গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত বিৰল অস্ত্ৰোপ্ৰচাৰ সফলতাৰে সম্পন্ন হ’ল!
অৰবিন্দ ৰাভা
পূৱ অসমৰ এগৰাকী ছোৱালী, বয়স ১৯ বছৰ, নামটো উল্লেখ নকৰো, উপাধি গগৈ।
অসমৰ চিকিৎসা মহাবিদ্যালয় সমূহত নামভৰ্তিৰ বাবে তেওঁ যোগ্য বুলি বিবেচিত হৈছিল, কিন্তু তেওঁ নাম ভৰ্তিৰ বাবে অনুষ্ঠিত হোৱা বাচনি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰিলে শাৰীৰিক অক্ষমতাৰ বাবে। তেওঁৰ বৃক্ক ( কিডনী) বিকলতাৰ বাবে!
জীয়ৰীক বৃক্কদান কৰিবলৈ মাক – দেউতাক আগবাঢ়ি আহিল; কিন্তু দুৰ্ভাগ্যবশতঃ তেজৰ গ্ৰুপ নিমিলিল! ছোৱালীৰ তেজৰ গ্ৰুপ হ’ল ‘O’ আৰু মাকৰ A+ ! দেউতাকৰো বেলেগ।
চমুকৈ ক’বলৈ হ’লে, মেধাৱী ছোৱালীজনীৰ অঙ্গ বা বৃক্ক সংৰোপণৰ ( কিডনী ট্ৰেন্সপ্লেন্টেশ্বন) বাবে ই এক বিৰাট প্ৰত্যাহ্বান হৈ পৰিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেফ্ৰ’লজি আৰু ইউৰোলজি বিভাগৰ বাবে – তেজৰ গ্ৰুপ নিমিলা হেতুকে! কাৰণ তেজৰ গ্ৰুপ নিমিলা দাতা আৰু গ্ৰহীতাৰ ক্ষেত্ৰত বৃক্ক সংৰোপণ ইতিপূৰ্বে কেতিয়াও হোৱা নাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত অথবা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ চৰকাৰী চিকিৎসালয় সমুহত।
যি কি নহওঁক, নেফ্ৰ’লজি ( বৃক্ক চিকিৎসা বিভাগ) আৰু ইউৰোলজি ( মূত্ৰতন্ত্ৰ আৰু বৃক্ক সংৰোপণ বিভাগ) বিভাগৰ চিকিৎসক সকলে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু হ’ল।
নেফ্ৰ’লজি বিভাগৰ মুৰব্বী অধ্যাপিকা ডা° মঞ্জুৰী শৰ্মা আৰু তেওঁৰ সহযোগী চিকিৎসক সকলৰ তত্ত্বাবধানত বৃক্ক সংৰোপণৰ বাবে ছোৱালীজনীক বিভিন্ন ঔষধ- পাতি দি সাজু কৰা হ’ল আৰু অৱশেষত ইউৰোলজি বিভাগৰ মুৰব্বী অধ্যাপক ডা° শশাঙ্ক কুমাৰ বৰুৱা তথা তেওঁৰ সহযোগী শল্য চিকিৎসক সকলৰ সহযোগত সফলতাৰে সম্পন্ন হ’ল এক বিৰল অস্ত্ৰোপ্ৰচাৰ।
তেজৰ গ্ৰুপ নিমিলা স্বত্ত্বেও সফলতাৰে সম্পন্ন হ’ল বৃক্ক সংৰোপণ! এইক্ষেত্ৰত এক উল্লেখযোগ্য কাৰিকৰী দিশ আছিল – বৃক্কদাতা মাতৃৰ বৃক্কটোত দুদাল ধমনীৰ এদাল সৰু আৰু এদাল ডাঙৰ আছিল; কিন্তু দুয়োদাল ধমনীও সফলতাৰে সংযোগ কৰিবলৈ সক্ষম হ’ল ডা° শশাঙ্ক কুমাৰ বৰুৱা আৰু তেওঁৰ সহযোগী চিকিৎসক সকলে।
এই দিনটো অসমৰ চিকিৎসা ক্ষেত্ৰৰ বাবে এক ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰ’ব, দিনটো আছিল ২৩-০৩-২০২৩।
বিগত ১০/১১ দিনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ ‘চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়‘ত এই ছোৱালী জনীকে ধৰি ৩ গৰাকী ৰোগীৰ বৃক্ক সংৰোপণ সফলতাৰে সম্পন্ন কৰা হৈছে, ইও এক উল্লেখযোগ্য বিষয়।
যোৱা ৬ এপ্ৰিল তাৰিখে গগৈ উপাধিৰ ছোৱালী জনীক ঘৰলৈ যাবলৈ দিয়া হল আৰু ইতিপূৰ্বে তেওঁৰ ক্ৰিয়েটিনিন্ আছিল ৭ যদিও ঘৰলৈ যাবলৈ দিয়া সময়ত আছিল .৮ ( পইন্ট ৮)!
