পৰাজিত হৈ নিজৰ গাঁও ত্যাগ কৰি চেমা নগাৰ অঞ্চলত প্ৰৱেশ কৰিলে। গগৈ সেনাপতিৰ নেতৃত্বত ৰাজকীয় বাহিনীয়ে পিছে পিছে খেদি চেমা নগাৰ অঞ্চলত প্ৰৱেশ কৰিলে। ৰাজকীয় সেনাৰ অৱস্থান চাবলৈ ছেমা নগাৰ ৰজাজনে জুমি চাওঁতে, এজন ৰাজকীয় বাহিনীৰ চিপাহীৰ বন্দুকৰ গুলীত চেমা নগাৰ ৰজাজন নিহত হ’ল। ইয়াৰ পিছত চেমা নগা আৰু তিৰুৱাল নগা একলগ হৈ অসমৰ সীমান্ত গাঁওবোৰত আক্ৰমণ কৰিলে আৰু ধন জনৰ ক্ষতি কৰিলে।

ৰাজকীয় সেনাবাহিনীয়ে গগৈ ৰাজখোৱাৰ নেতৃত্বত আক্ৰমণকাৰী নগাসকলক পৰাস্ত কৰিলে আৰু পৰাজিত নগাসকলক খেদি ৰাজকীয় সেনাবাহিনীয়ে নগাৰ চাংঘৰ, ভঁৰাল, গাঁও, আদি জুই লগাই ধ্বংস কৰিলে। ইয়াৰ পিছত সৰু অভয়াপুৰীয়া গগৈ ৰাজখোৱাই ৰাজকীয় সেনাবাহিনী লৈ ৰাজধানী যোৰহাটলৈ উভতি আহে। সম্ভৱতঃ এই সামৰিক অভিযানৰ সফলতাই পাতৰ ফৈদৰ সৰু অভয়াপুৰীয়া গগৈ ৰাজখোৱাক এজন সামৰিক নেতা ৰূপে আহোম ৰাজ প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

১৮১৫ চনত ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে, গুৱাহাটী আৰু পশ্চিম অসমৰ আহোম ৰাজ প্ৰতিনিধি বদনচন্দ্ৰ বৰফুকনৰ বিৰুদ্ধে কামৰূপৰ প্ৰজাৰ ওপৰত অত্যাচাৰ কৰা আৰু ৰাজমন্ত্ৰী বুঢ়াগোহাঁইৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা অভিযোগত বন্দী কৰিবলৈ এটা ৰাজ প্ৰতিনিধি দল গুৱাহাটীলৈ প্ৰেৰণ কৰে।

কিন্তু এই বিষয়ে বদনচন্দ্ৰ বৰফুকনে আগতীয়াকৈ খবৰ লাভ কৰি গুৱাহাটীৰ পৰা পলায়ন কৰিলে। আহোম ৰাজ্যৰ সীমা পাৰ কৰি বদনচন্দ্ৰই বৃটিছ অধিকৃত বংগ দেশত প্ৰৱেশ কৰে আৰু কলিকতা লৈ যাত্ৰা কৰি, তৎকালীন বৃটিছ গৱৰ্ণৰ জেনেৰেল লৰ্ড হেষ্টিংছক সাক্ষাৎ কৰি ৰাজমন্ত্ৰী বুঢ়াগোহাঁইৰ বিৰুদ্ধে সহায়ৰ আবেদন জনালে।

কিন্তু বদনচন্দ্ৰৰ সাহায্য প্ৰাৰ্থনা বৃটিছ গৱৰ্ণৰ জেনেৰেলে অগ্ৰাহ্য কৰিলে। সেই সময়তে কলিকতাত ব্ৰহ্ম দেশৰ ( আজিৰ ম্যানমাৰ) এজন ৰাজ বিষয়া আহিছিল। বদনচন্দ্ৰ সেই বিষয়াজনৰ লগত চিনাকি হৈ বিষয়াজনৰ লগতে মান দেশলৈ ৰাওঁনা হ’ল।

মান দেশ গৈ পাই বিষয়াজনৰ সহযোগত বদনচন্দ্ৰই মান ৰজা বদৌফাক সাক্ষাৎ কৰে আৰু বদৌফাক ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কিদৰে আহোম ৰজাৰ সকলো অধিকাৰ খৰ্ব কৰি নিজে ৰজাৰ দৰে শাসন কৰি সকলোৰে জীৱন দুৰ্বিষহ কৰি পেলোৱা বুলি অভিযোগ কৰিলে আৰু বদৌফাক, অসমৰ ৰজা – প্ৰজা সকলোকে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ অনুৰোধ কৰিলে। বদৌফাই পোণতে বদনচন্দ্ৰক সহায় কৰিবলৈ দ্বিধাবোধ কৰিছিল। কিন্তু বদনচন্দ্ৰই নেৰা-নেপেৰা অনুৰোধ কৰা দেখি, বহু বিচাৰ বিবেচনা কৰি , প্ৰায় ১৬ (ষোল্ল) মাহৰ মুৰত, অৱশেষত বদৌফাই বদনচন্দ্ৰক সহায় কৰিবলৈ মান্তি হ’ল।

১৮১৭ চনৰ আৰম্ভণীত বদনচন্দ্ৰৰ নেতৃত্বত মান সেনাই সীমা পাৰ কৰি অসমত প্ৰৱেশ কৰিলে আৰু ঘিলাধাৰীত কোঠ মাৰি ৰল। 

