• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, May 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

গোৰোহাৰ বিষ, কাৰণ আৰু ইয়াৰ ঘৰুৱা চিকিৎসা

-ডাঃ অনুপ বৈশ্য

by Anjan Sarma
June 29, 2021
in Health
Reading Time: 2 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

The fountain of youth

The fountain of youth

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026
ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

May 4, 2026

-ডাঃ অনুপ বৈশ্য |

ভৰি দুখন হৈছে আমাৰ চালিকা শক্তি। আমাৰ গোটেই দেহৰ ভাৰ বহনকাৰী ভৰিৰ পতাযুৰিৰ সহযোগত আমি চলা-ফুৰা কৰি থাকিব পাৰো। যেতিয়া এই ভৰিৰ পতা বা গোৰোহাৰ বিষ অনুভৱ হয়, আমাৰ জীৱন কেনেকুৱা হৈ পৰে এনে ৰোগত ভোগাজনেহে অনুভৱ কৰিব পাৰে। আজি আমি এই গোৰোহাৰ বিষৰ ওপৰত আলোচনা কৰিম।

গোৰোহাৰ বিষৰ আলোচনাৰ পূৰ্বে আমি অকণমান ইয়াৰ শাৰীৰিক গঠন সম্পৰ্কে জানি লওঁ আহক।

ভৰিৰ পতাৰ গঠন

ভৰিৰ পতাখনত প্ৰায় ২৬ ডাল হাৰ, ৩৩ টা গাঁঠি আৰু প্ৰায় ১০০ টামান মাংসপেশী তথা ligaments আৰু টেন্দন থাকে। তলৰ ছবিটোলৈ মন কৰক (ছবি নং-১)।

এয়া হৈছে আমাৰ ভৰিৰ পতাৰ গঠন। আমাৰ গোৰোহৰ হাড়ডালৰ নাম হৈছে calcanium। ভৰিৰ পতাখনে যাতে আঘাত পাই হাড়বোৰৰ ক্ষতি নকৰে তাৰ বাবে পতাৰ  ছালখনৰ ভিতৰত এখন কঠিন তৰপ থাকে, যাক কোৱা হয় planter fascia। আমাৰ ভৰিৰ কলাফুলৰ মাংসপেশীটো এডাল কণ্ডৰা (tendon)ৰ সহায়ত (যাৰ নাম tendo achilis বুলি কোৱা হয়) calcaneum নামৰ হাড়ডালৰ লগত সংযোজিত হৈ থাকে (ছবি নং-২ চাওক)।

গোৰোহৰ বিষৰ কাৰণ

            ১) গোৰোহৰ calcaneum হাড়ডালৰপৰা কাঁইট সদৃশ হাড়ৰ বৃদ্ধি ইয়াৰ প্ৰধান কাৰণ। এই হাড় বৃদ্ধি বিভিন্ন কাৰণত হয় যেনে—

*অত্যধিক শকত হোৱা

*অত্যধিক খোজ কঢ়া বা দৌৰা

*পিন্ধা জোতাযোৰৰ তল অংশ যদি টান হয়

*জোতাৰ ভিতৰ অংশ টান হ’লে

*ডায়েবেটিচ, থাইৰয়ড ৰোগত ভুগিলে

*শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে

*খালি ভৰিৰে টান বা ওখোৰা-মোখোৰা ঠাইত অত্যাধিক খোজ কাঢ়িলে

*খোজৰ বিসংগতি

*ভৰিৰ গঠনৰ কিবা বিসংগতি থাকিলে

২) tendo achilis কণ্ডৰা ফুলিলে নতুবা আঘাতপ্ৰাপ্ত হ’লে, যাক কোৱা হয় tendo achilitis

৩) ভৰিৰ পতাৰ তলৰ planter fascia কিবা কাৰণত ফুলি উঠিলে

৪) তদুপৰি বিভিন্ন ৰোগ, যেনে—gouty arthritis, rheumatoid arthritis, ভৰিৰ স্নায়ুৰ আঘাত ইত্যাদি। অন্যান্য ৰোগতো গোৰোহৰ বিষ হয়।

