-অসীম তালুকদাৰ |
তামিল মহাকাব্য চিলাপ্পাথিকৰমত (নূপুৰৰ কাহিনী) বৰ্ণনা কৰা চোল সাম্ৰাজ্যৰ কন্নকি আৰু কোভালানৰ কাহিনীত নতুনকৈ জীৱন আৰম্ভ কৰিবলৈ চেষ্টা কৰা কোভালানে পত্নী কন্নকিৰ সন্মতিমৰ্মে কন্নকিৰ সোণৰ নূপুৰ বজাৰত বিক্ৰী কৰিবলৈ লোৱা সময়ত ৰজাৰ অনুচৰে সেয়া মহাৰাণীৰ চুৰি হোৱা অলংকাৰ বুলি ভাবি কোভালানক আটক কৰে ৷ খঙতে তিঙিৰি তুলা ৰজাই যাৱতীয় বিচাৰ নকৰাকৈ কোভালানক দণ্ড দিবলৈ হুকুম দিয়াৰ পাছত সমবেত ৰাইজৰ সন্মুখতে উত্তেজিত ৰাইজৰ দাবীত সৈন্য এজনে কোভালানক শিৰচ্ছেদ কৰে ৷ সেয়া নিশ্চয়কৈ গণনিগ্ৰহৰে এটা উদাহৰণ আছিল ৷
ইতিহাসত গণনিগ্ৰহৰ উদাহৰণ বহুত পোৱা যাব ৷ আধুনিক যুগৰ গণনিগ্ৰহৰ ইতিহাস খুচৰিলে গৃহযুদ্ধোত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাম সম্ভৱতঃ প্ৰথমতেই আহিব ৷ উনৈশ শতিকাৰ দ্বিতীয ভাগত আমেৰিকাৰ দক্ষিণ অঞ্চলত, বিশেষকৈ মিছিছিপি, আলাবামা, জৰ্জিয়া আদি প্ৰদেশত প্ৰচুৰ পৰিমাণে গণনিগ্ৰহৰ ঘটনা সংঘটিত হৈছিল ৷ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ শাসনৰ সময়চোৱাত আফ্ৰিকীয় মূলৰ ক্ৰীতদাস সকলক আইন প্ৰণয়নৰ জৰিয়তে মুক্ত নাগৰিক হিচাপে ঘোষণা কৰা হৈছিল ৷ দক্ষিণ অঞ্চলৰ কপাহৰ উদ্যোগ মূলতঃ এই আফ্ৰিকীয় ক্ৰীতদাস সকলৰ শ্ৰমৰ বিনিময়ত গঢ়ি উঠিছিল ৷ স্বাভাৱিকতে লোকচানৰ সন্মুখীন হোৱা অসন্তুষ্ট শ্বেতাংগ মালিকসকলে আৰ্থিক অৱস্থাৰ অৱনতিৰ কাৰণ হিচাপে কৃষ্ণাংগসকলক দোষৰোপ কৰে ৷ তাৰ পাছতেই গণনিগ্ৰহৰ মানসিকতা এটা গঢ়ি উঠে ৷ আধিপত্য বজাই ৰখাৰ উদ্দেশ্যেৰে সামান্য অপৰাধতেই উন্মত্ত শ্বেতাংগৰ দলে কিছুমান কৃষ্ণাংগক নীতিবহিৰ্ভূত ভাবে জীয়াই জীয়াই পুৰি মাৰিছিল নাইবা ফাঁচিকাঠত ওলোমাইছিল ৷
দুখঃজনক ভাবে আমাৰ ভাৰতবৰ্ষ আৰু অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই ৷ যোৱা কিছুদিনত অসমত হৈ যোৱা গণনিগ্ৰহৰ ঘটনাবোৰে ভাবিবলৈ বাধ্য কৰাইছে আমি বৰ্তমানে কি যুগত বাস কৰিছো বুলি ৷ মানুহবিলাক ইমান উগ্ৰ, ইমান অসহিষ্ণু হৈ উঠিছে কিয় ? কোভিড-১৯ য়ে আমাৰ জীৱনলৈ যে অকল্পনীয় পৰিৱৰ্তন আনিব নাইবা কিছুমান ক্ষেত্ৰত যে ইতিমধ্যেই আনিছে সেয়া নিশ্চিত ৷ ৰাজ্যৰ তথা দেশৰ অৰ্থনৈতিক ভবিষ্যত ধূসৰ ৷ সেই আশংকাই সকলোকে অলপ মানসিক ভাবে অস্থিৰ কৰি তুলিছে সেয়া সত্য ৷ কিন্তু তাৰে চেলু লৈ এজনে অন্য এজনৰ প্ৰাণ কাঢ়ি লোৱাটো কিমান যুক্তিসংগত ? এনে ধৰণৰ ঘটনা কৰ’নাৰ আগতেও হৈ আহিছে ৷ গতিকে কিছুমানে এই ঘটনাৰ লগত কৰ’নাই সৃষ্টি কৰা অনিশ্চয়তাক সংযোগ কৰিবলৈ চেষ্টা কৰাটো হাস্যকৰ ৷
ছয় সাতজন মানুহে লগ হৈ নিসহায় এজনক নিৰ্মম ভাবে প্ৰহাৰ কৰি মৃত্যুমুখলৈ ঠেলি দিয়া কথাটো এবাৰ ভাবি চাওঁক ৷ এনে ধৰণৰ আসুৰিক প্ৰবৃত্তি কৰ পৰা আহে ? কিমান খং উঠিলে মানুহ এজনক মাৰি পেলাব পাৰি ? মনোবিজ্ঞানৰ জটিল কথাবিলাক মই বুজি নাপাওঁ ৷ কিন্তু এটা কথাত মই নিশ্চিত যে প্ৰত্যেকজন মানুহৰে অন্তৰত অসুৰ এজন সোমাই থাকে ৷ সেই আসুৰিক প্ৰবৃত্তিক দমন কৰিব নোৱাৰিলেই মানুহ আৰু পিশাচৰ মাজৰ পাৰ্থক্য হেৰাই যায় ৷ সাধাৰণ মানুহ এজনৰো সময় সাপেক্ষে মনৰ সুপ্ত অসুৰটো সাৰ পাই উঠে আৰু হিতাহিত জ্ঞান হেৰুৱাই পেলায় ৷ অলপতে হাজো আৰু মৰিয়নিত সংঘটিত হোৱা ঘটনা দুটাৰ সময়ত উপস্থিত থকা ৰাইজৰ কথা এবাৰ ভাবক ৷ এজন অসহায় মানুহৰ মৰণ কাটৰ চিঞৰৰ মাজত তেওঁলোকে বাৰু কি পৈশাচিক আনন্দ (sadistic pleasure) লাভ কৰিছিল ? তেওঁলোকৰ মাজৰ এজনেও কিয় হত্যাকাৰীক বাধা দিবলৈ চেষ্টা নকৰিলে ? অপৰাধীয়ে শাস্তি পাব নালাগে বুলি কবলৈ মই কিঞ্চিতো চেষ্টা কৰা নাই ৷ কিন্তু আমি গণতন্ত্ৰত বাস কৰো ৷ শাস্তি প্ৰদান কৰিবলৈ আদালত আছে ৷ আইন হাতত তুলি লৈ ঘটনাস্থলীতে চৰম শাস্তি বিহিবলৈ আমি কোন ? পুলিচ আহি পোৱালৈ অপেক্ষা কৰিবলৈ আমাৰ ইমানেই সময়ৰ অভাৱ নে তাৰ বিনিময়ত কোনোবা পিতৃ-মাতৃৰ বুকু সুদা কৰিবলৈ আমি অকণো কুণ্ঠাবোধ নকৰো ?
যুৱসমাজৰ বৰ্ধিত অসহিষ্ণুতাৰ আৰু মানসিক অৱক্ষয়তাৰ বাবে সমাজেই দায়ী নহয়নে ? মাক-দেউতাকৰ চৰিত্ৰগত বৈশিষ্ট্যই সন্তানৰ ভৱিষ্যত-মানসিকতা নিৰ্ধাৰণ কৰিব বুলি কোনো কথা নাই ৷ অন্যথা দৈত্য হিৰণ্যকশিপুৰ ঘৰত ভক্ত প্ৰহ্লাদৰ জন্ম কেতিয়াও নহলেহেতেন ৷ নাইবা যোৱা শতিকাত দ্বিতীয় যুদ্ধৰ জৰিয়তে পৃথিৱীত ধ্বংসলীলা চলোৱা হিটলাৰ এজনৰ পৃথিৱীত কেতিয়াও জন্ম নহলেহেতেন ৷ কোনো জাতক-জাতিকাই অপৰাধী হৈ জন্ম গ্ৰহণ নকৰে ৷ ঘৰখনেই আমাৰ প্ৰথম পঢ়াশালি ৷ ল’ৰাজন বা ছোৱালীজনীয়ে জীৱনৰ প্ৰথম চোৱাত কি ধৰণৰ শিক্ষা লাভ কৰে সেয়াই তেওঁৰ ভৱিষ্যত নিৰ্ধাৰণত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰে ৷ আজি আমি সকলো চিন্তিত – কাইলৈ মই, মোৰ ল’ৰা-ছোৱালী নাইবা আমাৰ কোনোবা আপোনজন এনে ধৰণৰ গণনিগ্ৰহৰ বলি হম নেকি ? আজি হয়তো পৰিয়াল হিচাপে আমি সকলোৱে ঘটনা কেইটা উদাহৰণ হিচাপে লৈ গণৰোষৰ বলি নহবলৈ কি কৰণীয় হব সেয়া আলোচনা কৰিম ৷ কিন্তু এজন নীৰৱ দৰ্শক হৈ ঘটনাস্থলীত উপস্থিত থাকি এনে ধৰণৰ ঘটনাক উপভোগ কৰা যে পৰোক্ষ ভাবে উৎসাহ দিয়াৰেই সমতুল্য সেয়া আমি কেতিয়াবা আলোচনা কৰিম নে ? তেনে ধৰণৰ দুষ্কাৰ্যত লিপ্ত নহবলৈ আমি আমাৰ ল’ৰা ছোৱালীক উপদেশ দিম নে ? মই ভাবো এই বিষয়ে চিন্তা কৰাৰ সময় আহি পৰিছে ৷
আমাৰ শৰীৰক চলি থাকিবলৈ শক্তি বা খাদ্যৰ দৰকাৰ হয় – সেয়া আমি সকলোৱে বুজি পাওঁ ৷ কিন্তু আমাক যে মানসিক খাদ্যৰো দৰকাৰ হয় সেই বিষয়ে আমি কিমান সচেতন ? একবিংশ শতিকাৰ এয়া এক নিৰ্মম সত্য যে পৰিয়ালৰ কাৰণে দুবেলাৰ দুমুঠি সংগ্ৰহৰ প্ৰয়াসতে মানুহৰ সিংহভাগ সময় গুচি যায় ৷ কিন্তু দিনটোৰ শেষত মনটোক ঠাণ্ডা কৰিবলৈ কেইটামান মুহূৰ্ত খৰচ কৰিবলৈ আমি ইমান অপাৰগ কিয় ? মেচিন এটা কাৰ্যক্ষম হৈ থাকিবলৈ যিদৰে তেল-মবিলৰ দৰকাৰ, সেই একেদৰেই প্ৰতিজন মানুহকো মানসিক খাদ্যৰ দৰকাৰ হয় ৷ খং নামৰ ৰিপুটোক দমন কৰিবলৈ অলপ মেডিটেচন, প্ৰিয়জনৰ লগত অলপ ভাল লগা কথোপকথন বহুত সহায়ক হব পাৰে ৷ জীৱিকাৰ কাৰণে কৰিবলগীয়া কামৰ উপৰিও ভাল লগা কিবা কামত নিজকে জড়িত কৰি মগজুক ঠাণ্ডা কৰিব পাৰি ৷ শাৰীৰিক অনুশীলন, সংগীত চৰ্চা, খেল ধেমালি, বাঁহ বেতৰ কাম আদি যিকোনো ধৰণৰ কাৰ্যই আপোনাৰ মনটোক শান্তি দিব পাৰে ৷ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী সুব্ৰমনিয়াম চন্দ্ৰশেখৰে খোজ কাঢ়ি ভাল পাইছিল ৷ প্ৰতি শনিবাৰে তেওঁ কেইবা কিলোমিটাৰ খোজ কাঢ়ি নিৰিবিলি ঠাই এখনত ঘণ্টাৰ পাছত ঘণ্টা বহি থাকিবলৈ ভাল পাইছিল ৷ বিজ্ঞানী ৰিচাৰ্ড ফাইনমেনে বাদ্যযন্ত্ৰ বজাই ভাল পাইছিল ৷ সেই কাৰ্যই হেনো মনটোক শান্ত কৰিবলৈ তেওঁক সহায় কৰিছিল ৷
আহক আমি এই বিষয়ে অলপ চিন্তা-চৰ্চা কৰো আৰু নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰো ৷ ‘ইয়াতেই সৰগ, ইয়াতেই নৰক’ – বুলি কোৱা কথাষাৰৰ আমি কি বাচি লও সেয়া আমাৰেই হাতত ৷