• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

গান্ধী আছিল আধুনিক ভাৰতৰ পৰিবেশ আন্দোলনৰো বাটকটীয়া..

গৌতম শৰ্মা

by Anjan Sarma
October 2, 2023
in Special Report, Climate Change, Environment, Nature
Reading Time: 4 mins read
0
গান্ধী আছিল আধুনিক ভাৰতৰ পৰিবেশ আন্দোলনৰো বাটকটীয়া..
Share on FacebookShare on TwitterShare on LinkedIn

মহাত্মা গান্ধী

গৌতম শৰ্মা

FB IMG 1681657865438
গৌতম শৰ্মা

আধুনিক ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে মহাত্মা গান্ধীৰ মূল্যায়ণ প্ৰবলভাবে বৃদ্ধি পাইছে, সঁচাকৈ এয়া সমগ্ৰ ভাৰতবর্ষৰ কাৰণেই সুখবৰ ।

বহুমুখী প্ৰতিভাৰ গৰাকী গান্ধীজীৰ কর্ম আৰু প্ৰেৰণা দুয়োটাই বৃহৎ প্ৰশংসাৰ উর্ধ্বত । গান্ধীজীৰ কর্মই সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ প্ৰতীক ।

 ইংৰাজ সাম্ৰাজ্যৰ কঠোৰ ঔপনিৱেশিক শাসনৰ তলত তেখেতে অসীম কষ্ট, ত্যাগ স্বীকাৰ কৰি বিশ্ববাসীৰ মাজত যি অহিংসাৰ বাণী বিলাবলৈ সক্ষম হৈছিল ইয়াৰ দ্ধাৰাই সকলোৰে হৃদয়ত তেখেতে এখন উচ্চ আসন পাইছিল।

যিজন ব্যক্তিয়ে কেৱল সর্বসাধাৰণৰ বাবেই নিজৰ জীৱনৰ সকলো ভোগ, বিলাস ত্যাগ কৰি এক সহজ-সৰল জীৱন কটাই সকলোৰে আগত আদর্শৰ মহান চানেকী হিচাপে থিয় দিছিল। গান্ধী আছিল ভৱিষ্যত ভাৰত গঢ়াৰ এজন সুন্দৰ খনিকৰ। এজন প্ৰকৃতি তথা পৰিৱেশবিদ হিচাপেও তেখেত আছিল সমগ্ৰ দেশৰ পৰিৱেশ আৰু প্ৰকৃতি সুৰক্ষা আন্দোলনৰে এজন সাহসী আৰু সফল বাটকটীয়া।

এক কথাত, গান্ধী আছিল আধুনিক ভাৰতবৰ্ষৰ প্ৰকৃতি সুৰক্ষা আন্দোলনৰ পিতৃপুৰুষ।  ইংৰাজ ঔপনিৱেশিক সাম্ৰাজ্যৰ অন্তর্গত ভাৰতবর্ষক স্বাধীন কৰিবৰ হেতু গান্ধীয়ে যিবোৰ প্ৰচেষ্টা হাতত লৈছিল, লগতে নিজৰ জীৱনযাত্ৰাক যিবোৰ কৰ্ম-আদর্শৰে পৰিচালিত কৰাইছিল সেই কর্ম আৰু আদর্শৰ বুকুত গান্ধীৰ প্ৰকৃতি আৰু পৰিৱেশ সজাগতাৰ ছবিখন স্পষ্টকৈ প্ৰতিফলিত হৈছিল।

উক্ত লিখনিৰ জৰিয়তে আমি গান্ধীয়ে বিচৰা সেউজ পৃথিৱীখনৰ বিষয়ে  আলোকপাত কৰাৰ লগতে এজন পৰিৱেশবিদ হিচাপেও আমি তেখেতক মূল্যায়ণ কৰিবলৈ কিছু প্ৰয়াস কৰিছোঁ। এইক্ষেত্ৰত  গান্ধীজীৰ দৈনন্দিন কর্মসমূহৰ লগতে স্বাধীনতা সংগ্ৰামৰ বিভিন্নটা সংগ্ৰাম তথা প্ৰয়াসৰ সফল ৰূপায়ন আৰু পৰিৱেশ আৰু প্ৰকৃতি সুৰক্ষা তথা সজাগতাৰ ওপৰত তেখেতে লিখা আৰু কোৱা বিভিন্ন প্ৰবন্ধ আৰু বক্তব্যই আমাক যথেষ্ট সহায় কৰিছে ।

অহিংসা আছিল মহা মানৱ মহাত্মা গান্ধীৰ ব্যক্তিত্ব আৰু কর্মৰ  এপাত শক্তিশালী অস্ত্ৰ। যিপাত অস্ত্ৰ ব্যৱহাৰ কৰি গান্ধীয়ে ক্ৰমশঃ বাঢ়ি অহা সমগ্ৰ ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বট বৃক্ষজোপাক প্ৰবলভাবে জোকাৰি পেলাইছিল। তেখতৰ অহিংসা আন্দোলনৰ মূল বাণীবোৰেই আছিল সার্বজনীন, মানৱীয় তথা অতি প্ৰাসংগিক। এই অহিংসা আন্দোলনৰ বুকুতেই উহ্য আছিল এজন পৰিৱেশ আৰু প্ৰকৃতিবিদ হিচাপে গান্ধীৰ প্ৰথম পৰিচয়। 

গান্ধী আছিল আধুনিক ভাৰতৰ পৰিবেশ আন্দোলনৰো বাটকটীয়া..
মহাত্মা গান্ধী

 গান্ধীজীয়ে দৃঢ়তাৰে মন্তব্য কৰিছিল যে, আমি আমাৰ পাৰিপাৰ্শ্বিকতাৰ তথা চৌপাশৰ একো ক্ষতি নকৰাকৈ আমাৰ জীৱনৰ দৈনন্দিন কাম-কাজসমূহ আগবঢ়াই নিয়া প্ৰয়োজন। আমি আমাৰ কৰ্মই আমাৰ চৌপাশৰ প্ৰকৃতিৰ বিভিন্ন উপাদান যেনে- বায়ু, পানী, মাটি, উদ্ভিদকূলৰ লগতে প্ৰাণীকূলৰো একো ক্ষতিসাধন কৰা অনুচিত। এই সকলোবোৰৰ প্ৰতি এক অহিংস নীতি লোৱাটো সদায় প্ৰয়োজন।

গান্ধীয়ে প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা আৰু উন্নয়নতো (Sustainable Development) সদায় গুৰুত্ব আৰোপ কৰিছিল। অন্যহাতেদি গান্ধীৰ দৈনন্দিন জীৱনৰ কর্মৰাজিটো বহুতো স্বচ্ছতা আৰু পৰিৱেশ সুৰক্ষাৰ ছবিখন আমাৰ দৃষ্টিগোচৰ হয়। উদাহৰণস্বৰূপে, প্ৰতিদিনৰ দিনলিপিত নিজৰ ব্যৱহাৰৰ বাবে তেখেতে যিখিনি সামগ্ৰী ব্যয় কৰিছিল সেই ব্যয়ৰ তালিকাখন খুবেই স্পষ্ট আছিল।

গান্ধীৰ পোচাক-পৰিচ্ছদৰ লগতে খাদ্য সম্ভাৰৰ তালিকাখনো খুবেই মিতব্যয়ী আছিল। তেখেতে যেতিয়া কাৰোবালৈ চিঠি-পত্ৰ প্ৰেৰণ কৰিছিল তেতিয়া প্ৰায় তেখেতে এবাৰ অথাৎ এপিঠি ব্যৱহাৰ হোৱা কাগজৰ আনটো পিঠিকহে পুনৰ ব্যৱহাৰ কৰিছিল।

আনকি যেতিয়া তেখেতে স্নান কৰিছিল তেতিয়াও তেখেতে যিমানখিনি পানী স্নানৰ বাবে প্ৰয়োজন সিমানখিনিহে সবৰমতী নদীৰ পৰা আনি ব্যয় কৰিছিল। গান্ধীয়ে সদায় নিজৰ লগত তেওঁ প্ৰতিষ্ঠা কৰা সবৰমতী আশ্ৰমৰ প্ৰশ্ৰাৱগাৰ, শৌচাগাৰ আদিবোৰ নিজেই পৰিস্কাৰ কৰি ৰাখিছিল।

দ্ধিতীয়তে, গান্ধীজীৰ তত্বাবধানত পৰিচালিত হোৱা অসহযোগ, আইন অমান্য, ভাৰত ত্যাগ আদি আন্দোলবোৰৰ মূল লক্ষ্য আছিল পৰাধীন ভাৰতক স্বতন্ত্ৰতা প্ৰদান কৰোৱা। কিন্তু এই আন্দোলনবোৰক সফল কৰিবলৈ যাওঁতে তেখেতে যিবোৰ কার্যপন্থা হাতত লৈছিল সেইবোৰ আছিল সদায় অহিংস আৰু পাৰিপাৰ্শ্বিকতাক সুস্থ-সবল কৰি ৰখোৱাৰ একো একোটা প্ৰবল প্ৰয়াস।

অহিংস আন্দোলনৰ কার্যপন্থাবোৰত অন্তর্ভুক্ত স্বদেশী আন্দোলন তথা বৃটিছ উদ্যোগ উৎপাদিত সামগ্ৰীকসমূহক প্ৰত্যাহ্বান জনাই ঘৰুৱা সৰু-সৰু শিল্পদ্যোগসমূহক পুনৰোজ্জীৱিত কৰাৰ প্ৰয়াসবোৰে ঔপনিৱেশিক শাসনকালত সৃষ্টি হোৱা ৰাজনৈতিক আৰু অর্থনৈতিক সংগ্ৰামবোৰৰ লগতে এক প্ৰবল সেউজ পৃথিৱী ৰক্ষাৰ সংগ্ৰামকো প্ৰতিনিধিত্ব কৰিছিল।

হস্তশিল্পৰ লগতে সমসাময়িক ভাৰতৰ থলুৱা উদ্যোগবোৰক জীয়াই তুলি বিদেশী শাসনৰ বিৰুদ্ধ এক অর্থনৈতিক প্ৰত্যাহ্বান সৃষ্টি কৰি ভাৰতস্থ বৃটিছ শোষক তথা শাসকসকলৰ একপক্ষীয় ক্ষমতাক মূলতঃ ওফৰাই পেলাবৰ উদ্দেশ্যেই গান্ধী আৰু তেখেতৰ অনুগামীসকলে বিভিন্ন কার্য হাতত লৈছিল। 

গান্ধী আছিল আধুনিক ভাৰতৰ পৰিবেশ আন্দোলনৰো বাটকটীয়া..
দান্ডি যাত্ৰা

এই অভিযানবোৰকসফল কৰিবৰ বাবেই ১৯৩০ চনৰ ১২ মার্চৰ দিনা গান্ধীয়ে নিজে প্ৰতিষ্ঠা কৰা আহমেদাবাদৰ সবৰমতী অশ্ৰমৰ পৰা ৭৮ জন সহকর্মীৰ সৈতে আৰৱ সাগৰৰ পাৰত অৱস্থিত দাণ্ডি নামৰ চহৰখনলৈ খোজেৰে যাত্ৰা আৰম্ভ কৰি ২৪ দিনত প্ৰায় ২৪১ মাইল পথ অতিক্ৰম কৰি গান্ধীয়ে ৬ এপ্ৰিলৰ দিনা দাণ্ডিত উপস্থিত হৈ সাগৰৰ পানী পগাই লোণ তৈয়াৰ কৰি এই ব্যৱসায়ত চৰকাৰৰ একচেটিয়া অধিকাৰ খর্ব কৰি লোণ আইন ভংগ কৰিছিল।

তদুপৰি পৰিৱেশ আৰু প্ৰকৃতিলৈ প্রতিকূলতা অনা যন্ত্ৰসৰ্বস্ব উৎপাদন ব্যৱস্থাৰ পৰা বিৰত থাকি তেখেতে নিজেই যঁতৰত সুতা কাটি নিজেই নিজৰ বস্ত্ৰ তৈয়াৰ কৰি লৈছিল লগতে সমগ্ৰ ভাৰতবর্ষৰ শিপিনীসকলক স্বাৱলম্বী হ’বলৈও অনুপ্ৰেৰণা যোগাই খাদী উদ্যোগক জনপ্রিয় কৰি তুলিছিল। এইখিনিতে এটা কথা উল্লেখনীয় যে, সমসাময়িক অসমৰ শিপিনীসকলক মহাত্মা গান্ধীয়ে তেখেতৰ অসম ভ্ৰমণ কালত ভুয়সী প্ৰশংসা কৰি গৈছে।

তেখেতৰ অনুপ্ৰেৰণাতেই তেখেতে স্থাপন কৰা আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা আৰম্ভ হোৱা এই অভিযানে অচিৰেই সমগ্ৰ ভাৰতবর্ষতে বিয়পি পৰিছিল আৰু সেইবাবেই এদিন গান্ধীৰ প্ৰিয় চহৰ আৰু কর্মথলী আহমেদাবাদে ভাৰতবর্ষৰ মানচেষ্টাৰ ৰূপে সমগ্ৰ বিশ্বতে উজ্বলি উঠিবলৈ সক্ষম হৈছিল। 

খাদী উদ্যোগৰ লগতে গান্ধীজীৰ মতামত সেউজ পৃথিৱীখনক কলুষিত কৰিব পৰা আধুনিক ঔদ্যোগীকৰণৰ প্ৰতিও স্পষ্ট আছিল। গান্ধীৰ মত বৃহৎ উদ্যোগৰ সপক্ষে নাছিল।

তেখেতৰ ‘হিন্দ স্বৰাজ’ গ্ৰন্থখনিত এই বিষয়ত এক দৃঢ় মত আমাৰ দৃষ্টিগোচৰ হয়। গান্ধীজীয়ে ব্ৰিটিছ সাম্ৰাজ্যৰ দ্ধাৰা প্ৰৱর্তিত আৰু পৰিচালিত বৃহৎ-বৃহৎ উদ্যোগবোৰৰ পৰা নিজৰ দৃষ্টি আঁতৰাই আনি সর্বসাধাৰণৰ উন্নতি আৰু এটি পৰিৱেশৰ অনুকূল বাতাবৰণ গঢ়াৰ কল্পে ক্ষুদ্ৰ-ক্ষুদ্ৰ ভাৰতীয় তথা ইয়াৰ স্থানীয় উদ্যোগবোৰত আৰু ইয়াৰ উৎপাদিত থলুৱা সামগ্ৰীবোৰৰ ওপৰত বিশেষভাবে গুৰুত্ব আৰোপ কৰিছিল।

গান্ধীজীয়ে গ্ৰাম স্বৰাজ ইয়াৰ স্বচ্ছতাৰ বিষয়ে যথেষ্ট গুৰুত্ব দিছিল৷ অৰ্থনৈতিকভাৱে কেনেদৰে এখন গাঁও স্বাৱলম্বী কৰি প্ৰতিজন লোকে কিদৰে প্ৰগতিৰ সোপানত আৰোহণ কৰিব পাৰে এই দিশৰ প্ৰতি তেখেতে অধিক গুৰুত্ব প্ৰদান কৰিছিল। গান্ধীজীয়ে সঠিকভাবে ভাবিছিল যে, সর্বসাধাৰণৰ তথা সামূহিকভাবে দেশৰ উন্নতি গ্ৰাম স্বৰাজ তথা গাঁওবোৰৰ উন্নতিয়েহে আনিব পাৰিব, পুঁজপতি তথা বৃহৎ-বৃহৎ উদ্যোগবোৰে নোৱাৰে। 

গান্ধী আছিল আধুনিক ভাৰতৰ পৰিবেশ আন্দোলনৰো বাটকটীয়া..

মুঠৰওপৰত, গান্ধীয়ে যন্ত্ৰৰপৰা আঁতৰত অৱস্থান কৰা এক সহজ সৰল গ্ৰাম্য জীৱনৰ পোষকতা কৰিছিল; য’ত স্বচ্ছতা আৰু পৰিৱেশ সজাগতাই প্ৰথম আৰু প্ৰধান গুৰুত্ব পাইছিল। গান্ধীৰ মতে, “The blood of the villages is the cement with which the edifice of cities is built.” 

দেশৰ অর্থনেতিক বিকাশৰ বাবে তেখেতে গাঁৱসমূহৰ বিকাশ কৰাৰ কথা সঘনাই উল্লেখ কৰিছিল । ১৯৩৭ চনত গান্ধীয়ে ৱার্দ্ধালৈ গৈ গ্ৰাম্য জীৱনক পুনৰ সংগঠনত বিশেষভাবে গুৰুত্ব আৰোপ কৰিছিল । এই উদ্দেশ্য আগত ৰাখি তেখেতে তেখেতৰ ‘হৰিজন’ আলোচনীত কেইবাটাও প্ৰৱন্ধ লিখি তেখেতৰ মনৰ ভাবসমূহ ব্যক্ত কৰিছিল।

গান্ধীজীৰ মতে, গাঁৱসমূহত যথোপযুক্ত পোহৰ আৰু বতাহ সোমাব পৰা কুটীৰ থকা প্ৰয়োজন; এই কুটীৰবিলাক নির্মাণ কৰিবলৈ প্ৰয়োজন হোৱা কেচা সামগ্ৰীবোৰ প্ৰতিখন গাঁৱৰে পাঁচ কিলোমিটাৰ ব্যাসার্ধৰ পৰা আনিব লাগিব। কুটীৰবোৰত শাক-পাঁচলিৰ বাৰী আৰু গৰু-গাই বান্ধিবৰ বাবে ঠাই থাকিব। গাঁৱৰ ৰাস্তা-পদূলি লেতেৰা জাবৰ জোঁথৰৰ পৰা মুক্ত হ’ব।

সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ নাদ থাকিব। লগতে ইয়াত থাকিব সকলোৰে বাবে প্ৰার্থনাগৃহ, এক সমূহীয়া সভাগৃহ, গৰু-গাই চৰাবলৈ এখন সমূহীয়া ঘাঁহনি পথাৰ, সমবায়, দুগ্ধ পাম, বৃত্তিমূলক শিক্ষা দিবলৈ প্ৰাথমিক আৰু উচ্চ বিদ্যালয় আৰু গাঁও পঞ্চায়ত। এইবোৰ ব্যৱস্থাৰ দ্ধাৰাই প্ৰতিখন গাঁৱে নিজৰ শাক-পাঁচলি, ফল-মূল, নিজৰ বস্ত্ৰ উত্‍পাদন কৰি চৌপাশৰ পৰিৱেশকো সেউজ কৰি ৰাখিব।

গান্ধীজীয়ে মাটিৰ উর্বৰতা শক্তিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। জীৱনৰ শেষৰ ফালে গান্ধীয়ে কৃষিৰ দ্ৰুত যান্ত্ৰিকীকৰণৰ সমর্থকসকলৰ প্ৰতি এক উচিত সাবধানবাণী শুণাইছিল। কম মাটিত অধিক উত্‍পাদনৰ আশাত কৃত্ৰিম সাৰ প্ৰয়োগ কৰিলে মাটিৰ উর্বৰতা শক্তি লাহে-লাহে সমূলি ধ্বংস হ’ব বুলি তেখেতে তেতিয়াই মতপোষণ কৰিছিল। যি কথাক আধুনিক কৃষি বিজ্ঞানেও স্পষ্টভাৱে সঁচা বুলি প্ৰমাণ কৰিছে।

গান্ধী জৈৱ সাৰৰ (অ’ৰগেনিক মেনাৰ) সমর্থক আছিল। তেখেতৰ মতে, এই সাৰে মাটি উর্বৰ কৰি পেলনীয়া সামগ্ৰীৰ প্ৰতিক্ৰিয়াক ধ্বংস কৰি গাঁৱৰ স্বাস্থ্য উন্নত কৰে, বৈদেশিক বিনিময় ৰক্ষা কৰি শস্য উৎপাদনত সহায় কৰে। এই ব্যৱস্থাবোৰে আধুনিক ৰাসায়নিক প্ৰযুক্তিয়ে অনা পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ উৎসবোৰক প্ৰতিহত কৰি ৰাখে।

গান্ধী আছিল আধুনিক ভাৰতৰ পৰিবেশ আন্দোলনৰো বাটকটীয়া..

গুজৰাটি ভাষাত ১৯০৯ চনত সম্পূর্ণ হোৱা তেখেতৰ ‘হিন্দ স্বৰাজ’ গ্ৰন্থখনিত গান্ধীয়ে পাশ্চাত্য সভ্যতা আৰু সাম্ৰাজ্যবাদী শক্তিবোৰক বহু সমালোচনা কৰিছে। গ্ৰন্থখনিৰ জৰিয়তে তেখেতে প্ৰাক-ঔপনিৱেশিক আৰু প্ৰাক-ঔদ্যোগিক অতীত সমাজৰ এখন প্ৰতিচ্ছবি দাঙি ধৰিছে। গ্ৰামাঞ্চলত নিজ ব্যৱহার্য বস্তসম্ভাৰ উৎপাদন কৰি তাক এক জাতীয় ব্যৱস্থালৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ হিন্দ স্বৰাজ গ্ৰন্থত আছিল।

ইউৰোপৰ শিল্পবিপ্লৱে প্ৰাকৃতিক পৰিৱেশ তথা সেউজ পৃথিৱীখনলৈ যি প্ৰত্যাহ্বান আনিছিল সেই সম্পর্কে গান্ধী সজাগ আছিল। সেইবাবেই হয়তো তেখেতৰ মত পুঁজিপতি তথা বৃহৎ উদ্যোগবোৰৰ বিপক্ষে আছিল আৰু লগতে পৰিৱেশক সদা সুস্থ কৰি ৰাখিব পৰা গ্ৰাম্য সমাজখনৰ ওপৰতেই তেখেতে বিশেষভাবে গুৰুত্ব আৰোপ কৰিছিল। গান্ধীৰ দৃষ্টিত গাঁৱসমূহ স্বাৱলম্বী হ’লেই গ্ৰাম্য স্বৰাজ প্ৰতিষ্ঠা হ’ব।

গান্ধীয়ে কৈছিল, “ভাৰতীয় সভ্যতাই পশ্চিমীয়া সভ্যতাৰে প্ৰভাৱিত চহৰ নতুবা গাঁও যিকোনো এটা বাচি ল’ব লাগিব।” সেইবাবেই হয়তো তেখেতে পশ্চিমীয়া সংস্কৃতিক বহু পৰিমাণে অনুকৰণ কৰিও গ্ৰাম স্বৰাজক সমৃদ্ধি কৰাত মনোনিৱেশ কৰি গাঁৱৰ ৰাইজৰ উন্নতিৰ লগতে ইয়াৰ উন্নয়নৰ সৈতে পৰিৱেশৰ ভাৰসাম্যতাকো ৰক্ষা কৰিব বিচাৰিছিল। 

আধুনিক সভ্যতাক তেখেতে কেৱল নামমাত্ৰ সভ্যতা (A civilization in name) বুলি বিদ্ৰুপ কৰিছিল। তেওঁৰ মতে, আধুনিক সভ্যতাই উৎপাদন বৃদ্ধি কৰিলেও ই মানৱ সমাজলৈ আলস্য আনে। সুখ-সমৃদ্ধিত উপনীত হ’বলৈ যাওঁতেই মানুহে অপৰিস্কাৰ আৰু অস্বাস্থ্যকৰ প্ৰতিযোগিতাত লিপ্ত হয়। ইয়াৰ ফলত মানুহৰ মাজত ৰোগ, দৰিদ্ৰতা, দুর্যোগ, যুদ্ধ আদিৰ সৃষ্টি হয়।

নিজৰ সন্তুষ্টিতেই মানুহ বন্দি হয় আৰু সৃষ্টি হয় সমাজত বৈষম্য শোষণ আৰু প্ৰতিহিংসা। গান্ধীৰ মতে, যন্ত্ৰই শ্ৰমৰ যি উত্‍পাদনশীলতা থাকে তাক বৃদ্ধি কৰিলেও মানুহৰ উপভোগৰ স্পৃহা ক্ৰমাৎ বঢ়াই তোলে। যন্ত্ৰই মানৱ সমাজক সন্তুষ্টি দিয়াৰ পৰিৱর্তে ঔদ্যোগিক চহৰবিলাকলৈ শোষণ আৰু নানা ধৰণৰ ৰোগ, পৰিৱেশৰ বৃহৎ প্ৰদূষণকহে কঢ়িয়াই আনি নিবনুৱা সমস্যাৰ সৃষ্টিৰ ক্ষেত্ৰতো বলিষ্ঠ ভূমিকা লয়।

গান্ধীজীয়ে তেওঁৰ সৃষ্টিত পশ্চিমীয়া সাম্ৰাজ্যবাদকো ঘোৰ সমালোচনা কৰিছিল। তেখেতৰ ‘ইয়ং ইণ্ডিয়া’ কাকতখনত এবাৰ লিখিছিল, “সাম্ৰাজ্যবাদ তথা পাশ্চাত্যধৰণে বিশেষকৈ ইংলেণ্ডৰ দৰে দেশৰ অর্থনৈতিক শোষণে কাকতি ফৰিঙে শস্য পথাৰবোৰ নষ্ট কৰাৰ দৰে সমগ্ৰ বিশ্ব খনকেই এদিন ধ্বংস কৰিব।” কিয়নো গান্ধীজী সদায় ব্ৰিটিছ ঔপনিবেশিকতাবাদৰ অর্থনৈতিক শোষণ আৰু সেউজীয়া প্ৰকৃতি শোষণৰ বিৰুদ্ধ সচেতন আৰু সদা জাগ্ৰত প্ৰহৰী আছিল।

গান্ধী আছিল আধুনিক ভাৰতৰ পৰিবেশ আন্দোলনৰো বাটকটীয়া..
গান্ধী আছিল পৰিৱেশ ৰক্ষাকাৰী নেতাও (Photo by Matthias Cooper on Pexels.com)

 সেইবাবেই হয়তো গান্ধীয়ে ভাৰতবর্ষখন বৃহৎ-বৃহৎ উদ্যোগেৰে চহকী হৈ ব্ৰিটিছ ঔপনিৱেশিক শক্তিৰ দৰে শক্তিশালী হ’ব নালাগে বুলি মতপোষণ কৰিছিল। 

গান্ধীৰ ভাষাত, “ইংলেণ্ডৰ দৰে এখন সৰু দেশে সমগ্ৰ বিশ্বতে সূর্য অস্ত নোযোৱা এখন সাম্ৰাজ্য গঢ়ি তুলিবলৈ সক্ষম হৈছে। যদি ইংলেণ্ডৰ দৰে ভাৰতেও ভৱিষ্যতে এনে এক শক্তিত পৰিণত হয় তেন্তে গোটেই পৃথিৱীখনেই ভাৰত সাম্ৰাজ্যবাদী শক্তিৰ পদানত হ’ব।” প্ৰধানতঃ এয়া গান্ধীৰ এক অদ্ভূত তথা অবাস্তৱ শংকা আছিল যদিও অসম্ভৱো নাছিল বুলি ভবাৰ যথেষ্টখিনি থল আছে।

কাৰণ, একালত ইউৰোপৰ ঔপনিৱেশিক শক্তি সমূহৰদ্ধাৰা শাসিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বর্তমানৰ সীমাহীন শক্তি আৰু সাম্ৰাজ্যবাদী স্পৃহাদিৰ খবৰবোৰ তেখেতৰ অজ্ঞাত নাছিল।

সি যি নহওঁক, উক্ত চেতনা আৰু চিন্তাই গান্ধীয়ে ভৱিষ্যত ভাৰতৰ সপোন ৰচিবলৈ সক্ষম হৈছিল আৰু পশ্চিমীয়া উদ্যোগপ্ৰধান সাম্ৰাজ্যবাদী শক্তিবোৰৰ বিৰুদ্ধে আর্থ-ৰাজনৈতিক সংগ্ৰামৰ নেতৃত্ব দি সমসাময়িক ভাৰতৰ পৰিৱেশ তথা প্ৰকৃতিক প্ৰবল এক শোষণৰ কবলৰ পৰা প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োভাৱেই ৰক্ষা কৰিবলৈ বহুসময়ত প্ৰয়াস কৰিছিল।

সেইবাবেই হয়তো গান্ধী আজি ভাৰতবৰ্ষৰ অলেখ পৰিৱেশ তথা প্ৰকৃতি সুৰক্ষা সংগ্ৰামৰ পিতৃপুৰুষ হিচাপে জিলিকি আছে। গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ স্বাধীনতাৰ পৰৱর্তী সময়ত বহুতো প্ৰকৃতিপ্ৰেমীয়ে সম্পূর্ণ অহিংস পদ্ধতিৰে পৰিৱেশ-প্ৰকৃতি ৰক্ষাৰ যুঁজত নিজকে আত্মনিয়োগ কৰা পৰিলক্ষিত হৈছে।

