–ডা° সুকৃতি চৌধুৰী |
অসমীয়া ভাষাত কয়, “গোলাপক যি নামেৰেই নামাতা কিয়, গোলাপ যে গোলাপেই ৷” গোলাপৰ অম্লান সৌন্দৰ্য যুগ যুগ ধৰি কবিতা, গান,গল্প আৰু চিত্ৰকলাৰ মাজেৰে হৈ অহা ভূয়সী প্ৰসংশাইও যেন পুৰাকৈ প্ৰকাশ কৰিব পৰা নাই ৷ হাইঞ্জে কৈছিল —-“ লক্ষাধিক বছৰৰ আগতে মানুহে যেতিয়া সুন্দৰতা আৰু সুবাসৰ অনুভৱ কৰিবলৈ শিকিছিল গোলাপে তেতিয়াই মানুহৰ হৃদয়ত স্থায়ী ঘৰ পাতি বহিছিল ৷”
আপুনি হয়তো কিউপিড আৰু চাইকীৰ অমৰ কাহিনীটো শুনিছে ৷ কিংবদন্তি আছে যে কিউপিডৰ মাক জোহৰাই প্ৰেমোন্মত্তা হৈ খালী ভৰিৰেই কোনো এখন ফুলনিলৈ দৌৰি গৈছিল ৷ তেতিয়া বাগিছা খনত পৰি থকা কাঁইটৰ খোচত জোহৰাৰ ভৰিৰ পৰা ওলোৱা তেজবোৰ হেনো গোলাপ হৈ পৰিছিল!……
গোলাপৰ বিশেষজ্ঞ সকলে কয় যে এই ফুলৰ অবস্থিতি লক্ষাধিক বছৰ আগতেও আছিল ৷ প্ৰথমে ই জংঘলী ফুল আছিল যদিও ইয়াৰ সৌন্দৰ্য আৰু সুগন্ধই মানুহক এনেদৰে মোহিত কৰিছিল যে অচিৰেই মানুহে গোলাপ ফুল ঘৰুৱা কৰি লয় ৷ ৫০০০ বছৰৰ পুৰ্বে বেবিলনৰ বাগিছাত গোলাপ ফুলৰ অবস্থিতিৰ বৰ্ণনা পোৱা যায় ৷ সুন্দৰতা আৰু সুৱাসৰ সৈতে বিভিন্ন প্ৰকাৰৰ ৰোগ নিবাৰনৰ গুণ থকাৰ বাবেই গোলাপ প্ৰভূত জনপ্ৰিয় হৈ উঠে ৷
ভাৰতত মোগল বাদশ্বাহসকলৰ দিনত গোলাপ অধিক জনপ্ৰিয় হৈ উঠে ৷ 400 বছৰ আগতে মেহৰুন্নিছা বেগম বা নুৰজাহানে ইৰানৰ পৰা হালধীয়া ৰঙৰ গোলাপৰ পুলি অনাইছিল বুলি লিখিত আছে ৷
প্ৰাচীন ভাৰততো গোলাপৰ অবস্থিতি আছিল ৷ প্ৰাচীন সংস্কৃত গ্ৰন্থ সমূহত “তৰুণী পুস্প ” আৰু “অতিমঞ্জুলা” নামেৰে গোলাপৰ উল্লেখ আছে ৷ “
ইংৰাজী সাহিত্যৰ প্ৰসিদ্ধ কবি মিল্টনৰ তৃতীয় পত্নী অ’তিশয় ধুনীয়া আছিল যদিও বৰ বদমেজাজী আছিল ৷ এবাৰ লৰ্ড বাৰ্মিংহামৰ ওচৰত মিল্টনে নিজৰ বদমেজাজী পত্নীৰ অভিযোগ দিয়ে ৷ লৰ্ড বাৰ্মিংহামে মিল্টনক ক’লে —“তোমাৰ পত্নী আচলতে গোলাপৰ দৰে ৷ মনত ৰাখিবা, সুন্দৰতাৰ সৈতে কাঁইটো থাকে ৷ “
১৮৮৩ চনত মৌলানা জালালুদ্দীন আফগানী পেৰিছ ভ্ৰমণলৈ যাওঁতে সুপ্ৰসিদ্ধ ফৰাছী লেখক ভিক্টৰ হিউগোক দেখা কৰি সোধে যে –“ আপুনি জীৱনত দেখা আটাইতকৈ সুন্দৰ বস্তুটো কি ? ” ভিক্টৰ হিউগোই একমুহুৰ্তও নোৰোৱাকৈ উত্তৰ দিলে –“গোলাপ ৷ “
গোলাপক জংঘলী গোলাপ আৰু খেতি কৰি উৎপাদন কৰা গোলাপ হিচাপে বহলাই দুভাগত ভাগ কৰিব পাৰি ৷