এইখিনিতে এটা উল্লেখযোগ্য ঘটনা ঘটিল। বদন আৰু মান সেনাৰ পৰা অসমৰ লোক সকলৰ মাজত খবৰ বিয়পালে যে তেওঁলোক অসমৰ ৰজাৰ লগত যুদ্ধ কৰিব অহা নাই, বৰঞ্চ ৰজা আৰু প্ৰজাক, ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ কবলৰ পৰা মুক্ত কৰিবলৈ আহিছে। বিশিষ্ট বুৰঞ্জীবিদ ডঃ সূৰ্য কুমাৰ ভূঞা দেৱৰ সম্পাদিত ইংৰাজী ভাষাত লিখা তুংখুঙ্গীয়া বুৰঞ্জী মতে বদনে ৰাজ সিংহাসনত আহোম ৰজা গৌৰীনাথ সিংহৰ পুত্ৰ গৰ্ভে সিংহ নামৰ এজন কোঁৱৰক ৰজা পাতিব বুলি লগত লৈ আনিছে, গতিকে সাধাৰণ প্ৰজাই বদন আৰু মান সৈন্যলৈ ভয় কৰিবলগীয়া একো নাই।

ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে আক্ৰমণকাৰী মান সেনাৰ বিৰুদ্ধে ৰাজকীয় সৈন্যবাহিনী, সৰু অভয়পুৰীয়া পাতৰ গগৈ ৰাজখোৱাৰ, নেতৃত্বত পঠাই দিয়ে। সাতসৰী অসম বুৰঞ্জী আৰু আহোম বুৰঞ্জী সূত্ৰ মতে পাতৰ গগৈয়ে সাহসেৰে ঘিলাধাৰীত মান সৈন্যৰ কোঠ আক্ৰমণ কৰিলে। অসমীয়া সেনাৰ আক্ৰমণত, ৰণৰ আৰম্ভণিত মান সেনা অলপ সময়ৰ বাবে হতভম্ব হৈছিল। কিন্তু বদনচন্দ্ৰই আৰু মান সেনাপতি সকলে সৈন্যবাহিনীক সংগঠিত কৰি পাতৰ গগৈক আক্ৰমণ কৰে আৰু অৱশেষত ৰণত অসমীয়া সেনাৰ পৰাজয় হয়। 

এই সময়তে ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয়। কোনো সূত্ৰৰ মতে অসমীয়া সেনাৰ পৰাজয়ৰ খবৰ শুনি পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে হীৰা চেলেকী আত্মহত্যা কৰিলে। অন্য সূত্ৰৰ মতে ৰাজকীয় সেনাৰ পৰাজয়ৰ খবৰ শুনি পূৰ্ণানন্দ বুঢ়াগোহাঁই চিন্তিত হৈ জ্বৰত ভূগে আৰু সেই জ্বৰতে তেওঁৰ মৃত্যু হ’ল।

পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ ৰুচিনাথক আহোম ৰজা স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই বুঢ়াগোহাঁইৰ পদত নিযুক্ত কৰে আৰু ৰাজসভাত সকলো মন্ত্ৰী-বিষয়াক মাতি, বদনচন্দ্ৰৰ নেতৃত্বত অহা মান সেনাৰ ওপৰত কি ব্যৱস্থা লৱ লাগে, তাৰ পৰামৰ্শ খুজিলে। সাতসৰী আৰু আহোম বুৰঞ্জী সূত্ৰ মতে সকলোৱে আক্ৰমণকাৰী মান সেনাৰ বিৰুদ্ধে যুদ্ধ চলাই যোৱাতে মত দিলে আৰু অন্তিম নিৰ্ণয় লবলৈ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ ওচৰত অনুৰোধ কৰিলে।স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই আক্ৰমণকাৰী মানৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আদেশ দিলে।

ৰজাৰ আদেশ অনুসাৰে নতুনকৈ ৰাজকীয় সৈন্যবাহিনী গঠন কৰা হ’ল। ৰুচিনাথ বুঢ়াগোহাঁই, কেঁচুকলীয়া ফৈদৰ বৰগোহাঁই, কূৱৈগঞা বুঢ়াগোহাঁই ফৈদৰ নেওগ ফুকন, বৰ অভয়পুৰীয়া ৰাজখোৱা, মাজু অভয়পুৰীয়া ৰাজখোৱা, লানমাখৰু ফৈদৰ ভেদেলা ৰাজখোৱা, আদিকে ধৰি কেইবাজনো উচ্চ পদস্থ ৰাজবিষয়া এই দলটোত যোগ দান কৰিলে।

সৰু অভয়পুৰীয়া পাতৰ গগৈ ৰাজখোৱায়ো ৰাজকীয় সেনাবাহিনীৰ দলটোত যোগদান কৰিলে। ৰাজকীয় সেনাবাহিনীয়ে প্ৰথমে দিহিঙ্গ নগৰত আৰু তাৰ পিছত আগবাঢ়ি কঠালবাৰীৰ শিল সাঁকোৰ কাষত কোঠ পাতিলে। বদনচন্দ্ৰৰ লগত মান সেনাই আগবাঢ়ি কঠালবাৰীত অসমীয়া সেনাৰ কোঠৰ সমুখত সামৰিক কোঠ স্থাপন কৰিলে।

এইখিনিতে বদন আৰু মান সেনাৰ পৰা পুনৰ খবৰ বিয়পালে যে তেওঁলোক অসমৰ ৰজাৰ লগত যুদ্ধ কৰিব অহা নাই, গতিকে অসমৰ লোকে বদন আৰু মান সৈন্যলৈ ভয় কৰিবলগীয়া একো নাই। এনেধৰণৰ বিভ্ৰান্তিমূলক খবৰ বোৰে, অসমীয়াৰ সামৰিক শিবিৰত প্ৰভাৱ পেলালে। অসমীয়া সেনাপতি সকলে কি কাৰ্য ব্যৱস্থা ললে উচিত হ’ব, ইয়াক লৈ নিজৰ মাজত আলোচনা কৰিলে।