ভাৰতৰ ঐতিহাসিক প্ৰকৃতি ৰক্ষাৰ দুটা প্ৰধান আন্দোলন ক্ৰমে চিপকো আৰু নর্মদা বচাও আন্দোলনৰ নেতৃবৃন্দই মহাত্মা গান্ধীৰ ওপৰত গভীৰভাৱে নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে আৰু গান্ধীৰ আদর্শৰে উদ্বুদ্ধ হৈ এই প্ৰকৃতি প্ৰেমীসকলে নিজৰ জীৱনৰ সমস্ত সুখক ত্যাগ কৰি প্ৰকৃতি ৰক্ষাৰ যুঁজত নিজকে আত্মনিয়োগ কৰছে। এয়া নিশ্চিতকৈ গান্ধীজীৰ চিন্তা আৰু কর্মৰেই পৰিপক্ক ফচল।

গান্ধীৰ কর্ম, চিন্তা আৰু বক্তব্যবোৰ হৈছে আধুনিক ভাৰতৰ পৰিৱেশ, প্ৰকৃতি তথা সেউজ পৃথিৱীখনক ৰক্ষাৰ হেতু উৎসৰ্গিত একো একোপাট  উৎকৃষ্ট অস্ত্ৰ। তেখেতৰ আধুনিক সভ্যতাৰ দার্শনিক সমালোচনাতো সেউজ পৃথিৱীখনক সুৰক্ষা সম্পর্কীয় বহুবোৰ চিন্তা পোৱা যায়। তেখেতৰ দৃষ্টিত, আধুনিক সভ্যতাৰ প্ৰধান বৈশিষ্ট হ’ল অভাৱৰ সীমাহীন বৃদ্ধি ঘটোৱা।

গান্ধীৰ ভাষাত, “The world has enough for everybody’s need but not enough for everybody’s greed.” সেয়েহে গান্ধীয়ে আধুনিক সভ্যতাৰ অতৃপ্ত কামনাক কঠোৰ সমালোচনা আগবঢ়াই নিজে স্বাৱলম্বী হোৱাৰ এক স্বচ্ছ পথৰ সন্ধান দিবলৈ প্ৰয়াস কৰিছিল। যি পথত নাছিল কোনো সংঘাত, বৈষম্য, প্ৰতিযোগিতা, শোষণ কিম্বা পৰিৱেশ প্ৰদূষণ আৰু প্ৰকৃতি ধ্বংসৰ দৰে কেতবোৰ জ্বলন্ত সমস্যা।

সেইবাবেই আজি আমি গান্ধীক বিনাদ্বিধাই আধুনিক ভাৰতৰ পৰিৱেশ সজাগতা আৰু প্ৰকৃতি সুৰক্ষা আন্দোলনৰ পিতৃপুৰুষ হিচাপেও অভিহিত  কৰিব পাৰোঁ।

(লেখক হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক। ফোন : +৯১৯৯৫৪০-০০২০০)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অহিংসাআইন অমান্যভাৰত ত্যাগমহাত্মা গান্ধী
Anjan Sarma

Anjan Sarma

Related Posts

From Montreal to Guwahati: Assam’s New Cooling Imperative
Climate Change

From Montreal to Guwahati: Assam’s New Cooling Imperative

by PAHARI BARUAH
September 16, 2026
0

From Montreal to Guwahati: Assam’s New Cooling Imperative On World Ozone Day, Assam launches its State Cooling Action Plan as...

Read moreDetails
Ozone Day: Global action for a cooler planet theme reaffirms climate urgency

Ozone Day: Global action for a cooler planet theme reaffirms climate urgency

September 16, 2026
Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?

September 16, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

September 15, 2026
Kunming Dialogue Reviews Progress of GBF

Kunming Dialogue Reviews Progress of GBF

September 14, 2026
The Debt Machine: How Your Future Became the World’s Most Profitable Product

The Debt Machine: How Your Future Became the World’s Most Profitable Product

September 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d