ভাৰতত ১০ প্ৰকাৰৰ জংঘলী গোলাপ পোৱা যায় ৷ সেয়া হ’ল:-
(১) Rosa Clinophylla:- চিধা আৰু মজবুত গছৰ গোলাপ ফুলৰ গছ ৷ এটা ডালত হয় এপাহেই ফুল ফুলে নহ’লে এথোপা ৷ ফুলৰ ৰঙ বগা হয় ৷
(২) Rosa Eglanteria /Sweet briar:- পাতৰ পৰিমাণ বহুত বেছি ৷ এটা ডালত এপাহৰ পৰা তিনিপাহ গুলপীয়া ৰঙৰ ফুল ফুলে ৷
(৩) Rosa Foetida:- মধ্যম আকাৰৰ চিধা গছৰ গোলাপ ৷ ফুলবোৰ হালধীয়া আৰু তীব্ৰ সুৱাসযুক্ত হয় ৷
(৪) Rosa Gigantea:-বেকা আৰু পোণ কাঁইট থকা এইবিধ ওখ গছৰ গোলাপ ৷ এডাল ডালিত মাথো এপাহেই গোলাপ ফুলে। ফুলৰ ৰং বগা বা কমলাবুলীয়া হয় ৷ তীব্ৰ সুৱাস থাকে ৷
(৫) Rosa Leschenautiana:-পশ্চিম ঘাটৰ পাহাৰ আৰু নীলগিৰি পাহাৰত পোৱা বেলগছৰ দৰে কাইঁটীয়া গছত গুলপীয়া ৰঙৰ এইবিধ গোলাপ ৩২৮০ ফুট উচ্চতাৰ পাহাৰত দেখা যায় ৷
(৬) Rosa Longicuspis:-কাইঁটীয়া জোপোহা গছত বগা ৰঙৰ থোপাথোপে লগা গোলাপ ৷ গোটেই গছ জোপাত দীঘলীয়া কাইটঁ হয় ৷
(৭) Rosa Macrophylla:-পাতল গুলপীয়া ৰঙৰ এইবিধ গোলাপ উত্তৰ আৰু পশ্চিম ভাৰতৰ পাহাৰৰ ৪২৬৫ফুটৰ পৰা ১০৮২৫ ফুট উচ্চতাৰ ঠাইত পোৱা যায় ৷
(৮) Rosa Moschata:-বেলগছৰ দৰে কাইঁট থকা গছৰ গোলাপ ৷ মুগা বৰণীয়া গোলাপ ফুলে ৷ হিমালয়ৰ তৰাই অঞ্চলৰ ৩২৮০ ফুটৰ পৰা ১৫৪২০ ফুট উচ্চ ঠাইবোৰত এইবিধ গোলাপ পোৱা যায় ৷
(৯) Rosa Sericea:-জোপোহা গছ হয় ৷ পাতল হালধীয়া ৰঙৰ গোলাপ ফুলে ৷ বহুত উচ্চ আৰু বৰফ ৰা ঠাণ্ডা পাহাৰীয়া অঞ্চলত এইবিধৰ ফুল হয় ৷ সাধাৰণতে ৯৮৪০ ফুটৰ পৰা ১৬৪২০ ফুট ওখ পাহাৰীয়া ঠাইত এইবিধ গোলাপ দেখা যায় ৷
(১০) Rosa Werbiana:- ওখ গছ ৷ সৰু আকাৰৰ ফুলবোৰ থোপাথোপে লাগে ৷ হালধীয়া ৰঙৰ গোলাপ ফুলে ৷ ১০০ ফুটৰ পৰা ১৩০০ ফুট পৰ্যন্ত ওখ পাহাৰীয়া ঠাইত হয় ৷
ভাৰতত আঠ প্ৰকাৰৰ গোলাপৰ খেতি কৰা হয় ৷ সেয়া হ’ল :-
(১) Rosa Chinesis :- চীনদেশ মূলৰ এইবিধ গোলাপ ১৭৬৮ খৃষ্টাব্দত ইউৰোপীয় সকলে ভাৰতলৈ আনে ৷ ৰঙা বা বগা ৰঙৰ গোলাপ ফুলে ৷ ফুলবোৰ থোপাথোপে ফুলে। গছডাল তিনি ফুটলৈকে ওখ হয় ৷
(২) Rosa Damasscena:-আঠ ফুটলৈকে ওখ গছ ৷ এপাহ ফুলত ১৮ টাতকৈ অধিক পাহি থাকে ৷ ৰঙা বা গুলপীয়া ৰঙৰ ফুল হয় ৷ মধ্যমৰ পৰা তীব্ৰ সুগন্ধ থাকে ৷ এইবিধ গোলাপ ভাৰতলৈ চেন্ট্ৰেল এছিয়াৰ পৰা ১৫ শতিকাত আমদানি কৰা হৈছিল ৷ আমাৰ পৰিচিত সাধাৰণ গোলাপ এই শ্ৰেণীৰে ফুল।
(৩) Rosa Foetida (Lutea)/Austrian Briar:-ৰঙা আৰু গুলপীয়া ৰঙৰ এপাহ ফুলত ওঠৰটালৈ পাহি থকা এই গোলাপৰ আদিস্থানো এচিয়া ৷ থোপাথোপে ফুলা এই গোলাপৰ তীব্ৰ সুগন্ধ আছে ৷
(৪) Rosa Gallica (Provincialis)/French Rose:-এই প্ৰাচীন শ্ৰেনীৰ গোলাপফুলৰ আদিস্থান ইউৰোপ আৰু পশ্চিম এচিয়া ৷ পাহিৰ সংখ্যা ৫ ৰ পৰা ১২ ডাললৈকে হয় ৷ গভীৰ ৰঙা ৰঙৰ এই গোলাপ এডাল ডালত এপাহেই ফুলে ৷ গছজোপাৰ উচ্চতা আঢ়ৈ ফুটৰ পৰা চাৰি ফুটলৈকে হয় ৷ ফুলবোৰৰ সুগন্ধ সুতীব্ৰ হয় ৷
(৫) Rosa Moschata (Herrm)/মুস্কী গোলাপ & (৬) Rosa Gigantea :-এই দুই শ্ৰেণীৰ গোলাপৰ বৰ্ণনা ওপৰত কোৱা চতুৰ্থ প্ৰকাৰৰ গোলাপৰ সৈতে একেই ৷
(৭) Rosa Multiflora (Polyantha)/জাপানী গোলাপ:-এই প্ৰকাৰৰ গোলাপ জাপান আৰু কোৰিয়াতহে পোৱা গৈছিল ৷ ১৮৫৭ চনত ইয়াক ইউৰোপলৈ আমদানি কৰে ৷ সৰু আকাৰৰ বগা ৰঙৰ সুন্দৰ সুৱাস থকা ডাঙৰ ডাঙৰ থোপাৰে ফুলা এইবিধ গোলাপৰ গছ আঠ ফুটলৈকে ওখ হয় ৷ এই শ্ৰেনীৰ গোলাপৰ ডালত কলম ধৰি পলিয়েন্থিছ শ্ৰেণীৰ গোলাপৰ উৎপাদন কৰা হয় ৷
(৮) Rosa Wichuraiana /Memorial Rose:- এই শ্ৰেণীৰ গোলাপফুলৰ আদিস্থান চীন আৰু জাপান ৷ ইউৰোপলৈ ১৮৫৯ খৃষ্টাব্দতহে এইবিধৰ গোলাপ আমদানি কৰা হয় ৷ সৰু আকাৰৰ বগা ৰঙৰ সুগন্ধিত আৰু থোপাথোপে লগা এই শ্ৰেনীৰ গোলাপ নতুন নতুন সংকৰ প্ৰজাতিৰ গোলাপফুলৰ উৎপাদনৰ বাবে ব্যাপকভাৱে ব্যৱহাৰ হয় ৷
গোলাপ ফুল তেজৰঙা, বগা,গুলপীয়া, হালধীয়া, মুগা, সেউজীয়া, নীলা, ক’লা আদি বিভিন্ন মোহনীয় ৰঙৰ হয় ৷ আহকচোন কোন ৰঙৰ গোলাপে কি বুজায় সেয়া চাওঁ:-
ক’লা গোলাপ >>শত্ৰুতা
সেউজীয়া গোলাপ >>উৎসাহ
নীলা গোলাপ>>শান্তি আৰু সৌম্যতা
কমলা ৰঙৰ গোলাপ>>মোহিত হোৱা
গুলপীয়া ৰঙৰ গোলাপ >>কোমলতা আৰু উৎসাহ
হালধীয়া গোলাপ >>বন্ধুত্ব
বগা গোলাপ >>শুদ্ধতা, নিস্কলংতা আৰু
বিনাচৰ্তে ভালপোৱা
ৰঙা গোলাপ >>প্ৰেম আৰু ৰোমান্স
পৰেৰী গোলাপ নামৰ এক বিশেষ প্ৰকাৰৰ গোলাপ আছে যাৰ ফুল কিছু সময় গুলপীয়া হৈ থাকি সলনি হৈ কিছু সময়ৰ বাবে বগা ৰঙৰ হয় ৷
এক বিশেষ শ্ৰেনীৰ গোলাপ আছে যাৰ কাঁইট নেথাকে ৷ সাধাৰণতে আমেৰিকাত ইয়াৰ খেতি কৰে ৷
ভাৰতবৰ্ষত আটাইতকৈ বেছিকৈ খেতি কৰা গোলাপ ফুলৰ শ্ৰেনীক “বেংগল ৰ’জ” বুলি কয় ৷