তেজৰ গ্ৰুপ নিমিলা অথচ বৃক্ক সংৰোপণ সফলতাৰে সম্পন্ন হ’ল এই সমগ্ৰ পদ্ধতিৰ নাম হ’ল ABO ( Incompatibility Kidney Transplant)! অসমত তথা সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ চৰকাৰী চিকিৎসালয় খন্ডত পোন প্ৰথমবাৰৰ বাবে এই বিৰল কৰ্ম সম্পন্ন কৰা হেতুকে এক নতুন অধ্যায়ৰ সৃষ্টি হ’ল।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেফ্ৰ’লজি আৰু ইউৰোলজি বিভাগৰ মুৰব্বী অধ্যাপিকা তথা মূৰব্বী অধ্যাপক সহকাৰে তেওঁলোকৰ সহযোগী সকলোকে এই ইতিহাস সৃষ্টি কৰা বাবে এই সম্পৰ্কে জ্ঞাত সকলোৱে অভিনন্দন, শুভেচ্ছা জ্ঞাপন কৰিছে।
উল্লেখযোগ্য যে অসম চৰকাৰে আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই এই বিৰলতম চিকিৎসাৰ ক্ষেত্ৰত ৰোগী গৰাকীক সকলোধৰণৰ সা-সুবিধা আগবঢ়োৱা হেতুকে, দামী দামী ঔষধ- পাতি বিনামূলীয়াকৈ দিয়া হেতুকে অস্ত্ৰোপ্ৰচাৰ সম্ভৱপৰ হ’ল। অসম চৰকাৰৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কতৃপক্ষকো বহুত বহুত ধন্যবাদ জনাইছে ৰোগীৰ পৰিয়ালে তথা সচেতন মহলে।
বিগত এটা বছৰত ডা° শশাঙ্ক কুমাৰ বৰুৱাৰ নেতৃত্বত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ইউৰোলজি বিভাগৰ দ্বাৰা প্ৰায় ২৫ টা বৃক্ক সংৰোপণ সফলতাৰে সম্পন্ন হ’ল যদিও এই শেহতীয়া বৃক্ক সংৰোপণ এক নজীৰবিহীন ঘটনা। ডা° বৰুৱা আৰু তেওঁৰ সহযোগী চিকিৎসক সকলোকে অলেখ অভিনন্দন।
ৰোগীগৰাকী এতিয়া হাঁহি এমোকোৰা লৈ ঘৰলৈ উভতি গ’ল। সেই হাঁহি অক্ষুণ্ণ ৰাখিবলৈ অসম চৰকাৰে ৰোগীগৰাকীক চিকিৎসা মহাবিদ্যালয়ত পঢ়িবলৈ সুবিধা দিব লাগে – তেতিয়া হে বিৰল অস্ত্ৰোপ্ৰচাৰৰ মহিমাই এক অনন্য মাত্ৰা পাব।
এয়া অসমৰ মানুহৰ বাবেও এক ঐতিহাসিক বাৰ্তা, কাৰণ এতিয়া বৃক্ক সম্পৰ্কীয় কিবা সমস্যা উদ্ভৱ হ’লেই অসমৰ বাহিৰলৈ ঢপলিওৱা কাৰ্য তথা বৃক্ক সম্পৰ্কীয় চিন্ডিকেটৰ কৱলত পৰা কাৰ্য কিছু হ’লেও হ্ৰাস পাব।
০৭-০৪-২০২৩
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)