গছ : অতীতৰ পৰা বৰ্তমানলৈ
জিজ্ঞাস বৰুৱা
আমি সৰুৰে পৰাই শুনি আহিছোঁ, বিদ্যালয়ৰ পাঠ্যপুথিত পঢ়ি আহিছোঁ, নিজেও উপলব্ধি কৰি আহিছোঁ গছৰ উপকাৰীতাৰ বিষয়ে।
আমি পঢ়া অসমীয়া পাঠ্যপুথি সমূহত ড° ভবেন্দ্ৰ নাথ শইকীয়া দেৱৰ দ্বাৰা ৰচিত “গছ ভাল পোৱা ককাৰ খং” বা বিজ্ঞানৰ কিতাপৰ বিভিন্ন পৰীক্ষাৰ দ্বাৰা গছ, মানুহৰ লগতে অন্য জীৱ-জন্তুৰ বাবে, পৰিৱেশৰ বাবে যে অপৰিহাৰ্য আৰু গছক সুৰক্ষা প্ৰদান কৰাটো যে আমাৰ নৈতিক দায়িত্ব সেই কথা বুজাবলৈ চেষ্টা কৰা দেখা গৈছিল।
আমাৰ ককাদেউতা, বৰদেউতা, দেউতাহঁতে গছ ৰোৱা আমি সৰুৰ পৰা দেখিছিলোঁ। যেতিয়াই স্কুলৰ গৰমৰ বন্ধত চহৰৰ পৰা গাঁৱলৈ গৈছিলোঁ সদায় ৰাতিপুৱা ঘৰৰ পিছফালৰ বাৰীখনত ককাৰ পিছে পিছে ঘূৰি ফুৰিছিলোঁ।
তামোল, আম, কঁঠালৰ পৰা আদি কৰি বিভিন্ন ঔষধি গছেৰে ভৰপূৰ বাৰীখনত প্ৰতিজোপা গছতে চৰাই-চিৰিকটি, কেৰ্কেটুৱা আদিৰ বাহ আছিল। ককাই প্ৰতিজোপা গছ কেতিয়া ৰুইছিল, গছজোপাৰ উপকাৰিতাবোৰৰ বিষয়ে কৈ গৈছিল। আমি গ’লে বাৰীৰ ফলমূল বোৰ বৰ আগ্ৰহ আৰু হেঁপাহেৰে খাবলৈ দিছিল।
ককাই গছকেইজোপাক মৰম কৰাৰ বাবেই নে কিয় জানো প্ৰতিজোপা গছতেই লগা ফলমূলবোৰৰ বৰ সোৱাদ আছিল আৰু এইকথা যিসকলে খাই পাইছিল সকলোৱে শলাগিছিল। বাৰীৰ বৰ ঢাপত দেউতাই ৰোৱা আজাৰ গছকেইজোপা ককাই বৰ গৌৰৱেৰে দেখুৱাই কৈছিল,
এইকেইজোপা দেহে ৰোৱা, ককাই দেউতাক দেহ বুলি মাতিছিল; এতিয়া ইমান ডাঙৰ হ’লহি, ফুলিলে বৰঢাপটো বৰ ধুনীয়া লাগে।
গছ আগৰ দিনৰ মানুহৰ গৌৰৱৰ বিষয় আছিল। স্বাভিমান আছিল। যাৰ বাৰীখন বিভিন্ন গছ লতাৰে ভৰপূৰ তেঁওলোকে নিজৰ বাৰীখনক লৈ গৌৰৱ কৰিছিল। বাটৰুৱাৰ ছাঁ হ’বলৈ, বিভিন্ন চৰাই চিৰিকটি জিৰাবলৈ, বাহ সাজিবলৈ তেওঁলোকে ৰাস্তাৰ কাষে কাষে বিভিন্ন গছ ৰুইছিল। তিনিআলিৰ চকটোত, নামঘৰৰ বাটচ’ৰাটোৰ কাষত ঠাইখিনি ছাঁ হ’বলৈ, গৰমৰ দিনত ঠাইখিনি ঠাণ্ডা হৈ থাকিবলৈ তেওঁলোকে গছ ৰুইছিল।
এই গছবোৰ ৰোৱাৰ বাবে তেওঁলোকক কিন্তু কোনো আঁচনিৰ প্ৰয়োজন নহৈছিল বা কোনেও প্ৰতিজোপা গছ ৰোৱাৰ বাবদ তেওঁলোকৰ বেংক একাউণ্টত ধন দিয়া নাছিল। গছকেইজোপা ডাঙৰ হোৱাটোৱেই তেওঁলোকৰ লক্ষ্যপ্ৰাপ্তি আছিল। তেওঁলোক তাতেই সুখী হৈছিল।
কোনো কিতাপ নপঢ়াকৈয়ে, কোনো আঁচনিৰ হিতাধিকাৰী নোহোৱাকৈয়ে তেওঁলোকে বুজিছিল পৰিৱেশত গছৰ গুৰুত্ব, গছৰ উপকাৰীতা, কোনোধৰণৰ কৰ্মশালাত যোগদান নকৰাকৈয়ে তেওঁলোকে জানিছিল কেনেকৈ পৰিৱেশৰ ভাৰসাম্য অক্ষুন্ন ৰাখি বহনক্ষম ব্যৱস্থাৰে এটা সুন্দৰ, স্বাস্থ্যকৰ জীৱন নিৰ্বাস কৰিব পাৰি।
কাৰণ তেওঁলোকে পৰিৱেশৰ পৰা সিমানখিনিহে আহৰণ কৰিছিল যিখিনি প্ৰয়োজনীয়। অতিৰিক্ত আহৰণ কৰা নাছিল । তেওঁলোক আন জীৱ-জন্তুৰ প্ৰতি সহনশীল আছিল, আন জীৱ-জন্তুৱেও যাতে জীয়াই থাকিবলৈ পৰ্যাপ্ত পৰিমানে প্ৰয়োজনীয় সম্পদসমূহ পাই তাৰ বাবে সতৰ্ক আছিল।
তেওঁলোকে জানিছিল বছৰৰ কোন সময়ত কি গছ ৰুব লাগে, কেতিয়া ৰুলে পুলিটো বাছি থাকিব, কোনজোপাত কেতিয়া কি ফল লাগিব।
সেইবাবেই এতিয়াও গাওঁবোৰত, উন্নয়নৰ নামত ধ্বংসৰ চকু নপৰা সৰু তিনি আলি, চাৰি আলিৰ চকবোৰত দুই এজোপা ডাঙৰ বয়সীয়া গছে সগৌৰৱে থিয় দি আছে মানুহ আৰু প্ৰকৃতিৰ সহাৱস্থানৰ স্বাক্ষৰ বুকুত লৈ।
উন্নয়নৰ নামত, ৰাস্তা বহলোৱাৰ নামত যধে মধে কটা গছবোৰৰ পৰিপূৰক কিন্তু এতিয়া ৰোৱা পুলি সমূহ হ’ব নোৱাৰে। কাৰণ বনাঞ্চল এখনত থকাই হওক বা জনাঞ্চলত থকাই হওক, বিভিন্ন প্ৰাপ্তবয়স্ক গছবোৰৰ পৰিৱেশলৈ যি অৱদান সেই অৱদান পুলি এটাৰ নাথাকে।
এতিয়া ৰোৱা পুলিবোৰ উন্নয়নৰ অচিলালৈ খুব সহজতে কাটি পেলোৱাৰ সমান এজোপা গছ হ’বলৈ বহুত সময়ৰ প্ৰয়োজন আৰু এই সময়খিনিত ইয়াৰ পৰিপূৰক কোনো নাথাকে।
ৰোৱা পুলি এটা এজোপা গছলৈ ৰূপান্তৰ কৰিবলৈও যথেষ্ট যত্নৰ প্ৰয়োজন। প্ৰতিবছৰে ৫ জুনৰ দিনা হৈ ছৈ কৰি গছপুলি ৰোৱা, পৰিৱেশ সুৰক্ষাৰ ভাষণ দিয়া এজনেও কিন্তু পিছত তেওঁ ৰোৱা পুলিটোৰ খবৰ লবলৈ যোৱা নাই। গতিকে স্বাভাৱিকতে মানুহৰ সচেতনতা, সদিচ্ছাৰ আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধতাৰ অভাৱ।
চৰকাৰে অমৃত বৃক্ষ আন্দোলন নামৰ যি অভিযান আৰম্ভ কৰিছিল সেই অভিযানৰদ্বাৰা এটা ইতিবাচক বাৰ্তা এইটো ল’ব পাৰি যে গছপুলি ৰুবলৈ জনসাধাৰণক উৎসাহিত কৰা।
ইয়াৰ দ্বাৰা দুই এজন মানুহৰ মনলৈ গছপুলি ৰোপনৰ প্ৰতি অহা চিন্তাই ভৱিষ্যতে অলপ হলেও পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ইতিবাচক কিবা প্ৰভাৱ পেলাব পাৰে বুলি আশা কৰিব পাৰি। কিন্তু সেই কথা পইচাৰ আশাত গছপুলি ৰোৱা কেইজনৰ পৰা আশা কৰিব নোৱাৰি।
জিজ্ঞাস বৰুৱা, লখিমপুৰ, অসম
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)