• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

গছ বিচাৰি যাওঁ ব’লক, নদী বিচাৰি যাওঁ ব’লক

সঞ্জীৱ কুমাৰ নাথ

by Anjan Sarma
July 30, 2023
in Opinion
Reading Time: 3 mins read
0
man in white t shirt and gray denim jeans outfit on green grass field

Photo by Vlad Bagacian on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

গছ বিচাৰি যাওঁ ব’লক, নদী বিচাৰি যাওঁ ব’লক

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

(শিৰোনামটো কিবা ৰাজনৈতিক দলৰ শ্লোগানৰ দৰে হৈছে যদি সেয়া সম্পুর্ণ কাকতালীয়; মোৰ কোনো ৰাজনৈতিক দলৰ সৈতে কোনো ধৰণৰ ঘনিষ্ঠতা বা সম্বন্ধ নাই)

গুৱাহাটীৰ কিছুমান অঞ্চলত বিদ্যুৎ-কর্টন কমকৈ হয় বুলি সেই অঞ্চলৰ নিবাসী সকলে আনৰ ওচৰত বাহাদুৰী কৰে। তেওঁলোকৰ অঞ্চল সমূহ চৰকাৰৰ ঘৰৰ ডাঙৰ ডাঙৰ মানুহৰ ঘৰবোৰৰ ওচৰত, গতিকে তেওঁলোকে নিজকে আনতকৈ বেছি সুবিধা ভোগ কৰা, privileged শ্রেণীৰ বুলি ভাবি ভাল পায়।

বিকাশৰ অগ্রগতিত বহুত চহৰক চেৰ পেলাবলৈ লোৱা (বিশেষকৈ উৰণীয়া সেতু নিমার্ণত) চহৰৰ বাটত যেতিয়া শ শ বাহনৰ মাজৰ এখন বাহনৰ চালকৰ আসনত বহি আপুনি নির্মীয়মান উৰণীয়া সেতুৰ কাষেৰে লাহে লাহে, ভয়ে ভয়ে (কাষৰ প্রকাণ্ড ট্রাক খনে যিহে শব্দ কৰিছে, হঠাতে আগবাঢ়িবলৈ চাই খুন্দিয়াব নেকি? “ডিভাইডাৰ”ৰ বাধা নেওচি মহা প্রতাপেৰে অহা এছ ইউ ভি খনে মহতিয়াব নেকি? পাৰ হ’বলৈ ৰৈ থকা সেই মোবাইলত মছগুল ছোৱালীজনী হঠাতে আগলৈ আহিব নেকি? নিমীর্য়মান সেতুৰ ওপৰত যে ৱেল্ডিং কৰি জুই পেলাই আছে, গাড়ীতে পৰিব নেকি? প্রকাণ্ড সেই কপিকলটোৰ ওপৰৰ পৰা কিবা সৰি পৰিব নেকি?), এক্সিলেটৰত ভৰি দিওঁতে নিশ্চয় কেতিয়াবা ছাইৰেণৰ বিকট শব্দ শুনিছে আৰু সেই ভয়ানক যান-জঁটৰ মাজেৰেও কিবা যাদুৰে বাট উলিয়াই পুলিছৰ আৰু কোনোবা ডাঙৰ মাননীয়জনৰ গাড়ী পাৰ হৈ যোৱা দেখিছে। (ভালেমান বছৰ আগতে ইংলেণ্ডত থকা এজন মানুহে কৈছিল যে এদিন তেওঁলোক বাটত গৈ থাকোতে তেওঁলোকৰ গাড়ীখন এঠাইত সামান্য কাষলৈ গৈ একেই গতিত আগৰ দৰে গৈ থাকিল, আৰু তেওঁৰ লগৰ, লণ্ডন-নিবাসী বন্ধুৱে তেওঁক কয়, “সেয়া, মহাৰাণী পাৰ হৈ গ’ল”। কোনো আড়ম্বৰ নাই, চকু টেলেকা বন্দুকধাৰীৰ অসভ্য আচৰণ নাই, একো নাই।)

কেতিয়াবা নিশ্চয় আপুনি লগতে মন কৰিছে যে কিছুমান গাড়ী সেই মাননীয়ৰ গাড়ীবোৰৰ পিছে পিছে দৌৰে। সেইবোৰ মোৰ দৰে সাধাৰণ মানুহৰ গাড়ী, ডাঙৰ মানুহৰ গাড়ী নহয়, কিন্তু ডাঙৰ মানুহৰ পিছে পিছে দৌৰি যেন অলপ মাননীয়ত্ব (!) তেওঁলোকেও আহৰণ কৰিছে। মোৰ দৰে চকু চৰহা বিলাকে তেওঁলোকক সুবিধাবাদী বুলি ক’লেও তেওঁলোকৰতো কাম হৈ গ’ল – মাননীয়ৰ “অনুসৰণ” কৰাৰ লাভেৰে লাভাম্বিত তেওঁলোক।

গছ বিচাৰি যাওঁ ব’লক, নদী বিচাৰি যাওঁ ব’লক

        ঠিক সেইদৰে, গুৱাহাটীৰ কিছুমান অঞ্চলৰ নিবাসী সকলে গৌৰৱ কৰিব পাৰে যে তেওঁলোক অমুক এলেকাৰ মানুহ, এলাপেচা এলেকাৰ মানুহ নহয়, আৰু সেইবাবে তেওঁলোকৰ বিজুলী-সেৱা সম্পূর্ণ অব্যাহত হৈ নাথাকে যদিও আন এলেকাৰ সমান লুকা-ভাকু নকৰে। সংযোগ ক্রমে আমিও আজি কিছুদিন ধৰি গুৱাহাটীৰ তেনে এক অসাধাৰণ নহ’লেও “অ-এলাপেচা” ঠাইতে বাস কৰোঁ।

