• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, May 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

গুৱাহাটীৰ উন্নতিৰ বাবে নাগা ভদ্ৰলোকৰ নতুন অংক!

ASSAMESE SECTION/Nga Gentleman and Guwahati

by Anjan Sarma
September 2, 2025
in Special Report
Reading Time: 5 mins read
0
গুৱাহাটীৰ উন্নতিৰ বাবে নাগা ভদ্ৰলোকৰ নতুন অংক!
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
man in black shorts sitting on floor

Mental Flexibility: Working on the Core of it

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026

গুৱাহাটীৰ উন্নতিৰ বাবে নাগা ভদ্ৰলোকৰ নতুন অংক!

অঞ্জন শৰ্মা 

Anjan Sarma
অঞ্জন শৰ্মা 

গুৱাহাটীৰ মালিগাঁৱৰ পৰা কামাখ্যা গেটলৈ নিৰ্মাণ কৰা উৰণীয়া সেঁতু খন মুকলি হোৱাৰ পিছৰে পৰাই হঠাৎ কথা নাই বতৰা নাই ভৰলুমুখত আৰম্ভ হ’ল অবিশ্বাস্য যান-জট!

সেই যান-জটক আকৌ সোণত সুৱগা চৰাইছে শান্তিপুৰ, কুমাৰপাৰা অঞ্চলত সগৰ্বে অস্তিত্ব ঘোষণা কৰি থকা সৰ্বমুঠ ৪ খন ৰেলৰ গেটে!

এনে এক জটিল পৰিস্থিতিত গুৱাহাটী বিমানবন্দৰৰ পৰা আদাবাৰী, ভৰলুমুখ, পাণবজাৰ, পল্টনবজাৰ হৈ ছয়মাইলত উপস্থিত হ’বলৈ কমেও তিনি ঘন্টামান লাগে যদিও বা আঢ়ৈ ঘন্টামান লাগে যদিও আজি বৰঝাৰ বিমানবন্দৰৰ পৰামাত্ৰ এঘন্টাৰ ভিতৰতেই নাগা ভদ্ৰলোক আহি কিদৰে ছয়মাইলত উপস্থিত হ’ল – সেয়া মোৰ বাবে হৈ পৰিল এক দুৰ্বোধ্য সাঁথৰ!

বন্ধু খাউণ্ডে যেতিয়া মোক খবৰ দিলে যে নাগা ভদ্ৰলোক আহি ছয়মাইলত উপস্থিত হৈছে আৰু মই অতি শীঘ্ৰে খাউণ্ডৰ ঘৰত উপস্থিত হ’ব লাগে – মই স্তম্ভিত হৈ পৰাটো অস্বাভাৱিক নহয়। কিদৰে ইমান সোনকালেই তেওঁ অতিক্ৰম কৰিলে ভৰলুমুখ!

গুৱাহাটীৰ উন্নতিৰ বাবে নাগা ভদ্ৰলোকৰ নতুন অংক!
ভৰলুমুখ

খাউণ্ডৰ ঘৰত উপস্থিত হৈয়েই মই নাগা ভদ্ৰলোকক প্ৰশ্ন কৰিলো – ইমান ‘জল্দি’ কেনেকৈ আহি পালে?

মোৰ প্ৰশ্ন শুনাৰ লগে লগে তেওঁৰ মুখমণ্ডলত এক ৰহস্যময় হাঁহি বিৰিঙি উঠিল। তেওঁ ক’লে – বহুত মাথা খাটাই কিনে আহি পাইছো, কৈ আছো ৰবি দেই ভাই, আগতে তামোলখন খাই লও।

খাউণ্ডে আগবঢ়াই দিয়া বটাটোৰ পৰা এখন পাণ-তামোল মুখত ভৰাই তেওঁ চোবাবলৈ ধৰিলে আৰু সেই সময়তে খাউণ্ডে মোক ক’লে যে নাগা ভদ্ৰলোকৰ ছয়মাইলত থকা ভতিজাকে খাউণ্ডৰ ঘৰলৈ আজি হঠাৎ আহি কৈছিল যে এয়াৰপোৰ্টৰ পৰা আঙ্কল আহিব আৰু অলপমান খাউণ্ডৰ ঘৰত বহিব – কাৰণ ভতিজাই ক্লাছ কৰিবলৈ যাব।

খাউণ্ডে কোনো আপত্তি কৰা নাছিল আৰু ডিমাপুৰৰ পৰা বিমানখন কেইবজাত আহি গুৱাহাটী বিমানবন্দৰ পাব জানি লৈ সেই অনুসৰি মোক তেওঁৰ ঘৰত আমন্ত্ৰণ জনাইছিল। খাউণ্ডেও ভাবি আছিল যে কমেও দুঘণ্টা সময় লাগিব। কিন্তু তেওঁ এঘন্টাতে আহি পোৱাত খাউণ্ডেও আচৰিত হৈছিল।

এগাল কৌতুকভৰা হাঁহি মুখমণ্ডলত বিয়পাই নাগা ভদ্ৰলোকে আৰম্ভ কৰিলে – শৰ্মা, মোৰ আজি এটা সৰু বেগৰ বাহিৰে একো ডাঙৰ চুটকেছ নাছিল।এৰোপ্লেনৰ পৰা নামি গুগলৰ মেপত দেখিলো আদাবাৰী আৰু ভৰলুমুখৰ ৰাস্তা লালেই লাল হৈ আছে, মালিগাঁৱৰ ফ্লাইঅ’ভাৰখন গ্ৰীণ। সেইকাৰণে মাথা খাটাই এখন ৰেপিড’ত বহি কিনে আজাৰা ৰেলষ্টেচন পালো।

গুৱাহাটীৰ উন্নতিৰ বাবে নাগা ভদ্ৰলোকৰ নতুন অংক!

তাতে এখন ৰেল ৰৈ আছিল, উঠি দিলো, ফটাফট কামাখ্যা ষ্টেচন পাৰ হৈ গুৱাহাটী ষ্টেচন পাই পল্টনবজাৰত এখন ৰেপিড’ত বহি ললো। ছয়মাইল পাই গলো,হা: হা: হা:…!

খাউণ্ড আৰু মই হতবাক! গুৱাহাটীৰ ভৰলুমুখত হৈ থকা অবিশ্বাস্য যান-জটক প্ৰত্যাহ্বান জনাই ৰেলগাড়ীৰে আজাৰাৰ পৰা গুৱাহাটী ৰেলষ্টেচন!

তেওঁ পুনৰ ক’বলৈ ধৰিলে, আগতে ভৰলুমুখত এনে ভীৰ নাছিল। মালিগাঁৱৰ ফ্লাইঅ’ভাৰখন হৈ যোৱাৰ পিছত কিয় ইমান ট্ৰেফিক জ্যাম হৈছে ভাই? ইমান লম্বা ফ্লাইঅ’ভাৰ বনালেই বা কিয়? মালিগাঁৱ চাৰিআলিত এখন সৰু অভাৰব্ৰিজ বনালেই হৈ যায়! পইছা খৰছ কৰি ভালপায়, বেলেগ কি! ….

…..ভৰলুমুখৰ পৰা মালিগাঁৱলৈ যোৱা ৰাস্তাটো যুগ যুগ ধৰি একেই আছে, বাওফালে ৰেলৱেৰ লাইন, ৰেলৱেৰ অফিচ,এক্সটেনশ্যন কৰাৰ কোনো সুবিধা নাই, আৰু সোঁফালে সোণাৰাম হাইস্কুল ৰ পৰা মালিগাঁৱ চাৰিআলিলৈ চব একেই আছে, মাটিৰ বাচনৰ দোকান, গাড়ীৰ গেৰেজ, বন্ধ হৈ থকা প্ৰতিষ্ঠান,…. কেৱল এটাই চলা বস্তু আছে গোটেই ৰাস্তাটোত, সেয়া হ’ল ভুতনাথ শ্মশান। পুৰা চলি আছে। …..