গোৰোহৰ বিষৰ লক্ষণ

সাধাৰণতে প্ৰায়বোৰ ৰোগীয়ে ৰাতিপুৱা শুই উঠি ভাৰিখন পাতোতে অত্যধিক বিষ অনুভৱ কৰে। খোজ কাঢ়ি থাকিলে বিশেষ নিবিষায় যদিও বহাৰপৰা উঠি খোজ কাঢ়িলে প্ৰাৰম্ভতে অত্যধিক বিষাব ধৰে। বহুত ৰোগীয়ে মজিয়াত ভৰি পাতিবই নোৱৰা হয়।

আপোনাৰ কৰণীয়

১) কেতিয়াও খালি ভৰিৰে খোজ নাকাঢ়িব

২) ভৰিৰ পতাত ঠাণ্ডা লাগিবলৈ নিদিব

৩) সদায় স্পঞ্জ সদৃশ চেণ্ডেল আৰু সঠিকভাৱে খাপ খাই পৰা জোতাহে পিন্ধিব

৪) জোতাৰ ভৰিৰ তলি স্পৰ্শ কৰা অংশ অৰামদায়ক হ’ব লাগে

৫) বজাৰত তলত দিয়া ধৰণৰ জোতা-চেণ্ডেল পোৱা যায়। কিনিব পাৰে (ছবি নং -৩)

৬) শৰীৰৰ ওজন কমোৱাত গুৰুত্ব দিয়ক

আয়ুৰ্বেদিক দৃষ্টিভংগী

অত্যাধিক বায়ু বৃদ্ধিকাৰী উল্লিখিত কৰ্মসমূহৰ লগতে কেতবোৰ খাদ্যাভ্যাসে আমাৰ গোৰোহৰ হাড়ৰ ওপৰৰ চেলনীখন (যাক periosteum বুলি কোৱা হয়) বিদীৰ্ণ কৰে আৰু এই অংশৰে হাড়ডাল বাঢ়ি আহি এডাল কাঁইট সদৃশ হয়। এই হাড়ডালে মাংসপেশী আৰু fasciaখনক খুঁচি থাকে কাৰণে গোৰোহৰ বিষ হয়। হাড়ৰ কাঁইট সৃষ্টি হয় বাবে এইবিধ ৰোগক আয়ুৰ্বেদিকত বাত কণ্টক বুলি জনা যায়। তদুপৰি পাদশূল আদি নামেৰেও জনা যায়।

কেতবোৰ ব্যায়ামে আপোনাৰ সমস্যাৰ সমাধান কৰিব

 ১) থিয় হওক। হাত দুখনেৰে বেৰত জোৰকৈ হেঁচি এখন ভৰি সন্মুখৰ পিনে কোঁচাওক আৰু আনখন ভৰি পিছলৈ চিধা কৰি ৰাখক। মনত ৰাখিব যাতে দুয়োখন ভৰিৰ পতা পকাত লাগি থাকে। এনেকৈ ভৰি দুখন সলাই সলাই দহ বাৰমান কৰক (ছবি নং-৪)।

২) ভৰিৰ আঙুলিত ভৰ দি থিয় হওক। কিছু সময় থাকি যথাস্থানত আহক। এনেকৈ দহ বাৰমান কৰক (ছবি নং-৫)।

৩) যি কোনো ঘূৰণীয়া বস্তু, যেনে—পানীৰ বটল আদি তলৰ ছবিত দেখুওৱাৰ দৰে বিষাই থকা ভৰিৰ তলত ৰাখি সন্মুখৰপৰা পিছলৈ আৰু পিছৰপৰা সন্মুখলৈ ঘূৰাই থাকক। এনেকৈ ৫ মিনিটমান সময় কৰক (ছবি নং-৬)।

৪) বিছনাত ভৰি দুখন মেলি বহি লওক। এতিয়া এখন গামোচাজাতীয় কাপোৰেৰে ভৰিৰ পতাৰ পিছফালৰে টানি আনি হাত দুখনেৰে ভৰি দুখন আৰু ভৰিৰ পতা দুখনেৰে কাপোৰখন ঠেলক। এনেকৈ দহ বাৰমান কৰক (ছবি নং-৭)।

ঘৰুৱা চিকিৎসা

গোৰোহৰ হাড় বাঢ়িলে অশেষ কষ্ট হয়। বৰ্ধিত হাড়ডাল যদি ৬-৭ বছৰ পুৰণি হয় তেন্তে সম্পূৰ্ণ নোহোৱা কৰাটো টান হয়। গোৰোহাৰ বর্ধিত হাড়ে planter fascia আৰু মাংসপেশীসমূহক খুঁচি থাকে কাৰণে এই অংশবোৰ ফুলিব ধৰে আৰু বিষৰ সৃষ্টি হয়। তলৰ ঘৰুৱা দিহাবোৰে ৰোগ উপশমত সহায় কৰিব।

১) ১০০ মি:লি: তিল তেল লওক। এমুঠিমান এৰাগছৰ পাত, সম পৰিমাণৰ কৰচ গছৰ পাত লৈ পাতখিনি সৰু সৰুকৈ কাটি তিল তেলত ভাজক। পাতবোৰ ভজা হ’লে তেলখিনি চেকি আইনাৰ বটলত থৈ দিয়ক। এই তেলখিনি অকণমান গৰম কৰি ভৰিৰ তলুৱা আৰু গোৰোহাত ভালদৰে মালিচ কৰিব (ছবি নং-৮)। এনেদৰে ব্যায়ামৰ লগতে ঘৰুৱা চিকিৎসা কৰিলে বিষৰপৰা উপশম পাব পাৰি।

২) উক্ত তেলবিধ গোৰোহাত মালিচ কৰি এখিলা ধঁতুৰা গছৰ পাত, এখিলা আকনৰ পাত আৰু এখিলা এৰা গছৰ পাত পটাত ভালদৰে বটি বিষোৱা অংশত লগাই bandage কাপোৰেৰে গোটেই ৰাতি বান্ধি ৰাখি ৰাতিপুৱা খুলি দিয়ক (কিছুমান ৰোগীৰ এলাৰ্জি হোৱা দেখা যায়। যদি লগালে খজুৱায়, তেন্তে নলগাব)। মোৰ ব্যক্তিগত অভিজ্ঞতাত বহুত ৰোগীৰ বৰ্ধিত হাড় নোহোৱা হৈ যায় উপর্যুক্ত দিহাসমূহৰদ্বাৰা। ৩) আয়ুৰ্বেদিক চিকিৎসাত অনেক ঔষধি আছে যাক এনে ৰোগত ব্যৱহাৰ কৰা হয়, কিন্তু ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ নিতান্তই প্ৰয়োজন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: গোৰোহাৰ বিষ
Anjan Sarma

Anjan Sarma

Related Posts

The fountain of youth
Lifestyle

The fountain of youth

by Angshuman Dutta
May 16, 2026
0

The fountain of youth Angshuman Dutta Do you want to get older? I am sure we all want to hold...

Read moreDetails
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026
ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

May 4, 2026
Climate Change: Individual Action Versus Collective Action !

Climate Anxiety Crisis: How Climate Change is Destroying Young People’s Mental Health Worldwide

April 12, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

April 3, 2026
The Withering Doctor-Patient Relationship in India

The Withering Doctor-Patient Relationship in India

March 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

May 19, 2026
চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

May 18, 2026
Adapting Agriculture for a Changing Climate

Adapting Agriculture for a Changing Climate

May 18, 2026
Plant-Based Eating for a Sustainable Future: Greener Choices, Brighter Tomorrow

Plant-Based Eating for a Sustainable Future: Greener Choices, Brighter Tomorrow

May 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32553 shares
    Share 13021 Tweet 8138
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    14194 shares
    Share 5678 Tweet 3549
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    281 shares
    Share 112 Tweet 70
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3730 shares
    Share 1492 Tweet 933
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    943 shares
    Share 377 Tweet 236
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6533 shares
    Share 2613 Tweet 1633
  • Love in the Age of Ghosting and Situationships

    83 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    81 shares
    Share 32 Tweet 20
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4331 shares
    Share 1732 Tweet 1083
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    224 shares
    Share 90 Tweet 56
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d