সাতসৰী অসম বুৰঞ্জী আৰু আহোম বুৰঞ্জী তথ্য অনুসৰি আলোচনাত ফুকন, বৰুৱা, হাজৰিকা, শইকীয়া, বৰা, আদি পালি সেনাপতি বোৰে আৰু সাধাৰণ সৈনিকসকলে আক্ৰমণকাৰী মানৰ‌ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মতামত আগবঢ়ালে, যিহেতু ৰজাই তেওঁলোকক আক্ৰমণকাৰী মানক বাধা দিবলৈ পঠিয়াইছে। ইয়াৰ পিছত অসমীয়া সৈন্যবাহিনী শাৰী পাতি সৰু অভয়পুৰীয়া গগৈ ৰাজখোৱাৰ নেতৃত্বত কোঠৰ পৰা ওলাই মান সেনাৰ কোঠৰ অভিমুখে আগবাঢ়িল।

একে সময়তে ‘বৈশালী অভিযান’ বুলি প্ৰকাশিত অসম আক্ৰমণ কৰিবলৈ অহা মান সৈনিক এজনে লিখা বিৱৰণী মতে তেওঁলোকে দুৰৈৰ পৰা অসমীয়া সৈন্যৰ গতি বিধি লক্ষ্য কৰি থাকোতে, অসমীয়া সৈন্য বাহিনীৰ মাজৰ কেইজন মানে, অন্য সৈনিক সকলক উৎসাহিত কৰি থকা দেখা পাইছিল। ইয়াৰ পিছত অসমীয়া সৈন্যবাহিনী শাৰী পাতি যুদ্ধ কৰা মানসেৰে কোঠৰ পৰা ওলাই অহা দেখা পালে। দুয়ো পক্ষৰ তথ্যৰ অধ্যয়ন কৰি অনুমান কৰিব পাৰি যে সম্ভৱতঃ অসমীয়া সৈন্যক উৎসাহ যোগাই থকা ব্যক্তি কেইগৰাকী ভিতৰত এগৰাকী সৰু অভয়পুৰীয়া পাতৰ গগৈ ৰাজখোৱা বা গগৈ সেনাপতি আছিল। 

গগৈ সেনাপতিৰ নেতৃত্বত অসমীয়া সেনাই মান সেনাক প্ৰচণ্ড ভাৱে আক্ৰমণ কৰে। যুদ্ধৰ আৰম্ভনিতে অসমীয়া সৈনিকৰ বন্দুকৰ গুলীত মানৰ পালি সেনাপতি এজন নিহত হ’ল আৰু মান সেনাই পিচ হুহুকি আহিবলৈ বাধ্য হৈছিল। ইয়াৰ পিছত মানৰ প্ৰধান সেনাপতিয়ে, মান সেনা বাহিনীক পুনৰ সংগঠিত কৰি অসমীয়া সৈন্যৰ লগত তুমুল যুদ্ধত অৱতীৰ্ণ হ’ল।

দুয়ো পক্ষৰ মাজত বন্দুক – বৰটোপ লৈ প্ৰচণ্ড গুলীয়া-গুলী লাগিল। এটা সময়ত মান সেনাপতিয়ে , নিজৰ সেনাবাহিনীক গুলীয়া-গুলী বন্ধ কৰি, হাতত অস্ত্ৰ তুলি অসমীয়া সৈন্যৰ লগত হতাহতি যুদ্ধ কৰিবলৈ আদেশ দিয়ে। হতাহতি যুদ্ধত অসমীয়া সেনাবাহিনী ভাগৰি পৰিল আৰু নিজৰ কোঠৰ ফালে পিছুৱাই আহিছিল।

গগৈ সেনাপতি
চিত্ৰ ৩ মান ৰজা বদৌফা

মান সেনাই অসমীয়া সৈন্যৰ কোঠ ঘেৰি ধৰিলে আৰু অসমীয়া সেনাৰ কোঠত খৰি – পানী, আদি যোগানৰ বাট ৰূদ্ধ কৰিলে। খাদ্য – পানী যোগানৰ অভাৱত অসমীয়া সৈন্যবাহিনী দূৰ্বল হৈ পৰিল আৰু সামৰিক শিবিৰত বিশৃঙ্খলতাই দেখা দিলে। লানমাখৰু ফৈদৰ ভেদেলা ৰাজখোৱাই অসমীয়া সেনাবাহিনীক কোঠৰ পৰা ওলাই মানৰ অৱৰোধ ভাঙিবলৈ আদেশ দিয়ে, কিন্তু সৈন্যবাহিনীয়ে আদেশ পালন কৰিবলৈ অপৰাগতা প্ৰকাশ কৰিলে। 

কেঁচুকলীয়া ফৈদৰ বৰগোহাঁই ডাঙৰীয়াই সুযোগ বুজি সেনাৰ কোঠ এৰি পলায়ন কৰিলে। প্ৰতিকূল পৰিস্থিতিৰ হেচাত অৱশেষত অসমীয়া সেনাই পৰাজয় বৰণ কৰিলে। বিশ্বেশ্বৰ বৈদ্যাধিপৰ দ্বাৰা পদ্য আকাৰত বিৰচিত “বেলিমাৰৰ বুৰঞ্জী”ৰ মতে বিজয়ী মান সেনাই গগৈ সেনাপতিক‌ বন্দী কৰি অনেক লঘূ -‌ লাঞ্চনা কৰি অপমানিত কৰে। বুৰঞ্জীত ইয়াৰ কাৰণ স্পষ্টকৈ উল্লেখ নকৰিলেও সম্ভৱতঃ যুদ্ধৰ আগচোৱাত গগৈ সেনাপতিৰ নেতৃত্বত অসমীয়া সেনাই মানৰ এগৰাকী পালি সেনাপতিকে ধৰি অনেক মান সৈন্যক নিধন কৰি ক্ষয় ক্ষতি কৰা বাবদ তেওঁক বিজয়ী মান সেনাই এইদৰে ব্যৱহাৰ কৰিছিল।

ৰুচিনাথ বুঢ়াগোহাঁয়ে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক গুৱাহাটীলৈ পলাই যোৱাৰ পৰামৰ্শ দিলে। কিন্তু স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই ভিতৰি খবৰ পাইছিল যে বদনচন্দ্ৰৰ ৰজাৰ প্ৰতি কোনো দ্বেষ ভাৱ নাই। তেওঁৰ প্ৰকৃত আখেজ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰতি। গতিকে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই গুৱাহাটীলৈ পলাই যাবলৈ অসন্মত হ’ল। ইয়াতে ৰুচিনাথ বুঢ়াগোহাঁয়ে চন্দ্ৰকান্ত সিংহক সন্দেহ কৰিলে যে বুঢ়াগোহাঁই পৰিয়ালৰ ক্ষমতা খৰ্ব কৰিবলৈ ৰজাই বদনচন্দ্ৰৰ লগত মিলি মান সেনা বাহিনী আনিলে। গতিকে ৰুচিনাথ বুঢ়াগোহাঁয়ে সপৰিয়ালে গুৱাহাটীলৈ পলাই গ’ল। 

বদনচন্দ্ৰই এইবাৰ বিজয়ী মান সেনাক লগত লৈ ৰাজধানী যোৰহাটত প্ৰৱেশ কৰিলে। তাত তেওঁ খবৰ পালে যে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ইতিমধ্যে মৃত্যু হৈছে আৰু তেওঁৰ পুত্ৰ ৰুচিনাথ সপৰিয়ালে গুৱাহাটীলৈ পলাই গ’ল। বদনচন্দ্ৰই স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক সাক্ষাৎ কৰি সেৱা জনাই, তেওঁৰ লগত মিত্ৰতা স্থাপন কৰিলে। ইয়াতে সন্তুষ্ট হৈ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই বদনচন্দ্ৰক ৰাজমন্ত্ৰী ফুকন পাতিলে। 

ৰাজমন্ত্ৰী বদনচন্দ্ৰ আৰু চন্দ্ৰকান্তই বিচাৰ বিবেচনা কৰি, মান সেনাপতি সকলক উপহাৰ- উপটোকন দিয়াৰ উপৰিও তুংখুঙীয়া ৰাজ ফৈদৰ কোৱঁৰ, বগা গোহাইঁৰ কন্যা হেমো আইদেউক, প্ৰায় ৫০০ অসমীয়া সৈনিক আৰু সিবিলাকৰ পৰিয়াল সহ, অন্য লিগিৰা -লিগিৰী লগত দি , মান ৰজা বদৌফাৰ কুৱঁৰী হবলৈ আগবঢ়াই দিয়ে। ইয়াৰ পিচত মান সৈন্যবাৰ হেমো আইদেউক লৈ স্বদেশলৈ ৰাওঁনা হ’ল।

বিদেশী মান সেনা অনাৰ বাবে আৰু ৰাজমন্ত্ৰী বদনচন্দ্ৰ ফুকনৰ ক্ষমতা বৃদ্ধিত, স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ মাতৃ নুমলী ৰাজমাও আৰু অন্য বিষয়া সকলক বদনচন্দ্ৰৰ প্ৰতি অসন্তুষ্ট হৈছিল। আহোম ৰাজ সভাৰ মন্ত্ৰীসকলে, ৰজাৰ মাতৃ নুমলী ৰাজমাওৰ লগত ষড়যন্ত্ৰ কৰি, ৰাজকীয় সেনাবাহিনীত ৰূপ সিং নামৰ হিন্দুস্থানী মূলৰ চুবেদাৰ এজনক, টকা পইচাৰ লোভ দেখুৱাই বদনচন্দ্ৰক হত্যা কৰিবলৈ ৰাজী কৰালে। ৰূপ সিং চুবেদাৰে সুযোগ বুজি বদনচন্দ্ৰই ৰাতিপুৱা গা ধুৱলৈ যাওঁতে, বদনচন্দ্ৰক আক্ৰমণ কৰি হত্যা কৰিলে।বদনচন্দ্ৰৰ হত্যাৰ পিচত ষড়যন্ত্ৰত জড়িত মানুহবোৰে বদনচন্দ্ৰৰ দুই পুত্ৰক বন্দী কৰি, বৰফুকনৰ ঘৰ বাৰী লুটিলে। 

বদনচন্দ্ৰৰ হত্যাৰ পিচত নুমলী ৰাজমাওয়ে, গুৱাহাটীত থকা ৰুচিনাথ বুঢ়াগোহাঁইলৈ খবৰ পঠাই ৰাজধানী যোৰহাটলৈ মাতিছিল। কিন্তু ৰুচিনাথ বুঢ়াগোহাঁয়ে, পিতৃ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বদনচন্দ্ৰই মান সেনা অনাত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ জড়িত থকা বুলি সন্দেহ কৰিছিল আৰু বদনচন্দ্ৰ মৃত্যুৰ পিচতো স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ প্ৰতি থকা তেওঁৰ সন্দেহ দুৰ নহ’ল।  

