গান্ধীৰ ঐতিহাসিক অসম ভ্ৰমণ আৰু ইয়াৰ গুৰুত্ব
গৌতম শৰ্মা

জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰে সৈতে অসমৰ মানুহৰ আছিল এক অতি ঘনিষ্ঠ সম্পৰ্ক। ক্ৰমে ১৯২১, ১৯২৬, ১৯৩৪ আৰু ১৯৪৬ চনত গান্ধীয়ে অসম ভ্ৰমণ কৰি অসমৰ ইতিহাসৰ এচোৱা দীৰ্ঘ সময়ক সমৃদ্ধ কৰি গৈছিল।
গান্ধী কেৱল এজন ব্যক্তি নাছিল, তেখেত আছিল এটা অনুষ্ঠান। জীৱনকালত যেতিয়া তেখেতে কোনোবা এখন নতুন ঠাইলৈ গৈছিল তেতিয়া হাজাৰ হাজাৰ অনুৰাগী আৰু অনুগামীয়ে তেখেতক লগ পাবলৈ আৰু কথা পাতিবলৈ সদায় তেখেতক ঘেৰি ধৰিছিল।
অসমৰ জনসাধাৰণো এই সত্যৰ পৰা বাদ পৰা নাছিল। যিটো সত্যক তেখেতৰ চাৰিওটা ঐতিহাসিক অসম ভ্ৰমণে সত্য বুলি প্ৰমাণিত কৰিছিল।
১৯১৯ চনত পৰাধীন ভাৰতৰ ৰাজনীতিৰ পথাৰত মহাত্মা গান্ধীৰ উত্থান তথা পদাৰ্পনৰ জৰিয়তে আধুনিক ভাৰতৰ ইতিহাস এক নতুন দিশলৈ গতি কৰিছিল। কিয়নো, গান্ধীয়ে ভাৰতীয় স্বাধীনতা সংগ্ৰামত প্ৰত্যক্ষভাৱে যোগদান কৰাৰ ঠিক পিছতেই সমসাময়িক ভাৰতৰ ৰাজনৈতিক ছবিখন এক ব্যাপকৰূপত সলনি হৈ পৰিছিল।
গান্ধী আছিল এজন আদৰ্শৱান নেতা, যিয়ে ভাৰতৰ জনসাধাৰণক ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে একত্ৰিত কৰি স্বাধীনতা আন্দোলনক এক নব্য গতি প্ৰদান কৰিছিল। তেখেতৰ চাৰিবাৰৰ অসম ভ্ৰমণে অসমৰ জনসাধাৰণকো এক নব্য গতি আৰু শক্তি প্ৰদান কৰিছিল।
এটা বাক্যত, গান্ধীৰ অসম আগমনে অসমৰ জনসাধাৰণৰ মাজত এক শক্তিশালী জাতীয়তাবাদৰ সৃষ্টি কৰি তেওঁলোকৰ নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি অধিক সচেতন কৰি তুলি আৰ্থ-সামাজিক জীৱনতো এক গভীৰ ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। সেয়েহে, গান্ধীৰ এই চাৰিটা ঐতিহাসিক অসম ভ্ৰমণৰ আলোচনাক বাদ দি অসমৰ ইতিহাস কোনোদিনেই সম্পূৰ্ণ নহয় বুলিব পাৰি।
১৯২১ চনৰ ১৮ আগষ্টত গান্ধী প্ৰথমে তেখেতৰ এঘাৰজন লগৰীয়াৰ সৈতে অসমলৈ আহিছিল। তেখেতে প্ৰথমে গোলকগঞ্জত উপস্থিত হৈছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক, অসমৰ বিশিষ্ট স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ে অনুগামীসকলৰ সৈতে গোলকগঞ্জৰ পৰা গান্ধীক আগবঢ়াই আনিছিল।
অসমৰ ৰাজধানী চহৰ গৌহাটীলৈ (বৰ্তমান গুৱাহাটী) অহাৰ বাটত ধুবুৰী আৰু গোৱালপাৰা জিলাৰ ৰাইজে তেখেতক অতি আন্তৰিকতাৰে এই প্ৰদেশলৈ আদৰণি জনাইছিল। এই জিলাবোৰ পাৰ হৈ যেতিয়া গান্ধীয়ে অৱশেষত গৌহাটী পালেগৈ তেতিয়া পাণ্ডুৰ পৰা ভৰালুমুখলৈ গৌহাটীৰ মানুহ গোট খোৱাৰ দীঘলীয়া শাৰী দেখি তেখেত স্তম্ভিত হৈ পৰিছিল।

যিসকলে অতি ওচৰৰ পৰা গান্ধীক চাবলৈ আৰু তেখেতৰ লগত কথা পাতিবলৈ বুলি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। এই প্ৰথম গৌহাটী ভ্ৰমণত গান্ধীক দেশভক্ত তৰুণৰাম ফুকনৰ বাসগৃহত ৰখোৱা হৈছিল। গান্ধীয়ে খোজ পেলোৱাৰ আগত বাসগৃহটোক ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাৰে আটকধুনীয়াকৈ সজাই তোলা হৈছিল।
সেই ঠাইতেই অৰ্থাৎ তৰুণৰাম ফুকনৰ বাসগৃহৰ সন্মুখ ভৰলুমুখত গান্ধীয়ে এক বিশাল ৰাজহুৱা সভাত সম্বোধন কৰিছিল। য’ত ২৫ হাজাৰৰো অধিক গান্ধীৰ অনুগামী উপস্থিত আছিল। সেই জনসভাত সাধাৰণ অসমৰ মানুহে বুজিব পৰাকৈ তৰুণৰাম ফুকনে অসমীয়ালৈ গান্ধীৰ ভাষণ অনুবাদ কৰি সকলোৰে মাজত গান্ধীৰ চিন্তা আৰু বাণীবোৰ বিলাই দিছিল।
গান্ধীৰ এই ভাষণৰ প্ৰভাৱৰ জৰিয়তে অসমৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক জীৱনলৈ এক দ্ৰুত পৰিৱৰ্তন আহিছিল। উল্লেখযোগ্য যে, ১৯২১ চনটো আছিল ভাৰতত ইংৰাজৰ অপশাসনৰ বিৰুদ্ধে স্বদেশী আন্দোলনৰ এক ভৰপক সময়। যিখিনি সময়ত গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশতে আৰম্ভ হোৱা অসহযোগ আন্দোলনে বিশেষভাৱে গুৰুত্ব পাইছিল।
এইখিনি সময়তেই স্বয়ং গান্ধীৰ মুখেৰেই স্বদেশী আন্দোলন সম্পৰ্কে উদাত্ত ভাষণ শুনি অসমৰ মানুহে এই আন্দোলনত জঁপিয়াই পৰিল। সেইদিনা গান্ধীৰ ভাষণৰ প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে সন্ধিয়া অসমৰ মানুহে বহু বিদেশী কাপোৰ জ্বলাই ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে বয়কট আন্দোলন আৰম্ভ কৰিলে। এই প্ৰথম ভ্ৰমণত গান্ধীয়ে ১৯২১ চনৰ ১৮ আগষ্টৰ পৰা ৩০ আগষ্টলৈকে অসমত আছিল।
বিশেষকৈ অসমৰ মানুহৰ মাজত স্বদেশী অনুভূতিৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ তেওঁ নগাঁও, যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, শিলচৰ আৰু চিলেটতো ভ্ৰমণ কৰিছিল। তেওঁ অবিভক্ত উজনি আৰু নামনি অসমৰ প্ৰায় সকলো গুৰুত্বপূৰ্ণ জিলা পৰিদৰ্শন কৰে। গান্ধীয়ে ভ্ৰমণ কৰা প্ৰত্যেক জিলাৰ মানুহেই ব্যাপক ৰাজহুৱা সভাৰ ব্যৱস্থা কৰিছিল।
প্ৰতিখন বৈঠকতে গান্ধীয়ে স্বদেশী আন্দোলন আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত নিজৰ শক্তিশালী ভাষণ প্ৰদান কৰিছিল। যাৰ জৰিয়তে তেখেতে অসমৰ সকলো শ্ৰেণীৰ মানুহকে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে স্বদেশী অনুভূতি গ্ৰহণ আৰু সম্প্ৰসাৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।
