• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, May 21, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature Short Stories

গল্পৰ শিৰোনাম-‘ কৃত্যন্ত ‘

-পল্লৱী কৌশিক শৰ্মা

by Admin
June 20, 2021
in Short Stories
Reading Time: 4 mins read
0
frowning man reading book late at night

Photo by Dziana Hasanbekava on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-পল্লৱী কৌশিক শৰ্মা |

পুহৰ কাঁচিয়লি ৰ’দ এজাক পিঠিতে পেলাই ঘৰৰ বাৰীৰে সুমিষ্ট কমলা এটাৰ ফুটবোৰ চুহি চুহি আত্ম আলাপত ব্যস্ত হৈ পৰিছো মই । কিমান যে কথাই গুণা-গঁথা কৰিছে মোৰ মনটোৰ লগত । নিসংগতাৰো আচলতে এক সুকীয়া আমেজ থাকে । কেতিয়াবা নিজৰ মাজলৈ কুৰুকি কুৰুকি সোমাই গৈও মানসিকভাবে তৃপ্ত হোৱা যায় ।

RelatedPosts

দৈত্য উভতি নাহিল

দৈত্য উভতি নাহিল

April 23, 2022
Kaleidoscope of life & the Altering Hues  – A short story

Kaleidoscope of life & the Altering Hues – A short story

April 22, 2022
A Lesson Well Learnt

A Lesson Well Learnt

April 20, 2022

এপাকত বহি থকা স্থানৰ চৌদিশে চকু ফুৰালো মই ।  ঠিক বুজিব পৰা নাই দেখোন , মই আচলতে ক’ত বহি আছো ।  কেউ কিছু নোহোৱা এখন প্ৰকাণ্ড চোতালৰ মধ্য বিন্দুটোৰ দৰে অনুভৱ হৈছে নিজকে মোৰ । মই আচৰিত হৈছো ,  জনপ্ৰাণীহীন অচিনাকি ঠাই এখনতো মই বাৰীৰ কমলাৰ সোৱাদ লৈ কেনেকৈ যে ব্যস্ত হ’ব পাৰিছো , কোনোবা ভৌতিক কাহিনীৰ নায়িকা জনী হে যেন.. !

মোৰ বুকুখনত ভয় নামৰ অনুভৱ এটাই টুকুৰিয়াইছে এইবাৰ । ইমান আচহুৱা পৰিবেশটো ..!

ক’লৈ গ’ল মানুহবোৰ .. ক’লৈ গ’ল মোৰ পিতাই ?

পিতাই অ’..

অ’ পিতাই ..

মই চিঞৰিছো… । সৰ্বশক্তি প্ৰয়োগ কৰি চিঞৰিছো ।

কোনোবা এজনে থাপ মাৰি ধৰিছে মোৰ হাতখন আৰু মোক টানি টানি লৈ গৈছে মই বহি থকা ঠাই ডোখৰৰ পৰা ।

কোন এওঁ ?

হাতখন ইমান চিনাকি ..! পিছে মুখ খন কিয় দেখা নাই ? জলজল পটপট কৈ সকলোবোৰ দেখি থকাৰ পিছতো তেওঁৰ মুখখন নেদেখো যে..!

~ হেই .. কোন হে আপুনি ? ক’লৈ নিয়ে মোক ।

মই সেই বলিষ্ঠ হাতখনৰ মুঠিৰ পৰা নিজৰ হাতখন মুক্ত কৰিবলৈ প্ৰাণ পণে চেষ্টা চলাইছো ।

উস .. ভাগৰি পৰিছো । হাতৰ মুঠিটোও ইমান সৱল ..!  মোৰ সকলো প্ৰচেষ্টা দেখোন বিফল হৈ পৰিছে ।

লাহে লাহে ৰ’দজাকো ক’ৰবাত হেৰাই গৈছে । অকাশখনে যেন এইবাৰ মটীয়া সাজ এযোৰ হে পিন্ধি লৈছে ..! মই যন্ত্ৰবৎ গৈ আছো সেই অচিনাকি পুৰুষজনৰ লগে লগে । যিমানেই আগুৱাই গৈছো মোৰ ভাল লাগিব ধৰিছে এই যাত্ৰা । মোৰ অস্থিৰ মনটোও শান্ত হৈ পৰিছে ।

~ ক’লৈ গৈ আছো আমি ? কিয় ভাল লাগিছে অচিনাকি যদিও অচিন পথেৰে আপোনাৰ সহযাত্ৰী হৈ ?

পুনৰ প্ৰশ্ন কৰিলো মই । কিন্তু প্ৰত্যুত্তৰ নাপালো । কেৱল আগুৱাই লৈ গৈ আছে সেই অচিন পুৰুষজনে মোক আৰু দৃষ্টিৰে উপভোগ কৰিছো মই চকুৰ সন্মুখত সঘনে সলনি হৈ থকা নান্দনিক দৃশ্যপট সমূহ ।

সৌৱা.. সুদূৰত এটা প্ৰকাণ্ড পুখুৰী । গোটেই পুখুৰীটো ৰঙা আৰু বগা পদুম ফুলেৰে পৰিপূৰ্ণ হৈ আছে । এটা মিঠা সুঘ্ৰাণ বতাহত ভাঁহি আহি মোৰ নাকত লাগিছে । মই গোন্ধটোৰ উৎস বিচাৰি সুবাসখিনি উজাই মোৰ উশাহৰ লগত একাত্ম কৰি লৈছো । পুখুৰীটোৰ সিপাৰে এটা মন্দিৰৰ গম্বুজ মোৰ চকুত পৰিছে । মই অনুমান কৰি লৈছো, হয়তো সেই দেৱ মন্দিৰটোৰ পৰা বতাহে কঢ়িয়াই অনা ধূপ ধুনাৰ গোন্ধ এইয়া…।

সেই অচিনা পুৰুষজনে পুখুৰীটোৰ দিশে লৈ গৈছে মোক । প্ৰস্ফুটিত পদুমবোৰৰ মাজে মাজে , পানীত ওপঙি থকা এখন শিলৰ সাঁকোৰ ওচৰত ক্ষণিক থমকি ৰৈছে তেওঁ ।

এইয়া কি..এইখন দেখোন ৰাম সেতু..! দক্ষিণ ভাৰতৰ ৰামেশ্বৰম আৰু শ্ৰী লংকাক সংযোগ কৰি সাগৰৰ ওপৰত হে এইখন শ্ৰী ৰামচন্দ্ৰই সীতাক উদ্ধাৰৰ হেতু নিৰ্মান কৰিছিল । তেন্তে এই পুখুৰীটোত ক’ৰ পৰা প্ৰকট হ’ল এই সেতুখন ? ক’ত আছো মই আচলতে ?

আউল লাগিছে কথাবোৰত । মই ওপঙি থকা শিলা খণ্ডবোৰত চকু ফুৰালোঁ । প্ৰবাদ মতে ৰাম সেতুৰ প্ৰতিটো শিলাখণ্ডত শ্ৰী ৰাম চন্দ্ৰৰ নাম খোদিত কৰা হৈছিল । পিছে নাই ,তেনে একোৱেই চকুত নপৰিল মোৰ ।

মানুহজনে পুখুৰীটোত ওপঙি থকা সাঁকো খনৰ প্ৰথম শিল ছটাত তেওঁৰ খোজ পেলালে । লগে লগে পানীৰ তললৈ শিলটোৰ কিছু অংশ সোমাই গ’ল । এইবাৰ সেইখন ভৰি উঠাই , দ্বিতীয় শিলটোলৈ স্থানান্তৰিত কৰি প্ৰথম শিলছটা মোৰ বাবে আজৰাই দিলে তেওঁ ।

মানে এতিয়া মোৰ পাল..! শিলছটা গচকি আগুৱাই যাব লাগিব মই । মোৰ কিন্তু মনটোত অলপ শংকা জাগিছে । ইমান পবিত্ৰ পুখুৰীটোৰ, ইমান পবিত্ৰ পানীখিনিত মোৰ এই লেতেৰা ভৰি দুখনৰ স্পৰ্শ উচিত হ’ব জানো..!