……বাকী একো নচলে। মা কামাখ্যাৰ ছাঁ পৰি আছে, কিন্তু কমদামী ধৰমশালা চলিব..মা কামাখ্যাৰ ছাঁ পৰি আছিল, আছিল। কিন্তু এতিয়া পাইলছ-অৰ ওপৰত ফোঁহা হোৱাৰ দৰে মালিগাঁৱৰ পৰা কামাখ্যা গেটলৈ বাওফালে যিমানবোৰ ঘৰ- দোকান আছিল, চবতে ফ্লাইঅভাৰৰ ছাঁও পৰিল। এতিয়া ৰ’দ দেখাই নাপাব ভায়া! কিন্তু এটা ভাল হৈছে, ফ্লাইঅভাৰৰ ওপৰেৰে আহা মানুহচবে তলৰ খিলিং খাচাং দোকানচব দেখাই নাপাব ! দুয়োফালে পাহাৰ দেখা পাব। মাথা আছে ভাই, ইঞ্জিনিয়াৰচবৰ মাথা আছে !.এখন‌ সৰু অভাৰব্ৰিজ মালিগাঁৱ চাৰিআলিত বনাই দিলেই হৈ যায়, পইছা খৰছ বাচি যায়, নতুনকৈ বনোৱা ফুটব্ৰিজখনো ভাঙি দিলে মালিগাঁৱত, কোনো প্লেনিং নাই ! কিন্তু পইছাৰ অভাৱ নাই অসম চৰকাৰৰ, সেইকাৰণে ভাঙিব পাৰে, বনাব পাৰে!

খাউণ্ড আচৰিত- কি কয়, পইছাৰ অভাৱ নাই?

নাগা ভদ্ৰলোকে উত্তৰ দিলে – আৰে ভাই, ধাৰ কৰা পইছাৰ অভাৱ নাই। ধাৰ পাই আছে, এৰোপ্লেন – হেলিকপ্টাৰ উৰাই আছে, চাইনিজ লাইটৰ মালা জ্বলাই আছে। মই তো আগৰবাৰ আহোতেই কৈছিলো যে ভৰলু নদীটো ‘নমামি ভৰলু‘ প্ৰকল্প হাতত লৈ কুইন বাইদেউক কৈ কেবিনেটত পাছ কৰাই ঢালাই কৰি স্কুৱেৰ ফুট হিচাপে বিক্ৰী কৰি দিলেই চব ধাৰ খটম হৈ যায়! কিন্তু সেই কামটো এতিয়া নকৰিব নে কৰিব নাজানো, কাৰণ সোণৰ কণী পৰা হাঁহ আছে ভাই! মদ বেচি বহুত কামাই আছে, গমে নাপাইছিলো। আজি এৰোপ্লেনত এজনে কৈ থাকোঁতে শুনা পালো। কিমান বা কামাই হয়!

গুৱাহাটীৰ উন্নতিৰ বাবে নাগা ভদ্ৰলোকৰ নতুন অংক!

তেওঁৰ প্ৰশ্ন শুনিয়েই অকণো বিলম্ব নকৰি খাউণ্ডে তেওঁৰ বৈঠকখানাৰ এচুকত ভালদৰে জাপি থৈ দিয়া বাতৰিকাকতবোৰৰ মাজৰ পৰা এখন বাতৰিকাকত উলিয়াই লৈ নাগা ভদ্ৰলোকক অৱগত কৰালে – আপোনাক ধন্যবাদ। আপোনাৰ কথা ঠিক। মই ভালকৈ চোৱাই নাছিলো। এইখন বাতৰিকাকতত, ২০২৩ চনৰ ২৬ অক্টোবৰৰ বাতৰিত লিখিছে, দুৰ্গা পুজাৰ তিনিটা দিনত গুৱাহাটীত ২২.৫ কোটি টকাৰ মদ বিক্ৰী হৈছিল, বিশ্বকৰ্মা পুজাৰ দিনা ৮.৩৪ কোটি টকাৰ মদ বিক্ৰী হৈছিল। হোলীৰ দুটা দিনত ৫.১৮ কোটি টকাৰ মদ বিক্ৰী হৈছিল। এতিয়া গোটেই অসমত নতুনকৈ ৩০০+ মদৰ দোকান খোলা হ’ব! এতিয়া আছে ১৬৮৪ খন মদৰ দোকান। এবছৰত অসমে মদৰ পৰা টেক্স পায় প্ৰায় ৪০০০ কোটি টকা..!

খাউণ্ডে বাতৰিটো পঢ়া শেষ হোৱাৰ লগে লগে নাগা ভদ্ৰলোকে কৈ উঠিল, আমাৰ নাগালেণ্ডত মদ বিক্ৰী বন্ধ ভায়া, অসমৰ পৰা নি খাব লাগে, কিমান লোকচান! সেইকাৰণে অসম ধনী, অসমত মানুহৰ সংখ্যাও বেছি, মদাহীও বেছি, গিনিজ বুকত নাম লিখাব পাৰিব মদ বিক্ৰী আৰু দোকানৰ সংখ্যাৰে! নাগালেণ্ডৰ বহুত লোকচান! সেইকাৰণে অসম চৰকাৰে ভাঙিব পাৰে, বনাবও পাৰে। কংগ্ৰেছে যে কৈছে যে কমিশ্যনৰ ধান্ডাত ভাঙি আছে, বনাই আছে – সেইটো গুৰুত্ব দি লাভ নাই; বেজীৰ ফুটাই আঙঠিৰ ফুটাক একো কৈ লাভ নাই। ধাৰ লৈ ইনকাম কৰা, ভৰলু ঢালাই দি ইনকাম কৰা, মদ বেছি ইনকাম কৰা, ভাঙা, বনোৱা, কংগ্ৰেছেও কৰা। ইকন’মি এনেয়ে বাঢ়িব নেকি! পইছা ৰোল হ’ব লাগিব। তিনিবাৰ লকডাউন হৈ গৈছে, পইছা ৰোল হ’ব লাগিব। চিমেণ্ট বিক্ৰী হ’ব লাগিব, লোহা বিক্ৰী হ’ব লাগিব, বালি বিক্ৰী হ’ব লাগিব, ধাৰ কৰিব লাগিব,… ইকোনমিৰ চকা ঘুৰিব; ট্ৰেফিক জ্যাম বেছি হ’লেও ইকোনমি বাঢ়িব….

কেনেকৈ বাঢ়িব, ট্ৰেফিক জ্যাম হ’লে কেনেকৈ বাঢ়িব, খাউণ্ড আচৰিত!

গুৱাহাটীৰ উন্নতিৰ বাবে নাগা ভদ্ৰলোকৰ নতুন অংক!

আৰে ভাই, ট্ৰেফিক জ্যাম হ’লে পেট্ৰল ডিজেল বেছি খৰছ হ’ব, বিক্ৰী বাঢ়িব, টেক্স পাব। সেইকাৰণে যতে ততে ট্ৰেফিক লাইট লগাইছে নে নাই? য’ত ভীৰ নাছিল, তাতেও ভীৰ, ভীৰ মানে পেট্ৰল ডিজেল বিক্ৰী বাঢ়িব, ইকনমি বাঢ়িব, হেলিকপ্টাৰ চলিব, প্ৰাইভেট এৰোপ্লেনত অহা যোৱা কৰিব পাৰিব। মদ আৰু পেট্ৰল- ডিজেল, এয়েইটো ইনকাম! বিনাপইছাৰ চাউলৰ ভাত, বিনাপইছাৰ লাইট, বিনাপইছাৰ পায়খানা,… কি দিয়া নাই ভাই? লাইটৰ তলত বহি বিনামূলীয়া ভাত খোৱা, বিনামূলীয়া পায়খানাত বহা, জিঅ’ কানেকশ্যন্ লৈ স্মাৰ্ট ফোন টিপা, একো চিন্তা কৰাৰ দৰকাৰ নাই, অসমত এতিয়া আনন্দই আনন্দ ভায়া। পইছাই পইছা । সেইকাৰণে ভাঙিব পাৰে,বনাবও পাৰে। এখন ফুটব্ৰিজত খৰছ হয় ৪/৫ কোটি, দিনে মদ বেছি টেক্স পায় ১০ কোটি, সেইকাৰণে মালিগাঁৱৰ ফুটব্ৰিজ ভাঙিব পাৰে, দৰকাৰ নহলেও লম্বা ফ্লাইঅ’ভাৰ বনাব পাৰে। ট্ৰেফিক জ্যাম হ’লে পেট্ৰল- ডিজেল বিক্ৰী বেছি হয় কাৰণে আহল বহল জি-এছ ৰোডটো চেপি চেপি ফুটব্ৰিজ বনাইছে, যাতে ট্ৰেফিক জ্যাম হয়। কিন্তু ছয়মাইলৰ ভিভান্টা হোটেলৰ সন্মুখত থকা ফুটব্ৰিজখনত ৪/৫ কোটি খৰছ হোৱা নাই, ৮/৯ কোটিমান হৈছে। সেইখন অলপ বেলেগ আছে..!

মই সুধিলো, সেইখনত কিয় বেছি খৰছ হ’ল বুলি আপুনি ভাবিছে?

তেওঁ হাঁহিলে। হাঁহি হাঁহি ক’লে, আপোনাৰ অসম ভাই, আপুনি জানিব লাগে। RTI কৰি নাচায় কিয়? সেইখন বহুত দামী, বাঁহৰ ডেক’ৰেশ্যন আছে ভাই।

বাঁহৰ ডেক’ৰেশ্যন আছে কাৰণে ৫ কোটি বেছি খৰছ! কি কয় হে?- খাউণ্ডে ক’লে।

গুৱাহাটীৰ উন্নতিৰ বাবে নাগা ভদ্ৰলোকৰ নতুন অংক!

আৰে খাউণ্ড ভাই, বাঁহেৰে হে বাঁহ দিব পাৰি, যেনেকৈ লোহাৰে লোহা কাটিব পাৰি। RTI কৰি চাওক। অতুল বৰাক এচেম্বলীত সুধিব দিয়ক। য’ত বাঁহৰ ডেক’ৰেশ্যন আছে, তাতেই বাঁহ আছে, সেইকাৰণে pwdৰ অফিচত এই ফুটব্ৰিজখনৰ নামত জমা দিয়া বিলখনতো বাঁহ আছে, চালেই গম পাব।

কিন্তু বাঁহ কাৰণে ইমান বেছি খৰছ! – খাউণ্ডে হজম কৰিব পৰা নাই। 

গতিকে খাউন্ডৰ পিনে লক্ষ্য কৰি নাগা ভদ্ৰলোকে ক’বলৈ ধৰিলে, খাউন্ড ভাই, এটা ব্ৰইলাৰ মুৰ্গীৰ দাম ১০০/১২০ টকা। সেই মুৰ্গীটোত ২ টকাৰ হালধি, ৫ টকাৰ মিঠাতেল, ২ টকাৰ নিমখ, ৫ টকাৰ আদা সানি ১০ টকাৰ কয়লা খৰছ কৰি তন্দুৰী কৰিলে দাম হৈ গ’ল পল্টনবজাৰত ৩৫০ টকা, আৰু একেই তন্দুৰী ভিভান্তা হোটেলত হৈ গ’ল কমেও ১৪০০ টকা। গতিকে ভিভান্তা হোটেলৰ সন্মুখত থকা ফুটব্ৰিজৰ ডেক’ৰেশ্যন কৰা বাঁহৰ দাম বেছি হ’বই হ’ব।

এইবাৰ খাউণ্ডে পতিয়ন যোৱা যেন লাগিল।

এইবাৰ নাগা ভদ্ৰলোকে এখিলা বগা কাগজ বিচাৰিলে। তেওঁ ক’লে যে আজি তেওঁ অসমৰ বাবে অইন এটা সুন্দৰ ইনকামৰ আইডিয়া দি খাউণ্ডৰ ঘৰৰ পৰা বিদায় ল’ব। কাৰণ ভতিজাও আহি পাবৰ সময় হ’ব।

খাউণ্ডে বগা কাগজ এখিলা আনি দিয়াৰ পিছত তেওঁ কলম উলিয়াই নিমগ্ন হৈ পৰিল। প্ৰায় ১৫/২০ মিনিট পিছত তেওঁ বিভিন্ন অংকৰ সহায়ত আমাক যিখিনি বুজালে তাৰে সাৰাংশ হ’ল এনেধৰণৰ:

গুৱাহাটীৰ উন্নতিৰ বাবে নাগা ভদ্ৰলোকৰ নতুন অংক!

ধৰি লোৱা হ’ল, প্ৰধানমন্ত্ৰী হিচাপে মোডীয়ে শপত লৈ উঠাৰ পিছৰে পৰা “না খাউঙ্গা না খানে দুঙ্গা” বুলি সদম্ভে ঘোষণা কৰাৰ প্ৰতিক্ৰিয়া হিচাপে আৰু মোডী প্ৰায় সকলোৰে “মহানায়ক” হৈ পৰা হেতুকে, অসমতো কোনেও ‘ঘোচ’ নাখায় আৰু কোনেও ‘ঘোচ’ নিদিয়ে। মোডীয়ে কৈছে মানে অসমত বেদবাক্য বা গীতাৰ বচন।

ধৰি লোৱা হ’ল, অসমৰ ৰাজধানী গুৱাহাটীক কেন্দ্ৰ কৰি বা গুৱাহাটী মহানগৰীৰ ভিতৰত দৈনিক ১০০০০ খন ডাম্পাৰ, ৫০০০ খন ‘ডি-আই'(DI), ৭০০০ খন বালিৰ ট্ৰাক, ৫০০০ খন সৰু ট্ৰাক চলাচল কৰে আৰু ৰাষ্ট্ৰীয় পথেৰে ১০০০ খন কয়লাৰ ট্ৰাক চলাচল কৰে।

ধৰি লোৱা হ’ল, কোনেও যিহেতু ঘোচ নাখায় আৰু ঘোচ নিদিয়ে, তথা সকলো নীৰিক্ষণ কৰিবলৈ স্মাৰ্ট পুলিচ আছে, সকলোতে CC কেমেৰা আছে, সকলোতে অনলাইন ব্যৱস্থা হৈছে- গতিকে পৰিবহন বিভাগ, বন বিভাগ আদিয়ে আজিকালি ডাম্পাৰ, ডি-আই, ট্ৰাক আদিৰ ফালে কেৰাহিকৈও নাচায়! কাৰণ চালেই বিপদ, ঘোচ দিবলৈ ফটাফট হেন্ডেলমেন নামি আহিব , যাচিব, কেমেৰাত বন্দী হ’ব, নললেও লোৱা হ’ব, আৰু মোডীয়েও বেয়া পাব। সেইকাৰণে একেবাৰেই নাচায়। তাৰে ফলত কেকো সাপৰ চালান হৈয়েই আছে, কিন্তু ধৰা নপৰে, নিউজতো কেকো সাপ নাই।

গুৱাহাটীৰ উন্নতিৰ বাবে নাগা ভদ্ৰলোকৰ নতুন অংক!

ধৰি লোৱা হ’ল, অগপ আৰু কংগ্ৰেছ চৰকাৰৰ দিনৰ ৰাস্তা-ঘাটতকৈ এতিয়াৰ বিজেপি চৰকাৰৰ দিনত ৰাস্তা ঘাট বহুত ভাল আৰু বহুত মজবুত। আৰু, তাৰেই সুবিধা লৈ ব্যৱসায়ী সকলে বাহনবোৰত অধিক কয়লা, অধিক বালি, অধিক মাটি কঢ়িয়াই আছে । কিন্তু কাৰো একো গৰজ নাই, কোনেও নাচায়। গতিকে বাহনবোৰৰ মালিকপক্ষৰো চিন্তা হৈছে – কোনেও যিহেতু একো নলয়, একো নকয়, একো নাচায়- বাহনবোৰৰ ব্যৱসায়ৰ প্ৰয়োজনত তৈয়াৰ কৰা বাজেটত ৰাহি হোৱা ধনবোৰ কি কৰা যায়! সকলোৱেই মোডীৰ ভাষণ শুনি শুনি একো একোজন ৰিপুদমন হৈ পৰিছে! কি কৰা যায়!

এতিয়া, কংগ্ৰেছৰ ডি-এন-এ নথকা পুৰণি বিজেপি নেতাসকলৰ মাজৰ পৰা দুজনমানক লৈ, দুজনমান প্ৰগতিশীল বামপন্হী নেতাক লৈ, দুজনমান অভিজ্ঞ ছাত্ৰ নেতাক লৈ, দুজনমান বিশেষজ্ঞ সাহিত্যিক -সাংবাদিকক লৈ – কিন্তু নিগম আদিৰ উপাধ্যক্ষক ল’লে নহ’ব – এখন শক্তিশালী প্ৰাইভেট এন-জি-অ‘( Private NGO) , যেনে ধৰি লওক “অমৃত গুৱাহাটী” গঠন কৰি গুৱাহাটী মহানগৰীৰ উন্নতি সাধন কৰিবলৈ বাহনবোৰৰ মালিকবোৰক তেওঁলোকৰ লাভৰ ধন ( বাজেটত ধৰি থোৱা কিন্তু কোনেও নোলোৱা) দান দিবলৈ অনুৰোধ কৰা যায়, আৰু তেওঁলোকে নিজেও যদি দিবলগীয়া খিনি দি সকাহ পাব বিচাৰে বা আজৰি হ’ব বিচাৰে – গুৱাহাটীৰ চিন্তাই নাই। দিনতে লাইট জ্বলাব পাৰিব পৌৰ নিগমে।

সেই কমিটিৰ একাউণ্টত মাহে হয়তো স্বেচ্ছাৰে দিয়া ধন এনেদৰে জমা হ’ব পাৰে ( ইলেক্টৰেল বন্ডৰ দৰে):

১. এখন ডাম্পাৰে মাহিলী ১২০০০ টকাকৈ দিলে ১০০০০ খনৰ বাবদ ১২ কোটি

২. এখন ‘ডি-আই’-এ মাহিলী ৫০০০ টকাকৈ দিলে ৫০০০ খনৰ বাবদ ২.৫ কোটি

৩. এখন বালিৰ ট্ৰাকে মাহিলী ৭০০০ টকাকৈ দিলে ৭০০০ খনৰ বাবদ ৪.৯ কোটি

৪. এখন সৰু ট্ৰাকে মাহিলী ৫০০০ টকাকৈ দিলে ৫০০০ খনৰ বাবদ ২.৫ কোটি

*৫. এখন কয়লাৰ ট্ৰাকে মাহিলী ১ লাখকৈ নুন্যতম দিলে….; [ হঠাৎ নাগা ভদ্ৰলোকৰ স্বগতোক্তি: আৰে ভাই, কয়লাৰ ট্ৰাকৰ হিচাবটো বেলেগ হ’ব, অসমভিত্তিক হ’ব, পিছত দেখা যাব]

অৰ্থাৎ, মাহে কোটি কোটি বেচৰকাৰী টকাও আহিব, আৰু সেই টকাৰে গুৱাহাটীৰ উন্নতি সম্ভৱ হ’ব। নহ’ব নেকি? 

গতিকে, গুৱাহাটীৰ ভিতৰত আৰু ফ্লাইঅ’ভাৰ হ’ব পাৰিব, ভাঙিব পাৰিব, বনাব পাৰিব। ৰিজাৰ্ভ বেংকে ধাৰ দিয়া বন্ধ কৰিলে এই কমিটিৰ একাউণ্টত জমা থকা ধন সুতত লৈও চৰকাৰে কাম কৰিব পাৰিব, কমিটিৰো লাভ হ’ব, সুত পাব। কিন্তু এই কমিটিত উপাধ্যক্ষ থাকিব নোৱাৰিব….!

গুৱাহাটীৰ উন্নতিৰ বাবে নাগা ভদ্ৰলোকৰ নতুন অংক!

বি: দ্ৰ: এইখিনিকেই থুলমূলকৈ কৈ তেওঁ আমাক ‘পিছত লগ পাম’ বুলি কৈ হুৰমূৰকৈ গুচি গ’ল! খাউণ্ড আৰু মই কাগজখনৰ অঙ্কবোৰকেই চাই থাকিলো!

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM
History

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

by Diganta Kumar Gogoi
May 16, 2026
0

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

Read moreDetails
man in black shorts sitting on floor

Mental Flexibility: Working on the Core of it

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 12, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 10, 2026
Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

May 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
The fountain of youth

The fountain of youth

May 16, 2026
man in black shorts sitting on floor

Mental Flexibility: Working on the Core of it

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32265 shares
    Share 12906 Tweet 8066
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13962 shares
    Share 5585 Tweet 3491
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    269 shares
    Share 108 Tweet 67
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3712 shares
    Share 1485 Tweet 928
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6522 shares
    Share 2609 Tweet 1631
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    927 shares
    Share 371 Tweet 232
  • Love in the Age of Ghosting and Situationships

    83 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    78 shares
    Share 31 Tweet 20
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    74 shares
    Share 30 Tweet 19
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    218 shares
    Share 87 Tweet 55
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d