মোক যদি সোধা যায় “বিজুলী যায় নে নাযায়”, মই কি কম? আত্মপ্রত্যয়ৰ কিছু অভাৱ অনুভৱ কৰোঁ মাজে মাজে (মনোবিজ্ঞানী ডাক্তৰৰ ওচৰলৈ যাবলৈও ভয়, ফ্রইডৰ reductionist যুক্তিৰ অদ্ভূত মায়াজালত তেওঁলোক নিজেই বন্দী; জেলত বন্দীসকলৰ কথা নকলোৱেই বা), মিছা কথা কোৱাৰ মহান বিদ্যাতো পার্গত নহ’লো।

মই কম যে “যায়, কিন্তু কিছুমানে কয় কম যায়”। কম যোৱা মানে কি? কম আৰু বেছিৰ মাজত কিমানৰ পার্থক্য? কিমান গ’লে কম আৰু কিমান গ’লে বেছি? বহু বছৰ আগতে চণ্ডীগড়ত দুসপ্তাহমান থাকোতে মাত্র এদিন পাঁচ মিনিট মানৰ বাবে বিজুলী নোহোৱা হৈছিল। সেয়া “কম যোৱা” নেকি? আন এবাৰ আহমেদাবাদত এসপ্তাহমান থাকোতে এবাৰো নগ’ল বিজুলী।

গছ বিচাৰি যাওঁ ব’লক, নদী বিচাৰি যাওঁ ব’লক
Photo by Rodolfo Clix on Pexels.com

        জুলাই মাহত গাঁৱৰ ঘৰলৈ আহি কিন্তু গুৱাহাটীৰ সেই অঞ্চলতকৈ বিজুলী “বেছি যোৱা” কি সেইটো যেন বুজি পাইছো। কেতিয়াবা বিজুলী বিজুলী চমকৰ দৰে আহে, বিজুলী চমকৰ দৰে যায়।

কেতিয়াবা আহে, যায়, আহে যায়, আহে যায়। কেতিয়াবা নাহেহে নাহে, নাহেহে নাহে। বৰষুণৰ বাবে বাৰু ভেকুলী বিয়াকে পাতোঁ, ঢেঁকীকে চোঁচৰাও (যদি গাঁৱত ঢেঁকী বিচাৰি পোৱা যায়! গুৱাহাটীত পায় – বিহুৰ পিঠা বনোৱা মেলাত), বিজুলীৰ বাবে কি কৰোঁ?

আত্মনির্ভৰশীল বিকশিত ভাৰতৰ এখন আগশাৰীৰ প্রদেশ হ’বলৈ যত্ন কৰা এখন প্রদেশৰ চৰকাৰৰ ওখ আসনত বহা এজন মাননীয় মহোদয়ে হেনো কৈছিল যে বিদ্যুৎ নাথাকিলে ৰাইজে গছৰ তলত বহিব পাৰে, জিৰাব পাৰে।

গছ বিচাৰি যাওঁ ব’লক, নদী বিচাৰি যাওঁ ব’লক
বিদ্যুতৰ খৰচ কমাবলৈ ফেন বন্ধ কৰি গছৰ তলত বহক ; বিশ্বজিৎ দৈমাৰীৰ পৰামৰ্শ

কথাষাৰ বহুমূলীয়া।

অনবৰতে কিয় লাগে বিদ্যুৎ, ফেন, এ চি ? গছৰ তলত বহি প্রকৃতিৰ সান্নিধ্যত দেহ-মন জুৰ পেলাব পাৰি – বিকাশৰ বলিয়া বানত যিবোৰ গছ এতিয়াও ধ্বংস হোৱা নাই, সেইবোৰ গছৰ তলত।

নদীৰ পাৰৰ গছ হ’লেতো আৰু ভাল – স্বার্থান্ধ মানুহে লেতেৰা আবর্জনাৰে পুতি পেলাই পুতি-গন্ধময় কৰি নেপেলোৱা নদীৰ পাৰত, যদি তেনে নদী বিচাৰি পোৱা যায়।

গছ বিচাৰি যাওঁ ব’লক, নদী বিচাৰি যাওঁ ব’লক।

গছ বিচাৰি যাওঁ ব’লক, নদী বিচাৰি যাওঁ ব’লক
গছ বিচাৰি যাওঁ ব’লক, নদী বিচাৰি যাওঁ ব’লক / Photo by 500photos.com on Pexels.com

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science
Opinion

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

by Olha Konsevych
July 12, 2026
0

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science...

Read moreDetails
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

July 6, 2026
Land of Missed Opportunities!

Land of Missed Opportunities!

July 5, 2026
Rivers beyond Borders: Why the Siang Is More than Water

Rivers beyond Borders: Why the Siang Is More than Water

June 26, 2026
Sea Levels Rise: Will the movie ‘Waterworld’ become a reality soon?

Vanishing Shores, Shifting Borders: The Global Warming Reshaping India, Bangladesh, and Assam

June 18, 2026
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 16, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Unemployment in Modi’s India: A Dive into Trends

Inside the Fragmented Realities of Assam’s Educated Unemployed

July 14, 2026
Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

July 14, 2026
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

July 14, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

July 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37372 shares
    Share 14948 Tweet 9343
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16904 shares
    Share 6762 Tweet 4226
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2140 shares
    Share 856 Tweet 535
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    142 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6742 shares
    Share 2697 Tweet 1686
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3934 shares
    Share 1574 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d