• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, February 4, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

গঙ্গা-যমুনাত ভাহিছে শত শত মৃতদেহ

-অঞ্জন শৰ্মা

by Admin
June 18, 2021
in News, Special Report
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-অঞ্জন শৰ্মা |

লক্ষ্ণৌৰ পৰা ‘ভাস্কৰ নিউজ’ৰ দ্বাৰা উত্তৰ প্ৰদেশৰ ২৭ খন জিলা সামৰি প্ৰস্তুত কৰা আৰু ‘দৈনিক ভাস্কৰ’ কাকতত প্ৰকাশিত এটা বাতৰিৰ শিৰোনামা হ’ল -” গঙ্গাৰ পাৰৰ ১১৪০ কিলোমিটাৰ অঞ্চলত প্ৰত্যক্ষ হৈছে ২০০০ ৰো অধিক মৃতদেহ”! কি এক নিদাৰুণ সংবাদ! কিছুদিন আগতে পাইছিলো যে নতুন দিল্লীত বনবিভাগে গছ কাটিবলৈ অনুমতি দিবলগীয়া হৈছে, যিহেতু কৰ’নাই প্ৰাণ কাঢ়ি লোৱাসকলৰ মৃতদেহ সৎকাৰ কৰিবলৈ শ্মশানত খৰি নাই! কেৱল সেয়েই নহয়, খৰিৰ অভাৱৰ লগতে শ্মশানৰো হৈছে তীব্ৰ অভাৱ। এনে ঘটনা কেৱল দিল্লীতেই সীমাবদ্ধ হৈ থকা নাই, বিয়পি পৰিছে ভাৰতৰ বিভিন্ন ঠাইত। তাৰেই ফলাফল গঙ্গাৰ পাৰৰ প্ৰত্যক্ষ হোৱা সহস্ৰাধিক মৃতদেহ।

RelatedPosts

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

February 4, 2023
হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

February 4, 2023
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 3, 2023

সাম্প্ৰতিক বিশ্বত চিকিৎসা বিজ্ঞানৰ অভাৱনীয় উন্নতি সাধন হৈছে আৰু বিশ্বব্যাপী গৱেষণাৰ মান অতি উচ্চতাত আৰোহণ কৰিছে। কিন্তু ৰহস্যময় কৰ’না ভাইৰাছে ভাৰতত যেন ওভোতাই আনিলে শত শত বছৰৰ আগৰ দিনবোৰ। আজি কিছুদিন ধৰি উত্তৰপ্ৰদেশ আৰু বিহাৰত গঙ্গা আৰু যমুনাৰ পানীত শত শত মৃতদেহ ভাহি আছে। বিহাৰ চৰকাৰে গঙ্গাত জাল পাতিছে উত্তৰপ্ৰদেশৰ পৰা ভাহি অহা মৃতদেহবোৰ জব্দ কৰিবলৈ। একেই পন্থা বঙ্গৰ চৰকাৰেও ল’বলৈ গুণা-গথা কৰিছে বিহাৰৰ পৰা গঙ্গাৰ বক্ষৰে ভাহি অহা মৃতদেহ বোৰ ধৰা পেলাবলৈ! মঙল গ্ৰহলৈ মহাকাশযান প্ৰেৰণ কৰা ভাৰতবৰ্ষৰ আজি এনে অৱস্থা। এনে বাতৰিয়ে সমগ্ৰ বিশ্বত আলোড়ণৰ সৃষ্টি কৰিছে। মৃতদেহৰ গোন্ধত চাৰিওফালৰ পৰিৱেশ গধূৰ আৰু বিষাক্ত হৈ পৰিছে। কেৱল গঙ্গাৰ পানীতেই নহয়, গঙ্গাৰ পাৰৰ বালিতো পুতি পেলোৱা হৈছে শত শত মৃতদেহ। বল্লভভাই পেটেলৰ হাজাৰ টকীয়া মূৰ্তি, ২০০০০ কোটি টকীয়া চেন্ট্ৰেল ভিষ্টা, ৰামমন্দিৰ আদিৰে চমক দিয়াৰ মোডীৰ ভাৰতত আজি শ্মশান, খৰি, ভেকচিন, চিকিৎসা, চিকিৎসক, চিকিৎসালয় সকলোৰে তীব্ৰ অভাৱ, অভাৱ নেতৃত্বৰ। উত্তৰপ্ৰদেশৰ আকাশত, বিহাৰৰ আকাশত কাউৰী, শগুণ; তলত কুকুৰ, শিয়াল! কেইবাদিনো ধৰি এনে ভয়াবহ দৃশ্য সুলভ হৈ পৰিছে। বিহাৰৰ বক্সাৰ, উত্তৰপ্ৰদেশৰ গাজীপুৰত মৃতদেহৰ গোন্ধত মানুহৰ অকল্পনীয় অৱস্থা হৈছে।

