গছ বিচাৰি যাওঁ ব’লক, নদী বিচাৰি যাওঁ ব’লক
সঞ্জীৱ কুমাৰ নাথ

(শিৰোনামটো কিবা ৰাজনৈতিক দলৰ শ্লোগানৰ দৰে হৈছে যদি সেয়া সম্পুর্ণ কাকতালীয়; মোৰ কোনো ৰাজনৈতিক দলৰ সৈতে কোনো ধৰণৰ ঘনিষ্ঠতা বা সম্বন্ধ নাই)
গুৱাহাটীৰ কিছুমান অঞ্চলত বিদ্যুৎ-কর্টন কমকৈ হয় বুলি সেই অঞ্চলৰ নিবাসী সকলে আনৰ ওচৰত বাহাদুৰী কৰে। তেওঁলোকৰ অঞ্চল সমূহ চৰকাৰৰ ঘৰৰ ডাঙৰ ডাঙৰ মানুহৰ ঘৰবোৰৰ ওচৰত, গতিকে তেওঁলোকে নিজকে আনতকৈ বেছি সুবিধা ভোগ কৰা, privileged শ্রেণীৰ বুলি ভাবি ভাল পায়।
বিকাশৰ অগ্রগতিত বহুত চহৰক চেৰ পেলাবলৈ লোৱা (বিশেষকৈ উৰণীয়া সেতু নিমার্ণত) চহৰৰ বাটত যেতিয়া শ শ বাহনৰ মাজৰ এখন বাহনৰ চালকৰ আসনত বহি আপুনি নির্মীয়মান উৰণীয়া সেতুৰ কাষেৰে লাহে লাহে, ভয়ে ভয়ে (কাষৰ প্রকাণ্ড ট্রাক খনে যিহে শব্দ কৰিছে, হঠাতে আগবাঢ়িবলৈ চাই খুন্দিয়াব নেকি? “ডিভাইডাৰ”ৰ বাধা নেওচি মহা প্রতাপেৰে অহা এছ ইউ ভি খনে মহতিয়াব নেকি? পাৰ হ’বলৈ ৰৈ থকা সেই মোবাইলত মছগুল ছোৱালীজনী হঠাতে আগলৈ আহিব নেকি? নিমীর্য়মান সেতুৰ ওপৰত যে ৱেল্ডিং কৰি জুই পেলাই আছে, গাড়ীতে পৰিব নেকি? প্রকাণ্ড সেই কপিকলটোৰ ওপৰৰ পৰা কিবা সৰি পৰিব নেকি?), এক্সিলেটৰত ভৰি দিওঁতে নিশ্চয় কেতিয়াবা ছাইৰেণৰ বিকট শব্দ শুনিছে আৰু সেই ভয়ানক যান-জঁটৰ মাজেৰেও কিবা যাদুৰে বাট উলিয়াই পুলিছৰ আৰু কোনোবা ডাঙৰ মাননীয়জনৰ গাড়ী পাৰ হৈ যোৱা দেখিছে। (ভালেমান বছৰ আগতে ইংলেণ্ডত থকা এজন মানুহে কৈছিল যে এদিন তেওঁলোক বাটত গৈ থাকোতে তেওঁলোকৰ গাড়ীখন এঠাইত সামান্য কাষলৈ গৈ একেই গতিত আগৰ দৰে গৈ থাকিল, আৰু তেওঁৰ লগৰ, লণ্ডন-নিবাসী বন্ধুৱে তেওঁক কয়, “সেয়া, মহাৰাণী পাৰ হৈ গ’ল”। কোনো আড়ম্বৰ নাই, চকু টেলেকা বন্দুকধাৰীৰ অসভ্য আচৰণ নাই, একো নাই।)
কেতিয়াবা নিশ্চয় আপুনি লগতে মন কৰিছে যে কিছুমান গাড়ী সেই মাননীয়ৰ গাড়ীবোৰৰ পিছে পিছে দৌৰে। সেইবোৰ মোৰ দৰে সাধাৰণ মানুহৰ গাড়ী, ডাঙৰ মানুহৰ গাড়ী নহয়, কিন্তু ডাঙৰ মানুহৰ পিছে পিছে দৌৰি যেন অলপ মাননীয়ত্ব (!) তেওঁলোকেও আহৰণ কৰিছে। মোৰ দৰে চকু চৰহা বিলাকে তেওঁলোকক সুবিধাবাদী বুলি ক’লেও তেওঁলোকৰতো কাম হৈ গ’ল – মাননীয়ৰ “অনুসৰণ” কৰাৰ লাভেৰে লাভাম্বিত তেওঁলোক।

ঠিক সেইদৰে, গুৱাহাটীৰ কিছুমান অঞ্চলৰ নিবাসী সকলে গৌৰৱ কৰিব পাৰে যে তেওঁলোক অমুক এলেকাৰ মানুহ, এলাপেচা এলেকাৰ মানুহ নহয়, আৰু সেইবাবে তেওঁলোকৰ বিজুলী-সেৱা সম্পূর্ণ অব্যাহত হৈ নাথাকে যদিও আন এলেকাৰ সমান লুকা-ভাকু নকৰে। সংযোগ ক্রমে আমিও আজি কিছুদিন ধৰি গুৱাহাটীৰ তেনে এক অসাধাৰণ নহ’লেও “অ-এলাপেচা” ঠাইতে বাস কৰোঁ।
মোক যদি সোধা যায় “বিজুলী যায় নে নাযায়”, মই কি কম? আত্মপ্রত্যয়ৰ কিছু অভাৱ অনুভৱ কৰোঁ মাজে মাজে (মনোবিজ্ঞানী ডাক্তৰৰ ওচৰলৈ যাবলৈও ভয়, ফ্রইডৰ reductionist যুক্তিৰ অদ্ভূত মায়াজালত তেওঁলোক নিজেই বন্দী; জেলত বন্দীসকলৰ কথা নকলোৱেই বা), মিছা কথা কোৱাৰ মহান বিদ্যাতো পার্গত নহ’লো।
মই কম যে “যায়, কিন্তু কিছুমানে কয় কম যায়”। কম যোৱা মানে কি? কম আৰু বেছিৰ মাজত কিমানৰ পার্থক্য? কিমান গ’লে কম আৰু কিমান গ’লে বেছি? বহু বছৰ আগতে চণ্ডীগড়ত দুসপ্তাহমান থাকোতে মাত্র এদিন পাঁচ মিনিট মানৰ বাবে বিজুলী নোহোৱা হৈছিল। সেয়া “কম যোৱা” নেকি? আন এবাৰ আহমেদাবাদত এসপ্তাহমান থাকোতে এবাৰো নগ’ল বিজুলী।

জুলাই মাহত গাঁৱৰ ঘৰলৈ আহি কিন্তু গুৱাহাটীৰ সেই অঞ্চলতকৈ বিজুলী “বেছি যোৱা” কি সেইটো যেন বুজি পাইছো। কেতিয়াবা বিজুলী বিজুলী চমকৰ দৰে আহে, বিজুলী চমকৰ দৰে যায়।
কেতিয়াবা আহে, যায়, আহে যায়, আহে যায়। কেতিয়াবা নাহেহে নাহে, নাহেহে নাহে। বৰষুণৰ বাবে বাৰু ভেকুলী বিয়াকে পাতোঁ, ঢেঁকীকে চোঁচৰাও (যদি গাঁৱত ঢেঁকী বিচাৰি পোৱা যায়! গুৱাহাটীত পায় – বিহুৰ পিঠা বনোৱা মেলাত), বিজুলীৰ বাবে কি কৰোঁ?
আত্মনির্ভৰশীল বিকশিত ভাৰতৰ এখন আগশাৰীৰ প্রদেশ হ’বলৈ যত্ন কৰা এখন প্রদেশৰ চৰকাৰৰ ওখ আসনত বহা এজন মাননীয় মহোদয়ে হেনো কৈছিল যে বিদ্যুৎ নাথাকিলে ৰাইজে গছৰ তলত বহিব পাৰে, জিৰাব পাৰে।

কথাষাৰ বহুমূলীয়া।
অনবৰতে কিয় লাগে বিদ্যুৎ, ফেন, এ চি ? গছৰ তলত বহি প্রকৃতিৰ সান্নিধ্যত দেহ-মন জুৰ পেলাব পাৰি – বিকাশৰ বলিয়া বানত যিবোৰ গছ এতিয়াও ধ্বংস হোৱা নাই, সেইবোৰ গছৰ তলত।
নদীৰ পাৰৰ গছ হ’লেতো আৰু ভাল – স্বার্থান্ধ মানুহে লেতেৰা আবর্জনাৰে পুতি পেলাই পুতি-গন্ধময় কৰি নেপেলোৱা নদীৰ পাৰত, যদি তেনে নদী বিচাৰি পোৱা যায়।
গছ বিচাৰি যাওঁ ব’লক, নদী বিচাৰি যাওঁ ব’লক।

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)