গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা
অংশুমান হাজৰিকা
পৃথিৱীৰ দুটা ভিন্ন প্ৰান্তৰ দুজন মহান বিপ্লৱী শিল্পী, এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিংবদন্তি বব ডিলান আৰু আনজন ভাৰতবৰ্ষৰ, বিশেষকৈ অসমৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড° ভূপেন হাজৰিকা। ২০১৬ চনত যেতিয়া বব ডিলানে বিশ্বৰ প্ৰথমগৰাকী গায়ক-গীতিকাৰ হিচাপে সাহিত্যৰ ‘নোবেল বঁটা’ৰে বিভূষিত হোৱাৰ বিৰল গৌৰৱ অৰ্জন কৰিছিল, তেতিয়া আমাৰ মনলৈ স্বতঃস্ফূৰ্তভাৱে আহিছিল ড° ভূপেন হাজৰিকাৰ কথা। কিয়নো বব ডিলানে ইংৰাজী সাহিত্য আৰু পাশ্চাত্য লোকসংগীতলৈ যি অৱদান আগবঢ়াইছে, ঠিক একেই গভীৰতা আৰু বিস্তৃতিৰে ড° ভূপেন হাজৰিকাই অসমীয়া আৰু বাঙালী সাহিত্য-সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি থৈ গৈছে।

১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ দৰে এক প্ৰান্তীয় অঞ্চলত জন্মগ্ৰহণ কৰা ড° ভূপেন হাজৰিকা আৰু ১৯৪১ চনৰ ২৪ মে’ত আমেৰিকাৰ মিনেস্যোতাত জন্মগ্ৰহণ কৰা ৰবাৰ্ট এলেন জিম্মাৰমেন অৰ্থাৎ বব ডিলান । দুয়োগৰাকীয়েই আছিল মূলতঃ গায়ক, গীতিকাৰ আৰু সুৰকাৰ।
দুয়োগৰাকী মহান শিল্পীৰ আটাইতকৈ ডাঙৰ পৰিচয় আছিল তেওঁলোকৰ ‘বিপ্লৱী সত্তা’। দুয়োগৰাকীয়ে লোকসংগীতক কেৱল মনোৰঞ্জনৰ আহিলা হিচাপে আৱদ্ধ নাৰাখি সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। ডিলানৰ সৃষ্টিত যিদৰে আমেৰিকান লোকসংগীতৰ সুৰত নাগৰিক অধিকাৰ আন্দোলনৰ (Civil Rights Movement) ফিৰিঙতি বিচ্ছুৰিত হৈছিল, ঠিক একেদৰেই ড° ভূপেন হাজৰিকাৰ গীততো সামাজিক-ৰাজনৈতিক প্ৰতিবাদ আৰু মানৱ মুক্তিৰ সংগ্ৰামখনে এক চিৰস্থায়ী ৰূপ পাইছিল।
দুয়োগৰাকী শিল্পী দুটা ভিন্ন প্ৰজন্মৰ আৰু ভিন্ন ভৌগোলিক পৰিৱেশৰ যদিও, তেওঁলোকৰ সৃষ্টিৰাজিত এক অদ্ভুত আৰু বিস্ময়কৰ সামঞ্জস্য দেখিবলৈ পোৱা যায়। এই সামঞ্জস্যৰ আঁৰৰ অন্যতম কাৰণ আছিল ড° ভূপেন হাজৰিকাৰ আমেৰিকা প্ৰবাস। ১৯৪৯ চনত কলম্বিয়া বিশ্ববিদ্যালয়ত গণসংযোগ বিষয়ত ডক্টৰেট ডিগ্ৰী কৰিবলৈ গৈ তেওঁ বিখ্যাত আফ্ৰিকান-আমেৰিকান নিগ্ৰো গায়ক তথা মানৱ অধিকাৰ কৰ্মী পল ৰবচনৰ সান্নিধ্যলৈ আহে।
পল ৰবচনৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত হৈ ড° ভূপেন হাজৰিকাই ৰবচনৰ “ওল্ড মেন ৰিভাৰ”ৰ আধাৰত সৃষ্টি কৰা “বিস্তীৰ্ণ পাৰৰে” (আৰু হিন্দীত ‘বিস্তাৰ হে য়া পাৰ’) গীতটিয়ে বিশ্বত চলি থকা অপশাসন, নৈতিকতাৰ স্খলন আৰু মানৱতাৰ পতনৰ বিৰুদ্ধে এক অমোঘ অস্ত্ৰৰূপে আজিও মানুহক সচকিত কৰি ৰাখিছে। একে সময়ছোৱাতে, ষাঠিৰ দশকত বব ডিলানেও নিউয়ৰ্ক চহৰত লোকসংগীতৰ জৰিয়তে সমাজৰ দুৰ্নীতি আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰিছিল।
বব ডিলানৰ বিশ্ববিশ্ৰুত গীত “ব্লোৱিং ইন দ্য ৱাইণ্ড” (Blowin’ in the Wind)-এ যিদৰে সামাজিক ন্যায়, মানৱতা আৰু অধিকাৰৰ প্ৰশ্ন উত্থাপন কৰি সমগ্ৰ বিশ্বক জোকাৰি গৈছিল আৰু ভিয়েটনাম যুদ্ধৰ বিৰুদ্ধে এক প্ৰতিবাদী সংগীত হৈ পৰিছিল, ঠিক সেই একেই বিশ্বজনীন মানৱতাবাদ আৰু শ্ৰেণীহীন সমাজৰ সপোন প্ৰতিফলিত হৈছিল ড° ভূপেন হাজৰিকাৰ সৃষ্টিত।

ড° ভূপেন হাজৰিকা কেৱল এজন গায়কেই নাছিল, তেওঁ আছিল মানৱতাৰ চিৰন্তন সাধক। তেওঁৰ “মানুহে মানুহৰ বাবে” গীতটিয়ে সমগ্ৰ পৃথিৱীৰ মানুহক যি নিস্বাৰ্থ প্ৰেমৰ নিদৰ্শন দাঙি ধৰিলে, তাৰ তুলনা বিশ্বৰ ইতিহাসত বিৰল। এইচ. এম. ভি. (HMV) কৰ্তৃপক্ষই এই গীতটিক বিংশ শতিকাৰ শ্ৰেষ্ঠ গীতৰূপে ঘোষণা কৰাটোৱেই ইয়াৰ সাৰ্বজনীন গ্ৰহণযোগ্যতাৰ প্ৰমাণ। দৰাচলতে, মানৱতা, বিশ্বপ্ৰেম আৰু জাতীয়তাবাদী সত্তাক সমানেই সাৱটি লোৱা ড° ভূপেন হাজৰিকা আছিল উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক জগতৰ মুকুটবিহীন সম্ৰাট।
বব ডিলান আৰু ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ মাজত পাৰ্থক্য নাছিল, বৰঞ্চ আছিল গভীৰ পাৰস্পৰিক শ্ৰদ্ধাবোধ। সংগীত জগতত এনে এক চৰ্চা আছে যে স্বয়ং বব ডিলানে ড° ভূপেন হাজৰিকাৰ প্ৰসংগত এবাৰ আক্ষেপ কৰি কৈছিল, “মই ড° হাজৰিকাৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত।

কিন্তু মই এই কথাটোত দুঃখিত যে তেওঁ আমেৰিকাৰ পৰা ভাৰতবৰ্ষলৈ স্থায়ীভাৱে উভতি যোৱাৰ সিদ্ধান্ত ল’লে। তেওঁ আমেৰিকাত থকা হ’লে তেওঁৰ জনপ্ৰিয়তা দেখি মোৰ নিশ্চিতভাৱে ঈৰ্ষা উপজিলহেঁতেন।” (মুম্বাইৰ চেইন্ট জেভিয়াৰ্চ কলেজৰ অধ্যাপক পৰশুৰামে এই কথা উল্লেখ কৰি গৈছে) এই মন্তব্যই প্ৰমাণ কৰে যে ড° ভূপেন হাজৰিকাই যদি ভাৰতৰ দৰে উন্নয়নশীল দেশৰ পৰিৱৰ্তে আমেৰিকা বা আন কোনো পশ্চিমীয়া দেশত জন্মগ্ৰহণ কৰিলেহেঁতেন, তেন্তে তেওঁ বহু আগতেই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শিল্পীৰূপে পৰিগণিত হ’লহেঁতেন।
এটা সময়ত আমাৰ মনত এক গভীৰ আক্ষেপ আছিল যে বব ডিলানে পৃথিৱীৰ সৰ্বোচ্চ সন্মান ‘নোবেল বঁটা’ লাভ কৰাৰ বিপৰীতে, একেখিনি বিশ্বমানৰ সৃষ্টি কৰা সত্ত্বেও আমাৰ ভূপেন দাই জীৱিতাৱস্থাত দেশৰ সৰ্বোচ্চ সন্মানৰ পৰা বঞ্চিত হ’ল। যদিও তেখেতে ১৯৯২ চনত ‘দাদাচাহেব ফাল্কে বঁটা’ আৰু পৰৱৰ্তী সময়ত ‘পদ্মবিভূষণ’ লাভ কৰিছিল, তথাপিও সৰ্বোচ্চ সন্মানৰ বাবে এক দীঘলীয়া প্ৰতীক্ষা কৰিবলগীয়া হৈছিল।

অৱশেষত, সময়ৰ সোঁতত আৰু সমগ্ৰ দেশবাসীৰ অহোপুৰুষাৰ্থত এই ক্ষোভৰ অৱসান ঘটিল। ২০১৯ চনত ভাৰত চৰকাৰে ড° ভূপেন হাজৰিকাদেৱক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ৰে বিভূষিত কৰিলে। এই সন্মানে কেৱল তেখেতৰ কালজয়ী সৃষ্টিৰাজিয়েই নহয়, সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যকো বিশ্বৰ দৰবাৰত এক সুকীয়া আৰু গৌৰৱোজ্জ্বল মৰ্যাদা প্ৰদান কৰিলে।

আজি ২০২৬ চনত, যেতিয়া সমগ্ৰ অসমে এই মহান বিশ্ববিশ্ৰুত গণশিল্পীগৰাকীৰ শতবাৰ্ষিকী (১০০ সংখ্যক জয়ন্তী) অতি শ্ৰদ্ধা আৰু উলাহেৰে উদযাপন কৰিবলৈ ওলাইছে, তেতিয়া আমি নতুনকৈ উপলব্ধি কৰিছোঁ তেখেতৰ দৰ্শনৰ বিশালতা। সমাজৰ অৱহেলিত শ্ৰেণীৰ হৈ মাত মতা বব ডিলান আৰু ড° ভূপেন হাজৰিকা দুয়োগৰাকীয়েই বিশ্বৰ অন্যতম শ্ৰেষ্ঠতম গণশিল্পী।
ড° ভূপেন হাজৰিকাৰ এই অমূল্য সৃষ্টিৰাজিৰ সম্পূৰ্ণ সংৰক্ষণ, শৈক্ষিক পৰ্যায়ত ইয়াৰ প্ৰসাৰ আৰু বিজ্ঞানসন্মত গৱেষণাৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰাটোৱেই হ’ব শতবৰ্ষত এই মহান যুগস্ৰষ্টাগৰাকীৰ প্ৰতি আমাৰ শ্ৰেষ্ঠ আৰু প্ৰকৃত শ্ৰদ্ধাঞ্জলি।

অংশুমান হাজৰিকা, যুৱ সংবাদসেৱী, নলবাৰী, email: ahazarika110@gmail.com

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.


