ৰুচিনাথ বুঢ়াগোহাঁয়ে, বংগ দেশৰ চিলমাৰীত থকা নিৰ্বাসিত ৰাজকোৱৰ, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ আজো নাতি ব্ৰজনাথ গোহাইঁক যোগাযোগ কৰে আৰু ৰজা হবলৈ প্ৰস্তাৱ দি,গুৱাহাটীলৈ আহিবলৈ নিমন্ত্ৰণ দিয়ে। ব্ৰজনাথ গোহাঁয়ে, ৰুচিনাথ বুঢ়াগোহাঁইৰ প্ৰস্তাৱত সঁহাৰি জনালে আৰু গুৱাহাটীত উপস্থিত হ’ল। পিচে ব্ৰজনাথ গোহাইঁৰ গাত অংগ ক্ষতৰ চিন থকাত , তেওঁৰ দহ বছৰীয়া পুত্ৰ পুৰন্দৰক ৰজা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ৰুচিনাথ বুঢ়াগোহাঁই দলে বলে ৰাজধানী যোৰহাটলৈ ৰাওঁনা হ’ল আৰু চন্দ্ৰকান্ত সিংহক ৰজা ভাঙি, পুৰন্দৰ সিংহক, ১৮১৮ চনৰ ফেব্ৰুৱাৰী মাহত, সিংহাসনত অধিষ্ঠিত কৰি ৰজা পাতে। ভঙা ৰজা চন্দ্ৰকান্ত সিংহক ৰংপুৰত থাকিবলৈ ব্যৱস্থা কৰি দিলে আৰু ভবিষ্যতে চন্দ্ৰকান্ত সিংহক ৰজা হোৱাৰ পৰা বঞ্চিত কৰিবলৈ ৰুচিনাথ বুঢ়াগোহাঁইৰ ভায়েক প্ৰেমনাথ মৰঙীখোৱা গোহাঁইয়ে ভবিষ্যতে চন্দ্ৰকান্ত সিংহক ৰজা হোৱাৰ পৰা বঞ্চিত কৰিবলৈ চন্দ্ৰকান্ত সিংহৰ কাণ এখনত খুতঁ কৰিলে ( আহোম ৰাজ্যৰ পৰম্পৰা অনুসৰি‌ ৰজাক স্বৰ্গৰ অধিপতি লেংডনৰ প্ৰতিনিধি হিচাপে গণ্য কৰা হৈছিল। গতিকে ৰজাৰ শৰীৰ কোনো ধৰণৰ অংগচ্ছেদ, চিন বা শাৰীৰিক বিকৃতিৰ পৰা মুক্ত হৈ থাকিব লাগিছিল)।

ইফালে মৃত বদন চন্দ্ৰৰ বন্ধুসকলে ম্যানমাৰলৈ পলায়ন কৰি ৰজা বদৌপায়াক, অসমত ঘটা ঘটনাৰ বিষয়ে অৱগত কৰে। মান ৰজা বদৌফাই, তেওঁৰ মিত্ৰ বদনচন্দ্ৰৰ হত্যাৰ আৰু তেওঁৰ মিত্ৰ ৰজা চন্দ্ৰকান্তৰ ৰাজ্যচ্যুত হোৱাৰ, খবৰ পাই ক্ৰোধিত হৈ তেওঁ আলুংমিঙ্গী বা কিয়ামিঙ্গী নামৰ সেনাপতি এজনৰ নেতৃত্বত ৩০,০০০(ত্ৰিছ হাজাৰ) সৈন্যৰ এটা দল, অসমলৈ ৰাওনা কৰিলে। বুৰঞ্জী সূত্ৰ মতে এই সেনাবাহিনীত, মোমাই বৰুৱা নামৰ এগৰাকী অসমীয়া মূলৰ বিষয়া আছিল, যি বহু দিন মান ৰজাৰ সভাত কাৰ্যৰত আছিল। মোমাই বৰুৱাৰ উপস্থিতি আৰু হস্তক্ষেপ ৰ বাবে এই আক্ৰমণৰ কালচোৱাত মান সৈন্যই সাধাৰণ অসমীয়া প্ৰজাৰ ওপৰত বৰ বেছি অত্যাচাৰ কৰা নাছিল।

আক্ৰমণকাৰী মানক বাধা দিবলৈ ৰজা পুৰন্দৰ সিংহৰ ৰাজ প্ৰশাসনে লৰালৰিকৈ ৰাজকীয় সৈন্যবাহিনী গঠন কৰিলে। এইখিনিতে বুৰঞ্জী বিলাকত অসমীয়া সেনাৰ প্ৰধান সেনাপতিজনৰ পৰিচয় লৈ তথ্য বেলেগ। সূৰ্য কুমাৰ ভূঞা সম্পাদিত ইংৰাজী ভাষাত লিখা তুংখুঙ্গীয়া বুৰঞ্জীত আৰু বিশ্বেশ্বৰ বৈদ্যাধিপৰ দ্বাৰা পদ্য আকাৰত বিৰচিত “বেলিমাৰৰ বুৰঞ্জী”ৰ মতে অসমীয়া সৈন্য বাহিনীৰ নেতৃত্ব গগৈ সেনাপতিয়ে বহন কৰিছিল।

কিন্তু দুতিৰাম হাজৰিকাৰ দ্বাৰা পদ্য আকাৰত বিৰচিত ‘ কলি ভাৰত বুৰঞ্জীত ‘ অসমীয়া সৈন্য বাহিনীৰ নেতৃত্ব ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ মৰঙীখোৱা গোহাঁইয়ে লোৱা বুলি উল্লেখ কৰিছে। ব্ৰিটিছ সামৰিক বিষয়া আৰু প্ৰশাসক মেজৰ আডাম হোৱাইটে নিজৰ লিখনিত উল্লেখ কৰা মতে অসমীয়া সেনাৰ নেতৃত্বত ঢেকিয়াল ফুকন আছিল, যিগৰাকী সম্ভৱতঃ ৰুচিনাথ বুঢ়াগোহাঁইৰ আন এগৰাকী ভাতৃ আছিল।

বিভিন্ন বুৰঞ্জীৰ তথ্য অধ্যয়ন কৰি অনুমান কৰিব পাৰি অসমীয়া সৈন্য বাহিনীত প্ৰধান সেনাপতি সম্ভৱতঃ ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ মৰঙীখোৱা গোহাঁই আছিল, আৰু লগতে গগৈ সেনাপতি সম্ভৱতঃ সেনাবাহিনীত সহযোগী বা পালি সেনাপতি ৰূপে যোগদান কৰিছিল। 

 ১৮১৯ চনৰ ফেব্ৰুৱাৰী মাহত, পুৰন্দৰ সিংহৰ সৈন্যবাহিনী মাছখোৱা গড়ৰ ওচৰত ফুলপানীছিঙাত (পুৰণি নাম শূলপাণীছিঙা) আক্ৰমণকাৰী মান সৈন্যৰ মুখামুখি হ’ল। মেজৰ আডাম হোৱাইট ৰ লিখিত বিৱৰণী মতে মান আৰু অসমীয়াৰ মাজত যুদ্ধখন বৰ্তমান কালৰ শিৱসাগৰৰ নাজিৰা ফালে হৈছিল। ছাৰ এডৱাৰ্ড গেইটৰ দ্বাৰা লিখিত অসম বুৰঞ্জী মতেও মান আৰু অসমীয়াৰ মাজত যুদ্ধখন বৰ্তমান কালৰ শিৱসাগৰ জিলাৰ নাজিৰা ফালে হৈছিল।

কিন্তু সৰহ ভাগ বুৰঞ্জীত মাছখোৱা গড়ৰ ওচৰত ফুলপানীছিঙাত যুদ্ধ হোৱা তথ্য সমৰ্থন কৰিছে। বিশ্বেশ্বৰ বৈদ্যাধিপৰ পদ্য আকাৰত বিৰচিত ‘বেলিমাৰ বুৰঞ্জী’ মতে আগৰণুৱা মান সেনাৰ এটা দল লাদৈগড়ত ঘাটি পাতিছিল। গগৈ ৰাজখোৱা সেনাপতি নেতৃত্বাধীন অসমীয়া সেনাই লাদৈগড়ত মান সৈন্যক পৰাস্ত কৰে, আৰু পলৰীয়া মান সৈন্যক খেদি আহি ফুলপানীছিঙাত মানৰ মূল সেনা বাহিনীৰ লগত সন্মুখীন হয়।

ৰণ আৰম্ভ হোৱা আগতে অসমীয়া ফালৰ পৰা গগৈ ৰাজখোৱা সেনাপতি আৰু আগ্ৰাসী মান সেনাৰ সেনাপতি আলুংমিঙ্গী বা কিয়ামিঙ্গী মাজত বাক্ যুদ্ধ এখন হয়। *গগৈ সেনাপতিয়ে মান সেনাপতি কিয়ামিঙ্গীক, মানে অসমৰ লোকসকলৰ ওপৰত কৰা অত্যাচাৰ কথা সোঁৱৰাই দিয়ে আৰু পৰদেশত যুদ্ধ কৰিবলৈ অহাৰ ফলাফল, মানসকলৰ বাবে ভাল নহব বুলিও সঁকিয়াই দিয়ে* ।

মান সেনাপতি কিয়ামিঙ্গীয়ে গগৈ সেনাপতিক পূৰ্বৰ ৰণত মানৰ হাতত অসমীয়াৰ পৰাজয় আৰু মান সৈনিকৰ হাতত গগৈ সেনাপতিৰ ব্যক্তিগত লঘূ লাঞ্চনাৰ হোৱাৰ কথা সোঁৱৰাই দিয়ে আৰু এইবাৰ ৰণত পৰাজয়ৰ পিছত গগৈ সেনাপতিৰ নিস্তাৰ নাই বুলিও সকিয়নি দিয়ে। ইয়াৰ পিছতে দুয়ো পক্ষৰ মাজত তুমুল যুদ্ধ আৰম্ভ হয়।

গগৈ সেনাপতিয়ে নিজৰ সেনাবাহিনী লৈ সন্মুখৰ পৰা মান সেনাক বন্দুকৰ গুলী আৰু বৰটোপৰ গোলাৰে আক্ৰমণ কৰি ক্ষয়-ক্ষতি কৰিলে। মান সেনাই প্ৰত্যুত্তৰত অসমীয়া সেনাৰ ওপৰত গুলী বৰ্ষণ কৰিলে। যুদ্ধৰ মাজতে অসমীয়া সেনাত থকা হিন্দুস্থানী মূলৰ পালি সেনাপতি ৰঘুবৰ চুবেদাৰে অকলে মান সেনাৰ বেহুত প্ৰৱেশ কৰে।

ৰঘুবৰক দেখি মান সৈন্যবাহিনীত থকা মুনকাঙ্গ প্ৰদেশৰ পৰা অহা এগৰাকী‌ সেনাপতিয়ে ঘোঁৰাত আৰোহণ কৰি ৰঘুবৰক আক্ৰমণ কৰিলে। ৰঘুবৰে প্ৰথমে এই আক্ৰমণৰ পৰা নিজকে আত্মৰক্ষা কৰিলে, আৰু তৰোৱালেৰে আঘাত কৰি মুনকাঙ্গ প্ৰদেশৰ সেনাপতি গৰাকীক বধ কৰে। ইয়াৰ পিছতে ৰঘুবৰে মুনকাঙ্গৰ সেনাপতি গৰাকীৰ ঘোঁৰাত উঠি মান সেনাৰ বেহুৰ পৰা ওলাই আহে আৰু অসমীয়া সেনাৰ বেহুত প্ৰৱেশ কৰিলে। ৰঘুবৰ চুবেদাৰৰ সাহস আৰু বীৰত্ব দেখি, দুয়ো পক্ষৰ লোকে তেওঁক প্ৰশংসা কৰিলে।

