• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

গাৰ বিষ

-ডাঃ অনুপ বৈশ্য

by Anjan Sarma
June 29, 2021
in Health, Lifestyle
Reading Time: 3 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ডাঃ অনুপ বৈশ্য |

বহুদিন আগতে লিখা এটি কবিতা আজি অসম্পূৰ্ণভাৱে ৰিণিকি ৰিণিকি মনত পৰিছে…

মোক অকণমান বিষ দিয়া

মোৰ দেহৰ কোষত সৃষ্টি হোৱা এই বিষ

মই শুনিব বিচাৰিছো মোৰ দেহৰ আর্তনাদ

কি ক’ব বিচাৰিছে বাৰু?

খাদ্য লাগে, ৰক্ত লাগে নে ৰংবিহীন অক্সিজেন?

কিয় বাৰু কষ্ট দিছে মোৰ মনক?

ক’ত বাৰু এই বিষ?

মোৰ মাংসপেশীত?

মোৰ হাড়ত?

মোৰ গাঁঠিত?

মোৰ ছালত?

নে মোৰ মনত?

মোক অকণমান বিষ দিয়া……..

মোক অনুভৱ কৰিব দিয়া

এই বিষ

মোৰ বিষ

মোৰ কোষৰ আর্তনাদ–

একান্ত ব্যক্তিগত এই বিষ

নোৱাৰো ভগাব তোমাৰ সৈতে

বুজাব নোৱাৰো এই আর্তনাদ।

মোক অকমান বিষ দিয়া ।

মই মোৰ কোষবোৰক বুজিবলৈ…

মোক অকণমান বিষ দিয়া।

সম্পূৰ্ণ মনত নথকা মোৰ এই কবিতা সদৃশ আত্মানুভূতিৰ মূলটোৱেই হৈছে আমি সদায় অনুভৱ কৰা বিষ।

আজি আমি এই বিষৰ কাৰণসমূহৰ বিষয়ে আলোচনা কৰিম। প্ৰতিজন ব্যক্তিয়ে শৰীৰত বিষ অনুভৱ কৰে। চিকিৎসকক প্ৰায়বোৰ ৰোগীয়েই কয়—গাটো খুব বিষাই থাকে, কোনো কাম কৰিবলৈ মন নাযায়, শুই থাকিবলৈ মন যায়। আন কেতবোৰে কয়—খোজ কাঢ়িলে বিষায়, আৰাম কৰিলে ভাল পাওঁ। আৰু আন কেতবোৰ কয়—অনবৰতে বিষাই থাকে, না শুলে শান্তি না চলা-ফুৰা কৰিলে শান্তি। এনেবোৰ কথা আমি সদায়েই শুনিব লগা হয়।

কিয় বিষায় বাৰু?

১) মানসিক উত্তেজনা (tension)

শৰীৰ আৰু মনৰ এক নিবিড় সম্পৰ্ক আছে। শৰীৰৰ অনুভূতিয়ে মনক আৰু মনৰ অনুভূতিয়ে শৰীৰক প্ৰভাৱিত কৰে। আমি অত্যধিক চাপযুক্ত হৈ থাকিলে আমাৰ স্নায়ুসমূহ উত্তেজিত হৈ থাকে আৰু এনে অৱস্থাত শৰীৰৰ ৰক্ষাকাৰী কেতবোৰ তত্ত্ব যাক healing factor আৰু anti-inflammatory factor বুলি কোৱা হয়, তেনেবোৰ তত্ত্বৰ অভাৱ হ’বলৈ ধৰে, যাৰ ফলত শৰীৰত বিষ অনুভৱ হয়।

২) টোপনি ক্ষতি

টোপনি আমাৰ অতি প্ৰয়োজন। (আমাৰ গোটত ডাঃ মনোজ গোস্বামীয়ে টোপনিৰ ওপৰত এটি সুন্দৰ লেখা আগবঢ়াইছিল। মনত আছে চাগে’।) আমাক নিতৌ ৬-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন। ইয়াতকৈ কম তথা সুখকৰ নিদ্ৰা নহ’লে মস্তিষ্ক উত্তেজিত হৈ থাকে, যাৰ ফলত শৰীৰৰ মাংসপেশীসমূহো উত্তেজিত আৰু সংকুচিত অৱস্থাত থাকে। এনে অৱস্থাত লৰচৰ কৰিলেই গাৰ বিষ অনুভৱ হয়।

৩) ৰক্তহীনতা

ৰক্তহীনতা, যাক anaemia ৰোগ বুলি কোৱা হয়, এনে ৰোগত গাৰ বিষ হয়। আমাৰ তেজত হিমোগ্লবিনৰ পৰিমাণ কমি যোৱাকে এনিমিয়া ৰোগ বোলে। পুৰুষ, মহিলা তথা বয়স অনুপাতে বিভিন্ন ব্যক্তিৰ তেজত হিমোগ্লবিনৰ পৰিমাণ ভিন্ন ভিন্ন হয়। মহিলাৰ তুলনাত পুৰুষৰ তেজত ইয়াৰ পৰিমাণ বেছি। হিমোগ্লবিনে আমাৰ হাঁওফাঁওৰপৰা কোষবোৰলৈ অক্সিজেন কঢ়িয়াই নিয়ে। অক্সিজেন হ’ল কোষবোৰৰ ইন্ধন। এই ইন্ধনৰ সহায়ত কোষবোৰে বিভিন্ন লাগতিয়াল কৰ্ম সম্পাদন কৰে। অক্সিজেনৰ অভাৱত কোষবোৰে যথেষ্ট কষ্ট অনুভৱ কৰে কাৰণে শৰীৰটো বিষাবলৈ ধৰে। বিশেষকৈ  অকণমান কাম কৰিলেই ভাগৰি যোৱা, বুকু ধপধপাই থকা আদি আনুষংগিক লক্ষণো দেখা যায়।

৪) এলেহুৱা তথা আৰামী জীৱনশৈলী

মই চিকিৎসক হিচাপে এনে বহু ৰোগী পাইছো, যিয়ে সদায় দেহৰ কোনোবা নহয় কোনোবা এঠাইত বিষ অনুভৱ কৰে। পৰীক্ষাৰ অন্তত কোনো কাৰণ ওলাই নপৰে। যেতিয়া নিজৰ জীৱনশৈলীৰ কথা সোধো, তেতিয়াই ওলাই পৰে মূল কাৰণসমূহ।

         আমি আটায়ে এটি আৰামদায়ক জীৱন বিচাৰো। কিন্তু জানেনে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ প্ৰতিটো কোষৰ ক্রিয়াশীলতাৰ প্ৰয়োজন, লগতে তেজ-চলাচলো ঠিকমতে হোৱা দৰকাৰ। আৰামী জীৱনে কেতবোৰ কোষক অকৰ্মণ্য কৰি তোলে, যাৰ ফলত শৰীৰত বিষ অনবৰতে লাগি থাকে।

৫) কেলছিয়াম আৰু ভিটামিন ডিৰ অভাৱ

চহৰীয়া জীৱনশৈলীয়ে আমাক সূৰ্যৰ ৰশ্মিৰপৰা আঁতৰাই ৰাখিছে। সূৰ্যৰ ৰশ্মিত অতি বেঙুনীয়া আভা থাকে যাৰ সহায়ত আমাৰ ছালে ভিটামিন ডি উৎপাদনত সহায় কৰে। এই ভিটামিন ডিয়ে শৰীৰত কেলছিয়ামৰ ব্যৱহাৰত সহায় কৰে। ভিটামিন ডি অবিহনে কেলছিয়ামে কোনো কাম কৰিব নোৱাৰে। শুনি আচৰিত হ’ব যে বেছিভাগ ৰোগীৰ শৰীৰত আজিকালি এই ভিটামিনৰ যথেষ্ট অভাৱ দেখা যায়।

কেলছিয়ামৰ অভাৱতো শৰীৰত বিষ হয়।

৬) কেতবোৰ ৰোগ

ডায়েবেটিচ—অনিয়ন্ত্ৰিত ডায়েবেটিচ ৰোগীৰ স্নায়ুবোৰ বেয়াৰ পিনে যোৱাৰ ফলত মাংসপেশীৰ বিষ হোৱা দেখা যায়। কেতিয়াবা এই ৰোগ পুৰণা হলে বিষ ভাল পোৱাৰ কোনো পথ বাছি নাথাকে।

ফাইব্ৰ‘মায়েলজিয়া—এই ৰোগত মাংসাপেশীসমূহ কঠিন হৈ পৰে আৰু গোটেই গাটো বিষাবলৈ ধৰে।

ক্ৰনিক ফেটিগ চিণ্ড্ৰম—এই ৰোগত কোনো কাৰণ অবিহনে ৰোগীয়ে ভাগৰুৱা অনুভৱ কৰে। লগতে ডিঙিৰ বিষ, নিদ্ৰাহীনতা আদি লক্ষণো দেখা দিয়ে।

কেতবোৰ গাঁঠিৰ বিষ—অষ্টিঅ’আৰথ্ৰাইটিছ, ৰিউমাটইড আৰথ্ৰাইটিছ, চিষ্টেমিক লুপাছ ইৰেথিমেটচিছ,সংক্ৰমণজনিত আৰথ্ৰাইটিছ ইত্যাদি বিভিন্ন গাঁঠিৰ বিষত শৰীৰৰ বিষ হোৱা দেখা যায় (এই সম্পৰ্কত পিছলৈ লেখা এটি আগ বঢ়োৱা হ’ব বাবে ইয়াত বিতং আলোচনা কৰা হোৱা নাই)।

৭) সাধাৰণ ফ্লু—সাধাৰণ চৰ্দি জ্বৰত গাৰ বিষ হয়। ইয়াৰ কাৰণ শৰীৰত ভিতৰত হোৱা inflammatory response-অৰ বাবে।

৮) জলাল্পতা—যাক dehydration বুলি কোৱা হয়। শৰীৰৰপৰা পানীৰ পৰিমাণ কমি গ’লেও গাৰ বিষ হয়।

৯) কেতবোৰ আন সংক্রমণজনিত ব্যাধি—নিমোনিয়া, মনোনিউক্লিওচিছ, লাইম ডিজিজ, আন যি কোনো সংক্ৰমণত গাৰ বিষ হ’ব পাৰে।

১০) মাল্টিপুল স্ক্লেৰ’ছিছ (Multiple sclerosis)—স্নায়ুৰ আৱৰণত (myelin Sheath)

 বিষৰ প্ৰাদুৰ্ভাৱ

পৌৰাণিক আখ্যানমতে পৃথিৱীলোকত আগতে হেনো কোনো ৰোগেই নাছিল। আখ্যানমতে মহাদেৱ শিৱৰ ধ্যানভংগ কৰিবলৈ যেতিয়া কামদেৱে চেষ্টা চলাই আছিল, তেতিয়া মহাদেৱ শিৱৰ অত্যধিক খং উঠি তেওঁলৈ ত্ৰিশূলডাল মাৰি পঠিয়ায়। কামদেৱে ভয়ত বিতত হৈ ভগৱান বিষ্ণুৰ পিছপিনে গৈ লুকায়। ভগৱান বিষ্ণুৱে এই শৰপাত পৃথিৱীলোকলৈ নিক্ষেপ কৰে। তাৰ পিছৰপৰাই পৃথিৱীত বিষ ৰোগৰ সৃষ্টি হয়। শিৱৰ ত্ৰিশূলৰপৰা সৃষ্টি হোৱা বাবে এই ৰোগক (বিষক)শূল ৰোগ বুলি কোৱা হয়।

আমি বিষ কিয় অনুভৱ কৰো?

বিষত আমি  সদায় কেতবোৰ শব্দ ব্যৱহাৰ আঃ, উঃ, ইত্যাদি। এই শব্দকেইটাৰ সৃষ্টিৰ বাবে এক জটিল প্ৰক্ৰিয়াৰ প্ৰয়োজন। আমাৰ বিষ অনুভৱৰ বাবে জ্ঞানেন্দ্ৰিয়ৰ কেতবোৰ বিষ সংবহন কৰা স্নায়ুৰ প্ৰয়োজন যাক sensory nerve বুলি কোৱা হয়। আমাৰ অংগসমূহৰ লগত সংযোগী এই স্নায়ুসমূহে কিবা কাৰণত উত্তেজিত হ’লে এই উত্তেজনাসমূহ আমাৰ মেৰুদণ্ডৰ মাজেৰে প্ৰৱাহিত হৈ মস্তিষ্কৰ এক বিশেষ অংগ থালামাছ (Thalamus) লৈ যায়। থালামাছে আন কেতবোৰ অংশলৈ এই সংবেদনটো প্ৰৱাহিত কৰে। তাৰ পিছত মস্তিষ্কৰ ওপৰ অংশ, যাক sensory cerebral cortex বুলি কোৱা হয়, তালৈ প্ৰৱাহিত হয়। মস্তিষ্কৰ এই অংশলৈ বিষ সংবেদন গৈ পালেহে আমি বিষ অনুভৱ কৰো। এই sensory cortex-অৰপৰা কেতবোৰ সূক্ষ্ম স্নায়ুৰ সহায়ত motor cortexলৈ যায়। আৰু motor cortex-অৰপৰা আন এক জটিল প্ৰক্ৰিয়াৰে আমাৰ কৰ্মেন্দ্ৰিয়সমূহলৈ সংবেদনটো প্ৰৱাহিত হয় আৰু তেতিয়াই আমি উঃ, আঃ, আদি শব্দ উচ্চাৰণ কৰো। ভাবি আচৰিত লাগিছেনে এটি সামান্য শব্দৰ সৃষ্টিৰ বাবে ইমান জটিল প্ৰক্ৰিয়াৰ প্রয়োজন!

স্নায়ুবোৰ কিয় উত্তেজিত হয়?

আমাৰ আলোচনাত বিষৰ কাৰণসমূহ পৰিস্ফুট হৈছে নিশ্চয়? এই কাৰণসমূহৰ ফলত আমাৰ শৰীৰৰ কেতবোৰ কোষ নষ্ট হ’বলৈ ধৰে যাৰ ফলস্বৰূপে কেতবোৰ ৰাসায়নিক দ্ৰব্য নিঃসৰিত হয় (prostaglandin, bradykinin ইত্যাদি)। এই ৰাসায়নিক দ্ৰব্যসমূহে আমাৰ স্নায়ুৰ অন্তিম বাহ্য অংশ, যাক nerve endings বুলি কোৱা হয়, সেই nerve endings-অক উত্তেজিত কৰে যাৰ ফলত বিষ অনুভৱৰ উপৰিউক্ত প্ৰক্ৰিয়াসমূহ আৰম্ভ হয়।

আয়ুৰ্বেদিক দৃষ্টিভংগী

আয়ুৰ্বেদত বিষৰ কাৰণ আমাৰ শৰীৰৰ বায়ু দোষৰ বিসংগতি তথা প্ৰাধান্য হোৱাৰ বাবে হয়। এই বিষক বিভিন্ন নামেৰে জনা যায়; যেনে—শূল ৰোগ, বাত ৰোগ, অৰ্টি ৰোগ ইত্যাদি। তদুপৰি বিষত ভোগা ৰোগী এজনৰ বিষ অনুভূতিৰ বহুতো বৰ্ণনা পোৱা যায়। যেনে—

কুঠাৰিক—কুঠাৰ এখনেৰে আঘাত কৰিলে যেনে অনুভৱ হয়।

সূচিভিৰিব—বেজিৰে হানি দিয়াৰ অনুভৱ।

ছিদ্যতে—ফালি দিয়াৰ অনুভৱ।

ভেদ্যতে—হানি দিয়াৰ দৰে।

কুঞ্জন—spasmodic pain ইত্যাদি।

এনে ধৰণৰ প্ৰায় ৮০ প্ৰকাৰমান বিষৰ অনুভূতিৰ বৰ্ণনা পোৱা যায়।

আয়ুৰ্বেদিক বিষৰ কাৰণসমূহ কেতবোৰ খাদ্যাভ্যাস, যেনে—শুকান খাদ্য, ভজা-পোৰা, ঠাণ্ডা খাদ্য, অত্যধিক জলা, তিতা, কেঁহা খাদ্য ইত্যাদিৰ লগতে কেতবোৰ কৰ্ম, যেনে—অত্যধিক পৰিশ্ৰম কৰা, অতিপাত ঠাণ্ডা লগোৱা, নিদ্ৰাহীনতা, শাৰীৰিক আঘাত, আগতে খোৱা অন্ন হজম নহওঁতে পুনৰ অন্ন গ্ৰহণ কৰা, বিৰুদ্ধ ভোজন কৰা, এলেহুৱা জীৱন-প্ৰণালী ইত্যাদি। এনেবোৰ কাৰণত শৰীৰত বায়ু দোষ হয় আৰু বিষ ৰোগৰ সৃষ্টি হয়। তদুপৰি বিভিন্ন ৰোগৰ সন্দৰ্ভত বিষ ৰোগৰ বৰ্ণনা পোৱা যায়।

গাৰ বিষৰপৰা পৰিত্ৰাণ পোৱাৰ উপায়

আমি গম পালো যে টোপনি কম হ’লে, মানসিক অস্থিৰতা, ৰক্তহীনতা, এলেহুৱা জীৱনশৈলী, কেতবোৰ ৰোগ, যেনে—Rheumatoid Arthritis, Osteoarthritis, Fibromyalgia, Rheumatic Arthritis, Chronic Fatigue Syndrome, জলাল্পতা, কেতবোৰ সংক্ৰমণজনিত ৰোগ, ভিটামিন Dৰ অভাৱ, কেলছিয়াম, মেগনেছিয়াম আৰু অন্য ভিটামিনৰ অভাৱত শৰীৰত বিষ অনুভৱ কৰিব পাৰে। সেয়েহে শৰীৰত বিষ অনুভৱ কৰিলে উপর্যুক্ত কোনটো কাৰণত বিষ হৈছে তাক বিচাৰ কৰি চোৱা দৰকাৰ। তথাপি কেতবোৰ সাৱধানতাই আপোনাক এনে অশান্তিৰপৰা দূৰত ৰাখিব পাৰে।

আপোনাৰ কৰ্তব্য

১) নিতৌ আপুনি ৬-৮ ঘণ্টা শোৱা দৰকাৰ। অত্যধিক পৰিশ্ৰম হ’লে ৮ ঘণ্টা আৰু কম পৰিশ্ৰমৰ ক্ষেত্ৰত ৬ ঘণ্টা শুব লাগে।

২) এলেহুৱা জীৱন পৰিত্যাগ কৰক। সদায় ৰাতিপুৱা ৩০ মিনিটৰপৰা এঘণ্টা বেগাই খোজ কাঢ়ক। খোজ কাঢ়িলে আমাৰ তেজ চলাচল ভাল হয় আৰু বিষ উৎপাদনকাৰী তত্ত্বসমূহৰ বিলুপ্তি ঘটে।

৩) দৈনিক পর্যাপ্ত পৰিমাণে পানী খাওক।

৪) কেতবোৰ যোগাসন কৰক; অন্তত: প্ৰাণায়াম ২০ মিনিটকৈ কৰক। প্রাণায়ামে শৰীৰত পর্যাপ্ত পৰিমাণৰ অক্সিজেন যোগান ধৰাত সহায় কৰে, যি আমাৰ কোষৰ চালিকা শক্তি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: গাৰ বিষ
Anjan Sarma

Anjan Sarma

Related Posts

The fountain of youth
Lifestyle

The fountain of youth

by Angshuman Dutta
July 7, 2026
0

The fountain of youth Angshuman Dutta Do you want to get older? I am sure we all want to hold...

Read moreDetails
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 30, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

June 29, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
From New York to Europe to Malaysia: a new generation of food policies is ready for adoption

From New York to Europe to Malaysia: a new generation of food policies is ready for adoption

June 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026
Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d