•অৰবিন্দ ৰাভা
ডেভিড বেনেট এনে এগৰাকী চৰ্চিত ব্যক্তি, যাৰ শৰীৰত সম্প্ৰতি সফলভাৱে গাহৰিৰ হৃদযন্ত্ৰ প্ৰতিস্থাপন কৰা হৈছে। বেছি দিন হোৱা নাই, ২৭ ডিচেম্বৰ, ২০২১ তাৰিখৰ কথা। সেই প্ৰসঙ্গতে অসমতো সম্প্ৰতি ডা° ধনীৰাম বৰাৰ নামটোও চৰ্চিত হৈছে। কাৰণ ১৯৯৭ চনত অসমৰ বিশিষ্ট চিকিৎসক ডা° ধনীৰাম বৰুৱাই মানুহৰ শৰীৰত গাহৰিৰ হৃদযন্ত্ৰ সংৰোপিত কৰাৰ অভিযোগত ৪০ দিন কাৰাবাস খাটিছিল আৰু তেওঁক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। কিন্তু ডা° ধনীৰাম বৰুৱাৰ তেনে প্ৰচেষ্টাৰ ২৫ বছৰৰ পিছত আমেৰিকাৰ চিকিৎসকে ডা° বৰুৱাৰ সপোন সফল কৰি তোলে ইউনিভাৰ্ছিটি অফ মেৰিলেন্ড মেডিকেল স্কুলত।
যি কি নহওঁক, সম্প্ৰতি নিজৰ শৰীৰত গাহৰিৰ হৃদযন্ত্ৰ সংৰোপিত কৰাই সমগ্ৰ বিশ্বতে চৰ্চাৰ কেন্দ্ৰ হৈ পৰা ডেভিড বেনেট পুনৰ এক বেলেগ অধ্যায়ৰ বাবেও চৰ্চিত হৈ পৰিছে। গাহৰিৰ হৃদযন্ত্ৰ নিজৰ দেহত সংৰোপিত কৰাৰ বহু আগতেই ডেভিড বেনেটে হেনো এজন ব্যক্তিক ৭ বাৰকৈ ছুৰি মাৰি হত্যা কৰিবলৈ চেষ্টা কৰিছিল! ডেভিডৰ সেই ভয়ংকৰ ছুৰিকাঘাতত আহত হোৱা ব্যক্তিয়ে পক্ষাঘাতগ্ৰস্ত হৈ পৰে আৰু লেলাই ধেন্দাই জীৱনৰ অন্তিম দিনবোৰ কোনোমতে পাৰ কৰি আছে বুলি এক চাঞ্চল্যকৰ বাতৰি প্ৰকাশ কৰিছে ‘দ্যা নিউয়ৰ্ক টাইমছ’-এ।
ডেভিডৰ বয়স এতিয়া ৫৭ বছৰ। এডোৱাৰ্ড চুমেকাৰৰ ভনীয়েক লেছলি চুমেকাৰ-এ ‘ডাউনি ৰেডিঅ’ ফোৰ’ৰ এটা ‘টক-শ্ব’ত ডেভিডক পোনপটীয়াকৈ হত্যাকাৰী বুলি চিঞৰি চিঞৰি কয়। সেই টক-শ্ব’ৰ সময়ত লেছলি ইমানেই ভাঙি পৰিছিল যে তেওঁ হুকহুকাই কান্দি কান্দি ৰেডিঅ’ৰ যোগে কৈছিল যে ‘ডেভিডৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই’! উল্লেখযোগ্য যে বিগত এক সপ্তাহ ধৰি ডেভিডৰ স্বাস্থ্য সম্পৰ্কীয় বা-বাতৰি প্ৰতিদিনে প্ৰকাশ কৰি আছে আমেৰিকাৰ সংবাদ মাধ্যমে। ডেভিডৰ স্বাস্থ্যৰ খবৰ প্ৰচাৰ কৰা সময়তে এনে এক চাঞ্চল্যকৰ খবৰ প্ৰকাশ হোৱাৰ লগে লগেই আমেৰিকাৰ বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকসকলো জপিয়াই পৰিছে। এতিয়া লেছলিয়ে প্ৰায় সকলো আমেৰিকান মেডিয়াক কৈছে যে ‘মোৰ ভাতৃয়ে সেই মৰ্মান্তিক ঘটনাৰ পিছত শাৰীৰিক জটিলতাৰ মাজেৰে এক দুৰ্বিসহ জীৱন যাপন কৰি আছে তথা সুদীৰ্ঘ দুই দশক তেনেদৰে ভোগ কৰাৰ পিছত ২০০৭ চনত মৃত্যুবৰণ কৰে।ডেভিড প্ৰকৃততে এজন মানুহ নহয়, ডেভিড হ’ল এটা পশু!’
কিন্তু মেৰিলেন্ড ইউনিভাৰ্ছিটিৰ মেডিকেল চাইন্সৰ সেই অস্ত্ৰোপচাৰৰ পৰিচালনা কৰা দলৰ পৰা জনোৱা হৈছে যে ‘কোনো ব্যক্তিৰ পূৰ্বৰ জীৱনৰ ক্ৰিমিনেল ৰেকৰ্ডে কেতিয়াও সেই ব্যক্তিক চিকিৎসা প্ৰদান নকৰাৰ কাৰণ হ’ব নোৱাৰে।’ লেছলিয়ে পিছে শান্তি পোৱা নাই। লেছলিয়ে কৈছে যে ‘ কিমান নিৰ্মম ঘটনা চাওক, ১৯৮৮ চনৰ এপ্ৰিল মাহত যিদিনা ঘটনাটো সংঘটিত হয়, মোৰ ভাতৃ এডোৱাৰ্ডে পত্নীৰ সৈতে একান্তভাৱে সময় অতিবাহিত কৰি আছিল আৰু তেতিয়া তেওঁৰ ( এডোৱাৰ্ডৰ) বয়স আছিল মাত্ৰ ২২ বছৰ। চৰম প্ৰতিশোধ-পৰায়ণ হৈ ডেভিডে মোৰ ভাতৃক পিছফালৰ পৰা একাধিকবাৰ ছুৰিৰে আঘাত কৰিছিল।’
ডেভিডে এডোৱাৰ্ডক কিয় নিৰ্মমভাৱে হত্যা কৰিবলৈ গৈছিল, সেই প্ৰতিৱেদনো মেৰিলেন্ড স্টেট ক্ৰাইম ব্যুৰ’ই পোহৰলৈ আনিছে। এডোৱাৰ্ডৰ পত্নীৰ সৈতে ঘনিষ্ঠ হ’বলৈ বিচাৰিছিল ডেভিডে, কিন্তু প্ৰেম নিৱেদন কৰি প্ৰত্যাখ্যাত হোৱাৰ পিছতেই প্ৰতিহিংসা- পৰায়ণ হৈ উঠে ডেভিড। সেই প্ৰতিহিংসা পূৰণ কৰে ডেভিডক ছুৰিৰে একাধিকবাৰ আঘাত কৰি! তেনে এক নিৰ্মম আক্ৰমণৰ বাবে ডেভিডক দোষী সাব্যস্ত কৰি ১০ বছৰ কাৰাবাস দিয়া হয়।
সেই আঘাতপ্ৰাপ্ত হোৱাৰ পিছৰে পৰা ২০০৫ চনত ‘স্ট্ৰোক’ হোৱাৰ দিনটোলৈ এডোৱাৰ্ডক হুইল চেয়াৰৰ দ্বাৰাহে ইফাল – সিফাল কৰাই থকা হৈছিল, তেওঁ পঙ্গু হৈ পৰিছিল। ২০০৭ চনত তেওঁৰ মৃত্যু হয়। অৰ্থাৎ, সুদীৰ্ঘ ১৯ বছৰ এডোৱাৰ্ডে নৰকৰ যন্ত্ৰণা ভোগ কৰিছিল! লেছলিয়ে কৈছে যে ‘ আমাৰ সম্পূৰ্ণ পৰিয়ালটোৰ ওপৰতেই সেই নিৰ্মম আক্ৰমণৰ প্ৰভাৱ পৰিছিল’।