এই নিদাৰুণ ঘটনাৰ পটভূমিত  ইতিহাসৰ পৃষ্ঠাৰ পৰা ডাঙি ধৰিব পাৰি যে- মহামাৰীৰ সময়ত নদীত মৃতদেহ ভাহি উঠা ঘটনা নতুন নহয়, ই এক সুপ্ৰাচীন ঘটনা। ১৫৩৭ চনত বঙ্গত আফগান চুলতানৰ শাসন আছিল আৰু তেতিয়া গৌড়ত প্লেগৰ প্ৰকোপ আৰম্ভ হৈছিল। অৱস্থা এনে পৰ্যায় পাইছিল যে প্ৰতিদিনে ১০০০ তকৈও অধিক মানুহে মৃত্যুবৰণ কৰিছিল। তেতিয়া মৃতদেহৰ সৎকাৰ কৰা সমস্যা হৈছিল। অৱশেষত হিন্দু-মুছলমান সকলোৰে মৃতদেহ ভাগিৰথী নদীত ভহাই দিয়াৰ প্ৰথা অৱলম্বন কৰা হৈছিল। ১৮৯৮ চনত প্লেগে ভয়াবহ ৰূপ লৈছিল কলকাতাকে ধৰি সমগ্ৰ বঙ্গত। তেতিয়াও গঙ্গাত মৃতদেহ ভাহিছিল। কিন্তু এই শতিকাত, যি শতিকাত প্ৰধানমন্ত্ৰীৰ বিমানৰ দাম বহুহাজাৰ কোটি টকা, যি শতিকাত একোখন সৰু সৰু দুখীয়া পৰনিৰ্ভৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী- বিত্তমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰী আদিয়ে কথাই কথাই ৰাইজৰ ধনেৰে ‘চাৰ্টাৰ্ড বিমান’ লৈ দিল্লীলৈ অহা-যোৱা কৰে, ডিঙিত গামোচা ল’বলৈ হেলিকপ্তাৰ লৈ দিনৰ দিনটো টলৌ‌টলৌকৈ ঘূৰি ফুৰে, একোখন সভাত পেন্ডেলৰ নামত কোটি টকা খৰচ কৰে – সেইবোৰৰ পটভূমিত খৰিৰ অভাৱ, শ্মশানৰ অভাৱ, ভেকচিনৰ অভাৱ, চিকিৎসালয়ৰ অভাৱ! মৰ্মান্তিক! এই শতিকাত যে মানুহৰ এনে কৰুণ পৰিণতি হ’ব, কোনোবাই কাহানিবা কল্পনাও কৰিছিল নে? কুকুৰ-শিয়ালে মানুহৰ মাংস টানি আজুৰি চিঙি কামুৰি খাইছে! নদীত ভাহিছে মৃতদেহ! এনে ঘটনাৰ পটভূমিত সমগ্ৰ বিশ্বত তোলপাৰ লাগিছে আৰু সমান্তৰালকৈ চলিছে বোকা ছটিওৱা ঘৃণ্য ৰাজনীতি। কোনে কাৰ গাত বোকা ছটিয়াব পাৰে, তাৰেই তীব্ৰ প্ৰতিযোগিতাত ৰাজনৈতিক দলবোৰ নামি পৰিছে। এনে কঠিন সময়ত এনে কাৰ্যই পৰিস্থিতি অধিক জটিলতৰ কৰি তুলিছে। তথাকথিত ৰাজনৈতিক নেতাসকলে পাহৰি গৈছে যে ‘ৰাজনীতিৰ বাবে মানুহ নহয়, মানুহৰ বাবে হে ৰাজনীতি।’

এনেহেন এক কঠিন জটিল সময়ত মানুহৰ একমাত্ৰ আশাৰ প্ৰতীকস্বৰূপ ভেকচিনৰ ক্ষেত্ৰতো আকৌ মোডী চৰকাৰে নতুন নিয়ম ঘোষণা কৰিছে। এপিনে মোডীয়ে ‘টীকা উৎসৱ’ৰ বিষয়ে ঘোষণা কৰিছে আৰু আনহাতে টীকাৰ তীব্ৰ অভাৱ ঢাকি ৰাখিবলৈ নিয়ম পৰিৱৰ্তন কৰি কৈছে যে কোভিশ্বিল্ড ভেকচিন বা টীকা লোৱাৰ পিছত দ্বিতীয় ডোজ লোৱাৰ সময় ‘৬ সপ্তাহৰ পৰা ৮ সপ্তাহ’ৰ পৰিৱৰ্তে ‘১৬ সপ্তাহৰ পৰা ২২ সপ্তাহ’ কৰা হ’ল! অৰ্থাৎ মোডী চৰকাৰে পৰোক্ষভাৱে হাত ভাঙি দি কৈছে যে টীকা নাই! এনেদৰেই চৰকাৰে মানুহক বিভ্ৰান্ত কৰিছে। বাস্তৱিকতে চৰকাৰৰ কোনো পৰিকল্পনাই নাছিল! কৰ’নাৰ প্ৰথম ঢৌ আহোতে হঠাৎ হঠকাৰী সিদ্ধান্ত লৈ লক-ডাউন ঘোষণা কৰি সমগ্ৰ উপ-মহাদেশক যি জটিল পৰিস্থিতিত গতিয়াই দিছিল, তাৰেই পটভূমিত মোডী চৰকাৰে দ্বিতীয় ঢৌৰ বিষয়ে পাহৰা উচিত নাছিল। কিন্তু কেৱল বঙ্গৰ নিৰ্বাচন, চেন্ট্ৰেল ভিষ্টা, ৰামমন্দিৰ, ৰাজহুৱা খণ্ড বিক্ৰী, ভাষণ, জুমলা আদিতেই ব্যস্ত হৈ পূৰ্বৰ প্ৰায় সকলো প্ৰতিশ্ৰুতি পাহৰা মোডী চৰকাৰে এইবাৰো এনে এক পৰিস্থিতিলৈ মানুহক লৈ গৈছে যে মানুহ চৰম সংকটত পৰিছে। সৌ সিদিনাৰ বিমুদ্ৰাকৰণৰ দৰে হঠকাৰী ব্যৰ্থ কাৰ্যইও যাক একো শিক্ষা দিব নোৱাৰিলে, যাক প্ৰথমবাৰৰ কৰ’নাইও একো শিক্ষা দিব নোৱাৰিলে, যাৰ ব্যৰ্থতাসমূহ কোনো মন্ত্ৰী বা আশীষধন্য সংবাদ মাধ্যমে ডাঙি নধৰি ব্যৰ্থতাৰ প্ৰতীকস্বৰূপ তেওঁকেই ভাৰত-ভাগ্য-বিধাতা বুলি বন্দনা কৰি কৰিও ভাগৰা নাই – তেনেস্থলত গঙ্গাৰ বক্ষৰে মৃতদেহ ভাহিবই, টীকা-উৎসৱ ব্যৰ্থ হ’বই। বৃটেইনত টীকাৰ দ্বিতীয় ডোজ লোৱাৰ সময় ৮ সপ্তাহলৈ হ্ৰাস কৰা হৈছে, কিন্তু ভাৰতত ১৬-২২ সপ্তাহলৈ বৃদ্ধি কৰা হৈছে!

সমগ্ৰ বিশ্বত কোটি কোটি মানুহক কৰ’নাই আক্ৰান্ত কৰাৰ পৰিপ্ৰেক্ষিতত বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে পৰিত্ৰাণ পাবলৈ একমাত্ৰ উপায় হৈছে টীকাকৰণ।  কৰ’নাক কেন্দ্ৰ কৰি বিজ্ঞানী-গৱেষকসকলে এনেদৰে দিনক ৰাতি কৰি অবিৰতভাৱে টীকা উদ্ভাৱন তথা দৰৱ উদ্ভাৱনৰ বাবে প্ৰথমৰে পৰাই এনেদৰে নিমগ্ন হৈ আছে যে এনে সাধনা-প্ৰচেষ্টাক ‘এপলো ষ্পেচ্ প্ৰগ্ৰেম’ৰ সৈতে ৰিজোৱা হৈছে। মাত্ৰ এবছৰৰ ভিতৰতে কৰ’না ভাইৰাছক চিনাক্ত কৰা আৰু ভেকচিন বাহিৰ কৰি কোটি কোটি মানুহৰ প্ৰাণৰক্ষা কৰা , সকাহ দিয়া,  এনে কাৰ্যৰ তুলনা নাই। ‘ইকোনমিষ্ট’ নামৰ বিখ্যাত আন্তৰ্জাতিক পত্ৰিকাই উল্লেখ কৰিছে যে বিক্ৰীমূল্য যিয়েই নহওক কিয়, ভেকচিন ডোজৰ সাধাৰণ মূল্য হয় ২৯০০ আমেৰিকান ডলাৰ ( ভাৰতীয় টকা = ২১১৭০০/-); আৰু সামগ্ৰিকভাৱে সকলো দিশ (অৰ্থনীতি, শিক্ষা, আদি) সাঙুৰি ল’লে সেই মূল্য ইয়াতকৈও বহু বেছি হ’ব।

