গছে সলায় পাত, পক্ষীয়ে লগায় মাত

মানস প্ৰতিম দত্ত
প্ৰকৃতিৰ এক আকৰ্ষণীয় আৰু ৰহস্যময় অংশ হৈছে পক্ষীৰ জীৱন। চৌপাশে বসবাস কৰা অগণন চৰাই-চিৰকিটিৰ সুৱলা কণ্ঠ আৰু ৰং-বিৰং ৰূপে আমাক সদায়ে মোহিত কৰি আহিছে। কিন্তু আশ্বৰ্য্যকৰ কথাটো হ’ল যে চৰাইৰ এনৰ কণ্ঠস্বৰ আৰু ৰং স্থায়ী নহয়। ইহঁতৰ মাজত নিয়মিত পৰিৱৰ্তন হয়। কিয় এনে হয়?
সময়ভেদে চৰাইৰ ৰঙৰ পৰিৱৰ্তন হয়। প্ৰথম আৰু আটাইতকৈ সাধাৰণ কাৰণ হৈছে মোট বা পাখি সলোৱা প্ৰক্ৰিয়া। চৰাইৰ পাখি বছৰি ক্ষয় হয়। ইয়াৰ ফলত নতুন পাখি গজাই তোলে। এই প্ৰক্ৰিয়াক মোট সলোৱা বুলি কোৱা হয়। মোট সলোৱা পদ্ধতি মূলতঃ দুই প্ৰকাৰৰ। প্ৰিবেচিক মল্ট বা প্ৰাক-প্ৰাথমিক মোট সলোৱা আৰু প্ৰিএল্টাৰনেট মল্ট বা পূৰ্ব বিকল্প মোট সলোৱা।
প্ৰিবেচিক মোট সলোৱা কাৰ্য সাধাৰণতে শীতকালত সম্পন্ন হয়। ই চৰাইক অধিক ম্লান ৰং প্ৰদান কৰে। ইয়াৰ উদ্দেশ্য হৈছে ছদ্মবেশ বা কেম’ফ্লেজ। কেমফ্লেজ ৰূপে চিকাৰীৰ পৰা ৰক্ষা পোৱাত চৰাইক সহায় কৰে।
উদাহৰণস্বৰূপে, ৰক প্ৰটাৰমিগেন নামৰ এটা মেৰু চৰায়ে গ্ৰীষ্মকালত বাদামী ৰং ধাৰণ কৰে আৰু শীতকালত সম্পূৰ্ণ বগা হৈ যায়। ইয়াৰ ফলত বৰফৰ মাজত ই অদৃশ্য হৈ পৰে।
ৰঙৰ পৰিৱৰ্তনৰ আন এটা কাৰণ হৈছে খাদ্য। কিছুমান চৰাইৰ ৰং কেৰোটিনইড নামৰ পদাৰ্থৰ পৰা আহে। এই পদাৰ্থ আকৌ খাদ্যৰ পৰা লাভ কৰে। উদাহৰণস্বৰূপে, ফ্লেমিংগ’ৰ গোলাপী ৰং শৈবাল, মিছামাছ আৰু অন্য কোমলদেহী প্ৰাণীৰপৰা আহে। ইহঁতে এইবোৰ যিমান বেছি খাই, সিমানেই তাত থকা কেৰোটিনইডে পাখিবোৰ গোলাপী কৰি তোলে। আচলতে, এই কেৰোটিনইডে চৰাইৰ দেহৰ ফেটি এচিডৰ সৈতে মিহলি হৈ পাখি আৰু ছালত গোলাপী ৰং ধাৰণ কৰে।
যদি খাদ্যত এই পদাৰ্থ নাথাকে, তেন্তে ৰং ম্লান হৈ যায়। চৰাইৰ দেহত মেলানিন নামৰ আন এবিধ ৰঞ্জক পদাৰ্থ উৎপাদিত হয়। ই ক’লা, বাদামী বা ধূসৰ ৰং দিয়ে। এই ৰঞ্জকে পাখিক শক্তিশালী কৰে আৰু ইয়াক ক্ষয়ৰ পৰা ৰক্ষা কৰে। কাৰোটিনয়েড-ভিত্তিক ৰং অধিক সংবেদনশীল। ইয়াৰ ফলত অতি বেঙুনীয়া ৰশ্মি বা মলিনতাৰ প্ৰভাৱত ৰং সলনি হয়।
