• অৰবিন্দ ৰাভা
উত্তৰবঙ্গ হৈ ৰ’ল এই নতুন বছৰটোৰ প্ৰথম ভয়াবহ ৰেল দুৰ্ঘটনাৰ সাক্ষী। যোৱা বৃহস্পতিবাৰে ( ১৩-০১-২০২২) আবেলি উত্তৰবঙ্গৰ ময়নাগুৰিৰ সমীপত গুৱাহাটী অভিমুখী ‘বিকানেৰ এক্সপ্ৰেছ’ ভয়াবহ দুৰ্ঘটনাৰ সন্মুখীন হৈ বহুকেইটা ডবা লাইনচ্যুত হয় আৰু চৰকাৰী সূত্ৰৰ মতে ৯ জনৰ মৃত্যু হয়। আহতৰ সংখ্যা ৫০+ বুলি কোৱা হৈছে যদিও প্ৰকৃত তথ্য এতিয়ালৈকে পোৱা নাই। বৃহস্পতিবাৰে সমগ্ৰ নিশা উদ্ধাৰকাৰ্য চলাৰ পিছত এই লেখাৰ সময়লৈও উদ্ধাৰকাৰ্য চলি আছে। দুৰ্ঘটনাৰ কৱলত পৰি বাগৰি পৰা ডবাবোৰ ৰেললাইনৰ পৰা আতৰ কৰাৰ কাম চলি থকাৰ লগতে ৰেললাইনৰ মেৰামতিও চলি আছে। সেই ৰেলপথেৰে সকলো ৰেলগাড়ীৰ চলাচল বন্ধ হৈ আছে। পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ তৎপৰতাত যুদ্ধকালীন ব্যস্ততাৰে দুৰ্ঘটনাৰ পিছৰে পৰা উদ্ধাৰকাৰ্য চলে।
প্ৰাথমিকভাৱে দুৰ্ঘটনাগ্ৰস্ত ১২ টা ডবাৰ পৰা ২-৩ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। কিন্তু নিশাৰ ভাগলৈ সংখ্যা ক্ৰমশঃ বৃদ্ধি পায়। আহত অৱস্থাত যিসকলক উদ্ধাৰ কৰি বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল, সেই চিকিৎসালয়বোৰৰ পৰা মৃত্যুৰ সংবাদ আহি থাকে আৰু চৰকাৰী সূত্ৰৰ মতে ৯ জনৰ মৃত্যু হয়। শুকুৰবাৰে ৰাতিপুৱাই ময়নাগুৰিৰ দোমোহনি অঞ্চলত, য’ত ৰেলগাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল, উপস্থিত হয় আলিপুৰদুৱাৰৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী জন বাৰ্লা। এই প্ৰসঙ্গতে উল্লেখযোগ্য যে যিসময়ত ৰেলগাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল, সেইসময়তে প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক কৰি আছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। খবৰ পোৱাৰ লগে লগেই সেই বৈঠকৰ পৰাই তেওঁ প্ৰয়োজনীয় নিৰ্দেশ প্ৰেৰণ কৰে। তেওঁৰ পৰাই প্ৰধানমন্ত্ৰীয়েও সবিস্তাৰে সকলো শুনি সকলো ধৰণৰ সাহায্যৰ আশ্বাস দিয়ে। শুকুৰবাৰে দুৰ্ঘটনাৰ বুজ ল’বলৈ আৰু আহতসকলক সাক্ষাৎ কৰিবলৈ জলপাইগুৰিত উপস্থিত হয় কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ।
![গুৱাহাটী অভিমুখী ৰেলগাড়ীৰ ভয়াবহ দুৰ্ঘটনাঃ উদ্ধাৰকাৰ্য অব্যাহত 2 Screenshot 20220114 154019 Sangbad Pratidin](https://i0.wp.com/mahabahu.com/wp-content/uploads/2022/01/Screenshot_20220114-154019_Sangbad-Pratidin.jpg?resize=1024%2C669&ssl=1)
জানিব পৰা গৈছে যে বৃহস্পতিবাৰে আবেলি ৫ বজাত ময়নাগুৰিৰ দোমোহানি হৈ ১৫৩৬৬ ৰেলগাড়ীখন ৪০ কিলোমিটাৰ বেগেৰে গৈ আছিল। হঠাৎ ৰেলগাড়ীখনৰ ৪ টা ডবা লাইনচ্যুত হয় আৰু এটা ডবাৰ ওপৰত অইন এটা ডবা উঠি যায়। ক্ষতিগ্ৰস্ত হয় ১২ টা ডবা। অৱৰুদ্ধ হৈ পৰে বহুত যাত্ৰী। ইতিমধ্যে প্ৰায় ৫০ খনতকৈও অধিক এম্বুলেন্স উদ্ধাৰকাৰ্যত লগোৱা হৈছে। আহতসকলক ৰক্তদান কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে চিপিআই(এম)ৰ ‘ৰেড ভলন্টিয়াৰ্চ'( Red Volunteers)ৰ সদস্য আৰু কৰ্মীসকলে। ৰক্তদাতা সকলৰ তালিকা এখনো প্ৰকাশ কৰা হৈছে ততাতৈয়াকৈ। এই ‘ৰেড ভলন্টিয়াৰ্চ’ সকলে আজি বহুদিন ধৰি কৰ’না পৰিস্থিতিৰ পটভূমিত অক্সিজেন যোগানৰ পৰা প্ৰয়োজনীয় খাদ্য, ঔষধ, চেনিটাইজ্যেশ্যনৰ প্ৰগেম আদি কৰি অহাৰ লগতে সচেতনতা বৃদ্ধিৰ কামো কৰি আহিছে। এতিয়া ৰেল দুৰ্ঘটনাৰ ক্ষেত্ৰতো হাড়ঁ কপোৱা ঠান্ডাত তেওঁলোকে কাম কৰি আছে উদ্ধাৰ কাৰ্য তথা ৰক্তদানৰ বাবে।