• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, October 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

গছে সলায় পাত, পক্ষীয়ে লগায় মাত

ASSAMESE SECTION

by Manas Pratim Dutta
May 14, 2026
in ASSAMESE SECTION
Reading Time: 3 mins read
0
গছে সলায় পাত, পক্ষীয়ে লগায় মাত
Share on FacebookShare on TwitterShare on LinkedIn

গছে সলায় পাত, পক্ষীয়ে লগায় মাত

গছে সলায় পাত, পক্ষীয়ে লগায় মাত

মানস প্ৰতিম দত্ত

Manas Pratim Dutta
মানস প্ৰতিম দত্ত

প্ৰকৃতিৰ এক আকৰ্ষণীয় আৰু ৰহস্যময় অংশ হৈছে পক্ষীৰ জীৱন। চৌপাশে বসবাস কৰা অগণন চৰাই-চিৰকিটিৰ সুৱলা কণ্ঠ আৰু ৰং-বিৰং ৰূপে আমাক সদায়ে মোহিত কৰি আহিছে। কিন্তু আশ্বৰ্য্যকৰ কথাটো হ’ল যে চৰাইৰ এনৰ কণ্ঠস্বৰ আৰু ৰং স্থায়ী নহয়। ইহঁতৰ মাজত নিয়মিত পৰিৱৰ্তন হয়। কিয় এনে হয়?

সময়ভেদে চৰাইৰ ৰঙৰ পৰিৱৰ্তন হয়। প্ৰথম আৰু আটাইতকৈ সাধাৰণ কাৰণ হৈছে মোট বা পাখি সলোৱা প্ৰক্ৰিয়া। চৰাইৰ পাখি বছৰি ক্ষয় হয়। ইয়াৰ ফলত নতুন পাখি গজাই তোলে। এই প্ৰক্ৰিয়াক মোট সলোৱা বুলি কোৱা হয়। মোট সলোৱা পদ্ধতি মূলতঃ দুই প্ৰকাৰৰ। প্ৰিবেচিক মল্ট বা প্ৰাক-প্ৰাথমিক মোট সলোৱা আৰু প্ৰিএল্টাৰনেট মল্ট বা পূৰ্ব বিকল্প মোট সলোৱা।
প্ৰিবেচিক মোট সলোৱা কাৰ্য সাধাৰণতে শীতকালত সম্পন্ন হয়। ই চৰাইক অধিক ম্লান ৰং প্ৰদান কৰে। ইয়াৰ উদ্দেশ্য হৈছে ছদ্মবেশ বা কেম’ফ্লেজ। কেমফ্লেজ ৰূপে চিকাৰীৰ পৰা ৰক্ষা পোৱাত চৰাইক সহায় কৰে।


উদাহৰণস্বৰূপে, ৰক প্ৰটাৰমিগেন নামৰ এটা মেৰু চৰায়ে গ্ৰীষ্মকালত বাদামী ৰং ধাৰণ কৰে আৰু শীতকালত সম্পূৰ্ণ বগা হৈ যায়। ইয়াৰ ফলত বৰফৰ মাজত ই অদৃশ্য হৈ পৰে।

ৰঙৰ পৰিৱৰ্তনৰ আন এটা কাৰণ হৈছে খাদ্য। কিছুমান চৰাইৰ ৰং কেৰোটিনইড নামৰ পদাৰ্থৰ পৰা আহে। এই পদাৰ্থ আকৌ খাদ্যৰ পৰা লাভ কৰে। উদাহৰণস্বৰূপে, ফ্লেমিংগ’ৰ গোলাপী ৰং শৈবাল, মিছামাছ আৰু অন্য কোমলদেহী প্ৰাণীৰপৰা আহে। ইহঁতে এইবোৰ যিমান বেছি খাই, সিমানেই তাত থকা কেৰোটিনইডে পাখিবোৰ গোলাপী কৰি তোলে। আচলতে, এই কেৰোটিনইডে চৰাইৰ দেহৰ ফেটি এচিডৰ সৈতে মিহলি হৈ পাখি আৰু ছালত গোলাপী ৰং ধাৰণ কৰে।

যদি খাদ্যত এই পদাৰ্থ নাথাকে, তেন্তে ৰং ম্লান হৈ যায়। চৰাইৰ দেহত মেলানিন নামৰ আন এবিধ ৰঞ্জক পদাৰ্থ উৎপাদিত হয়। ই ক’লা, বাদামী বা ধূসৰ ৰং দিয়ে। এই ৰঞ্জকে পাখিক শক্তিশালী কৰে আৰু ইয়াক ক্ষয়ৰ পৰা ৰক্ষা কৰে। কাৰোটিনয়েড-ভিত্তিক ৰং অধিক সংবেদনশীল। ইয়াৰ ফলত অতি বেঙুনীয়া ৰশ্মি বা মলিনতাৰ প্ৰভাৱত ৰং সলনি হয়।

গৱেষণাত দেখা গৈছে যে চৰাইৰ পাখিৰ মোট সলোৱাৰ পিছত কিছু সময়ৰ ভিতৰতে ধূলি বা বেক্টেৰিয়াৰ প্ৰভাৱত ম্লান হৈ যায়।
ৰঙৰ পৰিৱৰ্তন যৌন নিৰ্বাচনৰ সৈতেও জড়িত। মতা চৰায়ে বংশবৃদ্ধিৰ বতৰত উজ্জ্বল ৰং ধাৰণ কৰে যাতে মাইকীজনীক আকৰ্ষণ কৰিব পাৰে। এই ৰং স্বাস্থ্য আৰু জীৱনক্ষমতাৰো সূচক।

মাইকী চৰায়ে উজ্জ্বল মতা চৰাইকহে বাছি লয়। ইয়াৰ ফলত জিনীয় উন্নতি হয়। কিন্তু উজ্জ্বল ৰঙে চিকাৰীৰ দৃষ্টি আকৰ্ষণ কৰে। গতিকে প্ৰাকৃতিক নিৰ্বাচনে দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰে। বংশবৃদ্ধিৰ বতৰত উজ্জ্বল আৰু বাকী সময়ছোৱাত ম্লান হৈ থকাৰ ক্ষেত্ৰত হৰম’নৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। টেষ্ট’ষ্টেৰ’ন হৰম’ন বৃদ্ধি হ’লে মতা চৰাইৰ পাখিত কেৰ’টিনয়েড আৰু মেলানিন বৃদ্ধি পায়। বসন্তকালত দিন দীঘল হ’লে টেষ্ট’ষ্টেৰ’ন বৃদ্ধি হয় আৰু ৰং উজ্জ্বল হয়।

গছে সলায় পাত, পক্ষীয়ে লগায় মাত

আমাৰ চিনাকী চৰাইৰ ভিতৰত টোকোৰা চৰাইৰ বংশবৃদ্ধিৰ সময়ত মতা চৰায়ে উজ্জ্বল হালধীয়া আৰু ক’লা ৰং লয়। ইয়াৰ দ্বাৰা ই মাইকীক আকৰ্ষণ কৰে। শীতকালত ৰং ম্লান হৈ যায়। একেদৰে ইণ্ডিয়ান ৰ’লাৰ বা নীলকণ্ঠ চৰাইৰ ৰঙো বতৰ অনুসৰি কিছু পৰিৱৰ্তন হয়। অসমৰ চাহ বাগিছা আৰু বনাঞ্চলৰ লগতে গ্ৰামাঞ্চলতো এনে চৰাইৰ বিস্তৃত পৰিমাণে দেখা যায়।

ৰঙৰ সমান্তৰলভাৱে চৰাইৰ কণ্ঠস্বৰো পৰিৱৰ্তন হয়। চৰাইৰ কণ্ঠস্বৰ দুবিধ: গান (ছং) আৰু ডাক (কল)। গান সাধাৰণতে মতা চৰায়ে গায়। ইয়াৰ উদ্দেশ্য হ’ল বংশবৃদ্ধি আৰু অঞ্চল ৰক্ষা কৰা। আনহাতৰ সকলো চৰায়ে ডাক দিয়ে। ইহঁতে সাধাৰণতে বিপদৰ সংকেত, খাদ্যৰ সন্ধান বা সামাজিক যোগাযোগৰ বাবে ডাক দিয়ে। চৰাইৰ কণ্ঠস্বৰ চিৰিংক্স (শব্দযন্ত্ৰ) নামৰ অংগৰ দ্বাৰা উৎপাদিত হয়। ইয়াৰ দ্বাৰা ইহঁতে দুটা স্বতন্ত্ৰ স্বৰ একেলগে গাব পাৰে। মানুহৰ লেৰিংক্স বা স্বৰকক্ষৰ দৰে নহয়।

Chicken

কণ্ঠস্বৰৰ পৰিৱৰ্তন মূলতঃ শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। কুকুৰা পোৱালীয়ে জন্মৰ পিছত মাক-দেউতাকৰ পৰা গান গাবলৈ শিকে। এই প্ৰক্ৰিয়া মগজুৰ বিশেষ অংশ (HVC, RA আদি)ৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান চৰায়ে নিৰ্দ্ধাৰিত বয়সৰ বাবে শিকে ম আৰু আন কিছুমানে গোটেই জীৱনজুৰি শিকে।

বতৰ অনুসৰিও কণ্ঠস্বৰ সলনি হয়। বংশবৃদ্ধিৰ বতৰত (বসন্তকাল) মতাটোৱে অধিক গান গায়। ইয়াৰ কাৰণ টেষ্ট’ষ্টেৰ’ন হৰম’ন। এই হৰম’ন মগজুৰ গঠন সলনি কৰে আৰু নিউৰ’জেনেছিছ বৃদ্ধি কৰে। ফলত গানৰ জটিলতা আৰু সংখ্যা বৃদ্ধি পায়। শীতকালত গান কমি যায় কাৰণ হৰম’ন কমে। ষ্টাৰ্লিং চৰায়ে বসন্তকালত যৌন আকৰ্ষণৰ বাবে গান গায় আৰু শীতকালত সামাজিক যোগাযোগৰ বাবে গায়।

Flemingo
FLEMINGO

আমাৰ বসন্তৰ বতৰা অনা চিনাকী চৰাই কুলিয়ে বৰষুণৰ বতৰ দীঘলীয়াকৈ গীত গায়। শীতকালত কুলি চৰাই নিৰৱে থাকে, কিন্তু বসন্তৰ আগমনৰ লগে লগে সিহঁতে নিজৰ হেৰুৱা মাত ঘূৰাই পায়। কুলিৰ মাত প্ৰথমে নিম্নস্বৰত (কুউ… কুউ…) আৰম্ভ হয় আৰু ক্ৰমান্বয়ে ইয়াৰ মাত্ৰা বাঢ়ি গৈ থাকে। বসন্তকালত সিহঁতে আৱেগিকভাৱে ‘কুউ-কুউ’ বুলি মাতে, যি প্ৰজননৰ সময়ক সূচায়।

Kuli Bird

কুলিয়ে গীত জুৰি থাকোতেই ডিঙিটো ইফাল-সিফাল কৰি লগৰীৰ সন্ধান চলায়। মতা কুলি চৰাই সম্পূৰ্ণ ক’লা বৰণীয়া হয়, যাৰ চকু ৰঙা আৰু ঠোঁট শেঁতা সেউজীয়া/বগা বৰণৰ হয়। মাইকী কুলি চৰাইৰ ৰং মতাটোতকৈ ভিন্ন হয়। সিহঁতৰ শৰীৰ মুগা-বগা বৰণীয়া বা মুগা বৰণৰ ওপৰত বগা ফোঁট বা দাগ থাকে। পোৱালি অৱস্থাত মতা-মাইকী দুয়োৰে ৰং প্ৰায় একে (মাইকীৰ দৰে) হয় যদিও বয়সৰ লগে লগে মতা কুলিটো ক’লা বৰণলৈ ৰূপান্তৰিত হয়।

বিজ্ঞানীসকলে এই পৰিৱৰ্তন অধ্যয়ন কৰি বহুতো তথ্য উদ্ধাৰ কৰিছে। চৰাইৰ মাজত দেখা পোৱা এনে পৰিৱৰ্তনসমূহে ইয়াৰ বৈচিত্ৰ্যতাৰ কথা সূচায়। এই ৰহস্যময় জগত আমাৰ বাবে শিক্ষা আৰু অধ্যয়নৰ অমল উৎস।

Mahabahu Climate Logo
 
Mahabahu Climate Forum

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Manas Pratim Dutta

Manas Pratim Dutta

Related Posts

মৃতদেহৰ আকৌ অংগহানি কিহৰ?
ASSAMESE SECTION

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

by Anjan Sarma
October 11, 2026
0

মৃতদেহৰ আকৌ অংগহানি কিহৰ? অঞ্জন শৰ্মা প্ৰথম মহাসমৰৰ অন্তত পৃথিৱীৰ যিবোৰ স্থানত পাৰমাণৱিক শক্তিৰ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ হৈছিল, সেই স্থানবোৰৰ...

Read moreDetails
নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

October 9, 2026
ইয়াৰ পিছত কি কৰিবা?

অসমীয়া জাতি ডাঙৰ জাতি

October 3, 2026
শেষ হাঁহি !

শেষ হাঁহি !

September 27, 2026
গেছলাইটিং : বিবেকৰ  নিয়ন্ত্ৰণ

গেছলাইটিং : বিবেকৰ  নিয়ন্ত্ৰণ

September 27, 2026
মাটি

মাটি

September 27, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Forgotten Buffer: How foothill mining is fueling floods in North East India

The Forgotten Buffer: How foothill mining is fueling floods in North East India

October 16, 2026
Mahabahu Mirror: A Bold New Chapter in Climate Journalism

From the Brahmaputra to the Air We Breathe: Mahabahu Mirror and the Stories of a Changing Planet

October 15, 2026
How Neha Bora and a Disillusioned Generation Are Reimagining Indian Democracy?

How Neha Bora and a Disillusioned Generation Are Reimagining Indian Democracy?

October 15, 2026
Frankfurt Bookfair shows interesting trend: People Buy Stories and the Opportunity to Rediscover Themselves

Frankfurt Bookfair shows interesting trend: People Buy Stories and the Opportunity to Rediscover Themselves

October 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    41820 shares
    Share 16728 Tweet 10455
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    5024 shares
    Share 2010 Tweet 1256
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19877 shares
    Share 7951 Tweet 4969
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4214 shares
    Share 1686 Tweet 1054
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4307 shares
    Share 1723 Tweet 1077
  • NGT’s international conference: Climate Justice Must Move from the Courtroom to the Catchment

    75 shares
    Share 30 Tweet 19
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    1231 shares
    Share 492 Tweet 308
  • দুৰ্গা পূজা পালনৰ ইতিবৃত্ত

    726 shares
    Share 290 Tweet 182
  • From Montreal to Guwahati: Assam’s New Cooling Imperative

    93 shares
    Share 37 Tweet 23
  • World ‘at a crossroad’ as droughts increase nearly a third

    204 shares
    Share 82 Tweet 51
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d