অসমীয়া সেনাৰ আক্ৰমণত মান সেনাৰ ক্ষয়-ক্ষতি হোৱা দেখি মান সেনাপতি আলুংমিঙ্গী বা কিয়ামিঙ্গীয়ে নিজে যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হয় আৰু পিছুৱাই অহা মান সেনাক সংগঠিত কৰি, সম্ভৱতঃ অসমীয়া সেনাৰ বেহুৰ দূৰ্বল অংশত, প্ৰচণ্ড আক্ৰমণ কৰে। দুতিৰাম হাজৰিকাৰ দ্বাৰা পদ্য আকাৰত বিৰচিত ‘ কলি ভাৰত’ বুৰঞ্জী মতে এই গুৰুত্বপূৰ্ণ ক্ষণতে অসমীয়া সেনাৰ প্ৰধান সেনাপতি, ৰাজমন্ত্ৰী ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ, মৰঙীখোৱা গোহাঁইয়ে ভয়ত যুদ্ধক্ষেত্ৰ ত্যাগ কৰে।

ছাৰ এডৱাৰ্ড গেইটৰ অসম বুৰঞ্জী মতেও যুদ্ধৰ এক গুৰুত্বপূৰ্ণ ক্ষণত অসমীয়া সেনাৰ প্ৰধান সেনাপতিয়ে ৰণথলীৰ পৰা পলায়ন কৰিছিল। প্ৰধান সেনাপতিয়ে পলায়ন কৰা দেখি অসমীয়া সেনাৰ বেহু ভাঙিব আৰম্ভ কৰে, আৰু সৈন্য বিলাক পলাবলৈ ধৰিলে। ইপিনে বেহুৰ সমুখত যুদ্ধ কৰি মান সেনাক ক্ষতিগ্ৰস্ত কৰা, গগৈ সেনাপতিয়ে বন্দুক বৰটোপৰ গুলী বাৰুদ শেষ হোৱা যেন গম পাই, পাচফালে ঘুৰি চাই দেখিলে যে প্ৰধান সেনাপতি, অন্য পালি‌ সেনাপতি সহ বেছি ভাগ সেনাই ৰণথলীৰ পৰা পলায়ন কৰিলে।

গুলী বাৰুদ শেষ হোৱাৰ ফলত গগৈ সেনাপতিৰ নেতৃত্বাধীন অসমীয়া সেনাৰ পৰাজয় হয় আৰু গগৈ সেনাপতিয়ে আত্মৰক্ষাৰ স্বাৰ্থত যুদ্ধক্ষেত্ৰ ত্যাগ কৰে। *বিশিষ্ট বুৰঞ্জীবিদ ডঃ সূৰ্য কুমাৰ ভূঞা দেৱৰ দ্বাৰা ৰচিত ‘লাচিত বৰফুকন’ গ্ৰন্থত উল্লেখ আছে যে কিয়ামিঙ্গীয়ে অসমীয়া সেনাৰ সাহস আৰু শক্তি দেখি অতি প্ৰভাৱিত হৈছিল। ফুলপানীছিঙা ৰণ শেষ হোৱা পিছত কিয়ামিঙ্গীয়ে মান সেনাৰ লগত অহা অসমীয়া বিষয়া মোমাই বৰুৱাক কৈছিল যে অসম দেশত বীৰ যোদ্ধা অনেক আছে, কিন্তু উপযুক্ত নেতৃত্বৰ অভাৱৰ বাবে অসমীয়া সেনাৰ পৰাজয় হৈছে*।

Lord Hastings
চিত্ৰ ৪ বৃটিছ গৱৰ্ণৰ জেনেৰেল লৰ্ড হেষ্টিংছ

বিজয়ী মান সেনাপতি আলুংমিঙ্গী বা কিয়ামিঙ্গীয়ে সসৈন্যে ৰাজধানী যোৰহাট অভিমুখে আগবাঢ়িলে। মান সৈন্য যোৰহাট আহি পোৱাৰ আগতেই পুৰন্দৰ সিংহ আৰু তেওঁৰ পিতৃ ব্ৰজনাথ গোহাঁয়ে ৰাজভঁৰালৰ সকলো সা- সম্পতি যাৰ মূল্য সেই সময়ত প্ৰায় পয়ত্ৰিছ(৩৫) লাখ টকা হ’ব, নিজৰ লগত লৈ গুৱাহাটীলৈ পলায়ন কৰিলে।

মান সেনাপতি আলুংমিঙ্গীয়ে যোৰহাট অধিকাৰ কৰি ভগা ৰজা চন্দ্ৰকান্ত সিংহক পুণৰ ৰাজপাটত অধিষ্ঠিত কৰিলে। মান সৈন্যই পুৰন্দৰ সিংহৰ সমৰ্থক বুলি যাকে সন্দেহ কৰিলে তাকে ধৰি শাস্তি দিলে। সূৰ্য কুমাৰ ভূঞা সম্পাদিত ইংৰাজী ভাষাত লিখা তুংখুঙ্গীয়া বুৰঞ্জী মতে মান সেনাপতি আলুংমিঙ্গীয়ে অলপ সংখ্যক মান সৈন্য মোমাই বৰুৱাৰ নেতৃত্বত অসমত ৰাখি, চন্দ্ৰকান্ত সিংহৰ পৰা বিদায় লৈ, বাকী মান সৈন্য সহিতে ম্যানমাৰ লৈ উভটি গল।

মোমাই বৰুৱাই পুৰন্দৰ সিংহ আৰু ৰুচিনাথ বুঢ়াগোহাঁইৰ সমৰ্থক সকল গুৱাহাটীত গোট খোৱা বুলি খবৰ পালে আৰু ৰজা চন্দ্ৰকান্ত সিংহৰ প্ৰশাসন লৈ ভাবুকিৰ সৃষ্টি কৰিব বুলি আশংকা কৰি, অসমত তেওঁৰ নেতৃত্বত থকা মান সৈন্য বাহিনী লগত লৈ , গুৱাহাটী অভিমুখে ৰাওনা হয়।

পুৰন্দৰ সিংহৰ দলটো ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈ, নতুন কৈ সৈন্য বাহিনী গঠনৰ কাম আৰম্ভ কৰে। হিতেশ্বৰ বৰবৰুৱা প্ৰণীত ‘আহোমৰ দিন’ গ্ৰন্থখনত উল্লেখ আছে যে মান সৈন্য গুৱাহাটীৰ অভিমুখে আগবাঢ়ি অহা খবৰ পাই পুৰন্দৰ সিংহৰ প্ৰশাসনে, গুৱাহাটীৰ বৰফুকন, নিৰ্গুনক পদৰ পৰা আঁতৰাই পাতৰ ফৈদৰ গগৈ সেনাপতিক বৰফুকন পদত অধিষ্ঠিত কৰে।

এইবাৰ নৱ নিযুক্ত গগৈ বৰফুকন অসমীয়া সেনাৰ প্ৰধান সেনাপতি ৰূপে নিযুক্ত হ’ল আৰু মোমাই বৰুৱাৰ নেতৃত্বত গুৱাহাটী অভিমুখে অহা মান সৈন্যৰ দলক বাধা দিবলৈ উজাই আহে। মানক বাধা দিবলৈ গগৈ বৰফুকনে খাগৰিজানত (বৰ্তমান কালৰ নগাঁও নগৰৰ সমীপত) কোঠ পাতি সৈন্য বাহিনী সাজু কৰিলে। দূৰ্ভাগ্যবশতঃ খাগৰিজানৰ ৰণুৱা কোঠতে গগৈ বৰফুকন টান নৰিয়া পৰি মৃত্যু হয়।

এইদৰে মানৰ প্ৰথম আৰু দ্বিতীয় আক্ৰমণৰ কালচোৱাত অসম দেশৰ স্বাধীন অস্তিত্বৰ ৰক্ষাৰ্থে প্ৰাণপণে যুদ্ধ কৰা এই গৰাকী অসমীয়া সেনাপতিৰ জীৱন লীলাৰ অন্ত হয়। মানৰ প্ৰথম আক্ৰমণৰ কালচোৱাত কঠালবাৰী ৰণত আৰু মানৰ দ্বিতীয় আক্ৰমণৰ কালচোৱাত ফুলপানীছিঙা ৰণত গগৈ সেনাপতিৰ নেতৃত্বত অসমীয়া সেনাই‌ বীৰত্বৰে মান সেনাৰ‌ লগত যুদ্ধ কৰি শত্ৰুৰ অনেক ক্ষয়-ক্ষতি কৰিছিল।

এই কথাৰ প্ৰমাণ স্বৰূপে বিশ্বেশ্বৰ বৈদ্যাধিপৰ পদ্য আকাৰত বিৰচিত ‘বেলিমাৰ বুৰঞ্জী’ ত উল্লেখ আছে যে কঠালবাৰী ৰণত অসমীয়া সেনাৰ আক্ৰমণত হোৱা মান সৈন্যৰ ক্ষয়-ক্ষতিৰ পোটক তুলিবলৈ গগৈ সেনাপতিক বন্দী কৰি ব্যক্তিগত ভাৱে লঘূ লাঞ্চনাৰ কৰি শাস্তি প্ৰদান কৰিছিল। একে দৰে ফুলপানীছিঙা ৰণৰ শেষত গগৈ সেনাপতিৰ নেতৃত্বাধীন অসমীয়া সেনাৰ বীৰত্ব আৰু যুঁজাৰু শক্তিক মান সেনাপতি কিয়ামিঙ্গীয়ে যুদ্ধ ক্ষেত্ৰতে প্ৰশংসা কৰিছে।

পৰৱৰ্তী কালত গগৈ সেনাপতিৰ বিষয়ে বেছি আলোচনা নহ’লেও, পুৰণি বুৰঞ্জীবোৰত তেওঁৰ কাৰ্যাৱলী লিপিৱদ্ধ হৈ থাকিল। ইয়াণ্ডাবু সন্ধিৰ দুশ বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাক ক্ষণত অসমৰ স্বাধীনতা ৰক্ষাৰ্থে এগৰাকী অন্যতম শেষ যোদ্ধাক আমি শ্ৰদ্ধাৰে সুঁৱৰিছো।

history

(ৰেখাচিত্ৰ অংকনৰ বাবে কৃতজ্ঞতা হানিদ ৰঞ্জন ভূঞা দেৱলৈ)

চিত্ৰ ১ মান অসমীয়া যুদ্ধৰ ৰেখা চিত্ৰ ১ ন ং (ৰেখাচিত্ৰ অংকনৰ হানিদ ৰঞ্জন ভূঞা দেৱ)

চিত্ৰ ২ মান অসমীয়াৰ যুদ্ধৰ ৰেখা চিত্ৰ ২‌ নং

(ৰেখাচিত্ৰ অংকনৰ হানিদ ৰঞ্জন ভূঞা দেৱ)

চিত্ৰ ৩ মান ৰজা বদৌফা (সংগ্ৰহ ইণ্টাৰনেট)

চিত্ৰ ৪ বৃটিছ গৱৰ্ণৰ জেনেৰেল লৰ্ড হেষ্টিংছ  (সংগ্ৰহ ইণ্টাৰনেট)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Diganta Kumar Gogoi

Diganta Kumar Gogoi

Related Posts

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ
ASSAMESE SECTION

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

by Anjan Sarma
July 16, 2026
0

অসমখন হ'ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ ৰঙা নদ আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্জন শৰ্মা (এক) আমাৰ এই অসমখন এখন্ড ভূমি, সভ্যতাৰ...

Read moreDetails
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

June 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d