• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 13, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Entertainment

গীতা টেণ্ডন : এগৰাকী সাহসী নাৰী!

ASSAMESE SECTION / Women / Gita Tandon / Inspiration

by PAHARI BARUAH
February 7, 2022
in ASSAMESE SECTION, Inspiration, Women
Reading Time: 2 mins read
0
গীতা টেণ্ডন : এগৰাকী সাহসী নাৰী!
Share on FacebookShare on TwitterShare on LinkedIn

গীতা টেণ্ডন : এগৰাকী সাহসী নাৰী !

পাহাৰী বৰুৱা 

Pahari Baruah
পাহাৰী বৰুৱা 

অতি কম বয়সতেই মাতৃক হেৰুওৱা, ১৫ বছৰ বয়সত বাল্য বিবাহৰ বলি, ১৬ বছৰত অকাল মাতৃত্বৰ বোজা, স্বামীৰ ঘৰত অবৰ্ণনীয় মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ বলি, এতিয়া বলিউডৰ বিখ্যাত সাহসী নাৰী ‘ষ্টাণ্টৱোমেন’ গীতা টেণ্ডনৰ বিষ্ময়কৰ যাত্ৰা…..

চোকা গ্লাচৰ মাজেৰে জাপ মৰা, অতি তীব্ৰ গতিত ভয়ানক ৰাষ্টাৰ মাজেৰে গাড়ী চলোৱা , জুইৰ মাজেৰে দৌৰি যোৱা ধৰণৰ ‘ষ্টাণ্ট’ কৰাতো হয়তো আমাৰ বাবে কল্পনাৰো বাহিৰত।

কিন্তু ৩১ বছৰীয়া গীতাৰ বাবে এই বিপদজনক ষ্টাণ্টবোৰেই জীয়াই থকাৰ একমাত্ৰ অনুপ্ৰেৰণা, একমাত্ৰ সম্বল।

Gita Tandon
গীতা

এসময়ত নিজেই নাৰকীয় যন্ত্ৰ্নাৰ ভুক্ত্ভোগী, গীতা এতিয়া বহুতৰে বাবে দৃঢ় সাহস আৰু মনোবলৰ জীবন্ত উদাহৰণ। গীতায়ে ইণ্টাৰভিউ এটাত কোৱা তেওঁৰ জীৱনৰ কথাকেইটামান কথাৰ অনুবাদ এইধৰনৰ,

“মই মাত্ৰ ১৫ বছৰ বয়সৰ আছিলো যেতিয়া মোৰ বিয়া পাতি দিয়া হৈছিল। ১০ বছৰ বয়সতে মোৰ মা ঢুকাইছিল। মাক হেৰুৱাৰ বেজাৰ আৰু চাৰিটাকৈ ল’ৰা ছোৱালীৰ দায়িত্ব অকলে ল’ব লগিয়া হোৱাত দেউতাৰ অৱস্থা শোচনীয় হৈ পৰিছিল। ওচৰ-চুবুৰীয়া আৰু ঘৰুৱা মানুহৰ হেঁচাত মোৰ বিয়াৰ কাৰনে ল’ৰা চোৱা আৰম্ভ হ’ল আৰু দুদিনৰ ভিতৰতে মোৰ এটা ধনী ঘৰৰ লৰাৰ লগত বিয়া হৈ গ’ল।

RelatedPosts

RACHNA NATH from ASSAM Selected for Analog Astronaut Mission

Rachna Nath in conversation with Mahabahu

July 13, 2025
ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

July 13, 2025
বাংলাদেশৰ অসমীয়া

বাংলাদেশৰ অসমীয়া

July 12, 2025

বিয়াৰ প্ৰথম দিনা মোৰ স্বামীয়ে আবেলিৰ পৰা মদ খোৱা আৰম্ভ কৰিলে। তেঁও খোৱাৰ প্লেট এখন মাতিত দলিয়াই মোক আদেশ দিলে চাফা কৰিবলৈ আৰু কলে যে মই তাৰ চাকৰহে।মই নকৰো কোৱাত তেঁওৰ মাকে ক’লে ‘তাইক লৈ যা, কাপোৰ ফালি মজা দে তাইক, মুখ চলাব আহিছে’ আৰু সেইদিনৰ পৰা আৰম্ভ হ’ল মোৰ নাৰকীয় জীৱন।

সদায় আবেলি মদ খাই মোৰ স্বামিয়ে মোৰ ওপৰত চৰ, গোৰ, ধৰ্ষণৰ পৰা আৰম্ভ কৰি সকলো ধৰনৰ অত্যাচাৰ চলাইছিল।১৬ বছৰ বয়সত মোৰ প্ৰথম সন্তান জন্ম হৈছিল আৰু তাৰ দুবছৰ পিছতেই দ্বিতিয় সন্তানো। মই ভাবিছিলো সন্তান হোৱাৰ পিছত মোৰ ওপৰত অত্যাচাৰ কমিব কিন্তু দূৰ্ভাগ্যজনকভাবে অত্যাচাৰ দিনক-দিনে বাঢ়ি হে গ’ল। মোৰ সন্তানে ভোকত কান্দি থাকে আৰু মোৰ স্বামিয়ে মোক সিহঁতৰ ওচৰলৈ যাবলৈ নিদি মোক একেলেঠাৰিয়ে মাৰি থাকে।

আনকি চিলিণ্ডাৰেদিও সি মোক মাৰিছিল। এদিন মোৰ মূৰতো ৱালত জোৰত কেইবাবাৰো মাৰি আছিল। ৫-৬ বাৰমান মৰা পিছত মোৰ মূৰ ঘুৰোৱা আৰম্ভ হ’ল আৰু অত্যাচাৰ সহ্য কৰিব নোৱাৰি মই সেইদিনা ওচৰৰ পুলিচ ষ্টেচন এটালৈ অটো এখন লৈ গলো। তাত পুলিচ বিষয়া কেইজনক সকলো কোৱাৰ পিছত তেঁওলোকৰ কথাবোৰ এনেধৰণৰ আছিল ‘কোনে মাৰিলে? নিজৰ স্বামীয়ে? ১০ দিন মান মিতিৰ-কুতুম্বৰ ঘৰত থাকি আহ, নিজে নিজে ঠিক হৈ যাব, এইবোৰ ঘৰুৱা কথা ঘৰতে থাকিব দে’।

তেতিয়া মই ঠিক কৰিলো যে মই নিজেই সেই জঘন্য ঠাইৰ পৰা আতঁৰি আহিব লাগিব, নহলে ইয়াত এনেকৈয়ে এদিন কৰুণ মৃত্যু আকোঁৱালি ল’ব লাগিব। মই মোৰ স্বামীক এদিন চিধা-চিধিকৈ ক’লো যে মই তাক এৰি গুচি যাব বিছাৰিছো।সি সেইটো শুনি ইমান বেছিকৈ মাৰ-পিত কৰিব লাগিলে যে মোৰ বৰজনাকে নিজেই মোক পলোৱাত সহায় কৰি দিলে। মই এখন হাতত লৰাটো আৰু কোলাত ছোৱালিজনী লৈ ৰাষ্টাৰ মাজেৰে দৌৰিব আৰম্ভ কৰিলো। সি পিছে পিছে দা এখন লৈ মোক খেদি আহিছিল।

মই ৰাতি তেনেকৈয়ে দৌৰি দৌৰি মোৰ বাইদেউৰ ঘৰ পালোগৈ। মোৰ ভিনডেউৱে মোৰ অৱস্থা দেখি মোক ক’লে যে ‘তই মোৰ ভণ্টিৰ দৰেই, তই ইয়াতে থাকিব পাৰিবি’। সেইকেইটা কথা মোৰ কাৰনে অমৃত সাদৃশ্য আছিল। বাহঁতৰ লগত বহুত শান্তিত ১০ দিন মান থাকিলো কিন্তু মোৰ স্বামীয়ে মই তাত আছো বুলি গম পাই ভিনডেউৰ ৰিক্সাখন এদিন জলাই দিলে।

বাৰ শাহুৱেকে তেতিয়া মোৰ কাৰণে সিহঁতৰ অশান্তিহে হ’ব বুলি মোক তাৰ পৰা গুছি যাবলৈ ক’লে। মই মোৰ লৰা-ছোৱালীহাল লৈ বাবাজী এজনৰ লগত কথা পাতি গুৰুদ্বাৰা এটাত থাকিব ল’লো। তেঁও মোক কম্বল এখন আৰু গুৰুদ্বাৰাত তৈয়াৰ কৰা খাদ্য্ৰ ওপৰিও লৰা-ছোৱালি কেইতাক গাখিৰ খাবলৈ দিলে।তেনেকৈ ৫ দিনমান থকাৰ পিছত লৰা-ছোৱালিহালৰ মুখলৈ চাই ভাবিলো যে সিঁহতক মানুহ কৰিবলৈ উপাৰ্জন কৰিবই লাগিব।কাম বিছাৰি দিনটো খোজকাঢ়ি ঘূৰি ফুৰা আৰম্ভ কৰিলো।

এদিন মানুহ এগৰাকিক লগ পালো। তেঁও মোক ঘৰ এটা ঠিক কৰি দিলে থাকিবলৈ। তাত থকা ৩দিন মান যোৱাৰ পিছত তেঁও এদিন আহি মোক সুধিলে লৰা-ছোৱালিৰ ভৱিষ্যতৰ কথা কি ভাবিছো মই। আৰু লগতে ক’লে যে ঘৰৰ মালিকজন অকলশৰীয়া আৰু মোক উপদেশ দিলে যে মই যদি তেঁওক স্ংগ দিও মোৰ ভৱিষ্যতৰ চিন্তাবোৰ বহুত কমি যাব। তেওঁৰ কথা শুনি সেইদিনায়েই লগে লগে সেইটো ঘৰ খালি কৰি দিলো আৰু বাইদেউহতঁৰ ঘৰলৈ গ’লো।

বায়ে মোক মেছ এটাৰ বিজ্ঞাপন এটা দেখুৱাই তাত কিবা কাম ওলাব পাৰে বুলি সুধি আহিব কলে। এটা কাম পালো- মেছটোৰ বাবে ২৫০খনকৈ ৰুটি ৰাতিপুৱা আৰু ২৫০ খন আবেলি বনাব লাগে। ১২০০টকা দিব বুলি ক’লে। তাত কাম কৰি থাকোতে নতুন ভাড়াঘৰ এটাও ললো। তাত ওচৰে পাজৰে কেইজনিমান ছোৱালিৰ লগত বন্ধুত্ব গঢ়ি উঠিল।

সিঁহতি সদায় সাজি-কাচি কামলৈ গৈছিল আৰু মোক কৈছিল যে মাছাজ পাৰ্লাৰ এটাত কাম কৰে।সিহঁতৰ কাম ইমান কষ্টকৰ নহয় আৰু দৰ্মহাও ভাল বুলি কোৱাত মই ও আগ্ৰ্হ দেখুৱালো কামটোৰ প্ৰ্তি। এদিন সিঁহতৰ লগতে গ’লো। পিছে তাত গৈ গম পালো যে তাত মাছাজৰ নামত বেলেগ ব্যৱসায় হে চলিছিল। সেইটো কথা গম পাই তাৰ পৰা প্ৰায় দৌৰি অহাদিয়েই গুচি আহিলো। কান্দিলো খুউব, যিকোনো কামেই কৰিম কিন্তু দেহ ব্যৱসায় নকৰো বুলি সিদ্ধান্ত ল’লো। ভগৱানক প্ৰাৰ্থনা কৰিলো যাতে ভিক্ষা খুজিব লগা অৱস্থা নহয়।

তাৰ পিছত মোৰ দেউতাক জোৰ কৰিলো মোক কাম বিচাৰি দিবলৈ। দেউতায়ে পঞ্জাবী খুৰা এজনৰ ফন নাম্বাৰ দিলে। তেঁওৰ নিজৰ ‘ভাংগ্ৰা’ নচা ডাঞ্চ গ্ৰুপ এটা আছিল। বিয়া আদিত নাছিছিল।তেওঁ মোক নিজৰ গ্ৰুপত অন্তৰ্ভূত কৰি ল’লে। প্ৰথম দিনা তেওঁলোকৰ লগত বিয়া এখনত নাছিলোগৈ।দিনটোৰ শেষত ৪০০ টকা দিলে তেঁও মোক। এদিন চিনেমাৰ ‘ছুটিং’ এটাত নাচিব যাওঁতে বান্ধবী এজনি লগ পালো। তাই মোক সুধিলে চিনেমাত ‘ষ্টাণ্ট’ কৰিব ইচ্ছা আছে নেকি।

তেতিয়ালৈকে মই তেনেকুৱা ধৰণৰো যে চাকৰি থাকে গমেই পোৱা নাছিলো। মই লগে লগে ৰাজি হৈ গলো। প্ৰথম কাম লাডাখত আছিল। মোক ‘firesuit’ পিন্ধাই জুই লগাই দিয়া হৈছিল।প্ৰ্থম কামৰ দিনায়েই মোৰ মুখত বেয়াকৈ জুইয়ে পুৰিছিল কিন্তু মই এইটো কাম কৰিম বুলি মনটো ভালকৈ বান্ধি লৈছিলো। লাগতিয়াল প্ৰশিক্ষন খিনি লোৱাৰ পিছত বিভিন্ন চিনেমাত কাম কৰাৰ সুযোগ পালো। যদিও মাজে মাজে দূৰ্ঘটনাৰ সন্মূখীন হৈছিলো এতিয়া পিছে মই যিকোনো গাড়ী বা বাইক অনায়াসে চলাব পাৰো আৰু পুৰুষ প্ৰ্ধান এইটো বৃত্তিত সমানে ফেৰ মাৰি যিকোনো ধৰণৰ ষ্টাণ্ট কৰিব পাৰো।”

     এতিয়া গীতাৰ লৰা আৰু ছোৱালিৰ বয়স ক্ৰমাৎ ১৬আৰু ১৪ বছৰ। তেঁওৰ বছৰি উপাৰ্জন প্ৰায় ৭-৮ লাখ আৰু নিজৰ কৰ্মৰ বলত মালাড ত এটা ধুনিয়া ঘৰৰো অধিকাৰি।

তেঁও আৰু কয় যে তেঁও ছোৱালিবোৰৰ বাবে এখন আত্ম-ৰক্ষাৰ পদ্ধতি শিকোৱা স্কুল খুলিবৰ বাবে আগ্ৰ্হী।তেঁওৰ মতে মানুহৰ জীৱনটো বৰ অনুপম কিন্তু লগতে বহুত ছুটিও, জীৱনত বহুত ঘাট-প্ৰ্তিঘাট, ভাল-বেয়া, সুখ-দুখ পাৰ কৰি আগবাঢ়িব লগিয়া হয়, কিন্তু মানুহে কেতিয়াও কোনো ক্ষেত্ৰ্তে হাৰ নামানি সদায় আগুৱাই যাব লাগে। তেঁওৰ লৰা-ছোৱালীয়েও কয় যে মাকে সিঁহতৰ কাৰনে বহুত কৰিছে আৰু গীতাৰ সাহস আৰু সফলতাত সিহঁতি বহুত গৌৰব অনুভৱ কৰে।

     গীতা টেণ্ডনে ইতিমধ্যে বলিউদৰ অভিনেত্ৰী যেনে পৰিনীতি ছোপ্ৰা, আলিয়া ভাট্ট, কৰিণা কাপুৰ, দিপিকা পাডুকনৰ বাবে ‘ষ্টাণ্ট-ডাবুল’ হিচাপে কাম কৰিছে। তেঁওৰ জীৱন কাহিনী যাতে সম্পৰ্কৰ খাতিৰত বিভিন্ন অতিশয্যা নীৰৱে সহি থকা মহিলাসকলৰ বাবে সাহস আৰু প্ৰেৰণাৰ উৎস হৈ উঠক। এনেবোৰ অসাধাৰণ মহিলাৰ উদ্দ্যম আৰু জীৱনৰ প্ৰ্তি ভালপোৱা সচাঁকৈয়ে প্ৰ্শ্ংসনীয়। তেঁওৰ আহি থকা দিনবোৰ যেন ভাল সময়ৰে উপচি পৰক।

geeta tandon

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: গীতা টেণ্ডনষ্টাণ্টৱোমেন
PAHARI BARUAH

PAHARI BARUAH

Related Posts

RACHNA NATH from ASSAM Selected for Analog Astronaut Mission
PEOPLE OF ASSAM

Rachna Nath in conversation with Mahabahu

by Kakali Das
July 13, 2025
0

Rachna Nath in conversation with Mahabahu, "What I am today is shaped by what I learned growing up in Assam."...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

July 13, 2025
বাংলাদেশৰ অসমীয়া

বাংলাদেশৰ অসমীয়া

July 12, 2025
Deroi Tea: Brewing the next Tea Revolution with Carbon-Free dried tea

SURJYA & SUDARSHAN: Carbon-Free DEROI Tea Revolution from Assam!

July 12, 2025
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 11, 2025
Rapid Arctic Ice Meltdown: New Research Predicts Ice-Free Summers by 2030s !

বৰফবিহীন পৃথিৱী: সুমেৰু, কুমেৰু, তৃতীয় মেৰু, অসম আৰু হ’ব পৰা সংকট !

July 9, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
RACHNA NATH from ASSAM Selected for Analog Astronaut Mission

Rachna Nath in conversation with Mahabahu

July 13, 2025
WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average

WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average

July 13, 2025
ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

July 13, 2025
The World Is Suffering From A Human Rights And Moral Crisis

The World Is Suffering From A Human Rights And Moral Crisis

July 13, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12778 shares
    Share 5111 Tweet 3194
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    596 shares
    Share 238 Tweet 149
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1608 shares
    Share 643 Tweet 402
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1278 shares
    Share 511 Tweet 320
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3224 shares
    Share 1290 Tweet 806
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5661 shares
    Share 2264 Tweet 1415
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2249 shares
    Share 900 Tweet 562
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    994 shares
    Share 398 Tweet 249
  • Global Outcry Over Iran’s Attack on Israel: The Escalating Middle East Tensions

    165 shares
    Share 66 Tweet 41
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    206 shares
    Share 82 Tweet 52
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d