গুৱাহাটী এখন ধুনীয়া ঠাই

অঞ্জন শৰ্মা
অৰ্থ থাকিও অৰ্থহীন হ’ব এই কবিতাৰ অৰ্থ, অৰ্থাৎ
অৰ্থ থকা সত্বেও কোনো সুফল নহ’ব
হ’ব মাথো অৰ্থহীন পৰিশ্ৰম, চিয়াঁহীৰ অপব্যয়
তাকো জানো যদিও লিখিলো মই এই কবিতা যিহেতু
হঠাৎ মনত পৰি গ’ল
সৌৰভ কুমাৰ চলিহাৰ সেই অমৃত বাক্য- ‘গুৱাহাটী,
গুৱাহাটী এখন ধুনীয়া ঠাই,
ধুনীয়া বস্তু নষ্ট কৰিব নাপায়।’



গুৱাহাটী!
গুৱাহাটী! প্ৰথম খৃষ্টাব্দতেই কামাখ্যাদেৱীয়ে প্ৰতাৰণা কৰা
ৰোমান্টিক হিৰো নৰকাসুৰৰ
আৰু পিছলৈ ভগদত্তৰ প্ৰাগজ্যোতিষপুৰৰ
প্ৰায় ছয়শ খৃষ্টাব্দৰ ভাস্কৰবৰ্মাৰ কামৰূপৰ
হৃদয়ত লীন হৈ থকা গুৱাহাটী তুমি মোক
যিদৰে পাহৰি গ’লা
মইও যেন তোমাক পাহৰিবলৈ আৰম্ভ কৰিলো
পৰস্পৰে যেন পৰস্পৰক পাহৰি গ’লো
ব্ৰহ্মপুত্ৰই নিতৌ চৰণ পখালি থকা গুৱাহাটী
মনত পৰেনে আজি
তামোলৰ বাৰী, পাণৰ বজাৰ, নীলাচলৰ ঘন্টাধ্বনি
কামাখ্যা মন্দিৰৰ লগে লগে বিশ্বসিংহ, নৰনাৰায়ণ, চিলাৰায়
মনত পৰেনে চক্ৰধ্বজ সিংহৰ অমৰ উক্তি-“বঙালৰ
অধীন হৈ থকাতকৈ মৰণেহে শ্ৰেয়!” আৰু শৰাইঘাট?
মোগলৰ হাতত তোমাক ১৬৭৯ চনত সপি দিয়া
লালুকসোলাক! ইটাখুলি আৰু সিংহ গদাধৰ?
গৌৰীনাথৰ দিনৰ কেপ্তেইন ৱেলচ্, মিঙ্গিমাহা বন্দুলা!
গুৱাহাটী তুমি সাক্ষী
তুৰস্কৰ মহম্মদ বখতিয়াৰ খিলজীৰ পলায়ন, হৈ বিধ্বস্ত
পৃথুৰ হাতত, তাৰে সাক্ষী ‘কানাই বৰশী বোৱা শিল’।


গুৱাহাটী তুমি সোৱঁৰণীৰ অতীত তুমি কালাতীত
প্ৰাগজ্যোতিষ-কামৰূপ-কমতাৰ প্ৰাচীন অভিধা তুমি
কিম্বদন্তী, জীৱন-জিজ্ঞাসা আৰু চেতনাৰ দেৱভূমি
তোমাৰ মানচিত্ৰ গুৱাহাটী
১৭৯৪ চনত প্ৰস্তুত কৰিছিল কেপ্তেইন ৱেলচৰ
সেনাবাহিনীৰ লগত অহা ছাৰ্ভেয়ৰ থমাছ উদে,
কিমান বা আছিল তোমাৰ আয়তন?
মানচিত্ৰৰ নহয়, প্ৰকৃত আয়তন!
কোনেও নাজানে তোমাৰ জন্মৰ কাহিনী, তুমি অজন্মা
ঋষি-মুনি-যোগীৰ মুখেৰে বাগৰে ৰূপকথা
টলেমিৰ ভূগোল, ৰঘুবংশ কালিদাসৰ, ৰোমান
বাণিজ্যপথৰ বৰ্ণনা কৰা পেৰিক্লাছ
চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ ভ্ৰমণকাহিনী
ক’ত নাই তুমি! তুমি
জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ, শিক্ষাৰ মালভূমি, অলেখ
সৃজন সম্পদেৰে ভৰা সুগভীৰ সত্তা
স্বপ্ন-দু:স্বপ্নৰ সাক্ষী, সাক্ষী ৰজা-প্ৰজাৰ
আশা-আকাংক্ষাৰ উথ্থান-পতনৰ
মই তোমাক ব্যাখ্যা কৰিব নোৱাৰো গুৱাহাটী
ইতিহাসো বাওনা তোমাৰ কাষত
তথাপিও চিনিছিলো তোমাক যিদৰে তুমিও আমাক
আমাৰ শৈশৱত, আমাৰ কৈশোৰত…গুৱাহাটী
তুমি আছিলা মনোমোহা পৰিষ্কাৰ নিৰ্জঞ্জাল মুকলি
লাস্যময়ী নদী-পাহাৰেৰে অনন্যা সুন্দৰী
উমানন্দ নৱগ্ৰহ বশিষ্ঠাশ্ৰম, কিমান ক’ম গুৱাহাটী
সৰলতা আছিল তোমাৰ প্ৰধান আৱৰণ
খালী ভৰিৰে নিয়ঁৰ গছকি শৈশৱত আমি
বুটলিছিলো শেৱালি তোমাৰ কোলাত বহি
চিয়াঁহীৰ বড়ি পানীত গুলি পাখিৰে লিখিছিলো
কাহিনী তোমাৰেই গুৱাহাটী
হৰিপ্ৰিয়া বিদ্যাপীঠত আওৰাইছিলো
পূৰণ-হৰণৰ নেওতা, পদ্য-গদ্য;


আৰু এদিন
শ্বাটল ট্ৰেইন বা নাকথকা চিটিবাছত উঠি
ডাঙৰ হৈ গৈছিলো কটন কলেজিয়েটলৈ…
অজস্ৰ স্মৃতি তোমাৰ লগত, তোমাৰো আমাৰ লগত।
সকলো ঠিকেই আছিল
পঞ্চাশ বছৰ আগৰ দহবৰ্গ কিলোমিটাৰৰ গুৱাহাটী
তোমাকেই কৈছো, সকলো ঠিকেই আছিল, কিন্তু
হঠাৎ, তুমি কিয় এনেদৰে প্ৰসাৰিত হ’লা?
আমি দেখোন সুখতেই আছিলো!
আমি দেখোন নিজকে ভাগ্যৱান বুলিয়েই ধৰি লৈছিলো!
তেন্তে গুৱাহাটী, তুমি নিজৰ আৱৰণ দলিয়াই
নিজৰ লজ্জাক সমাধি দি আমাক পাহৰি
কিয় নিজকে এনেদৰে উন্মুক্ত কৰি দিলা বলাৎকাৰ
কৰিবলৈ, খামুচিবলৈ, আচুৰিবলৈ
ধৰ্ষণ কৰিবলৈ!
চিনাকি হৈও তুমি আজি অচিনাকি গুৱাহাটী
অন্তহীন জনস্ৰোত, ৰূদ্ধশ্বাস পৰিৱেশ, কদৰ্য
গেলা-পঁচা আৱৰ্জনা আৰু কংক্ৰিটৰ বস্তি হৈ
গুৱাহাটী, বিকল তোমাৰ বৃক্ক, দুৰ্বল হৃৎপিন্ডৰে
তুমি আজি এক বিৰামহীন শংকাৰ নাম
এক অন্তহীন উদ্বেগৰ নাম তুমি গুৱাহাটী
যি ভৰলুত আমি কৈশোৰত বৰশী পাতিছিলো সেই ভৰলু
ভূতনাথ বশিষ্ঠাশ্ৰম দীপৰবিলৰ অৱস্থা
শেষনাগৰো হয়তো চকুলো ওলায়! গুৱাহাটী
ক’ৰপৰা কিয় উলিয়ালা ব’ল ব’মৰ বহুৱালি
কামৰূপত দেখোন যমৰো প্ৰৱেশ নিষেধ আছিল!
আৰু সোণাৰাম হাইস্কুলৰ পথাৰত দান্ডিয়া
আগতে দেখা নাছিলো
বিকৃত হোলী, অন্তহীন বহাগী বিদায়, আৰু জানুৱাৰীত ‘ৰঙালী’!
জানো, অৰ্থ থাকিও অৰ্থহীন হ’ব এই কবিতাৰ অৰ্থ (যদিহে কবিতা হৈছে)
সেয়ে সামৰো আজি
সুদীৰ্ঘ হ’লেও কবিতাটো হৈ ৰ’ল অসমাপ্ত
যিহেতু লালুকসোলাৰ বিষয়ে লিখিবলৈ ৰৈ গ’ল
অম্বৰাধিপতি ৰামসিংহই গুৱাহাটীত সম্প্ৰতি
শ শ বিঘা মাটি দখল কৰাৰ বিষয়ে লিখিবলৈ
ৰৈ গ’ল মিৰজুমলাৰ সম্পৰ্কেও দুষাৰ ক’বলৈ!
আৰু গুৱাহাটীৰ মানচিত্ৰ!!
এতিয়া ডজনে ডজনে ছাৰ্ভেয়ৰ থমাছ উড্
অথবা উজীৰ-এ-আজমৰ দাড়িৰে তুলিকা
তৈয়াৰ কৰা মহান শিল্পী…..
দীঘল হ’ল, খং নকৰিব।
অৱশেষত অসমাপ্ত কবিতাটো সমাপ্ত কৰো আহক
পুনৰ সৌৰভ কুমাৰ চলিহাৰ সেই বাক্যৰে
‘গুৱাহাটী এখন ধুনীয়া ঠাই,
ধুনীয়া বস্তু নষ্ট কৰিব নাপায়।’



Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.


















