• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 11, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Business

গাখীৰ উৎপাদন বৃদ্ধিৰ সম্ভাৱনীয়তা :বিক্ষিপ্ত চিন্তাৰে

ডাঃ নয়নজিৎ ডেকা

by Admin
May 27, 2022
in food, Health
Reading Time: 2 mins read
0
গাখীৰ উৎপাদন বৃদ্ধিৰ সম্ভাৱনীয়তা :বিক্ষিপ্ত চিন্তাৰে
Share on FacebookShare on TwitterShare on LinkedIn

গাখীৰ উৎপাদন বৃদ্ধিৰ সম্ভাৱনীয়তা

ডাঃ নয়নজিৎ ডেকা

আমাৰ ৰাজ্যত গাখীৰৰ উৎপাদনৰ বৃহৎ ঘাটি এটা সদায়ে আলোচনাৰ বিষয় হৈ আছে। ষাঠিৰ দশকৰ পৰা গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে পশুপালন বিভাগে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহি আছে যদিও ঘাটিৰ পৰিমাণ বাঢ়ি গৈ আছে।

সাধাৰণতে এই ঘাটি নিৰূপণৰ মূল উৎস হৈছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে জনমূৰি গাখীৰ খাব লগা গৃহৰ ওপৰত।

কিন্তু আমাৰ ৰাজ্যত গাখীৰ খোৱাৰ প্ৰৱণতা কেনেকুৱা? সঁচা অৰ্থত ক’বলৈ আমাৰ ৰাজ্যত গাখীৰ খোৱাৰ প্ৰৱণতাৰ হাৰ একেবাৰে কম। যদিহে কোনো স্বেচ্ছাসেৱী সংস্থাই এই সম্পৰ্কত সমীক্ষা কৰে, তেতিয়া নিশ্চিতভাৱে ওলাই পৰিব যে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সূত্ৰ অনুসৰি আমাৰ ৰাজ্যত কিমান পৰিমাণৰ গাখীৰ উৎপাদনৰ প্ৰয়োজন হ’ব।

আমাৰ ৰাজ্যত উৎপাদিত গাখীৰৰ ৮০% গাখীৰ থলুৱা গাই-গৰুৰ পৰা পোৱা হয়।

RelatedPosts

আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

August 9, 2022
জটিল চাকনৈয়াত সাম্প্ৰতিক বিশ্বঃ আমি ক’ত আছো!

জটিল চাকনৈয়াত সাম্প্ৰতিক বিশ্বঃ আমি ক’ত আছো!

August 8, 2022
অংগদান, অংগ প্ৰতিষ্ঠাপন :ইয়াৰ প্ৰয়োজনীয়তা আৰু আনুষংগিক সমস্যা

অংগদান, অংগ প্ৰতিষ্ঠাপন :ইয়াৰ প্ৰয়োজনীয়তা আৰু আনুষংগিক সমস্যা

August 8, 2022

২০০ মিঃ লিটাৰ পৰা ১৫০০ মিঃ লিটাৰ গাখীৰ উৎপাদন হোৱা এই অনুৎপাদনশীল গাইগৰুৰপৰা অধিক গাখীৰ অৰ্থাৎ ন্যূনতম একলিটাৰ গাখীৰ পাবলৈ হ’লে প্ৰয়োজন হ’ব ব্যাপক হাৰত কৃত্ৰিম প্ৰজনন সেৱাৰ প্ৰসাৰ।

কিন্তু বতৰ্মানে প্ৰজননক্ষম গাইগৰুক কৃত্ৰিম প্ৰজননৰ আওতালৈ অনাৰ পৰিমাণ ৭ৰ পৰা ৮ শতাংশৰ ভিতৰত।

তেনেস্থলত গাখীৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে এই হাৰ অন্ততঃ ২০ শতাংশৰ ওচৰলৈ আনিব লাগিব।

ব্যৱসয়িক ভিত্তিত গাখীৰ উৎপাদন কৰিবলৈ আমাৰ পশুপালক আগ্ৰহ নহয় কিয়? দেখা যায় আমাৰ ৰাজ্যত গাখীৰৰ উৎপাদন ব্যয় যথেষ্ট বেছি, কিন্তু গো-পালকে প্ৰাপ্য মূল্য নাপায়। ৰাজ্যৰ বাহিৰৰ পৰা অহা গো-আহাৰৰ ক্ৰমবর্দ্ধমান মূল্যবৃদ্ধি ঔষধ আৰু চিকিৎসা ব্যয় বৃদ্ধিয়ে গো-পালকক বৰ্ণসংকৰ গাই গৰু পালন ব্যৱস্থাত যথেষ্ট সংকট কঢ়িয়াইছে। ফলত একাংশ গো-পালকে দুগ্ধ পামত গোধনৰ সংখ্যা কমাই আনিবলৈ বাধ্য হৈছে। তেনেদৰে অনিয়মীয়া ঘাঁহৰ প্ৰমাণিত বীজ যোগানৰ ফলত গো-পালকসকলে ধান কটাৰ পিছত পথাৰত ঘাঁহৰ খেতি কৰিব পৰা নাই, পৰ্যাপ্ত সেউজীয়া ঘাঁহৰ যোগানে গাখীৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে উৎপাদন ব্যয় বৃদ্ধিয়ো কিছু পৰিমাণে হ্ৰাস পায়। সেয়ে বিভাগে নিয়মীয়া ঘাঁহৰ বীজ যোগান নিশ্চিত কৰিব লাগে।

আনহাতে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে দুগ্ধ সমবায় সমিতিৰ সদস্যক চৰকাৰী মূল্যত ‍‘চাপৰ’ যোগান ধৰিলেও গো-পালকৰ দানাত হোৱা ব্যয় হ্ৰাস পাব। তেনেদৰে দুগ্ধ সমবায় সমিতিৰ বছৰি বিক্ৰী হোৱা গাখীৰৰ ওপৰত অন্ততঃ ৪ শতাংশ Incentive বা অৰ্থ সাহায্য দিলে দুগ্ধ সমবায় আন্দোলন অধিক গতিশীল হৈ উঠিব। কিয়নো দুগ্ধ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত দুগ্ধ সমবায় আন্দোলন অবিহনে সম্ভৱপৰ নহয়। কিয়নো গো-পালকে এই বৃদ্ধিত আন্তৰিকতাৰে মনোনিৱেশ কৰিবলৈ হ’লে প্ৰয়োজন হ’ব এখন নিশ্চিত গাখীৰৰ বজাৰ। দুগ্ধ সমবায় সমিতিয়ে নিশ্চিত বজাৰৰ পথ মুকলি কৰাৰ লগতে গো-পালকক প্ৰয়োজনীয় সমৰ্থন, যেনে—বছৰি লাভাংশ প্ৰদান, বিনামূলীয়া টিকাকৰণ, নিয়মীয়া ঘাঁহৰ বীজ যোগান, চৰকাৰী মূল্যত গো-আহাৰ যোগান আৰু বিভাগসমূহৰ লগত সমন্বয় স্থাপন। এনে বিভিন্ন দিশৰ সমন্বয়েহে গো-পালকক গাখীৰ উৎপাদন বৃদ্ধিত কৰিব লগা কাম কাজত আগ্ৰহ বৃদ্ধি কৰাব পাৰে।

প্ৰতিখন জিলাতে দুগ্ধ উৎপাদনৰ সম্ভাৱণাপূৰ্ণ গাঁও বা অঞ্চলক পশুপালন বিভাগে চিহ্নিত কৰিব লাগে আৰু কৃত্ৰিম প্ৰজনন সেৱাৰ ব্যাপক প্ৰসাৰ, বজাৰ সৃষ্টি, দুগ্ধ সমবায় গঠন, বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ, প্ৰশিক্ষণৰ ব্যৱস্থাৰে আগ্ৰহী কৰি তুলিব লাগে, বিশেষকৈ নগৰ অঞ্চলৰ আশে পাশে থকা গাওঁ সমূহক অগ্ৰাধিকাৰ দিব লাগে যাতে তাৎক্ষণিক ভাৱে গাখীৰ বিক্ৰীৰ নিশ্চিত বজাৰ এখন পায়। তেনেদৰে নগৰ-মহানগৰৰ দাতিকাষৰীয়া অঞ্চলত Animal Hostel বা গো-ধন আবাস আঁচনি ৰূপায়ণৰ ব্যৱস্থা ব্যাপক হাৰত ল’ব লাগে যাতে মাটি নথকা অথচ গো-পালন কৰিব বিচৰা পশুপালকক বৰ্ণসংকৰ গো-পালনৰ সুবিধা এই গো-ধন আবাসৰ যোগেদি দিব পৰা যায়।

গাখীৰ

কেৱল গাখীৰ উৎপাদন কৰিলেই নহ’ব, গাখীৰ খাওঁতাও থাকিব লাগিব, পূৰ্বতে কোৱা হৈছে যে আমাৰ ৰাজ্যত গাখীৰ খোৱাৰ প্ৰৱণতাৰ হাৰ একেবাৰে কম। চাহ, দৈৰ বাবেহে গাখীৰ ক্ৰয় কৰা দেখা যায়। আনহাতে বহিঃৰাজ্যৰ কিছুমান লোকৰ পৰিয়ালৰ প্ৰতিজন সদস্য এগিলাছ গাখীৰ দৈনিক খোৱাটো এটা ধৰাবন্ধা নিয়ম। সেয়ে গাখীৰ যে পূৰ্ণ আহাৰ, গাখীৰত যে সকলোধৰণৰ খনিজ লৱণ, প্ৰটিন, ভিটামিন থাকে—তাক বুজাই জনমানসত ধাৰণা সুমুৱাই দিয়াৰ প্ৰয়োজন আহি পৰিছে। অন্ততঃ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত এনে সজাগতা অনাৰ বাৰুকৈয়ে প্ৰয়োজন।

দেখা গ’ল, আমি নিয়মীয়াকৈ গাখীৰ খাবলৈ ল’লেহে গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে আমাৰ গো-পালক আগবাঢ়ি আহিব। অন্যথা গাখীৰৰ ঘাটি উৎপাদনক লৈ বছৰি বছৰি আলোচনা কৰি থাকিব পৰা যাব।

19-05-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: গাখীৰ উৎপাদন বৃদ্ধিৰ সম্ভাৱনীয়তা
Admin

Admin

Related Posts

আত্মহত্যা এটা খবৰেই নে ?
Health

আত্মহত্যা এটা খবৰেই নে ?

by Admin
August 9, 2022
0

আত্মহত্যা সংগীতা দাস প্ৰেম এক সুন্দৰ অনুভৱ। শব্দত প্ৰকাশ কৰা বা মুখেদি কোৱাতকৈ প্ৰেমক অনুভৱহে কৰিব পাৰি। প্ৰেমৰ পৰিসৰ যথেষ্ট...

Read more
জটিল চাকনৈয়াত সাম্প্ৰতিক বিশ্বঃ আমি ক’ত আছো!

জটিল চাকনৈয়াত সাম্প্ৰতিক বিশ্বঃ আমি ক’ত আছো!

August 8, 2022
অংগদান, অংগ প্ৰতিষ্ঠাপন :ইয়াৰ প্ৰয়োজনীয়তা আৰু আনুষংগিক সমস্যা

অংগদান, অংগ প্ৰতিষ্ঠাপন :ইয়াৰ প্ৰয়োজনীয়তা আৰু আনুষংগিক সমস্যা

August 8, 2022
NEW GST RATES

NEW GST RATES

August 6, 2022
দুৰ্যোগ আৰু মানসিক সমস্যাৰ সমাধান

দুৰ্যোগ আৰু মানসিক সমস্যাৰ সমাধান

August 5, 2022
Global hunger crisis pushing one child per minute, into severe malnutrition

Ukraine: Black Sea grain shipment success raises hopes

August 5, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022

শৰাইঘাটৰ যুদ্ধৰ পটভূমিত আলাবৈ ৰণ

June 22, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
Kharkiv School Graduate In Her Graduation Dress!

Kharkiv School Graduate In Her Graduation Dress!

June 9, 2022

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
Are Controversies Produced in Bollywood?

Are Controversies Produced in Bollywood?

August 11, 2022
Politics Around Population Explosion In INDIA

Politics Around Population Explosion In INDIA

August 11, 2022
১১ আগষ্টঃ কেইটামান খবৰ

১১ আগষ্টঃ কেইটামান খবৰ

August 11, 2022
Bhupinder Singh: A Legendary singer with deep and soulful voice

Bhupinder Singh: A Legendary singer with deep and soulful voice

August 11, 2022

Popular Stories

  • OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    108 shares
    Share 43 Tweet 27
  • বিহাৰৰ ঘটনাই ভাৰতৰ ৰাজনীতিত কিমান প্ৰভাৱ পেলায়!

    9 shares
    Share 4 Tweet 2
  • ১০ আগষ্টঃ কেইটামান খবৰ

    8 shares
    Share 3 Tweet 2
  • 6 Simple Self-Care Hacks For Women

    7 shares
    Share 3 Tweet 2
  • নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত

    12 shares
    Share 5 Tweet 3
  • Statement on Arrest of VOA Freelance Journalist in Juba, South Sudan

    6 shares
    Share 2 Tweet 2
  • Politics Around Population Explosion In INDIA

    6 shares
    Share 2 Tweet 2
  • ৯ আগষ্টঃ কেইটামান খবৰ

    9 shares
    Share 4 Tweet 2
  • Ukraine: Evil cannot win

    87 shares
    Share 35 Tweet 22
  • ১১ আগষ্টঃ কেইটামান খবৰ

    5 shares
    Share 2 Tweet 1
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: