গুৱাহাটীৰ ‘পিয়ানো কিডছ‘
প্ৰান্তিক ডেকা
বিশিষ্ট পিয়ানো বাদক কুশল কৃষ্ণ দেৱগোস্বামীৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত কৰি তেওঁৰ অন্তৰংগ মঞ্চ ‘জীৱকৃষ্ণ’ৰ উদ্বোধনৰ লগতে ‘স্কেল ষ্টাডি’ নামৰ পশ্চিমীয়া সংগীতৰ ওপৰত প্রণিত এখন কিতাপ ৰাজ্যৰ আগশাৰীৰ সংগীত প্ৰতিষ্ঠান পিয়ানো কিডছৰ মঞ্চত মুকলি হ’ল।
অনুষ্ঠানটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ভক্তিমূলক সুৰ ‘মুক্তিতো নিস্পৃহ যিটো’ৰ দ্বাৰা আৰম্ভ কৰা হয়। কুশল কৃষ্ণ দেৱগোস্বামীয়ে উক্ত ঘোষাৰ স্বৰলিপি কৰিছিল আৰু প্ৰতিষ্ঠানটোৰ শিক্ষার্থীসকলে বাদ্যসংগত তথা পৰিবেশন কৰে।
ইয়াৰ পিছতে অসমৰ বিশিষ্ট সংগীতজ্ঞ সূর্য গোস্বামীয়ে পৰম্পৰাগতভাৱে বন্তি প্রজ্বলন কৰে।
কুশল কৃষ্ণ দেৱগোস্বামীৰ পিতৃৰ স্মৃতিত স্থাপিত অন্তৰংগ মঞ্চ উদ্বোধন কৰাৰ পিছত গোস্বামীয়ে কয়– “এই সংহত মঞ্চই ৰাজ্যখনত বহুতো প্রতিভা বিকাশ ঘটোৱাত যথেষ্ট সহায় কৰিব।”
এই স্বকীয় আৰু আকৰ্ষণীয় মঞ্চখন পিয়ানো কিডছৰ সকলো শিক্ষার্থীৰ বাবে প্রতিভা বিকাশৰ মঞ্চ হ’ব বুলিও তেওঁ মন্তব্য কৰে। জীৱকৃষ্ণ মঞ্চত অংশগ্ৰহণকাৰীসকলৰ সৃজনশীলতা বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিভিন্ন কার্যকলাপ অন্তৰ্ভুক্ত কৰা হ’ব।
‘জীৱকৃষ্ণ’ মঞ্চখন সকলোৰে বাবে প্ৰকৃতাৰ্থত এক অসামান্য আৰু অতুলনীয় অভিজ্ঞতা হ’ব বুলি আশা কৰা হৈছে। এখন আদর্শ মঞ্চ প্রস্তুত কৰাটো দেৱগোস্বামীৰ এটি দীৰ্ঘদিনীয়া সপোন আছিল য’ত শিক্ষার্থীসকলে নিজকে সম্পূর্ণভাৱে নিমজ্জিত কৰিব পাৰে আৰু বন্ধুত্বপূৰ্ণ শিক্ষণ পৰিৱেশত স্ব-প্রতিভাৰে জিলিকিব পাৰে।
পশ্চিমীয়া সংগীতৰ ওপৰত স্বৰলিপিৰ ‘স্কেল ষ্টাডি’ কিতাপখন ড° ৰিপু কুমাৰ গগৈ আৰু ড° দেৱব্ৰত খনিকৰে মুকলি কৰিছিল। দুয়োগৰাকী উন্মোচকে দেৱগোস্বামীক পিয়ানো সংগীতৰ ক্ষেত্ৰখনত তেওঁৰ অপৰিসীম অৱদানৰ বাবে প্ৰশংসা কৰিছিল।
কুশল কৃষ্ণ দেৱগোস্বামীয়ে যথেষ্ট শ্ৰম আৰু নিষ্ঠাৰে এখন কিতাপ প্ৰস্তুত কৰিছে আৰু কিতাপখন গুৰুত্বপূৰ্ণ সংগ্ৰহেৰে পৰিপূৰ্ণ।
উন্মোচকদ্বয়ে দেৱ গোস্বামীৰ স্কেল ষ্টাডিয়ে ভৱিষ্যতে শিক্ষার্থী, সংগীতজ্ঞ আৰু পিয়ানো উৎসাহীসকলৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানটোত ঋতুৰাজ মহন্তই প্ৰস্তুত কৰা পিয়ানো কিডছৰ বহু প্রত্যাশিত ৱেবছাইটটোও কুশল কৃষ্ণ দেৱগোস্বামীয়ে মুকলি কৰে।
সন্ধিয়াটো পিয়ানো কিডছ প্ৰতিষ্ঠানৰ শিক্ষার্থীসকলে তেওঁলোকৰ দক্ষতাৰে জুবিন গাৰ্গৰ জনপ্রিয় ‘মায়াবিনী’, ড০ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি ‘হে দোলা হে দোলা’ আৰু জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ..’ প্ৰদৰ্শন কৰে।
অনুষ্ঠানটোত অষ্টম বার্ষিক দিৱস উদ্যাপন সমিতিৰ প্ৰাক্তন বিষয়ববীয়াসকলকো সম্বর্ধনা জনোৱা হয়।
যাৰ ভিতৰত আছে ড° ৰিপু কুমাৰ গগৈ, ড° দেৱব্ৰত খনিকৰ, প্ৰজ্ঞান দুৱৰা, ৰূপৰেখা দত্ত, পৰাগ কুমাৰ গোহাঁই, কাজল গোস্বামী, ৰূপাংকৰ বৰুৱা আৰু ঋতুৰাজ মহন্ত। অনুষ্ঠানৰ আঁত ধৰে মালবিকা শইকীয়াই।
19-11-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)