• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, April 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

গানৰ দিপালী, প্ৰাণৰ দিপালী

ASSAMESE SECTION / Music

by Juganta Bayan
December 21, 2025
in ASSAMESE SECTION, Music
Reading Time: 2 mins read
0
Dipali Borthakur 2
Share on FacebookShare on TwitterShare on LinkedIn

গানৰ দিপালী, প্ৰাণৰ দিপালী

গানৰ দিপালী, প্ৰাণৰ দিপালী

যুগান্ত বায়ন

Juganta Bayan
যুগান্ত বায়ন

অসমীয়া গীত আৰু সংস্কৃতিৰ পথাৰখনক জীপাল কৰি তোলা পদ্মশ্ৰী দিপালী বৰঠাকুৰ মাথোন এটা নাম নহয়। দিপালী বৰঠাকুৰৰ শিল্পী সত্ত্বা এক বৰ্ণিল সত্ত্বা। যি সত্ত্বাক সাৰথি কৰি অসমৰ সংগীত জগতত এক সুমধুৰ যুগৰ সৃষ্টি হৈছিল। 

          সেয়েহে সু-সাহিত্যিক, গীতিকাৰ ড⁰ নিৰ্মলপ্ৰভা বৰদলৈয়ে সুৰময়ী দিপালী বৰঠাকুৰৰ প্ৰতিভাক মান্যতা প্ৰদান কৰি কৈছিল- “জন্মগত প্ৰতিভাৰে সু-উচ্চ, সাজ-সজ্জাত সাধাৰণ বা আন গ্লেমাৰ্ছ, অকৃত্ৰিম সংকুচহীন কণ্ঠৰ অধিকাৰী তথা লোক জীৱনৰ সৰলতা কণ্ঠত বিৰাজমান দৰদী শিল্পীগৰাকীয়ে হ’ল দিপালী বৰঠাকুৰ।“
Dipali Borthakur

            ১৯৪১ চনত ৩০ জানুৱাৰীত শিৱসাগৰ (বৰ্তমান চৰাইদেউ) জিলাৰ সোণাৰীৰ নীলমণি বাগানত জন্মগ্ৰহণ কৰা বৰঠাকুৰৰ পিতৃ আছিল প্ৰয়াত বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃ আছিল প্ৰয়াত আইমণি বৰঠাকুৰ। শিৱসাগৰ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিল্পীগৰাকীয়ে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিকৈ মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। 

             ১৯৭৬ চনত অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহপাশত আৱদ্ধ হোৱা দিপালী বৰঠাকুৰে পিতৃ আৰু জ্যেষ্ঠ ভাতৃ ভূপেন বৰঠাকুৰ আৰু ভৱেন বৰঠাকুৰৰ সহযোগত নিজ ঘৰতেই সংগীত চৰ্চা আৰম্ভ কৰিছিল। ১৯৪৭ চনত “মইনামেল”ৰ যোগেদি গায়িকা হিচাপে আত্মপ্ৰকাশ ঘটা শিল্পীগৰাকীয়ে শিৱসাগৰৰ প্ৰথিতযশা শিক্ষাবিদ আৰু শিল্পী পৰাগধৰ চলিহাই ৰচনা কৰা গীত, নৃত্য আৰু অভিনয়ৰে সম্বৃদ্ধ আলেখ্য “চাৰি হেজাৰ বছৰৰ অসম“ত মুখ্য গায়িকা হিচাপে কণ্ঠদান কৰাৰ পিছত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সেইসময়ৰ সঞ্চালক ড⁰ এ.এম. নাটেশে তেওঁক আকাশবাণীৰ বাবে সংগীত পৰিৱেশন কৰিবলৈ সুযোগ প্ৰদান কৰে।

RelatedPosts

মাটি

মাটি

April 8, 2026
‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

April 7, 2026
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

April 6, 2026

সঞ্চালকগৰাকীয়ে যেতিয়া থলুৱা শিল্পীৰ সন্ধান কৰিছিল, তেতিয়াই তেওঁৰ চকুত পৰিছিল শিৱসাগৰৰ বিভিন্ন প্ৰান্তত গীত গাই প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰা, যাদুকৰী কন্ঠৰ অধিকাৰী দিপালী বৰঠাকুৰক। এনেকৈয়ে সুৰীয়া যাত্ৰা আৰম্ভ কৰা দিপালী বৰঠাকুৰে ১৯৫৮ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে পৰিৱেশন কৰা “মোৰ বোপাই লাহৰী অ'” আৰু ১৯৫৯ চনত “লাচিত বৰফুকন” কথাছবিৰ বাবে বাণীবদ্ধ কৰা “যৌৱনে আমনি কৰে চেনাই ধন” শীৰ্ষক গীতদুটিৰ জৰিয়তে শিল্পীগৰাকীৰ সুৰীয়া কণ্ঠই অসমৰ ৰাইজক সন্মোহিত কৰি তোলে।

          পঞ্চাশৰ দশকৰ সপ্তম বছৰৰ পৰা ষাঠিৰ দশকৰ সপ্তম-অষ্টম বছৰৰ সময়ছোৱা আছিল দিপালী বৰঠাকুৰৰ গীতৰ বাবে সোণালী সময়। মাত্ৰ ১০-১১ বছৰৰ অতি সীমিত সাংস্কৃতিক জীৱন পৰিক্ৰমাৰ ভিতৰত তেওঁৰ স্বৰ্ণিল কণ্ঠেৰে যিখিনি গীত অসমৰ ৰাইজৰ বাবে উচ্চৰ্গা কৰিছিল, সেই সকলোবোৰ গীতেই আছিল চিৰসেউজ আৰু প্ৰতিজন অসমীয়াৰ হৃদয় চুই যোৱা। অসমীয়া সংগীত জগতৰ নমস্য গীতিকাৰ পুৰুষোত্তম দাস, কেশৱ মহন্ত, লক্ষ্যহীৰা দাস, ৰুদ্ৰ বৰুৱা আদি লোকসকলৰ অলেখ গীতত কণ্ঠ দান কৰিছিল যদিও শিল্পীগৰাকীয়ে কিন্তু পাৰভঙা জনপ্ৰিয়তা লাভ কৰিছিল গীতিকাৰ ড⁰ নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ মাজেৰে।

বৰদলৈৰ দ্বাৰা ৰচিত “সোণৰ খাৰু নেলাগে মোক“, “কোন সেই ৰূপৱতী যাই“কে ধৰি কেইবাটাও অপূৰ্ব গীতে আজিও প্ৰতিজন অসমীয়াৰ মনপ্ৰাণ সুৰৰ মায়া জালেৰে বান্ধি ৰাখিছে। ইয়াৰ মাজতেই শিল্পীগৰাকীৰ ভাতৃ ভৱেন বৰঠাকুৰৰ সুৰ আৰু দিপালী বৰঠাকুৰৰ সুৰীয়া কন্ঠৰ অপূৰ্ব সংমিশ্ৰণত গঢ়ি উঠিছিল সুৰৰ এক অগতানুগতিক পৰিক্ৰমা। ষাঠিৰ দশকৰ শেষৰ ফালে শিল্পীগৰাকীৰ কণ্ঠত নিগৰিত হৈছিল শেষৰটি গীত “লুইত অই, নাযাবি বৈ”।

ইয়াৰ পিছতেই শিল্পীগৰাকীৰ কণ্ঠ এক জটিল ৰোগৰ বাবে চিৰদিনৰ বাবে ৰুদ্ধ হৈ পৰিছিল। বিদেশত থকা সুধাকণ্ঠ ড⁰ ভূপেন হাজৰিকা অসমলৈ আহি এই অপ্ৰিয় সত্যৰ মুখামুখি হ’বলগীয়া হ’ল। তেতিয়া ড⁰ হাজৰিকাই ৰচনা কৰিছিল তেওঁৰ আধৰুৱা গীত শীতৰে সেমেকা ৰাতিৰ অন্তিম অংশ- “শীতৰে সেমেকা ৰাতি/ কণ্ঠ ৰুদ্ধ কোনোবা সু-গায়কৰ/ প্ৰভাত আনিব পৰা/ অথচ নোপোৱা এক/ অমৰ গীতৰ বাবে/ মই যেন এটি সুধাকণ্ঠ হও।”

           ১৯৫৮ চনত পদ্মশ্ৰী সন্মান, ২০০৭ চনত “Leo Expo” শিল্পী সন্মান, ২০১০ চনত অসম চৰকাৰৰ শিল্পী বঁটা আৰু ২০১২ চনত “আইদেউ সন্দিকৈ বঁটা”ৰে সন্মানিত হোৱা সেই যুগমুগ্ধকাৰী কন্ঠৰ অধিকাৰী দিপালী বৰঠাকুৰৰ অনবৈদ্য সৃষ্টিৰাজিক আজিৰ প্ৰজন্মই জীয়াই ৰাখিব পাৰিলে অসমৰ সংগীতৰ এটা যুগৰ ধাৰা সংৰক্ষিত হৈ থাকিব। বৰ্তমানৰ শিল্পী সমাজে তেওঁলোকৰ অনুষ্ঠানত আজন্ম শিল্পীগৰাকীৰ এটাও গীত পৰিৱেশন কৰিলে নতুন প্ৰজন্মৰ বাবে দিপালী বৰঠাকুৰৰ গীতসমূহ চিনাকী হৈ থাকিব। 

            ২০১৮ চনৰ ২১ ডিচেম্বৰত মৃত্যু বৰণ কৰা শিল্পীগৰাকীৰ ষষ্ঠ মৃত্যু দিৱসত তেওঁক অমৰ কৰি ৰখাৰ পণ লৈ তেওঁৰ গীতৰ চৰ্চা অব্যাহত ৰখাৰ প্ৰচেষ্টা হাতত ল’লে সঁচা অৰ্থত শিল্পীগৰাকী লৈ শ্ৰদ্ধা জনোৱা হ’ব। সকলোকে এই আকুল আহ্বান জনাই তেওঁৰ গীতৰ ভাষাৰে কও- “বন্ধু……সময় পালে, আমাৰ ফালে এবাৰ আহি যাবা।“

যুগান্ত বায়ন/৮৮৪৬৪১৫০৮৯

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Juganta Bayan

Juganta Bayan

Related Posts

মাটি
ASSAMESE SECTION

মাটি

by Sanjeev Kumar Nath
April 8, 2026
0

মাটি সঞ্জীৱ কুমাৰ নাথ (১) ৪৫৪ কোটি মান বছৰ আগতে আন্ত:নাক্ষত্রীয় ধূলিৰ এটা প্রকাণ্ড ঘূর্ণীয়মান মেঘৰ পৰা সূর্য আৰু সূর্যক...

Read moreDetails
‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

April 7, 2026
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

April 6, 2026
Zubeen Garg’s Death: An End to an Era

Zubeen Garg: “Sing ‘Mayabini’ for me when I am gone”

April 6, 2026
মৃতদেহৰ আকৌ অংগহানি কিহৰ?

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

April 6, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

April 5, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

April 10, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

April 10, 2026
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

April 10, 2026
Are We Facing the Sixth Mass Extinction? How Climate Change Is Driving Species to the Brink

Are We Facing the Sixth Mass Extinction? How Climate Change Is Driving Species to the Brink

April 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    29956 shares
    Share 11982 Tweet 7489
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12394 shares
    Share 4958 Tweet 3099
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    227 shares
    Share 91 Tweet 57
  • When Less Becomes More: Documentary on Frugal Innovation Sparks Deep Dialogue at TISS – A Mahabahu Climate Forum Initiative

    133 shares
    Share 53 Tweet 33
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4260 shares
    Share 1704 Tweet 1065
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3596 shares
    Share 1438 Tweet 899
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    838 shares
    Share 335 Tweet 210
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    915 shares
    Share 366 Tweet 229
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    80 shares
    Share 32 Tweet 20
  • Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d