গৱেষণাত দেখা গৈছে যে চৰাইৰ পাখিৰ মোট সলোৱাৰ পিছত কিছু সময়ৰ ভিতৰতে ধূলি বা বেক্টেৰিয়াৰ প্ৰভাৱত ম্লান হৈ যায়।
ৰঙৰ পৰিৱৰ্তন যৌন নিৰ্বাচনৰ সৈতেও জড়িত। মতা চৰায়ে বংশবৃদ্ধিৰ বতৰত উজ্জ্বল ৰং ধাৰণ কৰে যাতে মাইকীজনীক আকৰ্ষণ কৰিব পাৰে। এই ৰং স্বাস্থ্য আৰু জীৱনক্ষমতাৰো সূচক।
মাইকী চৰায়ে উজ্জ্বল মতা চৰাইকহে বাছি লয়। ইয়াৰ ফলত জিনীয় উন্নতি হয়। কিন্তু উজ্জ্বল ৰঙে চিকাৰীৰ দৃষ্টি আকৰ্ষণ কৰে। গতিকে প্ৰাকৃতিক নিৰ্বাচনে দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰে। বংশবৃদ্ধিৰ বতৰত উজ্জ্বল আৰু বাকী সময়ছোৱাত ম্লান হৈ থকাৰ ক্ষেত্ৰত হৰম’নৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। টেষ্ট’ষ্টেৰ’ন হৰম’ন বৃদ্ধি হ’লে মতা চৰাইৰ পাখিত কেৰ’টিনয়েড আৰু মেলানিন বৃদ্ধি পায়। বসন্তকালত দিন দীঘল হ’লে টেষ্ট’ষ্টেৰ’ন বৃদ্ধি হয় আৰু ৰং উজ্জ্বল হয়।

আমাৰ চিনাকী চৰাইৰ ভিতৰত টোকোৰা চৰাইৰ বংশবৃদ্ধিৰ সময়ত মতা চৰায়ে উজ্জ্বল হালধীয়া আৰু ক’লা ৰং লয়। ইয়াৰ দ্বাৰা ই মাইকীক আকৰ্ষণ কৰে। শীতকালত ৰং ম্লান হৈ যায়। একেদৰে ইণ্ডিয়ান ৰ’লাৰ বা নীলকণ্ঠ চৰাইৰ ৰঙো বতৰ অনুসৰি কিছু পৰিৱৰ্তন হয়। অসমৰ চাহ বাগিছা আৰু বনাঞ্চলৰ লগতে গ্ৰামাঞ্চলতো এনে চৰাইৰ বিস্তৃত পৰিমাণে দেখা যায়।
ৰঙৰ সমান্তৰলভাৱে চৰাইৰ কণ্ঠস্বৰো পৰিৱৰ্তন হয়। চৰাইৰ কণ্ঠস্বৰ দুবিধ: গান (ছং) আৰু ডাক (কল)। গান সাধাৰণতে মতা চৰায়ে গায়। ইয়াৰ উদ্দেশ্য হ’ল বংশবৃদ্ধি আৰু অঞ্চল ৰক্ষা কৰা। আনহাতৰ সকলো চৰায়ে ডাক দিয়ে। ইহঁতে সাধাৰণতে বিপদৰ সংকেত, খাদ্যৰ সন্ধান বা সামাজিক যোগাযোগৰ বাবে ডাক দিয়ে। চৰাইৰ কণ্ঠস্বৰ চিৰিংক্স (শব্দযন্ত্ৰ) নামৰ অংগৰ দ্বাৰা উৎপাদিত হয়। ইয়াৰ দ্বাৰা ইহঁতে দুটা স্বতন্ত্ৰ স্বৰ একেলগে গাব পাৰে। মানুহৰ লেৰিংক্স বা স্বৰকক্ষৰ দৰে নহয়।

