গোপাল আতা স্থাপিত হাউলীৰ পৰাভঁৰাল সত্ৰৰ ১২৫ বছৰীয়া দৌল উৎসৱ
যুগান্ত বায়ন
দৌল উৎসৱ বৰপেটাৰ স্বভিমানৰ উৎসৱ, সম্প্ৰীতিৰ উৎসৱ। বৰপেটা সত্ৰত এই দৌল উৎসৱৰ পাতনি মেলিছিল বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াআতাই। ১৫৯৬ খ্ৰীষ্টাব্দত আৰম্ভ হোৱা এই দৌল উৎসৱক সমগ্ৰ অসমে ৰঙৰ উৎসৱ বুলি মান্যতা প্ৰদান কৰি আহিছে।
অতি সম্প্ৰতি বৰপেটাৰ এই দৌল উৎসৱে সৰ্বভাৰতীয় মৰ্য্যদা লাভ কৰি এই উৎসৱৰ জৰিয়তে বৰপেটা অঞ্চলৰ কলা-সংস্কৃতিক ভাৰতবৰ্ষৰ অন্যান্য লোকৰ মাজত প্ৰসাৰ আৰু জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত এক অনবদ্য স্থান দখল কৰি আহিছে।
সেই সূত্ৰেই এই দৌল উৎসৱ ৰঙৰ উৎসৱৰ লগতে ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগত অসমৰ সত্ৰীয়া সংস্কৃতিৰ এক অপূৰ্ব মিলন উৎসৱ হিচাপেও চিহ্নিত কৰিব পাৰি।
বৰপেটাৰ দৌল উৎসৱ কেৱল বৰপেটা সত্ৰতে আৱদ্ধ নাথাকি বৰপেটা সত্ৰক কেন্দ্ৰ কৰি বৰপেটাৰ নিকটৱৰ্তী অঞ্চলসমূহত প্ৰতিষ্ঠিত হৈ থকা বিভিন্ন সত্ৰ আৰু নামঘৰটো এই উৎসৱে এক সাৰ্বজনীন চৰিত্ৰ লাভ কৰিছে।
এই দৌল উৎসৱ কেৱল ৰঙৰ উৎসৱ হোৱাৰ লগতে প্ৰেমৰ উৎসৱ হিচাপেও জনপ্ৰিয়। এই বৰপেটা সত্ৰৰ দৌল উৎসৱতেই হাউলী (বৰনগৰ) ৰজা চণ্ডীবৰুৱাৰ জীয়ৰী মনোমতীৰ প্ৰেম হৈছিল মইনবৰী সত্ৰৰ পৰা অহা হলকান্ত বৰুৱাৰ পুত্ৰ লক্ষ্মীকান্ত বৰুৱাৰ লগত।
লক্ষ্মীকান্তই দৌল উৎসৱলৈ আহি মনোমতীক দেখা পাই মনোমতীৰ প্ৰেমত পৰিছিল আৰু এই প্ৰেমৰ কাহিনী সমগ্ৰ অসমতেই জনাজাত হৈ পৰিছিল।
এই প্ৰেম ঊষা-অনিৰুদ্ধৰ প্ৰেমৰ দৰে মহান আৰু বিৰল আছিল। মনোমতী আৰু লক্ষ্মীকান্তৰ প্ৰেমৰ কাহিনীৰে ৰঞ্জিত এই দৌল উৎসৱক সেয়েহে প্ৰেমৰ উৎসৱ হিচাপেও বৰপেটা অঞ্চলৰ ৰাইজে পালন কৰি আহিছে।
এনেদৰেই বৰপেটা সত্ৰৰ লগত হাউলীৰ ৰজা চণ্ডীবৰুৱাৰ এক আৱেগিক সম্পৰ্ক গঢ়ি উঠিছিল, যি সম্পৰ্কৰ আলমতেই বৰপেটা সত্ৰৰ নীতি আৰু আদৰ্শক সৰোগত কৰি হাউলী অঞ্চলত কেইবাখনো সত্ৰ স্থাপন হৈছে।
ইয়াৰ ভিতৰত এখন উল্লেখযোগ্য সত্ৰ হ’ল মহাপুৰুষ মাধৱদেৱৰ অতি ঘনিষ্ঠ আৰু প্ৰিয় শিষ্য গোপাল আতাই প্ৰতিষ্ঠা কৰা পৰাভঁৰাল সত্ৰ। অতীতৰ কোচ আৰু আহোম ৰাজত্বৰ দিনৰ ভৱানীপুৰ সত্ৰৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পশ্চিম দিশত দলেৰভিঠাত এই সত্ৰখন প্ৰতিষ্ঠা হৈছিল। এতিয়াও বৰ্তমানৰ পৰাভঁৰাল সত্ৰৰ পশ্চিম দিশে অৱস্থিত ৰংদিয়া পথাৰত দক্ষিণ দিশত এই সত্ৰখনৰ পুৰণি অস্তিত্ব বিচাৰি পোৱা যায়।
জনবিশ্বাস মতে, পৰাভঁৰাল সত্ৰৰ নামটোৰ লগত এক ঐতিহাসিক ঘটনা জড়িত হৈ আছে। জনশ্ৰুতি মতে, কোচ ৰজা পৰীক্ষিত নাৰায়ণে তেওঁৰ শাসন কালত এই ঠাইত বন বিভাগৰ এটা নিৰীক্ষণ চকী স্থাপন কৰিছিল। চ’ত মাহৰ খৰাং বতৰত বনজুইৰ কৱলত পৰি এই নিৰীক্ষণ চকী আৰু ঠাইখিনিত থকা প্ৰকাণ্ড ভঁৰাল ঘৰটো সম্পূৰ্ণ ৰূপে ভষ্মীভূত হৈছিল।
এই ভঁৰাল ঘৰটোৰ ভেটিতেই গোপাল আতাই বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিত ছয় কুৰি হাত দীঘল আৰু ডেৰ কুৰি হাত বহল জোখৰ এটি নামঘৰ নিৰ্মাণ কৰিছিল। ১৬ শতিকাৰ মাজভাগতেই নিৰ্মাণ কৰা এই নামঘৰটোক কেন্দ্ৰ কৰিয়ে পৰাভঁৰাল গোপাল আতা সত্ৰ স্থাপন হৈছিল।
ৰজা পৰীক্ষিতৰ শাসনকালত নাম ধৰ্মৰ সলনি শাক্ত ধৰ্মৰ প্ৰসাৰে ব্যাপক ৰূপ লাভ কৰিছিল। ৰামেশ্বৰগিৰী নামৰ ভাটিৰ পৰা অহা এজন শাক্ত ধৰ্মত বিশ্বাসী লোকে ৰজা পৰীক্ষিতক প্ৰজাৰ মংগলৰ বাবে সত্ৰসমূহত দুৰ্গা পূজা কৰিবলৈ পৰামৰ্শ দিছিল।
এইজন লোকৰ প্ৰৰোচনাত পৰি ৰজাই সত্ৰসমূহত নাম ধৰ্মৰ সলনি দুৰ্গা পূজা কৰিবলৈ প্ৰজাক আদেশ দিছিল। আনকি ৰজাৰ এই আদেশ অমান্য কৰিলে মৃত্যুদণ্ড দিয়া হ’ব বুলিও ফটোৱা জাৰী কৰিছিল।
ৰজাৰ এনে নিৰ্দেশনাৰ ফলত সত্ৰৰ ভকতসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল। প্ৰজা আৰু ভকতসকলে এই অঞ্চল ত্যাগ কৰি যেনিয়ে-তেনিয়ে প্ৰাণৰ মমতাত আশ্ৰয় গ্ৰহণ কৰিছিল। ৰজাৰ ভয়ত কালঝাৰত সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰি থকা গোপাল আতাই কালঝাৰ সত্ৰৰ উত্তৰ দিশৰ অৰণ্যৰ মাজত আত্মগোপন কৰিছিল।
ইয়াৰ পিছত পৰিস্থিতিৰ কিছু সলনি হৈছিল যদিও ১৮৯৭ চনৰ প্ৰৱল ভূমিকম্পত পৰাভঁৰাল সত্ৰৰ বিস্তৰ ক্ষতি সাধন হয়। তেতিয়া সত্ৰখন মানাহ নদীৰ উত্তৰ দিশৰ গহেৰখুলিৰ কাষলৈ স্থানান্তৰ কৰা হয়। পূৰ্বৰ সত্ৰখনৰ মূলভেটি বৰ্তমানেও ৰংদিয়া পথাৰত আছে বুলি জনা যায়।
এই পৰাভঁৰাল সত্ৰৰ মূল উৎসৱ হ’ল দৌল উৎসৱ। এই দৌল উৎসৱে এইবাৰ ১২৫ বছৰ অতিক্ৰম কৰিছে। এই ১২৫ বছৰীয়া দৌল উৎসৱ ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চ লৈ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে উৎযাপন কৰা হ’ব।
এই বৰ্ণিল ১২৫ বছৰীয়া জয়ন্তীৰ জৰিয়তে এই ঐতিহাসিক সত্ৰখনৰ মাহাত্ম্য আৰু আদৰ্শৰাজিক নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সত্ৰখনৰ লগত সম্পৰ্কিত হৈ থকা লোকসকলে গ্ৰহণ কৰা এই কাৰ্য্যব্যৱস্থা অতি আদৰ্শনীয় আৰু আদৰণীয়।
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)