• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

গণতন্ত্ৰৰ অৱক্ষয় : নেপাল আৰু ভাৰত

মনোজ কুমাৰ বৰুৱা

by Anjan Sarma
July 6, 2021
in Politics
Reading Time: 2 mins read
0
গণতন্ত্ৰৰ অৱক্ষয় : নেপাল আৰু ভাৰত
Share on FacebookShare on TwitterShare on LinkedIn

গণতন্ত্ৰৰ অৱক্ষয় : নেপাল আৰু ভাৰত

মনোজ কুমাৰ বৰুৱা

nepal India

উদাৰনৈতিক ভাৱধাৰাৰে পৰিচালিত তৃতীয় বিশ্বৰ দেশসমূহৰ জনসাধাৰণৰ শেষ আশ্ৰয় হৈছে গণতন্ত্ৰ।

গণতন্ত্ৰৰ জৰিয়তে দেশৰ শাসকসকলে নিজ স্বাৰ্থ পাহৰি দেশৰ সমূহৰ চিন্তা কৰে অথবা চিন্তা কৰে জনতাৰ জীৱন ধাৰণৰ উচ্চ মানদণ্ডৰ সুনিশ্চিত কৰণৰ বিষয়ে। ঐতিহাসিকভাৱে গণতন্ত্ৰৰ বিশ্লেষণত গণতন্ত্ৰক এখন চৰকাৰ ব্যৱস্থা অথবা জীৱন ধাৰণৰ প্ৰণালী হিচাপে বিশ্লেষণ কৰি অহা হৈছে ।

RelatedPosts

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

March 1, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

March 1, 2026

প্লেট’, এৰিষ্ট’টল, মেকিয়াভেলী, হ’বচ, লক আদি বহুতো দাৰ্শনিকে গণতন্ত্ৰৰ বিভিন্ন ব্যাখ্যা আগবঢ়াইছে যদিও ৰুছোৰ General Will অৰ্থাৎ সাধাৰণ ইচ্ছাৰ দিশটোৱেহে অধিক প্ৰাধান্য লাভ কৰিছে। এই ৰুছোৱেই গণতান্ত্ৰিক চৰকাৰৰ কৰ্মৰাজিৰ ক্ষেত্ৰত The Social Contract ৰ এগৰাকী প্ৰৱক্তা হিচাপে সমূহৰ বাসনাক গুৰুত্ব দিয়াই গণতন্ত্ৰৰ পূৰ্বচৰ্ত বুলিছে। সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘিষ্ঠৰ তোষামোদৰ ক্ষেত্ৰত অন্য এক সুস্থ তৰ্কৰো অৱকাশ আছে।

পশ্চিমীয়া দেশসমূহৰ ক্ষেত্ৰত গণতন্ত্ৰৰ ধাৰণা পুৰণি যদিও লিংগভেদে সমান অংশীদাৰীত্বৰ ক্ষেত্ৰত এই দেশসমূহো যথেষ্ট পিছপৰা। গতিকে এক সুস্থিৰ গণতন্ত্ৰত সু নিৰ্দ্দিষ্ট সাৰ্বভৌমত্বক গুৰুত্ব দিয়াৰ উৰ্দ্ধত যে দেশৰ মানুহখিনিৰ সামগ্ৰিক কল্যাণৰ কথাও গুৰুত্ব দিব লাগে, সেই কথা এতিয়াও বহু ৰাজনীতিবিদৰ খেয়ালী মনে ঢুকি নোপোৱাটো দুখজনক।

ভাৰত বা নেপালৰ ক্ষেত্ৰত যেতিয়া আমি কথাবোৰ লক্ষ্য কৰোঁ, তেতিয়া মনলৈ আহে এজন ৰাজনীতিবিদৰ চকী অথবা শাসনক লৈ দেখা অভিজাত সপোনৰ কথা; জনতাৰ গুৰুত্বক তুচ্ছ জ্ঞান কৰি দল সলনিৰে তোষামোদৰ ৰাজনীতি কৰাৰ কথা। তাৰ সমান্তৰালকৈ মনলৈ আহে গণতন্ত্ৰক অংগুষ্ঠ প্ৰদৰ্শন কৰি ধনলক্ষ্মীৰ প্ৰভাৱত (নে ক্ষমতাত) ৰাইজৰ প্ৰতিনিধি এগৰাকীক নিজৰ সৈতে চামিল কৰি গণতন্ত্ৰৰ শ্ৰাদ্ধ পতাৰ কথা।

পশ্চিমবংগত নিৰ্বাচনৰ আগে আগে প্ৰায় তিনি ডজন ৰাজনীতিবিদে তৃণমূল কংগ্ৰেছৰ পৰা বিজেপিলৈ গমন কৰাৰ খবৰে প্ৰাক-নিৰ্বাচনী পৰিৱেশ উত্তাল কৰিছিল আৰু তাৰ ভিতৰত প্ৰায় তেৰজনেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ লাভ কৰিছিল। নিৰ্বাচনৰ পাছৰ সময়ত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চি.আই.ডি. ৰ অভিযানৰ সৈতেও সকলো পৰিচিত । গণতন্ত্ৰত সাংবিধানিক সংস্থাৰ স্বতন্ত্রতাৰ ওপৰত উঠা প্ৰশ্নৰ সৈতে ভাৰতীয় গণতন্ত্ৰৰ যেন আজন্ম সম্পৰ্ক।

nepal1

শেহতীয়াকৈ বিজেপিৰ পৰা মুকুল ৰয়ৰ দৰে এজন দক্ষ আৰু অভিজ্ঞতাসম্পন্ন ৰাজনীতিবিদৰ তৃণমূললৈ উভতনি যাত্ৰাই বতাহ অধিক গৰম কৰি তুলিছে।

ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যসমূহ দখল কৰাৰ পদ্ধতিৰ সৈতে আমি সকলো পৰিচিত। বিৰোধীক নস্যাৎ কৰি কেৱল মাত্ৰ শাসকৰ নিৰ্দেশত এক বহুত্ববাদী ৰাজনীতিৰ প্ৰচাৰ কৰাৰ নজিৰ ইতিমধ্যে আমি পাইছোঁ। অনুৰূপধৰণে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়েও ৰাজ্যৰ শাসনত থকা দলটোৰ এক-সিদ্ধান্তবাদী শাসন চলাইছে নেকি, সেই বিষয়েও প্ৰশ্ন উঠিছে।

কাৰণ মুকুল ৰয়ৰ ৰাজনৈতিক ইতিহাস অন্য দহজনতকৈ পৃথক। বামপন্থী শক্তিক পৰাস্ত কৰি তৃণমূলৰ শাসন প্ৰতিষ্ঠাৰ কালৰে পৰা তৃণমূলত তেখেতৰ অৱদান আছিল অসীম। সেই মুকুল ৰয়ে বিজেপিলৈ গৈ লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত লোৱা পদক্ষেপৰ বিষয়ে আমি জ্ঞাত। এসময়ত মমতা বেনাৰ্জীৰ সোঁহাত হিচাপে শাসনভাৰ চলোৱা মুকুল ৰয়ে ৰাজ্যত শান্তিৰে বাস কৰাৰ স্বাৰ্থত সেই মমতাৰ সৈতে একেখন নাৱৰে যাত্ৰী হোৱাটো প্ৰয়োজনীয় বুলি ভাবি লৈছে নেকি?

police

অথবা দুদিন পাছত শুভেন্দু অধিকাৰীৰ দৰে নেতাইও ভাবিব নেকি যে পশ্চিমবংগত সুখত থাকিবলৈ মমতা বেনাৰ্জীৰ সৈতে সহমত পোষণ কৰাটো প্ৰয়োজনীয়। ক্ষমতাৰ বাঘজৰীডাল বিজেপিৰ হাততেই থাকক অথবা তৃণমূলৰ হাততেই থাকক, গণতন্ত্ৰৰ ‛General Will’ৰ বাবে এনেধৰণৰ কাম কাজ অতিশয় বিপদজনক। ই তোষামোদৰ ৰাজনীতিক প্ৰশ্ৰয় দিয়াৰ সমান্তৰালকৈ সমূহৰ গুৰুত্বক লাঘৱ কৰি তোলে।

একেদৰে ভাৰতৰ চুবুৰীয়া দেশ নেপালৰ ক্ষেত্ৰতো ক্ষমতাৰ খোৱা কামোৰাৰ বাবেই সঘনে ঘটি থকা চৰকাৰ পতনে মূলতঃ গণতন্ত্ৰৰ ভেঁটিক থৰক বৰক কৰিছে। শেহতীয়াকৈ আকৌ এবাৰ ৰাষ্ট্ৰপতি বিদ্যাদেৱী ভাণ্ডাৰীৰ প্ৰত্যক্ষ হস্তক্ষেপত হোৱা সদন ভঙ্গৰ বাবে উচ্চতম ন্যায়ালয়ে নৱেম্বৰৰ ১২ আৰু ১৯ তৰিখে নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে।

নেপালৰ উচ্চতম ন্যায়ালয়ে সদন ভংগ কৰা কাৰ্যক অসাংবিধানিক আখ্যা দি গণতন্ত্ৰৰ ৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ কৰিছে। শেহতীয়াকৈ কোভিড ১৯ ৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো প্ৰধানমন্ত্ৰী কে.পি.অলিৰ দুৰৱস্থাই সকলোকে সন্দিহান কৰি তুলিছে।। হিন্দু ৰাষ্ট্ৰ পুনৰ গঠনৰ বাবে সাংবিধানিক ৰাজতন্ত্ৰৰ দাবীও বাৰে বাৰে উত্থাপন হোৱা দেখা যায়।

nepal2
নেপাল

কে.পি.অলিৰ সৈতে ‛মাধেছি’ অৰ্থাৎ বিবাহ সম্বন্ধৰ জৰিয়তে নেপালৰ নাগৰিকত্ব লাভৰ আশা কৰাসকলৰ এক বিশেষ ৰাজনীতি জড়িত হৈ আছে যদিও নেপালী কংগ্ৰেছ, প্রচণ্ডৰ দ্বাৰা পৰিচালিত মধ্যমপন্থী মাওঁবাদী, জনতা সমাজবাদী পাৰ্টি আদি সকলে অলিৰ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে। সকলো ঘটনাৰ আঁৰত আছে ভাণ্ডাৰী আৰু অলিৰ মাজৰ আভ্যন্তৰীণ বুজাবুজি আৰু তাৰ ফলশ্ৰুতিতে জনতাক সহায় কৰাৰ এই ভৰপক সময়ত ভূ-লুণ্ঠিত হৈছে গণতন্ত্ৰ।

বিবিচি নিউজ হিন্দীয়ে নেপালত প্ৰস্তুত কৰা এখন উল্লেখযোগ্য প্ৰতিবেদনত নেপালী জনসাধাৰণে নিজেই কোৱা পৰিলক্ষিত হৈছে যে, শাসনৰ মুৰব্বীহে সলনি হয়, কিন্তু তেওঁলোকৰ গণতন্ত্ৰৰ প্ৰতি উদাসীনতা একেই থাকে।

Democracy1

মুঠৰ ওপৰত, তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত ৰাজনৈতিক নেতাসকলৰ ক্ষমতালিপ্সাই তেওঁলোকক যেন গণতন্ত্ৰৰ মূল লক্ষ্যৰ পৰা আঁতৰাই আনিছে। ৰাজনীতিৰ উদ্দেশ্য আৰু শাসক নে সেৱক, এই বিষয় বিলাকৰ ওপৰত যথেষ্ট আউল লাগিছে। দিকভ্ৰষ্ট ৰাজনীতিৰ পৰিৱৰ্তন হৈছে তোষামোদলৈ আৰু তোষামোদৰ প্ৰশ্ৰয়ত গণতন্ত্ৰৰ মৃত্যু হ’বই, ই ধুৰূপ।

   [ মনোজ  কুমাৰ বৰুৱা, ভোগপুৰ চাৰিআলি, নাৰায়ণপুৰ, লখিমপুৰ, অসম, ৭৮৭০৩৩]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: গণতন্ত্ৰনেপাল আৰু ভাৰত
Anjan Sarma

Anjan Sarma

Related Posts

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next
World

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

by Olha Konsevych
March 3, 2026
0

Putin has already shown what kind of ally he is: why Russia is not saving Iran and what to expect...

Read moreDetails
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

March 1, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

March 1, 2026
Trade is not neutral: why Russia is investing in the International North-South Transport Corridor?

Trade is not neutral: why Russia is investing in the International North-South Transport Corridor?

February 26, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

February 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d