কণ্ঠস্বৰৰ পৰিৱৰ্তন মূলতঃ শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। কুকুৰা পোৱালীয়ে জন্মৰ পিছত মাক-দেউতাকৰ পৰা গান গাবলৈ শিকে। এই প্ৰক্ৰিয়া মগজুৰ বিশেষ অংশ (HVC, RA আদি)ৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান চৰায়ে নিৰ্দ্ধাৰিত বয়সৰ বাবে শিকে ম আৰু আন কিছুমানে গোটেই জীৱনজুৰি শিকে।
বতৰ অনুসৰিও কণ্ঠস্বৰ সলনি হয়। বংশবৃদ্ধিৰ বতৰত (বসন্তকাল) মতাটোৱে অধিক গান গায়। ইয়াৰ কাৰণ টেষ্ট’ষ্টেৰ’ন হৰম’ন। এই হৰম’ন মগজুৰ গঠন সলনি কৰে আৰু নিউৰ’জেনেছিছ বৃদ্ধি কৰে। ফলত গানৰ জটিলতা আৰু সংখ্যা বৃদ্ধি পায়। শীতকালত গান কমি যায় কাৰণ হৰম’ন কমে। ষ্টাৰ্লিং চৰায়ে বসন্তকালত যৌন আকৰ্ষণৰ বাবে গান গায় আৰু শীতকালত সামাজিক যোগাযোগৰ বাবে গায়।
আমাৰ বসন্তৰ বতৰা অনা চিনাকী চৰাই কুলিয়ে বৰষুণৰ বতৰ দীঘলীয়াকৈ গীত গায়। শীতকালত কুলি চৰাই নিৰৱে থাকে, কিন্তু বসন্তৰ আগমনৰ লগে লগে সিহঁতে নিজৰ হেৰুৱা মাত ঘূৰাই পায়। কুলিৰ মাত প্ৰথমে নিম্নস্বৰত (কুউ… কুউ…) আৰম্ভ হয় আৰু ক্ৰমান্বয়ে ইয়াৰ মাত্ৰা বাঢ়ি গৈ থাকে। বসন্তকালত সিহঁতে আৱেগিকভাৱে ‘কুউ-কুউ’ বুলি মাতে, যি প্ৰজননৰ সময়ক সূচায়।

কুলিয়ে গীত জুৰি থাকোতেই ডিঙিটো ইফাল-সিফাল কৰি লগৰীৰ সন্ধান চলায়। মতা কুলি চৰাই সম্পূৰ্ণ ক’লা বৰণীয়া হয়, যাৰ চকু ৰঙা আৰু ঠোঁট শেঁতা সেউজীয়া/বগা বৰণৰ হয়। মাইকী কুলি চৰাইৰ ৰং মতাটোতকৈ ভিন্ন হয়। সিহঁতৰ শৰীৰ মুগা-বগা বৰণীয়া বা মুগা বৰণৰ ওপৰত বগা ফোঁট বা দাগ থাকে। পোৱালি অৱস্থাত মতা-মাইকী দুয়োৰে ৰং প্ৰায় একে (মাইকীৰ দৰে) হয় যদিও বয়সৰ লগে লগে মতা কুলিটো ক’লা বৰণলৈ ৰূপান্তৰিত হয়।
বিজ্ঞানীসকলে এই পৰিৱৰ্তন অধ্যয়ন কৰি বহুতো তথ্য উদ্ধাৰ কৰিছে। চৰাইৰ মাজত দেখা পোৱা এনে পৰিৱৰ্তনসমূহে ইয়াৰ বৈচিত্ৰ্যতাৰ কথা সূচায়। এই ৰহস্যময় জগত আমাৰ বাবে শিক্ষা আৰু অধ্যয়নৰ অমল উৎস।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.


















