• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, March 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

ৰেজাউল কৰিম

by Anjan Sarma
April 1, 2023
in Cultural, Bhupen Hazarika, Opinion
Reading Time: 3 mins read
0
গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়
Share on FacebookShare on TwitterShare on LinkedIn

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

ৰেজাউল কৰিম

Rezaul Karim
ৰেজাউল কৰিম

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

আমাৰ মনৰ কথা ব্যক্ত কৰিলোঁ। বন্ধু বান্ধৱী সকলে সময় পালে পঢ়ি চাব পাৰে।

গামোচা বিতৰ্কই অসমত যথেষ্ট চৰ্চা লাভ কৰিছে।

অসমত অসমীয়া ভাষা পুণৰ প্ৰৱৰ্তন হোৱাৰে পৰা বৰ্তমানলৈকে প্ৰায় ডেৰশ বছৰ অতিক্ৰম কৰিলে। ইয়াৰ আগৰে পৰাই অসমত বঙালী মানুহে বসবাস কৰি আছে।

RelatedPosts

Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026

অসমীয়া ভাষাক অসমৰ পৰা আঁতৰাই বঙালী ভাষা প্ৰৱৰ্তন কৰা আৰু অৱশেষত প্ৰায় ছয়ত্ৰিছ বছৰৰ পিছত অসমত পুণৰ অসমীয়া ভাষা প্ৰৱৰ্তন হোৱাৰ পিছৰ পৰা অসমত অসমীয়া আৰু বঙালী মানুহৰ মাজত এটা মানসিক অন্তৰায় সৃষ্টি হৈছে।

সেই অন্তৰায় এতিয়াও কিছু কিছু ক্ষেত্ৰত প্ৰকট হোৱা দেখা যায়। অসমত অসমীয়া ভাষা পুণৰ প্ৰতিষ্ঠাৰ আঁৰত একাংশ বঙালী লোকৰো অৰিহণা আছে বুলি জনা যায়। তথাপি মানসিক অন্তৰায় সৃষ্টি হোৱাৰ কাৰণ কি ?

অসমৰ পৰা অসমীয়া ভাষা ইংৰাজে গুচাই দিয়া বাবে অসমীয়া মানুহে বঙালী মানুহক দোষ দিয়ে। আনহাতে অসমীয়া ভাষা পুনৰুদ্ধাৰ কৰা বৌদ্ধিক আন্দোলনটোক বঙালীলোকে তেওঁলোকৰ বিৰুদ্ধে কৰা আন্দোলন বুলি ভাবে। অসমীয়া মানুহে অসমত নিজৰ ভাষা আৰু স্বাভিমান ৰক্ষা কৰিবলৈহে আন্দোলন কৰিছিল। আন ভাষা আৰু জাতিক বিৰোধিতা কৰিবলৈ কোনো আন্দোলন কৰা নাছিল।

অসমত বসবাস কৰা বঙালী প্ৰমূখ্যে সকলো ভাষাভাষী লোকে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰক বা নকৰক অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিক উপযুক্ত সন্মান কৰিব লাগিব। তেতিয়াহে সমন্বয় সম্ভৱ। 

অপ্ৰিয় হলেও এইটো সত্য যে অসমৰ বঙালী মানুহে নিজৰ ভাষা, সাহিত্য, সংস্কৃতিক অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিতকৈ চহকী বুলি ভাবি নিজৰ শ্ৰেষ্ঠত্বক সুৰক্ষিত কৰি ৰখাৰ প্ৰয়াসেৰে অসমীয়া ভাষা,সাহিত্য আৰু সংস্কৃতিৰ প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰি ৰাখিবলৈ সদা সচেতন হৈ থাকে। এই সচেতনতাৰ বাবেই তেওঁলোকে অনেক পৰিমানে অসমীয়া মানুহৰ পৰা আঁতৰি গৈছে।

Gamocha

এই দুৰত্ব আঁতৰাই সমন্বয় সৃষ্টি কৰিবলৈ কটা গামোচা জোৰা লগাই চিলাই কৰা প্ৰয়োজন নাই।

এই কথাও সত্য যে অসমীয়া গামোচাখন একক বৈশিষ্ট্য সম্পন্ন আৰু ধুনীয়াও। লগতে ই অসমীয়া সংস্কৃতিৰ অংগ।

এইখনৰ বিকৃতি অসমীয়া লোকে সহজে গ্ৰহণ কৰিব নোৱাৰাটো স্বাভাৱিক। বঙালী সাহিত্য সভাৰ উদ্দেশ্য হয়তো সজ আৰু সতেই আছিল।

কিন্তু তেওঁলোকৰ পৃষ্ঠপোষক শিলাদিত্য দেৱৰ ব্যাখ্যাই এই কটা গামোচা জোৰা লগোৱা সমন্বয়ৰ আঁৰত যে ৰাজনৈতিক উদ্দেশ্য এটা সোমাই আছে সেইটো স্পষ্ট হৈ পৰিল।

অসমত ইমান দিন ধৰি বসতি কৰাৰ পাছতো অসমীয়া মানুহৰ আবেগ আৰু স্বাভিমানক চিনি নোপোৱাৰ কাৰণো হৈছে শিলাদিত্যদেৱৰ দৰে লোকৰ ভূমিকা।

অসমীয়া জাতিৰ ভৱিষ্যত সংকট দেখি শিলাদিত্যদেৱে মিছাকৈ ইমান টেনচন লোৱাৰ প্ৰয়োজন নাই। এই বিষয়ে চিন্তা চৰ্চা কৰিবলৈ তেখেততকৈ অনেক বেছি যোগ্য ব্যক্তি অসমত আছে। জাতিটোৰ বিষয়ে ভাবিবলৈ অসমীয়া মানুহৰ ইমানো দুৰৱস্থা হোৱা নাই নিশ্চয়। 

আমি জনাত অসমীয়া আৰু বঙালী ভাষা, সাহিত্য, সংস্কৃতিৰ চৰ্চা আৰু আদান প্ৰদানৰ বাবে ইতিমধ্যে অসমৰ লখিমপুৰ কলেজ আৰু কলকাতাৰ ছেইণ্ট প’লছ কেথেড্ৰেল মিছন কলেজে সুন্দৰ কাম কৰি আছে। এই কামে দুয়োটা জাতিৰ নতুন প্ৰজন্মক যথেষ্ট উৎসাহিত কৰিছে।সমন্বয় সুদৃঢ কৰাত সহায় কৰিছে। এনেকুৱা কাম বেলেগ সংগঠনেও নিশ্চয় কৰি আছে।

GAMOCHA 2

বঙালী সাহিত্য সভাই সমন্বয়ৰ কথা চিন্তা কৰিলে এতিয়াও অনেক কাম কৰিব পৰা অৱস্থাত আছে। এইখিনিতে এটা কথা স্পষ্ট কৰি দিও যে বৰ্তমানৰ বিতৰ্কই অসমৰ অসমীয়া আৰু বঙালী মানুহৰ মাজৰ সম্পৰ্ক বিনষ্ট কৰিলে বুলি ভাবি নল’ব।

সাধাৰণ মানুহৰ অসমীয়া আৰু বঙালী বুলি কোনো পাৰ্থক্য নাই। অসমৰ অধিকাংশ মানুহ সমন্বয়ৰ পক্ষত থাকে।

আমাৰো কিছু বঙালী বন্ধু আছে যি সকলৰ সৈতে আমি কেতিয়াও মানসিক পাৰ্থক্য দেখা নাপাও। অসমীয়া মানুহে অত্যন্ত বেদনা অনুভৱ কৰে যেতিয়া অসমৰ ভিতৰত বঙালী অধ্যুষিত অঞ্চলত চৰকাৰে অসমীয়া ভাষাত এখন পোষ্টাৰ আঁৰিব নোৱাৰে।

অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ নকৰা মানে অসমত অসমীয়া ভাষাৰ অস্তিত্বক অস্বীকাৰ কৰাটো হ’ব নোৱাৰে।

সমন্বয়ৰ এটা উৎকৃষ্ট উদাহৰণ ভূপেন হাজৰিকা। তেখেত নিজেই অসমীয়া জাতিৰ স্বাভিমান । তেওঁ কলিকতাত থকা কালত বঙালী জাতিৰ স্বাভিমানক আন্তৰিকতাৰে গ্ৰহণ কৰি গাইছিল, ‘ আমাৰ হৃদয়ে ৰবীন্দ্ৰনাথ চেতনাতে নজৰুল।’

Gamocha1

আমাৰ বোধেৰে অসমৰ বঙালী মানুহে আৰু বঙালী সাহিত্য সভাই সত্যজিত ৰয়,মৃনাল সেন,হৃত্বিক ঘটক আদি ব্যক্তি সকলৰ সৈতে ভৱেন্দ্ৰনাথ শইকীয়া, ভূপেন হাজৰিকা আৰু জাহ্নু বৰুৱাৰ বিষয়ে আলোচনা কৰিব পাৰে, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে পদ্মনাথ গোহাঞিবৰুৱা,লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি গুণাভিৰাম বৰুৱাৰ কথা আলোচনা কৰিব পাৰে ।

কাজী নজৰুল ইছলাম আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ সৈতে বিষ্ণুপ্ৰসাদ ৰাভাৰ সম্পৰ্কৰ কথা আলোচনা কৰিব পাৰে, অসমৰ লোকগীত, জিকিৰ আদিৰ সৈতে বাউল গীতৰ কথা আলোচনা কৰিব পাৰে, শঙ্কৰদেৱ মাধৱদেৱৰ লগত ৰামকৃষ্ণ পৰমহংস আৰু চৈতন্যদেৱৰ বিষয়ে অধ্যয়ন কৰিব পাৰে।

সত্ৰীয়া সংস্কৃতিৰ বিষয়ে চৰ্চা কৰিব পাৰে।

এনেকুৱা অনেক বিষয়ৰ কথা ভাবিব পাৰি। এইবোৰৰ চৰ্চা মানে বাঙালিয়ানাৰ পৰা আঁতৰি অহা নুবুজায়।

ইয়াৰ বিপৰীতে সমন্বয় সুদৃঢ কৰাহে বুজায়। অসমত ইতিমধ্যে অনেক বঙালী মানুহ অসমীয়াৰ আপোন হৈ পৰিছে।

অসমৰ অসমীয়া আৰু বঙালী মানুহৰ মাজত সংঘাতৰ সময়ত সমন্বয়ৰ সৃষ্টি কৰা দুজন মানুহ আছিল ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাস। ধাৰণা হয় অসমীয়া আৰু বঙালী মানুহৰ উভয়ে এই কথা পাহৰিলে। হেমাংগ বিশ্বাসৰ আলোচনাই নহয়।

সাংস্কৃতিক উদাৰতাই হৈছে মানুহৰ মহানতা।

আজিৰ প্ৰচলিত ৰাজনীতিয়ে সমন্বয় সাধন নকৰে। 

29-03-2023

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Musk
Tech

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

by Anjan Sarma
March 10, 2026
0

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!! অঞ্জন শৰ্মা আমেৰিকান চিনেমা পৰিচালক ৰিচাৰ্ড লেষ্টাৰে (Richard Lester) ১৯৭৯ চনত ‘কিউবা’ নামেৰে এখন চিনেমা...

Read moreDetails
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
Holi A Festival of Joy and Gulaal

Holi A Festival of Joy and Gulaal

March 4, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d