– ৰণেন কুমাৰ গোস্বামী |
ভাৰতৰ সবাতোকৈ ধনী ব্যক্তিজন যে মুকেশ আম্বানি তাক নজনা লোক কম আছে। ফ’র্বছ আলোচনীৰ ২০১২ চনৰ অক্টোবৰ সংখ্যাৰ মতে ২১ বিলিয়ন ডলাৰৰ গৰাকী হোৱাৰ গুণে তেওঁ ভাৰতৰ সবাতোকৈ ধনী লোক আৰু বিশ্বৰ তেওঁ ১৯ নম্বৰ ধনী। ভায়েক অনিল আম্বানিও বৰ পিছ পৰি থকা নাই, ৬ বিলিয়ন ডলাৰৰ গৰাকী হোৱাৰ গুণে তেৱোঁ ভাৰতৰ ১১ নম্বৰ আৰু বিশ্বৰ ১১৮ নম্বৰ ধনী। ৰাসায়নিক অভিযন্তাৰ শিক্ষা লোৱা মুকেশ আম্বানিয়ে আমেৰিকাৰ ষ্টেনফ’র্ড বিশ্ববিদ্যালয়ত বাণিজ্য প্ৰশাসনৰ স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ আধাতে সামৰিলে। মুকেশ আম্বানিৰ মালিকানাধীন ৰিলায়েন্স গ্ৰুপৰ ধ্বজাবাহী কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড (চমুকৈ আৰ আই এল) হ’ল ‘ফৰচুন’ আলোচনীয়ে প্ৰস্তুত কৰা ‘গোলকীয় ৫০০’ সর্ববৃহৎ কোম্পানীবোৰৰ ভিতৰত ৯৯ নম্বৰ কোম্পানী। এই কোম্পানীবোৰক ‘ফৰচুন ৫০০’ কোম্পানী বুলিও কোৱা হয়। কোম্পানীটোৰ কর্মচাৰীৰ সংখ্যা ২৩,০০০। ২০০৯ চনত তদানীন্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙে এইবুলি এটা ৰাজহুৱা মন্তব্য কৰাত যে উদ্যোগপতিসকলকে ধৰি ভাৰতীয় এ’লিটসকল অশোভনীয় ধৰণে ব্যয়বিলাসী। মুকেশ আম্বানিয়ে ঘোষণা কৰিলে যে তেওঁ এতিয়াৰেপৰা বেতন কমাই ল’ব। কথাষাৰ আছিল এক ধৰণৰ কপটালি। কিয়নো মাথোঁ দুবছৰ আগতে ২০০৭ চনৰ নৱেম্বৰ মাহত পত্নী নীতা আম্বানিক ৪৪ সংখ্যক জন্মদিনৰ উপহাৰ হিচাপে মুকেশে দিছিল ২৩১ কোটিটকীয়া এখন বিমান (এয়াৰবাছ এ-৩১৯), যিখনত আছিল এটা শোৱনি কোঠা, একাধিক বিলাসী স্নানাগাৰ, এখন বাৰ বা পানশালা আৰু এটা কার্যালয় কোঠা। আন কিবা কাৰণত এখন ফেলকন বিমানো আনিছিল। পিছত ওলাই পৰিল যে বিমান দুখন আমদানি কৰোতে আম্বানিৰ কোম্পানী এটাই কৰ ফাকি দিছিল, যাৰ বাবে তেওঁ প্ৰায় ছশ কোটি টকা ভৰিবলগীয়া হ’ল।
ভায়েক অনিল আম্বানিৰ বাণিজ্য পৰিচালনাৰ ডিগ্ৰী এটা আছে আমেৰিকাৰ বাণিজ্য শিক্ষাৰ প্ৰতিষ্ঠান হ’ৱার্টনৰপৰা। তেওঁৰ মূল কোম্পানীটোৰ নাম হ’ল অনিল ধীৰুভাই আম্বানি গ্ৰুপ, চমুকৈ এ ডিএ জি। মূল ব্যৱসায় হ’ল বিদ্যুৎ উৎপাদন আৰু বিতৰণ, টেলিসংযোগ, আন্তঃগাঁথনি নির্মাণ আৰু মনোৰঞ্জন। অনিল আম্বানিনো কিয় পিছ পৰি ৰ’ব? ককায়েকৰ উপহাৰটোক ম্লান কৰিবলৈ ২০০৮ চনৰ ডিচেম্বৰ মাহত পত্নী তিনা আম্বানিক (পূর্বৰ বলিউড তাৰকা তিনা মুনিম) অনিলে চাৰিশ কোটি টকাৰে এখন বিলাসী জাহাজ উপহাৰ দিলে আৰু ইয়াৰ নামকৰণ কৰিলে তিয়ান (Tian), অর্থাৎ Tinaৰ প্ৰথম দুটা আখৰ আৰু Anilৰ প্ৰথম দুটা আখৰ লগ লগাই কৰা এটা নাম। আমদানি কৰ ফাকি দিয়াৰ জাননী অনিল আম্বানিৰ কোম্পানীয়েও পালে, কিন্তু গোটেই লেনদেনটো বিদেশত হোৱাৰ সুৰুঙা এটা উলিয়াই তেওঁ সাৰি গ’ল। কিন্তু কেইমাহমান আগতে কিনা বোম্বার্ডিয়াৰ বিমানখনৰ ক্ষেত্ৰতো কৰ ফাকি দিয়া বাবে প্ৰায় ১৮০ কোটি টকা ভৰিবলগীয়া হ’ল। ৰিলায়েন্স গ্ৰুপটোৰ জন্মদাতা আছিল মুকেশ আৰু অনিল আম্বানিৰ পিতৃ ধীৰুভাই আম্বানি। পেট্ৰ’ল পাম্পৰ সাধাৰণ কর্মচাৰীৰপৰা গৈ কঠোৰ শ্ৰম আৰু অধ্যৱসায়েৰে আৰু ৰাজনৈতিক যোগাযোগৰ উচিত-অনুচিত ব্যৱহাৰেৰে তেওঁ এই বৃহৎ কোম্পানীটো গঢ়ি তুলিছিল। বৰপুত্ৰ মুকেশে বস্ত্ৰ আৰু ছিন্থেটিক ফাইবাৰৰ ব্যৱসায়ৰপৰা বঢ়াই নি সকলো ধৰণৰ পেট্ৰ’কেমিকেলছ, শোধনাগাৰ, গেছ আৰু তেল নিষ্কাসনলৈ কোম্পানীটোৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিলে। তেল আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে ইয়াৰ নতুন নিষ্কাসন লাইচেন্সদান নীতি (New Exploration Licensing Policy বা চমুকৈ এন ই এল পি) ঘোষণা কৰিছিল ১৯৯৯ চনৰ ২৪ ডিচেম্বৰৰ দিনা। ইয়াৰ অধীনত আৰ আই এল আৰু কানাডাৰ নিকো ৰিছ’র্ছেছ লিমিটেডৰদ্বাৰা গঠিত বাণিজ্যিক জোঁট (কনছ’র্টিয়াম) টোৱে অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা-গোদাৱৰী অৱবাহিকাৰ কেজি (অৰ্থাৎ কৃষ্ণা-গোদাৱৰী) ডি ডব্লিউ এন-৯৮/৩ (পিছলৈ যিটোৰ নাম দিয়া হ’ল ডি-৬ অৰ্থাৎ ধীৰুভাই-৬) ব্লকটোত খনন চলোৱাৰ অনুমতি পালে। ২০০০ চনৰ এপ্ৰিল মাহত তেল মন্ত্ৰ্যালয় আৰু কনছ’র্টিয়ামটোৰ মাজত উৎপাদন বটোৱাৰা চুক্তি (production sharing contract বা চমুকৈ পি এছ চি) স্বাক্ষৰিত হ’ল। ২০০২ চনৰ জুলাই মাহত ধীৰুভাই আম্বানিৰ মৃত্যু হয়। একেটা বছৰৰে অক্টোবৰ মাহত কেজি-৬ ব্লকত পর্যাপ্ত পৰিমাণৰ গেছৰ সন্ধান পোৱা গ’ল। দুবছৰ পিছত, ২০০২ চনৰ জুন মাহত উত্তৰ প্ৰদেশ চৰকাৰৰ লগত আৰ আই এলৰ এই চুক্তি হ’ল যে দিল্লীৰ ওচৰৰ দাদ্ৰিত কোম্পানীটোৱে পৃথিৱীৰ বৃহত্তম গেছ-ভিত্তিক শক্তি কাৰখানা এটা স্থাপন কৰিব য’ত অন্ধ্ৰ প্ৰদেশৰপৰা ১,৮০০ কিলোমিটাৰ দৈর্ঘ্যৰ পাইপলাইনৰ যোগেদি আনি ব্যৱহাৰ কৰা হ’ব কেজি গেছ।
ধীৰুভায়ে তেওঁৰ সম্পত্তিৰ কোনো উইল কৰি থৈ যোৱা নাছিল। পিতৃৰ মৃত্যুৰ পাছত দুই ভাতৃৰ মাজত আৰম্ভ হোৱা বিদ্বেষৰ কথা বাহিৰৰ লোকে জনা নাছিল। ২০০৪ চনত মুকেশ আম্বানিয়ে ৰাজহুৱাকৈ কৈ পেলালে যে ব্যৱসায়ৰ মালিকানাক কেন্দ্ৰ কৰি অনিলৰ সৈতে তেওঁৰ মতানৈক্য আছে। পিছৰ মাহকেইটাত দুয়োৰে মাজত ৰাজহুৱা অঁৰিয়া-অঁৰি চলিল। ২০০৫ চনৰ জুন মাহত আই চি আই চি আই বেংকৰ ভূতপূর্ব মুৰব্বী কে ভি কামাথকে ধৰি একাধিক বেংকাৰৰ মধ্যস্থতাত মাতৃ কোকিলাবেনে দুয়োৰে মাজত সাময়িক যুদ্ধবিৰতি স্থাপন কৰালে। যি কি নহওক, দুই ভাতৃৰ মাজত ৰিলায়েন্স সাম্ৰাজ্য ভাগ হ’ল। মুকেশৰ ভাগত পৰিল গেছ নিষ্কাসনৰ ব্যৱসায় আৰু অনিলৰ ভাগত শক্তি উৎপাদন। অনিলৰ ভাগত পৰা দাদ্ৰি শক্তি কাৰখানালৈ প্ৰতি নিযুত ব্ৰিটিছ থার্মেল ইউনিট (Per million British thermal units বা চমুকৈ এম বি টি ইউ) ২.৩৪ ডলাৰ (১১৪ টকা) দৰত গেছ যোগান ধৰাৰ প্ৰতিশ্ৰুতিও মুকেশে দিলে। ১৭ বছৰৰ বাবে এই গেছৰ পৰিমাণ হ’ব ২৮ এম এছ চি এম ডি (million standard cubic metres a day) কৈ।
সৰহ দিন যাবলৈ নাপালে, মুকেশ-মালিকানাধীন আৰ আই এল আৰু অনিল-মালিকানাধীন ৰিলায়েন্স নেচাৰেল ৰিছ’র্ছেছ লিমিটেড (আৰ এন আৰ এল)ৰ মাজত গেছৰ দৰ লৈ খৰিয়াল আৰম্ভ হ’ল। আৰ আই এলে প্ৰতি এম বি টি ইউ গেছৰ দৰ ২.৩৪ ডলাৰ হ’ব লাগে বুলি তেল মন্ত্ৰ্যালয়ক আৱেদন জনালে যদিও মন্ত্ৰ্যালয়ে ক’লে যে গেছৰ দৰ ই নিজেই নিৰূপণ কৰিব। ২০০৭ চনত তদানীন্তন বিদেশ মন্ত্ৰী আৰু বর্তমানৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখার্জী-নেতৃত্বাধীন (প্ৰণৱ মুখার্জী আৰু ধীৰুভাই আম্বানিৰ ঘনিষ্ঠতাৰ কথা সর্বজনবিদিত) মন্ত্ৰীগোট এটাই গেছৰ দৰ নিৰূপণ কৰিলে প্ৰতি এম বি টি ইউত ৪.২০ ডলাৰকৈ অর্থাৎ প্ৰায় ৮০ শতাংশ অধিককৈ। সন্দেহ নহৈ নোৱাৰে। দেশৰ প্ৰাকৃতিক সম্পদৰ গৰাকী দেশৰ চৰকাৰ, ইয়াৰ দৰ চৰকাৰে থিৰ কৰিব, তাত দ্বিমত হ’বলগীয়া একো নাই। কিন্তু দৰ থিৰ কৰোতে ৰাইজৰ স্বার্থত তাক যিমান পাৰি কম কৰাটোহে চৰকাৰৰ কাম। কেজি গেছৰ দৰ নিৰূপণ কৰোতে দুই কর্প’ৰেট গোষ্ঠীৰ বিবাদত এটা পক্ষৰ লাভ হোৱাকৈ তাৰ দৰ ৮০ শতাংশ বঢ়োৱাটোত দেশৰ জনতাৰ স্বার্থই ক’তনো আগ স্থান পালে? পিছৰ ডেৰটা বছৰত দুই ভায়েকৰ ৰাজহুৱা খৰিয়ালখনে বোম্বাই উচ্চ ন্যায়ালয় পালেগৈ, বিবাদৰ বিষয় হ’ল কেজি গেছ কোনে পাব আৰু কি দৰত পাব। কেজি-ডি ৬ৰপৰা সাৰ, শক্তি আৰু অন্যান্য কোম্পানীবোৰৰ কোনে কিমানকৈ গেছৰ আবণ্টন পাব ২০০৯ চনৰ মার্চত তেল মন্ত্ৰ্যালয়ে তাক থিৰ কৰি দিলে। এই ভাগ্যৱানসকলৰ মাজৰপৰা অনিল আম্বানিৰ দাদ্ৰি কাৰখানাটো বাদ পৰিল। চৰকাৰৰ অজুহাতটো আছিল যে বিষয়টো উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। বোম্বাই উচ্চ ন্যায়ালয়ে ২০০৯ চনৰ ১৫ জুনৰ দিনা এই ৰায় শুনালে যে ২০০৫ চনত আম্বানি পৰিয়ালৰ নিজৰ মাজত হোৱা চুক্তিখনক সন্মান জনাই মুকেশ আম্বানিৰ আৰ আই এলে অনিল আম্বানিৰ আৰ এন আৰ এললৈ প্ৰতি এম বি টি ইউত ২.৩৪ ডলাৰ দৰত গেছৰ যোগান ধৰিব লাগে। ৰায়টো অকণমান ভাবি চাবলগীয়া, কাৰণ দেশৰ প্ৰাকৃতিক সম্পদ বিতৰণৰ ক্ষেত্ৰত পৰিয়ালকেন্দ্ৰিক চুক্তি এখন কিদৰে নিৰ্ণায়ক হ’ব পাৰে, তাক বুজি পোৱাটো বহুতৰে বাবে কঠিন।
যি কি নহওক, আইনী যুঁজখনৰ ওৰ কিন্তু নপৰিল। মন্ত্ৰীগোটৰ নীতিৰ দোহাই দি ২০০৯ চনৰ তিনি জুলাইৰ দিনা অনিলৰ আৰ এন আৰ এলে উচ্চতম ন্যায়ালয়ত এইবুলি আৱেদন জনালে যে ৪০ এম এছ চি এম ডি গেছ কেৱল ইয়াৰ বাহিৰে আনক যোগান ধৰাৰপৰা (মুকেশৰ) আৰ আই এলক বাৰণ কৰিব লাগে। পিছদিনাই বোম্বাই উচ্চ ন্যায়ালয়ৰ ৰায়টোৰ বিৰুদ্ধে আৰ আই এলেও এখন আৱেদন দাখিল কৰিলে। পৰিয়ালভিত্তিক চুক্তিখন বাতিল কৰিব লাগে বুলি ১৮ জুলাই (২০০৯)ৰ দিনা চৰকাৰেও এখন আৱেদন দাখিল কৰিলে, কিন্তু আচৰিত কথা, পহিলা ছেপ্টেম্বৰৰ দিনা আৱেদনখনত এক সন্দেহজনক সংশোধনী আনি ক’লে যে পৰিয়ালভিত্তিক চুক্তিখন বাতিল কৰা-নকৰা সম্পর্কত ইয়াৰ ক’বলগীয়া একো নাই। অৱশ্যে চৰকাৰী পক্ষই এই স্থিতি বাহাল ৰাখিলে যে গেছ যিহেতু এক প্ৰাকৃতিক সম্পদ, ইয়াৰ গৰাকী চৰকাৰ। দৰাচলতে চৰকাৰৰ এই স্থিতিত মুকেশ আম্বানিৰ কোনো ক্ষতি নাছিল এইবাবেই যে চৰকাৰ আছিল তেওঁৰ হাতৰ মুঠিত। বিভিন্ন চৰকাৰী পদক্ষেপত তাৰ প্ৰমাণ পোৱা গৈছিল। ইতিমধ্যে চৰকাৰ বিশেষকৈ তেল মন্ত্ৰ্যালয়ে ৰাজকোষত প্ৰভূত লোকচান সাধি মুকেশৰ আৰ আই এলক অনুগ্ৰহ কৰা বুলি অনিলৰ আৰ এন আৰ এলে দেশৰ আগশাৰীৰ কাকতবোৰৰ প্ৰথম পৃষ্ঠাত এলানি বিজ্ঞাপন প্ৰচাৰ কৰিলে। কোৱা হয় যে এইলানি বিজ্ঞাপনত খৰচ হৈছিল ১৫ কোটি টকা। উচ্চতম ন্যায়ালয়ে সাত মে’, ২০১০ৰ দিনা শুনোৱা ৰায়টো চৰকাৰৰ পক্ষেই গ’ল, অর্থাৎ অনিল আম্বানি হাৰিল, বিচৰা ধৰণে গেছৰ ভাগ তেওঁ নাপায়। কিন্তু মুখ্য ন্যায়াধীশ কে জি বালকৃষ্ণণ, ন্যায়াধীশ পি সতাশিৱন আৰু ন্যায়াধীশ বি সুদর্শন ৰেড্ডীৰদ্বাৰা গঠিত বিচাৰপীঠে ইয়াৰ ২৬৮ পৃষ্ঠা জোৰা ৰায়টোত প্ৰাকৃতিক সম্পদৰ নিয়ন্ত্ৰণ ব্যক্তিগত খণ্ডক দিয়া চৰকাৰী পদক্ষেপক সহজভাৱে নল’লে। উদাহৰণস্বৰূপে, ৰায়টোৰ ৮৭ নম্বৰ দফাত ই ক’লে যে ধনৰ অভাৱত, প্ৰযুক্তিৰ অভাৱত চৰকাৰে ব্যক্তিগত খণ্ডক প্ৰাকৃতিক সম্পদ নিষ্কাসনৰ দায়িত্ব দিছে, তাৰ লাভালাভ যাতে দেশৰ নাগৰিকে পায় তাক নিশ্চিত কৰাটো চৰকাৰৰ কর্তব্য। বিচাৰপীঠে ক’লে, ‘এনে এটা প্ৰকল্পৰ দায়িত্ব ৰাজহুৱা খণ্ডৰ উদ্যোগক একচেটিয়াকৈ দিয়াটোহে উচিত কথা হ’লহেঁতেন’। ৰায়টোৱে এই প্ৰশ্ন জগাই তুলিলে যে দেশবাসীৰ হৈ দেশৰ প্ৰাকৃতিক সম্পদৰ ৰক্ষক হিচাপে চৰকাৰে ইয়াৰ দায়িত্ব পালন কৰিছেনে? চৰকাৰক নিজৰ জেপত সুমুৱাই নিজৰ ব্যৱসায়ৰ লাভ হোৱাকৈ চৰকাৰী নীতি প্ৰস্তুত কৰাই লোৱাটো স্বজনতোষী পুঁজিবাদৰ (Crony capitalism) এটা নাঙঠ উদাহৰণ নহয় জানো? লক্ষ্য কৰক, ৰাজহুৱা খণ্ডতে অত্যন্ত পাৰদর্শী উদ্যোগ থকা সত্ত্বেও ব্যক্তিগত খণ্ডৰ প্ৰতি চৰকাৰৰ এনে পক্ষপাতিত্ব কিয়?
এই সময়ত দেশৰ তেল মন্ত্ৰী আছিল মুৰলী দেওৰা। আগৰজন তেলমন্ত্ৰী আছিল এছ জয়পাল ৰেড্ডী। মুকেশ আম্বানিৰ ইচ্ছা অনুসৰি গেছৰ দৰ নিৰূপণ কৰাত ৰেড্ডীয়ে বিধি-পথালি দিছিল। ২৭ অক্টোবৰ, ২০১২ শনিবাৰে আবেলি তেওঁলৈ এটা ফোন আহিল, ফোনটো আছিল ছোনিয়া গান্ধীৰ। তেওঁ যি ভাবি আছিল ছোনিয়াই সুধি পেলালে, পিছদিনা হ’বলগীয়া মন্ত্ৰীসভাৰ সালসলনিত দপ্তৰটো সলনি হ’লে তেওঁ বেয়া পাব নেকি? গতিকে ২৮ অক্টোবৰ, ২০১২ দেওবাৰৰপৰা ৰেড্ডীৰ দপ্তৰ সলনি হ’ল। কিন্তু একেদিনাৰ ‘দ্য হিন্দু’ কাকতত দপ্তৰ সলনিৰ আঁৰৰ কাহিনী প্ৰকাশ পালে। যি কি নহওক, অনিল আম্বানিৰ কপাল নুফুলিল। তেৱোঁ পিছে অকলশৰীয়া নাছিল, তেওঁৰ সপক্ষে আছিল মুলায়েম সিং যাদৱ নেতৃত্বাধীন সমাজবাদী পার্টি। দলটোৱে দাদ্ৰি প্ৰকল্পলৈ গেছৰ যোগান নিদি উত্তৰ প্ৰদেশৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰা হৈছে বুলি সংসদত অভিযোগো উত্থাপন কৰিলে, কিন্তু ফল নধৰিলে। মাজতে ২০০৮ ভাৰত-আমেৰিকা পাৰমাণৱিক চুক্তিক কেন্দ্ৰ কৰি তদানীন্তন মনমোহন সিং চৰকাৰে লোকসভাত আস্থা ভোট বিচাৰিবলগীয়া হোৱাত অনিললৈ আন এটা সুযোগ অহা যেন হৈছিল। সমাজবাদী পার্টিয়ে চৰকাৰলৈ সমর্থন আগবঢ়াই পৰামর্শ দিলে যে তেল শোধনকাৰীসকলে (আপুনি বুজি লওক মুকেশ আম্বানিক সাঙুৰি) যাতে বিশ্বৰ তৈল খণ্ডত দেখা দিয়া যিকোনো সংকটৰ সুবিধা লৈ অভাৱনীয় লাভ ল’ব নোৱাৰে তাৰ বাবে তেওঁলোকৰ ওপৰত এটা কৰ (Windfall tax) বহুৱাব লাগে। বিপদৰ গোন্ধ পাই ১৪ জুলাইৰ (২০০৮) দিনা মুকেশ আম্বানিয়ে প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং, বিত্ত মন্ত্ৰী পি চিদাম্বৰম আৰু তেল মন্ত্ৰী মুৰলী দেওৰাক লগ কৰিলে। ভবা মতে কাম, বিষয়টো তাৰপৰা আৰু আগ নাবাঢ়িলে। অনিল আম্বানিৰ আঁচনি এইবাৰো সফল নহ’ল।
কিন্তু স্বজনতোষী পুঁজিবাদৰ মতি-গতিবোৰ ৰাইজৰ চকুত ধৰা নপৰাকৈ নাথাকিল। ২৪ মে’, ২০১৩। চিপিআই নেতা গুৰুদাস দাশগুপ্তই কেন্দ্ৰীয় কেবিনেটৰ কাৰণে চৰকাৰীভাৱে প্ৰস্তুত কৰা টোকা এটা সংবাদ মেলত প্ৰকাশ কৰি দেখুৱাই দিলে কিদৰে ৰিলায়েন্সৰ ডি-৬ খণ্ডৰ গেছৰ দৰ বৃদ্ধিৰ উদ্দেশ্যে বিত্ত মন্ত্ৰ্যালয়, তেল মন্ত্ৰ্যালয় আৰু পৰিকল্পনা আয়োগে নিজৰ মাজত বুজাবুজি কৰি আগবাঢ়িছে। তদানীন্তন তেল মন্ত্ৰী বীৰাপ্পা ম’ইলীয়ে এই অভিযোগ অস্বীকাৰ কৰিলেও গেছৰ দাম বঢ়োৱাত তেওঁ আঁকোৰগোঁজ হৈয়ে থাকিল। স্বজনতোষী পুঁজিবাদৰ (ৰিলায়েন্স মার্কা) এই সমগ্ৰ কাহিনী বিভিন্ন ৰাজহুৱা দলিল, তথ্য, সংসদৰ বিতর্ক আৰু সংবাদ মাধ্যমৰ অলেখ প্ৰতিৱেদনৰপৰা যুগুতাই তাক কিতাপ আকাৰে প্ৰকাশ কৰিছে সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাই, সহযোগ কৰিছে সাংবাদিক সুবীৰ ঘোষ আৰু সাংবাদিক-গৱেষক জ্যোতির্ময় চৌধুৰীয়ে। গ্ৰন্থখনৰ নাম Gas Wars: Crony Capitalism and the Ambanis (গেছ যুদ্ধঃ স্বজনতোষী পুঁজিবাদ আৰু আম্বানহঁত)। আমাৰ এই লেখাৰ সৰহখিনি তাৰপৰাই লোৱা।
কর্প’ৰেট মাধ্যমে লুকুৱাই থ’ব খুজিলেও, বা কমকৈ প্ৰচাৰ কৰিলেও জোলোঙাৰপৰা মেকুৰী নোলোৱাকৈ থকা নাই। নিয়ন্ত্ৰক আৰু হিচাপ পৰীক্ষা মহাধিপতি (Comptroller and Auditor General বা চমুকৈ চি এ জি) য়ে ২০১১ চনত ১৯৩ পৃষ্ঠাজোৰা ৰিপ’র্ট এটাত (তেতিয়াৰ মনমোহন সিং নেতৃত্বাধীন) চৰকাৰক জগৰীয়া কৰি ক’লে যে কৃষ্ণা-গোদাৱৰী অৱবাহিকাত (মুকেশ আম্বানিৰ) আৰ আই এলক কৰদাতাৰ ধন সীমাহীনভাৱে লুটিবলৈ সুবিধা কৰি দিয়া হৈছে। যি কি নহওক, কেন্দ্ৰত এতিয়া চৰকাৰ সলনি হৈছে। যোৱা ২৬ জুন (২০১৪), বুধবাৰে নতুন তেলমন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানে নতুন দিল্লীত ক’লে যে ছেপ্টেম্বৰ মাহ পর্যন্ত প্ৰাকৃতিক গেছৰ দৰ প্ৰতি এম বি টি ইউত ৪.২ ডলাৰ হৈয়ে থাকিব, কিন্তু লগতে এই ইংগিতো দিলে যে তাৰ পিছত গেছৰ দৰ বাঢ়িব। ক্ষমতাৰপৰা সৰি পৰাৰ আগে আগে মনমোহন সিং চৰকাৰে গেছৰ দৰ প্ৰতি এম বি টি ইউত ৮.৩৪ ডলাৰকৈ (অর্থাৎ দুগুণতকৈও বেছি) নিৰূপণ কৰি গ’ল, লোকসভাৰ নিৰ্বাচনী বিধি জাৰি হোৱা বাবে তাক যেনিবা কার্যকৰী কৰিব নোৱাৰিলে। কিন্তু ভয় নাই, নতুন চৰকাৰে ইংগিত দিছেই যে গেছৰ দৰ বাঢ়িবই। কর্প’ৰেট মাধ্যমে ইতিমধ্যে হেঁচা দিবলৈ আৰম্ভ কৰিছেই (Times of India ৰ ২৬ জুন, ২০১৪, বুধবাৰৰ সম্পাদকীয় চাওক), খোলাখুলিকৈ নক’লেও যাৰ বক্তব্য হ’ল এনে যে বজাৰ অর্থনীতিৰ নিয়ম অনুসৰিহে গেছৰ দৰ নিৰূপিত হ’ব লাগে। দেশৰ জনতা, যি প্ৰকৃততে দেশৰ প্ৰাকৃতিক সম্পদৰ গৰাকী, তেওঁলোকৰ লাভ-লোকচানৰ প্ৰশ্ন ইয়াত অহা নাই আৰু নাহে। চৰকাৰৰ ৰং সলনি হ’ব পাৰে, গাদীৰপৰা এটা দলক খেদি আন এটা দল বহিব পাৰে, স্বজনতোষী পুঁজিবাদলৈ কোনো ভাবুকি নাই, থাকিব নোৱাৰে। দেশৰ জনতা জহন্নামে যাওক, স্বজনতোষী পুঁজিবাদ জিন্দাবাদ।