টীকাৰ চাহিদা যিদৰে তুঙ্গত উঠিছে, টীকাৰ উৎপাদনো সেইদৰে বৃদ্ধি হৈছে। ‘Airfinity’ নামৰ এক সংস্থাৰ সমীক্ষামতে এপ্ৰিল মাহত বিশ্বত ভেকচিন উৎপাদন হৈছিল ১.৭ বিলিয়ন ডোজ, আৰু মাৰ্চ মাহতকৈ এই সংখ্যা ৭০০ নিযুত অধিক আছিল তথা জানুৱাৰী মাহতকৈ ১০ গুণ অধিক আছিল। কৰ’নাৰ আৱিৰ্ভাৱ হোৱাৰ আগতে সমগ্ৰ বিশ্বত ভেকচিন উৎপাদনৰ ক্ষমতা আছিল থুলমূলকৈ ৩.৫ বিলিয়ন ডোজ। কিন্তু ২০২১ চনত সেই ক্ষমতা বৃদ্ধি হৈ ১১ বিলিয়ন ডোজ হৈ পৰিছে (১ বিলিয়ন= ১০০ কোটি)। বিশেষজ্ঞসকলৰ কিছুৱে অনুমান কৰিছে যে ২০২২ চনত ভেকচিন অপৰ্যাপ্ত পৰিমাণৰ হৈ পৰিব। আমেৰিকা, বৃটেইন, কানাডা আদি দেশে উৎপাদন হোৱাৰ বহু আগতেই তেওঁলোকৰ নাগৰিকসকলৰ বাবে বিশাল পৰিমাণৰ ভেকচিন উৎপাদন কৰিবলৈ আগধন দি থৈছিল হেতুকে তেনে দেশসমূহৰ নাগৰিকৰ বাবে টীকাৰ অভাৱ হোৱা নাই। এই সম্পৰ্কে ইকোনমিষ্ট-এ বাতৰিত উল্লেখ কৰিছে যে ‘Rich countries over-ordered because they didn’t know which vaccine would work. Britain has ordered more than 9 doses for each adults. Canada more than 13 doses for each adults…’ ! ইউৰোপীয়ান ইউনিয়নেও ৮০০ নিযুত ডোজ, অষ্ট্ৰেলিয়াই ৩৩.৮ নিযুত ডোজ, ব্ৰাজিলে ৯০ নিযুত ডোজ, জাপানে ২২০ নিযুত ডোজ, আমেৰিকাই ৪০০ নিযুত ডোজ, বৃটেইনে ১৫০ নিযুত ডোজ,… এনেদৰে বিভিন্ন দেশে ২০২০ চনৰ মে’, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ মাহতে আগধন দি টীকা যোগানৰ অৰ্ডাৰ দিছিল; কিন্তু ১৩৫ কোটিৰ ভাৰতে ২০২১ চনৰ জানুৱাৰী মাহত হে কোভিশ্বিল্ড ১১ নিযুত তথা কোভাক্সিন ৫.৫ নিযুত ডোজ অৰ্ডাৰ দিছিল! গতিকে সংক্ৰমণ বৃদ্ধি যিদৰে হৈছে, টীকাৰ অভাৱো সেইদৰে হৈছে! তাতে আকৌ নতুন জুমলা -‘ টীকা উৎসৱ’ৰ! নেতৃত্বৰ অভাৱৰ বাবে, পৰিকল্পনাৰ অভাৱৰ বাবে গঙ্গাত ভাহিছে মৃতদেহ। এনে সময়ত টীকাৰ গুৰুত্ব সৰ্বাধিক, চিকিৎসাৰ গুৰুত্ব সৰ্বাধিক; কিন্তু টীকা নাই, চিকিৎসালয়ত বিছনা নাই, ৰোগীৰ বাবে অক্সিজেন নাই, …! এনে সময়তে আকৌ ‘ভেকচিন- ৰাজকুমাৰ’ নামেৰে জনাজাত আদৰ পুনাওৱালা ( কোভিশ্বিল্ড প্ৰস্তুত কৰা ‘ছেৰাম ইন্সটিটিউট’ৰ মালিক) ই ৰাজনৈতিক হেঁচা সহ্য কৰিব নোৱাৰি সপৰিবাৰে লন্ডনলৈ গুচি গৈছে আৰু ২৮ এপ্ৰিলত এক সাক্ষাৎকাৰত কৈছে যে ‘বাৰম্বাৰ টীকা বিচাৰি তীব্ৰ হেঁচা দিয়া বাবেই মই ভাৰত ত্যাগ কৰিবলৈ বাধ্য হৈছো। এনে পৰিস্থিতিত মই ভাৰতলৈ উভতি যাবলৈ ইচ্ছুক নহয়। টীকা-সংকটৰ বাবে মই কিয় দায়ী হ’ম?’ এতিয়া বিপাঙত পৰি ভাৰত চৰকাৰে আদৰ পুনাওৱালাক ‘ৱাই কেটেগৰি’ৰ নিৰাপত্তা দিয়াৰ বিষয়ে ঘোষণা কৰিছে। ভাৰতত ক’ৰনাৰ দ্বিতীয় ঢৌ আছাৰ খাই পৰাৰ পিছত হে মোডী চৰকাৰে চেৰাম ইন্সটিটিউট’ক ৩০০০ কোটি টকা আগধন দি টীকা প্ৰস্তুত কৰিবলৈ কৈছিল। কিন্তু তেতিয়ালৈ ১৩৫ কোটি জনসংখ্যাৰ ভাৰতৰ বহুত পলম হৈ গৈছিল। বৃটেইনৰ সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত আদৰে উল্লেখ কৰিছে যে ‘মোৰ পক্ষে নিশাটোৰ ভিতৰতে উৎপাদন বৃদ্ধি কৰা অসম্ভৱ। জুলাই মাহলৈ এই সংকট চলিয়েই থাকিব।’ মূলতঃ মোডী চৰকাৰে অৰ্ডাৰ দিয়া কাৰ্য পলম হৈছিল বাবেই এই সমস্যাৰ সৃষ্টি হৈছে। আদৰ পুনাওৱালাই ঘোষণা কৰিছে যে তেওঁ এতিয়া ২৪০০ কোটি ব্যয় কৰি লন্ডনত টীকা উৎপাদন কৰিব। চেৰাম ইন্সটিটিউট-এ এইবছৰ জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহলৈ প্ৰতিমাহে ৭ কোটিতকৈ ডোজ প্ৰস্তুত কৰিব পৰা নাই। আদৰে আগতেই কৈছিল যে আমেৰিকাই কেঁচামাল নপঠোৱা হেতুকেও সমস্যা হৈছে। যি কি নহওঁক, সম্প্ৰতি আমেৰিকাই কেঁচামালৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা উঠাই লৈছে। কিন্তু উঠাই ললেও উৎপাদন বৃদ্ধি কৰা ইমান উজু নহয়। আমেৰিকাৰ এখন বিখ্যাত পত্ৰিকাত উল্লেখ কৰা হৈছে যে আমেৰিকাত ‘ফাইজাৰ’-এ ভেকচিন প্ৰস্তুত কৰিবলৈ ২৮০ প্ৰকাৰৰ কেঁচামাল ১৯ খন দেশৰ পৰা আহৰণ কৰে আৰু ভেকচিন প্ৰস্তুত কৰা কাৰ্য ভুকুতে কল পকাৰ দৰে কাৰ্য নহয় ( Pfizer’s vaccine requires 280 inputs from suppliers in 19 countries. No firm can recreate that in a hurry…)! আমেৰিকাৰ জনসংখ্যা ভাৰততকৈ বহুত কম, আমেৰিকাই যোৱা বছৰেই টীকাৰ বাবে আগধন দি থৈছিল, বৃটেইনেও দিছিল, বহু দেশে‌ দিছিল; কিন্তু মোডী চৰকাৰে সেইবিষয়ে হয়তো চিন্তাই নকৰি ‘চেন্ট্ৰেল ভিষ্টা’, মমতা, ৰাম মন্দিৰ, গো-মূত্ৰ, কৰ’নিল, গোবৰ আদিতেই ব্যস্ত হৈ থাকিল হেতুকে আজি এই পৰিস্থিতি সৃষ্টি হৈছে। সেইবাবেই ‘আউটলুক’ আলোচনীৰ বেটুপাতত ‘ভাৰত চৰকাৰ নিৰুদ্দেশ’ বুলি ডাঙি ধৰা হৈছে! আজি পৰিস্থিতি সাগৰত প্ৰচন্ড ধুমুহাৰ মাজত নাবিকবিহীন জাহাজৰ সৈতে নিশ্চিতভাৱে ৰিজাব পাৰি। আজি কোনোৱেই ঘাটি ক’ব নোৱাৰে – জাহাজখনৰ কি হয়!!

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: গঙ্গা-যমুনাভাস্কৰ নিউজ
Admin

Admin

Related Posts

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   
Economy

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

by Admin
February 4, 2023
0

Hindenburg Research report on Adani KAKALI DAS Adani Have you ever played Jenga? If yes, then you must know how...

Read more
হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

February 4, 2023
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 3, 2023
VKIC Sanmaan 2023 awarded

VKIC Sanmaan 2023 awarded

February 3, 2023
news inscription on neon signboard hanging on street

Freedom of Expression and Media Ethics For The New World

February 2, 2023
person holding clear plastic bottle

Media and its influence on issues related to climate change

February 2, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 4, 2023
Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

February 4, 2023
হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

February 4, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

February 4, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    449 shares
    Share 180 Tweet 112
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    236 shares
    Share 94 Tweet 59
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    83 shares
    Share 33 Tweet 21
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    68 shares
    Share 27 Tweet 17
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    59 shares
    Share 24 Tweet 15
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    89 shares
    Share 36 Tweet 22
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • কমতাপুৰ ধ্বংস কাব্য

    75 shares
    Share 30 Tweet 19
  • “মে ডাম মে ফী “– এটি দৃষ্টি …

    51 shares
    Share 20 Tweet 13
  • সাম্প্ৰতিক অসমীয়া সংবাদ মাধ্যম

    48 shares
    Share 19 Tweet 12
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: