–তনয় চক্ৰৱৰ্তী |
ভাৰতৰ সৰ্বপ্ৰথম সুৰা যাদুঘৰ স্থাপন হ’ল গোৱাত। মূলতঃ বিভিন্ন দেশত যাদুঘৰ বা সংগ্ৰহালয় সমূহত দেশবোৰৰ নিজস্ব শিল্প, সংস্কৃতি, মুদ্ৰা, ফচিল, ইত্যাদি সংগ্ৰহ কৰি সংৰক্ষণ কৰা হয়। কিন্তু গোৱাত সুৰা সংগ্ৰহ কৰি প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰা হৈছে সুৰা যাদুঘৰ। কিন্তু যি কোনো সুৰা নহয়, মূলতঃ গোৱাৰ বিখ্যাত মদ ‘ফেনি’ হৈছে এই যাদুঘৰৰ প্ৰধান আকৰ্ষণ। সুপ্ৰাচীন এই স্থানীয় মদে কেৱলমাত্ৰ পানীয় হিচাপে হে জনপ্ৰিয়তা লাভ কৰিছে, তেনে নহয়; এই মদক কেন্দ্ৰ কৰি তৈয়াৰ হৈছে নানান শিল্পকৰ্ম। সেই সমস্ত প্ৰাচীন শিল্পকৰ্মৰ অলেখ নিদৰ্শন আছে উত্তৰ গোৱাৰ ক্যান্ডোলিম নামৰ গাঁওত অৱস্থিত যাদুঘৰটোত। ইয়াৰ ভিতৰত অন্যতম হ’ল গোৱাৰ ঐতিহ্যবাহী ডাঙৰ আকাৰৰ সুৰা পাত্ৰ।
বহুত শতাব্দীৰ পৰাই মদ সংৰক্ষণ কৰাৰ বাবে সেই পাত্ৰসমূহতেই মদ ৰখা হৈছিল। স্থানীয় ব্যৱসায়ী নন্দন কুডচাডকৰ-এ তেওঁ স্থাপন কৰা এই যাদুঘৰতেই এইদৰেই ধৰি ৰাখিবলৈ চেষ্টা কৰিছে গোৱাৰ সুৰা-সংস্কৃতিৰ ইতিহাস। এই প্ৰসঙ্গত নন্দনে সংবাদ মাধ্যমক কৈছে যে স্কটলেণ্ড, ৰাছিয়াৰ দৰে দেশত নাগৰিকসকলে তেওঁলোকৰ মদ আৰু পানীয় আদি বিভিন্ন সামগ্ৰীক লৈ সন্তুষ্ট, কিন্তু ভাৰতত সুৰাক একেবাৰে বেয়া চকুৰে চোৱা হয়। গতিকেই সুৰা যাদুঘৰ স্থাপন কৰাৰ চিন্তা মনলৈ আহিছিল। এই যাদুঘৰত আছে কাজু-ফেনি। এই পানীয় প্ৰাকৃতিক ভাবে তৈয়াৰ কৰা হয়। বিখ্যাত এই পানীয় ভ্ৰমণপিপাসু সকলৰ নয়ন জুৰাবলৈ ৰখা হৈছে। নন্দন কুডচাডকৰ কেৱল এজন পানীয় বিক্ৰেতাই নহয়, তেওঁ প্ৰত্ন সংগ্ৰাহকো।
প্ৰাচীন ইজৰাইলৰ হাইফাৰ সমীপত থকা এটা গুহাত এক প্ৰাগৈতিহাসিক সমাধিস্থানত প্ৰাচীনতম পানযোগ্য ভাঁটিখানাৰ সন্ধান পোৱা গৈছিল। গৱেষকসকলে ১৩০০০ বছৰ পুৰণি বিয়াৰৰ অৱশিষ্টাংশ বিচাৰি পাইছিল আৰু গৱেষণা কৰি তেওঁলোকে এনে সিদ্ধান্তত উপনীত হৈছিল যে সেই পানীয় মৃতসকলৰ সন্মানাৰ্থে আচাৰ-অনুষ্ঠানত ব্যৱহাৰ কৰা হৈছিল। গম আৰু যৱ ভিত্তিক এলকোহলৰ চিহ্নও পোৱা গৈছিল গুহাৰ ভিতৰত খোদাই কৰা শিলৰ কাষত।
পানীয়ৰ ইতিহাসে কয় যে খ্ৰীষ্টপূৰ্ব ৭০০০ বৰ্ষৰ প্ৰথমভাগত উত্তৰ চীনৰ হেনান প্ৰদেশৰ নিওলিথিক গাঁৱ জিয়াহুৰ পৰা প্ৰাপ্ত পাত্ৰত থকা অৱশিষ্ট সামগ্ৰীৰ ৰাসায়নিক বিশ্লেষণ কৰি দেখা গৈছিল যে সেয়া এক উত্তেজক পানীয়! নেশ্যনেল একাডেমী অব প্ৰচেচিংছ-অৰ ২০০৪ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত এক সমীক্ষামতে অৱশিষ্টাংশৰ ৰাসায়নিক বিশ্লেষণে নিশ্চিত কৰিছে যে আঙুৰ, হাৰ্থন বেৰি, মৌ, ভাতৰ দ্বাৰা এক উত্তেজক পানীয় তৈয়াৰ কৰা হৈছিল ৭০০০- ৬৬৫০ খ্ৰীষ্টপূৰ্বাব্দত। যাদুঘৰৰ মুখ্য কাৰ্যবাহী আৰ্মান্দো দুয়েৰ্তৰে জনাইছে যে ‘গোৱাৰ বাসিন্দা সকলৰ বাবে সুৰা হ’ল আতিথেয়তাৰ প্ৰতীক।’ যাদুঘৰ দৰ্শন কৰা পৰ্যটকসকলে ইতিমধ্যে তবধ মানিছে! এজন পৰ্যটকৰ ভাষাত,’ ইয়াত যি যি আছে, সেয়া অভাৱনীয়। মই তৱধ মানিছো। পৰ্যটক সকলক এই যাদুঘৰে আচৰিত কৰি তুলিবলৈ সক্ষম হৈছে।’