• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, April 1, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

গুজৰাট, বিবিচি, আয়কৰ বিভাগ, গালিৱৰ গজল, চৌৰাচিয়াৰ বাঁহী..!

অঞ্জন শৰ্মা

by Admin
February 26, 2023
in Politics, Media, National, Newspaper, World
Reading Time: 5 mins read
0
গুজৰাট, বিবিচি, আয়কৰ বিভাগ, গালিৱৰ গজল, চৌৰাচিয়াৰ বাঁহী..!
Share on FacebookShare on TwitterShare on LinkedIn

গুজৰাট, বিবিচি, আয়কৰ বিভাগ, গালিৱৰ গজল, চৌৰাচিয়াৰ বাঁহী..

অঞ্জন শৰ্মা

Gujrat

ভাৰতৰ আয়কৰ বিভাগৰ মতে নৰেন্দ্ৰ মোডীৰ চৰকাৰে এই সপ্তাহত দিল্লী আৰু মুম্বাইত থকা বিবিচিৰ কাৰ্যালয়ত অভিযান চলাবলৈ কেইবা ডজন বিষয়া প্ৰেৰণ কৰাটো সঠিক সিদ্ধান্তই আছিল।

কাৰণ ব্ৰিটিছ ৰাজহুৱা সম্প্ৰচাৰক কোম্পানীটোৱে কিছুমান খেলিমেলি কৰি আহিছে। কিন্তু আয়কৰ বিভাগৰ এইধৰণৰ ব্যাখ্যা কোনেও এক চেকেণ্ডৰ বাবেও যে বিশ্বাস নকৰে সেই সম্পৰ্কে আয়কৰ বিভাগেও নজনা নহয়। 

কিন্তু এনে অভিযান সম্পৰ্কে ভাৰতৰ মূলসুঁতিৰ সংবাদ মাধ্যমে যিধৰণে প্ৰতিবাদ কৰিব লাগিছিল, বা আদানীৰ কেলেংকাৰীৰ বিৰুদ্ধে মোডীয়ে এটাও টু শব্দ উচ্চাৰণ নকৰা বাবে যিদৰে সৰৱ হ’ব লাগিছিল – তেনে দেখা নগ’ল আৰু সেয়াই এতিয়া ‘স্বাভাৱিক’ হৈ পৰিছে।

এয়া ধুৰূপ যে ভাৰতৰ সংবাদ মাধ্যমে এতিয়া প্ৰতিদিনে নিজৰ গৰিমা হেৰুৱাই আছে আৰু আজি বালীলৈ যিপাট, অহাকালি সুগ্ৰীৱলৈও যে সেইপাট – সেয়া জানিও অমৃতকালত অমৃত পান কৰি আছে!

RelatedPosts

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

March 31, 2023
মেডিয়া ট্ৰাস্ট অসমৰ দ্বাৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ

মেডিয়া ট্ৰাস্ট অসমৰ দ্বাৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ

March 31, 2023
Wall Street Journal reporter detained in Russia

Wall Street Journal reporter detained in Russia

March 31, 2023

যিয়েই নহওক, গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে নৰেন্দ্ৰ মোদীক দোষাৰোপ কৰি নিৰ্মাণ কৰা বিবিচিৰ তথ্যচিত্ৰখন নৰেন্দ্ৰ মোদীৰ চৰকাৰে চোছিয়েল মেডিয়াত নিষিদ্ধ কৰাৰ কিছুদিন পিছতেই ১৪ ফেব্ৰুৱাৰী তাৰিখে পুৱাৰ ভাগতেই বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত অতৰ্কিতে তালাচী অভিযান কিয় চলালে সেয়া বুজিবলৈ কাৰো বাকী নাই।

মূলতঃ, যোৱা মাহত (কেৱল ভাৰতৰ বাহিৰত) বিবিচিয়ে দুটা খণ্ডৰ তথ্যচিত্ৰ “ভাৰত: মোডী প্ৰশ্ন” প্ৰচাৰ কৰাৰ পিছতে আয়কৰ বিভাগৰ এই অভিযান চলোৱা হৈছে আৰু দুয়ো স্থানত আয়কৰ বিভাগৰ ৪০/৫০ জন বিষয়াই অংশগ্ৰহণ কৰিছে। বিবিচিৰ সাংবাদিক সকলৰ মোবাইল ফোন আৰু লেপটপ জব্দ কৰা হৈছে। ১৪ ফেব্ৰুৱাৰী তাৰিখৰ ৬ ঘন্টাৰ তালাচীত সাংবাদিক সকলৰ একাউণ্টছ তথা একাউণ্ট বুক পৰীক্ষা কৰা হয়।

কিন্তু হাস্যকৰভাবে এই অভিযানক আয়কৰ বিভাগে ‘তালাচী’ বুলি কোৱা নাই, ‘জৰীপ’ বুলিহে কৈছে!

গুজৰাট, বিবিচি, আয়কৰ বিভাগ, গালিৱৰ গজল, চৌৰাচিয়াৰ বাঁহী..!

  বিবিচিৰ তথ্যচিত্ৰখনত ভাৰতৰ ২০০ নিযুত মুছলমানক দমনৰ বাবে মোডীৰ কেৰিয়াৰজোৰা প্ৰচেষ্টাৰ তালিকা প্ৰস্তুত কৰা হৈছে। তথ্যচিত্ৰখনত, ২০০২ চনত গুজৰাটত সাম্প্ৰদায়িক হিংসাৰ প্ৰাদুৰ্ভাৱত মোডীৰ ভূমিকা পৰীক্ষা কৰা হৈছে। মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে থকা সময়ছোৱাত হোৱা সংঘৰ্ষৰ সময়ছোৱাত ১০০০ৰো অধিক লোকৰ মৃত্যু হৈছিল, ইয়াৰে অধিকাংশই মুছলমান আছিল।

ডজন ডজন মুছলমান মহিলা আৰু ছোৱালীক ধৰ্ষণ কৰি ‘হিন্দু’ আক্ৰমণকাৰীয়ে জীৱন্তে জ্বলাই দিয়াৰ পটভূমিত নিৰ্মিত তথ্যচিত্ৰখনে বহুদিনৰ পৰা বুকু ফুলাই থকা ‘হিন্দু নেতা’জনক অস্বস্তিত পেলাইছে। bbcৰ তথ্যচিত্ৰখনত ব্ৰিটিছ চৰকাৰৰ হিংসাত্মক পৰিস্থিতিৰ ওপৰত প্ৰকাশিত অপ্ৰকাশিত প্ৰতিবেদনৰো উদ্ধৃতি দিয়া হৈছে আৰু মুছলমানৰ বিৰুদ্ধে সংগঠিত অভিযানৰ বৰ্ণনা কৰা হৈছে। ইয়াত হিংসাক সক্ষম কৰা পৰিৱেশ পৰিস্থিতিৰ বাবে বাবে মোডীক “প্ৰত্যক্ষভাৱে দায়ী” বুলি গণ্য কৰা হৈছে।

G20ৰ সভাপতিত্ব ভাৰতে কৰাৰ পটভূমিত সৰ্বত্ৰতে অশোক স্তম্ভৰ পৰিৱৰ্তে সৰ্বসাধাৰণৰ কৰ-কাটলৰ ধনেৰে মোডীৰ ফটো দৃশ্যমান কৰাৰ সময়তে বিবিচিৰ এনে তথ্যচিত্ৰই মোডীক অশান্তি দিয়া হেতুকে তেওঁৰ চৰকাৰে ছ’চিয়েল মিডিয়াকে ধৰি ভাৰতত এই তথ্যচিত্ৰখন নিষিদ্ধ কৰিবলৈ “জৰুৰীকালীন” ক্ষমতা প্ৰয়োগ কৰিছে।

মোডীৰ চৰকাৰে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে ঘৃণা কৰা শিক্ষা প্ৰতিষ্ঠান দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে তথ্যচিত্ৰখন প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া কৰ্তৃপক্ষই বিদ্যুৎ কৰ্তন কৰিছিল। শাসকীয় দলটোৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই ব্ৰিটিছ সম্প্ৰচাৰক কোম্পানীটোক “বিশ্বৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত সংগঠন” বুলি অভিহিত কৰিছে, আৰু কৈছে যে বিবিচি “ভাৰতৰ বিৰুদ্ধে ঘৃণা-ইন্ধন যোগোৱা কাম”ত নিয়োজিত হৈ আছে।

গুজৰাট, বিবিচি, আয়কৰ বিভাগ, গালিৱৰ গজল, চৌৰাচিয়াৰ বাঁহী..!
Gujrat Communal Riots. Times of India

‘এডিটৰ্ছ গিল্ড অফ ইন্ডিয়া‘ই আয়কৰ বিভাগৰ এনে অদ্ভূত অভিযানক গৰিহণা দিছে আৰু উদ্বেগ প্ৰকাশ কৰি কৈছে যে শাসন ব্যৱস্থা তথা চৰকাৰী নীতিৰ সমালোচনা কৰা সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে চৰকাৰে আক্ৰোশমূলক ব্যৱস্থা লৈ হাৰাশাস্তি কৰিছে। এমনেষ্টি ইন্টাৰনেছনেলেও কৈছে যে শাসনাধিষ্ট বিজেপি চৰকাৰক আৰু মোডীক সমালোচনা কৰা বাবেই চৰকাৰে বিবিচিক হাৰাশাস্তি কৰিছে।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কৈছে যে যিসময়ত আমি আদানীৰ কেলেংকাৰীৰ তদন্তৰ বাবে জেপিচি( যুটীয়া সংসদীয় কমিটি)ৰ দাবী কৰিছো, সেই সময়ত কেন্দ্ৰ চৰকাৰে জপিয়াই পৰিছে বিবিচিৰ পিছত। আদানীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে এটা টু শব্দও উচ্চাৰণ কৰা নাই। এনে অভিযান হ’ল বিনাশ কালত বিপৰীত বুদ্ধি!

বিবিচিয়ে তথ্যচিত্ৰৰ নিৰ্মাণৰ পটভূমিত, ভাৰতত দীৰ্ঘদিনীয়া আৰু বেদনাদায়ক জটিলতা আশা কৰিব পাৰে। প্ৰধানমন্ত্ৰী বা তেওঁৰ দলৰ দোষ বিচাৰিবলৈ সাহস কৰা সকলক ভয় খুৱাবলৈ বা দুৰ্বল কৰিব খোজা সময়ত মোডী প্ৰশাসনে বিভিন্ন প্ৰক্ৰিয়াৰে হাৰাশাস্তি কৰাটো এতিয়া এক এক কৌশলত পৰিণত হৈছে। ২০২০ চনত এমেনেষ্টি ইণ্টাৰনেশ্যনেলৰ বেংক একাউণ্ট ফ্ৰীজ হোৱাৰ পিছত তেওঁলোকে ‘ইণ্ডিয়া অপাৰেচন’ বন্ধ কৰিবলৈ বাধ্য হৈছিল।

যোৱা বছৰ অক্সফাম ইণ্ডিয়াই আৰু দিল্লীৰ এটা থিংক টেংক চেণ্টাৰ ফৰ পলিচি ৰিচাৰ্চেও আয়কৰ বিভাগৰ অভিযানৰ সন্মুখীন হৈছিল।

gauri lankesh
গৌৰী লংকেশ!

