জাপানৰ পৰা মহাবাহুলৈ-২৪
–ডা° সুকৃতি চৌধুৰী |
প্ৰত্যেক বছৰ সমগ্ৰ পৃথিৱীতে হোৱা অসংখ্য আত্মহত্যাৰ ভিতৰত ৫ হাজাৰতকৈও অধিক আত্মহত্যা কেৱল এটা কাৰণেই হয়, সেই কাৰণটো হ’ল—“এহাল নৰ-নাৰীৰ নিভৃত মুহুৰ্তৰ গোপনীয়তা ভংগ হৈ এইবোৰৰ ফটো আৰু ভিডিও আদি ৰাজহুৱা হৈ পৰা”।
যেতিয়াৰে পৰা এণ্ড্ৰইড ফোনৰ ব্যাপক প্ৰচচলন হৈছে তেতিয়াৰে পৰা এই সমস্যাৰ প্ৰাবল্য বৃদ্ধি হৈছে !
এণ্ড্ৰইড ফোন অহাৰ পিছৰে পৰা এই সমস্যা ভয়াৱহ হৈ উঠিছে । মোৰ হাতত বিভিন্ন নিৰ্ভৰযোগ্য চাৰ্ভেৰ ১১ বছৰৰ ডাটা আছে আৰু মই এইবোৰ বিশ্লেষণ কৰিয়েই কৈছো যে এই সংখ্যা খুউব SHOCKING !!
২০২০ চনত এই সংখ্যা কমিছে কেৱল কৰ’নাৰ বাবে দিয়া লক-ডাউন আৰু আনবোৰ বাধা-নিষেধৰ বাবেই। কিন্তু হ’লে কি হ’ব, কৰ’নাই উৎপন্ন কৰা পৰিস্থিতিৰ বাবে আত্মহত্যা কৰা মানুহৰ সংখ্যা বহুত বাঢ়ি গ’ল । তদুপৰি ভিডিও কলত কৰা অসৎ কামবোৰ অনেকগুনে বাঢ়ি গ’ল।
মোৰ এটা অভ্যাস আছিল৷ কিশোৰী কালত প্ৰায়েই পুথিভঁৰাল (কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু গুৱাহাটীৰ জিলা পুথিভঁৰাল আদি)লৈ গৈ পুৰণিতকৈ পুৰণি বাতৰি-কাগজ আৰু আলোচনীবোৰ খুচৰি উলিয়াই পঢ়ি পেলাইছিলো। একো-একোটা ঘটনাৰ আঁত ধৰি সেইসময়তনো কি হৈছিল সেইবোৰ পঢ়ি পেলাইছিলো। যেনে ধৰক: চাদ্দাম হুছেইনৰ সময়ত আমেৰিকা-ইৰাকৰ মাজত প্ৰথমবাৰ হোৱা যুদ্ধখন । আনবোৰ কথাৰ লগতে সেই সময়ৰ বাতৰি-কাগজত পঢ়িবলৈ পাইছিলো যে আমেৰিকাৰ সৈনিকসকলে হেলমেটটোৰ ভিতৰত নিজৰ পত্নী বা প্ৰেয়সীৰ অন্তৰ্বাস সুমুৱাই লৈছিল । বহু পুৰণা খবৰ-কাগজত ফিলিপাইন্সৰ একনায়ক মাৰ্কচৰ কথা পঢ়িছিলোঁ যাৰ পত্নীৰ হেনো ইমানেই জোতা-চেণ্ডেল আছিল যে সেয়া হেনো একোখন বৃহৎ জোতাৰ দোকানতো নাথাকে৷ ইয়াৰ কাৰণ আছিল এই বিকৃত মানসিকতাৰ মানুহগৰাকীয়ে ভাল জোতা-চেণ্ডেল পিন্ধা মানুহৰ প্ৰতি হেনো তীব্ৰ যৌন আসক্তি অনুভৱ কৰিছিল ৷ কোনোবা কিতাপতেই পঢ়িছিলো যে ৰাছিয়াৰ এগৰাকী সাম্ৰাজ্ঞীৰ হেনো ৪০ জন প্ৰেমিক আছিল, যিসকলৰ লগত তেওঁৰ অভিসাৰৰ বীভৎস বৰ্ণনাৰ বাবেই কিতাপখন নপঢ়িলো , ইত্যাদি ইত্যাদি৷
এইবোৰ আছিল এণ্ড্ৰইড ফোনৰ বহু আগৰ কথা । কিন্ত এণ্ড্ৰইড ফোন অহাৰ পিছত আমি সকলোবোৰ কেৱল ৰেকৰ্ড কৰিবলৈ বিচাৰো..! বিয়া কৰাই হনিমুন কৰিবলৈ যাব৷ কিন্ত আন্তৰিক সময়বোৰ ৰেকৰ্ড কৰিব মোবাইলত ! প্ৰেমীযুগলৰ গাড়ীৰে গৈ থাকি বা হোটেলৰ বন্ধ ৰূমত আন্তৰিক মুহূৰ্তবোৰ বন্দী হয় মোবাইলৰ কেমেৰাত। তদুপৰি ভিডিও কল আদিৰ কথা ক’বই নালাগে৷ কিন্ত কল কৰোতাই নাজানে এই সুক্ষ্মতম টেকন’লজিৰ দিনত ভিডিও কলটোও হয়তো কোনো গোপন তৃতীয় পক্ষৰ কেমেৰাত বন্দী হৈ গ’ল !
এই পৃথিৱীত আজিৰ তাৰিখত আটাইতকৈ বৃহৎ উদ্যোগ হ’ল পৰ্ণগ্ৰাফীৰ উদ্যোগ৷ হাজাৰ-বিজাৰ পৰ্ণগ্ৰাফীৰ ৱেবচাইটত এইবোৰ সহজেই উপলব্ধ। এই উদ্যোগত এনেধৰনৰ অশ্লীল ভিডিও বা ফটো আদি আপলোড কৰিবৰ বাবে নৰকৰ কীটৰ দৰে চাৰিওপিনে অজস্ৰ এজেণ্টে কিলবিলাই ফুৰে৷ এইবোৰ নৰাধমে এনে টেকন’লজিৰ প্ৰয়োগ কৰে যে মোবাইলত ৰেকৰ্ড কৰা যিকোনো ভিডিও সহজেই চোৰ কৰি নিব পাৰে ৷ ডিলিট কৰি দিয়াৰ পিছতো নানা টেকন’লজিৰ প্ৰয়োগেৰে এইবোৰ উদ্ধাৰ হয়।
তদুপৰি মোবাইল হেৰায়, চিম সলনি হয়/হেৰায়, মেমৰি কাৰ্ড হেৰায় বা চোৰ হয় । তেতিয়াও এই সকলে ফটাফট এইবোৰ সংগ্ৰহ কৰি ভিডিও কনটেণ্ট লৈ লয় ।
পৃথিৱীৰ যিকোনো দেশৰ চৰকাৰেই মানুহৰ মোবাইলবোৰ ৰখি-বান্ধি থাকিব নোৱাৰে৷ হেৰালে পুলিচে বিচাৰ-খোচাৰ কৰি হয়তো আনি দিব৷ কিন্ত তেতিয়ালৈ এই নৰকৰ কীটবোৰে মোবাইলৰ সকলো ডাটা কিজানি লৈয়েই পেলালে! তেনেহ’লে কি হ’ব এতিয়া ?
কথা হ’ল নিজৰ গোপন মুহুৰ্তবোৰ মোবাইলৰ কেমেৰাত বন্দী হ’বই বা লাগে কিয়?
তদুপৰি সম্পৰ্ক এটা ভাঙি গ’লেই এইবোৰ প্ৰেমিক বা প্ৰেমিকাৰ এজনে আনজনক ব্লেকমেইল কৰাৰ সামগ্ৰী হৈ উঠিব পাৰে৷ মানুহৰ গতিশীল মন৷ যিজনে আজি আপোনাৰ বাবে নিজৰ প্ৰাণ দিব পাৰে সেইজনে কাইলৈ হয়তো আপোনাৰ প্ৰাণ ল’বলৈ উন্মত্ত হৈ উঠিব পাৰে৷ কোনে জানে—-!
আপোনালোকে ভাৰত কঁপাই যোৱা বহুকেইটা MMS কাণ্ডৰ কথা নিশ্চয় বাতৰি-কাকতত পঢ়িছেই । হিন্দী চিনেমাও হৈছে এই বিষয়বোৰক লৈ । শেষত এটা কথাই ক’ম: নিভৃত মুহুৰ্তবোৰ দুজন মানুহৰ একান্ত নিজৰ৷ ইয়াত আনৰ অধিকাৰ নাই৷ এইবোৰ কেতিয়াও কোনো কেমেৰাত বন্দী হ’বলৈ নিদিব৷ যিমানেই সাৱধান নহওক কিয় একচুলিৰ ভুলে সকলোবোৰ ৰাজহুৱা কৰি জীৱন সৰ্বনাশ কৰি দিব পাৰে৷ তদুপৰি বেয়া হৈ যোৱা মোবাইল বা চিম কাৰ্ড বা মেমৰি কাৰ্ড আদিবোৰ ভাঙি টুকুৰা-টুকুৰি কৰি তাৰ পিছতহে পেলাই দিব৷ পৰাপক্ষত পুৰণি মোবাইল একচেঞ্জ কৰি নতুন মোবাইল নিকিনিব৷ কাৰণ আপুনি হাজাৰ ডিলিট কৰিলেও টেকন’লজিৰ সহায়ত এইবোৰ বাহিৰ কৰে৷
সাৱধানে থাকক৷ ভালে থাকক৷ কিন্ত সদায় হাঁহি থাকিব I