গানৰ দিপালী, প্ৰাণৰ দিপালী (২১ ডিচেম্বৰত দিপালী বৰঠাকুৰৰ স্মৃতি দিৱস উপলক্ষ্যে)
যুগান্ত বায়ন
অসমীয়া গীত আৰু সংস্কৃতিৰ পথাৰখনক জীপাল কৰি তোলা পদ্মশ্ৰী দিপালী বৰঠাকুৰ মাথোন এটা নাম নহয়।
দিপালী বৰঠাকুৰৰ শিল্পী সত্ত্বা এক বৰ্ণিল সত্ত্বা। যি সত্ত্বাক সাৰথি কৰি অসমৰ সংগীত জগতত এক সুমধুৰ যুগৰ সৃষ্টি হৈছিল।
সেয়েহে সু-সাহিত্যিক, গীতিকাৰ ড⁰ নিৰ্মলপ্ৰভা বৰদলৈয়ে সুৰময়ী দিপালী বৰঠাকুৰৰ প্ৰতিভাক মান্যতা প্ৰদান কৰি কৈছিল- “জন্মগত প্ৰতিভাৰে সু-উচ্চ, সাজ-সজ্জাত সাধাৰণ বা আন গ্লেমাৰ্ছ, অকৃত্ৰিম সংকুচহীন কণ্ঠৰ অধিকাৰী তথা লোক জীৱনৰ সৰলতা কণ্ঠত বিৰাজমান দৰদী শিল্পীগৰাকীয়ে হ’ল দিপালী বৰঠাকুৰ।”
১৯৪১ চনত ৩০ জানুৱাৰীত শিৱসাগৰ (বৰ্তমান চৰাইদেউ) জিলাৰ সোণাৰীৰ নীলমণি বাগানত জন্মগ্ৰহণ কৰা বৰঠাকুৰৰ পিতৃ আছিল প্ৰয়াত বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃ আছিল প্ৰয়াত আইমণি বৰঠাকুৰ। শিৱসাগৰ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিল্পীগৰাকীয়ে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিকৈ মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল।
১৯৭৬ চনত অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহপাশত আৱদ্ধ হোৱা দিপালী বৰঠাকুৰে পিতৃ আৰু জ্যেষ্ঠ ভাতৃ ভূপেন বৰঠাকুৰ আৰু ভৱেন বৰঠাকুৰৰ সহযোগত নিজ ঘৰতেই সংগীত চৰ্চা আৰম্ভ কৰিছিল।
১৯৪৭ চনত “মইনামেল”ৰ যোগেদি গায়িকা হিচাপে আত্মপ্ৰকাশ ঘটা শিল্পীগৰাকীয়ে শিৱসাগৰৰ প্ৰথিতযশা শিক্ষাবিদ আৰু শিল্পী পৰাগধৰ চলিহাই ৰচনা কৰা গীত, নৃত্য আৰু অভিনয়ৰে সম্বৃদ্ধ আলেখ্য “চাৰি হেজাৰ বছৰৰ অসম”ত মুখ্য গায়িকা হিচাপে কণ্ঠদান কৰাৰ পিছত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সেইসময়ৰ সঞ্চালক ড⁰ এ.এম. নাটেশে তেওঁক আকাশবাণীৰ বাবে সংগীত পৰিৱেশন কৰিবলৈ সুযোগ প্ৰদান কৰে।
সঞ্চালকগৰাকীয়ে যেতিয়া থলুৱা শিল্পীৰ সন্ধান কৰিছিল, তেতিয়াই তেওঁৰ চকুত পৰিছিল শিৱসাগৰৰ বিভিন্ন প্ৰান্তত গীত গাই প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰা, যাদুকৰী কন্ঠৰ অধিকাৰী দিপালী বৰঠাকুৰক।
এনেকৈয়ে সুৰীয়া যাত্ৰা আৰম্ভ কৰা দিপালী বৰঠাকুৰে ১৯৫৮ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে পৰিৱেশন কৰা “মোৰ বোপাই লাহৰী অ’” আৰু ১৯৫৯ চনত “লাচিত বৰফুকন” কথাছবিৰ বাবে বাণীবদ্ধ কৰা “যৌৱনে আমনি কৰে চেনাই ধন” শীৰ্ষক গীতদুটিৰ জৰিয়তে শিল্পীগৰাকীৰ সুৰীয়া কণ্ঠই অসমৰ ৰাইজক সন্মোহিত কৰি তোলে।
পঞ্চাশৰ দশকৰ সপ্তম বছৰৰ পৰা ষাঠিৰ দশকৰ সপ্তম-অষ্টম বছৰৰ সময়ছোৱা আছিল দিপালী বৰঠাকুৰৰ গীতৰ বাবে সোণালী সময়। মাত্ৰ ১০-১১ বছৰৰ অতি সীমিত সাংস্কৃতিক জীৱন পৰিক্ৰমাৰ ভিতৰত তেওঁৰ স্বৰ্ণিল কণ্ঠেৰে যিখিনি গীত অসমৰ ৰাইজৰ বাবে উচ্চৰ্গা কৰিছিল, সেই সকলোবোৰ গীতেই আছিল চিৰসেউজ আৰু প্ৰতিজন অসমীয়াৰ হৃদয় চুই যোৱা।
অসমীয়া সংগীত জগতৰ নমস্য গীতিকাৰ পুৰুষোত্তম দাস, কেশৱ মহন্ত, লক্ষ্যহীৰা দাস, ৰুদ্ৰ বৰুৱা আদি লোকসকলৰ অলেখ গীতত কণ্ঠ দান কৰিছিল যদিও শিল্পীগৰাকীয়ে কিন্তু পাৰভঙা জনপ্ৰিয়তা লাভ কৰিছিল গীতিকাৰ ড⁰ নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ মাজেৰে। বৰদলৈৰ দ্বাৰা ৰচিত “সোণৰ খাৰু নেলাগে মোক”, “কোন সেই ৰূপৱতী যাই”কে ধৰি কেইবাটাও অপূৰ্ব গীতে আজিও প্ৰতিজন অসমীয়াৰ মনপ্ৰাণ সুৰৰ মায়া জালেৰে বান্ধি ৰাখিছে।
ইয়াৰ মাজতেই শিল্পীগৰাকীৰ ভাতৃ ভৱেন বৰঠাকুৰৰ সুৰ আৰু দিপালী বৰঠাকুৰৰ সুৰীয়া কন্ঠৰ অপূৰ্ব সংমিশ্ৰণত গঢ়ি উঠিছিল সুৰৰ এক অগতানুগতিক পৰিক্ৰমা। ষাঠিৰ দশকৰ শেষৰ ফালে শিল্পীগৰাকীৰ কণ্ঠত নিগৰিত হৈছিল শেষৰটি গীত “লুইত অই, নাযাবি বৈ”।
ইয়াৰ পিছতেই শিল্পীগৰাকীৰ কণ্ঠ এক জটিল ৰোগৰ বাবে চিৰদিনৰ বাবে ৰুদ্ধ হৈ পৰিছিল। বিদেশত থকা সুধাকণ্ঠ ড⁰ ভূপেন হাজৰিকা অসমলৈ আহি এই অপ্ৰিয় সত্যৰ মুখামুখি হ’বলগীয়া হ’ল। তেতিয়া ড⁰ হাজৰিকাই ৰচনা কৰিছিল তেওঁৰ আধৰুৱা গীত শীতৰে সেমেকা ৰাতিৰ অন্তিম অংশ- “শীতৰে সেমেকা ৰাতি/ কণ্ঠ ৰুদ্ধ কোনোবা সু-গায়কৰ/ প্ৰভাত আনিব পৰা/ অথচ নোপোৱা এক/ অমৰ গীতৰ বাবে/ মই যেন এটি সুধাকণ্ঠ হও।”
১৯৫৮ চনত পদ্মশ্ৰী সন্মান, ২০০৭ চনত “Leo Expo” শিল্পী সন্মান, ২০১০ চনত অসম চৰকাৰৰ শিল্পী বঁটা আৰু ২০১২ চনত “আইদেউ সন্দিকৈ বঁটা”ৰে সন্মানিত হোৱা সেই যুগমুগ্ধকাৰী কন্ঠৰ অধিকাৰী দিপালী বৰঠাকুৰৰ অনবৈদ্য সৃষ্টিৰাজিক আজিৰ প্ৰজন্মই জীয়াই ৰাখিব পাৰিলে অসমৰ সংগীতৰ এটা যুগৰ ধাৰা সংৰক্ষিত হৈ থাকিব। বৰ্তমানৰ শিল্পী সমাজে তেওঁলোকৰ অনুষ্ঠানত আজন্ম শিল্পীগৰাকীৰ এটাও গীত পৰিৱেশন কৰিলে নতুন প্ৰজন্মৰ বাবে দিপালী বৰঠাকুৰৰ গীতসমূহ চিনাকী হৈ থাকিব।
২০১৮ চনৰ ২১ ডিচেম্বৰত মৃত্যু বৰণ কৰা শিল্পীগৰাকীৰ ষষ্ঠ মৃত্যু দিৱসত তেওঁক অমৰ কৰি ৰখাৰ পণ লৈ তেওঁৰ গীতৰ চৰ্চা অব্যাহত ৰখাৰ প্ৰচেষ্টা হাতত ল’লে সঁচা অৰ্থত শিল্পীগৰাকী লৈ শ্ৰদ্ধা জনোৱা হ’ব। সকলোকে এই আকোল আহ্বান জনাই তেওঁৰ গীতৰ ভাষাৰে কও- “বন্ধু……সময় পালে, আমাৰ ফালে এবাৰ আহি যাবা।”
যুগান্ত বায়ন/৮৮৪৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.