১৯২৬ চনত দ্বিতীয়বাৰৰ বাবে গান্ধী অসমলৈ আহিছিল। তেখেতৰ এই অসম ভ্ৰমণৰ মূল উদ্দেশ্য আছিল গৌহাটীৰ পাণ্ডুত অনুষ্ঠিত হোৱা ৪১ সংখ্যক ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰা। লক্ষণীয় যে, প্রাক-স্বাধীনতাৰ পূর্বে অসমত অনুষ্ঠিত হোৱা এইখনেই আছিল একমাত্ৰ আৰু প্রথম কংগ্রেছৰ অধিৱেশন৷ এই অধিৱেশনলৈ গান্ধী আহিছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন গুৰুত্বপূৰ্ণ প্ৰতিনিধি হিচাপে।

কংগ্ৰেছৰ প্ৰতিনিধিসকলে সেই কংগ্ৰেছ অধিৱেশনথলী সজাবলৈ ১০ হাজাৰ গজ খাদী কাপোৰ সংগ্ৰহ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। আচলতে এই কামৰ দ্বাৰা তেওঁলোকে স্বদেশী আন্দোলনৰ ওপৰত গান্ধীৰ মতামত আৰু কাৰ্যকলাপক বহু দূৰলৈকে সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা কৰিছিল।
হৰিজন সেৱা সংঘৰ সভাত অংশগ্ৰহণ কৰিবলৈ গান্ধীয়ে পুনৰ ১৯৩৪ চনত, এপ্ৰিল মাহত অসম ভ্ৰমণ কৰিছিল। ১০ এপ্ৰিলত গান্ধীয়ে অসমত উপস্থিত হয়, ১১ এপ্ৰিল অৰ্থাৎ অসমত উপস্থিত হোৱা এদিন পাছত অসমৰ ধুবুৰী জিলাৰ ৰূপশ্ৰীত এখন সভাত তেখেতে ভাষণ দিয়ে। সেই সভাত তেখেতে ৰাইজক তেওঁলোকৰ মন আৰু মগজুৰ পৰা অস্পৃশ্যতা নিৰ্মূল কৰিবলৈ আহ্বান জনাইছিল।
সমাৱেশত উপস্থিত থকা ৰাইজক লক্ষ্য কৰি তেওঁ কৈছিল যে অতি দীঘলীয়া সময়ৰ পিছত পুনৰ অসমত উপস্থিত হৈ আনন্দিত হৈছো। এইবাৰ মোৰ অভিযান হৰিজন আন্দোলনৰ সৈতে জড়িত। কোৱা হয় যে অসম আৰু বংগত অস্পৃশ্যতা ইমান বেছি নাই। যিটো মই নিজে প্ৰত্যক্ষ কৰি ইয়াৰ বিৰুদ্ধে এক জনজাগৰণ আনিব বিচাৰোঁ।
উল্লেখ্য, এই তৃতীয় ভ্ৰমণত গান্ধীয়ে গৌৰীপুৰ, বাংসবাৰী, চাপ্ৰকাটা, সৰভোগ, হাউলী আৰু সৰুপেটালৈও গৈছিল। সেই ঠাইবোৰত সেইদিনা গান্ধীয়ে কিছুমান গুৰুত্বপূৰ্ণ ৰাজহুৱা সভাত অংশ লৈছিল, য’ত তেখেতে জনসাধাৰণক তেওঁলোকৰ মনৰ পৰা অস্পৃশ্যতাৰ অনুভূতি আঁতৰাবলৈ আহ্বান জনাইছিল।
ইয়াৰ পৰা তেখেতে গোৰেশ্বৰ টংলা, ওদালগুৰি, বিন্দুকুৰি, ৰঙাপাৰা আৰু তেজপুৰলৈ যায়। ১৩ এপ্ৰিলত তেখেত তেজপুৰৰ পৰা ষ্টীমাৰেৰে গৌহাটী পায়গৈ। গৌহাটীত গান্ধীয়ে এখন সেৱা আশ্ৰম উদ্বোধন কৰে। লগতে তেখেতে গৌহাটীৰ এটা কুষ্ঠ আশ্ৰয় শিবিৰ আৰু হৰিজনসকল থকা ঠাইবোৰ পৰিদৰ্শন কৰে। যিদিনা তেখেতে অংশ লৈছিল সেইদিনা অসমৰ মাৰোৱাৰী ৰাইজে এখন সভা আয়োজন কৰিছিল।
ইয়াৰ পিছত তেখেত ক্ষেত্ৰী, চাপৰমুখ, নগাঁও আৰু ফৰকাটিংলৈ যায়। তাৰ পাছত তেখেতে গোলাঘাট, দেৰগাঁও আৰু যোৰহাটলৈ গৈয়ো কিছু ৰাজহুৱা সভাত অংশ লয়। এই তৃতীয় অসম ভ্ৰমণৰ জৰিয়তে গান্ধীয়ে বিশেষকৈ অসমৰ চুকে-কোনে থকা হৰিজনসকলৰ সামাজিক স্থান উন্নীত কৰাৰ বাৰ্তা গ্ৰহণ আৰু সম্প্ৰসাৰণ কৰিবলৈ যত্ন কৰিছিল।

অসমত থাকি দুসপ্তাহৰ ভিতৰতে গান্ধীয়ে অসমৰ হৰিজনসকললৈ প্ৰায় ১৭ হাজাৰ টকা সংগ্ৰহ কৰিলে। অৱশেষত তেখেতৰ এই মহান অভিযানৰ ভ্ৰমণসূচী সমাপ্ত কৰি অসমৰ পৰা নিজৰ গৃহভূমিলৈ উভতি যায়।
১৯৪৬ চনত গান্ধীয়ে শেষবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। বংগৰ পৰা ব্ৰহ্মপুত্ৰ হৈ ষ্টীমাৰেৰে আহিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশৰ একাংশ বিশিষ্ট নেতা লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, সিদ্ধাৰ্থ শৰ্মা আদিয়ে ব্ৰহ্মপুত্ৰৰ ভৰলুমুখ নদী বন্দৰৰ পৰা গান্ধীক আগবঢ়াই আনে। এই শেষ ভ্ৰমণত তেখেতে কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় সোঁৱৰণী ন্যাসৰ অসম শাখা উদ্বোধন কৰে।
এই ট্ৰাষ্টৰ অধীনত গ্ৰাম সেৱিকা বিদ্যালয় নামেৰে ইয়াৰ এটি শাখা অসমত আৰম্ভ কৰা হয়। এই শাখা পৰিচালনাৰ দায়িত্ব গান্ধীয়ে অমল প্ৰভা দাসক দিছিল। এই চতুৰ্থ ভ্ৰমণত গুৱাহাটীৰ শৰণীয়া নামেৰে জনাজাত এটি সৰু পাহাৰত গান্ধী আছিল। এই পাহাৰৰ মালিক আছিল অমল প্ৰভা দাসৰ পিতৃ ডাঃ হৰেকৃষ্ণ দাস। তেখেত আছিল গান্ধীৰ এজন বিশ্বাসযোগ্য অনুগামী।
উল্লেখ্য যে, গান্ধী যেতিয়া শৰণীয়াত আছিল তেতিয়া হঠাতে কিছুমান দুখীয়া মানুহে গান্ধীক লগ পাবলৈ আৰু তেওঁলোকৰ সমস্যাৰ বিষয়ে কথা পাতিবলৈ পাহাৰটো ঘেৰি ধৰিলে। গান্ধীৰ পৰামৰ্শত হৰেকৃষ্ণ দাস, গোপীনাথ বৰদলৈ, ভুৱনেশ্বৰ বৰুৱা আদি জাতীয় কংগ্ৰেছৰ নেতাসকলে সেইসকল লোকক লগ কৰি তেওঁলোকৰ কথা শুনিবলৈ সাময়িকভাৱে সৰু জুপুৰি এটা তেখেতৰ বাবে নিৰ্মাণ কৰিলে।

পিছত গান্ধীয়ে শেষবাৰৰ বাবে থকা ড° হৰেকৃষ্ণ দাস আৰু তেওঁৰ পৰিয়ালে এই পাহাৰটো গ্ৰাম সেৱিকা বিদ্যালয়লৈ দান কৰে। এয়াই আছিল গান্ধীৰ চতুৰ্থ তথা শেষ ঐতিহাসিক অসম ভ্ৰমণ।
এতেকে, ১৯২১ চনৰ পৰা ১৯৪৬ চনৰ ভিতৰত গান্ধীৰ এই চাৰিটা ঐতিহাসিক অসম ভ্ৰমণে অসমৰ সৰ্বসাধাৰণৰ মাজত স্বদেশী বাৰ্তা সম্প্ৰসাৰণ কৰাৰ লগতে হৰিজনসকলৰৰ আৰ্থ-সামাজিক মৰ্যাদা উন্নীত তথা সমাজৰ পৰা অস্পৃশ্যতা দূৰ কৰিবলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ইয়াৰ লগতে প্ৰতিজন অসমীয়াৰ হৃদয়ত জাতীয়তাবাদী অনুভূতিক প্ৰবলৰূপত জাগ্ৰত কৰি ঔপনিৱেশিক শাসন আৰু শোষকসকলৰ বিৰুদ্ধে অসমবাসী ৰাইজক একতিত্ব হবলৈ অনুপ্ৰাণিত কৰিছিল। গতিকে, ঐতিহাসিক দৃষ্টিভংগীয়ে চাবলৈ গ’লে, গান্ধীৰ এই চাৰিটা ঐতিহাসিক অসম ভ্ৰমণৰ গুৰুত্ব আৰু তাৎপৰ্যই অসমৰ আধুনিক ইতিহাসত এক সোণালী অধ্যায় হিচাপে সদায় জিলিকি থাকিব।
(লেখক হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় ইতিহাস বিভাগৰ অধ্যাপক। ফোন : ৯৯৫৪০-০০২০০)
Images collected from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)