মোডী চৰকাৰৰ কাম-কাজক লৈ আপত্তি কৰা ভাৰতৰ সংবাদ মাধ্যম, সাংবাদিক আৰু কৰ্মীসকল ক্ষতিগ্ৰস্ত হৈ থকাটো এতিয়া এক স্বাভাৱিক বিষয় হৈ পৰিছে। চৰকাৰেই হওক বা মোডী চৰকাৰৰ প্ৰশংসকেই হওক, তেওঁলোকৰ প্ৰতিশোধৰ ভিতৰত বিজ্ঞাপন কৰ্তন, বিচাৰ অবিহনে আটক কৰা আৰু ভিন্ন মতাদৰ্শৰ সাংবাদিক তথা সমালোচকক হত্যা পৰ্যন্ত কৰা ( যেনে, গৌৰী লংকেশ) আদি অন্তৰ্ভুক্ত হৈছে।

 ৱেবছাইটত উপলব্ধ ‘ৱায়াৰ’ৰ স্তম্ভলেখক অপূৰ্বানন্দই আঙুলিয়াই দিয়াৰ দৰে নিউয়ৰ্কস্থিত শ্বৰ্ট চেলাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চেও ভাৰতত কাৰ্য্যকলাপ চলালে প্ৰতিশোধৰ লক্ষ্য হ’ব। আদানি গ্ৰুপৰ বিত্তীয় ব্যৱস্থাৰ ওপৰত কৰা বিশ্লেষণৰ ফলত ভাৰতৰ অন্যতম বৃহৎ সংঘবদ্ধ কোম্পানীটোৱে ষ্টক মাৰ্কেটৰ মূল্য ১৩০ বিলিয়ন ডলাৰ হেৰুৱাইছিল।

আৰু উল্লেখযোগ্য যে প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক তথা মূল শ্বেয়াৰহোল্ডাৰ গৌতম আদানী মোডী ডাঙৰীয়াৰ ঘনিষ্ঠ কৰ্পৰেট মিত্ৰ। হিণ্ডেনবাৰ্গ, সেয়েহে বিবিচি, এম্নেষ্টী, মিছেছ লংকেশ আৰু বাকীসকলৰ দৰে একেটা ভাৰত বিৰোধী ষড়যন্ত্ৰৰ অংশ হ’ব লাগিব। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে মোডী চৰকাৰৰ বাবে আদানী একেবাৰে ধোৱা তুলসীৰ পাত।

এই সময়ত, ভাৰতৰ সংবাদ মাধ্যমৰ যি ভূমিকা, তাৰ ওপৰতেই ভাৰতৰ সংবাদ মাধ্যমৰ ভৱিষ্যত তথা সমগ্ৰ ভাৰতত সাংবাদিকতা বিষয়ক লৈ অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতো নিৰ্ভৰ কৰিছে।

হয়তো এনে এটা সময় আহিব, সাংবাদিক সকলে অভিনেতা অক্ষয় কুমাৰক অনুসৰণ কৰি বৰ্ণনা দিব লাগিব – মোডী ডাঙৰীয়াই চাহ কেনেদৰে খায়, চেনি খায় নে নাখায়, চাহখিনিৰ উষ্ণতা কিমান, একাপ চাহ খাওতে কিমান সময় লাগে, কেই ঢোকত চাহখিনি শেষ হয়, চাহপাত কোনখন বাগিছাৰ, চাহত গাখীৰ থাকেনে নাথাকে, কেতিয়াবা প্লেটত ঢালিও খায় নেকি….!!

Modi interview
অভিনেতা অক্ষয় কুমাৰ, মোডী

  ভাৰতৰ মূলসুঁতিৰ সংবাদ মাধ্যমৰ সাম্প্ৰতিক ভূমিকা সম্পৰ্কে এনেদৰে ব্যাখ্যা কৰিব পাৰি ( কবি সম্পট সৰলৰ বক্তব্যক ভিত্তি কৰি)-

বিগ ব্ৰেকিং নিউজ 

চেনেল ১ঃ আজি ৰজাই গা ধুইছে….আপোনালোকে শুনি আনন্দ পাব যে আজি ৰজাই গা ধুইছে…বিগ ব্ৰেকিং নিউজ…আজি ৰজাই গা ধুইছে…

চেনেল ২ঃ বিগ ব্ৰেকিং নিউজ…আজি ৰজাই গৰম পানীৰে গা ধুইছে….

চেনেল ৩ঃ বিগ ব্ৰেকিং নিউজ…আজি ৰজাই গা ধুই থাকোতে পটঞ্জলিৰ চাবোন ব্যৱহাৰ কৰিছে…..

চেনেল ৪ঃ আজি ৰজাই গা ধুই থাকোতেও অষ্টলক্ষ্মীৰ উন্নতিৰ চিন্তা কৰি আছিল…বিগ ব্ৰেকিং নিউজ….

চেনেল ৫ঃ আজি ৰজাই নিজৰ দেশত নিজে বাল্টিৰ পৰা পানী মগেৰে গাত ঢালি ঢালি গা ধুইছে….

চেনেল ৬ঃ আজি ৰজাই স্নানাগাৰত গা ধুইছে…বিগ ব্ৰেকিং নিউজ…

চেনেল ৭ঃ বিগ ব্ৰেকিং নিউজ…আজি ৰজাই গা ধুই থাকোতে ১০ মিনিট সময়ৰ প্ৰয়োজন হৈছে….

চেনেল ৮ঃ আজি ৰজাই প্ৰাতঃকৃত্য সমাপন কৰি উঠিহে গা ধুইছে….

চেনেল ৯ঃ বিগ ব্ৰেকিং নিউজ…আজি ৰজাই অৰ্গেনিক পানীৰে গা ধুইছে….

চেনেল ৯ঃ বিগ ব্ৰেকিং নিউজ…আজি ৰজাই গা ধুই উঠি গামোচাৰে নিজে গা মচিছে…ই এক গৌৰৱৰ বিষয় যে আজি ৰজাই….

চেনেল ১০ঃ বিগ ব্ৰেকিং নিউজ….আজি বহুদিনৰ পিছত ৰজাই গা ধুইছে….

চেনেল ১১ঃ বিগ ব্ৰেকিং নিউজ… অমৃতকাল! আজি ৰজাই গা ধুইছে…. আৰু ৰজাই গা ধোৱা পানীখিনি বাগিছাৰ পুষ্প উদ্যানলৈ বোৱাই নিয়া হৈছে…..

এনে সময়ত গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ কথা!! কিয় সহ্য কৰিব!! 

Big Breaking

‘যাত্ৰী মই…‘ শীৰ্ষক ক্ষুদ্ৰ এক লেখাত সুবোধ সৰকাৰে কৈছে, বহুকেইখন ভাৰতক লৈ এখন ভাৰত। বহুধৰণৰ ত্বক লৈ এখন ভাৰত। বহুধৰণৰ ভাষা লৈ এখন ভাৰত। এয়া আমাৰ দুৰ্বলতা নহয়, এয়া আমাৰ শক্তি। দাৰা শুকোৰ মাতৃৰ নামত তাজমহল, যি দাৰা শুকোই সংস্কৃত মন্ত্ৰ আৰু সংস্কৃত শাস্ত্ৰ পাৰ্চী ভাষাত অনুবাদ কৰিছিল। গতিকে দাৰা শুকোৰ মাতৃ হ’ল দুইধৰণৰ সভ্যতাক লৈ জীৱন যাত্ৰা কৰা এগৰাকী জননী। …

মহাত্মা গান্ধীয়ে যেতিয়া নোৱাখালিত উপস্থিত হৈছিল, সকলোৱে ভয় কৰিছিল; তেওঁ যেতিয়া বাঁহৰ সাঁকো পাৰ হৈছিল, তেতিয়া সাঁকোখন দুলিছিল- কিন্তু তেওঁ দৃঢ় আছিল, তেওঁ জানিছিল যে বিভাজনক জয় কৰিব লাগিব, মানুহৰ মনলৈ প্ৰেম-ভালপোৱা ওভোতাই আনিব লাগিব। গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছত ভাৰতবৰ্ষত অবিশ্বাস বাঢ়িছে চাৰিগুণ। সমানুপাতিক হাৰত ভালপোৱা হ্ৰাস পাইছে। বিগত ১০ বছৰে আমি টুকুৰা -টুকুৰ হৈছো, টুকুৰা -টুকুৰ কৰিছো।….

hariprasad chourasia
হৰিপ্ৰসাদ চৌৰাচিয়া

সেই তুলনাত টুকুৰাবোৰ জোৰা লগাব পৰা নাই। কোনো অলৌকিক এ্যডহেচিভ আমাৰ হাতত নাই যে টুকুৰাবোৰ জোৰা লগাব পাৰি। যি ধৰ্মক ব্যৱহাৰ কৰা হৈছে সংঘৰ্ষ লগোৱাৰ বাবে, সেই ধৰ্ম আচলতে দুজন মানুহৰ মাজত এক দাৰুচিনি দ্বীপ কিম্বা তাজমহলৰ মজিয়া, য’ত বহি দুই দন্ড শান্তি পাবলৈ আশা কৰিছিলো আমি। য’ত বহি সমগ্ৰ জীৱন জুৰি শুনিব পাৰি হৰিপ্ৰসাদ চৌৰাচিয়াৰ বৃন্দাৱনী সাৰেং, আমান আলি খানৰ জৌনপুৰি, তুকাৰামৰ দোহা আৰু গালিৱৰ গজল!….

মোৰ ভাব হয়, আমাৰ আত্মাত যিমান ধূলিৰ তৰপ পৰিছে সেয়া ঔষধেৰে আতৰাব পৰা নাযাব। এটা বাঁহীৰ সুৰে যি পাৰে, আমান আলিৰ সৰোদে যি পাৰে, তাতকৈ ভাল ঔষধ এতিয়াও আৱিষ্কাৰ হোৱা নাই…!

Amaan Ali
আমান আলি

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values
Special Report

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

by Admin
March 31, 2023
0

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values Monikangkan Barooah Monikangkan Barooah In India, 705 ethnic...

Read more
মেডিয়া ট্ৰাস্ট অসমৰ দ্বাৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ

মেডিয়া ট্ৰাস্ট অসমৰ দ্বাৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ

March 31, 2023
Wall Street Journal reporter detained in Russia

Wall Street Journal reporter detained in Russia

March 31, 2023
Beautification Ahead of G20 Summit: Is it a crime to be poor?

Beautification Ahead of G20 Summit: Is it a crime to be poor?

March 28, 2023
Emotional speech of Italian P.M. Giorgia Meloni in the country’s parliament to support Ukraine

Emotional speech of Italian P.M. Giorgia Meloni in the country’s parliament to support Ukraine

March 27, 2023
Russia’s full-scale defeat will be a reliable guarantee against new aggressions: Volodymyr Zelenskyy

Russia’s full-scale defeat will be a reliable guarantee against new aggressions: Volodymyr Zelenskyy

March 27, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

March 31, 2023
মেডিয়া ট্ৰাস্ট অসমৰ দ্বাৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ

মেডিয়া ট্ৰাস্ট অসমৰ দ্বাৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ

March 31, 2023
নিঃচৰ্ত শব্দসাধক

নিঃচৰ্ত শব্দসাধক

March 31, 2023
Rampant Upsurge of Academic Bullying

Rampant Upsurge of Academic Bullying

March 31, 2023

Popular Stories

  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 93 Tweet 58
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 325 Tweet 203
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    204 shares
    Share 82 Tweet 51
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    210 shares
    Share 84 Tweet 53
  • Brahmaputra -The never-ending metaphor as Media of the valley

    100 shares
    Share 40 Tweet 25
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    153 shares
    Share 61 Tweet 38
  • কল্পনাতীত সৌন্দৰ্যৰ আকৰ ৱাৰি চ’ৰা! 

    75 shares
    Share 30 Tweet 19
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    70 shares
    Share 28 Tweet 18
  • Nature-Writings: New Rising In The World Of Literature

    57 shares
    Share 23 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    56 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: