• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

গুৱাহাটী এখন ধুনীয়া ঠাই

ASSAMESE SECTION / Poetry / Guwahati

by Anjan Sarma
October 29, 2025
in ASSAMESE SECTION, ASSAM, Poetry
Reading Time: 8 mins read
0
গুৱাহাটী এখন ধুনীয়া ঠাই
Share on FacebookShare on TwitterShare on LinkedIn

গুৱাহাটী এখন ধুনীয়া ঠাই 

গুৱাহাটী এখন ধুনীয়া ঠাই

অঞ্জন শৰ্মা

Anjan Sarma Pic
অঞ্জন শৰ্মা

অৰ্থ থাকিও অৰ্থহীন হ’ব এই কবিতাৰ অৰ্থ, অৰ্থাৎ

অৰ্থ থকা সত্বেও কোনো সুফল নহ’ব

হ’ব মাথো অৰ্থহীন পৰিশ্ৰম, চিয়াঁহীৰ অপব‍্যয়

তাকো জানো যদিও লিখিলো মই এই কবিতা যিহেতু

হঠাৎ মনত পৰি গ’ল

সৌৰভ কুমাৰ চলিহাৰ সেই অমৃত বাক্য- ‘গুৱাহাটী,

গুৱাহাটী এখন ধুনীয়া ঠাই,

ধুনীয়া বস্তু নষ্ট কৰিব নাপায়।’ 

Guwahati 12
Kamakhya Maa
Guwahati 2

 

গুৱাহাটী!

গুৱাহাটী! প্ৰথম খৃষ্টাব্দতেই কামাখ্যাদেৱীয়ে প্ৰতাৰণা কৰা

 ৰোমান্টিক হিৰো নৰকাসুৰৰ

আৰু পিছলৈ ভগদত্তৰ প্ৰাগজ্যোতিষপুৰৰ

প্ৰায় ছয়শ খৃষ্টাব্দৰ ভাস্কৰবৰ্মাৰ কামৰূপৰ

হৃদয়ত লীন হৈ থকা গুৱাহাটী তুমি মোক

যিদৰে পাহৰি গ’লা

মইও যেন তোমাক পাহৰিবলৈ আৰম্ভ কৰিলো

পৰস্পৰে যেন পৰস্পৰক পাহৰি গ’লো

ব্ৰহ্মপুত্ৰই নিতৌ চৰণ পখালি থকা গুৱাহাটী

মনত পৰেনে আজি

তামোলৰ বাৰী, পাণৰ বজাৰ, নীলাচলৰ ঘন্টাধ্বনি

কামাখ্যা মন্দিৰৰ লগে লগে বিশ্বসিংহ, নৰনাৰায়ণ, চিলাৰায়

মনত পৰেনে চক্ৰধ্বজ সিংহৰ অমৰ উক্তি-“বঙালৰ

অধীন হৈ থকাতকৈ মৰণেহে শ্ৰেয়!” আৰু শৰাইঘাট?

মোগলৰ হাতত তোমাক ১৬৭৯ চনত সপি দিয়া

লালুকসোলাক! ইটাখুলি আৰু সিংহ গদাধৰ? 

গৌৰীনাথৰ দিনৰ কেপ্তেইন ৱেলচ্, মিঙ্গিমাহা বন্দুলা!

গুৱাহাটী তুমি সাক্ষী

তুৰস্কৰ মহম্মদ বখতিয়াৰ খিলজীৰ পলায়ন, হৈ বিধ্বস্ত

পৃথুৰ হাতত, তাৰে সাক্ষী ‘কানাই বৰশী বোৱা শিল’।

গুৱাহাটী এখন ধুনীয়া ঠাই
গুৱাহাটী এখন ধুনীয়া ঠাই

গুৱাহাটী তুমি সোৱঁৰণীৰ অতীত তুমি কালাতীত

প্ৰাগজ্যোতিষ-কামৰূপ-কমতাৰ প্ৰাচীন অভিধা তুমি

কিম্বদন্তী, জীৱন-জিজ্ঞাসা আৰু চেতনাৰ দেৱভূমি

তোমাৰ মানচিত্ৰ গুৱাহাটী

১৭৯৪ চনত প্ৰস্তুত কৰিছিল কেপ্তেইন ৱেলচৰ

সেনাবাহিনীৰ লগত অহা ছাৰ্ভেয়ৰ থমাছ উদে,

কিমান বা আছিল তোমাৰ আয়তন?

মানচিত্ৰৰ নহয়, প্ৰকৃত আয়তন!

কোনেও নাজানে তোমাৰ জন্মৰ কাহিনী, তুমি অজন্মা

ঋষি-মুনি-যোগীৰ মুখেৰে বাগৰে ৰূপকথা

টলেমিৰ ভূগোল, ৰঘুবংশ কালিদাসৰ, ৰোমান

বাণিজ্যপথৰ বৰ্ণনা কৰা পেৰিক্লাছ

চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ ভ্ৰমণকাহিনী

ক’ত নাই তুমি! তুমি 

জ‍্যোতিষ চৰ্চাৰ কেন্দ্ৰ, শিক্ষাৰ মালভূমি, অলেখ

সৃজন সম্পদেৰে ভৰা সুগভীৰ সত্তা

স্বপ্ন-দু:স্বপ্নৰ সাক্ষী, সাক্ষী ৰজা-প্ৰজাৰ

আশা-আকাংক্ষাৰ উথ্থান-পতনৰ

মই তোমাক ব‍্যাখ‍্যা কৰিব নোৱাৰো গুৱাহাটী

ইতিহাসো বাওনা তোমাৰ কাষত

তথাপিও চিনিছিলো তোমাক যিদৰে তুমিও আমাক

আমাৰ শৈশৱত, আমাৰ কৈশোৰত…গুৱাহাটী

তুমি আছিলা মনোমোহা পৰিষ্কাৰ নিৰ্জঞ্জাল মুকলি

লাস‍্যময়ী নদী-পাহাৰেৰে অনন‍্যা সুন্দৰী

উমানন্দ নৱগ্ৰহ বশিষ্ঠাশ্ৰম, কিমান ক’ম গুৱাহাটী

সৰলতা আছিল তোমাৰ প্ৰধান আৱৰণ

খালী ভৰিৰে নিয়ঁৰ গছকি শৈশৱত আমি

বুটলিছিলো শেৱালি তোমাৰ কোলাত বহি

চিয়াঁহীৰ বড়ি পানীত গুলি পাখিৰে লিখিছিলো

কাহিনী তোমাৰেই গুৱাহাটী

হৰিপ্ৰিয়া বিদ‍্যাপীঠত আওৰাইছিলো

পূৰণ-হৰণৰ নেওতা, পদ‍্য-গদ‍্য;

গুৱাহাটী এখন ধুনীয়া ঠাই
গুৱাহাটী এখন ধুনীয়া ঠাই

আৰু এদিন

শ্বাটল ট্ৰেইন বা নাকথকা চিটিবাছত উঠি

ডাঙৰ হৈ গৈছিলো কটন কলেজিয়েটলৈ…

অজস্ৰ স্মৃতি তোমাৰ লগত, তোমাৰো আমাৰ লগত।

সকলো ঠিকেই আছিল

পঞ্চাশ বছৰ আগৰ দহবৰ্গ কিলোমিটাৰৰ গুৱাহাটী

তোমাকেই কৈছো, সকলো ঠিকেই আছিল, কিন্তু

হঠাৎ, তুমি কিয় এনেদৰে প্ৰসাৰিত হ’লা?

আমি দেখোন সুখতেই আছিলো!

আমি দেখোন নিজকে ভাগ‍্যৱান বুলিয়েই ধৰি লৈছিলো!

তেন্তে গুৱাহাটী, তুমি নিজৰ আৱৰণ দলিয়াই

নিজৰ লজ্জাক সমাধি দি আমাক পাহৰি

কিয় নিজকে এনেদৰে উন্মুক্ত কৰি দিলা বলাৎকাৰ

কৰিবলৈ, খামুচিবলৈ, আচুৰিবলৈ

ধৰ্ষণ কৰিবলৈ!

চিনাকি হৈও তুমি আজি অচিনাকি গুৱাহাটী

অন্তহীন জনস্ৰোত, ৰূদ্ধশ্বাস পৰিৱেশ, কদৰ্য

গেলা-পঁচা আৱৰ্জনা আৰু কংক্ৰিটৰ বস্তি হৈ

গুৱাহাটী, বিকল তোমাৰ বৃক্ক, দুৰ্বল হৃৎপিন্ডৰে

তুমি আজি এক বিৰামহীন শংকাৰ নাম

এক অন্তহীন উদ্বেগৰ নাম তুমি গুৱাহাটী

যি ভৰলুত আমি কৈশোৰত বৰশী পাতিছিলো সেই ভৰলু

ভূতনাথ বশিষ্ঠাশ্ৰম দীপৰবিলৰ অৱস্থা

শেষনাগৰো হয়তো চকুলো ওলায়! গুৱাহাটী

ক’ৰপৰা কিয় উলিয়ালা ব’ল ব’মৰ বহুৱালি

কামৰূপত দেখোন যমৰো প্ৰৱেশ নিষেধ আছিল!

আৰু সোণাৰাম হাইস্কুলৰ পথাৰত দান্ডিয়া

আগতে দেখা নাছিলো

বিকৃত হোলী, অন্তহীন বহাগী বিদায়, আৰু জানুৱাৰীত ‘ৰঙালী’!

জানো, অৰ্থ থাকিও অৰ্থহীন হ’ব এই কবিতাৰ অৰ্থ (যদিহে কবিতা হৈছে)

সেয়ে সামৰো আজি

সুদীৰ্ঘ হ’লেও কবিতাটো হৈ ৰ’ল অসমাপ্ত

যিহেতু লালুকসোলাৰ বিষয়ে লিখিবলৈ ৰৈ গ’ল

অম্বৰাধিপতি ৰামসিংহই গুৱাহাটীত সম্প্ৰতি

শ শ বিঘা মাটি দখল কৰাৰ বিষয়ে লিখিবলৈ

ৰৈ গ’ল মিৰজুমলাৰ সম্পৰ্কেও দুষাৰ ক’বলৈ!

আৰু গুৱাহাটীৰ মানচিত্ৰ!!

এতিয়া ডজনে ডজনে ছাৰ্ভেয়ৰ থমাছ উড্

অথবা উজীৰ-এ-আজমৰ দাড়িৰে তুলিকা

তৈয়াৰ কৰা মহান শিল্পী…..

দীঘল হ’ল, খং নকৰিব।

অৱশেষত অসমাপ্ত কবিতাটো সমাপ্ত কৰো আহক

পুনৰ সৌৰভ কুমাৰ চলিহাৰ সেই বাক‍্যৰে

‘গুৱাহাটী এখন ধুনীয়া ঠাই,

ধুনীয়া বস্তু নষ্ট কৰিব নাপায়।’

Guwahati 9
Guwahati 11
Guwahati1

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ
ASSAMESE SECTION

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

by Anjan Sarma
July 16, 2026
0

অসমখন হ'ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ ৰঙা নদ আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্জন শৰ্মা (এক) আমাৰ এই অসমখন এখন্ড ভূমি, সভ্যতাৰ...

Read moreDetails
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
Unemployment in Modi’s India: A Dive into Trends

Inside the Fragmented Realities of Assam’s Educated Unemployed

July 14, 2026
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

July 14, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

July 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d