গোলাপৰ পৰা উৎপাদিত ৰিফাইণ্ড তেল ৫০ ডিগ্ৰী ফাৰেনহাইতলৈকে গৰম কৰি ইয়াৰ পৰা আঁতৰ সংগ্ৰহ কৰে ৷ মাত্ৰ ৩০ গ্ৰাম গোলাপৰ আঁতৰ সংগ্ৰহ কৰিবলৈ ১২০ কে জি গোলাপ ফুলৰ দৰকাৰ হয় ৷ মাত্ৰ এক আউন্স গোলাপৰ আঁতৰৰ দাম প্ৰায় দুহেজাৰ টকা হয় ৷
গোলাপৰ আতঁৰ আৱিষ্কাৰৰ বিষয়ে কোৱা হয় যে মোগল সম্ৰাট চাহজাহানৰ পত্নী নুৰজাহানে এদিন গোলাপৰ পাহি মিহলি সুগন্ধিত পানীৰে গা-ধুই থাকোতে হেনো বাথটাবটোত কেতবোৰ চিকমিকাই থকা তেলৰ টোপালৰ দৰে দেখা পায় ৷ এই টোপালবোৰ সংগ্ৰহ কৰি পৰীক্ষা কৰি গোলাপৰ আঁতৰ বুলি নিশ্চিত কৰা হয় ৷ ইয়াক “ইত্ৰে জাহাংগীৰী” বুলি নাম দিয়ে ৷ আলীগড়, কানপুৰ, চিকন্দৰপুৰ, কনৌজ আৰু গাজীপুৰত গোলাপৰ আতঁৰ উৎপাদন কৰা হয় ৷
মাত্ৰ এপাহ ক’লা গোলাপৰ অনলাইন যোগে দাম ৫০০০ টকা বা অধিক !! মোগল সম্ৰাট ছাহজাহনৰ জীয়ৰী জাহানাৰই দিল্লীৰ বৰ্তমানৰ গান্ধী গাৰ্ডেন নামৰ ঠাইত সৰ্বপ্ৰথমে ক’লা ৰঙৰ গোলাপ ফুলৰ খেতি কৰাইছিল বুলি জনা যায় ৷
ভাৰতৰ আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন গোলাপফুলৰ বিশেষজ্ঞ ড° বি পি পালৰ দ্বাৰা লিখিত Roses in India নামৰ কিতাপখন গোলাপ ফুল সম্পৰ্কীয় অতিশয় মূল্যবান কিতাপ ৷ গোলাপ ফুল ভাল পোৱা প্ৰতিজন মানুহেই এই কিতাপখন পঢ়া উচিত ৷ তেখেতে Rose Society of India ৰ নেতৃত্ব দিছিল ৷ তেওঁৰ উদ্যমতেই দিল্লীৰ হজ-খাচ নামে ঠাইত ৫০০ বিভিন্ন প্ৰকাৰৰ গোলাপ ফুলৰ খেতি কৰা হৈছিল ৷ গোলাপ ফুলৰ প্ৰেমী আন তিনিজন বিশিষ্ট ব্যক্তি হ’ল –জৱাহৰলাল নেহেৰু, হোমী জাহাংগীৰ ভাৱা আৰু ড° জাকিৰ হুচেইন ৷
গোলাপক প্ৰায় ৩৬ প্ৰকাৰৰ কামত ব্যৱহাৰ কৰে ৷ গোলাপ জল, গুলকন্দ, তেল, আঁতৰ আদি উৎপাদন কৰাৰ লগতে নানান ঔষধৰো মূল উপাদান এই গোলাপ ৷ শুকান গোলাপেৰে উৎপাদিত “চুৰ্খ-গুলাব” নামৰ ইউনানী পদ্ধতিৰ চিকিৎসাৰ ঔষধ অনেক বেমাৰত কামত আহে বুলি কোৱা হয় ৷
ইউনান আৰু ৰোমত গোলাপক প্ৰেমৰ দেৱতাৰ স্বৰূপ বুলি ভাবে ৷ ফাৰ্চী ভাষাত “গোলাপ আৰু বুলবুল” ৰ কমপক্ষেও ২০ টা বেলেগ বেলেগ কাহিনী আছে ৷
শীতকালত ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনৰ ৰ’জ গাৰ্ডেনখন নিশ্চয় আপোনালোকৰ বহুতেই চাইছে ৷
কৈ থাকো মানে ওৰকে নপৰে গোলাপৰ কথা ৷ কওঁকচোন আপোনাৰ ঘৰত কি কি গোলাপ আছে?