একে সময়তে এটা বিৰূপ মনোভাৱেও ক্ৰিয়া কৰিছে মোৰ মন মগজুত । গঙ্গাৰ নিৰ্মল আৰু পবিত্ৰ জলে পাপ মোচন কৰে বোলে । দেহ আৰু মনলৈ পবিত্ৰতা কঢ়িয়াই আনে । কিন্তু মোৰ কিয় এনে লাগিছে এই পুখুৰীটোৰ পৱিত্ৰতাখিনি আৰু গঙ্গাৰ নীৰৱধি জলৰাশিৰ মাজত যেন কিবা এক ডাঙৰ পাৰ্থক্য আছে । মই যেন দগ্ধ হৈ পৰিম পুখুৰীটোৰ পৱিত্ৰতাত..জ্বলি ছাঁই হৈ যাম ।

তথাপিও ভৰি খন আগবঢ়াই দিলো মই । ভবাৰ দৰে পিছে একো নহ’ল । শীতল পানীখিনিৰ স্পৰ্শত দেহ মন আচৰিত ধৰণে পুলকিত হৈ উঠিল মোৰ।

কেনে ধৰণৰ অনুভৱ এইয়া ..! আনন্দতে নাচি উঠিছে দেখোন মোৰ মন প্ৰাণ। এক লহমাৰ আগৰ সেই ভয়, শংকা সম্পূৰ্ণৰূপে দূৰ হৈ অময়া সুখৰ নৈ এখন মোৰ যেন বুকু ভেদি বৈ আহিছে । মই অনুভৱৰ তীব্ৰতাখিনিক হৃদয়ংগম কৰিবলৈ যত্ন কৰিছো ।

মানুহজনক অনুসৰণ কৰি আগুৱাই আহি আহি ..অৱশেষত দূৰৈৰ পৰা দেখা মন্দিৰৰ গম্বুজাকৃতিৰ বিয়াগোম ৰাজমহল এটাত প্ৰৱেশ ঘটিছে মোৰ।

অ’.. এইটো কোনো দেৱ মন্দিৰ নহয় মানে , এটা আটক ধুনীয়া ৰাজমহল হে . !

মূল প্ৰৱেশ দ্বাৰেদি ভিতৰলৈ সোমোৱাৰ লগে লগে ইমান পৰে খামুচি ধৰি থকা মোৰ হাতখন এৰি সেই অচিনাকি পুৰুষজন মোৰ ওচৰৰ পৰা আঁতৰি গৈছে । মই বুজি উঠিছোঁ..আমাৰ গন্তব্য স্থল এইয়াই ।

ইমান দূৰ যাত্ৰাৰ অন্তত অৱশ্যেই কিছু পৰিমানে ভাগৰও লাগিছে মোৰ। দীঘলকৈ উশাহটো টানি এটি শিলামুৰ্তিৰ দৰে ঠাইতে ৰৈ মহলটোৰ সৌন্দৰ্য দুচকুৰে পাণ কৰিবলৈ ধৰিলোঁ মই । সোন , ৰূপ আৰু হীৰা খচিত মহলটোৰ প্ৰতিখন বেৰ , প্ৰতিটো চুকে মোহাচ্ছন্ন কৰি তুলিছে মোক । মই বাকৰুদ্ধ হৈ পৰিছো । সুন্দৰতাৰ সংজ্ঞা বাৰু এইয়াই নেকি..!

সেই সময়তে সু-সজ্জিত তথা ৰাজকীয় বস্ত্ৰ পৰিহিত দুগৰাকী নাৰী মোৰ কাষ চাপি আহিল । দুয়ো গৰাকীয়ে মোক দুই হাতে ধৰি এক বিশেষ স্নানাগাৰলৈ লৈ গ’ল। চন্দন মিশ্ৰিত শীতল জলেৰে মোক স্নান কৰোৱা হ’ল । মোৰ যেন সমগ্ৰ ক্লান্তি সেই  বিশেষ স্নানে নিমিষতে দূৰ কৰি পেলালে। স্নানাগাৰৰ লগতে থকা অতি সুন্দৰ কোঠালী এটাত মোৰ শৃংগাৰৰ ব্যৱস্থা কৰা হৈছে । অলংকাৰ , শৃংগাৰ আৰু এক বিশেষ ধৰণৰ কেশবিন্যাসৰে মোক দুয়ো গৰাকীয়ে মিলি সজাবলৈ ধৰিছে । এইবাৰ মই পৰিধান কৰিব লগা সাজযোৰ আন এগৰাকী নাৰীয়ে কোঠাটোলৈ লৈ আহিছে ।

কাপোৰ সাজলৈ চাই মই খং খাই উঠিছোঁ ।

~ এইয়া কেনেধৰণৰ বস্ত্ৰ ? শৰীৰটো অৰ্ধ উলংগ হৈ থকা বস্ত্ৰ মই কেতিয়াও পৰিধান নকৰো । লৈ যোৱা এইবোৰ ।

কিন্তু মোৰ বাধা কোনোপধ্যে নৰজিল । তিনিও মিলি জোৰকৈ মোক কাপোৰসাজ পিন্ধাই কোঠালীটোৰ পৰা উলিয়াই আনিছে । নাজানো কি হৈছে মোৰ .. মই দেখোন একোতেই বাধা দিব পৰা নাই । সকলোবোৰ মোৰ ইচ্ছাৰ বিৰুদ্ধে হৈ আছে যদিও মই যে প্ৰতিবাদ কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰি তুলিব পৰা নাই।  জোৰ কৰিও উচ্চাৰণ কৰিব পৰা নাই এটা ও শব্দ..!

মোক ধৰি বান্ধি লৈ অনা পুৰুষজন অন্য এটা আটক ধুনীয়া কোঠালীৰ এখন ৰাজসিংহাসনত বহি মোলৈকে অপেক্ষা কৰি আছে। তেওঁ মোৰ সন্মুখতে বহি আছে যদিও এতিয়াও তেওঁৰ মুখখন স্পষ্ট হৈ পৰা নাই যে..!  মই ক্ৰমান্বয়ে এটা ৰহস্যৰ অৱৰ্তলৈ সোমাই গৈ আছো ।

মোৰ লগত অহা নাৰী দুগৰাকীয়ে মোৰ কাণতে ফুচফুচাই কোৱাৰ দৰে ক’বলৈ ধৰিলে.. ” তোমাৰ নৃত্য আৰম্ভ কৰা । তোমাৰ বাবে অপেক্ষাৰত এই বীৰ পুৰুষৰ অপেক্ষাৰ অন্ত পেলোৱা । “

~কি ..? এই অৰ্ধ উলংগ বেশভূষাৰে মই এতিয়া সেই অচিনাকি পুৰুষক মনোৰঞ্জিত কৰিব লাগিব ? নাচি দেখুৱাব লাগিব ? মোক ইয়ালৈ বন্দী কৰি অনাৰ উদ্দেশ্য কি আচলতে..!

অসম্ভৱ । এইয়া কেতিয়াও হ’ব নোৱাৰে ।

গৰজি উঠিলো মই । তেওঁলোকে পুনৰ ক’লে মোক .. ” যি কৈছো , তাকে কৰা । অন্যথা তোমাৰ বিপদ নিশ্চিত। “

~ নাই.. মই মোৰ বিবেকে অনুমতি নিদিয়া একো কামেই কৰিব নোৱাৰো।

মই আপত্তি দৰ্শালো আৰু সেই অচিন পুৰুষজনলৈ ঘৃণাৰ দৃষ্টি নিক্ষেপ কৰি পুনৰ তেওঁৰ মুখ খন চাবলৈ যত্ন কৰিলোঁ । মোক আচৰিত কৰি এইবাৰ তেওঁ সিংহাসন খনৰ পৰা উঠি আহিল আৰু মোৰ চুলি কোচাত ধৰি সমগ্ৰ শক্তিৰে জোকাৰি দিলে মোক ।

তেওঁৰ পুৰুষত্বত আঘাট লাগিছে , বুজাত ভুল নহ’ল মোৰ । তেওঁ নচুৱাবলৈ বিচৰাৰ দৰে মই তেওঁৰ হাতৰ পুতলজনী হ’বলৈ অমান্তি হৈছো । মোৰ চকুৱেদি বাৰিষাৰ খৰস্ৰোতা নৈ খনৰ দৰে চকুপানীবোৰ সৰিবলৈ ধৰিলে।  পিতাইৰ মুখ খন মনত পেলাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলো মই..

পিতাই অ’ ..

অ’ পিতাই ..

মোৰ চকুপানীৰ নৈখন মোৰ অলক্ষিতে বৈ আহি সেই পদুমেৰে পূৰ্ণ পুখুৰীটোৰ পৱিত্ৰ জলত মিলিত হ’ল । লগে লগে দপদপাই জ্বলি উঠিল পুখুৰীৰ পানীবোৰ ।

কি আচৰিত …! পানীত জুই..?

সেই পুৰুষজনে পুনৰবাৰ থপিয়াই ধৰিলে মোৰ হাতখন আৰু মোক চোচোৰাই লৈ গ’ল সেই জুইকুৰালৈ । অতি নিষ্ঠুৰতাৰে তেওঁৰ বজ্ৰ কঠিন হাত খনেৰে মোক গতিয়াই জুইকুৰালৈ নিক্ষেপ কৰা হ’ল ।

মই চটফটাবলৈ ধৰিলো । নিমিষতে সেই অগ্নিপিণ্ডই মোক আগুৰি ধৰিলে । জ্বলি গ’ল এটা এটা কৈ মোৰ শৰীৰৰ অংগ সমূহ । শেষ উশাহটোলৈকে মই চিঞৰিয়েই থাকিলো ..

পিতাই ..

অ’ পিতাই । বচাহি অ’ মোক.. ।

                      **********************

মোৰ কাষতে শুই থকা মোৰ ৰুগীয়া পিতাই মোৰ চিঞৰ শুনি ধৰফৰাই উঠিল ..

~ আইজনী অ’… কি হ’ল । কিয় এনেকৈ চিঞৰিছ’ ?

পিতাইৰ মাতত সম্ভিত ঘূৰাই পায় বিচনাখনতে বহি পৰিলো মই । ভয়তে অণ্ঠ কণ্ঠ শুকাই যোৱা যেন অনুভৱ হ’ল মোৰ । কি অদ্ভুত সপোন এটা দেখিলো এইয়া..!

সেই পুহমহীয়া জাৰ’তো মোৰ সৰ্বশৰীৰ ঘামেৰে জেপজেপিয়া হৈ পৰিল। মই একে ল’ৰে বাহিৰলৈ ওলাই আহিলো । উশাহটো ল’বলৈ মোক অলপ মুকলি বতাহ লাগে .. । মোৰ বুকুখন বৰকৈ বিষাইছে দেখোন ।

                      **********************

পুৱা দহ মান বাজিছে । ঘড়ীটো চাই পিতাইক হুইলচেয়াৰ খনতে বহুৱাই বাহিৰলৈ উলিয়াই আনিলো । এইখিনি সময় .. পিতাই আৰু মোৰ সময় । প্ৰায় প্ৰতিদিনেই এই সময়খিনিত পিতাইক চোতাল খনতে বহুৱাই মই মোৰ মনৰ কথাবোৰ জনাও.. পিতাইৰ বোৰ শুনো ।

বাৰীৰ কমলাবোৰ এইবাৰ লমালমে লাগিছে। বৰ সুন্দৰকৈ পকি ও উঠিছে । পিতাইৰ বৰ প্ৰিয় এই ফলবিধ । তাৰে এটা বখলিয়াই এফুট পিতাইৰ মুখত দি মই আগনিশাৰ সপোনটো পিতাইৰ আগত ব্যক্ত কৰিলো ।

~ অ’ পিতাই, বুজিয়েই নাপালো জান’ কি নো হৈছিল । মই যেন অলপ সময়ৰ বাবে স্বৰ্গ ভ্ৰমণলৈ হে গৈছিলো । ইমান পৱিত্ৰতাৰে মনটো ভৰি পৰিছিল নহয় , তোক বুজাই ক’বলৈ ও শব্দ বিচাৰি পোৱা নাই অ’ ? কিন্তু শেষত যে ইমান ভয় খালো । তই শুনিলেও আচৰিত হ’বি ।

একুৰা প্ৰকাণ্ড জুইত জাহ গৈছিলো মই । মোক কোনোবাই ঠেলা মাৰি দলিয়াই দিছিল জুই কুৰালৈ । উফফ… ।

অ’ পিতাই পুৱতি নিশাৰ সপোন বোলে ফলিয়াই । মই সঁচায়ে মৰি থাকিম নেকি ?

~ হেই এইজনী কি অমঙ্গলীয়া কথাবোৰ কৈছ’ অ’ ? এইবোৰ সপোন মানুহক কৈ নুফুৰিবি। জুহালৰ জুইকুৰা বা তুলসীৰ আগত ব্যক্ত কৰি সেৱা এটা জনাই আহগৈ যা ।

নিজৰ হোৱা দেখিলে বোলে আনৰ ক্ষেত্ৰত হয় । তোৰ একো নহয় ।

পিতায়ে ভগ্ন শৰীৰৰ যন্ত্ৰণাবোৰক পাৰ্যমানে সহি মোক আশ্বাস দিবলৈ যত্ন কৰিলে।

~ অ’ পিতাই তই কিন্তু মোক এৰি কেতিয়াও নাযাবি দেই । মোৰ অকলে বৰ ভয় লাগিব ।

পিতায়ে হুমুনিয়াহ এটা কাঢ়ি মোৰ মুৰতে হাতখন ফুৰাই গম্ভীৰ হৈ পৰিল..

~ মনেৰে প্ৰস্তুত হ’ অ’ আইজনী । তই জান’ সকলোবোৰ।  মই আৰু বেছিদিন তোৰ লগত থাকিব নোৱাৰিম । এই সত্যটোক স্বীকাৰ কৰিবই লাগিব তই । তোক মই নিথৰুৱা কৰি নাযাওঁ নহয়।  কাকায়েৰ আছে , বৌৰা আছে । তই কিয় অকলশৰীয়া হ’বি । তোৰ ভৱিষ্যতৰ বাবে ও সকলো দিহা লগায়েই যাম দে মই ।

পিতাইক মই কিদৰে কওঁ.. ” অ’ পিতাই, তোৰ চকুৰ নিভাঁজ মৰমবোৰ সিহঁতৰ চকুত নেদেখো অ’ মই । তোৰ দৰে আন কোনো হ’ব নোৱাৰে ।”

                        *********************

মোৰ পুৱতি নিশাৰ সপোনটো ফলিয়াইছিল । অলপ দিনৰ পিছতেই হাৰ্ট ষ্ট্ৰ’কত বহু বছৰ ধৰি ৰুগীয়া দেহাৰে শয্যাশায়ী হৈ পৰি থকা, মোৰ পিতাই স্বৰ্গগামী হৈছিল ।

মই এইবাৰ সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিলো । পিতাইৰ প্ৰথমা পত্নীৰ সন্তান মোৰ দাদাই , মাহীমাকৰ জীয়েক ‘ মোক ‘ কোনোদিন আপোন বুলি আঁকোৱালি ল’বই নোৱাৰিলে । মোৰ দহ বছৰ বয়সতে মোৰ মায়েও মোক এৰি চিৰবিদায় লৈ আঁতৰি গ’ল । দাদাক মোৰ মায়ে গৰ্ভজাত সন্তানৰ দৰে মৰম দিছিল যদিও মোৰ পেহীয়ে , মা আৰু মোৰ বিৰোধে নানানটা কথাৰে দাদাক উচতাব ধৰিলে । ফলত আমাৰ প্ৰতি বিদ্বেষী হৈ পৰিল তাৰ মনটো । দিন বাগৰাৰ লগে লগে দেউতাৰ অসুস্থ মনটোৰ লগতে , শৰীৰটোও অসুস্থ হৈ পৰিল আৰু এদিন তেওঁ শয্যাগত হ’ল ।

                           *********************

পিতাইৰ মৃত্যুৰ পিছতো পিতাইৰ হুইল চেয়াৰ খন লগতে লৈ পিছফালৰ চোতালখনত অলপ সময় নিজৰ লগতে কটোৱাৰ অভ্যাস এটা গঢ়ি তুলিছিলো মই ।

তেনে এটি দুপৰীয়া …

পিতাইৰ কাজ-কৰম হৈ উঠাৰ দুদিনমান হৈছিল হে..

বৌয়ে, বাৰীৰে কমলাৰ চৰবত এগিলাচ বনাই মোৰ হাতত তুলি দিলে হি । পিতাইৰ প্রিয় ফল বিধৰ ৰসক’ন গলাধকৰণ কৰি উচুপি উঠিলো মই । পিতাইলৈ বৰকৈ মনত পৰিল মোৰ ।

হঠাৎ মোৰ মূৰটো ঘূৰাবলৈ ধৰিলে । বুকুখন ও কিহবাই খুব জোৰেৰে হেঁচি ধৰা যেন অনুভৱ হ’ল । মোৰ মুখমণ্ডলত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল , উশাহটো চুটি হৈ আহিল । মই দাদা বৌক বিচাৰি চাৰিওফালে চকু ফুৰালো ।

পিতাইৰ শ্ৰাদ্ধৰ ৰভা খন খোলাৰ পিছত অ’ত ত’ত পৰি থকা জাৱৰ-জোথৰবোৰ বাৰীৰ এচুকত গোটাই , সেইবোৰ পুৰি পৰিষ্কাৰ কৰি আছিল দাদায়ে । মই দাদাক মাতিবলৈ যত্ন কৰিলো। কিন্তু… নোৱাৰিলো । মোৰ জিভাখন অসাৰ যেন লাগিল । শব্দবোৰ মুখৰ ভিতৰতে স্তব্ধ হৈ পৰিল । মোৰ হাত ভৰিবোৰ যেন এফালৰ পৰা মৰি আহিবলৈ ধৰিছে । খুব অসহায় যেন অনুভৱ হ’ল মোৰ।  মই চোতাল খনতে ঢলি পৰিলো । মোৰ মগজু আৰু মোৰ দৃষ্টিশক্তি  পিছে তেতিয়াও সক্ৰিয় হৈয়েই থাকিল ।

যদিও কাঠচলি ডালৰ দৰে পৰি থাকিলো , মই কিন্তু মোৰ কাষে- বাৰে হৈ থকা ঘটনাবোৰ অস্পষ্ট কৈ হ’লেও দেখি আছিলো । সেইবোৰৰ বোধগম্য হোৱাকৈ মোৰ মগজুয়েও কাম কৰি আছিল । কেৱল প্ৰতিক্ৰিয়া কৰিব পৰাকৈ জীয়াই হে থকা নাছিলো মই ।

দাদাই চাৰিওফালে চাই মোক ডাঙকোলাকৈ উঠাই , জুইকুৰাৰ ওচৰলৈ লৈ গ’ল আৰু বৌও ভিতৰৰ পৰা লৱৰি আহি মই চৰবত খোৱা গিলাছটো আৰু এটা পইজ’নৰ বটল মোৰ অচেতন শৰীৰটোত গুজি দিলে । অলপো দেৰি নকৰাকৈ ইফালে সিফালে চাই জুই কুৰালৈ ডলিয়াই দিলে সি মোক ।

চৌহদৰ পৰিত্যক্ত জাৱৰবোৰৰ দৰে সি মোক পুৰি পেলালে লগতে পিতায়ে মোৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে মোৰ নামত লিখি থৈ যোৱা সম্পত্তি ভাগৰ দলিল খনো সেই জুইকুৰাতে ছাঁই হৈ গ’ল ।

মোৰ সপোনটোৰ শেষৰ চোৱাও তাৰমানে সঁচা হ’ল । এইবাৰ সপোনত দেখা সেই চিনাকি হাতখনৰ লগতে , অস্পষ্ট হৈ দেখা দিয়া মুখখনো স্পষ্টকৈ দেখা পালোঁ মই।

মই মৌন শব্দৰে পিতাইক মাতিলোঁ …

পিতাই অ’ .. তোৰ কাষলৈ গৈ আছো দেই মই ।

জুইকুৰালৈ চাই দাদাই ৰাউচি জুৰিলে ..

~কোন ক’ত আছ’ আহহঁত অ’ । এইজনীয়ে কি কৰিলে চাহি  । পিতাইক হেৰুৱাৰ দুখতে এইজনীও জাহ গ’ল জুইকুৰাতে । কিহে পাইছিল অ’ মোক আজি বাৰীখন চিকুনাবলৈ ? কিহে পাইছিল জুই ধৰি আৱৰ্জনা পুৰিবলৈ ..!

অ’ ভন্টী কি কৰিলি তই এইয়া…?

কিয় কৰিলি এনেকুৱা ……?

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: কৃত্যন্ত
Admin

Admin

Related Posts

দৈত্য উভতি নাহিল
Short Stories

দৈত্য উভতি নাহিল

by Admin
April 23, 2022
0

দৈত্য উভতি নাহিল হঠাৎ, একেবাৰে হঠাৎ, পোনপ্ৰথমে এটি সুদৃশ‍্য দালান। দুমহলীয়া, চালে চকুৰোৱা দালান। তাৰ পিছত এখন সেউজীয়া ৰঙৰ 'মাৰুতি...

Read more
Kaleidoscope of life & the Altering Hues  – A short story

Kaleidoscope of life & the Altering Hues – A short story

April 22, 2022
A Lesson Well Learnt

A Lesson Well Learnt

April 20, 2022
সৰাপাতৰ সাধু

সৰাপাতৰ সাধু

April 20, 2022
multicolored powder photo

কুঁহিৰ হোলি

March 18, 2022
ইতিহাসে ৰিঙিয়ায়ঃ  চিলাৰায় ক’ত, চিলাৰায়?

ইতিহাসে ৰিঙিয়ায়ঃ চিলাৰায় ক’ত, চিলাৰায়?

February 16, 2022
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: